Please enter word or phrase to be searched and hit 'search' key.


অ (40)আ (56)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (7)ঢ (10)ত (16)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (20)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)

Proverbs beginning with "আ"

আ কৰিলেই আল জিভা দেখা

When someone can understand the meaning of speech as soon as it is spoken
কথা এটা কোৱা মাত্ৰই ভালদৰে অৰ্থ বুজি পোৱা সামৰ্থ

আঁঠুৱা চাই ঠেং মেলা

To do something within a limit of one`s capacity.
নিজৰ সামৰ্থ্য অনুসৰি কাম কৰা

আঁতুৰত নিয়ম নাস্তি ৷

Necessity knows no law.
আঁতুৰত অৰ্থাৎ কঠিন পৰিস্থিতত পৰিলে মানুহে নিয়ম কানুন মানি চলাৰ থল নাথাকে, কাৰণ তেনে ক্ষেত্ৰত নিজৰ প্ৰাণ বচোৱাটোহে প্ৰথম কৰ্ত্তব্য হৈ পৰে ৷

আইধৰতকৈ বাইধৰ চাৰ্ হ

one trouble following another with greater intensity
এটা বিপদৰ ওপৰত আন এটা তাতোকৈ ডাঙৰ বিপদ আহি পৰা

আইধৰ্-বাইধৰ্ লাগ্

to be in a bewildered or helpless state
আকস্মিক বেমাৰৰ প্ৰকোপ বা বিপদ কালত নিৰুপায় হ

আইয়ে চাই মুখলৈ, তিৰোতাই চাই হাতলৈ ৷

A saying exemplifying unconditional affection between mother and child. When you come home, your mother will look at your face while your wife will look at your hands to find what you have brought for her. This indicates that the mother is more concerned about his son`s well-being.
যেতিয়া মানুহজন ঘৰলৈ আহে, মাকে মুখলৈ অৰ্থাৎ স্বাস্থ্যলৈ লক্ষ্য কৰে, কিন্তু ঘৈণীয়েকে হাতলৈ অৰ্থাৎ ধন সম্পত্তি, বয়-বস্তু কিবা আনিছে নেকি তালৈহে লক্ষ্য কৰে৷

আইৰ কুৰ্ম্মা ঢেকুৰা, তিৰীৰ কুৰ্ম্মা বপুৰা ৷

Your wife`s relatives often get better treatment than your own.
ঘৈণীয়েকৰ সমন্ধীয়সকলক অধিক মান দি, নিজৰ ফলীয়া সমন্ধীয়সকলক অৱহেলা কৰা।

আইৰ ঘৰলৈ যাম, দুবেলা দুমুঠি খাম | বিধাতাই বোলে ময়ো পাছে পাছে যাম ||

Sometimes, misfortune does not leave people to enjoy in good time also.
বিয়া দিয়া ছোৱালী মাকৰ ঘৰলৈ যোৱাটো বৰ সুখৰ কথা | কিন্তু তাতো গৈ যদি বিধিৰ বিপাকত অশান্তিৰ মূখামূখি হয় সি বৰ দুৰ্ভাগ্যৰ কথা | এইষাৰ ফকৰাৰ অৰ্থ "ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি" ফকৰা ফাঁকিৰ দৰেই হয় |

আইৰ সমান হ`ব কোন, নদীৰ সমান ব`ব কোন?

The love and affection of mother always remains unchanged and unmatched for her children like the way water flows in a river.
নদীৰ পানী যেনেকৈ নিৰবিচ্ছিন্নভাবে বৈ থাকে, একেদৰে সন্তানৰ কাৰণে মাকৰ মৰম-স্নেহ সদায় অক্ষুণ্ণ থাকে ৷ সেয়ে মাকৰ সমান কোনোৱেই হ`ব নোৱাৰে ৷

আইৰ সমান হ’ব কোন, নৈৰ সমান ব’ব কোন?

