অ (41) • আ (58) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (8) • ঢ (11) • ত (17) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (21) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Submit New Proverb, Idiom, Phrase OR Riddle
Proverbs containing the word "ৰগ"
Idiom ফকৰা-যোঁজনাঢেঁকী সৰগলৈ গলেও ধান বানিব লাগে।
Ones work portfolio can not be changed even he goes to a new place.ঢেঁকীৰ কাম ধান বনা। সৰগলৈ গলেও তাৰ কামৰ কোনো পৰিবৰ্তন নহয়। সেইদৰে যি ব্যক্তিৰ যি কাম, সি স্থানভেদে পৰিবৰ্তন নহয়। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-20
Idiom ফকৰা-যোঁজনা
বৰগছ নথকা ঠাইত এৰা গছেই বৰগছ ৷
In the absence of intelligent and wise men, a person with little knowledge may gain importance.জ্ঞানী-গুণী লোকৰ অনুপস্থিতিত স্বল্পজ্ঞানীজনেই সমাদৰ লাভ কৰিবলৈ সক্ষম হয়৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-26
Phrase খণ্ডবাক্য
সৰগ ভাগি পৰা
Sky falls down; meaning sudden unbearable barden.হঠাতে অহা অসহনীয় বিপদ৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-31
Phrase খণ্ডবাক্য
সৰগ ঢুকি পোৱা৷
Able to touch the sky. It means get rid of something; achieved something.উপায় পোৱা৷ সকাহ পোৱা৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-31
হাততে সৰগ ঢুকি পোৱা
To get an opportunity to achieve one's desired goal easily.ইপ্সিত লক্ষ্য অতি সহজতে পূৰণ কৰাৰ সুযোগ লাভ কৰা | Contributed by: Anonymous on 2010-08-18
Idiom ফকৰা-যোঁজনা
মূৰত আকাশী স্বৰগ ভাগি পৰা
To suddenly face a very serious troubleহঠাতে ভয়ঙ্কৰ বিপদৰ সন্মুখীন হোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-31
Idiom ফকৰা-যোঁজনা
আকাশী স্বৰগ ভাগি পৰ্
to be bewildered by pressing adversitiesসকলো প্ৰকাৰৰ বিপদৰ হেঁচাত বিবুদ্ধি হ Contributed by: Pankaj Jyoti Mahanta(পংকজ জ্যোতি মহন্ত) on 2011-03-27
Idiom ফকৰা-যোঁজনা
ৰগৰতে জগৰ লগা স্বভাৱ ৷
It is used to denote the character of a person who does not understand joke, kidding or teasing. Kidding with such persons will lead to a quarrel only.ধেমালি নুবুজা মানুহৰ লগত ধেমালি কৰিলে কাজিয়াৰ সূত্ৰপাত হয়। এনে স্বভাৱৰ মানুহক বুজাবলৈ এই ফকৰা-যোজনাটো ব্যৱহাৰ কৰা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-03-03