A cherished target, goal or output which is very difficult to achieve. ঔ গছত মৌয়ে বা্হ ললে সেই মৌ পাৰিবলৈ কঠিন হয়, কাৰণ ঔ গছ বগাবলৈ বৰ টান, যিহেতু এই গছ বৰ ওখ আৰু পিছল হয় আৰু গা-গছত ঠাল-ঠেঙুলি নেথাকে ৷ সেয়ে মৌ খাবলৈ বৰ সুৱাদ হ'লেও ঔ গছৰ মৌৰ সুৱাদ লোৱা কঠিন কাম ৷ অৰ্থাৎ এই ফকৰাই এনে আকাংখিত কথা বা উপলব্ধিক বুজায় যাক অনায়াসে পাব নোৱাৰি ৷
ঔ বিচাৰোঁতে মৌ পোৱা৷
Sudden huge gain more than expectation. সামান্য কিবা আশা কৰি থাকোতে হঠাৎ অপৰিসীম সা-সুবিধা পোৱা৷
ঔষধতকৈ পথ্য ভাল ৷
Diet cures more than the doctor. বেমাৰ হোৱাৰ পাছত আৰোগ্য হ'বলৈ ঔষধ খোৱাতকৈ, ভাল, স্বাস্থ্যকৰ আহাৰ খাই নিৰোগী হৈ থকাই শ্ৰেয় ৷