Donate

Please enter word or phrase to be searched and hit 'search' key.


অ (41)আ (58)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (8)ঢ (11)ত (17)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (21)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)
Submit New Proverb, Idiom, Phrase OR Riddle

Proverbs containing the word "ঢ়"

Idiom ফকৰা-যোঁজনা

খাহীৰ তেল বাঢ়ে মানে গিৰিহঁতলৈকে আয়

The outcome of a good work done by one can benefit his relations and associates.
এজনে কৰা ভাল কামৰ ফল তেওঁৰ আত্মীয় তথা তেওঁৰ সৈতে জড়িত আন লোকেও ভোগ কৰিবলৈ পায় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা

বুঢ়া শালিকাই মাত নলয় |

To start doing something in the later age of ones life while he could have done it long back.
সময় থাকোতেই যদি কোনোৱে শিকিব লগা কিবা এটা নিশিকি ভাটি বয়সত শিকিবলৈ যায় তেন্তে এই ফকৰা ফাঁকি ব্যৱহাৰ কৰা হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা

ধাৰত পৰিলে শিলো উটে, সপোন দেখিলে বুঢ়ায়ো মূতে |

Nothing is impossible. A stable rock can also give way to a strong current of water or even an elderly person can end up urinating in dream like a child
অসম্ভৱ বুলি একো নাই৷ তীব্ৰ পানীৰ সোঁতে শিলকো উটোৱাই নিব পাৰে৷ তেনেদৰে ডাঙৰ মানুহেও সপোন দেখি বিছনাত মুতিব পাৰে৷ Contributed by: Rupankar Mahanta on 2008-03-13
Idiom ফকৰা-যোঁজনা

বাটত পালো কমাৰ দা গঢ়াই দিয়া আমাৰ৷

To get something done without prior planning, taking advantage of suddenly meeting someone on the way.
বাটতে কাৰোবাক লগ পাই সেই সুযোগ গ্ৰহণ কৰি নিজৰ অভীষ্ঠ সিদ্ধি কৰা৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2016-04-14
Idiom ফকৰা-যোঁজনা

পাঁচো আঙুলিৰে খায়, বুঢ়াই হেঁচুকিলেহে যায়৷

To accomplish a task, we need experience and capability. Without these, all efforts are useless.
কোনো এটা কাম সম্পন্ন কৰিবলৈ অভিজ্ঞতা, শক্তি আৰু সামৰ্থ্যৰ প্ৰয়োজন৷ ইয়াৰ অবিহনে যিমানেই যত্ন কৰা নহওক কিয়, কামটোৰ সফলতা অসম্ভৱ৷ Contributed by: Hemanta Saikia on 2009-03-01
Idiom ফকৰা-যোঁজনা

বুঢ়ী আই এ নাহিলি সুখৰ কালত, সাতজনী নিগনি খীৰাই খাইছিলো, গেৰেলাক বাইছিলো হালত

After being pauper, remembering sadly the times when he was rich.
আকালৰ (দুৰ্দ্দিনৰ সময়ত) দিনত এসময়ৰ প্ৰাচুৰ্য্যৰ কথা মনত পেলাই শোক কৰা Contributed by: Barnali Deuri Bora on 2010-10-27
Idiom ফকৰা-যোঁজনা

মাংস খালে মাংস বাঢ়ে, ঘৃত বাঢ়ে বল; দধি খালে আয়ু বাঢ়ে, শাকত বাঢ়ে মল ৷

Eating meat helps to build muscles, lipids like ghee give energy, regular taking of curd can increase longevity and green vegetables keep the bowel clear.
মাংস খালে মানুহৰ শৰীৰৰ গঠন ভাল হয়, ঘিঁউ খালে শক্তি বৃদ্ধি পায়, নিয়মীয়াকৈ দৈ খোৱা মানুহৰ আয়ুস বৃদ্ধি হয় আৰু শাক বেছিকৈ খালে শৌচ খোলোছা হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-24
Idiom ফকৰা-যোঁজনা

