Donate

Please enter word or phrase to be searched and hit 'search' key.


অ (41)আ (58)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (8)ঢ (11)ত (17)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (21)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)
Submit New Proverb, Idiom, Phrase OR Riddle

Proverbs containing the word "লৈ"

Idiom ফকৰা-যোঁজনা

কুকুৰক ভুকিবলৈ দে ৷

Let the dogs bark. To go ahead, not caring for the criticisms or hurdles brought about by the rivals/bad wishers or enemies.
শত্ৰু বা প্ৰতিদন্দ্বীৰ উপহাস, সমালোচনা, বাধা আদিক আওকাণ কৰি নিজ পথত অগ্ৰসৰ হ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-10-27
Idiom ফকৰা-যোঁজনা

আইৰ ঘৰলৈ যাম, দুবেলা দুমুঠি খাম | বিধাতাই বোলে ময়ো পাছে পাছে যাম ||

Sometimes, misfortune does not leave people to enjoy in good time also.
বিয়া দিয়া ছোৱালী মাকৰ ঘৰলৈ যোৱাটো বৰ সুখৰ কথা | কিন্তু তাতো গৈ যদি বিধিৰ বিপাকত অশান্তিৰ মূখামূখি হয় সি বৰ দুৰ্ভাগ্যৰ কথা | এইষাৰ ফকৰাৰ অৰ্থ "ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি" ফকৰা ফাঁকিৰ দৰেই হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-15
Idiom ফকৰা-যোঁজনা

মই লৈ যাও ৰৌ-বৰালী, তুমি লৈ যোৱা কুচিয়া-মিৰিকা; নহ’লে তুমি লৈ যোৱা কুচিয়া-মিৰিকা, মই লৈ যাও ৰৌ-বৰালী ৷

This phrase is used to ridicule a person who takes lion’s share for himself and deprives others from getting their deserving share.
দুজন মানুহ মাছলৈ গৈ ৰৌ, বৰালী, কুচিয়া আৰু মিৰিকা মাছ ধৰে, আৰু ভাগ-বতৰা কৰোতাজনে মাছ ভাগ-বতৰা কৰাৰ সময়ত এইদৰে (ফকৰাটো) কয় ৷ অৰ্থাৎ ভাগ-বতৰা কৰোতাজনৰ ভাগত সদায় ৰৌ-বৰালী পৰিব আৰু আনজনৰ ভাগত সদায় কুচীয়া আৰু মিৰিকা ৷ অৰ্থাৎ যেতিয়া বিলাই দিয়া কাৰ্যত অনিয়ম হয়, আৰু আবন্টন কৰোতাই কৰোবাক প্ৰাপ্য বস্তুৰ পৰা বঞ্চিত কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰে, তেনেস্থলত এই ফকৰা মাতি আবন্টন কৰোতাজনক উপলুঙা কৰা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-11
Idiom ফকৰা-যোঁজনা

পঁইতা পালমৰা, কৰ্কৰা লৰমৰা, তপত দিনটোলৈ গাতো শকত

Eating a good fresh breakfast in the morning is essential for healthy body.
আগদিনাখনৰ পানী দি থৈ দিয়া ভাত (পঁইতা), বা আগদিনাখনৰ ঠাণ্ডা ভাতেৰে (কৰ্কৰা) পুৱাৰ জলপান খোৱাতকৈ তপত বা গৰম ভাতকেইটা খোৱাতো বেচি স্বাস্থ্যকৰ বুলি কোৱা হৈছে ৷ Contributed by: Barnali Deuri Bora on 2010-10-29
Idiom ফকৰা-যোঁজনা

এবাৰ গোহালি পোৰা গৰুৰ সেন্দূৰীয়া মেঘলৈকো ভয়

Once a person is frightened by something he/she becomes cautious to similar actions/incidents.
মানুহে এবাৰ কিবা কাৰণত ভয় খালে, অনুৰূপ কাৰণ অথবা ঘটনা দেখিলে আতঙ্কিত হয়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-11-05
Idiom ফকৰা-যোঁজনা

