Donate

Please enter word or phrase to be searched and hit 'search' key.


অ (41)আ (58)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (8)ঢ (11)ত (17)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (21)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)
Submit New Proverb, Idiom, Phrase OR Riddle

Proverbs containing the word "ল"

Idiom ফকৰা-যোঁজনা

কেৰেলাতকৈ গুটি দীঘল হোৱা

Sometimes the expected output of some work become much more complex or lengthier or expensive.
কোনো কাম চমু বা সহজ কৰিবলৈ চেষ্টা চলাওতে বেছি দীঘল বা কঠিন হোৱা। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা

বাটি খালে আটি যায়, লুকাই খালে ঢুকাই যায় ৷

If any food item is divided among people, each can get at least a small fraction of it. But if it is hidden somewhere, ultimately it gets spoiled.
যিকোনো খোৱাবস্তু আটাইৰে মাজত ভগাই খালে অলপ অলপকৈ হ’লেও সকলোৱে ভাগ পায় ৷ কিন্তু তাকে নকৰি লুকাই থৈ দিলে এটা সময়ত গেলি-পচি নষ্টহে হৈ যায় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-03
Idiom ফকৰা-যোঁজনা

শ’ল ঠেকত পৰ ৷

To fall in trouble or problem all of a sudden.
হঠাৎ বিপদত পৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-02
Idiom ফকৰা-যোঁজনা

থল পাই কঠীয়া পৰা

To fulfill one's aspirations taking advantage of the situation.
সুযোগ বুজি নিজৰ অভিষ্ট সিদ্ধি কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-20
Idiom ফকৰা-যোঁজনা

তিনিশ ষাঠি জোপা ৰুবা কল, মাহেকে পষেকে চিকুণাবা তল; পাত, পচলা লাভত খাবা, লঙ্কাৰ বণিজ ঘৰতে পাবা ৷ আঠিয়াত গোবৰ, মনোহৰত জাবৰ; পুৰাত ছাই, মালভোগত খাই ৷

This proverbial saying depicts the benefit of banana cultivation and the care needed for it. If a cultivator plants 360 numbers of banana plants in his garden, in addition to making a good business out of it, he can also use its byproducts profitably.
এই ডাকৰ বচনটোত কল খেতিৰ উপকাৰিতা আৰু ল’বলগীয়া যতনৰ কথা কোৱা হৈছে ৷ তিনিশ ষাঠি জোপা কল ৰোৱা খেতিয়কে আন বেপাৰ-বাণিজ্য নকৰাকৈ সম্পত্তিশালী হোৱাৰ উপৰি কলৰ পাত-পচলা আদি ব্যৱহাৰ কৰিও লাভান্বিত হ’ব পাৰে ৷ আঠিয়া কলৰ খেতিত গোবৰ, মনোহৰ কলত জাবৰ, পুৰা কলত ফুট-ছাই আৰু মালভোগত খলিহৈ প্ৰয়োগ কৰিলে ভাল ফল পোৱা যায় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-09
Idiom ফকৰা-যোঁজনা

ঘোঁৰা কিনিলে চাবুকো কিনিবা।

While you do some big business, do small things related to it
কিবা এটা ডাঙৰ কাম কৰিবলৈ হ’লে সেই কামৰ লগত জড়িত সৰু-সুৰা কামবোৰো কৰিব লাগে। Contributed by: Sitaram Upadhyaya on 2014-12-26
Idiom ফকৰা-যোঁজনা

কাঁথিৰ কুকুৰ নলৰা৷

continuous light raining. light raining.
দীৰ্ঘদিন ধৰি দিয়া কিনকিনীয়া বৰষুণ৷ Contributed by: Sitaram Upadhyaya on 2015-06-28
Idiom ফকৰা-যোঁজনা

টিক বলধা ওলায় মাটি, মাক ভালেই জীয়েক জাতি ৷

The character of a girl largely depends on the character of her mother.
সময়মতে মাটিত হাল বাই শেষ কৰিবলৈ হ’লে বলধ হাল চেঙা হ’ব লাগে ৷ সেইদৰে জীয়েক ভাল হ’বলৈ হ’লে মাকৰ স্বভাৱ-চৰিত্ৰ ভাল হ’ব লাগে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-22
Idiom ফকৰা-যোঁজনা

বহিব জানিলে মাটিয়েই পীৰা, খাব জানিলে চাউলেই চিৰা

One can survive or perform something with optimal use of minimum available resources with good skill.
অলপ মাত্র সম্পদৰ সৎব্যৱহাৰ কৰি কোনো কাৰ্য্য সম্পাদন কৰিব পাৰি, কিন্তু তাৰ বাবে দক্ষতাৰ প্রয়োজন Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা

অতি ভক্তি চোৰৰ লক্ষণ

Too much indulgement in something, than what is necessary, is a cause of concern
কোনোবাই যদি কিবা এটা কাম বা বস্তৰ পিছত প্ৰয়োজনতকৈ অধিক লাগি থাকে, তেনেহলে তাক সন্দেহৰ চকুৰে চোৱা উচিত ৷ Contributed by: Rupankar Mahanta on 2008-03-19
Idiom ফকৰা-যোঁজনা

উলূৰ লগত বগৰী পোৰা ৷

Sometimes innocent people suffers due to the misdeeds of their bad friends.
উলূ এবিধ অপতৃণ | তাক নাশ কৰিবলে জ্বলোৱা জুইত কেতিয়াবা কাষতে থকা বগৰী গছো পোৰা যায় | বুজাব খোজা হৈছে যে দুষ্ট লোকৰ সঙ্গত থাকিলে নিৰীহ লোকৰো ক্ষতি হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-21
Idiom ফকৰা-যোঁজনা

ঘৰে প্ৰতি ঘৈণী খালে প্ৰতি যখিনী৷

Presence at everywhere.
সকলোতে সূলভ হোৱা৷ Contributed by: Sitaram Upadhyaya on 2014-12-23
Riddle সাথৰ

জোল খাওঁ, কিন্তু মূৰ্গী নেখাওঁ ৷

Once someone eats the gravy of chicken curry, he/she is no more a vegetarian, even if he/she does not eat chicken meat. In other words, if a sin or crime is committed partially by person, he/she shoulders the bad-name of complete crime.
নিৰামিষভোজীজনে যদি মূৰ্গীৰ আঞ্জাৰ জোল খাওঁ বুলি কয়, তেনেহ\'লে সেই ব্যাক্তিয়ে মূৰ্গীমাংস নেখালেও মাংস খোৱাৰ সমান হয় আৰু আমিষভোজী হৈ পৰে ৷ অৰ্থাৎ কোনো অপৰাধমূলক কাম আংশিকভাৱে কৰিলেও সংশ্লিষ্ট অপৰাধৰ সমভাগী হবলগীয়া হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা

কালৰো কাল বিপৰীত (বা বিষম) কাল, হৰিণাই চেলেকে বাঘৰ গাল |

Tiger and deer have prey predator relationship. Its almost rare to see a deer to leak the face of a tiger. With this proverb it has been tried to explain the commence of some totally unbelievable events.
বাঘ আৰু হৰিণ একেলগে থকাৰ দৰে নাভুত নাশ্রূত অসম্ভৱ ঘটনা ঘটা | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-14
Idiom ফকৰা-যোঁজনা

ওলায়ে দেখিবা যাক, শত্ৰু নাভাবিবা তাক৷

One should not have enmity with his neighbours.
প্ৰতিৱেশী বা ওচৰ-চুবুৰীয়াৰ সৈতে শত্ৰুতা কৰা অনুচিত৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-01-16
Idiom ফকৰা-যোঁজনা

দাতাই দিলেও বিধাতাই নিদিয়ে

Misfortune does not allow a person to enjoy life with peace and happiness.
দুৰ্ভাগ্যই মানুহক কেতিয়াও শান্তিৰে সুখৰ সময় উপভোগ কৰিবলৈ নিদিয়ে ৷ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-15
Idiom ফকৰা-যোঁজনা

চালনীয়ে বোলে বেজি ভাই তুমি কিয় ফুটা

A person who has lots of faults within himself accuses another who has lesser faults than him
নিজৰ বহুতো দোষ থাকোতেও আনৰ এটা দোষকে দেখা Contributed by: Barnali Deuri Bora on 2010-10-27
Idiom ফকৰা-যোঁজনা

এঙাৰ ধূলেও বগা নহয়

Just like charcoal cannot be made white by washing, the basic human nature cannot be altered.
এঙাৰ যেনেকৈ ধুলেও বগা নহয়, মানুহৰ মৌলিক স্বভাৱ সলনি কৰিব নোৱাৰি৷ Contributed by: Rupankar Mahanta on 2009-12-11
Idiom ফকৰা-যোঁজনা

ফুলনি শুৱনি জবা, বিয়া-সবাহ শুৱনি ৰভা ৷

China rose or hibiscus makes a flower garden beautiful with red flowers, similarly a nicely arranged pandal in marriage party increasing the beauty of the marriage.
যেনেদৰে জবাফুলে ফুলনি এখন সুন্দৰ কৰি তোলে, তেনেদৰে সুন্দৰকৈ সজোৱা ৰভা এখনে বিয়া-সবাহৰ মৰ্য্যাদা বঢ়ায়। Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-19
Idiom ফকৰা-যোঁজনা

আগতে মাছটি, বগলীটি কণা

Like a heron not spotting a fish lying in front of him, sometimes a man fails to realise and take advantage of the opportunities before him.
বগলীয়ে চকুৰ আগতে থকা মাছটোও কেতিয়াবা দেখা নোপোৱাৰ নিচিনাকৈ মানুহে হাততে পোৱা সুযোগটোও মন নকৰে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Phrase খণ্ডবাক্য

বগলী ভকত ৷

One who pretends to be honest externally, but executes dishonest acts stealthily, a scammer.
যি বাহিৰে সততা দেখুৱাই লোকচক্ষুৰ আঁৰত অসৎ কামনা চৰিতাৰ্থ কৰে, অৰ্থাৎ ভণ্ড লোক৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Riddle সাথৰ

কোৱা বাহুল্য

Needless to say.
সকলোৱে জনা কথা যি পুনৰ কোৱাৰ আৱশ্যকতা নাই ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা

ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলি৷

In the royal forum of Indra, the king of the heaven, it is quite unexpected that an ugly owl would raise its strident voice. Similarly, it is not at all expected that a foolish person would raise his voice during a serious discussion among wise men.
দেৱৰাজ ইন্দ্ৰৰ সভাত কুৎসিৎ ফেঁচাৰ কুলক্ষণীয়া কুৰুলি যেনেদৰে অবাঞ্ছনীয়, ঠিক তেনেকৈ গুৰু-গম্ভীৰ বিষয়ৰ আলোচনাত অপদাৰ্থ লোকৰ উপস্থিতি আৰু বক্তব্য বাঞ্ছনীয় নহয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-08
Idiom ফকৰা-যোঁজনা

হাতী চুৰ কৰি নিয়ে বাটে বাটে বেঙেনা চোৰক ধৰে, নাকটো কাটিলে লাজ নালাগে নখটো কাটিলে মৰে।

People with money or power or under political shelter escapes from punishment even after committing big crimes and the poor thieves are caught & punished. Likewise some people are not ashamed even when their name is maligned for bad work but seems to be grieving from a trifle.
ডাঙৰ দুষ্কাৰ্য্য কৰি কিছুমান মানুহে সমাজত বৰ মানুহ বোলাই থাকে; অথচ সৰু-সুৰা চোৰেহে শাস্তি পায়। ঠিক তেনেকৈ ডাঙৰ অপমান পায়ো কিছুমানে কেৰেপ নকৰে কিন্তু সৰু কথা একোটাতে বৰ লাজ পোৱা যেন দেখুৱায়। Contributed by: Barnali Deuri Bora on 2010-11-20
Idiom ফকৰা-যোঁজনা

পাহৰি আছিলো পৰিল মনত, পাচঁ বৰণীয়া পটা আছে ৰাৱণৰ ঘৰত

In the war between Ram and Ravana, when Lakshmana fell unconscious and was almost dying, hit by an arrow from Ravana’s son Meghnad, Hanuman approached the Lankan Royal Physician Sushena for advice. Sushena asked Hanuman to rush to Gandhamardana Hill and fetch four plants: Mritasanjeevani (restorer of life), Vishalyakarani (remover of arrows), Sandhanakarani (restorer of the skin) and Savarnyakarani (restorer of skin colour). Hanuman, not able to pick the four from the multitude, brought back the entire hill, as the medicine was to be given before dawn. The physician then only remembered that he left the flat stone upon which the plants are to be crushed at Ravan`s place. This applies to forgetfulness at an important moment.
ৰাম ৰাৱণৰ যুদ্ধত লক্ষ্মণ ৰাৱ্ণৰ পুত্ৰ মেঘনাদৰ শক্তি-শেলত অজ্ঞান হৈ পৰিছিল আৰু লক্ষ্মণক বচাবলৈ ৰাৱণৰ ৰাজবৈদ্য সুসেনাক অনা হ’ল ৷ সুসেনাই ‘মৃতসঞ্জীৱনী’, ‘বিশল্যকৰণী’, ‘সন্ধানকৰণী’ আৰু ‘সবৰ্ণ্যকৰণী’ বিচাৰি হনুমানক পাচিলে ৷ হনুমানে বৃক্ষ বিচাৰি নাপায় গন্ধমাৰ্দন পৰ্বতকে দাঙি আনিলে, কিয়নো উষাৰ আগতেই লক্ষ্মণক বচোৱ প্ৰয়োজন ৷ এই আটাইকেইবিধ তৰুৰ ৰস প্ৰস্তুত কৰিবলৈ যেতিয়া পটাৰ প্ৰয়োজন হল, তেতিয়া বৈদ্যৰ মনত পৰিল যে পটাখন ৰাৱণৰ ঘৰতে থাকি আহিল ৷ সময়ত খুউব দৰকাৰী বস্তু এটা পাহৰি থকা অৰ্থত এই পটন্তৰটি ব্যৱহাৰ হয় ৷ Contributed by: Barnali Deuri Bora on 2010-11-10
Idiom ফকৰা-যোঁজনা

জালকে জকাই বোলা

Incapability to understand or distinguish the differences between two closely related objects, activities or speeches.
জাল আৰু জকাই দুবিধেই মাছ ধৰা সঁজুলি যদিও জাল সূতাৰে বোৱা হয় আৰু জকাই সজা হয় বাঁহৰ কাঠিৰে, আকৃতিত জাল জকাইতকৈ ভিন্ন ৷ সেয়ে দুয়োবিধেই একে বুলি ক`লে ডাঙৰ ভুল কৰা হ`ব৷ অৰ্থাৎ এই ফকৰাই কোনো বস্তু বা কথাৰ অৰ্থ নুবুজি, ভুল অৰ্থ উলিওৱা কাৰ্য্যক দৰ্শায়৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-06-28
Idiom ফকৰা-যোঁজনা

বিশ্বাসে মিলয় হৰি, তৰ্কে বহু দূৰ৷

One can meet God with deep faith on Him, similarly working with full commitment and confidence one can achieve the goal.
সুগভীৰ বিশ্বাসৰ দ্বাৰাহে ঈশ্বৰক পাব পাৰি; কিন্তু ঈশ্বৰৰ অস্তিত্বক লৈ তৰ্ক-বিতৰ্ক কৰিলে, কেতিয়াও পাব নোৱাৰি ৷ একেদৰে গভীৰ নিষ্ঠা আৰু একাগ্ৰতাৰেহে যিকোনো কামত সিদ্ধি লাভ কৰিব পাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা

দৈৱাসন তল যোৱা

To suddenly lose the power and social reverence being enjoyed by someone
কোনোৱে উপভোগ কৰি থকা সামাজিক মৰ্য্যাদা বা প্ৰতিপত্তিৰ হ্ঠাতে বিলুপ্তি ঘটা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-14
Idiom ফকৰা-যোঁজনা

তিৰোতাৰ কপালে ধন, পুৰুষৰ কপালে জন৷

It is beleived that gain of wealth is depends upon the fortune of female and reproduction of childs depends upon the fortune of male.
লোক বিস্বাস মতে তিৰোতাৰ ভাগ্যৰ বলত ধন অৰ্জন হয় আৰু পুৰুষৰ ভাগ্যৰ বলত জন অৰ্থাত সন্তান-সন্ততি হয়৷ Contributed by: Sitaram Upadhyaya on 2014-12-04
Idiom ফকৰা-যোঁজনা

অতি দৰ্পে হত লঙ্কা

Too much boosting can invite your end
অতিপাত অহঙ্কাৰে সকলোৰে বিনাশ মাতি আনে ৷ ৰাৱণৰ অহঙ্কাৰৰ ফলতে লঙ্কা নগৰী ধ্বংস হৈছিল ৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা

হলা গছত বাগি কুঠাৰ মৰা ।

Literal Meaning: To strike an inclined tree with an axe. Real meaning: To attack a person when when he is in helpless situation.
বাগি কুঠাৰ মৰা মানে কোনো বস্তুৰ চাৰিও বাগে বা ফালে কুঠাৰেৰে আঘাত কৰা । হলা গছত বাগি কুঠাৰ মৰা কথাফাঁকিৰ অর্থ হ'ল- বিপদত পৰা অসহায় মানুহক আক্রমণ কৰা । Contributed by: Prasenjit Khanikar on 2008-02-28
Phrase খণ্ডবাক্য

দুখে কুলাই পাচিয়ে নধৰা

to be beset by adversity from all sides.
বৰকৈ দুখ-কষ্ট পোৱা বা চাৰিওফালে বিপদে আগুৰি ধৰা৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-08-20
Phrase খণ্ডবাক্য

ডিঙিত জৰি লাগ ৷

Fie on thee, to get trapped into conspiracy or entangled into complicacies.
ষড়যন্ত্ৰৰ বলি হৈ বিপদত পৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

ভোটানত ভোট মৰিল দৰঙীৰ কি শোগ চৰিল?

no reason to worry to the unrelated matter.
কোনো সম্পৰ্ক নথকা কথাত কিহৰ মূৰ ঘমাব লাগে, লাগিলে সি যিমানে ডাঙৰ নহওক৷ Contributed by: durlav gogoi on 2012-04-01
Idiom ফকৰা-যোঁজনা

গুৰ কিনাৰত গচকিলেও অশুচি মাজত গচকিলেও অশুচি ৷

If someone treads on excreta or animal soil partially or entirely, the person's whole body becomes unclean and impure (unholy), similarly a person equally loses his/her prestige by indulging himself/herself in bad deeds may it be small or big.
গু বা বিষ্ঠাত মানুহৰ ভৰি পৰিলেই গা অশুচি হয়, গচকা লাগিলে কিনাৰতে পৰক বা মাজতে পৰক বিষ্ঠাৰ সংস্পৰ্শই গা সমানেই অশুচি কৰে৷ একেদৰে বেয়া কৰ্ম বা কথাই, সি লাগিলে সৰুয়েই হওক বা ডাঙৰেই হওক, মানুহৰ মান-সন্মান সমানভাবে নষ্ট কৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-07
Idiom ফকৰা-যোঁজনা

জোক লগাদি লগা

To plead and insist someone continuously asking for some favour
স্বাৰ্থ সিদ্ধিৰ অৰ্থে কাৰোবাক নেৰা-নেপেৰাকৈ কাকূতি-মিনতি কৰি থকা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-04
Idiom ফকৰা-যোঁজনা

হাবুঙত বোলে লোণৰ সস্তা, দেহাৰ বা কি অৱস্থা!