হুলেৰে হুল কঢ়া

To negate one misdeed by another misdeed
এটা বেয়া কামৰ কুফল আন এটা বেয়া কামেৰে নাইকিয়া কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা

পঢ়ায়, পঢ়ে, ৰোৱে পাণ; এই তিনিয়ে নিচিন্তে আন ৷

While teaching, reading or planting a beetal leaf creeper, one should concentrate only in his own work without thinking anything else.
আনক পঢ়াওঁতে, নিজে পঢ়োঁতে আৰু বাৰীত পাণ ৰোওঁতে অন্য চিন্তা নকৰি কেৱল নিজৰ কামত মনোযোগ দিয়া উচিত ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-31
Idiom ফকৰা-যোঁজনা

শগুণৰ শাৱত বুঢ়া গৰু নমৰে

An event do not happen just by wishing it.
কিবা এটা ভাবিলেই বা ইচ্ছা কৰিলেই হৈ নাযায় Contributed by: Rupankar Mahanta on 2008-03-19
Idiom ফকৰা-যোঁজনা

বুঢ়াৰ হাতত চেঙেলি পৰা ।

A cunning person cannot outwit an experienced veteran.
চেঙেলি মাছ বৰ পিচল । তাক ধৰি ৰাখিবলৈ খহটা বস্তুৰ প্ৰয়োজন ।বুঢ়া হলে মানুহৰ হাত খহটা হয় গতিকে সহজে চেঙেলি মাছ ধৰি ৰাখিব পাৰে। ইয়াৰ অৰ্থ হৈছে কোনো জনা-বুজা, জ্ঞানী, বয়োবৃদ্ধ, অভিজ্ঞ লোকৰ হাতত পৰি ধূৰ্ত লোকৰ সাৰিব নোৱৰা অৱস্থা হোৱা। Contributed by: Anjali Sonowal on 2008-07-14
Idiom ফকৰা-যোঁজনা

এনেয়ে বুঢ়ী নাচনী তাতে নাতিনীয়েকৰ বিয়া

to give cause for joy to one naturally joyful.
স্বাভাৱিকতে স্ফুৰ্তিবাজ মানুহক অতিৰিক্ত আনন্দই লগ দিয়া ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা

কুকুৰ বুঢ়া হ’লে ফাপৰে ধৰে, মানুহ বুঢ়া হ’লে পৰকিতি লৰে ৷

Dogs suffer from alopecia and become hairless when become old. On the other hand, some people lose their character at the old age.
বুঢ়া হ’লে কুকুৰৰ গাৰ নোম সৰি ফপৰা হয় ৷ আনহাতে কিছুমান মানুহৰ বয়স হ’লে প্ৰকৃতি লৰে অৰ্থাত্‍ স্বভাৱ বেয়া হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা

ছোৱালীৰ চুটি, বাঢ়নীৰ বুটি (ডাকৰ বচন)

A broomstick is more comfortable to use when it is used for some time and it becomes shorter, likewise it is said shorter girls are more efficient.
চুটি-চাপৰ ছোৱালী বেছি কাজি বুলি ধৰা হয়, ঠিক তেনেকৈ বাঢ়নীটাৰ বুটি (অৰ্থাৎ চুটি) হ’লে সাৰিবলৈ বেছি সুবিধা হয় Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা

এক বুঢ়ীৰ দুই কাম, ধান বানে চুহে আম ।

To kill two birds in one stone.
কোনোৱে ধান বানি থাকোতে আমো চুহি খাই থাকিব পাৰে অৰ্থাত্‍ কোনোৱে এটা কামত ব্যস্ত থকাৰ সময়তো আন এটা কামত মনোনিবেশ কৰিব পাৰে । Contributed by: Anjali Sonowal on 2008-07-22
Idiom ফকৰা-যোঁজনা

