অ (40) আ (56) ই (7) ঈ (5) উ (17) ঊ (3) ঋ (2) এ (30) ঐ (1) ও (14) ঔ (4) ক (69) খ (19) গ (36) ঘ (14) চ (44) ছ (10) জ (19) ঝ (1) ট (9) ঠ (6) ড (7) ঢ (10) ত (16) থ (9) দ (25) ধ (18) ন (36) প (34) ফ (16) ব (55) ভ (21) ম (42) য (26) ল (16) শ (20) ষ (2) স (43) হ (40) ৰ (23) ৱ (1)

Idioms starting with 'ড'


ডলাৰ বগৰী
having no fixed habitation.
স্থান-স্থিতি নথকা, ডলাৰ বগৰীৰ দৰে বাগৰি ফুৰা লোক৷

ডাল কাটিলে গছ নমৰে, শিপা কাটিলেহে মৰে ৷
The strong and strict guidance from a warden makes his wards shine in the future, and loose guidance may spoil their future life.
শুভাকাংখী অভিভাৱকৰ শাসন কঠোৰ হ'লেও ল'ৰা-ছোৱালীৰ ভৱিষ্যত বেয়া নহয়, আনহাতে মুখৰ মিঠা মাতেৰে কৰা শিথিল শাসনে পৰোক্ষভাৱে সন্তানৰ ভৱিষ্যত নষ্ট কৰিব পাৰে৷

ডিঙিত ছুৰি দে ৷
To commit a great injury.
এনে কোনো ভুল বা কুকৰ্ম কৰ যি মৃত্যুৰ সমতুল্য ৷

ডিঙিত জৰি লাগ ৷
Fie on thee, to get trapped into conspiracy or entangled into complicacies.
ষড়যন্ত্ৰৰ বলি হৈ বিপদত পৰ ৷

ডুব গ’লে বেলিৰ পোহৰো ক্ৰমে ক্ৰমে নোহোৱা হয় ৷
The fame and prosperity of human being gradually disappear from the world once he/she is dead.
কোনো মানুহৰ নাম-যশষ্যা বা ঐশ্বৰ্য্য-বিভূতি সেই মানুহৰ মৃত্যুৰ পাছত পৃথিৱীৰ পৰা ক্ৰমে ক্ৰমে নাইকিয়া হৈ যায় ৷

ডুবি ডুবি পানী খোৱা ৷
To act surreptitiously.
পানীত ডুব মাৰি, তলত গৈ পানী খালে লোকে দেখা নেপায়, সেয়ে লুকাই চুৰকৈ কোনো কাম কৰি থকা বুজায় ৷

ডুলি ভৰা আশা আৰু কুলা ভৰা ছাঁই ৷
Extravagant hopes lead to complete disappointment.
ডাঙৰ আশা লৈ কোনো কাৰ্য সম্পাদন কৰিবলৈ গ'লে, তাৰ ফল অলপ কমকৈ পালেও নিৰাশাত ভুগিব লগীয়া হয় ৷

2006 - 2021 © Xobdo.org