One cannot hanker after savings through buying desired items only for the sake of its cheap availability. do not depend on uncertain situation.
কোনো এখন ঠাইত (হাবুং) বিশেষ বস্তু(লোণ) সস্তাত পোৱা যাব পাৰে, কিন্তু তাৰ বাবে দৈহিক আৰু আৰ্থিক সামৰ্থ, মানসিক স্থিতি থকাৰ লগতে পৰ্যাপ্ত সময় হাতত থাকিলেহে সেই ঠাইলৈ গৈ সেই বিশেষ বস্তুটো কিনি অৰ্থ বচাব পাৰি ৷ অৰ্থাৎ সস্তাত পালেই মানুুহে যিকোনো বস্তু যিকোনো সময়ত কিননিব নোৱাৰে । অজান(হাবুং) ঠাইলৈ গ\\\'লে বজাৰ কৰিম বুলি যাব নালাগে, কাৰণ সেই ঠাইৰ নিয়ম-নীতি আমি নাজানো, অনিশ্চত কথাবোৰ(দেহাৰ বা কি অৱস্থা) আছেই৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-15
Idiom ফকৰা-যোঁজনা

যি মূলা বাঢ়ে তাৰ দুপাততে চিন

English sayings: Morning shows the day.
কোনো কামৰ আৰম্ভণীয়ে তাৰ ভবিষ্যত সূচায়। সৰু ল`ৰা-ছোৱালীৰ শৈশৱৰ পাৰদৰ্শিতাই উজ্জ্বল ভবিষ্যতৰ কথা কয়। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা

যাৰ বাবে চুৰি কৰোঁ, সিয়েই বোলে চোৰ ৷

To be abused by them for whom we do good.
যাৰ ভালৰ বাবে কাম কৰা হয়, সেই আপোনজনেই যদি দোষাৰোপ কৰে, তেনে ক্ষেত্ৰত প্ৰয়োগ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

কোনো মৰে ছালে-হাড়ে, কোনো মৰে মঙহ ভাৰে

Wealth and prosperity cannot ensure peace and happiness to anybody. One may die either due to starvation and mal-nutrition, or due to obesity.
আৰ্থিক অনাটনৰ বাবে যেনেকৈ মানুহে নানান দুখ-কষ্ট ভোগ কৰিব লগা হয়, ঠিক তেনেকৈ প্ৰাচুৰ্য্যয়ো মানুহক সুখ-শান্তি আনি দিব নোৱাৰে ৷ কোনোৱে খাবলৈ নাপাই মৰাৰ বিপৰীতে আন কোনোবা আকৌ অত্যধিক ভোজন কৰাৰ ফলত মেদ-বহুলতাৰ বাবে মৃত্যু মুখত পৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-16
Idiom ফকৰা-যোঁজনা

সাগৰৰ ঢৌক বালিভেটা দি ৰাখিব খোজা

To try to prevent something happening or to get done by one, when majority or all others want it to happen or get done.
ৰাইজে অৰ্থাত্ বহুলোকে কৰিব খোজা কাম এটাক এজনে বাধা দিবলৈ নিষ্ফল চেষ্টা কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-20
Idiom ফকৰা-যোঁজনা

জ্বৰে এৰিলেও কপটিয়ে নেৰে ৷

After getting rid of the main problem, its sequelae or after-effects may continue for a long time.
মূল সমস্যা বা বিপদৰ পৰা পৰিত্ৰাণ পালেও তাৰ আনুষঙ্গিক কেতবোৰ লেঠা বহুদিনলৈ থাকি যায়৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-02
Idiom ফকৰা-যোঁজনা

যত্ন কৰিলে ৰত্ন পায়

The fruit of hard work is always sweet
পৰিশ্ৰমৰ ফলাফল সদায় মিঠা Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-28
Idiom ফকৰা-যোঁজনা

লোৰ কড়াই গুৰি চোবাই খাইছিলো, পচলাত ভাগি গ’ল দাঁত ৷

One who may easily accomplish a difficult task, may sometimes fail to do a simple job.
কঠিন বা কষ্টসাধ্য কামো অনায়াসে কৰিব পৰা জনে কেতিয়াবা সাধাৰণ কাম এটাকে কৰিবলৈ সক্ষম নোহোৱা অৰ্থত এই ফকৰাটি প্ৰয়োগ হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-28
Idiom ফকৰা-যোঁজনা

চগাৰ পাখি গজে জুইত পুৰি মৰিবলৈ ৷

Sudden empowerment ignites oneself to perform suicidal activities.
চগাৰ পাখি গজিলে উৰিব পৰা হয় আৰু জুইৰ প্ৰতি আকৃষ্ট হৈ জুইৰ উৎসলৈ উৰা মাৰে তথা তাতে পুৰি মৰে ৷ একেদৰে মানুহৰ আকস্মিক উত্থান হ'লে, নিজৰ সামৰ্থ, শক্তি, ঐশ্বৈৰ্য্য, ক্ষমতা, সম্পদ আদিৰ সঠিক ব্যৱহাৰ কৰিব নোৱাৰা হয় আৰু তাৰ অপপ্ৰয়োগেৰে নিজৰ ধ্বংস মাতি আনে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-12
Idiom ফকৰা-যোঁজনা

নাচিব নেজানে চোতালখন হেৰেমগৰীয়া |

One who does not have potentiality to do something, but blames others for his inabilities.
নিজৰ ব্যৰ্থতাৰ বাবে আনক জগৰীয়া কৰি দায় সাৰিব চেষ্টা কৰা Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা

কেঁচুৱাই কান্দিলেই কল নাপায়৷

Nothing can be achieved without hardwork.
কাৰোবাৰ ওচৰত কাকূতি-মিনতি কৰিলেই অথবা বিচাৰিলেই কোনো বস্তু পোৱা নাযায়; তাৰ কাৰণে উপযুক্ত পৰিশ্ৰম কৰা দৰকাৰ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-20
Idiom ফকৰা-যোঁজনা

ইননি-বিননি কাণত পৰে, হুটা কথা খালত পৰে ৷

A polite request pays of, but an impolite word is hardly paid any attention to.
ভাল মাতেৰে বা বিনম্ৰতাৰে অনুৰোধ কৰিলে মানুহ সহজে পতিয়ন যায়, একেটা কথা হুটা বা কৰ্কশ মাতেৰে ক'লে বিপৰীত ফলহে পোৱা যায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-17
Idiom ফকৰা-যোঁজনা

সুফল কদলী, সুতিৰী ফেদেলী ৷

The fruit with bitter taste is good for health and the woman with ugly look turns out to be efficient, honest and smart.
কদলী ফল খাবলৈ সুৱাদ নহয় যদিও স্বাস্থ্যৰ কাৰণে ভাল, একেদৰে ফেদেলী অৰ্থাৎ সাধাৰণতে দেখিবলৈ বেয়া নাৰী প্ৰকৃততে সৎ, গুণবান আৰু চৰিত্ৰবান হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
Idiom ফকৰা-যোঁজনা

চাউল দিবা যতেক, পানী দিবা তিনি ততেক

One has to boil rice using water in a quantity three times than that of rice.
চাউল ভালকৈ সিজাবলৈ হ’লে চাউলৰ পৰিমাণৰ তিনি গুণ পানী দিব লাগে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-17
Idiom ফকৰা-যোঁজনা

যেনে কৰ্ম, তেনে ফল

As he sows, so he reaps
যি যেনে কাম কৰে, ভবিষ্যতত তাৰ ফল ভোগ কৰিবলগা হয় Contributed by: Barnali Deuri Bora on 2010-10-14
Idiom ফকৰা-যোঁজনা

ছোৱালী আনিবা মাক ভাল, মাটি কিনিবা মাজ খাল ।

One can assume the character of a girl to be good, if her mother`s character is good. So to select a bride, one should see her mother. Similarly, land for cultivation should be purchased if it has water holding capacity.
মাকৰ যদি স্বভাৱ-চৰিত্র ভাল হয়, জীয়েকৰো স্বভাৱ-চৰিত্র ভাল হ’ব বুলি ধৰিব পাৰি, সেয়েহে বিয়া পাতিবলৈ তেনেকুৱা ছোৱালী আনিব লাগে। ঠিক তেনেকৈ, খেতিৰ কাৰণে কিনা মাটিৰ মাজটো দ অলপ হ’ব লাগে, যাতে পানী ধৰি ৰাখিব পাৰে ৷ Contributed by: Biraj Kumar Kakati on 2008-07-28
Idiom ফকৰা-যোঁজনা

গুণীয়েহে গুণীৰ মোল বুজে ৷

A scholar can only understand the importance of scholastic qualities and hence shows respect to another scholar.
গুণী লোকৰ গুণৰ মোল বুজিবলৈ জ্ঞানৰ আৱশ্যক | সেয়েহে জ্ঞানীজনেহে গুণীৰ গুণৰ মূল্য দিয়ে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা

হুলেৰে হুল কঢ়া

To negate one misdeed by another misdeed
এটা বেয়া কামৰ কুফল আন এটা বেয়া কামেৰে নাইকিয়া কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা

কোৰে কাটি গ্ৰহণী, চপাই লৱ জহনী।

By doing unnecessary work one invites danger
অপ্ৰয়োজনীয় কাম কৰি নিজৰ বিপদ নিজে মাতি অনা Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-20
Idiom ফকৰা-যোঁজনা

লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি

Plan to cause damage or injury others may backfire and end up hurting self.
আনৰ অনিষ্ট কৰিব বিচাৰোতে নিজৰেই অনিষ্ট হোৱা Contributed by: Rupankar Mahanta on 2008-03-14
Idiom ফকৰা-যোঁজনা

সজৰ লগত সজ সঙ্গতি, মধুক কৰিলো পান, বিক্ৰমাদিত্যৰ মূৰত উঠি গঙ্গাত কৰিলো স্নান ৷

In the association of honest persons people learn good things and can make their life more meaningful.
সৎ সঙ্গত থাকিলে মানুহে ভাল কথা শিকিব পাৰে আৰু জীৱন যাপনৰ মানো উন্নত হয় ৷ Contributed by: Barnali Deuri Bora on 2010-11-08
Phrase খণ্ডবাক্য

আহ্ বৰডেকা ভোজ খাবলৈ যাওঁ৷

Taking a huge decision without prior arrangement or preparation.
আগতীয়া প্ৰস্তুতি অবিহনে ডাঙৰ সিদ্ধান্ত লোৱা ৷ Contributed by: Ratul (P) Talukdar on 2011-06-30
Idiom ফকৰা-যোঁজনা

টান পালে আটায়ে ৰাম বোলে ৷

Everybody remembers the Almighty but during distress only. Similarly, one remembers his relatives and friends when he is in trouble.
সুখৰ কালত মানুহে ভগবানক পাহৰি থাকে, কিন্তু দুখৰ কালত সকলোৱে ভগবানৰ নাম লয় ৷ ঠিক তেনেকৈ বিপদৰ সময়তহে সকলোৰে আত্মীয়-স্বজন বা বন্ধুলৈ মনত পৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-11

আগে পিচে দুজন হ’লে অকলেই যাব পাৰি; এধানমান পিটিকা হ’লে শুদাই খাব পাৰি |

A person without self-confidence always waits for other's help for doing any little thing.
আত্মবিশ্বাস নথকা মানুহে যিকোনো কাম কৰিবলৈ সদায় কেৱল আনৰ সহায়ৰ বাবে বাট চাই থাকে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Phrase খণ্ডবাক্য

পানীৰ তলৰ কাঁইট

Unknown/unseen enemy
অজান শত্ৰু Contributed by: shekhar borah on 2009-05-08
Idiom ফকৰা-যোঁজনা

একালৰ বৃন্দাবন, একালত পৰে ছন |

In the past, someone was having mass popularity with good economic condition. But in the course of time everything has been changed, he is in a deplorable state.
অতীতত জনসমাদৃত তনকীয়াল ব্যক্তি এজন যেতিয়া দৈৱ-দূৰ্বিপাকত পৰি নিঃকিন হয় তেতিয়া তেওঁৰ অৱস্থা বৰ পুতৌজনক হৈ পৰে |
ইয়াৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে - সকলোৰে দিন সমানে নেযায় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-11
Idiom ফকৰা-যোঁজনা

হাঁহৰ ওপৰত শিয়াল ৰজা

A fox tries to establish kingship(command) over a duck. Similarly a man tries to establish kingship over a man relatively inferior to him.
দুৰ্বল ব্যক্তিৰ ওপৰত তেওঁতকৈ অলপ সবল ব্যক্তি এজনে নিজৰ ক্ষমতা প্ৰতিপন্ন কৰা৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-07
Idiom ফকৰা-যোঁজনা

অভাগীৰ কপাল, হাঁহ কণীতো কুহূম নোলাল ৷

A situation of extreme bad luck where even the most usual things may also tend to be not happening, e.g. yoke is missing on the egg served to you.
হতভগীয়া জনক দুৰ্ভাগ্যই লগ নেৰে ৷ সদায় ঘটি থকা সাধাৰণ ঘটনাও তেওঁৰ বাবে নঘটা হয় ৷ উদাহৰণ স্বৰূপে, তেওঁক দিয়া কণীটোৰ পৰাও কুহূমটো নোহোৱা হয় ৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা

অইনৰ অইন চিন্তা, বান্দৰৰ কল খোৱাৰ চিন্তা

A selfish person always thinks for fulfilling his own interests and never shows any concern to other`s interest.
স্বাৰ্থপৰ মানুহে সকলো সময়তে কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ কথাহে চিন্তা কৰে; আনৰ স্বাৰ্থ বা কামৰ প্ৰতি কোনো আগ্ৰহ নেদেখুৱায় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা

বাচোঁতে বাচোঁতে গেলা বৰালিত হাত পৰা

To select something inferior after lots of searching and selecting
বহু বিচাৰ বিবেচনা কৰি অৱশেষত কিবা বেয়া নিৰ্বাচন কৰা Contributed by: shekhar borah on 2009-05-08
Idiom ফকৰা-যোঁজনা

আঠুৰ মঙহ বুকুত নেলাগে।

A person cannot be very close to another person who has a highly different set of cultural characters
যেনেদৰে বুকুৰ মঙহ যিমান আপোন, সিমান আপোন আঠুৰ মঙহ হব নোৱাৰে, একেদৰে বিজাতীয় বা পৰ মানুহ কেতিয়াও নিজ মানুহৰ দৰে আপুন হব নোৱাৰে। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা

আপোন ভাল পাগলেও বুজে ৷

Even a fool knows his business.
নিজ স্বাৰ্থ সকলোৱেই বুজি পায়, সি লাগিলে পাগলেই নহওক কিয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা

খালে-খুৱালে ধন নুঢুকায়, শুলে-বহিলেহে ঢুকায় ৷

It is not eating good food that makes one poor, rather the sleepy head makes one poor.
ভাল খাদ্য নিজে খালে বা আনকো খুৱালে মানুহৰ ধন-সম্পত্তি নাইকিয়া নহয়, উপাৰ্জন কৰিবলৈ পৰিশ্ৰম নকৰি শুই-বহি থাকি সময় নষ্ট কৰিলেহে মানুহ নিৰ্ধন হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা

দাঁত নাইকিয়াৰ দাঁত হ’ল, কামোৰ মাৰোঁতেই প্ৰাণ গ’ল৷

inability to enjoy something which has been acquired after a long aspiration
বহু প্ৰত্যাশিত কোনো ফল লাভ কৰাৰ পাছত দুৰ্ভাগ্যবশতঃ শান্তিৰে ভোগ কৰিবলৈ নোপোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2015-02-08
Idiom ফকৰা-যোঁজনা

ক`লিয়াবৰত পৈ মৰিল, ঢেঁকী দিওঁতে মনত পৰিল।

The proverb mean that although the husband was a man of some piety the widow only thought of him after his death at the time of husking paddy.
সুখৰ সময়ত নিজতে ব্যস্ত থকা স্বাৰ্থপৰ লোকে বিপদৰ সময়তহে স্বজনৰ কথা মনত পেলায়। Contributed by: Sitaram Upadhyaya on 2015-02-21
Idiom ফকৰা-যোঁজনা

যমে নিলেও নিয়া, জোঁৱায়ে নিলেও নিয়া

passing off the responsibility to another, after marring off one`s daughter the responsibility of parents decreases.
ছোৱালীৰ বিয়াৰ পাছত মাক দেউতাকৰ দায়িত্ব কমা, অৰ্থাত্ আনলৈ দায়িত্ব হস্তান্তৰ কৰা ৷ Contributed by: Barnali Deuri Bora on 2010-10-11
Phrase খণ্ডবাক্য

আঁঠুৱা চাই ঠেং মেলা

To do something within a limit of one`s capacity.
নিজৰ সামৰ্থ্য অনুসৰি কাম কৰা Contributed by: jaimini bora on 2009-05-03
Idiom ফকৰা-যোঁজনা

লাগে তামোল নালাগে, নালাগে তামোল লাগে

If one stays very closely to another then there bound to be quarrel between them, that their relationship does not sustain. On the other hand, if they stay not very closely their relation will flourish.
গাত গা লগাকৈ তামোল গছ ৰুলে তামোল নালাগে, গাত গা নলগাকৈ ৰুলে তামোল লাগে। অর্থাৎ কাৰোবাৰ সৈতে সম্পৰ্ক বেচি ঘনিষ্ঠ হ’লে তাৰ ফল ভাল নহয় ৷ অলপ দূৰে দূৰে থাকিলে মৰম চেনেহ বাঢ়ে। Contributed by: Syed Sayeedur Rahman on 2008-06-28
Idiom ফকৰা-যোঁজনা

মাউখে উটিলে গুড়ি পৰুৱাৰো মৰণ নাই

If people are united, they can evade any danger.
একতা থাকিলে কোনো জনসমূহ বিপদত নপৰে| Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-02-09
Idiom ফকৰা-যোঁজনা

ধাৰত পৰিলে শিলো উটে, সপোন দেখিলে বুঢ়ায়ো মূতে |

Nothing is impossible. A stable rock can also give way to a strong current of water or even an elderly person can end up urinating in dream like a child
অসম্ভৱ বুলি একো নাই৷ তীব্ৰ পানীৰ সোঁতে শিলকো উটোৱাই নিব পাৰে৷ তেনেদৰে ডাঙৰ মানুহেও সপোন দেখি বিছনাত মুতিব পাৰে৷ Contributed by: Rupankar Mahanta on 2008-03-13
Idiom ফকৰা-যোঁজনা

খঙত পেট কাটি ছমাহলৈ শুকনি খোৱা

Anger is not only harmful to others, but also harms own. So, one should keep him/herself calm so that anger does not harm anyone.
খং মানুহৰ ঘোৰ শত্ৰু৷ বাছিকৈ খং উঠিলে মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায়৷ কেতিয়াবা নিজকে পাহৰি যায়, আৰু কেতিয়াবা এনে হয় যে খঙৰ জালত কি কৰিছে নিজেই ক'ব নোৱাৰা হয়৷ এনে অৱস্থাত কেতিয়াবা আনৰ অনিষ্ট কৰিব নোৱাৰি নিজৰ পেটকে কাটি লয়৷ খং যেতিয়া মাৰ যায়, তেতিয়াহে অনুশোচনা আহে আৰু কৃতকৰ্ম্মৰ বাবে অনুতাপত ভুগিব লগা হয়৷ নিজৰ পেটৰ ঘা শুকুৱাবলৈ পাছত ছ'মাহ বা তাতোকৈ বেছিদিন শুকনি (ঔষধ) খাব লগা হয়৷ ইয়াৰ দ্বাৰা ইয়াকে বুজাব খুজিছে যে খঙৰ জালত মানুহে আনৰ অনিষ্ট সাধন কৰেই, নিজৰো অনিষ্ট সাধন কৰি কষ্টভোগ কৰিব লগা হয়৷ সেইবাবে মানুহে খঙক লাই নিদি সদায় দমাই ৰাখিবলৈ চেষ্টা কৰা উচিত৷ Contributed by: Chandan Kumar Borah on 2011-08-15
Idiom ফকৰা-যোঁজনা

