Donate

Please enter word or phrase to be searched and hit 'search' key.


অ (41)আ (58)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (8)ঢ (11)ত (17)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (21)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)
Submit New Proverb, Idiom, Phrase OR Riddle

Proverbs containing the word "সাৰ"

Idiom ফকৰা-যোঁজনা

ফুটা কলহৰ মাত সাৰ।


English sayings: Empty vessel sounds much.
জ্ঞান-বুদ্ধি নথকা ব্যক্তিৰ মুখত অধিক কথা শুনা যায় ৷ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-05
Idiom ফকৰা-যোঁজনা

ৰূপে কি কৰে গুণেহে সংসাৰ তৰে

The virtue of a person only can conquer the world and his/her beauty can never do it.
মানুহৰ শাৰীৰিক সৌন্দর্য্যৰ কোনো মূল্য নাই, যদিহে তেওঁ কোনো গুণৰ অধিকাৰী নহয়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Idiom ফকৰা-যোঁজনা

ৰৌ-বৰালি সাৰি গ’ল, পুঠি-খলিহণা জালত পৰিল ৷

One who is the real culprit gets scot-free due to his influence or power, but an ordinary man although indirectly associated similar crime get severe punishment.
প্ৰকৃত অপৰাধী প্ৰভাৱশালী হোৱা বাবে শাস্তি নোপোৱাকৈ সাৰি যায়, অথচ তেনে অপৰাধৰ সৈতে পৰোক্ষভাৱে জড়িত থকা সাধাৰণ ব্যক্তি সহজে ধৰা পৰে আৰু শাস্তি পায় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-17
Phrase খণ্ডবাক্য

হাত সাৰ ৷

To get rid of.
বাচি যা বা ৰেহাই পা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Phrase খণ্ডবাক্য

গা সাৰ

Protect or save from danger
ৰক্ষা পৰ অথবা বিপদৰ পৰা উদ্ধাৰ হ Contributed by: Shubhadeep Paul on 2017-03-04
Idiom ফকৰা-যোঁজনা

হাতত সাৰে ভৰিত সাৰে ৷

Not letting others to know, do something stealthily.
মনে মনে বা কোনেও নজনাকৈ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

ঢোৰা সাপৰ ফোঁচফোঁচনিয়েই সাৰ

All Bark And No Bite: When someone is threatening and/or aggressive but not willing to engage in a fight.
কিছুমান মানুহে আনক ভয় খুৱাবলৈ ডাঙৰ ডাঙৰ কথা কয়, কিন্তু সেইবোৰ কামলৈ হ’লে একো নাই Contributed by: Rupankar Mahanta on 2008-09-03