There is none in the whole world like own mother, who loves us, care for us with a clear mind. She likes a river, who flows regularly & silently without any complain.
আইৰ সমান কোনেও আদৰ আৰু মৰম দিব নোৱাৰে, যি দৰে নৈ বৈ থাকে কোনো আপত্তি নকৰাকৈ সমাজক নিৰবে পানীৰ যোগান ধৰি৷

আইৰো বার্তা, গঙ্গাৰো যাত্রা

A daughter usally loves to visit her home after her marriage; while going for pilgrimage if she can visit her mother, then joy knows no bounds. It implies performing two satisfying jobs on a single occassion.
গঙ্গা যাত্রা কৰোঁতে অর্থাৎ তীর্থ ভ্রমণ কৰিবলৈ যাওঁতে বিয়া দিয়া ছোৱালীয়ে যদি মাকৰ ঘৰতো সোমাই মাকৰ খবৰ লৈ আহিব পাৰে, তেতিয়া হ’লে আনন্দৰ সীমা নাথাকে৷ গতিকে এই ফকৰা-যোজনাটোৱে একে আয়াসতে দুটা মনে বিছৰা কাম সমাধা হোৱা বুজায়৷

আকালৰ ভাত

appropriate relief received at the time of necessity
বিপদৰ সময়ত পোৱা উপযুক্ত সাহায্য

আকাশত চাং পতা

To build castle in the air
অলীক বা আচৰিত কল্পনা কৰা

আকাশী স্বৰগ ভাগি পৰ্

to be bewildered by pressing adversities
সকলো প্ৰকাৰৰ বিপদৰ হেঁচাত বিবুদ্ধি হ

আকাশৰ ফালে থু পেলালে নিজৰ মুখত পৰে ৷

Whoever spits against the wind spits against his own face.
পৰিস্থিতি বুজি কথা নক`লে বা কাৰ্য্য নকৰিলে, সেই কথা বা কাৰ্য্যৰ কুফল নিজে ভুগিব লগীয়া হয় ৷

আগতে মাছটি, বগলীটি কণা

Like a heron not spotting a fish lying in front of him, sometimes a man fails to realise and take advantage of the opportunities before him.
বগলীয়ে চকুৰ আগতে থকা মাছটোও কেতিয়াবা দেখা নোপোৱাৰ নিচিনাকৈ মানুহে হাততে পোৱা সুযোগটোও মন নকৰে৷

আগফালে বৰচুৰিয়াৰ ফেৰ, পিছফালে ঢকুৱাৰ বেৰ৷

High on external appearance but internally inferior in quality
বাহ্যিকতাত মুধাফুটা কিন্তু ভিতৰি অসাৰ৷ ʻবাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰিʼ-ৰ সমাৰ্থক৷

আগফালে মাৰো দাং, পিছফালে ধোবাং বাং

A state of utter carelessness. You have secured the front entrance by properly locking it while forgeting to do the same with the back entrance and left it open. To protect yourself you need to safegurd you from threats that may come form all sides.
ঘৰত থকা মানুহ আৰু বস্তুবোৰৰ সুৰক্ষা সম্ভৱ যদিহে আগফাল আৰু পিছফালৰ দুয়োখন দৰ্জা বন্ধ ৰখা হয় ৷ অৰ্থাৎ নিজকে বছাব হলে সকলোফালৰ পৰা সুৰক্ষিত কৰিব লাগিব ৷

আগে পিচে দুজন হ’লে অকলেই যাব পাৰি; এধানমান পিটিকা হ’লে শুদাই খাব পাৰি |

A person without self-confidence always waits for other's help for doing any little thing.
আত্মবিশ্বাস নথকা মানুহে যিকোনো কাম কৰিবলৈ সদায় কেৱল আনৰ সহায়ৰ বাবে বাট চাই থাকে |

আগেয়ে আছিলো দোৱেনী-মোৱেনী, গোৱালে বুলিছিল আই; এতিয়া হ’লো লেজ-গোবেৰী, পালতো নিদিয়ে ঠাই ৷