স্বৰ্গদেউৰ ৰাজসভাত বাদুলিয়ে কল খোৱা কথা কোৱা

To say something irrelevant or inappropriate
অবান্তৰ বা অপ্ৰাসংগিক কথাৰ অৱতাৰণা কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা

কিনা হাঁহৰ ঠোঁটলৈকে মঙহ

Something that was bought with money should not be wasted.
মূল্য দি কিনা যি কোনো বস্তুৰ অপচয় অবাঞ্চনীয়| Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-02-09
Idiom ফকৰা-যোঁজনা

সাত পুৰুষত নহ’ল গাই, কঁৰীয়া লৈ খীৰাবলৈ যায় |

Some people boast of themselves in such a way that even if they don`t have resources and skill, they always dream of something big only.
অত্যধিক ফুটনি মৰা মানুহৰ ক্ষেত্রত এই ফকৰা ফাঁকি ব্যৱহাৰ কৰা হয়, যাৰ সামান্য কাম এটা কৰাৰ সামৰ্থ্য নেথাকে কিন্তু সদায় ডাঙৰ কামৰ স্বপ্ন দেখে | এই ফকৰা ফাঁকি ’গাত নাই ছাল বাকলি, মদ খাই তিন টেকেলি’ৰ লগত প্রায় একেই অৰ্থত ব্যৱহাৰ কৰা হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-21
Idiom ফকৰা-যোঁজনা

তল-ওপৰ কৰ

To search something keeping no stone unturned.
অধ্যয়ন, তালাছি আদি কৰোতে পুংখানোপুংখে বিচাৰ-খোচাৰ কৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-13
Idiom ফকৰা-যোঁজনা

বাল ছিঙোতে মহা মৰিল, মই বোলো মহা ৰণত হে পৰিল ৷

Exaggerating a small matter out of proportion.
সৰু কথা এটাকে সজাই পৰাই বহুত ডাঙৰ কৰা ৷ Contributed by: Barnali Deuri Bora on 2010-11-19
Idiom ফকৰা-যোঁজনা

কটাৰী ধৰাবা শিলে, তিৰোতা চলাবা কিলে ৷

This basically explains that one should stick to the recommended ways for doing certain things.
কটাৰী শিলত ঘঁহিলেহে ধাৰ লয় ৷ তেনেদৰে তিৰোতাক বশত ৰাখিলেহে কাম হয় ৷ ইয়াৰ দ্ৱাৰা বুজোৱা হৈছে যে কিছুমান কাম কৰাৰ কিটিপ আছে ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা

খলুৱাক নিদিবা প্ৰশ্ৰয়, ঘৰত শান্তি নিশ্চয় ৷

Do not entertain cunning persons and keep your family life peaceful.
খলুৱা অৰ্থাৎ অ'ৰ কথা ত'ত লগাই ফুৰা লোকক প্ৰশ্ৰয় নিদিলে, পাৰিবাৰিক দন্দ-খৰিয়াল নহয় তথা ঘৰলৈ শান্তি অহাটো নিশ্চিত হৈ পৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা

শুবৰ বেলিকা কুকুৰৰ পায়ুতে মুখখন ৷

Irrespective of its breed, a dog always keeps its mouth nearer to his anus while sleeping. Similarly, even if an evil man tries to cover up his character, ultimately he gets exposed through his misdeeds.
কুকুৰে শোওঁতে সদায় শৰীৰত এনে এটা ভাঁজ দিয়ে যে তাৰ মুখখন পায়ু বা মল্বদ্বাৰৰ ওচৰত থাকে, তেহেলৈ সি যি জাতৰে কুকুৰ নহওক ৷ ঠিক সেইদৰে, অসত্ লোকে যিমানেই লুকুৱাবলৈ চেষ্টা নকৰক, সময়ত প্ৰকৃত চৰিত্ৰ তেওঁৰ কাৰ্য্যকলাপৰ যোগেদি প্ৰকাশ পায় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
Idiom ফকৰা-যোঁজনা

বিধাতাৰ লিখন নেযায় খণ্ডন ৷

Inevitable are the decrees of God.
ঈশ্বৰে যাৰ কপালত যি লিখে সেইয়া কেতিয়াও সলনি কৰিব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

ডাল কাটিলে গছ নমৰে, শিপা কাটিলেহে মৰে ৷

The strong and strict guidance from a warden makes his wards shine in the future, and loose guidance may spoil their future life.
শুভাকাংখী অভিভাৱকৰ শাসন কঠোৰ হ'লেও ল'ৰা-ছোৱালীৰ ভৱিষ্যত বেয়া নহয়, আনহাতে মুখৰ মিঠা মাতেৰে কৰা শিথিল শাসনে পৰোক্ষভাৱে সন্তানৰ ভৱিষ্যত নষ্ট কৰিব পাৰে৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-06-10
Idiom ফকৰা-যোঁজনা

গুত কোব মাৰিলে গালৈকে ছিটিকে ৷

Criticism of ill deeds may harm the critic himself.
গু বা মল-মূত্ৰত কোব মাৰিলে নিজৰ গালৈ ছিটিকে আহিব পাৰে ৷ একেদৰে বেয়া কথা আলোচনা কৰিলে নিজেও তেনে বেয়া কথাৰ সমভাগী হ`বলগীয়া হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-23
Idiom ফকৰা-যোঁজনা

শাকত নাখাই লোণ, পিটিকাত যায় তিনিগুণ |

One should know how to spend and, more importantly where to spend. English sayings: Penny wise pound foolish
ক’ত কিমান খৰচ কৰিব লাগে তাক জনা উচিত ৷ কৃপণে একেৰাহী শাকত বহুত নিমখ লাগিব বুলি সঞ্চয় কৰিবলৈ পিটিকা বনায় খায় ৷ অথচ এবাটি পিটিকাত একেৰাহী শাকত লগা নিমখতকৈ বেচি দিয়ে ৷ Contributed by: Rupankar Mahanta on 2008-03-18
Idiom ফকৰা-যোঁজনা

ছাঁই পেলাওঁতে প্ৰয়োজন ভঙা কুলাৰ ৷

Scapegoat of the family.
ভঙা কুলাৰ পৰিস্কাৰ-পৰিছন্নতা বা সামৰি-সিটৰি ৰখাৰ প্ৰতি কোনেও যত্ন নলয়, কিন্তু চৌকাৰ ছাঁই পেলোৱাৰ সময়ত সেইখন কুলা নহ'লেই নচলে, কাৰণ ছাঁয়েৰে ভৰা চৌকাখন খালি নকৰি চৌকাত জুই ধৰিব নোৱাৰি৷ একেদৰে পৰিয়াল, অনুষ্ঠান আদিৰ কোনো ব্যক্তিবিশেষক আমোদজনক বা সন্মানজনক কামত ভাগ লবলৈ নিদি (বা পৰিয়ালৰ সুখৰ ভাগ নিদি) কেৱল নিৰস- নিৰানন্দদায়ক কামৰ সময় আহিলতহে স্মৰণ কৰা হয়, এনে অৰ্থত ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-08
Idiom ফকৰা-যোঁজনা

অজ্ঞানীক জ্ঞান দি মনত পালোঁ কষ্ট, কণীবোৰ ভঙাই পেলাই বাহো কৰিলোঁ নষ্ট |

The monkey is considered as a very stupid animal. Some birds advised the monkeys to build their home showing their own nests. But the monkeys thought that they were just insulted by the birds by giving this advice and so they broke their eggs and destroyed the nests. Through this proverb, it is said that one should not try to advise a fool, as he may take it otherwise and can cause harm in turn.
বান্দৰ অতি মূৰ্খ প্ৰাণী | বৰষুণত তিতি-বুৰি জুপুৰি দিয়া বান্দৰবোৰক টোকোৰা চৰাইবিলাকে নিজৰ উদাহৰণ দেখুৱাই বাহ সাজিবলৈ উপদেশ দিছিল | কিন্তু মূৰ্খ বান্দৰবোৰে উপহাস কৰা বুলি ভাবি টোকোৰাৰ কণীবোৰো নষ্ট কৰিলে আৰু বাহবোৰো ভাঙিলে | ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে মূৰ্খবোৰক সজ উপদেশ দিবলৈ যাওঁতে কেতিয়াবা সিহঁতে ভুল বুজি উপদেশকাৰীৰহে অনিষ্ট সাধন কৰে | গতিকে মূৰ্খক উপদেশ দিয়াটো অৰ্থহীন | Contributed by: Biraj Kumar Kakati on 2008-03-28
Idiom ফকৰা-যোঁজনা

আগেয়ে আছিলো দোৱেনী-মোৱেনী, গোৱালে বুলিছিল আই; এতিয়া হ’লো লেজ-গোবেৰী, পালতো নিদিয়ে ঠাই ৷

A man in power is shown respect by anyone with the expectation of getting some sort of favour from him. However, the same person is neglected when he loses power.
খীৰতী গাই এজনীয়ে ভালদৰে গাখীৰ দি থকাৰ কালচোৱাত গৰাকীয়ে বৰ আদৰ-যত্ন কৰি পুহি ৰাখে; কিন্তু গাখীৰ নোহোৱা হৈ বেমাৰী হ’লে আলাই-আথানি কৰে ৷ অৰ্থাৎ যাৰ পৰা নিজৰ কোনো লাভ হোৱাৰ সম্ভাৱনা থাকে অথবা যি ক্ষমতাশালী, তেনে লোককহে সকলোৱে আদৰ-সাদৰ কৰে ৷ একেজন ব্যক্তি ক্ষমতাহীন হ’লে কিন্তু কোনোৱে তেওঁক আদৰ নকৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-19
Idiom ফকৰা-যোঁজনা

ৰাতি হ’লে সাত হাল বাই ৰাতিপুৱা এহালো নাই

to plan many things but do nothing.
মনতে নানান পৰিকল্পনা কৰি থাকি সময়ত একো কাম নকৰা | Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-08
Idiom ফকৰা-যোঁজনা

সাজিলে কাচিলে বান্দৰীও সুন্দৰী হয় |

A woman with an unpleasant look may also look beautiful if properly dressed.
ভালকৈ সাজি পাৰি ওলাব জানিলে কুশ্ৰী তিৰোতাও দেখিবলৈ শুৱনি হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা

ধানপুৰীয়া কঁঠাল পাতৰ আঁৰত লুকাল৷

Non-reckoning of someone of great stature among crowds.
মুখ্য বুলি বিবেচিত কোনো লোক হিচাবৰ পৰা বাদ পৰা বা তেনে লোকে বহুতৰ মাজত পৰি বিশেষ আদৰ লাভ নকৰা। Contributed by: Sitaram Upadhyaya on 2015-01-30
Idiom ফকৰা-যোঁজনা

ঠেহ লাগি বেশ পোৱা ৷

Exhibiting annoyance and unhappiness to make someone flexible and emotionally worried and thus becoming successful to obtain desired thing.
ঠেহ লাগিলে সাধাৰণতে পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ প্ৰতি অধিক মৰম প্ৰদৰ্শন কৰে আৰু ঠেহ ভাঙিবলৈ সন্তানে বিচৰা বস্তু যেনে বেশ (পোছাক) আদি আনি দিয়ে ৷ অৰ্থাৎ, সামান্য খং বা অভিমান দেখুৱাই বাঞ্চিত বস্তু, প্ৰতিশ্ৰুতি, পদবী আদি আদায় কৰি লোৱা কাৰ্য্য ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-03-03
Idiom ফকৰা-যোঁজনা

লোণ আনোতে আনোতে পঁইতাই শেষ ৷

To take excessive time to accomplish a work and finishing it when it has no worth.
পঁইতা ভাত সাধাৰণতে লোণ বা নিমখ সানি খোৱা হয় ৷ যদি পঁইতা খাবলৈ বহি কৰোবাক নিমখ আনিবলৈ কোৱা হয় আৰু নিমখ আনোতে ইমান দেৰি লগোৱা হয় যে নিমখ আহি পায় মানে বিনা-নিমখেৰেই ভাত খোৱা শেষ হৈ যায়, তেনেহ`লে দেৰিকৈ অনা নিমখৰ কোনো প্ৰয়োজনেই নেথাকে ৷ সেয়ে এই ফকৰাই প্ৰয়োজনৰ সময়ত হেমাহি কৰি কোনো কাম অযথা দেৰিকৈ কৰা আৰু প্ৰয়োজনত নকৰা কাৰ্য্যক বুজায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-07
Idiom ফকৰা-যোঁজনা

গৰুৱে নেজ ডাঙিলে গোবৰহে ওলায়৷

Cow lift his tail only to yeild excreta. An idiot tries many things yeilding no good result
মুৰ্খই যিয়েই নকৰক ভাল ফল দিব নোৱাৰে৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-19
Idiom ফকৰা-যোঁজনা

ফটা বাঁহ জোৰা নালাগে

a close relationship once severed is impossible to mend.
সম্পৰ্ক বিচ্ছেদ হ'লে পুনৰ মিলন অসম্ভৱ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-28
Idiom ফকৰা-যোঁজনা

কুকুৰক ভুকিবলৈ দে ৷

Let the dogs bark. To go ahead, not caring for the criticisms or hurdles brought about by the rivals/bad wishers or enemies.
শত্ৰু বা প্ৰতিদন্দ্বীৰ উপহাস, সমালোচনা, বাধা আদিক আওকাণ কৰি নিজ পথত অগ্ৰসৰ হ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-10-27
Idiom ফকৰা-যোঁজনা

ভালত ভাল বেয়াত যম কাল

One can expect good manners in lieu of the good manners extended by oneself and vice versa.
ভাল ব্যৱহাৰৰ বিনিময়ত সদায় ভাল ব্যৱহাৰ আৰু বেয়া ব্যৱহাৰৰ বিনিময়ত বেয়া ব্যৱহাৰ পোৱা যায়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা

শুকান জেওৰা খৰি চেপি ৰস উলিওৱা

To extract fun and happiness even if somebody is in a very unhappy and disgusting situation
অতি নিৰস আৰু নিৰানন্দময় পৰিৱেশতো আনন্দৰ পৰিৱেশ সৃষ্টি কৰা । Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-02
Idiom ফকৰা-যোঁজনা

পাঁচো আঙুলিৰে খায়, বুঢ়াই হেঁচুকিলেহে যায়৷

To accomplish a task, we need experience and capability. Without these, all efforts are useless.
কোনো এটা কাম সম্পন্ন কৰিবলৈ অভিজ্ঞতা, শক্তি আৰু সামৰ্থ্যৰ প্ৰয়োজন৷ ইয়াৰ অবিহনে যিমানেই যত্ন কৰা নহওক কিয়, কামটোৰ সফলতা অসম্ভৱ৷ Contributed by: Hemanta Saikia on 2009-03-01
Idiom ফকৰা-যোঁজনা

বাটত পালো কমাৰ দা গঢ়াই দিয়া আমাৰ৷

To get something done without prior planning, taking advantage of suddenly meeting someone on the way.
বাটতে কাৰোবাক লগ পাই সেই সুযোগ গ্ৰহণ কৰি নিজৰ অভীষ্ঠ সিদ্ধি কৰা৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2016-04-14
Idiom ফকৰা-যোঁজনা

অসতীৰ লগত সতীৰো মতিভ্ৰম হয় ৷

Bad company may lead you astray.
অসৎ সঙ্গই সকলোকে প্ৰভাৱিত কৰি আনকি সাধুৰ মনতো অসৎ প্ৰবৃত্তিৰ জন্ম দিব পাৰে ৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা

চেনেহৰ চুমাই নাকটি ছিঙিলে ৷

Something done by a well-wisher may also sometimes bring in unexpected sufferings.
কেতিয়াবা হিতে-বিপৰীত হৈ কোনোবাই মৰমতে ভাললৈ বুলি কৰা কামৰো অশুভ ফল হ’ব পাৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা

কাপোৰ তিতিলে, সাঁতোৰ হ`লেই কি ?

If one loses prestige, it hardly matters whether it is lost partially or fully.
তৰাং পানীৰ নদী, নিজৰা, খাল আদি পাৰ হওঁতে মানুহে পিন্ধা কাপোৰ উজাই লৈ পানীত নামে যাতে কাপোৰ তিতি নেযায় ৷ কিন্তু যদি পানী ইমান বেছি থাকে যে পাৰ হওঁতে কাপোৰ তিতিয়ে যায়, তেন্তে পানী আৰু বেছি হৈ সাঁতোৰ দিব লগীয়া হ`লেও বিশেষ লোকচান নহয় ৷ অৰ্থাৎ লাজ-সন্মানৰ হানি হ`লে কমকৈ বা বেছিকৈ বুলি কোনো কথা নেথাকে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-09
Idiom ফকৰা-যোঁজনা

লুইতেহে জানে ব`ঠা কিমানলৈ বয়

One who is bestowed with responsibility can know how difficult is to carry out responsibilities and an irresponsible person can never fathom the difficulties.
লুইতৰ বুকুত নাৱৰীয়াই নাও বাওতে ব`ঠাখন যেনি তেনি বায় আৰু লুইতৰ গভীৰতাৰ উমান নাপায়। অর্থাৎ যাৰ মূৰত দায়িত্ব থাকে তেওঁহে জানে দায়িত্বভাৰ চলোৱা কিমান কঠিন, আনে ইয়াৰ উমান নাপায়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Idiom ফকৰা-যোঁজনা

সাতোঁৰ সাতোঁৰ বাউসীত বল সাঁতুৰিব নোৱাৰিলে যা ৰসাতল৷

Keep swimming till you have strength in arms; else you will get drowned.
দেহত শক্তি থাকে মানে কাম কৰি যাব লাগিব৷ অন্যথা জীৱনৰ যৱনিকা পৰিব৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-21
Idiom ফকৰা-যোঁজনা

খাহীৰ তেল বাঢ়ে মানে গিৰিহঁতলৈকে আয়

The outcome of a good work done by one can benefit his relations and associates.
এজনে কৰা ভাল কামৰ ফল তেওঁৰ আত্মীয় তথা তেওঁৰ সৈতে জড়িত আন লোকেও ভোগ কৰিবলৈ পায় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা

ৰজাই ভাল বোলে যাক, হাতী ঘোঁৰা নালাগে তাক

One, who has blessings of the king or the man in power, can do anything easily without help or support from others.
যি ক্ষমতাশালী লোকৰ আশীষ ধন্য, তাৰ সকলো কাম সহজে হয় | তাক কাৰো একো সহায়ৰ প্ৰয়োজন নাই | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা

গোঁজেই গঁজালি হোৱা

A temporary living in a place turning into a permanent settlement.
অস্থায়ীভাৱে আৰম্ভ কৰা বসতিয়ে স্থায়ী ৰূপ ধাৰণ কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা

মন কৰিলেই ছন বাকৰি মাটিতে ধন

With strong will power and determination one can achieve any tough goal. English synonym : When there is a will there is a way
কষ্ট কৰিলে যিদৰে ছন পৰা মাটিত শস্য উৎপাদন কৰিব পাৰি, সেইদৰে মনৰ দৃহতা থাকিলে যিকোনো কঠিন কামেই সমাধান কৰিব পাৰি | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-15
Idiom ফকৰা-যোঁজনা

পো-নাতি লয় আতি, জী-নাতি জপনা কাতি

Grandchildren from son`s side gets priority whereas grandchildren from daughter`s side are ignored.
পুতেকৰ ল’ৰা-ছোৱালীক গুৰুত্ব দিয়ে, অথচ জীয়েকৰ ল’ৰা-ছোৱালীক অৱজ্ঞা কৰে। Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-15
Idiom ফকৰা-যোঁজনা

