অ (41) • আ (58) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (8) • ঢ (11) • ত (17) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (21) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Submit New Proverb, Idiom, Phrase OR Riddle
Proverbs containing the word "ড়"
Idiom ফকৰা-যোঁজনালোৰ কড়াই গুৰি চোবাই খাইছিলো, পচলাত ভাগি গ’ল দাঁত ৷
One who may easily accomplish a difficult task, may sometimes fail to do a simple job.কঠিন বা কষ্টসাধ্য কামো অনায়াসে কৰিব পৰা জনে কেতিয়াবা সাধাৰণ কাম এটাকে কৰিবলৈ সক্ষম নোহোৱা অৰ্থত এই ফকৰাটি প্ৰয়োগ হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-28
Idiom ফকৰা-যোঁজনা
ইয়াতে মাৰিলো টিপা, গড়গাওঁ পালেগৈ শিপা
Those who have good relations with the power or the king, can get anything done on their behalf even without their physical presence.ৰজাঘৰৰ সৈতে সুসম্পৰ্ক থকা মানুহে অতি সহজতে নিজৰ কাৰ্যসিদ্ধি কৰিব পাৰে | তাৰ কাৰণে তেওঁলোক নিজে ৰজাঘৰলৈ যোৱাৰো প্ৰয়োজন নাই | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Phrase খণ্ডবাক্য
পেটৰ তাড়না ৷
Struggle to earn livelihood.জীৱিকা উপাৰ্জনৰ বাবে সংগ্ৰাম ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা
কেও মৰে ছালে-হাঁড়ে, কেও মৰে মঙহ ভাৰে |
What a diverse fate of human beings on earth! While some people die of hunger and malnutrition, others die due to over-eating.পৃথিৱীত মানুহৰ কেনে বিচিত্ৰ জীৱন ! কোনোৱে খাবলৈ নাপাই হাঁড়ে-ছালে লাগি মৰে আৰু আন কোনোৱে মঙহৰ ভৰত মৰে অৰ্থাত্ অধিক ভোজনৰ ফলত মৃত্যু মুখত পৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা
গায়নৰ ঘৰৰ বিড়ালীয়েও (বা কুকুৰেও বা বোন্দাইও) ৰাগ দিয়ে
the people associated with a master are also knowledgeable about his craft.কোনো বিদ্যা বা কলাত পাৰদৰ্শী লোকৰ ঘৰত আনেও সেই বিষয়ে জনা ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা
নগৈ গড়গাৱঁৰ বাতৰি দিয়া
To provide misinformation without visiting or witnessing the place where an event took place.গড়গাওঁ আহোম শাসন কালত অসমৰ ৰাজধানী আছিল৷ এই ফকৰাটিৰ দ্বাৰা কোনো এখন ঠাইলৈ নোযোৱাকৈ ফিতাহি মাৰি আন্দাজতে তাৰ কিবা সংবাদ দিয়া কাৰ্য্য বুজোৱা হয়৷ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-10
Riddle সাথৰ
ক্ষমতা লোভেই চূড়ান্ত লোভ ৷
Once someone fulfills his/her desire to become rich, his desire becomes stronger to fulfill sexual requirements and finally he/she becomes desirous to obtain power in the society.মানুহে প্ৰথমে ধনলোভ কৰে, তাৰ পাছত যৌনলোভ কৰে আৰু সৰ্বশেষত ক্ষমতাশালী হ'বলৈ লোভ কৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
কাকনো বুলিবা ককা, আটাইৰে দাড়ি-চুলি পকা।
