Donate

Please enter word or phrase to be searched and hit 'search' key.


অ (41)আ (58)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (8)ঢ (11)ত (17)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (21)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)
Submit New Proverb, Idiom, Phrase OR Riddle

Proverbs containing the word "শেষ"

Idiom ফকৰা-যোঁজনা

ওস্তাদৰ খেল শেষ ৰাতি

One who is really efficient, he does not show it; but when needed can do the work easily at the last moment also.
যি প্ৰকৃততে কোনো কামত পাৰ্গত, তেওঁ এনেয়ে বাহাদুৰি দেখুৱাই নুফুৰে; কিন্তু সময়ত তেওঁ একেবাৰতে সহজে কামটো সমাধা কৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-31
Idiom ফকৰা-যোঁজনা

লোণ আনোতে আনোতে পঁইতাই শেষ ৷

To take excessive time to accomplish a work and finishing it when it has no worth.
পঁইতা ভাত সাধাৰণতে লোণ বা নিমখ সানি খোৱা হয় ৷ যদি পঁইতা খাবলৈ বহি কৰোবাক নিমখ আনিবলৈ কোৱা হয় আৰু নিমখ আনোতে ইমান দেৰি লগোৱা হয় যে নিমখ আহি পায় মানে বিনা-নিমখেৰেই ভাত খোৱা শেষ হৈ যায়, তেনেহ`লে দেৰিকৈ অনা নিমখৰ কোনো প্ৰয়োজনেই নেথাকে ৷ সেয়ে এই ফকৰাই প্ৰয়োজনৰ সময়ত হেমাহি কৰি কোনো কাম অযথা দেৰিকৈ কৰা আৰু প্ৰয়োজনত নকৰা কাৰ্য্যক বুজায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-07
Idiom ফকৰা-যোঁজনা

ওস্তাদৰ মাৰ শেষ ৰাতি ৷

All is well that ends well.
যিকোনো কামৰ শেষপৰ্বটো ভাল নহ\'লে, সেই কামৰ কোনো মূল্য নাথাকে, কিন্তু অভিজ্ঞ আৰু নিপুণ কৰ্মীয়ে শেষলৈকে ভাল ফল দেখুৱাই যাব পাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31