কাকো পৰে তালো সৰে

Many a times two incidents may happen due to mere coincidence, but usually it is thought that the occurrence of one incident is the result of the occurrence of the other.
তালগছত কাউৰী পৰাৰ লগে লগে তাল সৰি পৰা দেখি মানুহে ভাবে যে কাউৰীজনী পৰাৰ কাৰণেহে তালটো সৰি পৰিল, প্রকৃততে এইটো এটা সংযোগহে। একেদৰে বহুসময়ত আমি কোনো ভাল বা বেয়া উপলব্ধি বা ঘটনাৰ বাবে কোনো ব্যক্তি বিশেষ বা কোনো কথাক তাৰ কাৰক হিচাপে ধৰি লওঁ, কিন্তু সিবোৰ কেৱল সংযোগবশত সংঘটিত হব পাৰে। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-29
Idiom ফকৰা-যোঁজনা

লাওপাত কচুপাত মুখ

Expert in arguments.
বৰকৈ আৰু কটু কথাৰে থিতাতে কোনো কথাৰ উত্তৰ দিব পৰা স্বভাৱ ৷ তৰ্ক কৰাত পাকৈত ব্যক্তি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-22
Idiom ফকৰা-যোঁজনা

ওঁঠ চেপিলে গাখীৰ ওলাব ৷

A man of the early age when wants to do the activities of an elderly.
কম বয়সৰ মানুহে বলে নোৱাৰা কাম কৰিবলৈ গ\'লে বা উফাইদাংমৰা কথা ক\'লে বয়োজ্যেষ্ঠজনে এনেদৰে কয় ৷ অৰ্থাৎ তেনে কাম কৰাৰ বা কথা কোৱাৰ বয়স এতিও হোৱা নাই ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-12
Idiom ফকৰা-যোঁজনা

কথা বুলিলেই বতাহ

Rumor spreads as fast a wind.
ইজন-সিজনৰ কাণ বাগৰি কথা একোটা অতি কম সময়ৰ ভিতৰতে বতাহৰ গতিত বিয়পি পৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-02
Idiom ফকৰা-যোঁজনা

মন কৰিলেই চন ৷

Where there is a will there is a way.
প্ৰবল ইচ্ছা বা মন থাকিলে মানুহে নিজৰ কাম সিদ্ধি কৰিবলৈ উপায় বিচাৰি উলিয়ায়, অজুহাত দেখুৱাই কাম পেলাই নথয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা

বগা ভাত দেখিলে কাউৰীৰ আকাল নোহোৱা ।

There is no dearth of acquisitive people where wealth abounds.
ধন সম্পত্তি দেখিলে পৰ প্ৰত্যাশী লোকৰ অভাৱ নোহোৱা । Contributed by: Anjali Sonowal on 2008-07-16
Idiom ফকৰা-যোঁজনা

যাৰ লোণ খোৱা তাৰ গুণ গোৱা ৷

Never fall out with your bread and butter.
মানুহে যাৰ দ্বাৰা জীৱিকা অৰ্জন কৰে তাৰ বিৰুদ্ধাচৰণ কেতিয়াও কৰা উচিত নহয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Riddle সাথৰ

ক্ষমতা লোভেই চূড়ান্ত লোভ ৷

Once someone fulfills his/her desire to become rich, his desire becomes stronger to fulfill sexual requirements and finally he/she becomes desirous to obtain power in the society.
মানুহে প্ৰথমে ধনলোভ কৰে, তাৰ পাছত যৌনলোভ কৰে আৰু সৰ্বশেষত ক্ষমতাশালী হ'বলৈ লোভ কৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা

দেহা থাকিলেহে বেহা

Health is wealth. One cannot be successful in any business without a healthy body and mind.
সুস্বাস্থ্য অবিহনে মানুহে কোনো কাম সুকলমে সমাপন কৰিব নোৱাৰে | শৰীৰ সুস্থ হ’লেহে মানুহে বেহা-বেপাৰ কৰি অৰ্থ আৰ্জন কৰিব পাৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-05
Phrase খণ্ডবাক্য

পলাই পত্ৰং দে ৷

To abscond, flee or escape.
শাস্তি আদিৰ পৰা বাচিবলৈ, বিচাৰি পাব নোৱাৰাকৈ পলাই অন্তৰ্ধান হ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-28
Idiom ফকৰা-যোঁজনা

যেতিয়ালৈকে শ্বাস, তেতেইয়ালৈকে আশ ৷

1) While there is life, there is hope. 2)A drowning man catches a straw.
মানুহে মৰাৰ আগমুহূৰ্তলৈকে আশা এৰি নিদিয়ে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

ওঁঠ চেলেকি থাক ৷

To wait curiously to have some desired material, food, respect, status, power etc.
কিবা আকাংখিত বস্তু, খাদ্য, ক্ষমতা, মৰ্যাদা, ধন আদি পাবলৈ উদগ্ৰীৱ হ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা

ঈশ্বৰে কৰিলে লীলা, মানুহে কৰিলে কিলা ।

The transgressions of the great are winked at while those of the lowly are punished.
ভগৱান শ্ৰীকৃষ্ণই লীলা কৰিলে দোষ ধৰোঁতা নাই । কিন্তু মানুহে একে কামকে কৰিলে অপৰাধ বুলি ধৰা হয় । অৰ্থাৎ উচ্চপদস্থ জনে অপৰাধ কৰিলেও ধৰোঁতা নাই । কিন্তু নিম্ন স্তৰৰ কোনোবাই সাধাৰণ অপৰাধ বা ভুল এটা কৰিলেই শাস্তি বিহা হয় । Contributed by: Anjali Sonowal on 2008-08-20
Idiom ফকৰা-যোঁজনা

কুকুৰ স্বৰ্গলৈও যাব পাৰে, পিচে বাটতে জ্ঞাতিয়ে পায় কাৰণেহে ..

One can do great things only if he is able to get rid of bad company and vices.
অসত্‍ সঙ্গ বা বদ্‌ অভ্যাস ত্যাগ কৰিব পাৰিলেহে মানুহে মহত্‍ কাম কৰিব পাৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-19
Phrase খণ্ডবাক্য

হাত লৰ ৷

The habit of stealing, a thief.
চুৰি কৰাৰ স্বভাৱ বা মানসিকতা, চোৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা

পৈয়েকে বুলিলে কাজী, মন ভাল লাগিছে আজি৷

When a husband appreciates his wife, she feels very happy. Likewise if someone is appreciated by an unexpected person, he feels happy.
সাধাৰণতে পৈয়েক আৰু ঘৈণীয়েকৰ মতৰ অমিল হয় আৰু সৰু-সুৰা খৰিয়ালৰ সৃষ্টি হৈয়েই থাকে। তেনে স্থলত ঘৈণীয়েকক যদি গিৰীয়েকে কেতিয়াবা প্ৰশংসা কৰে মনটো বৰ ভাল লাগে। ঠিক সেইদৰে, আশা নকৰাকৈ কাৰোবাৰ প্ৰশংসাৰ পাত্ৰ হ`লে মনত বৰ আনন্দ পোৱা যায়। Contributed by: Sitaram Upadhyaya on 2015-03-22
Idiom ফকৰা-যোঁজনা

নেকান্দালৈকে মাকেও কেচুৱাক গাখীৰ নিদিয়ে ৷

Nothing can be achieved without making proper demand, cry or claim.
যদিও মা হ'ল সন্তানৰ বাবে আটাইতকৈ শুভাকাঙ্খী ব্যক্তি, তেও কান্দিলেহে মাকে কেচুৱাৰ ভোক লাগিছে বুলি বুজি পায় আৰু সেইমতে গাখীৰ দিয়ে ৷ অৰ্থাৎ এই পৃথিৱীত আন্তৰিকতাৰে নিবিছৰালৈকে কোনো বস্তু এনেয়ে পাব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-07
Idiom ফকৰা-যোঁজনা

তাঁতীৰে কাপোৰে জগতখন জুৰিলে, তথাপি তাঁতীৰ গা উদি

The clothes woven by a weaver is used by others but at times the weaver himself may have to remain without clothes due to hardship. Similarly, a person who helps and supports others may himself become totally helpless at times.
তাঁতীয়ে বোৱা কাপোৰ পৰিধান কৰি সকলো শুৱনি হয়, অথচ আৰ্থিক অনাটনৰ বাবে তেনে তাঁতীয়ে নিজে খালী দেহাৰে থাকিব লগীয়াও হয় ৷ ঠিক সেইদৰে, আনৰ উপকাৰ কৰি ফুৰা ব্যক্তিৰ হাতত কেতিয়াবা নিজৰ কাৰণে একোৱেই নথকা অৱস্থা হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-04-10
Idiom ফকৰা-যোঁজনা

ভুকুতে কল নপকে

It is fruitless to expect results before time.
সকলো কাৰ্য্য সম্পূৰ্ণ হোৱাৰ এটা সময় থাকে, তাকে নামানি অসময়ত ফলাফল বিচৰা অফলপ্ৰসূ হয়| Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-02-09
Idiom ফকৰা-যোঁজনা

মেলিলে মন ঘোঁৰাৰ চুটি, বান্ধিলে মন শিলৰ খুটি ৷

If someone cannot control his mind, his aspirations know no bounds. On the other hand, a determined person never deviates from his path, come what may.
নিজৰ মন বান্ধি ৰাখিব নোৱাৰিলে হাবিয়াস বাঢ়ি গৈ থাকে ৷ আনহাতে যি দৃঢ়-সংকল্প, তেওঁৰ মন শিলৰ খুটিৰ দৰে; কোনো কথাই তেওঁক লৰাব নোৱাৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-02
Idiom ফকৰা-যোঁজনা

আদা বেপাৰীয়ে জাহাজৰ খবৰ লোৱা

To show interest on irrelevant or unnecessary matters
অদৰকাৰী কথাৰ প্ৰতি মনোযোগ দিয়া Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা

লোকৰ কান্ধত বন্দুক থৈ গুলি কৰা

To perpetrate some mischievous act or crime through someone else for fulfilling one`s own interest so that he can escape of its responsibility or blame.
নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আনৰ হতুৱাই কোনো অসত্ কাম কৰোৱা, যাতে নিজে দোষৰ ভাগী নহয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10
Idiom ফকৰা-যোঁজনা

ভালেহে পায় ভালক, জাৱৰে পায় খালক

Good man gets good company. Similarly, bad one's gets bad company.
ভাল মানুহ বা ভাল বস্তুৱে ভাল সঙ্গ বা পৰিবেশ পায় ৷ বেয়া মানুহ বা বেয়া বস্তুৱে বেয়া সঙ্গ বা পৰিবেশ পায় ৷ Contributed by: Rupankar Mahanta on 2008-03-19
Idiom ফকৰা-যোঁজনা

ৰজাই কৰিলে লীলা |
প্রজাই কৰিলে ধৰি বান্ধি কিলা ||

It explains the bias attitude of law towards powerful and common people. Powerful people gets escape after committing some mistake but a common man gets punishment for the same mistake
ক্ষমতাশীল ব্যক্তিয়ে দোষ কৰিলে সেয়া তেওঁৰ কীৰ্তি কৰ্ম বুলি ৰেহাই পায় | কিন্তু সাধাৰণ মানুহে সেই একে কাম কৰিলে শাস্তি ভুগিব লগা হয় বা আইনৰ চকুত দোষী সাব্যস্ত হয়| ইয়াৰ দ্বাৰা অন্ধ আইনৰ পক্ষপাতিত্ব-মূলক ভূমিকাক বক্ৰোক্তি কৰা হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-16
Idiom ফকৰা-যোঁজনা

তিনি গধুলি তৰিছে তাঁত, পৈয়েকৰ নিছে উজুটিত দাঁত

Waste time unnecessary at the time of work and rush nearer the dateline.
কামৰ সময়ত অযথা ৰং ৰহইচ কৰি সময় কটাই গধুলি কাম দেখুৱাই খদম্দ‌ম কৰি দেখুওৱা৷ Contributed by: Bikram M Baruah on 2025-01-26
Idiom ফকৰা-যোঁজনা

হাতী চোৰ আগে আগে যায় বেঙেনা চোৰক ধৰি কিলায়

a big thief or criminal does not get caught or fall in trouble, only small thieves fall in trouble
ডাঙৰ অপৰাধী ধৰা নপৰে, সৰু-সুৰা অপৰাধীবোৰ হে ধৰা পৰে Contributed by: Abdul Wahab on 2008-06-05
Idiom ফকৰা-যোঁজনা

হাতীৰ গালৈ তৰাৰ ফৰ্মুটি

One cannot cause any harm to an elephant by throwing a small twig. Similarly, without appropriate efforts no problem can be solved.
শক্তিবান হাতী এটাৰ গালৈ তৰা গছৰ ফৰ্মুটি মাৰি যেনেকৈ হাতীৰ কোনো ক্ষতি কৰিব নোৱাৰি, ঠিক সেইদৰে যথোপযুক্ত প্ৰচেষ্টা অবিহনে কোনো সমস্যা সমাধান কৰিব নোৱাৰি৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-11-05
Riddle সাথৰ

হাবিত কাহে, ওলাই নাহে ৷

There is sound (coughs) inside the forest, but it is not revealing (coming out). Answer is: Axe.
কুঠাৰ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-07-29
Idiom ফকৰা-যোঁজনা

ৰান্ধনী উচটাই জোল খোৱা

Buttering someone to get one`s own interest fulfilled.
ৰান্ধনিক মিঠা মিঠা কথা কৈ ৰন্ধাৰ সোৱাদ লোৱা, অৰ্থাৎ কোনো মানুহক কিবা কাম কৰিবলৈ বুদ্ধি দি নিজৰ স্বাৰ্থ সিদ্ধি কৰা। Contributed by: Barnali Deuri Bora on 2010-10-28
Idiom ফকৰা-যোঁজনা

চকুত ধূলি দে / মাৰ্ ৷

To throw dust in one's eye, or to betray.
মিছা কথা বা কৰ্মৰে মানুহক প্ৰতাৰিত কৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

ডাঙৰৰ হ’লে লীলা, সৰুৰ হ’লে বান্ধি ধৰি কিলা

If a powerful or influential person commits something wrong, people are afraid to point out or raise voice, however, if weak person commits the same, he is punished.
ডাঙৰ বা সামৰ্থবান লোকে বেয়া কাম কৰিলেও মানুহে বা সমাজে তাত মাত মাতিবলৈ বা দোষ ধৰিবলৈ ভয় কৰে৷ কিন্তু একে দোষতে সৰু অৰ্থাৎ যোত্ৰহীনজনক শাস্তি দিয়া হয়৷ Contributed by: Bikram M Baruah on 2025-03-01
Idiom ফকৰা-যোঁজনা

আয় কালত ব্যয় নাই, মৰণৰ কালত আহূদি নাই

In time of plenty you had very little means to spend and enjoy. But when you need it most, resources become scarce.
আৰ্জনৰ উপায় থকা সময়ত বিষেশ ব্যয় নহয়, কিন্তু যেতিয়া নাতনি হয়, তেতিয়াহে প্ৰয়োজনো বাঢ়ে৷ Contributed by: Rupankar Mahanta on 2009-12-11
Idiom ফকৰা-যোঁজনা

ধিং মাৰিলে মণিকুট পোৱা৷

Joining unwillingly in some work for the sake of show only.
আনক দেখোৱাবলৈ অনিচ্ছাকৃত ভাৱে কোনো কামত ভাগ লোৱা৷ Contributed by: Sitaram Upadhyaya on 2014-12-20
Idiom ফকৰা-যোঁজনা

ফাল কাটোঁতেই মাহৰ বতৰ গ`ল৷

Every task has to be accomplished at the appropriate time. If we neglect or delay in doing it in time, we cannot expect to achieve the desired goal.
কাঠ কাটি নাঙলৰ ফাল তৈয়াৰ কৰি থাকোঁতেই যদি বহুদিন লগোৱা হয়, তেন্তে মাহৰ খেতি কৰাৰ বতৰ উকলি যাব৷ অৰ্থাৎ সময়ৰ কাম সময়ত নকৰি এলাহ বা অৱহেলা কৰিলে ঈপ্সিত ফল পাব নোৱাৰি৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-10-28
Idiom ফকৰা-যোঁজনা

অধিক মাছত বগলী কণা

When there are lots of options available, it becomes difficult to select one.
বহু বিকল্প থাকিলে, কোনো এটা নিৰ্বাচন কৰাত অসুবিধা হয় Contributed by: Bikram M Baruah on 2008-02-22
Idiom ফকৰা-যোঁজনা

যথা দয়া তথা ধৰ্ম, যথা লোভ তথা পাপ; যথা ক্ৰোধ তথা নাশ, যথা ক্ষমা তথা আপ ৷

Where there is no kindness, there is no religion; if there is lust, there will prevail sin; where there is anger, it will follow
দয়া নাথাকিলে ধৰ্ম নহয়, লোভ-লিপ্সা বাঢ়িলে পাপ কৰ্ম বাঢ়ে, খঙৰ দ্বাৰা বিনাশ হয় আৰু ক্ষমাৰ জৰিয়তে কোনো ব্যক্তিয়ে আপ বা আপোনাক/নিজক মানুহৰ মনত প্ৰতিষ্ঠা কৰিব পাৰে আৰু নিজৰ অস্তিত্ব যুগমীয়া কৰিব পাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-12-16
Idiom ফকৰা-যোঁজনা

নাঁৱৰীয়া পোৱালীহে নাঁৱত টোকৰ মাৰিলেই গম পাওঁ

To understand one's own profession.
নিজৰ বৃত্তিক খুব ভালদৰে বুজি পোৱা৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-11
Idiom ফকৰা-যোঁজনা

ৰৌ-বৰালিলৈ আশা কৰি পুঠি-খলিহণাও নোপোৱা ৷

To be over ambitious and the act of overlooking the small opportunities in the expectation of bigger opportunities and thus ending up with no achievement at last.
মাছ মাৰিবলৈ গৈ, ৰৌ-বৰালিৰ দৰে ডাঙৰ মাছ জালত উঠিলেহে ধৰিম বুলি, সহজতে জালত উঠা পুঠি-খলিহণাৰ দৰে সৰু মাছবোৰ এৰি দিলে অৱশেষত কোনো মাছেই পোৱা নেযাব পাৰে ৷ একেদৰে ডাঙৰ সুবিধা-সুযোগ, লাভ, মুনাফা আদি পোৱাৰ আশা কৰি অনায়াসে হাতলৈ অহা সৰু-সুৰা সুযোগ-সুবিধাবোৰ গ্ৰহণ নকৰিলে পিছলৈ পস্তাব লগা অৱস্থা হয়৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-10-18
Idiom ফকৰা-যোঁজনা

আইয়ে চাই মুখলৈ, তিৰোতাই চাই হাতলৈ ৷

A saying exemplifying unconditional affection between mother and child. When you come home, your mother will look at your face while your wife will look at your hands to find what you have brought for her. This indicates that the mother is more concerned about his son`s well-being.
যেতিয়া মানুহজন ঘৰলৈ আহে, মাকে মুখলৈ অৰ্থাৎ স্বাস্থ্যলৈ লক্ষ্য কৰে, কিন্তু ঘৈণীয়েকে হাতলৈ অৰ্থাৎ ধন সম্পত্তি, বয়-বস্তু কিবা আনিছে নেকি তালৈহে লক্ষ্য কৰে৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা

স্থান হেৰালে মান হেৰায় ৷

If one changes his/her place of residence or working field, he/she has to lose social status and respect.
নিজৰ থকা ঠাই অথবা কৰ্মক্ষেত্ৰ সলনি কৰিলে মানুহে সামাজিক প্ৰতিপত্তি আৰু মান-মৰ্য্যাদা হেৰুৱাব লগীয়া হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-01
Idiom ফকৰা-যোঁজনা

বাঘৰ আগতেল খোৱা

rowdy, unruly or uncontrollable
অতি দুষ্ট, তীখৰ; যেনে: বাঘৰ আগতেল খোৱা ল’ৰাটোক লৈ মাকৰ বৰ চিন্তা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-30
Idiom ফকৰা-যোঁজনা