A man in power is shown respect by anyone with the expectation of getting some sort of favour from him. However, the same person is neglected when he loses power.
খীৰতী গাই এজনীয়ে ভালদৰে গাখীৰ দি থকাৰ কালচোৱাত গৰাকীয়ে বৰ আদৰ-যত্ন কৰি পুহি ৰাখে; কিন্তু গাখীৰ নোহোৱা হৈ বেমাৰী হ’লে আলাই-আথানি কৰে ৷ অৰ্থাৎ যাৰ পৰা নিজৰ কোনো লাভ হোৱাৰ সম্ভাৱনা থাকে অথবা যি ক্ষমতাশালী, তেনে লোককহে সকলোৱে আদৰ-সাদৰ কৰে ৷ একেজন ব্যক্তি ক্ষমতাহীন হ’লে কিন্তু কোনোৱে তেওঁক আদৰ নকৰে ৷

আগৰ গৰুক বাঘে খায় |

An over-enthusiastic person, who always wants to move ahead of others, has to face lot of troubles.
সদায় সকলোতকৈ আগত যাবলৈ বিচৰা অত্যুত্‍সাহী মানুহে নানান বিপদৰ সন্মুখীন হয় |

আগৰ হাল যিফালে যায় পিছৰ হালো সেইফালেই যায় ৷

The youngs of a family follow the foot steps of the elders, normally when someone learns bad habits, attitude, manners or behavour from their elders.
পথাৰত হাল বাওঁতে আগৰ হালৰ পিছে পিছে দ্বিতীয়টো হাল, দ্বিতীয়টোৰ পিছে পিছে তৃতীয়টো.. ইত্যাদি ধৰণে চলে ৷ একেদৰে কোনো এক পৰিয়ালৰ অগ্ৰজৰ চলন-ফুৰণ, আচাৰ-ব্যৱহাৰ, হাৱ-ভাৱ, বদ অভ্যাস, অশিষ্ট আচৰণ আদি অনুজে অনুকৰণ কৰে, শিকে আৰু একেধৰণৰ আচৰণ প্ৰদৰ্শন কৰে ৷ সাধৰণতে কোনো ব্যক্তিয়ে জ্যেষ্ঠজনক দেখি বেয়া আচৰণ শিকিলেহে এই ফকৰাৰ প্ৰয়োগ হয় ৷

আছিলো বামুণ হ`লো নটা৷ ছোৱালী আনিলো গো-চাল কটা ৷

This idiom is used to refer to a person indulging in something contradictory to social customs and traditions.
আগৰ দিনত ব্ৰাহ্মণে নচা অথবা মুচিয়াৰৰ দৰে তথাকথিত নীহকূলীয়া ছোৱালী বিয়া কৰোৱাটো সমাজ-বিৰুদ্ধ গৰ্হিত কাম বুলি ভবা হৈছিল ৷ গতিকে এই যোজনাটো সামাজিক পৰম্পৰা উলংঘা কৰাৰ অৰ্থত ব্যৱহাৰ হয় ৷

আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল / আছে গৰু নেবাই হাল, হোৱাতকৈ নোহোৱাই ভাল

If one does not utilize his resources properly there is no benefit of having them.
মানুহে নিজৰ হাতত থকা সম্পদবিলাক ভালদৰে ব্যৱহাৰ নকৰিলে সম্পদ নথকাৰ দৰেই হয়৷ অৰ্থাৎ মানুহে নিজৰ সম্পদবিলাক সঠিকভাৱে কামত খটুওৱা উচিত৷

আঠুৰ মঙহ বুকুত নেলাগে।

A person cannot be very close to another person who has a highly different set of cultural characters
যেনেদৰে বুকুৰ মঙহ যিমান আপোন, সিমান আপোন আঠুৰ মঙহ হব নোৱাৰে, একেদৰে বিজাতীয় বা পৰ মানুহ কেতিয়াও নিজ মানুহৰ দৰে আপুন হব নোৱাৰে।