আইয়ে চাই মুখলৈ, তিৰোতাই চাই হাতলৈ ৷

A saying exemplifying unconditional affection between mother and child. When you come home, your mother will look at your face while your wife will look at your hands to find what you have brought for her. This indicates that the mother is more concerned about his son`s well-being.
যেতিয়া মানুহজন ঘৰলৈ আহে, মাকে মুখলৈ অৰ্থাৎ স্বাস্থ্যলৈ লক্ষ্য কৰে, কিন্তু ঘৈণীয়েকে হাতলৈ অৰ্থাৎ ধন সম্পত্তি, বয়-বস্তু কিবা আনিছে নেকি তালৈহে লক্ষ্য কৰে৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা

ফটাকঁথা তিতে মানে গালৈহে গধুৰ

A stitch in time saves nine.
কৰিবলগীয়া কাম পেলাই থ\'লে পাছলৈ সৰু সৰু কাম গোট খাই দিনকদিনে কঠিনৰ কঠিনতৰ হৈ পৰে । Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-28
Idiom ফকৰা-যোঁজনা

চিনাকি বামুণক লগুণ কেলৈ ৷

A person who has established himself in his profession does not require any identification.
কাৰোবাক যদি তেওঁৰ কামৰ বা পেছাৰ বাবে সমাজে জানে, তেনেহলে তেওঁক কোনো পৰিচয়ৰ প্ৰয়োজন নাই ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা

কুকুৰ স্বৰ্গলৈও যাব পাৰে, পিচে বাটতে জ্ঞাতিয়ে পায় কাৰণেহে ..

One can do great things only if he is able to get rid of bad company and vices.
অসত্‍ সঙ্গ বা বদ্‌ অভ্যাস ত্যাগ কৰিব পাৰিলেহে মানুহে মহত্‍ কাম কৰিব পাৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-19
Idiom ফকৰা-যোঁজনা

হাতত নাই কণটো, বৰসবাহলৈ মনটো |

Aiming high without sufficient resources.
হাতত ফুটাকড়ি এটাও নোহোৱাকে বৰ বৰ কামলৈ মন মেলা স্বভাৱ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা

ৰৌ-বৰালিলৈ আশা কৰি পুঠি-খলিহণাও নোপোৱা ৷

To be over ambitious and the act of overlooking the small opportunities in the expectation of bigger opportunities and thus ending up with no achievement at last.
মাছ মাৰিবলৈ গৈ, ৰৌ-বৰালিৰ দৰে ডাঙৰ মাছ জালত উঠিলেহে ধৰিম বুলি, সহজতে জালত উঠা পুঠি-খলিহণাৰ দৰে সৰু মাছবোৰ এৰি দিলে অৱশেষত কোনো মাছেই পোৱা নেযাব পাৰে ৷ একেদৰে ডাঙৰ সুবিধা-সুযোগ, লাভ, মুনাফা আদি পোৱাৰ আশা কৰি অনায়াসে হাতলৈ অহা সৰু-সুৰা সুযোগ-সুবিধাবোৰ গ্ৰহণ নকৰিলে পিছলৈ পস্তাব লগা অৱস্থা হয়৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-10-18
Idiom ফকৰা-যোঁজনা

নেকান্দালৈকে মাকেও কেচুৱাক গাখীৰ নিদিয়ে ৷

Nothing can be achieved without making proper demand, cry or claim.
যদিও মা হ'ল সন্তানৰ বাবে আটাইতকৈ শুভাকাঙ্খী ব্যক্তি, তেও কান্দিলেহে মাকে কেচুৱাৰ ভোক লাগিছে বুলি বুজি পায় আৰু সেইমতে গাখীৰ দিয়ে ৷ অৰ্থাৎ এই পৃথিৱীত আন্তৰিকতাৰে নিবিছৰালৈকে কোনো বস্তু এনেয়ে পাব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-07
Idiom ফকৰা-যোঁজনা