চৰুক সুধি চাউল বহোৱা

To take suggestion from one for whom somebody is making some arrangements.
যাৰ বাবে কোনো আয়োজন কৰা হয়, তেওঁকে সুধি পৰামৰ্শ লোৱা | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-13
Phrase খণ্ডবাক্য

টঙালি বান্ধ ৷

To be in firm determination for achieving the goal.
গন্তব্য স্থানত উপনিত হ\'বলৈ বা উদ্দেশ্যত সফল হ\'বলৈ দৃঢ়ভাবে মন স্থিৰ কৰ্৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-11
Idiom ফকৰা-যোঁজনা

কথা ক’লেই লাগিল পাক, বাৰজনী গৈছিল পানী আনিবলৈ, তেৰজনীৰ কাটিলে নাক ৷

The proverb points out to how rumours spread and how a small story grows when it spreads from one to another.
মানুহৰ মুখ বাগৰি কথাই পাক লয় ৷ বিশেষকৈ কোনো অপবাদ বা কেলেঙ্কাৰীৰ কাহিনী মুখে-মুখে বাঢ়ি অতিৰঞ্জিত ৰূপ লয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা

বামুণে চিন্তে ভালক, বহুৱাই চিন্তে কালক |

To ignore or refuse to accept help or support from others.
আনৰ পৰা উপকাৰ বা সহায় ল’বলৈ অথবা আনৰ সজ পৰামৰ্শ গ্ৰহণ কৰিবলৈ অস্বীকাৰ বা উপেক্ষা কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-09
Idiom ফকৰা-যোঁজনা

একে কাঠি কাঁড়ে সাতোটা সিংহক মাৰিলো লোকক নকলো লাজে, ছমাহ খাপ দি নিগনি এটা মাৰিলে তাতে ধনঞ্জয় ঢোল বাজে ৷

A person who exaggerates much and gives publicity about a trifle
আহোম ৰজাৰ দিনত, ৰাজ্য বিজয়ৰ পাছত বিজয়োল্লাসৰ চিন হিচাবে ’ধনঞ্জয়’ ঢোল বজাইছিল ৷ অৰ্থাত্‍ সৰু কাম এটা কৰিয়েই গোটেইখন ঢোল পিটি ফুৰা ৷ Contributed by: Barnali Deuri Bora on 2010-11-15
Idiom ফকৰা-যোঁজনা

ৰজা নাইকিয়া খাটত, ধৰি কিলায় বাটত৷

When the reign of a country is vested to an unworthy administrator, anarchism and lack of law & order prevails all around.
দুৰ্বল প্ৰশাসকৰ হাতত দেশৰ শাসন ন্যস্ত হ`লে অৰাজক অৱস্থাৰ সৃষ্টি হয় আৰু আইন-শৃঙ্খলা বিঘ্নিত হয়৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-03-07
Idiom ফকৰা-যোঁজনা

কুলত বন্তি জ্বলা ৷

To increase the prestige of a family or dynasty.
পৰিয়াল বা বংশৰ সন্মান, গৌৰৱ আদি বঢ়া ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

কাক ক’ম কোনে পতিয়াব, যাক ক’ম সিয়ে লঠিয়াব ৷

The unsteady mind of a person having some mental conflict within himself.
মানসিক অন্তৰ্দ্বন্দত ভোগা মানুহৰ মনৰ উগুল-থুগুল অৱস্থা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-02
Idiom ফকৰা-যোঁজনা

মাংস খালে মাংস বাঢ়ে, ঘৃত বাঢ়ে বল; দধি খালে আয়ু বাঢ়ে, শাকত বাঢ়ে মল ৷

Eating meat helps to build muscles, lipids like ghee give energy, regular taking of curd can increase longevity and green vegetables keep the bowel clear.
মাংস খালে মানুহৰ শৰীৰৰ গঠন ভাল হয়, ঘিঁউ খালে শক্তি বৃদ্ধি পায়, নিয়মীয়াকৈ দৈ খোৱা মানুহৰ আয়ুস বৃদ্ধি হয় আৰু শাক বেছিকৈ খালে শৌচ খোলোছা হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-24
Idiom ফকৰা-যোঁজনা

সাগৰত আছিল পঞ্চ জলাশঙ্খ, নেগুৰীয়া শামুকে ক’লে ময়ো তাৰে বংশ

The bigger conches of the sea are considered sacred and used by the priests to blow in religious ceremonies and to offer libations to the gods, but the small snails are not given any importance. The tendency of some people to establish and show his relationship to powerful or famous people with an intention to glorify himself has been equated to the small snail telling that it belongs to the family of the big conch.
সাগৰীয় জলাশঙ্খ আদৰৰ বস্তু কাৰণ ইয়াক মাঙ্গলিক অনুষ্ঠানত বজাবলৈ বা আহুতি দিবলৈ ব্যৱহাৰ কৰা হয় ৷ কিন্তু সাধাৰণ শামুকৰ কোনো আদৰ নাই ৷ সাধাৰণ শামুকে নিজকে জলাশঙ্খৰ বংশধৰ বুলি দাবী কৰাৰ দৰে কিছুমান মানুহে নিজৰ গুৰুত্ব বঢ়াবলৈ ডাঙৰ মানুহৰ সৈতে থকা নিজৰ আত্মীয়তা দেখুৱাবলৈ চেষ্টা কৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Phrase খণ্ডবাক্য

পানী খোৱা পুখুৰীত বিহ ঢলা

To cause harm to someone intentionally. (Mostly used in negative sense)
ইচ্ছাকৃতভাৱে আনৰ অপকাৰ কৰা ৷ (সাধাৰণতে নেতিবাচক অৰ্থত ব্যৱহাৰ হয় ৷ যেনেঃ কিনো তাৰ পানী খোৱা পুখুৰীত বিহ ঢালিলোঁ যে সি মোক মাত-বোল নকৰা হ’ল ৷) Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-13
Idiom ফকৰা-যোঁজনা

ওৰণি ল`লেই তিৰী সতী নহয় ৷

The honesty and sincerity of a person cannot be endorsed by his few good work.
কোনো নাৰীয়ে কেবল উৰনি লৈ নিজক সতী বুলি সাব্যস্ত কৰিব নোৱাৰে আৰু একেদৰে কোনো ব্যক্তিয়ে এটা-দুটা ভাল কাম কৰিয়ে নিজক সমাজত সৎ মানুহ বুলি প্ৰতিষ্ঠা কৰিব নোৱাৰে ৷ অথবা দুই-এটা ভাল কাম দেখিয়েই কোনো ব্যক্তিক সৎ চৰিত্ৰবান মানুহ বুলি ধৰি ল'ব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-22
Idiom ফকৰা-যোঁজনা

মাক ভালেই জীয়েক জাতি ।

Natures and characteristics of a mother is reflected on her daughter. So it is said that the daughter is good when the mother is good.
এগৰাকী মাকৰ আচাৰ ব্যৱহাৰ ,আচৰণ জীয়েকৰ গাত প্ৰতিফলিত হয় ।সেয়ে মাক ভাল হলে জীয়েকো ভাল হয় বুলি প্ৰবাদ আছে । Contributed by: Anjali Sonowal on 2008-07-02
Idiom ফকৰা-যোঁজনা

নগৰত জগৰ লগা/লগোৱা

To over-react on a silly matter.
অতি সাধাৰণ কথা এটাতে অতিমাত্ৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-13
Idiom ফকৰা-যোঁজনা

ঢোলৰ দৰে নহৈ ভৰা কলহৰ দৰে হোৱা ৷

Empty vessel sounds much.
ঢোলৰ ভিতৰখন ফোপোলা, অকমান স্পৰ্শ কৰিলেই ডাঙৰকৈ শব্দ কৰে, আনহাতে পানীৰে ভৰা কলহে মৰিয়ালেও বিশেষ শব্দ নকৰে ৷ সেয়ে কোৱা হৈছে যে, যি মানু্হ ঢোলৰ দৰে ফোপোলা, জ্ঞানহীন সেই মানুহে নিজৰ গুণ নিজে গাই ফুৰে আৰু সামন্য কথাতে বাজি উঠে (কাজিয়া লাগে); কিন্তু যি মানুহ জ্ঞানী, সেই মানুহ ধীৰ-স্থীৰ হয়, ধৈৰ্যশীল হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা

ফটা হওক, চিটা হওক, পাটৰ টঙালি; কণা হওক, কুঁজা হওক, ভূঞাৰ পোৱালি |

Silk cloths are considered valuable even when torn and a person of Bhuyan family commands respect even if he is blind or has an arched back. It means that social recognition of a person often depends on his family background.
ফটা-চিটা হ’লেও পাটৰ টঙালিৰ আদৰ আছে, ঠিক তেনেকৈ কণা-কুঁজা হ’লেও ভূঞা বংশজাত লোকৰ সামাজিক মৰ্যাদা আছে | অৰ্থাত্‍ মানুহৰ সামাজিক প্ৰতিপত্তি বহুক্ষেত্ৰত বংশ পৰিচয়ৰ ওপৰতো নিৰ্ভৰ কৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা

জোলোঙাৰ মেকুৰী বাহিৰ ওলাল

Let the cat out of the bag : A secret is being disclosed
আচল কথাটো বা সত্যটো এতিয়াহে প্ৰকাশিত হ’ল Contributed by: Rupankar Mahanta on 2008-09-04
Idiom ফকৰা-যোঁজনা

অপ্ৰিয় সত্য নোকোৱাই ভাল ৷

Do not speak an unpleasant truth.
অপ্ৰিয় সত্য কবলৈ গ'লে আপোনজনো ৰুষ্ট হোৱাৰ আশংকা থাকে, সেয়ে অপ্ৰিয় সত্য নোকোৱাই ভাল ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা

মাছৰ তেলেৰে মাছ ভজা

To cheat somebody by flattering with resources taken from the victim himself.
কাৰোবাৰ পৰা লোৱা সামগ্রীৰে তেওঁকে তোষামোদ কৰি ঠগী খোৱা Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-07
Idiom ফকৰা-যোঁজনা

ধোদৰ পচলা ৷

An extremely idle, sluggish or lethargic person.
অতিকৈ এলেহুৱা ব্যক্তি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা

অংগাৰঃ শতধৌতন মলিনত্বং ন মুঞ্চতি ৷

1. Black will take no other hue. 2. The leopard cannot change his spots. 3. An Ethiopian will not change his skin.
কয়লা শতবাৰ ধুলেও তাৰ ময়লা নেযায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা

খাৰ খোৱা জিভা, ওলায় কিবা কিবা ৷

This idiom is used by the speaker of a undesired or unspeakable truth to make an excuse, as if the truth has come out spontaneously without intention.
কলাখাৰ অসমীয়াৰ এক প্ৰিয় খাদ্য ৷ কোনো অপ্ৰিয় বা নক’বলগীয়া কথা কওঁতাই নিজৰ দায় সাৰিবলৈ এই যোজনাটো প্ৰয়োগ কৰে, যেন তেওঁ কোৱা কথাষাৰ অনিচ্ছাকৃতভাৱে আপোনা-আপুনি ওলাই গ’ল ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-17
Idiom ফকৰা-যোঁজনা

লোণৰ চোকা খাব পাৰি, মাতৰ চোকা খাব নোৱাৰি ৷

One can tolerate excess of salt in the diet, but none can tolerate harsh words of others.
খোৱা বস্তুত নিমখৰ পৰিমাণ বেছি হ’লেও সহিব পাৰি, কিন্তু আনৰ টান কথা কোনেও সহ্য কৰিব নোৱাৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা

চাপৰিলে মেঘ নাঁতৰে৷

No excuse can cover up a misdeed or unlawful activities.
যেনেদৰে চাপৰি বা কুঁজা হৈ বৰষুণৰ পৰা হাত সাৰিব নোৱাৰি, একেদৰে দোষ বা অন্যায় কৰিলে সৰু সুৰা অজুহাত দেখুওয়াই হাত সাৰিব নোৱাৰি। Contributed by: Dr. Armaan U. Muzaddadi on 2008-09-26
Idiom ফকৰা-যোঁজনা

কেও মৰে ছালে-হাঁড়ে, কেও মৰে মঙহ ভাৰে |

What a diverse fate of human beings on earth! While some people die of hunger and malnutrition, others die due to over-eating.
পৃথিৱীত মানুহৰ কেনে বিচিত্ৰ জীৱন ! কোনোৱে খাবলৈ নাপাই হাঁড়ে-ছালে লাগি মৰে আৰু আন কোনোৱে মঙহৰ ভৰত মৰে অৰ্থাত্‍ অধিক ভোজনৰ ফলত মৃত্যু মুখত পৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা

দুষ্টৰ একাল, সন্তৰ সৰ্বতিকাল

Powerful corrupt people may earn a place in the society only till they are in power, but a good human being will always be respected for his values.
ক্ষমতাশালী দুৰ্নীতিপৰায়ণ লোকে নিজৰ প্ৰভাৱ থকালৈকেহে নিজৰ অনৈতিক কাৰ্য্যকলাপ চলাই থাকিও সমাজত বৰ মানুহ বোলাই থাকিব পাৰে৷ কিন্ত সজ লোক সমাজত সদায় সন্মানীয় ৷ Contributed by: Barnali Deuri Bora on 2010-10-13
Riddle সাথৰ

জলত জন্ম, স্থলত বাস মাকে চুলে হয় নাশ৷

Born in water, lives in earth. Disapperear when tauch by mother. Ans: Common salt.
সেন বা নিমখ৷ সাগৰৰ পৰা আহৰণ কৰা হয়৷ পানীত পৰিলে গলি নোহোৱা হয়৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-11
Idiom ফকৰা-যোঁজনা

আ কৰিলেই আল জিভা দেখা

When someone can understand the meaning of speech as soon as it is spoken
কথা এটা কোৱা মাত্ৰই ভালদৰে অৰ্থ বুজি পোৱা সামৰ্থ Contributed by: Dr. Armaan U. Muzaddadi on 2012-11-04
Idiom ফকৰা-যোঁজনা

ওৰণিৰ তলতেই জাৰজৰ জন্ম হয় ৷

Too much politeness is a cause of concern.
অসৎ তিৰোতাই অস্বাভাবিকভাবে দীঘল ওৰণি লৈ সমাজক সতীত্বৰ চানেকি দি পৰপুৰুষৰ লগত অবৈধ সম্পৰ্ক স্থাপন কৰে আৰু জাৰজ সন্তান জন্ম দিয়ে ৷ অৰ্থাৎ অতি ভক্তি চোৰৰ লক্ষণ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-12-16
Idiom ফকৰা-যোঁজনা

আলিবাটত চালি ধৰা

To wander here and there without doing anything
কাম-বন নকৰি ধুন মাৰি ফুৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-03
Idiom ফকৰা-যোঁজনা

উঠি পৰি লাগ ৷

To be up and doing.
ফল নোপোৱালৈকে নেৰানেপেৰাকৈ চেষ্টা কৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

কটা ঘাত / গেলাত টেঙা দিয়া অথবা কটা ঘাত চেঙা তেল দিয়া

To inflict physical or mental injury to someone, who has been already suffering.
দুখ-কষ্ট ভোগ কৰি থকাজনক অধিক কষ্ট দিয়া Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা

চোৰ গলে বুদ্ধি বৰষুণ গলে জাপি

It is fruitless, even if someone makes hard effort or tries to shows cleverly attitude after passing over of any danger or accident . He should do it on proper time
এটা বিপদ বা অঘটন হৈ যোৱাৰ পিছত তাক প্ৰতিহত কৰাৰ বাবে লোৱা যিকোনো প্রচেষ্টা অৰ্থহীন হৈ পৰে। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা

জ্বলা জুইত ঘিঁউ ঢলা

To raise the anger of a person by telling undesirable things when he is already very angry.
ইতিপূৰ্ব্বে ক্ৰোধান্বিত হৈ থকাজনক তেওঁ বেয়া পোৱা কথা কৈ অধিক খং তোলা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-28
Idiom ফকৰা-যোঁজনা

আলালৰ ঘৰৰ দুলাল ৷

The spoilt child of a rich parent.
ধনী মাক-দেউতাকৰ অতিৰিক্ত মৰমৰ বাবে স্বভাৱ নষ্ট হোৱা সন্তান ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা

এনেও কাণী তেনেও কাণী, ভালকৈ দিওঁ শাকত পানী

Everyone gets a chance of taking revenge.
যিহেতু সদায় কাণী কাণী বুলি হাঁহি থাক, সেই বদনামৰ দোহাই দিয়ে শাকত সৰহকৈ পানী দি তহঁতক পনীয়া শাক খাবলৈ বাধ্য কৰি আজি পোটক তোলোঁ৷ Contributed by: durlav gogoi on 2012-04-04
Idiom ফকৰা-যোঁজনা

ইয়াতে মাৰিলো টিপা, গড়গাওঁ পালেগৈ শিপা

Those who have good relations with the power or the king, can get anything done on their behalf even without their physical presence.
ৰজাঘৰৰ সৈতে সুসম্পৰ্ক থকা মানুহে অতি সহজতে নিজৰ কাৰ্যসিদ্ধি কৰিব পাৰে | তাৰ কাৰণে তেওঁলোক নিজে ৰজাঘৰলৈ যোৱাৰো প্ৰয়োজন নাই | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা

আমে বান, কঠালে ধান ।

Too many mangoes in trees bring flood and too many jack fruits paddy.
যিটো বছৰত আমে বেছিকৈ মলিয়াই /আম গছত ফুল বেছিকৈ হয় সেই বছৰত সেয়া বানপানী হোৱাৰ আগজাননি বুলি কোৱা হয় আৰু যিটো বছৰত কঠাল গছত বেছিকৈ কঠাল হয় সেই বছৰত ধানৰ খেতি ভাল হয় বুলি প্ৰবাদ আছে । Contributed by: Anjali Sonowal on 2008-09-05
Idiom ফকৰা-যোঁজনা

ওকণি খেদিবলৈ মূৰ কাটিব নোৱাৰি ৷

We cannot spend million dollars to solve a problem of penny.
মূৰত ওকণি হ\'লে তাক নিৰ্মূল কৰিবলৈ মূৰটোকে কাটি পেলোৱাটো কেতিয়াও এক উপায় হ\'ব নোৱাৰে ৷ সেয়েহে সৰু-সুৰা সমস্যা সমাধান কৰিবলৈ ডাঙৰ মূল্য ভৰিবলগীয়া হ\'লে এনেদৰে কোৱা হয়৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-22
Idiom ফকৰা-যোঁজনা

তেলীৰ মূৰত তেল

To help someone who already has everything instead of someone who is needy.
সুবিধাভোগী জনকে অধিক সুবিধা প্ৰদান কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Idiom ফকৰা-যোঁজনা

ইমানদিনে শুই থাকিল নাকত তেল দি, আজি হেনো ভাৰস্তখন উদ্ধাৰিব সি ৷

This saying is used to ridicule someone when he/she becomes unusually active and shows excessive haste after spending a long period of time lazily.
বহুসময় অবাবত নষ্ট কৰাৰ পাছত, কোনো ব্যক্তিয়ে হঠাৎ কৰ্মতৎপৰতা দেখুৱালে এনেদৰে কৈ উপলুঙা কৰা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-22
Idiom ফকৰা-যোঁজনা

চ’ত বিহুলৈ ছমাহ থাকোতেই হাত মেলি নাচ ।

To express pleasure before the cause for it materialises.
আনন্দৰ কাৰণ নৌহওঁতেই আনন্দ প্ৰকাশ কৰ । Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-07-28
Idiom ফকৰা-যোঁজনা

চোৰক মোৰে পালে, লোকো মামৰে খালে ৷

A thief can get outsmarted in his own trade. Similarly an iron bar, which is known for strength and longevity, can also fell to rust. This indicates everything in this word is fallible
গভাইত চোৰো ধৰা পৰে, তেনেদৰে লোহাও মামৰ লাগি বেয়া হৈ যায় ৷ অৰ্থাৎ এদিন সকলোৰে পতন সম্ভৱ ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা

