Donate

Please enter word or phrase to be searched and hit 'search' key.


অ (41)আ (58)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (8)ঢ (11)ত (17)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (21)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)
Submit New Proverb, Idiom, Phrase OR Riddle

Proverbs containing the word "সি"

Idiom ফকৰা-যোঁজনা

আলু খালে ভোলানাথে, কল খালে জগন্নাথে, বাকলি চুহিলে যি, ধন ভৰি মৰে সি ৷

The real culprit escapes punishment, while the minor associates get the punishment.
আচল দোষীয়ে শাস্তি নাপায়, সাধাৰণ সহযোগীবোৰেহে জৰিমনা ভৰে৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা

যাৰ নেগুৰত জুই লাগে, সি নিজেই নুমাব লাগে ৷

At the time of distress, if anybody waits for others to help and rescue him, there is possibility of greater damage. So, he has to think and work on his own to find a solution for it.
বিপদত পৰিলে আনৰ পৰা সহায় পোৱাৰ আশাত ৰৈ থাকিলে অধিক ক্ষতি হোৱাৰ সম্ভাৱনা থাকে ৷ গতিকে বিতত নহৈ নিজেই তাৰ প্ৰতিকাৰৰ উপায় চিন্তি সেইমতে কৰ্ম কৰিব লাগে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
Riddle সাথৰ

যাৰ বিয়া সিয়ে পাহৰে, ওচৰ-চুবুৰীয়াৰ টোপনি নাহে ৷

Though he is careless to make his mark, others are moving mountains for him.
যেতিয়া কোনো কাৰ্যৰ প্ৰধানজনে কামৰ প্ৰতি নিৰ্লিপ্ততা দেখুৱায়, আৰু আন কোনোবাই বৰকৈ কৰ্মব্যস্ততা দেখুৱায়, তেনে ক্ষেত্ৰত প্ৰয়োগ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

যাৰ বান্দৰ সিহে নচুৱাব পাৰে |

It is easy for the owner of an instrument or equipment to use it as he is habituated for it. But the same is difficult for another person.
এটা সঁজুলি বা যন্ত্ৰ চলোৱাটো তাৰ গৰাকীজনৰ কাৰণে অতি সহজ, কিয়নো তেওঁ সঘনাই তাক ব্যৱহাৰ কৰি থাকে | কিন্তু আন এজনৰ বাবে এই কাম সিমান সহজ নহয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা

যাতে পাৱ শাক-সিন্দুৰ, তাকে পাত ভোকোৰা এন্দুৰ |

Ungrateful people often criticises those from whom they get all sorts of help.
খাই পাত ফলা বা অকৃতজ্ঞ মানুহে যাৰ পৰা সকলো ধৰণৰ সহায় পায়, তাৰে বদনাম ৰটি ফূৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা

ধুই গা যিমান দিন যাব, নুধুই গা সিমান দিনেই যাব ৷

When the final fate of something is predictable or known, there is no meaning in wasting time and energy for it.
যি কামৰ পৰিণতি নিশ্চিত, তাত অনাহকত বেছি পৰিশ্ৰম কৰি লাভ নাই ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-11
Idiom ফকৰা-যোঁজনা

ইজনে দিলে কটা ঘাঁটি, সিজনে দিয়ে দৰব বটি ৷

Once a person is hurt by someone and some other person from the same family or group wants to show sympathy to him or her, this saying is used to ridicule the act.
মানুহে যদি কোনো এক পৰিয়াল বা সমাজৰ মাজৰ এজনৰ পৰা কষ্ট পায়, তেনেস্থলত সেই পৰিয়ালৰ আন এজনৰ পৰা সমবেদনা বা অনুকম্পা আদি পালে, ব্যঙ্গাত্মকভাৱে এনেদৰে কোৱা হয়। Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-17
Idiom ফকৰা-যোঁজনা

ধান খায় সিপাৰে, আটি-মুটি কৰে ইপাৰে

to over-react to something that happens elsewhere or which is beyond one's control
নৈৰ আনটো পাৰত গৰুৱে ধান খোৱা দেখি আনটো পাৰত থাকি গৰুক মৰিয়াবলৈ উদ্যত হোৱা, অৰ্থাৎ নিজৰ আয়ত্বৰ উৰ্দ্ধত হোৱা কোনো ঘটনাৰ প্ৰতিক্ৰিয়া ৰূপে মিছাতে ছাটি-ফুটি অথবা হৈ-চৈ কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-20
Idiom ফকৰা-যোঁজনা