When all people of an organization or a society are involved in some misdeeds, then nobody can be blamed for that.যেতিয়া সৰু-বৰ সকলোৱে অপকৰ্মত লিপ্ত হয় তেতিয়া দোষ দিবলৈ কোনো উপায় নাথাকে| অৰ্থাৎ `সকলো একেই পানীৰ মাছ` ধৰণৰ কথা হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-20
Idiom ফকৰা-যোঁজনা
গড়গঞা মিতিৰৰ ভাও- মুখে বোলে থাক থাক, ভৰিৰে হেঁচোকে নাও৷
relatives or friends who are insincere or deceitful.মুখে-পেটে একে নোহোৱা৷ বাহিৰত দেখুৱাই মিঠা মাত মাতি ভিতৰত কপট ভাব ৰখা স্বভাৱ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-08-17
Idiom ফকৰা-যোঁজনা
একে কাঠি কাঁড়ে সাতোটা সিংহক মাৰিলো লোকক নকলো লাজে, ছমাহ খাপ দি নিগনি এটা মাৰিলে তাতে ধনঞ্জয় ঢোল বাজে ৷
A person who exaggerates much and gives publicity about a trifleআহোম ৰজাৰ দিনত, ৰাজ্য বিজয়ৰ পাছত বিজয়োল্লাসৰ চিন হিচাবে ’ধনঞ্জয়’ ঢোল বজাইছিল ৷ অৰ্থাত্ সৰু কাম এটা কৰিয়েই গোটেইখন ঢোল পিটি ফুৰা ৷ Contributed by: Barnali Deuri Bora on 2010-11-15
Idiom ফকৰা-যোঁজনা
গড়গঞা কটাৰীৰ ডাবেও কাটে
Gargaon was once the capital of the Ahom Kingdom. This proverb means that one who keeps good relations with the king or power can even perform impossible tasks.গড়গাওঁ আছিল আহোম ৰজাৰ একালৰ ৰাজধানী | এই ফকৰা-যোজনাটিৰে এইটোৱেই বুজায় যে ৰজাঘৰৰ সৈতে সু-সম্বন্ধ থাকিলে অসম্ভৱকো সম্ভৱ কৰিব পাৰি | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
যোৰাও যোৰা পাভ যোৰা তয়ো হাড়ীত খাতি ময়ো গৰু চোৰ
An evil person rejoices and is inspired in the company of another evil person.বন কৰা মানুহ বহু সময়ত হাত-লৰ স্বভাৱৰ হয় আৰু পাৰিলে হাড়ী বা কেৰাহীৰ পৰাই খাব খোজে ৷ দুষ্ট বা অসৎ প্ৰকৃতিৰ লোকে একে প্ৰকৃতিৰ লোক পালে আনন্দিত আৰু দুগুনে উৎসাহিত হয় ৷ Contributed by: Barnali Deuri Bora on 2010-10-27
Idiom ফকৰা-যোঁজনা
কোনো মৰে ছালে-হাড়ে, কোনো মৰে মঙহ ভাৰে
Wealth and prosperity cannot ensure peace and happiness to anybody. One may die either due to starvation and mal-nutrition, or due to obesity.আৰ্থিক অনাটনৰ বাবে যেনেকৈ মানুহে নানান দুখ-কষ্ট ভোগ কৰিব লগা হয়, ঠিক তেনেকৈ প্ৰাচুৰ্য্যয়ো মানুহক সুখ-শান্তি আনি দিব নোৱাৰে ৷ কোনোৱে খাবলৈ নাপাই মৰাৰ বিপৰীতে আন কোনোবা আকৌ অত্যধিক ভোজন কৰাৰ ফলত মেদ-বহুলতাৰ বাবে মৃত্যু মুখত পৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-16
Idiom ফকৰা-যোঁজনা
মাউখে উটিলে গুড়ি পৰুৱাৰো মৰণ নাই
If people are united, they can evade any danger.একতা থাকিলে কোনো জনসমূহ বিপদত নপৰে| Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-02-09
Idiom ফকৰা-যোঁজনা
হাঁড় নাইকিয়া জিভা, কয় কিবা কিবা ৷
A tongue has no bones but it crushes.নকবলগীয়া কথা কৈ, পিছত বিপদত পৰি জিভাকে দোষ দিয়া ৷ মিছা অজুহাত দেখুওৱা ৷ Contributed by: Barnali Deuri Bora on 2010-11-08