দাৰে কাটিলেও কটা, গাডীৰে কাটিলেও কটা

the fact that a crime is committed is more important than how it is committed.
ধাৰ থকা দা এখনেৰে ঘপিয়ালেও কটা যাব, বা ধাৰ নথকা গাডীৰে বাৰে বাৰে ঘপিয়ালেও কটা যাব ৷ কোনোবাই যদি অপৰাধ কৰিছে, তেনেহ’লে সি দোষী ৷ দোষটো কেনকৈ কৰিছে সেইটো ডাঙৰ কথা নহয় ৷ Contributed by: Rupankar Mahanta on 2008-09-04
Idiom ফকৰা-যোঁজনা

উত্তৰে গাজিলে মাৰিবা লৰ, দক্ষিণে গাজিলে জানিবা খৰ। পূৱে গাজিলে থাকিবা শুই, পশ্চিমে গাজিলে নুমাবা জুই ৷

This proverb depicts weather conditons and what action one should take. If the sky is opening up in the north, then one should run back home as rain is evident. If sky has opened up in the south, then you can relax. Similarly, if it is in the east, it is going to last for days. If it is happening in the west, then a thunderstorm is likely occur and therefore one should put out open fires.
উত্তৰ ফালে মেঘে গাজিলে বৰষুণ হোৱাটো খাটাং, গতিকে ঘৰলৈ লৰ মাৰিব লাগে ৷ দক্ষিণে গাজিলে সাধাৰণতে বৰষুণ নহয়, গতিকে নিশ্চিন্তমনে থাকিব পাৰি ৷ ঠিক তেনেকৈ, পূব দিশত মেঘে গাজিলে কেইবাদিনো নেৰানেপেৰাকৈ বৰষুণ হোৱাৰ আৰু পশ্চিমে গাজিলে ধুমুহা অহাৰ সম্ভাৱনা থাকে ৷ Contributed by: Rupankar Mahanta on 2009-12-11
Phrase খণ্ডবাক্য

অলপ পানীৰ মাছ

a person with little power or strength
সামান্য শক্তি বা ক্ষমতাৰ অধিকাৰী Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-03
Idiom ফকৰা-যোঁজনা

তুমি হ’লা বাৰৰে, আমি হ’লো তেৰৰে

Reluctance to accept superiority of others over oneself.
কোনো কথাতে আনতকৈ পিচ পৰি থাকিব নোখোজা বা আনৰ ওচৰত সেও মানিব নোখোজা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা

চাকিৰ গুৰিটো (বা তলটো) আন্ধাৰ

An earthen lamp illuminates a room, but it's base is deprived of the light and remains dark. This implies that nobody is perfect. Everyone has a some shortcomings in their life.
সকলোৰে কিবা নহয় কিবা দোষ বা বিচ্যুতি থাকে ৷ এইটো সত্য কেৱল সাধাৰণ মানুহৰ বাবেই নহয়, সমাজৰ সফলতম ব্যক্তিজনৰ বাবেও ই প্ৰযোজ্য৷ Contributed by: Rupankar Mahanta on 2008-09-04
Idiom ফকৰা-যোঁজনা

এলাগীক নকৰিবা হেলা, এলাগীয়েহে তৰিব বিপদৰ বেলা

A person should not be judged by external appearance alone, an ugly looking person may be highly qualified or talented
দেখাত সুন্দৰ লোকৰ প্ৰতি মানুহৰ স্বভাৱজাত দুৰ্বলতা থাকে ৷ কিন্তু অশুৱনি লোকে গুণ থাকিলেও আদৰ নাপায়৷ সেয়েহে কোৱা হৈছে যে বাহ্যিক চিকমিকনিত ভোল যোৱাতকৈ মানুহৰ গুণৰহে মূল্যায়ন কৰা উচিত৷ Contributed by: Barnali Deuri Bora on 2010-10-26
Phrase খণ্ডবাক্য

পচলাত দাঁত ভগা

To suffer in doing a trifling act.
একেবাৰে সহজ কাম কৰিবলৈ গৈ অশেষ কষ্ট পোৱা৷ Contributed by: Susanta Borgohain on 2011-08-29
Idiom ফকৰা-যোঁজনা

কাণ টানিলে মূৰ অহাৰ ভয়

While pulling by the ear, one`s head also gets pulled. It means- while attempting to gossip on the affairs of someone, there is a chance of revelation of some bigger truth.
কাণখনত টান মাৰিলে মূৰটোও টান খায়৷ অৰ্থাৎ কাৰোবাৰ সৰু কথা বা দোষ এটা খুচৰিবলৈ চেষ্টা কৰোঁতে কেতিয়াবা কোনো ডাঙৰ তথ্য ফাদিল হোৱাৰ ভয় থাকে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-05-18
Idiom ফকৰা-যোঁজনা

ঢিলা পাই ঠিলা মৰা

To cause harm to someone or to fulfil one's selfish interest taking advantage of his/her weakness
কাৰোবাৰ দুৰ্বলতাৰ সুযোগ লৈ অপকাৰ কৰা বা নিজৰ স্বাৰ্থ পূৰণ কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-12-15
Idiom ফকৰা-যোঁজনা

বিপদ গ’লে, সম্পদ আহে ৷

After rain comes fair weather.
বিপদ আতৰি গ’লে মানুহে মনপুতি কাম কৰিব পাৰে, সেয়ে সম্পদ বা ঐশ্বৰ্য্য অহাৰ পথ মুকলি হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

পানীত পৰা মানুহে লেজু এডালকো খামুচি ধৰে ৷

A man falling in deep waters tries to come out even by grasping a piece of chord. Similarly, a person in crisis remains ready to accept any kind of help to overcome it.
পানীত পৰি ককবকাই থকা মানুহ এজনে সমুখত জৰী এডাল দেখিলেও খামোচ মাৰি ধৰে; জানোচা তাৰ সহায়ত কেনেবাকৈ পানীৰ পৰা উঠিব পাৰে ৷ ঠিক সেইদৰে, বিপদত পৰা মানুহে তাৰ পৰা উদ্ধাৰ পাবলৈ যিকোনো ধৰণৰ সহায় গ্ৰহণ কৰিবলৈ প্ৰস্তুত থাকে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-06
Idiom ফকৰা-যোঁজনা

নল মৰি গজালি ওলায়

Recurrence of a problem after incomplete solution of the same
নলনি ভাঙি মানুহে খেতিৰ পথাৰ মোকলায়৷ কিন্তু তেনেকৈ খোলা পথাৰত ৰৈ যোৱা নলৰ অৱশিষ্টৰ পৰা পুনৰ গজালি ওলায় আৰু কিছু বছৰ খেতি নকৰিলেই নলেৰে পথাৰ ভৰি পৰে৷ এনে ক্ষেত্ৰত পথাৰখন সম্পূৰ্ণভাবে নলমুক্ত কৰিবলৈ হ’লে নলৰ অৱশিষ্টবোৰ সমুলঞ্চে নিঃশেষ কৰাতো অতিকে বাঞ্চনীয়৷ ঠিক তেনেদৰে আমাৰ সমাজত কিছুমান সমস্যা সম্পূৰ্ণৰূপে সমাধান নকৰিলে পুনৰ মূৰ দাঙি উঠাৰ সম্ভাৱনা থাকে৷ “নল মৰি গজালি ওলায়” এই জতুৱা ঠাঁচটোৱে পৰোক্ষভাৱে উক্ত ধাৰণাকেই প্ৰতিফলিত কৰে৷ Contributed by: SUDARSHAN GOGOI on 2016-01-29
Idiom ফকৰা-যোঁজনা

খাল খান্দি কুম্ভীৰ অনা ৷

To invite one's own problem which arises from betrayal from trusted ones.
কোনোবা পৰক মৰম কৰি আপোনৰ দৰে সহায়-সাৰথি কৰাৰ পাছত, সেই মানুহে যদি শত্ৰুতা কৰে, তেনে ক্ষেত্ৰত প্ৰয়োগ হয় ৷ অৰ্থাৎ নিজৰ বিপদ নিজে চপাই লোৱা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা

কঁকালেহে জানে চুৰিয়াৰ ফেৰ

A person can judge about the suitability or quality of anything only after using it.
চুৰিয়া বা ধুতিৰ ফেৰ বা প্ৰস্থ কিমান হ’লে পিন্ধিবলৈ সুবিধা হ’ব, সেইটো নিৰ্ভৰ কৰে পিন্ধোঁতাৰ কঁকালৰ জোখৰ ওপৰত ৷ যিকোনো চুৰিয়া এখন পিন্ধি চালেহে যেনেকৈ তাৰ ফেৰ কিমান জানিব পাৰি, ঠিক তেনেকৈ যিকোনো বস্তু ব্যৱহাৰ কৰাজনেহে তাৰ দোষ-গুণৰ বিষয়ে ভালকৈ জানে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
Idiom ফকৰা-যোঁজনা

ঢেঁকী সৰগলৈ গলেও ধান বানিব লাগে।

Ones work portfolio can not be changed even he goes to a new place.
ঢেঁকীৰ কাম ধান বনা। সৰগলৈ গলেও তাৰ কামৰ কোনো পৰিবৰ্তন নহয়। সেইদৰে যি ব্যক্তিৰ যি কাম, সি স্থানভেদে পৰিবৰ্তন নহয়। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-20
Idiom ফকৰা-যোঁজনা

হ’ব ছলি বুলিব বাপ, তেহে গুচিব মনৰ তাপ

Wishing deeply and waiting eagerly for something to happen in future
সুদূৰ ভৱিষ্যতে কিবা এটা হ’ব বুলি আশা কৰি ৰৈ থকা Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2010-02-22
Idiom ফকৰা-যোঁজনা

ৱক্তত কৰি কাম, লগুৱাৰো বৰ নাম ৷

Even a disciplined and punctual slave can become a famous personality in future.
সময়ৰ কাম সময়ত কৰি, একালৰ লগুৱা অৰ্থাৎ চাকৰেও আনকালত নামী-দামী মানুহ হ'ব পাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা

বুৰে প্ৰতি শেলেকু ৷

One cannot expect to get beneficial and uniform results from every similar attempt.
বিল বা পুখুৰীৰ পানীত বুৰ মাৰি, এবাৰ বা দুবাৰ শেলেকু উঠাব পাৰিলে বুলি প্ৰতি বুৰতে শেলেকু পোৱা নেযায় ৷ একেদৰে সংযোগবশতঃ কোনো কামৰ ভাল পৰিণাম পালেও, একেধৰণৰ কামৰ বাবে তেনে ফল বা পৰিণাম প্ৰত্যেক বাৰ পাব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-23
Idiom ফকৰা-যোঁজনা

আলহীলৈ বুলি হাঁহ মাৰি ঘৰে-ঘৰোৱাহে খায় ৷

To use something prepared or gathered for others to serve one's own purpose.
আনক আপ্যায়িত কৰিবলৈ বা আনৰ কাৰণে গোটোৱা বস্তু নিজৰ কামত লগোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-17
Idiom ফকৰা-যোঁজনা

বোকাতহে পদুম ফুলে ৷

Like the lotus blooming on marshy land, an intelligent or good child can be born even in a very poor or downtrodden family.
পদুম ফুল বোকাত ফুলাৰ নিচিনাকৈ দুখীয়া বা অৱহেলিত লোকৰ ঘৰতে জ্ঞানী বা সুসন্তানৰ জন্ম হ’ব পাৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা

অৰ্থই অনৰ্থৰ মূল৷

Money is the principal factor associated with all disputes, tussles and sufferings in the society.
মানৱ সমাজত দেখা দিয়া ভুল বুজাবুজি, হাই-কাজিয়া আৰু বিলাই-বিপত্তিৰ মূল কাৰণ হ’ল টকা-প‍ইচা | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-05
Idiom ফকৰা-যোঁজনা

বৰকৈ মুখ মেলিলে কোৱাৰি ফাটে ৷

If someone opens his mouth too much, there is a chance of tearing of the angle of his lips. Similarly out of greed, if someone tries to get more than his need, there is always a possibility of facing trouble.
মুখখন বৰ বেছিকৈ মেলিলে দুই ওঁঠৰ জোৰা ফটাৰ সম্ভাৱনা থাকে ৷ সেইদৰে লোভৰ বশৱৰ্তী হৈ প্ৰয়োজনতকৈ বেছি বিছাৰিলে বিপদৰ সন্মুখীন হোৱাৰহে সম্ভাৱনা থাকে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-28
Idiom ফকৰা-যোঁজনা

খাই পাত ফলা ৷

To be an ingrate.
উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা, অকৃতজ্ঞ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা

অতিপাত শলাগনি ফুচুলনিৰ চিন, আঁপুনি আঁতৰি যাবা কৰি তাক ঘিণ ৷

If someone is very willing to agree on whatever you say, there may be some ulterior motive behind it. One should avoid such persons.
তোষামোদকাৰীয়ে যিকোনো কথাতে হয়ভৰ দি থাকে ৷ কিন্তু তাৰ অন্তৰালত তেনে লোকৰ অভিসন্ধি লুকাই থাকে ৷ সেয়ে তেনে লোকক এৰাই চলা উচিত ৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা

আৰ্জে নন্দ গোৱালে, খায় বোন্দা শিয়ালে ৷

The act of enjoying the fruits of hardwork done painstakingly by someone else.
এজনে কষ্ট স্বীকাৰ কৰি কৰা ভাল কামৰ ফল আনজনে বিনা পৰিশ্ৰমে উপভোগ কৰা ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10
Idiom ফকৰা-যোঁজনা

জ্ঞানীক বুজাবা ঠাৰে-চিয়াঁৰে, অজ্ঞানীক বুজাবা থিয় কিলেৰে

An erudite person can understand things on a simple hint, but it is very difficult to make a stupid understand even a simple fact.
জ্ঞানী লোকে সাধাৰণ ইঙ্গিততে জটিল কথা এটাও বুজি পায়, কিন্তু অজ্ঞানীজনক মাৰি-পিটিও বুজোৱা টান Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Idiom ফকৰা-যোঁজনা

ভেঁটিত তিতা লাউ গজা

to face misfortune [Usually used when throwing a curse on someone.]
অমঙ্গল হোৱা বা অশুভ দিন উপস্থিত হোৱা [সাধাৰণতে গালি-শপনি বা শাওপাত দিওঁতে ব্যৱহাৰ হয়; যেনে: তাৰ ভেঁটিত তিতা লাউ গজক৷] Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-06-17
Idiom ফকৰা-যোঁজনা

নাই পো লনী, নাই পো ধনী; নাই পো গোঁফে, নাই পো মুখে

An incompetent or amateurish person
কোনো কামতে পাৰদৰ্শী নোহোৱা অৰ্থাত্‍ অকামিলা লোক Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Idiom ফকৰা-যোঁজনা

গছত গৰু উঠা আৰু হোলোঙাৰে কাণ খজুৱা কথা

useless absurd ideas
নাভূত নাশ্রুত/অবান্তৰ কথা Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Phrase খণ্ডবাক্য

কপালৰ ঘাম মাটিত পেলা

to engage in strenuous hardwork
কঠোৰ পৰিশ্ৰম কৰ্ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-04
Idiom ফকৰা-যোঁজনা

আপোনাৰ মন যেনে, সকলোকে দেখে তেনে ৷

One who has ill feelings in his mind thinks that everyone is like him and suspects even an honest person.
যাৰ নিজৰ মনত বেয়া ভাৱ থাকে, সি আনকো তেনে বুলিয়েই ভাৱে ৷ কলুষিত মনৰ মানুহে সাধু লোককো সন্দেহ কৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-05
Idiom ফকৰা-যোঁজনা

লাও যিমানেই ডাঙৰ নহওক, সদায় পাতৰ তল ৷

In spite of having talents or intellectual excellence, a dependent cannot express them properly. (Earlier it was used to indicate the social status of a woman.)
প্ৰতিভা অথবা জ্ঞান-গৰিমাৰে পৰিপূৰ্ণ হ’লেও পৰাধীন লোকে সেইবোৰ প্ৰকাশ কৰাৰ সুবিধা নাপায় ৷ (আগেয়ে এই পটন্তৰটি নাৰীৰ সামাজিক অৱস্থান বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল ৷) Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-26
Phrase খণ্ডবাক্য

ডলাৰ বগৰী

having no fixed habitation.
স্থান-স্থিতি নথকা, ডলাৰ বগৰীৰ দৰে বাগৰি ফুৰা লোক৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-08-20
Idiom ফকৰা-যোঁজনা

অভাৱেই আৱিষ্কাৰৰ মূল

Necessity is the mother of invention.
কোনো এটা বস্তুৰ অভাৱ অনুভৱ কৰিলে মানুহে সেই অভাৱ পূৰণ কৰিবলৈ উপায় বিচাৰি ন ন আৱিষ্কাৰ কৰিবলৈ সক্ষম হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Phrase খণ্ডবাক্য

আইধৰ্-বাইধৰ্ লাগ্

to be in a bewildered or helpless state
আকস্মিক বেমাৰৰ প্ৰকোপ বা বিপদ কালত নিৰুপায় হ Contributed by: Pankaj Jyoti Mahanta(পংকজ জ্যোতি মহন্ত) on 2011-03-27
Idiom ফকৰা-যোঁজনা

ঈশ্বৰে যি কৰে ভালৰ অৰ্থেই কৰে ৷

What God wills is for good.
মানু্‌হৰ জীৱনত ঘটা প্ৰতিটো ঘটনাৰ কিবা নহয় কিবা অৰ্থ থাকে আৰু তাৰ দ্বাৰা ভুক্তভোগীজন উপকৃত হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা

নকলেও নোৱাৰোঁ ফটা মুখ, ক’লেও লাগে ভকতৰ দোষ

To invite hatred from others by telling the truth
মুখৰ আগত সত্য কথা কৈ আনৰ অপ্ৰিয়ভাজন হোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা

হস্তীৰো পিছলে পাও, সজ্জনৰো বুৰে নাও।

Even a great person may commit an error of judgement.
ডাঙৰ বা মহৎ লোকৰো কেতিয়াবা কোনো কথাত ভুল হ'ব পাৰে ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা

চাপৰিলে মেঘ নেৰায়৷

By lowing your head, one can not get rid of cloud. By avoiding one can not get rid of problems.
সমস্যাক আওকান কৰিলে, ই আতৰি নাযায়৷ সমস্যাৰ মুখামুখি হব লাগিব৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-20
Idiom ফকৰা-যোঁজনা

মাহৰ মাৰ দেখি তিলে বেঁত মেলা

One may confess about his misdeeds out of fear, if he witnesses the process of punishment being given to someone else.
মাহ আৰু তিল দুয়োবিধকে একেদৰে কোবাই বীজ উলিয়াব লগা শস্য৷ মাহক কোবোৱা দেখি তিলে তাৰ বীজ নিজেই উলিয়াই দিয়া বুলি কোৱাৰ পৰা ইয়াকে বুজাব বিচাৰিছে যে, কাৰোবাৰ শাস্তি দেখি আন মানুহে নিজেই নিজৰ দোষৰ সৈ কাঢ়ি দিয়ে৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Phrase খণ্ডবাক্য

কপাল ফুট্ ৷

To meet with a misfortune.
দূৰ্ভাগ্য উদয় হ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা

ৰাম ভাল ৰাম ভাল, ৰাম নহয় যম কাল

Some people are believed to be honest. But after knowing some of his indecent act, the faith on him goes way.
কোনো লোকক কেতিয়াবা ভাল বুলি ভাবি থকা যায়। কিন্তু পাচত তেনে ব্যক্তিৰ কু-কৰ্ম ধৰা পৰিলে তেওঁৰ বিষয়ে থকা ধাৰণা সলনি হয়। Contributed by: Hemanta Saikia on 2009-02-28
Idiom ফকৰা-যোঁজনা