আঠুৱা তলৰ মহ৷

Comparatively very weak person.
অতি দূৰ্বল লোক৷

আদা বেপাৰীয়ে জাহাজৰ খবৰ লোৱা

To show interest on irrelevant or unnecessary matters
অদৰকাৰী কথাৰ প্ৰতি মনোযোগ দিয়া

আদাক দেখি উঠিল গা, কেতুঁৰিয়ে বোলে মোকো খা |
অথবা,
আক দেখি, তাক দেখি; কুকুৰে পালে একাদশী |

By looking at others performance, somebody shows pseudo enthusiasm thinking that even he can do the same.
বেলেগক দেখি কাৰোবাৰ অনাহকতে গা উঠা স্বভাৱ

আপুতৰ পুত কোঁচতে মুত ৷

When one shows excessive love and care for an object, person or material.
পুত্ৰ সন্তান নোহোৱা ব্যক্তিয়ে পুত্ৰ পালে তাক অতিমাত্ৰা মৰম কৰি, নকৰিবলগীয়া কাম কৰিলেও অকনো আপত্তি নকৰে আৰু একেদৰে মানুহে যেতিয়া অতি আশাৰে লব্ধ বস্তুৰ প্ৰতি মাত্ৰাহীনভাৱে যত্নবান হয় তেতিয়া এই ফকৰাৰ প্ৰয়োগ হয় ৷

আপুনি বয়স হৈলে বুদ্ধি হৈব ভাল

A person matures along with age.
বয়স হলে আপোনা-আপুনি পাৰিপক্কতা আহে

আপোন ভাল পাগলেও বুজে ৷

Even a fool knows his business.
নিজ স্বাৰ্থ সকলোৱেই বুজি পায়, সি লাগিলে পাগলেই নহওক কিয় ৷

আপোন ভালেই জগত ভাল |

If anyone is perfect by his own, then he will find everything perfect around him.
নিজে ঠিক থাকিলে সমগ্র পৃথিৱী খনেই ঠিক থাকে | কোন কেনেকৈ ক’ত মিলি থাকিব পাৰে সেইটো নিজৰ ওপৰতে নিৰ্ভৰ কৰে |

আপোন হাত জগন্নাথ, পৰত আশ, বনত বাস |

Its better to be self dependent.
লোকৰ ওপৰত নির্ভৰ কৰাতকৈ নিজ হাতে কাম কৰা মঙ্গল | লোকে কৰিব কৰিব বুলি আশা পালি থাকোতে কেতিয়াবা মূৰামূৰি সময়ত গৈ বিপদত পৰিব লগা হয় |

আপোন-নামা উত্তমা, পিতৃ-নামা মধ্যমা ৷

Self-reliance is the best policy. One, who lives on his/her father's earnings, is considered to have a personality of medium standard.
যি স্বনিৰ্ভৰশীল, তেওঁ সৰ্বোত্তম ৷ আনহাতে যি পিতৃৰ আৰ্জনৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে, তেওঁক মজলীয়া ব্যক্তিত্বৰ লোক বুলি ধৰা হয় ৷

আপোনাৰ নাক কাটি সতিনীৰ যাত্রা ভঙ্গ কৰা |

Even harming oneself, one wants to take revenge on his/her opponent or rival.
সতিনীক সাধাৰণতে সকলোতকৈ বেছি শত্ৰু বুলি জ্ঞান কৰা হয়। সেয়ে সতিনী মাকৰ ঘৰলৈ যোৱাৰ সময়ত আন জনীয়ে প্রয়োজন হ'লে নিজৰ নাক কাটি হলেও যাত্রা ভংগ কৰাবলৈ কুন্ঠাবোধ নকৰে।
ইয়াৰ দ্বাৰা প্রয়োজন হ'লে নিজৰ ক্ষতি কৰি প্ৰতিদ্বন্দীৰ অনিষ্ট কৰিবলৈও কুন্ঠাবোধ নকৰা স্বভাৱৰ বিষয়ে বুজোৱা হৈছে |