ইকাণ-সিকাণ সহস্ৰ কাণ

the act of spreading a news or fact from person to person
এজনৰ পৰা আনজনলৈ কাণে কাণে প্ৰচাৰ হৈ কোনো কথা ক্ৰমাৎ বিয়পি পৰা কাৰ্য্য Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-10
Idiom ফকৰা-যোঁজনা

ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি

Bad luck does not allow one to enjoy the good time
দুৰ্ভাগ্যই মানুহক কেতিয়াও শান্তিৰে সুখৰ সময় উপভোগ কৰিবলৈ নিদিয়ে। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-15
Idiom ফকৰা-যোঁজনা

হাতীয়ে খায় যিমান লাদেও সিমান ৷

One who earns more expends more.
হাতীৰ দৈনিক খাদ্যৰ পৰিমাণ যেনেদৰে বেছি, সেই অনুপাতে ত্যাগ কৰা মলৰ পৰিমাণো বেছি ৷ অৰ্থাৎ যি মানুহৰ ধনৰ আমদানি বেছি হয়, সেই অনুপাতে সেই ব্যক্তিৰ খৰছো বেছিকৈ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা

পলোৱাৰ যিমান ভাগৰ, খেদাৰো সিমানেই ভাগৰ ৷

One who evaluates or supervises the work done by another has to devote equal time and energy as that of the performer.
অসৎ কৰ্ম কৰি ধৰা পৰাৰ ভয়ত পলাই যোৱাজনৰ যিমান ভাগৰ লাগে, তেওঁক পিছে পিছে খেদি যোৱা জনৰো সমানেই ভাগৰ লাগে ৷ ঠিক সেইদৰে, আনে কৰা কামৰ নিৰীক্ষণ কৰা বা মূল্যায়ন কৰাজনে কৰোঁতাজনৰ সমানেই কষ্ট কৰিব লগীয়া হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-26
Idiom ফকৰা-যোঁজনা

মই কওঁ ৰাজভগনৰ কথা, সি বোলে কলথোক বাদুলীয়ে খালে।

If someone talks of rubbish when a serious discussion of important matters is going on.
মহত্বপূৰ্ণ আলোচনা চলি থকা অৱস্থাত তুচ্ছ কথাৰ অৱতাৰণা কৰা। Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-05
Idiom ফকৰা-যোঁজনা

ছাতি ধৰিবা সিফালে, বৰষুণ আহে যিফালে ৷

One has to adapt himself with the changing environment, society, rules-regulations, etc. and try to fit into the new environment.
যিফালৰ পৰা বৰষুণ আহে সেইফালেই ছাতি ধৰিব লাগে, নহ\'লে অযথা বৰষুণৰ পানীত তিতি কষ্ট খাব লগা হয় ৷ অৰ্থাৎ যুগ পৰিবৰ্তনৰ লগে লগে মানুহে নিজক পৰিবৰ্তন কৰি লব লাগে, অৰ্থাৎ সময়, পৰিস্থিতি, স্থান, সমাজ আদিৰ আনুষংগিক নিয়ম-নীতিৰ লগত সংগতি ৰাখি চলিব লাগে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-06
Idiom ফকৰা-যোঁজনা

একে কাঠি কাঁড়ে সাতোটা সিংহক মাৰিলো লোকক নকলো লাজে, ছমাহ খাপ দি নিগনি এটা মাৰিলে তাতে ধনঞ্জয় ঢোল বাজে ৷

A person who exaggerates much and gives publicity about a trifle
আহোম ৰজাৰ দিনত, ৰাজ্য বিজয়ৰ পাছত বিজয়োল্লাসৰ চিন হিচাবে ’ধনঞ্জয়’ ঢোল বজাইছিল ৷ অৰ্থাত্‍ সৰু কাম এটা কৰিয়েই গোটেইখন ঢোল পিটি ফুৰা ৷ Contributed by: Barnali Deuri Bora on 2010-11-15
Idiom ফকৰা-যোঁজনা

সিংহভাগ লোৱা ৷

To take a lion's share.
কোনো কামত বা কামৰ ফলাফল, আয়, লাভ আদিত অতিকৈ বেছি অংশৰ ভাগ লোৱা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
Idiom ফকৰা-যোঁজনা