মাছ মূৰৰ পৰাই গেলে ৷

Success of any work mostly depends on efficient leadership. When the leaders or those at the helm of affairs indulge in corruption and illegal acts, slowly it percolates down to all others.
যিকোনো কামৰ সফলতা মূলতঃ সবল নেতৃত্বৰ ওপৰত নিৰ্ভৰ কৰে ৷ মুৰব্বী বা নেতাই যেতিয়া দুৰ্নীতি বা অনিয়মত লিপ্ত হয়, লাহে-লাহে ই বাকী সকললৈও প্ৰসাৰিত হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-06
Riddle সাথৰ

ক্ষয় নেযায় লাগিলে, ভয় নেখায় শিকিলে ৷

A skill, fame, business, tradition etc. never rust when they are honed regularly; similarly a person never worries or get afraid of to start a new venture when he has detailed knowledge about his/her work or subject and keeps his/her knowledge is updated with continuous learning process.
মানুহে যদি কোনো ব্যৱসায়, ভাল বংশ-পৰম্পৰা, জীৱিকা, কাৰ্যদক্ষতা, কুশলতা, সুখ্যাতি, কাম আদিত নিয়মিতভাবে লাগি থাকে, তেনেহ\'লে সেয়া কেতিয়াও বিনষ্ট নহয় ৷ আনহাতে, কোনো বিষয়, কাৰ্য, অৰ্হতা আদি ভালদৰে শিকা থাকিলে, তেনে বিষয় আদিত আগবাঢ়িবলৈ কেতিয়াও ভয় নেলাগে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা

নিজৰ ঢোল নিজেই বজোৱা

One who praise himself/herself.
বাহাদুৰি মৰা৷ নিজৰ গুণ নিজে বখনা লোক৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-02
Idiom ফকৰা-যোঁজনা

ছোৱালীৰ চিকণ যোগী, গাইৰ চিকণ মুগী; ডাইলৰ চিকণ মাটি, শয়নৰ চিকণ পাটি; টেঙাৰ চিকণ ঔ, মাছৰ চিকণ ৰৌ; সমন্ধৰ চিকণ বৌ, বাচনৰ চিকণ টৌ; শাকৰ চিকণ লাই, মুদ্ৰাৰ চিকণ পাই; জলাৰ চিকণ আদা, চেনেহৰ চিকণ দাদা; কথাৰ চিকণ ৰস, চাকৰৰ চিকণ বশ; ফলৰ চিকণ কল, হোঁকাৰ চিকণ নল; মুখৰ চিকণ গুৱা, টোপনিৰ চিকণ পুৱা; পানীৰ চিকণ পানীপৰুৱা, মাছৰ চিকণ মোৱা; বিয়াৰ চিকণ বৰকইনা, হোমৰ চিকণ ধোঁৱা ৷

These sayings describes the best of everything in various aspects of our daily life.
এই তুলনাবোৰে দৈনিক জীৱনৰ বিভিন্ন বিষয়ত উত্তম বস্তুৰ আভাস দিয়ে ৷ যেনে মাটি ডাইলৰ সোৱাদ ডাইলৰ ভিতৰত সৰ্ব্বোত্তম ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা

মৰণ কালত ঔষধ নাই৷

No medicine is effective at the time of death.
জন্ম মৃত্যু আৰু বিবাহ বিধিৰ লিখন বুলি কোৱা হয়৷ গতিকে মৃত্যুৰ সময়ত কোনো দৰবেই কাম নিদিয়ে৷ Contributed by: Sitaram Upadhyaya on 2014-12-20
Idiom ফকৰা-যোঁজনা

লোভেই পাপ, পাপেই মৃত্যু |

Too much greediness is bad, sometimes it can lead to someones death .
বেছিকৈ লোভ কৰা বেয়া স্বভাৱ | কেতিয়াবা বেছিকৈ লোভ কৰিলে মৃত্যু পৰ্য্যন্ত হ'ব পাৰে | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Phrase খণ্ডবাক্য

ঊনৈশত বা বলাই ফুৰা

To be in great excitement
অতিপাত উত্ৰাৱল হোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-09
Riddle সাথৰ

মাতিলে কুকুৰ, নেমাতিলে ঠাকুৰ।

One should attend the marriage parties, meetings etc with whole- hearted interest once he/she is invited or otherwise sitting at home is the best way to save reputation.
নিমন্ত্রণ পালে বিয়া সবাহ আদিলৈ অতি আগ্রহেৰে যোৱাটোতে সন্মান, অথচ নিমন্ত্রণ নেপালে ঠাকুৰৰ দৰে ঘৰত বহি থকাটোহে উচিত। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-30
Idiom ফকৰা-যোঁজনা

হাতত নাই কণটো, বৰসবাহলৈ মনটো |

Aiming high without sufficient resources.
হাতত ফুটাকড়ি এটাও নোহোৱাকে বৰ বৰ কামলৈ মন মেলা স্বভাৱ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Phrase খণ্ডবাক্য

কপাল মুকলি হ

to become fortunate
ভাগ্য উদয় হ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-04
Idiom ফকৰা-যোঁজনা

গোঁসাই ঘৰত কোন, মই কল খোৱা নাই ৷

To expose one`s own misdeeds while trying to cover or hide something.
বেয়া কাম কৰি লুকুৱাব খোঁজোতে নিজৰ কথাতে পাক খাই ধৰা পৰি যোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Riddle সাথৰ

যাক অপচন্দ কৰোঁ, তাৰ চলন বেঁকা ৷

Faults are thick where love is thin.
মানুহে কাৰোবাক বেয়া পালে, সেই ব্যক্তিৰ গাত সদায় দোষ বিচাৰি ফুৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

ধনৱন্তৰ মিছা শুনিবলৈ ইচ্ছা৷ দুখীয়াৰ উচিত শুনিবলৈ কুৎচিত৷

A wealthy man is always respected whether he is right or wrong because of his wealth. On the other hand a poor man is always neglected because of his poor economical condition.
সমাজত ধনী-মানী ব্যক্তিক উচ্চ স্থান দিয়া হয় আৰু সঁচ-মিছা সকলো কথায় নতশীৰে মানি লোৱা হয়৷ আনহাতে দুখীয়াই সত্য বা ভাল কথা কলেও তাক তুচ্ছ জ্ঞান কৰা হয়৷ Contributed by: Sitaram Upadhyaya on 2014-11-30
Idiom ফকৰা-যোঁজনা

একতাই পৰম বল

Unity is the greatest strength.
এক হৈ কাম কৰিলে অসাধাৰণ জটিল কামো সুকলমে কৰিব পৰা যায় Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-27
Phrase খণ্ডবাক্য

থিতাপি ল ৷

To inhabit in a place permanently.
কোনো স্থানত নিগাজিভাবে বসবা্স কৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-11
Idiom ফকৰা-যোঁজনা

গছত তুলি গুৰি কটা

To instigate someone to do something and then going against it.
কোনো এটা কাম কৰিবলৈ আগবঢ়াই দি পাচত বিৰুদ্ধাচৰণ কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা

টোপোলাৰ ঘৰলৈ টোপোলা যায়; ৰ ৰ টোপোলা তোলৈকো চায় ৷

One cannot receive gifts again and again without reciprocating it.
কাৰোবাক টোপোলা বা উপহাৰ দিলেহে নিজেও উপহাৰ পাব পাৰি ৷ একপক্ষীয়ভাবে উপহাৰ সদায় পাই থাকিব নোৱাৰি, সেয়ে উপহাৰ দিয়াৰ অভ্যাস কৰিব লাগে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-20
Idiom ফকৰা-যোঁজনা

মাটিত থ'লে পৰুৱাই খায়, মূৰত থ'লে ওকণিয়ে খায় |

To take care of someones beloved with utmost delicacy.
বৰ আলসুৱাকৈ কাৰোবাক আপদাল কৰা |হায়ৈ-বিয়ৈকৈ ক'ত থ'ম কি কৰিম অৱস্থা | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-26
Idiom ফকৰা-যোঁজনা

চাপৰি যোৱাকে কুঁজা বোলে

to admit an unpleasant thing in a roundabout way.
কোনো অপ্ৰিয় কথা পোনে পোনে স্বীকাৰ নকৰি বেঁকা বাটেৰে স্বীকাৰ কৰা ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা

ধন ল’বা লেখি, বাট বুলিবা দেখি ৷

One should count the money before taking it over and should know well about the road before starting a journey.
কাৰোবাৰ পৰা ধন লোৱাৰ আগেয়ে ভালকৈ হিচাপ কৰি ল’ব লাগে আৰু ক’ৰবালৈ যোৱাৰ আগতে ৰাস্তাটোৰ বিষয়ে ভালদৰে জানি ল’ব লাগে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা

যুঁজিবলৈ আহিলে মাল, দুইহাতে ছিঙিলে বাল ৷

A person who is over conceited about his capabilities.
মল্লযোদ্ধা আহিল যুঁজিবলৈ, কিন্ত দুয়ো হাতেৰে নিজৰ চুলিহে ছিঙিব পাৰিলে ৷ অৰ্থাৎ মইবৰ ভাৱ থকা বা অহঙ্কাৰী লোক, যি নিজকে মিছাতে বহুত গুণৰ অধিকাৰী বুলি ভাবে ৷ Contributed by: Barnali Deuri Bora on 2010-11-10
Idiom ফকৰা-যোঁজনা

বালীলৈ যিপাত শৰ, সুগ্ৰীবলৈও সেইপাতেই ৷

Bali, the king of apes was killed by Rama from behind the bushes in order to make his brother Sugriva the king. Later Sugriva also suffered from a similar fate. So, by this proverbial saying, it is said that one should not take pleasure from the distress of others, else he will have to face similar situation in future.
বান্দৰৰ ৰজা বালীক তেওঁৰ অজ্ঞাতে আঁৰৰ পৰা শৰ মাৰি ৰামচন্দ্ৰই বধ কৰিছিল আৰু তেওঁৰ ভায়েক সুগ্ৰীবক ৰজা পাতিছিল ৷ বালীক কৰা এই অন্যায়ৰ ফল পাছত সুগ্ৰীবেও ভোগ কৰিব লগীয়া হৈছিল ৷ গতিকে এই পটন্তৰটিৰ দ্বাৰা বুজোৱা হয় যে, আনৰ দুৰ্দশা দেখি আনন্দ কৰিলে শেষত নিজৰো একে দশা হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
Idiom ফকৰা-যোঁজনা

মই কওঁ ৰাজভগনৰ কথা, সি বোলে কলথোক বাদুলীয়ে খালে।

If someone talks of rubbish when a serious discussion of important matters is going on.
মহত্বপূৰ্ণ আলোচনা চলি থকা অৱস্থাত তুচ্ছ কথাৰ অৱতাৰণা কৰা। Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-05
Idiom ফকৰা-যোঁজনা

ঘনাই খুটিলে টিঙৰাও মাছ

The expertise of a person increases even when a small task is done repeatedly.
টিঙৰা সৰু মাছ হ’লেও, সৰহকৈ পালে তাৰেই এখালৈ হয়, দেখাত সৰু যেন লাগিলেও বাৰে বাৰে একেটা কামকে কৰি থাকিলে পিছলৈ সিয়েই মানুহৰ উপকাৰত আহে ৷ Contributed by: Barnali Deuri Bora on 2010-10-28

মৰে উৰুলিপুঙা, মৰে পদুলিশুঙা, মৰে অলপ পানীৰ মাছ ।

Unsteady or frickle-minded people always suffer due to their nature. Similarly, those who indulge in gossiping and roaming around from place to place without any purpose and those with little knowledge also have the same fate.
অস্থিৰ বা থিতাপি নোহোৱা মানুহ নিজৰ স্বভাৱৰ কাৰণেই সদায় বিপদত পৰে ৷ ঠিক তেনেদৰে আনৰ ঘৰে ঘৰে কথাৰ মহলা মাৰি অনাহকত ঘূৰি ফুৰা আৰু অল্পজ্ঞানী লোকৰো একে দশা হয় ৷ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2010-02-22
Phrase খণ্ডবাক্য

নচচা শূলত দিয়া

to give stern or capital punishment.
কঠোৰতম শাস্তি দিয়া Contributed by: Barnali Deuri Bora on 2010-10-11
Idiom ফকৰা-যোঁজনা

গছত কঠাল ওঁঠত তেল, নৌ খাওঁতেই ছেল্ বেল্ ।

One should not think too much about future happenings.
কেতিয়াবা মানুহে ভৱিষ্যতে ঘটিবলগীয়া কোনো ভাল ঘটনাৰ বাবে প্ৰয়োজনতকৈ অধিক প্রস্তুতি চলায়; কিন্তু সময়ত আশা কৰামতে কামবিলাক নহয় । সেয়েহে ভৱিষ্যতে ঘটিবলগীয়া ঘটনাৰ বাবে অত্যধিক প্রস্তুতি চলোৱাটো উচিত নহয় । Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা

এবাৰ সাপে খালে লেজুলৈকো (বা কেঁচুলৈকো) ভয় ৷

Once a person is frightened by something he/she becomes cautious to similar actions/incidents.
মানুহে এবাৰ কিবা কাৰণত ভয় খালে, অনুৰূপ কাৰণ অথবা ঘটনা দেখিলে সতৰ্ক হয়। Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা

আলহীয়ে বিচাৰে শাকত লোণ ধান কিনাই বিচাৰে ডাঙৰ দোন

Salt was very expensive in earlier days still guests loved when their curry was preapared with salt and a paddy- buyer wants larger vessels for storing them , which mean every one wants their own objectives to be fulfilled.
আগৰ কালত লোণ বৰ মহঙা হোৱা বাবে সাধাৰণ ৰাইজে লোণৰ সলনি খাৰহে ব্যৱহাৰ কৰিছিল আৰু আলহী বা অঙহী-বঙহী আহিলেহে লোণেৰে ভাতসাজ খাইছিল ৷ আটকীয়া বুলি জানিও আলহীয়ে লোণকণ হলেহে ভাল পায় আৰু ধান কিনোতাই থবলৈ ডাঙৰ দোন বিচাৰে ৷ অৰ্থাৎ সকলোৱে নিজৰ স্বাৰ্থকহে প্ৰাধান্য দিয়ে ৷ Contributed by: Barnali Deuri Bora on 2010-11-23
Idiom ফকৰা-যোঁজনা

নেচাই ডেলে গালৈকে ঘাটি

While walking, one should always be careful about the condition of the road; otherwise there is a chance of getting hurt by hitting on any object lying on the way or by snake-bite while accidentally stepping over it. Similarly, unless one carefully considers about the pros
ৰাস্তাইদি বাট বুলোঁতে সাৱধানে তললৈ চাই নগ`লে কেতিয়াবা সাপ বা আন অপকাৰী প্ৰাণীৰ ওপৰেৰে পাৰ হৈ যাওঁতে সিহঁতৰ দংশনৰ ফলত অথবা কিহবাত উজুটি খাই আঘাতপ্ৰাপ্ত হোৱাৰ ভয় থাকে৷ ঠিক সেইদৰে, কোনো এটা কাম কৰিবলৈ লওঁতে সম্ভাৱ্য বিপদ-আপদ সম্পৰ্কে সচেতন নহ`লে লোকচানৰ সন্মূখীন হোৱাৰ ভয় থাকে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-12-11
Idiom ফকৰা-যোঁজনা

আগফালে বৰচুৰিয়াৰ ফেৰ, পিছফালে ঢকুৱাৰ বেৰ৷

High on external appearance but internally inferior in quality
বাহ্যিকতাত মুধাফুটা কিন্তু ভিতৰি অসাৰ৷ ʻবাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰিʼ-ৰ সমাৰ্থক৷ Contributed by: ভগৎ লাল দত্ত (Bhagat Lal Dutta) on 2010-12-11
Phrase খণ্ডবাক্য

আঠুৱা তলৰ মহ৷

Comparatively very weak person.
অতি দূৰ্বল লোক৷ Contributed by: Sitaram Upadhyaya on 2015-03-03
Idiom ফকৰা-যোঁজনা

শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে|

A lazy person can't succeed in life.
এলেহুৱা মানুহে জীৱনত কেতিয়াও কৃতকাৰ্য্য হ'ৱ নোৱাৰে | Contributed by: Biraj Kumar Kakati on 2008-02-09
Idiom ফকৰা-যোঁজনা

পাখি গজিলেই গুৰি পৰুৱাৰ মৰণ |

When red ants develop their wings, they come out of their cavities and while flying, get killed by birds. Similarly, when people out of over-enthusiasm start doing something beyond their capacity, they invite troubles.
গুৰি পৰুৱাৰ পাখি গজিলে গাঁতৰ পৰা ওলাই উৰি ফুৰে আৰু চৰাই-চিৰিকতিৰ খাদ্য হয় | ঠিক তেনেকৈ মানুহে অত্যুত্‍সাহী হৈ নকৰিবলগীয়া কাম কৰিব খুজিলে বিপদৰ সন্মুখীন হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা

মোল্লাৰ দৌৰ মচজিদলৈকে ।

The vision and abilities of a person are restricted to his domain.
প্ৰতিজন মানুহৰ ক্ষমতা আৰু জ্ঞান নিজৰ কৰ্ম ক্ষেত্ৰতেই সীমাবদ্ধ তেনে অৰ্থত কোৱা হয় । Contributed by: Anjali Sonowal on 2008-10-08
Idiom ফকৰা-যোঁজনা

ৰগৰতে জগৰ লগা স্বভাৱ ৷

It is used to denote the character of a person who does not understand joke, kidding or teasing. Kidding with such persons will lead to a quarrel only.
ধেমালি নুবুজা মানুহৰ লগত ধেমালি কৰিলে কাজিয়াৰ সূত্ৰপাত হয়। এনে স্বভাৱৰ মানুহক বুজাবলৈ এই ফকৰা-যোজনাটো ব্যৱহাৰ কৰা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-03-03
Idiom ফকৰা-যোঁজনা

যাচি দিয়া সোণৰো মূল্য নাই ৷

Something offered without asking has no value, even if it is gold.
কোনোবাই নোখোজাকৈ উপহাৰ দিয়া কোনো বস্তুৰে মূল্য নাই; তাক পাওঁতাজনে অনাদৰ কৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-02-06
Idiom ফকৰা-যোঁজনা

উপজিয়েই গোটা ভাত গিলা

to try to accomplish a difficult task all at once instead of step by step
কোনো ডাঙৰ কাম লাহে লাহে কৰিবলৈ চেষ্টা নকৰি একে দোপতে কৰিবলৈ বিছৰা Contributed by: Pankaj Jyoti Mahanta(পংকজ জ্যোতি মহন্ত) on 2011-04-01
Riddle সাথৰ

যি হ’ব লগা আছিল হ’ল ৷

The worst has come to the worst.
কোনো বেয়া ঘটনা যি পাৰ হৈ গ'ল তাক ভৱিষ্যতৰ ভাল কৰ্ম-কাণ্ডৰ মাজলৈ ধৰি অনা উচিত নহয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

গৰুও মৰিল, পোকো সৰিল৷

When undesired result is obtained on the main issue, the other related issues become unimportant.
যিটো মূল বিষয়ক লৈ আনুষঙ্গিক নানান সমস্যা বা চিন্তাৰ উদ্ৰেক হয়, মূল বিষয়টোৰ ক্ষেত্ৰত অনাকাংক্ষিত ফলাফল লাভ কৰাৰ পাছত আনুষঙ্গিক সমস্যাবোৰ নগন্য হৈ পৰে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2015-01-24
Idiom ফকৰা-যোঁজনা