কায়া দেখিলে মায়া বাঢ়ে ৷

Out of sight is out of mind.
চকুৰ আগত থাকিলে এজন মানুহৰ প্ৰতি আন এজনৰ মায়া বাঢ়ে ৷ বা মানুহে চকুৰ আগত দেখি থকা মানুহ বা তাৰ লগত জৰিত সমস্যা আদিক সহজে আওকান কাৰিব নোৱাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-23
Idiom ফকৰা-যোঁজনা

শুকক বেদ পঢ়ুৱা

To try to teach something to a person, who is already an expert on the subject.
শুকদেৱ আছিল বেদ-প্ৰণেতা ব্যাস মুনিৰ পুত্ৰ ৷ তেওঁ এজন শাস্ত্ৰজ্ঞ পণ্ডিত আছিল আৰু পৰীক্ষিত ৰজাক ভাগৱত শুনাইছিল ৷ গতিকে শুকক বেদ পঢ়ুৱাৰ অৰ্থ হ’ল - কোনো বিষয়ত যিজন অতি পাৰ্গত, তেওঁকে সেই বিষয়ত জ্ঞান দিবলৈ চেষ্টা কৰা ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-02
Idiom ফকৰা-যোঁজনা

পাবা চৰাই ভাঙিবা পাখি, বঢ়া ভাত নথ’বা ৰাখি |

One should do the work in time, otherwise he may miss the opportunity.
সময়ৰ কাম সময়ত কৰি যাব লাগে | সুযোগ পাওঁতেই নকৰিলে কাম সমাধা নহয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা

মোহ বাঢ়িলে, ৰোহ বাঢ়ে ৷

When people become possessive to someone or something, a small fault may create more and more misunderstanding and annoyance.
কোনো মানুহে আন মানুহ বা বস্তু আদিৰ প্ৰতি যেতিয়া বেছিকৈ মোহ কৰে, তেনেস্থলত সৰু-সুৰা ভুল-ক্ৰটি হ'লেই খং-অভিমান, মনোমালিন্য,ভুলবুজাবুজি আদি বেছিকৈ আহে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-07
Idiom ফকৰা-যোঁজনা

চিকুটি লাউ বুঢ়া কৰা

To provoke or to give a warning signal to the enemy
শত্ৰুক জোকাই লোৱা বা সজাগ কৰি দিয়া Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-03
Idiom ফকৰা-যোঁজনা

ভাতৰ ভতুৱা মেখেলা ভাৰি ভাত বাঢ়ি থৈছো খোৱাহি আহি

It`s about a person who is very lazy and does not work, and also lives on other`s mercy.
কাম বন নকৰি, বহি শুই আনৰ উপাৰ্জনৰ ওপৰত জীৱন নিৰ্বাহ কৰা লোকক বুজুৱা হৈছে ৷ Contributed by: Barnali Deuri Bora on 2010-11-19
Idiom ফকৰা-যোঁজনা

মূৰে ভৰি কঢ়া

to do something contrary to social ethos or to do some dangerous task
সামাজিক পৰম্পৰা বা বিধি নমনা, বিপদজনক কাম কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-30
Idiom ফকৰা-যোঁজনা

মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাঁহনিত

The true nature of a self-claimed great man is when he is left alone with the scope of enjoying lucrative things.
এজন মহন্ত আচলতে কিমান মহৎ, তেওঁ মাহনি এখনৰ মাজেৰে নিঃসংগে লোভনীয় মাহ চিঙি নোখোৱাকৈ পাৰ হৈ যাব পাৰেনে নোৱাৰে, তাতেই ধৰা পৰে| এতেকে এজন মানুহ কিমান মহৎ, তেওঁ সুবিধা থকা সত্ত্বেও লোভ সম্বৰণ কৰিব পাৰিলেহে বুজা যায় ৷ Contributed by: Bikram M Baruah on 2008-02-18
Idiom ফকৰা-যোঁজনা

যি মূলা বাঢ়ে তাৰ দুপাততে চিন

English sayings: Morning shows the day.
কোনো কামৰ আৰম্ভণীয়ে তাৰ ভবিষ্যত সূচায়। সৰু ল`ৰা-ছোৱালীৰ শৈশৱৰ পাৰদৰ্শিতাই উজ্জ্বল ভবিষ্যতৰ কথা কয়। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা

নুছুই ডুমুনি তুলি দিলে বোজা, নপঢ়ি নুশুনি হ’ল ওজা

This proverb is meant ironically; in earlier times it was thought that it`s impossible for a person to place a load on the head of a lower caste women without being polluted by her. Similarly, it`s equally impossible for a person to be a `learned` man without reading books.
মাছ বেছা-কিনা কৰা কৈৱৰ্ত্ত সম্প্ৰদায়ৰ লোক সকলক আগতে উচ্চ বৰ্ণৰ লোক সকলে অস্পৃশ্য বুলি গণ্য কৰিছিল, সেয়ে তেওঁলোকক স্পৰ্শ কৰিলেই অপবিত্ৰ হয় বুলি ধৰি লৈছিল ৷ অৰ্থাৎ অশুচি নোহোৱাকৈ ডুমুনি (কৈৱৰ্ত্ত মহিলা)ৰ বোজা ছোৱাটো যেনেকৈ অসম্ভৱ, তেনেকৈ নপঢ়া নুশুনাকৈ পণ্ডিত হোৱাও অসম্ভৱ ৷ Contributed by: Barnali Deuri Bora on 2010-11-19
Idiom ফকৰা-যোঁজনা

খেনোক দেখি ৰান্ধে-বাঢ়ে, খেনোক দেখি দুৱাৰ বান্ধে ৷

It signifies nepotism or favouritism, i.e. the policy or the practice of favouring someone even illegally, when some other deserving person is refused in a similar situation.
একেটা বিষয়তে কাৰোবাক প্ৰত্যাখ্যান কৰাৰ বিপৰীতে আন এজনক নীতি-বিৰুদ্ধভাৱে হ’লেও পৃষ্ঠপোষকতা কৰা বা সা-সুবিধা আদি প্ৰদান কৰা নীতি ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-15
Idiom ফকৰা-যোঁজনা

বুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেঁকা?

Young people should obey elderly people`s advice as elderly people are more experienced than the young generation.
বয়োজ্যেষ্ঠ লোকসকলৰ অভিজ্ঞতা কমবয়সীয়া সকলতকৈ অধিক আৰু সেয়েহে ডেকাসকলে বুঢ়াসকলৰ উপদেশ মানি চলা উচিত । Contributed by: Prasenjit Khanikar on 2008-02-28
Idiom ফকৰা-যোঁজনা

অধিক বাঢ়ৈত গুৰ ধমনা হয়

When many people try to interfere in the work being done by a person, it unnecessarily jeopardizes the performance.
এজনে কৰিব পৰা কাম এটাত কেইবাজনেও হেতা ওপৰা কৰিলে অনাহকতে কামত বেমেজালিয়ে দেখা দিয়ে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Riddle সাথৰ

অশনি সংকেত কঢ়িয়াই আন ৷

To bring about the warning of ill happenings.
বেয়া খবৰ আন বা ক্ষতিকাৰক সম্ভাৱনাৰ/পৰিঘটনাৰ আগজাননী দে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা

কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ; মাকৰ ঘৰত জীয়েক বাঢ়ে, পথাৰত বাঢ়ে ধান ৷

Stories are expanded when they traverse from person to person; cleaning ears can increase one`s listening power; while visiting mother`s home a married woman can enjoy full liberty, and the paddy grows luxuriantly in the cultivated field.
মানুহৰ মুখ বাগৰি কথা বাঢ়ি গৈ থাকে; খৰকিয়াই কাণ চাফ কৰিলে শ্ৰৱণ শক্তি বাঢ়ে; মাকৰ ঘৰলৈ আহিলে বিবাহিত ছোৱালীয়ে মুক্ত মনেৰে থাকিব পাৰে, আৰু পথাৰত লহপহকৈ ধানখেতি বাঢ়ি আহে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-24