শগুণ যিমান ওপৰলৈ নুৰক দৃষ্টি সদায় মৰা শত।

A narrow minded man, even if he reaches to the top of the helm his thinkings always remain narrow.
শগুণ বহু ওপৰলৈ উৰে, কিন্তু দৃষ্টি সদায় খাদ্য অর্থাৎ মৰা শত নিবদ্ধ থাকে, একেদৰে অসৎ চৰিত্রৰ মানুহ বা ঠেক মনোবৃত্তিৰ মানুহ যিমান ডাঙৰ নহওক, সিহঁতৰ অসৎ বা ঠেক মনোবৃত্তি কেতিয়াও আঁতৰি নাযায়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা

বাওনা হৈ চন্দ্ৰলৈ হাত মেলা

To try something impossible with one`s limited capability
চুটি-চাপৰ মানুহে ওখত থকা বস্তু হাতেৰে ঢুকি নেপায়৷ এই যোজনাটোৰে অসম্ভৱ কামৰ হাবিয়াস কৰাৰ কথা বুজোৱা হয়৷ Contributed by: Hemanta Saikia on 2009-02-28
Idiom ফকৰা-যোঁজনা

গুত কোব মাৰিলে গালৈকে ছিটিকে ৷

Criticism of ill deeds may harm the critic himself.
গু বা মল-মূত্ৰত কোব মাৰিলে নিজৰ গালৈ ছিটিকে আহিব পাৰে ৷ একেদৰে বেয়া কথা আলোচনা কৰিলে নিজেও তেনে বেয়া কথাৰ সমভাগী হ`বলগীয়া হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-23
Idiom ফকৰা-যোঁজনা

খাবলৈ দমাদম বনলৈ গৰীয়া, পিন্ধিবলৈ লাগে তাক আচুৱালি চুৰিয়া ৷

A person who is very good at eating and he demands the best dhoti with handiworks to wear but very lazy when it comes to work.
খোৱা-বোৱাত খুউব ভাল, কাম-বন কৰিবলৈ এলাহ অথচ পিন্ধিবলৈ ভালৰো ভাল আচু থকা চুৰিয়া খন লাগে ৷ Contributed by: Barnali Deuri Bora on 2010-11-19
Riddle সাথৰ

হাতীৰ দাঁত দেখুৱাবলৈ কিছুমান থাকে আৰু চোবাবলৈ আন কিছুমান থাকে ৷

Fifth columnist/ showing double standard.
যেতিয়া মানুহে লোকক দেখুৱাবলৈ একধৰণৰ কৰ্ম কৰে আৰু নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অন্য ধৰণৰ কৰ্ম কৰে, তেনে অৰ্থত প্ৰয়োগ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা

ঘৰ পোৰা গৰুৰ সেন্দুৰীয়া মেঘলৈকো ভয় ৷

1. A burnt child dreads the fire. 2. A scalded dog fears cold water. 3. Once bitten, twice shy.
এবাৰ ঘৰ পোৰা দেখিলে গৰুয়ে জুইলৈ ইমান ভয় কৰে যে আকাশত ৰঙা ৰঙৰ ডাৱৰ দেখিলেও ভয়ত লৰ মাৰে ৷ এবাৰ কোনো বস্তু বা ঘটনালৈ মনত ভয় সোমালে মানুহে তেনেধৰণৰ যিকোনো বস্তু বা ঘটনালৈ চিৰদিনলৈ ভয় কৰিয়েই থাকে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা

অ’ৰ্ গোসাঁই ত’লৈ নিয়া

To put things into disorder
বিশৃংখল কৰা Contributed by: Pankaj Jyoti Mahanta(পংকজ জ্যোতি মহন্ত) on 2011-03-27
Idiom ফকৰা-যোঁজনা

শুনা কথালৈ নিদিবা কাণ, দেখিলেও ল’বা তিনিটা প্ৰমাণ |

One should not trust rumours. Even if something is seen by ownself, it should be examined properly so that there is no scope for misinterpretation.
কাণ বাগৰি অহা কথা অৰ্থাত্‍ গুজৱক কেতিয়াও গুৰুত্ব দিব নালাগে | নিজে দেখা কথাটোও আনকি ভালকৈ গমি-পিতি চাইহে বিশ্বাস কৰিব লাগে, কাৰণ বহু সময়ত ভুল বুজাৰ অৱকাশ থাকে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা

তোমাৰ ঘৰৰে বাঁহ-গাঁজ আনি তাৰে কৰিলোঁ খৰিছা; তোমাতে বেচি ধান দোণ লৈছোঁ কথাটো মন কৰিছা?

