অ (40) আ (56) ই (7) ঈ (5) উ (17) ঊ (3) ঋ (2) এ (30) ঐ (1) ও (14) ঔ (4) ক (69) খ (19) গ (36) ঘ (14) চ (44) ছ (10) জ (19) ঝ (1) ট (9) ঠ (6) ড (7) ঢ (10) ত (16) থ (9) দ (25) ধ (18) ন (36) প (34) ফ (16) ব (55) ভ (21) ম (42) য (26) ল (16) শ (20) ষ (2) স (43) হ (40) ৰ (23) ৱ (1) Idioms starting with 'ঢ'
ঢাপলি মেল ৷To start a journey in certain direction with strong will or force.
কোনো নিদিৰ্ষ্ট দিশত জোৰেৰে আগবাঢ়ি যা ৷ ঢাল নাই তৰোৱাল নাই, নিধিৰাম চৰ্দাৰThe situation when one cannot perform a given task due to non-availability of appropriate tools.
উপযুক্ত সঁজুলিৰ অবিহনে কোনো কাম কৰিব নোৱাৰা অৱস্থা ঢিলা পাই ঠিলা মৰাTo cause harm to someone or to fulfil one's selfish interest taking advantage of his/her weakness
কাৰোবাৰ দুৰ্বলতাৰ সুযোগ লৈ অপকাৰ কৰা বা নিজৰ স্বাৰ্থ পূৰণ কৰা ঢেঁকী সৰগলৈ গলেও ধান বানিব লাগে।Ones work portfolio can not be changed even he goes to a new place.
ঢেঁকীৰ কাম ধান বনা। সৰগলৈ গলেও তাৰ কামৰ কোনো পৰিবৰ্তন নহয়। সেইদৰে যি ব্যক্তিৰ যি কাম, সি স্থানভেদে পৰিবৰ্তন নহয়। ঢোলৰ দৰে নহৈ ভৰা কলহৰ দৰে হোৱা ৷Empty vessel sounds much.
ঢোলৰ ভিতৰখন ফোপোলা, অকমান স্পৰ্শ কৰিলেই ডাঙৰকৈ শব্দ কৰে, আনহাতে পানীৰে ভৰা কলহে মৰিয়ালেও বিশেষ শব্দ নকৰে ৷ সেয়ে কোৱা হৈছে যে, যি মানু্হ ঢোলৰ দৰে ফোপোলা, জ্ঞানহীন সেই মানুহে নিজৰ গুণ নিজে গাই ফুৰে আৰু সামন্য কথাতে বাজি উঠে (কাজিয়া লাগে); কিন্তু যি মানুহ জ্ঞানী, সেই মানুহ ধীৰ-স্থীৰ হয়, ধৈৰ্যশীল হয় ৷ ঢোলৰ মাতত টোকাৰীৰ মাত তল যোৱা ৷A louder strong voice always dominates the smaller voice and makes it inaudible to the audience.
দৃঢ়তা আৰু স্পষ্টতাৰে ডাঙৰকৈ কোৱা কথাই সৰুকৈ বা অস্পষ্টকৈ কোৱা মাতক নিমাখিত কৰি দিয়ে ৷ ফলস্বৰূপে ডাঙৰ মাত সদায় শ্ৰুতাৰ কাণত নপৰে, কিন্তু সৰু মাত কাৎচিতহে পৰে ৷ ঢোলৰ লগত টেমেকাA mean adherent, follower or blind supporter; a sycophant
ডাঙৰ মানুহৰ লগত ঘূৰি ফুৰা বা ডাঙৰ মানুহৰ মতত হয়ভৰ দি ফুৰা সাধাৰণ মানুহ ঢোৰা সাপৰ ফোঁচফোঁচনিয়েই সাৰAll Bark And No Bite:
When someone is threatening and/or aggressive but not willing to engage in a fight.
কিছুমান মানুহে আনক ভয় খুৱাবলৈ ডাঙৰ ডাঙৰ কথা কয়, কিন্তু সেইবোৰ কামলৈ হ’লে একো নাই ঢৌতে খৰ মাৰtaking some time off from a busy schedule
কামৰ মাজেত সময় উলিয়া ঢৌতে খৰ মৰাTo accomplish an additional task in the process of performing one
এটা কাম কৰিবলৈ যাওঁতে সুবিধা পাই আন এটা কামো সিদ্ধ কৰা