আপোনাৰ মন যেনে, সকলোকে দেখে তেনে ৷

One who has ill feelings in his mind thinks that everyone is like him and suspects even an honest person.
যাৰ নিজৰ মনত বেয়া ভাৱ থাকে, সি আনকো তেনে বুলিয়েই ভাৱে ৷ কলুষিত মনৰ মানুহে সাধু লোককো সন্দেহ কৰে ৷

আম গছত কঠাল নধৰে ৷

You cannot make a silk purse out of a sow's ear.
যি মানু্হ যিমান অভিজ্ঞ বা পাৰ্গত, তেনে মানুহৰ পৰা সিমানখিনিয়েই আশা কৰিব পাৰি, তাতকৈ বেছি কেতিয়াও আশা কৰিব নোৱাৰি ৷

আমকলা হোৱা দিয়ে, দৈকলাৰ জুতি লাগে ।

Enjoy the hardwork of others.
কাৰোবাৰ কষ্ট আৰ্জিত ফলক আন কোনোবাই আয়াসতে ভোগ কৰা ।

আমে বান, কঠালে ধান ।

Too many mangoes in trees bring flood and too many jack fruits paddy.
যিটো বছৰত আমে বেছিকৈ মলিয়াই /আম গছত ফুল বেছিকৈ হয় সেই বছৰত সেয়া বানপানী হোৱাৰ আগজাননি বুলি কোৱা হয় আৰু যিটো বছৰত কঠাল গছত বেছিকৈ কঠাল হয় সেই বছৰত ধানৰ খেতি ভাল হয় বুলি প্ৰবাদ আছে ।

আমো নাই, ফৰ্মুটিও নাই

When a job is not completed on time and the person to whom the job has been given also not turning up.
কোনো এটা কাম সময়মতে সমাধা নোহোৱা আৰু কামটোৰ দ্বায়িত্ব যাক দিয়া হৈছিল তেওঁ মুৰামুৰি সময়ত মূৰ পোলোকা দিয়া

আলহীলৈ বুলি হাঁহ মাৰি ঘৰে-ঘৰোৱাহে খায় ৷

To use something prepared or gathered for others to serve one's own purpose.
আনক আপ্যায়িত কৰিবলৈ বা আনৰ কাৰণে গোটোৱা বস্তু নিজৰ কামত লগোৱা

আলহীয়ে বিচাৰে শাকত লোণ ধান কিনাই বিচাৰে ডাঙৰ দোন

Salt was very expensive in earlier days still guests loved when their curry was preapared with salt and a paddy- buyer wants larger vessels for storing them , which mean every one wants their own objectives to be fulfilled.
আগৰ কালত লোণ বৰ মহঙা হোৱা বাবে সাধাৰণ ৰাইজে লোণৰ সলনি খাৰহে ব্যৱহাৰ কৰিছিল আৰু আলহী বা অঙহী-বঙহী আহিলেহে লোণেৰে ভাতসাজ খাইছিল ৷ আটকীয়া বুলি জানিও আলহীয়ে লোণকণ হলেহে ভাল পায় আৰু ধান কিনোতাই থবলৈ ডাঙৰ দোন বিচাৰে ৷ অৰ্থাৎ সকলোৱে নিজৰ স্বাৰ্থকহে প্ৰাধান্য দিয়ে ৷

আলালৰ ঘৰৰ দুলাল ৷

The spoilt child of a rich parent.
ধনী মাক-দেউতাকৰ অতিৰিক্ত মৰমৰ বাবে স্বভাৱ নষ্ট হোৱা সন্তান ৷

আলিবাটত চালি ধৰা

To wander here and there without doing anything
কাম-বন নকৰি ধুন মাৰি ফুৰা

আলু খালে ভোলানাথে, কল খালে জগন্নাথে, বাকলি চুহিলে যি, ধন ভৰি মৰে সি ৷

The real culprit escapes punishment, while the minor associates get the punishment.
আচল দোষীয়ে শাস্তি নাপায়, সাধাৰণ সহযোগীবোৰেহে জৰিমনা ভৰে৷