Deceiving somebody by selling stuff owned by himself.
কাৰোবাৰ পৰা অনা বস্তু পুনৰ গৰাকীকে বেচি ঠগী খোৱা স্বভাৱ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা

ভয়ত ভগৱন্ত পলায়, কিললৈ বাসুদেউ ডৰায়

Even God is affraid of danger and punishment. It means that there is none in this universe who does not have fear of danger and punishment.
বিপদ আৰু শাস্তিলৈ ভগৱানেও ভয় কৰে ৷ অৰ্থাৎ বিপদ আৰু শাস্তিলৈ ভয় নকৰা মানুহ এই পৃথিৱীত নাই ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা

বহিবলৈ পালে শুবলৈ বিচাৰে ।

One who gets help often tries to get more.
অলপ সুবিধা পাই আৰু বেছি ল`বলৈ বিচৰা । Contributed by: Anjali Sonowal on 2008-07-26
Idiom ফকৰা-যোঁজনা

খাহীৰ তেল বাঢ়ে মানে গিৰিহঁতলৈকে আয়

The outcome of a good work done by one can benefit his relations and associates.
এজনে কৰা ভাল কামৰ ফল তেওঁৰ আত্মীয় তথা তেওঁৰ সৈতে জড়িত আন লোকেও ভোগ কৰিবলৈ পায় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা

বালীলৈ যিপাত শৰ, সুগ্ৰীবলৈও সেইপাতেই ৷

Bali, the king of apes was killed by Rama from behind the bushes in order to make his brother Sugriva the king. Later Sugriva also suffered from a similar fate. So, by this proverbial saying, it is said that one should not take pleasure from the distress of others, else he will have to face similar situation in future.
বান্দৰৰ ৰজা বালীক তেওঁৰ অজ্ঞাতে আঁৰৰ পৰা শৰ মাৰি ৰামচন্দ্ৰই বধ কৰিছিল আৰু তেওঁৰ ভায়েক সুগ্ৰীবক ৰজা পাতিছিল ৷ বালীক কৰা এই অন্যায়ৰ ফল পাছত সুগ্ৰীবেও ভোগ কৰিব লগীয়া হৈছিল ৷ গতিকে এই পটন্তৰটিৰ দ্বাৰা বুজোৱা হয় যে, আনৰ দুৰ্দশা দেখি আনন্দ কৰিলে শেষত নিজৰো একে দশা হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
Idiom ফকৰা-যোঁজনা

লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি

Plan to cause damage or injury others may backfire and end up hurting self.
আনৰ অনিষ্ট কৰিব বিচাৰোতে নিজৰেই অনিষ্ট হোৱা Contributed by: Rupankar Mahanta on 2008-03-14
Idiom ফকৰা-যোঁজনা

হাতীৰ গালৈ তৰাৰ ফৰ্মুটি

One cannot cause any harm to an elephant by throwing a small twig. Similarly, without appropriate efforts no problem can be solved.
শক্তিবান হাতী এটাৰ গালৈ তৰা গছৰ ফৰ্মুটি মাৰি যেনেকৈ হাতীৰ কোনো ক্ষতি কৰিব নোৱাৰি, ঠিক সেইদৰে যথোপযুক্ত প্ৰচেষ্টা অবিহনে কোনো সমস্যা সমাধান কৰিব নোৱাৰি৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-11-05
Idiom ফকৰা-যোঁজনা

