Donate

Please enter word or phrase to be searched and hit 'search' key.


অ (41)আ (58)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (8)ঢ (11)ত (17)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (21)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)
Submit New Proverb, Idiom, Phrase OR Riddle

Proverbs containing the word "ৰৌ"

Idiom ফকৰা-যোঁজনা

ছোৱালীৰ চিকণ যোগী, গাইৰ চিকণ মুগী; ডাইলৰ চিকণ মাটি, শয়নৰ চিকণ পাটি; টেঙাৰ চিকণ ঔ, মাছৰ চিকণ ৰৌ; সমন্ধৰ চিকণ বৌ, বাচনৰ চিকণ টৌ; শাকৰ চিকণ লাই, মুদ্ৰাৰ চিকণ পাই; জলাৰ চিকণ আদা, চেনেহৰ চিকণ দাদা; কথাৰ চিকণ ৰস, চাকৰৰ চিকণ বশ; ফলৰ চিকণ কল, হোঁকাৰ চিকণ নল; মুখৰ চিকণ গুৱা, টোপনিৰ চিকণ পুৱা; পানীৰ চিকণ পানীপৰুৱা, মাছৰ চিকণ মোৱা; বিয়াৰ চিকণ বৰকইনা, হোমৰ চিকণ ধোঁৱা ৷

These sayings describes the best of everything in various aspects of our daily life.
এই তুলনাবোৰে দৈনিক জীৱনৰ বিভিন্ন বিষয়ত উত্তম বস্তুৰ আভাস দিয়ে ৷ যেনে মাটি ডাইলৰ সোৱাদ ডাইলৰ ভিতৰত সৰ্ব্বোত্তম ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা

ৰৌ-বৰালিলৈ আশা কৰি পুঠি-খলিহণাও নোপোৱা ৷

To be over ambitious and the act of overlooking the small opportunities in the expectation of bigger opportunities and thus ending up with no achievement at last.
মাছ মাৰিবলৈ গৈ, ৰৌ-বৰালিৰ দৰে ডাঙৰ মাছ জালত উঠিলেহে ধৰিম বুলি, সহজতে জালত উঠা পুঠি-খলিহণাৰ দৰে সৰু মাছবোৰ এৰি দিলে অৱশেষত কোনো মাছেই পোৱা নেযাব পাৰে ৷ একেদৰে ডাঙৰ সুবিধা-সুযোগ, লাভ, মুনাফা আদি পোৱাৰ আশা কৰি অনায়াসে হাতলৈ অহা সৰু-সুৰা সুযোগ-সুবিধাবোৰ গ্ৰহণ নকৰিলে পিছলৈ পস্তাব লগা অৱস্থা হয়৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-10-18
Idiom ফকৰা-যোঁজনা

মই লৈ যাও ৰৌ-বৰালী, তুমি লৈ যোৱা কুচিয়া-মিৰিকা; নহ’লে তুমি লৈ যোৱা কুচিয়া-মিৰিকা, মই লৈ যাও ৰৌ-বৰালী ৷

This phrase is used to ridicule a person who takes lion’s share for himself and deprives others from getting their deserving share.
দুজন মানুহ মাছলৈ গৈ ৰৌ, বৰালী, কুচিয়া আৰু মিৰিকা মাছ ধৰে, আৰু ভাগ-বতৰা কৰোতাজনে মাছ ভাগ-বতৰা কৰাৰ সময়ত এইদৰে (ফকৰাটো) কয় ৷ অৰ্থাৎ ভাগ-বতৰা কৰোতাজনৰ ভাগত সদায় ৰৌ-বৰালী পৰিব আৰু আনজনৰ ভাগত সদায় কুচীয়া আৰু মিৰিকা ৷ অৰ্থাৎ যেতিয়া বিলাই দিয়া কাৰ্যত অনিয়ম হয়, আৰু আবন্টন কৰোতাই কৰোবাক প্ৰাপ্য বস্তুৰ পৰা বঞ্চিত কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰে, তেনেস্থলত এই ফকৰা মাতি আবন্টন কৰোতাজনক উপলুঙা কৰা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-11
Idiom ফকৰা-যোঁজনা

ৰৌ-বৰালি সাৰি গ’ল, পুঠি-খলিহণা জালত পৰিল ৷

One who is the real culprit gets scot-free due to his influence or power, but an ordinary man although indirectly associated similar crime get severe punishment.
প্ৰকৃত অপৰাধী প্ৰভাৱশালী হোৱা বাবে শাস্তি নোপোৱাকৈ সাৰি যায়, অথচ তেনে অপৰাধৰ সৈতে পৰোক্ষভাৱে জড়িত থকা সাধাৰণ ব্যক্তি সহজে ধৰা পৰে আৰু শাস্তি পায় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-17
Idiom ফকৰা-যোঁজনা

ৰৌটোকে ঢৌটো কৰা

To accentuate a simple or unimportant matter
সৰু বা গুৰুত্বহীন কথা এটাকে বেছিকৈ বঢ়াই কোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04