দেওতিদেওধাই

দেওধনী (Assamese) [ Roman: deo.dha.ni]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-31
1. (Abstract Noun) a type of religious dance performed by women to satisfy the 'deo' or evil spirit. দেওক সন্তুষ্ট কৰিবলৈ বা দেও উঠা তিৰোতাই পৰিৱেশন কৰা এবিধ নাচ। সুকনানি ওজাৰ ওজাপালিৰ এক আংগিক উপাদান হ’ল দেওধনী নৃত্য। ৰামায়ণ গোৱা ওজাৰ লগত দেওধনী নাথাকে, কিন্তু সুকনানি ওজাৰ দেওধনী একপ্ৰকাৰ প্ৰধান অংগ বুলিব পাৰি। আজিকালি এই দেওধনী প্ৰায় লোপ পাই আহিছে। দেওধনীয়ে কিছুমান অলৌকিক শক্তি দেখুৱাই মানুহৰ মন আকৰ্ষণ কৰে।আখ্যানমতে বেউলাই লখিন্দৰক জীয়াই তুলিবলৈ দেৱতাৰ আগত কৰা নৃত্যটোৱেই হ’ল দেওধনী নৃত্য।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-31
2. (Common Noun-Feminine) a woman who pretends to be possessed with an evil spirit. দেও উঠা বা দেৱে ধৰা তিৰোতা