ঢেঁকী সৰগলৈ গলেও ধান বানিব লাগে।

Ones work portfolio can not be changed even he goes to a new place.
ঢেঁকীৰ কাম ধান বনা। সৰগলৈ গলেও তাৰ কামৰ কোনো পৰিবৰ্তন নহয়। সেইদৰে যি ব্যক্তিৰ যি কাম, সি স্থানভেদে পৰিবৰ্তন নহয়। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-20
Idiom ফকৰা-যোঁজনা

কুটৰ পো কুটি, লোকলৈ বুলি হুল পুতি, নিজে মৰে ফুটি ৷

A conspiracy always harms the conspirator.
আনৰ অপকাৰ কৰিবলৈ ষড়যন্ত্ৰ কৰিলে, নিজেই সেই ষড়যন্ত্ৰৰ বলি হ`বলগীয়া হয়। Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-14
Idiom ফকৰা-যোঁজনা

দুদিনৰ কাৰণে তোৰ বেহা, কিহলৈ ইমান তিতা-কেহা ?

Human life has limited span, but people used to forget it and in the process of living a luxurious life they spend whole life with unnecessary tensions, quarrels with fellowmen and consequently live a miserable life with unlimited sufferings.
মানুহৰ জীৱন সীমিত দিনৰ বাবে অৱধাৰিত যদিও এই কথা পাহৰি গৈ মানুহ লোভ-লালসা আৰু ভোগ-বিলাসত মত্ত হৈ দৈনন্দিন জীৱনত দন্দ-খৰিয়াল বঢ়াই লয়, আৰু জীৱনটো অবাঞ্চিত যন্ত্ৰণা, শংকা, মানসিক অশান্তি আদিৰে কটাই দিয়ে ৷ এই চিৰসত্য কথাটিৰ উমান দিবলৈ এই ফকৰাৰ ব্যৱহাৰ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-05
Idiom ফকৰা-যোঁজনা

কিনা হাঁহৰ ঠোঁটলৈকে মঙহ

Something that was bought with money should not be wasted.
মূল্য দি কিনা যি কোনো বস্তুৰ অপচয় অবাঞ্চনীয়| Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-02-09
Idiom ফকৰা-যোঁজনা

চল পালে কুকুৰে গললৈ জাঁপ মাৰে ৷

Some people take undue advantage if given little indulgence.
কিছুমান মানুহক অলপ লাই দিলেই মূৰৰ ওপৰত উঠিব খোজে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা

ধনৱন্তৰ মিছা শুনিবলৈ ইচ্ছা৷ দুখীয়াৰ উচিত শুনিবলৈ কুৎচিত৷

A wealthy man is always respected whether he is right or wrong because of his wealth. On the other hand a poor man is always neglected because of his poor economical condition.
সমাজত ধনী-মানী ব্যক্তিক উচ্চ স্থান দিয়া হয় আৰু সঁচ-মিছা সকলো কথায় নতশীৰে মানি লোৱা হয়৷ আনহাতে দুখীয়াই সত্য বা ভাল কথা কলেও তাক তুচ্ছ জ্ঞান কৰা হয়৷ Contributed by: Sitaram Upadhyaya on 2014-11-30
Idiom ফকৰা-যোঁজনা

সাত পুৰুষত নহ’ল গাই, কঁৰীয়া লৈ খীৰাবলৈ যায় |

Some people boast of themselves in such a way that even if they don`t have resources and skill, they always dream of something big only.
অত্যধিক ফুটনি মৰা মানুহৰ ক্ষেত্রত এই ফকৰা ফাঁকি ব্যৱহাৰ কৰা হয়, যাৰ সামান্য কাম এটা কৰাৰ সামৰ্থ্য নেথাকে কিন্তু সদায় ডাঙৰ কামৰ স্বপ্ন দেখে | এই ফকৰা ফাঁকি ’গাত নাই ছাল বাকলি, মদ খাই তিন টেকেলি’ৰ লগত প্রায় একেই অৰ্থত ব্যৱহাৰ কৰা হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-21
Idiom ফকৰা-যোঁজনা