বাৰী-চুকৰ পুখুৰীটো সিঁচোতেও শিঙিয়ে বিন্ধে |

One has to face a lot of problems or obstacles while attempting to do something; but nothing can be achieved if he remains idle apprehending them.
যিকোনো এটা কাম কৰিবলৈ যাওঁতে সৰু-ডাঙৰ নানানটা বাধা-বিঘিনিৰ সন্মুখীন হ’বলগীয়া হয়; কিন্তু তালৈ ভয় কৰি বহি থাকিলে কোনো কাম সিদ্ধ নহয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা

গাখীৰৰ নামত পানীকে খাবা, দোলাৰ নামত সিকিয়াতে যাবা ৷

If you can not afford, then you should console yourself with whatever you can afford.
আৰ্থিক সামৰ্থ্য নাথাকিলে যিমান খৰচ কৰিব পাৰা তাতে সন্তুষ্ট হোৱা উচিত ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা

ইমানদিনে শুই থাকিল নাকত তেল দি, আজি হেনো ভাৰস্তখন উদ্ধাৰিব সি ৷

This saying is used to ridicule someone when he/she becomes unusually active and shows excessive haste after spending a long period of time lazily.
বহুসময় অবাবত নষ্ট কৰাৰ পাছত, কোনো ব্যক্তিয়ে হঠাৎ কৰ্মতৎপৰতা দেখুৱালে এনেদৰে কৈ উপলুঙা কৰা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-22
Idiom ফকৰা-যোঁজনা

শিয়ালৰ জাক জাক, সিংহৰ এটা

A single man who is bold and strong could be an asset for the society and he can bring prosperity to it but thousands of cowards cannot do anything.
শিয়াল এবিধ ভয়াতুৰ, ধূর্ত আৰু দুর্ব্বল প্রাণী ৷ আনহাতে সিংহ নির্ভীক আৰু শক্তিশালী প্রাণী। সেয়ে জাক জাক শিয়ালে এটা মাত্র সিংহ দেখিলেও পলাই পত্রং দিয়ে। একেদৰে ভয়াতুৰ আৰু দুর্ব্বল মানুহ হাজাৰ জনতকৈ এজন নির্ভীক, শক্তিশালী মানুহে সমাজৰ অশেষ উন্নতি সাধন কৰিব পাৰে। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা

সোলাৰ মুখত মাখি পৰে, সিও লাভৰ ভিতৰ৷

A person having no teeth cannot keep closed their mouth. Moreover they cannot crush meat or other harder foods. In such a case if a fly enter into their open mouth, the said teeth less person crush the fly as if the fly is a piece of meat.
দাঁত সোলাৰ মুখ খন দাঁত নথকা বাবে অনবৰতে মেল খাই থাকে আৰু তেনেলোকৰ মাংসৰ লগতে অন্যান্য টান পুষ্টিকৰ খাদ্য ভালকৈ চোবাই খোৱাৰ সামৰ্থ নেথাকে৷ তেনেস্থলত মুখত সোমোৱা কোমল দেহৰ মাখি টোকে (মাখি যদিওবা অখাদ্য৷) চোবাই মাংস খোৱাৰ পৰম তৃপ্তি লাভ কৰাৰ বাদে অন্য বিকল্প নেথাকে৷ Contributed by: Sitaram Upadhyaya on 2015-11-20
Idiom ফকৰা-যোঁজনা

যাৰ বাবে চুৰি কৰোঁ, সিয়েই বোলে চোৰ ৷

To be abused by them for whom we do good.
যাৰ ভালৰ বাবে কাম কৰা হয়, সেই আপোনজনেই যদি দোষাৰোপ কৰে, তেনে ক্ষেত্ৰত প্ৰয়োগ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

কাক ক’ম কোনে পতিয়াব, যাক ক’ম সিয়ে লঠিয়াব ৷

The unsteady mind of a person having some mental conflict within himself.
মানসিক অন্তৰ্দ্বন্দত ভোগা মানুহৰ মনৰ উগুল-থুগুল অৱস্থা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-02
Idiom ফকৰা-যোঁজনা

অবুজনক বুজোৱা, ঢেৰুৱা ঠাৰি সিজোৱা |

It is useless to give advices to those people who don't at all give respect to it.
ঢেৰুৱা ঠাৰি যিমান সিজালেও কোমল নহয়, অজ্ঞানী লোকক যিমানেই ভাল কথা কোৱা নহওক কিয় কোনো ফল নধৰে | সদায় নিজৰ কথাতে আকোৰগোঁজ হৈ লাগি থাকে | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-29