আলৈ এথানি কৰ ৷

To look down upon, not taking care, to insult or neglect.
উপলুঙা কৰ, অত্যাচাৰ কৰ, অযন্ত কৰ ৷

আহক বাৰিষা, কাটক পাত; ৰৈ যা ভিনীহি খাই যা ভাত |

To keep someone waiting by referring to something which is expected to happen only in distant future.
কিবা এটা ভবিষ্যতে হ'ব বুলি আশা দি কাৰোবাক আভূৱা ভাৱী থকা |

আহিল কণা, গ’ল কণা, খাগৰি কাটিলো তিনি কণা

To keep an important matter pending lethargically
গুৰুত্বপূৰ্ণ কাম এটা কৰিম কৰিম বুলি এলাহ কৰি পেলাই থোৱা

আহু চাবা গধূলি, শালি চাবা পুৱা, জাকৈ বাওঁতে ছোৱালী চাবা কোন কেনেকুৱা।

One should see the growth of `Ahu` paddy in the evening and that of `Sali` in the morning. Similarly, one has to look for a bride when girls are fishing.
আহু ধান গধূলি চাব লাগে, আনহাতে শালি ধান ৰাতিপুৱা চাব লাগে। ঠিক তেনেদৰে ছোৱালী চাবলৈ হলে জাকৈ বাই থকা অবস্থাত চাব লাগে। (ডাকৰ বচন)

আহ্ বৰডেকা ভোজ খাবলৈ যাওঁ৷

Taking a huge decision without prior arrangement or preparation.
আগতীয়া প্ৰস্তুতি অবিহনে ডাঙৰ সিদ্ধান্ত লোৱা ৷

আয় কালত ব্যয় নাই, মৰণৰ কালত আহূদি নাই

In time of plenty you had very little means to spend and enjoy. But when you need it most, resources become scarce.
আৰ্জনৰ উপায় থকা সময়ত বিষেশ ব্যয় নহয়, কিন্তু যেতিয়া নাতনি হয়, তেতিয়াহে প্ৰয়োজনো বাঢ়ে৷

আয় চাই ব্যয়

Cut your coat according to your cloth.
উপাৰ্জনৰ পৰিমাণ চাইহে খৰচৰ মাত্ৰা কম-বেছি কৰা উচিত । আয়ৰ পৰিমাণ নাচাই যধেমধে ব্যয় কৰা অনুচিত ।

আৰ ছিগা চুলি, তাৰ ছিগা চুলি বান্ধি যাও নেঘেৰি খোপা

Attempt to show off by borrowing others' resources.
আৰ তাৰ পৰা ধাৰ কৰা বস্তুৰে নিজৰ গৰিমা বঢ়োৱাৰ চেষ্টা কৰা

আৰৈতকৈ উখুৱাৰ খচখচনি টান ৷

A person with low mentality is more importunate than a good human being.
উচ্চ প্ৰবৃত্তিৰ লোকতকৈ নীচ মনোবৃত্তিৰ মানুহ বেচি বিৰক্তিকাৰক বা খেচখেচিয়া ৷

আৰ্জিলে ভুঞ্জিবও লাগে ৷

One has to remain prepared to face the consequences of his own deeds, whether good or bad.
নিজে কৰা ভাল-বেয়া সকলো কৰ্মৰ ফল ভোগ কৰিবলৈ মানুহ সাজু থাকিব লাগে ৷

আৰ্জে নন্দ গোৱালে, খায় বোন্দা শিয়ালে ৷

The act of enjoying the fruits of hardwork done painstakingly by someone else.
এজনে কষ্ট স্বীকাৰ কৰি কৰা ভাল কামৰ ফল আনজনে বিনা পৰিশ্ৰমে উপভোগ কৰা ৷