মাতিলে ৰণলৈকো যাবা, নামাতিলে ভোজলৈকো নাযাবা ৷

If you are invited, then do not dither to go even to a war. You will be able to do so with your head high. But if you are not invited yet you could not stop from attending a feast, you will be seen as a person without any self-respect, like a beggar.
আমন্ত্ৰণ জনালে ৰণলৈও যাবলৈ সংকোচ কৰিব নালাগে, কিয়নো এনে কৰিলে সন্মান পোৱা যায়৷ কিন্তু নামাতিলে ভোজ-ভাত খাবলৈও যাব নালাগে, কিয়নো এনে কৰিলে আত্ম-সন্মান হানি হ’ব পাৰে৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা

ওকণি খেদিবলৈ মূৰ কাটিব নোৱাৰি ৷

We cannot spend million dollars to solve a problem of penny.
মূৰত ওকণি হ\'লে তাক নিৰ্মূল কৰিবলৈ মূৰটোকে কাটি পেলোৱাটো কেতিয়াও এক উপায় হ\'ব নোৱাৰে ৷ সেয়েহে সৰু-সুৰা সমস্যা সমাধান কৰিবলৈ ডাঙৰ মূল্য ভৰিবলগীয়া হ\'লে এনেদৰে কোৱা হয়৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-22
Idiom ফকৰা-যোঁজনা

আলৈ এথানি কৰ ৷

To look down upon, not taking care, to insult or neglect.
উপলুঙা কৰ, অত্যাচাৰ কৰ, অযন্ত কৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-11
Idiom ফকৰা-যোঁজনা

ভঁৰালত নাই কণটো, বৰসবাহলৈ মনটো

Aspiring something big with limited resources.
সীমিত সম্পদৰ গৰাকী হোৱা সত্ত্বেও মনত ডাঙৰ আকাংক্ষা পুহি ৰখা Contributed by: shekhar borah on 2009-01-14
Idiom ফকৰা-যোঁজনা

খঙত পেট কাটি ছমাহলৈ শুকনি খোৱা

Anger is not only harmful to others, but also harms own. So, one should keep him/herself calm so that anger does not harm anyone.
খং মানুহৰ ঘোৰ শত্ৰু৷ বাছিকৈ খং উঠিলে মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায়৷ কেতিয়াবা নিজকে পাহৰি যায়, আৰু কেতিয়াবা এনে হয় যে খঙৰ জালত কি কৰিছে নিজেই ক'ব নোৱাৰা হয়৷ এনে অৱস্থাত কেতিয়াবা আনৰ অনিষ্ট কৰিব নোৱাৰি নিজৰ পেটকে কাটি লয়৷ খং যেতিয়া মাৰ যায়, তেতিয়াহে অনুশোচনা আহে আৰু কৃতকৰ্ম্মৰ বাবে অনুতাপত ভুগিব লগা হয়৷ নিজৰ পেটৰ ঘা শুকুৱাবলৈ পাছত ছ'মাহ বা তাতোকৈ বেছিদিন শুকনি (ঔষধ) খাব লগা হয়৷ ইয়াৰ দ্বাৰা ইয়াকে বুজাব খুজিছে যে খঙৰ জালত মানুহে আনৰ অনিষ্ট সাধন কৰেই, নিজৰো অনিষ্ট সাধন কৰি কষ্টভোগ কৰিব লগা হয়৷ সেইবাবে মানুহে খঙক লাই নিদি সদায় দমাই ৰাখিবলৈ চেষ্টা কৰা উচিত৷ Contributed by: Chandan Kumar Borah on 2011-08-15
Phrase খণ্ডবাক্য

আহ্ বৰডেকা ভোজ খাবলৈ যাওঁ৷

Taking a huge decision without prior arrangement or preparation.
আগতীয়া প্ৰস্তুতি অবিহনে ডাঙৰ সিদ্ধান্ত লোৱা ৷ Contributed by: Ratul (P) Talukdar on 2011-06-30
Idiom ফকৰা-যোঁজনা

যেতিয়ালৈকে শ্বাস, তেতেইয়ালৈকে আশ ৷

1) While there is life, there is hope. 2)A drowning man catches a straw.
মানুহে মৰাৰ আগমুহূৰ্তলৈকে আশা এৰি নিদিয়ে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

