সুধাংশুসুধাকৰ

সুধাকণ্ঠ (Assamese) [ Roman: xu.dha.kon.tho]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2012-11-12
1. PersonalitiesMusic(Proper Noun-Masculine) A legendary singer of Assam. He is known for his wonderful crisp voice and flawless diction, as a lyricist, he is known for poetic compositions and parables that touch on a wide range of themes-ranging from the erotic to social and political commentary, and as a composer for his use of folk music with a touch of the contemporary. He was born on September 8, 1926 in Sadiya, Assam. He earned a doctorate from Columbia University, New York for his dissertation titled, Proposals for preparing India`s basic education to use audio-visual techniques in adult education. He won the prestigious Dadasaheb Phalke award in 1992 for his lifelong contribution to Indian cinema. He breathed his last on November 5, 2011 at the age of 85 years. সংগীতজ্ঞ, শিল্পী ভূপেন হাজৰিকাৰ জন্ম হয় ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰ তাৰিখে৷ তেওঁ ‘দাদা চাহেব ফাল্কে’ বঁটা (১৯৯২) পোৱা প্ৰথম অসমীয়া ব্যক্তি৷ ১৯৩৯ চনত কলকাতা অনাতাঁৰ কেন্দ্ৰৰ যোগেদি প্ৰথম গীত প্ৰচাৰ কৰা ড: হাজৰিকা ১৯৭৭ চনত ‘পদ্মশ্ৰী’ আৰু ২০০১ চনত ‘পদ্মভূষণ’ সন্মানেৰে বিভূষিত হয়৷ ১৯৮৭ চনত ‘শংকৰদেৱ বঁটা’ আৰু ২০০০ চনত সন্মানীয় ‘লতা মংগেশকাৰ বঁটা’ও লাভ কৰে৷ তেখেতে ১৯৯৩ চনত অসম সাহিত্য সভাৰ সভাপতিও হয়৷ অসমীয়া, হিন্দী আদি ভাষাত অসংখ্য গীত ৰচনা কৰাৰ লগতে সুৰ প্ৰদান কৰা হাজৰিকাই কেইবাখনো চলচ্চিত্ৰ নিৰ্মাণ আৰু পৰিচালনা কৰে৷ শেহতীয়াভাৱে ২০০৯ চনত অসম চৰকাৰে প্ৰথমবাৰৰ বাবে ‘অসম ৰত্ন’ সন্মানেৰে তেখেতক সন্মানিত কৰাৰ লগতে ‘কেবিনেট’ মৰ্য্যাদাও প্ৰদান কৰে৷ ২০১১ চনৰ ৫ নৱেম্বৰ তাৰিখে ৮৫ বছৰ বয়সত তেখেতৰ দেহাৱসান ঘটে৷

Contributed by: Partha P Sarmah on 2011-09-05
2. Music(Common Noun-Common) a superior singer with great voice quality. সুমধুৰ মাতেৰে উচ্চখাপৰ গায়ক৷