আলহীলৈ বুলি হাঁহ মাৰি ঘৰে-ঘৰোৱাহে খায় ৷

To use something prepared or gathered for others to serve one's own purpose.
আনক আপ্যায়িত কৰিবলৈ বা আনৰ কাৰণে গোটোৱা বস্তু নিজৰ কামত লগোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-17
Idiom ফকৰা-যোঁজনা

নেচাই ডেলে গালৈকে ঘাটি

While walking, one should always be careful about the condition of the road; otherwise there is a chance of getting hurt by hitting on any object lying on the way or by snake-bite while accidentally stepping over it. Similarly, unless one carefully considers about the pros
ৰাস্তাইদি বাট বুলোঁতে সাৱধানে তললৈ চাই নগ`লে কেতিয়াবা সাপ বা আন অপকাৰী প্ৰাণীৰ ওপৰেৰে পাৰ হৈ যাওঁতে সিহঁতৰ দংশনৰ ফলত অথবা কিহবাত উজুটি খাই আঘাতপ্ৰাপ্ত হোৱাৰ ভয় থাকে৷ ঠিক সেইদৰে, কোনো এটা কাম কৰিবলৈ লওঁতে সম্ভাৱ্য বিপদ-আপদ সম্পৰ্কে সচেতন নহ`লে লোকচানৰ সন্মূখীন হোৱাৰ ভয় থাকে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-12-11
Idiom ফকৰা-যোঁজনা

কথা ক’লেই লাগিল পাক, বাৰজনী গৈছিল পানী আনিবলৈ, তেৰজনীৰ কাটিলে নাক ৷

The proverb points out to how rumours spread and how a small story grows when it spreads from one to another.
মানুহৰ মুখ বাগৰি কথাই পাক লয় ৷ বিশেষকৈ কোনো অপবাদ বা কেলেঙ্কাৰীৰ কাহিনী মুখে-মুখে বাঢ়ি অতিৰঞ্জিত ৰূপ লয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা

চ’ত বিহুলৈ ছমাহ থাকোতেই হাত মেলি নাচ ।

To express pleasure before the cause for it materialises.
আনন্দৰ কাৰণ নৌহওঁতেই আনন্দ প্ৰকাশ কৰ । Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-07-28
Idiom ফকৰা-যোঁজনা

ওপৰলৈ থু মাৰিলে নিজৰ গাতে পৰে

While criticising others, one often exposes his own faults.
আনক সমালোচনা কৰিবলৈ যাওঁতে সাধাৰণতে নিজৰ দোষ-ত্ৰুটিহে ধৰা পৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা

টোপোলাৰ ঘৰলৈ টোপোলা যায়; ৰ ৰ টোপোলা তোলৈকো চায় ৷

One cannot receive gifts again and again without reciprocating it.
কাৰোবাক টোপোলা বা উপহাৰ দিলেহে নিজেও উপহাৰ পাব পাৰি ৷ একপক্ষীয়ভাবে উপহাৰ সদায় পাই থাকিব নোৱাৰি, সেয়ে উপহাৰ দিয়াৰ অভ্যাস কৰিব লাগে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-20
Idiom ফকৰা-যোঁজনা

জহলৈ নমৰোঁ, মহলৈ মৰোঁ, ফটা আঁঠুৱাখন টিঙালিকৈ তৰোঁ।

Penny wise but pound foolish
গৰমত (?জ্বৰ) নমৰোঁ, মহৰ ভয়ত মৰোঁ, কিন্ত ফটা আঁঠুৱাখন বহুত ওখকৈ তৰোঁ, অৰ্থাৎ তলেদি মহ সোমায়েই থাকে। পাতি পইচাৰ হিচাব ৰখা কিন্তু টকাৰ বা ডাঙৰ খৰচৰ হিচাব নৰখা। Contributed by: Barnali Deuri Bora on 2010-11-10
Idiom ফকৰা-যোঁজনা

লুইতেহে জানে ব`ঠা কিমানলৈ বয়

One who is bestowed with responsibility can know how difficult is to carry out responsibilities and an irresponsible person can never fathom the difficulties.
লুইতৰ বুকুত নাৱৰীয়াই নাও বাওতে ব`ঠাখন যেনি তেনি বায় আৰু লুইতৰ গভীৰতাৰ উমান নাপায়। অর্থাৎ যাৰ মূৰত দায়িত্ব থাকে তেওঁহে জানে দায়িত্বভাৰ চলোৱা কিমান কঠিন, আনে ইয়াৰ উমান নাপায়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Idiom ফকৰা-যোঁজনা

লঙ্কালৈ গ’লে আটায়ে ৰাৱণ হয় |

Power can make a man turn into devil. A good man can also do evil when he gets power.
ক্ষমতাই মানুহক অমানুহ কৰি তোলে | ভাল মানুহ এজনো ক্ষমতা পালে ৰাৱণৰ দৰে পাপীলৈ পৰিবৰ্তন হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা

মোল্লাৰ দৌৰ মচজিদলৈকে ।

The vision and abilities of a person are restricted to his domain.
প্ৰতিজন মানুহৰ ক্ষমতা আৰু জ্ঞান নিজৰ কৰ্ম ক্ষেত্ৰতেই সীমাবদ্ধ তেনে অৰ্থত কোৱা হয় । Contributed by: Anjali Sonowal on 2008-10-08
Idiom ফকৰা-যোঁজনা

যুঁজিবলৈ আহিলে মাল, দুইহাতে ছিঙিলে বাল ৷

A person who is over conceited about his capabilities.
মল্লযোদ্ধা আহিল যুঁজিবলৈ, কিন্ত দুয়ো হাতেৰে নিজৰ চুলিহে ছিঙিব পাৰিলে ৷ অৰ্থাৎ মইবৰ ভাৱ থকা বা অহঙ্কাৰী লোক, যি নিজকে মিছাতে বহুত গুণৰ অধিকাৰী বুলি ভাবে ৷ Contributed by: Barnali Deuri Bora on 2010-11-10
Idiom ফকৰা-যোঁজনা

চগাৰ পাখি গজে জুইত পুৰি মৰিবলৈ ৷

Sudden empowerment ignites oneself to perform suicidal activities.
চগাৰ পাখি গজিলে উৰিব পৰা হয় আৰু জুইৰ প্ৰতি আকৃষ্ট হৈ জুইৰ উৎসলৈ উৰা মাৰে তথা তাতে পুৰি মৰে ৷ একেদৰে মানুহৰ আকস্মিক উত্থান হ'লে, নিজৰ সামৰ্থ, শক্তি, ঐশ্বৈৰ্য্য, ক্ষমতা, সম্পদ আদিৰ সঠিক ব্যৱহাৰ কৰিব নোৱাৰা হয় আৰু তাৰ অপপ্ৰয়োগেৰে নিজৰ ধ্বংস মাতি আনে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-12
Idiom ফকৰা-যোঁজনা

এশ নিগনি মাৰি মেকুৰী হজলৈ যায় ৷

When a person does lot of ill deeds and then starts working for welfare of mankind, people make fun of him/her by using this proverb.
অত্যধিক বেয়া কাম কৰাৰ পিছত যদি কোনো ব্যক্তিয়ে পুণ্যৰ কাম কৰিবলৈ আগবাঢ়ি আহে, তেনেহ\'লে এইদৰে কৈ সেই ব্যক্তিক ঠাট্টা কৰা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-04
Idiom ফকৰা-যোঁজনা

এবাৰ সাপে খালে লেজুলৈকো (বা কেঁচুলৈকো) ভয় ৷

Once a person is frightened by something he/she becomes cautious to similar actions/incidents.
মানুহে এবাৰ কিবা কাৰণত ভয় খালে, অনুৰূপ কাৰণ অথবা ঘটনা দেখিলে সতৰ্ক হয়। Contributed by: Rupankar Mahanta on 2009-12-17