ৰৌ-বৰালি সাৰি গ’ল, পুঠি-খলিহণা জালত পৰিল ৷

One who is the real culprit gets scot-free due to his influence or power, but an ordinary man although indirectly associated similar crime get severe punishment.
প্ৰকৃত অপৰাধী প্ৰভাৱশালী হোৱা বাবে শাস্তি নোপোৱাকৈ সাৰি যায়, অথচ তেনে অপৰাধৰ সৈতে পৰোক্ষভাৱে জড়িত থকা সাধাৰণ ব্যক্তি সহজে ধৰা পৰে আৰু শাস্তি পায় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-17
Idiom ফকৰা-যোঁজনা

গাখীৰৰ নামত পানীকে খাবা, দোলাৰ নামত সিকিয়াতে যাবা ৷

If you can not afford, then you should console yourself with whatever you can afford.
আৰ্থিক সামৰ্থ্য নাথাকিলে যিমান খৰচ কৰিব পাৰা তাতে সন্তুষ্ট হোৱা উচিত ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Phrase খণ্ডবাক্য

গা ঘেলা

To exhibit bodily beauty, dresses, apparels etc. extremely.
শাৰীৰিক সৌন্দৰ্য্য, পোছাক-পৰিচ্ছদ আদি অতি বেছিকৈ প্ৰদৰ্শন কৰ‌্। Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-18
Idiom ফকৰা-যোঁজনা

লওঁ বাকলি ছাল, সাতোটা সুখৰ এটাও নাপালো, ঢেঁকীটোও নাপালো ভাল৷

The discontentment of a woman who laments about her fate that she did not get any happiness from marriage neither material, nor marital even the simple household material `dheki`(rice milling machine) is also of poor quality.
দুখীয়া পৰিয়াললৈ বিয়া হৈ, লগতে পাৰিবাৰিক অশান্তিত ভোগা তিৰোতাৰ আক্ষেপ যে সাধাৰণ ঢেঁকীটোও তেওঁৰ ভাগত ভাল নপৰিল ৷ Contributed by: Barnali Deuri Bora on 2010-11-15
Idiom ফকৰা-যোঁজনা

আহিল কণা, গ’ল কণা, খাগৰি কাটিলো তিনি কণা

To keep an important matter pending lethargically
গুৰুত্বপূৰ্ণ কাম এটা কৰিম কৰিম বুলি এলাহ কৰি পেলাই থোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Phrase খণ্ডবাক্য

কপালত জুই লাগ্

to face misfortune or bad days
সৌভাগ্য নষ্ট হ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-04
Phrase খণ্ডবাক্য

জাকত জিলিকা

The most beautiful person in a group
সমজুৱাৰ মাজত থকা আটাইতকৈ শুৱনি পুৰুষ বা মহিলা ৷ Contributed by: Barnali Deuri Bora on 2010-10-28
Idiom ফকৰা-যোঁজনা

অ’ৰ্ গোসাঁই ত’লৈ নিয়া

To put things into disorder
বিশৃংখল কৰা Contributed by: Pankaj Jyoti Mahanta(পংকজ জ্যোতি মহন্ত) on 2011-03-27
Idiom ফকৰা-যোঁজনা

কাঁথিৰ কুকুৰ নলৰা

continuous inclement weather due to wind and rain
একেলেথাৰিয়ে হোৱা বতাহ-বৰষুণৰ বতৰ Contributed by: Pankaj Jyoti Mahanta(পংকজ জ্যোতি মহন্ত) on 2011-03-17
Idiom ফকৰা-যোঁজনা

অজ্ঞানী বন্ধুতকৈ জ্ঞানী শত্ৰুও ভাল৷

A foolish friend`s stupid activity may become the cause of distress or dishonour for his companions; however, an intelligent foe will never make his companions ashamed or distressed, since he will always act with wisdom. Hence, an intelligent foe is always better than a foolish friend.
অজ্ঞানী বন্ধু এজনে জধে-মধে কাম কৰে আৰু নিজে বিপদত পৰাৰ লগতে বন্ধুবৰ্গকো বিপদত পেলায়; সেয়ে অজ্ঞানী বন্ধুয়ে সহায় কৰাতকৈ বিপদত পেলোৱাৰ সম্ভাৱনাহে বেছি। আনহাতে জ্ঞানীজনে ভাবি চিন্তি কাম কৰে আৰু মূৰ্খতাপূৰ্ণ কাম কৰি আনক অসন্মানত নেপেলায়৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-06-26
Idiom ফকৰা-যোঁজনা

অতি চালাকিৰ ডিঙিত জৰী

One who clever by half falls into a trap of his own making
বেচি চালাকি খটুৱাবলৈ গৈ নিজে বিপদত পৰিবলগীয়া হোৱা Contributed by: Pankaj Jyoti Mahanta(পংকজ জ্যোতি মহন্ত) on 2011-04-09
Idiom ফকৰা-যোঁজনা

ফুটা কলহৰ মাত সাৰ।


English sayings: Empty vessel sounds much.
জ্ঞান-বুদ্ধি নথকা ব্যক্তিৰ মুখত অধিক কথা শুনা যায় ৷ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-05
Idiom ফকৰা-যোঁজনা

ভঁৰালত নাই কণটো, বৰসবাহলৈ মনটো

Aspiring something big with limited resources.
সীমিত সম্পদৰ গৰাকী হোৱা সত্ত্বেও মনত ডাঙৰ আকাংক্ষা পুহি ৰখা Contributed by: shekhar borah on 2009-01-14
Idiom ফকৰা-যোঁজনা

কুমলীয়া আদা পায়, ভৰিৰে মোহাৰি খায় |

People try to exploit an innocent person.
কাৰোবাৰ সহজ-সৰল স্বভাৱ দেখি ঠগি খোৱাৰ চেষ্টা কৰে | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা

বাওনা হৈ চন্দ্ৰলৈ হাত মেলা

To try something impossible with one`s limited capability
চুটি-চাপৰ মানুহে ওখত থকা বস্তু হাতেৰে ঢুকি নেপায়৷ এই যোজনাটোৰে অসম্ভৱ কামৰ হাবিয়াস কৰাৰ কথা বুজোৱা হয়৷ Contributed by: Hemanta Saikia on 2009-02-28
Idiom ফকৰা-যোঁজনা

নিজৰ ঢোল নিজে বোৱা

self praise.
আত্মশ্লাঘা কৰা, অৰ্থাৎ নিজৰ গুণ নিজে কৈ অহংকাৰ কৰা। Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-02-12
Idiom ফকৰা-যোঁজনা

তেলটুপি তোমাৰ মাটিতে থোৱাঁ, পিপাটোহে আজৰাই মোক দিয়াঁ

help me ignoring your losses.
নিজৰ লোকচান কৰি হ`লেও মোক সহায় কৰাঁ Contributed by: durlav gogoi on 2012-03-28
Phrase খণ্ডবাক্য

আকালৰ ভাত

appropriate relief received at the time of necessity
বিপদৰ সময়ত পোৱা উপযুক্ত সাহায্য Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-26
Idiom ফকৰা-যোঁজনা

বোৱাৰী (ছোৱালী) আনিবা দিনটোৰ বাটৰ, গৰু আনিবা ৰিংটোৰ বাটৰ৷

One should buy a cow or bullock from a place near him home, because they usually want to go back to their previous owner and therefore, in such cases, it would be difficult to bring it back again. But one should marry a girl from a distant place, at least of one-day`s traveling distance so that she cannot visit her mother`s home frequently.
গৰু কিনিলে সদায় ওচৰৰ পৰা অৰ্থাৎ ৰিং মাৰিলে শুনা দূৰত্বৰ পৰা কিনিব লাগে, কিয়নো গৰু বা আন জীৱ-জন্তুৱে সদায় পুৰণা মালিকৰ ঘৰলৈ যাবলৈ বিছাৰে । তেনে স্থলত গৰু নতুন মালিকৰ ঘৰলৈ ঘূৰি নাহিলেও যাতে সহজতে বিচাৰি আনিব পৰা যায়। দাম্পত্য জীৱনত ঘটি থকা সৰু-সুৰা মতানৈক্যৰ পৰিণতিত নতুবা ওচৰতে থকা মাকৰ ঘৰলৈ সতকাই, ঘনাই গৈ বৈবাহিক জীৱনত অসুবিধাৰ সৃষ্টি নহবলৈকে দূৰৈৰ (এদিনৰ বাটৰ) পৰা ছোৱালী বিয়া কৰোৱাৰ কথাই এই যোজনা ফাকিত কোৱা হৈছে। Contributed by: Biraj Kumar Kakati on 2008-07-28
Idiom ফকৰা-যোঁজনা

বেজীৰ জলা মনা, কুঠাৰৰ জলা নমনা

Effort to make a big deal out of a minor issue while ignoting the larger issue. English synonym : Make a mountain out of a molehill
প্ৰকৃত বা ডাঙৰ সমস্যাক জানি-বুজি আওকাণ কৰি সাধাৰণ বা তেনেই সৰু কথা এটাকে ধৰি এটা ডাঙৰ সমস্যাৰ দৰে দেখুৱাব খোজা প্ৰয়াস ৷ Contributed by: Rupankar Mahanta on 2008-03-19
Idiom ফকৰা-যোঁজনা

ঢোলৰ মাতত টোকাৰীৰ মাত তল যোৱা ৷

A louder strong voice always dominates the smaller voice and makes it inaudible to the audience.
দৃঢ়তা আৰু স্পষ্টতাৰে ডাঙৰকৈ কোৱা কথাই সৰুকৈ বা অস্পষ্টকৈ কোৱা মাতক নিমাখিত কৰি দিয়ে ৷ ফলস্বৰূপে ডাঙৰ মাত সদায় শ্ৰুতাৰ কাণত নপৰে, কিন্তু সৰু মাত কাৎচিতহে পৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
Idiom ফকৰা-যোঁজনা

ভগা সবাহত উৰুলি

The act of participating in a work that is about to finish.
কোনো কামৰ সামৰণিৰ সময়ত যোগ দিয়া কাৰ্য৷ Contributed by: Hemanta Saikia on 2009-02-28
Idiom ফকৰা-যোঁজনা

হালৰো নহলি, ফালৰো নহলি

a person who is not useful for any work
কোনো কামতে নলগা, অকামিলা লোক Contributed by: Barnali Deuri Bora on 2010-10-11
Idiom ফকৰা-যোঁজনা

চোৰ সৰহ কিল তাকৰ

the harshness of punishment becomes be less when offenders are many.
দোষীৰ সংখ্যা বেছি হ’লে গাইপতি শাস্তিৰ পৰিমাণ কম হয় ৷ Contributed by: Anjali Sonowal on 2012-04-20
Idiom ফকৰা-যোঁজনা

লেতেৰা কাপোৰেৰে ময়লা গুচাব নোৱাৰি ৷

A man of bad character cannot contribute to clean the ill deeds of the society.
বেয়া মানুহৰ দ্বাৰা বা বেয়া মনোবৃত্তিৰে সমাজৰ কুকৰ্ম, কুসংস্কাৰ আদি আঁতৰাব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-31
Idiom ফকৰা-যোঁজনা

কোলাৰটো এৰি বোকাৰটোত ধৰা

To become greedy to possess something which is scarce rather than accepting the easily available one.
সহজে উপলব্ধ হোৱা বস্তুটোক অৱহেলা কৰি দূৰ্লভ বস্তুৰ প্ৰতি মোহ দেখুওৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা

সিংহভাগ লোৱা ৷

To take a lion's share.
কোনো কামত বা কামৰ ফলাফল, আয়, লাভ আদিত অতিকৈ বেছি অংশৰ ভাগ লোৱা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
Idiom ফকৰা-যোঁজনা

অতি লোভে হতশ্ৰী

Greedy people take more food than they need and as a result cannot maintain their health. Similarly, uncontrolled gluttony can never lead to progress.
লুভীয়া মানুহে লোভত পৰি খাদ্য-বস্তু প্ৰয়োজনতকৈ বেছিকৈ খায় আৰু ফলত স্বাস্থ্য হানি হয় | সেইদৰে লোভ সম্বৰণ কৰিব নোৱাৰিলে মানুহৰ শ্ৰীবৃদ্ধি নহয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা

কুমলীয়া বেতহে পোনাব পাৰি ৷

A child can be molded easily to adopt certain skills.
কুমলীয়া বেতক সহজে পোন কৰিব বা ইচ্ছামতে ভাঁজ দিব পাৰি ৷ ঠিক সেইদৰে কম-বয়সীয়া ল’ৰা-ছোৱালীক সহজে কোনো বিদ্যা শিকাই ল’ব পাৰি ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-13
Idiom ফকৰা-যোঁজনা

আলু খালে ভোলানাথে, কল খালে জগন্নাথে, বাকলি চুহিলে যি, ধন ভৰি মৰে সি ৷

The real culprit escapes punishment, while the minor associates get the punishment.
আচল দোষীয়ে শাস্তি নাপায়, সাধাৰণ সহযোগীবোৰেহে জৰিমনা ভৰে৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা

আকাশৰ ফালে থু পেলালে নিজৰ মুখত পৰে ৷

Whoever spits against the wind spits against his own face.
পৰিস্থিতি বুজি কথা নক`লে বা কাৰ্য্য নকৰিলে, সেই কথা বা কাৰ্য্যৰ কুফল নিজে ভুগিব লগীয়া হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা

ছাতি ধৰিবা সিফালে, বৰষুণ আহে যিফালে ৷

One has to adapt himself with the changing environment, society, rules-regulations, etc. and try to fit into the new environment.
যিফালৰ পৰা বৰষুণ আহে সেইফালেই ছাতি ধৰিব লাগে, নহ\'লে অযথা বৰষুণৰ পানীত তিতি কষ্ট খাব লগা হয় ৷ অৰ্থাৎ যুগ পৰিবৰ্তনৰ লগে লগে মানুহে নিজক পৰিবৰ্তন কৰি লব লাগে, অৰ্থাৎ সময়, পৰিস্থিতি, স্থান, সমাজ আদিৰ আনুষংগিক নিয়ম-নীতিৰ লগত সংগতি ৰাখি চলিব লাগে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-06
Idiom ফকৰা-যোঁজনা

ধোৱা তুলসীৰ পাত

A guilty person trying to prove himself as innocent.
তুলসীক খুউব পবিত্ৰ বুলি মনা হয় ৷ এই খণ্ডবাক্য শাৰী নঞৰ্থক ভাৱে ব্যৱহাৰ হয় ৷ দোষী মানুহে নিজকে নিষ্কলঙ্ক সজাবলৈ চেষ্টা কৰা Contributed by: Barnali Deuri Bora on 2010-10-28
Idiom ফকৰা-যোঁজনা

ভেবা লাগি চা ৷

To watch something or some act with confusion and astonishment.
একো বুজিব নোৱাৰি আচৰিত হৈ চা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-10-27
Idiom ফকৰা-যোঁজনা

খাবলৈ দমাদম বনলৈ গৰীয়া, পিন্ধিবলৈ লাগে তাক আচুৱালি চুৰিয়া ৷

A person who is very good at eating and he demands the best dhoti with handiworks to wear but very lazy when it comes to work.
খোৱা-বোৱাত খুউব ভাল, কাম-বন কৰিবলৈ এলাহ অথচ পিন্ধিবলৈ ভালৰো ভাল আচু থকা চুৰিয়া খন লাগে ৷ Contributed by: Barnali Deuri Bora on 2010-11-19
Idiom ফকৰা-যোঁজনা

সৰিয়হৰ ডুলিত ভূত ওলোৱা |

To find some unusual things or incidents in quite unexpected places (or related to unexpected/incompatible person .).
ভূতে সাধাৰণতে সৰিয়ঁহলৈ ভয় কৰে বুলি জনবিশ্বাস আছে৷ গতিকে কোনো নভবা স্থানত অগতানুগতিক ভাবে এটা বিপৰীত ধৰণৰ বস্তু ওলালে বা কোনেও ভাবিব নোৱাৰাকৈ এজন ভদ্র ব্যক্তি বেয়া কাৰ্য্যত লিপ্ত হ\'লে এই ফকৰাটো ব্য্যৱহাৰ কৰা হয়| Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-14
Idiom ফকৰা-যোঁজনা

বাঁহৰ আগ তল যাওক, কাউৰীৰ ৰং চাওঁ৷

The fox and the crow both are very cunning. The fox desires to see the fate of the crow when the tip of the bamboo tree would get inundated. However, he fails to visualize his own fate under that circumstances. This means - some people would always expect ill of others come what may.
শিয়াল আৰু কাউৰী দুয়োটাই অতি ধূৰ্ত্ত প্ৰাণী৷ শিয়ালে ভাবে - বাঁহৰ আগ তল যোৱাকৈ বানপানী হ`লে কাউৰীৰ ৰং চাব পৰা যাব৷ কিন্তু তেনেকুৱা হ`লে নিজৰ অৱস্থা কেনে হ`ব সেইটো ভাবি নাচায়৷ অৰ্থাৎ কিছুমান মানুহে আনৰ অপকাৰ কৰিবলৈ গৈ নিজৰো অহিত সাধন কৰে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-05-18
Idiom ফকৰা-যোঁজনা

ঋণ কৰি সাঁচে, অলক্ষীয়ে মূৰত নাচে ৷

A loanee should not plan to save.
যি মানুহে ঋণ লৈ সঞ্চয় কৰিব খোজে, তেনে মানুহৰ উন্নতি নহয়; কাৰণ তেনে মানুহ কেতিয়াও আৰ্থিকভাৱে স্বচ্ছল হ‌`ব নোৱাৰে। Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-09
Idiom ফকৰা-যোঁজনা

খাই কাৰ্শলা ডালত উঠিল | কাঠী চেলেকাৰ মৰণ মিলিল ||

Sometimes, criminals commits crime and escape without getting punishment. But the common and innocent people are harassed in the name of enquiry.
কাৰ্শলা এবিধ তীব্ৰবেগী বিষাক্ত সাপ; ই গছ-পাতৰ ওপৰৰে সহজে বগাই ফুৰিব পাৰে| কাঠি চেলেকাৰ অৰ্থ হৈছে সাধাৰণ হোজা আৰু নিৰ্দোষী মানুহ| অৰ্থাৎ দাগী অপৰাধী সাৰি যায় অথচ নিৰপৰাধী ব্যক্তিয়ে হাৰাশাস্তি খাৱ লগা হয়| Contributed by: Biraj Kumar Kakati on 2008-03-01
Idiom ফকৰা-যোঁজনা

পুহত কল, মাঘত জল, তাৰ গাত সাত ভতৰাৰ বল ৷

One who eats banana during December-January and plenty of water during January-February months becomes very strong and healthy.
পুহমহীয়া ঠাণ্ডাত কল আৰু মাঘ মাহত প্ৰচুৰ পানী খোৱা মানুহৰ গাত সাতটা ষাঁড় গৰুৰ সমান বল হয়, অৰ্থাত্ স্বাস্থ্য ভাল হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10
Riddle সাথৰ

এখনি মাৰলি দুখনি চাল নব্ধাকৈ সৰ্বতিকাল কাল

The answer is banana leaf. The middle steam is considered as marali, a suppoting rod of a roof.
কলগছৰ পাত৷ মাজৰ শকত শিৰা দাল মাৰলি৷ কাষৰ দুই অংশ দুখন চাল৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-10
Phrase খণ্ডবাক্য

ছাঁতে শুকোৱা, মুঠিতে লুকোৱা

Very fine and light (cloth)
অতি মিহি আৰু পাতল (কাপোৰ) Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-04
Phrase খণ্ডবাক্য

হাত দীঘল ৷

Powerful or commanding
ক্ষমতাশালী Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা

চুইহে নিকিলোৱা

to almost beat someone out of anger
কাৰোবাৰ ওপৰত খং উঠি মৰিয়াবলৈ উদ্যত হৈ অৱশেষত প্ৰহাৰ নকৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-04-15
Idiom ফকৰা-যোঁজনা

শালকে শিঙিয়ে হাঁহে; তয়ো এসাজী, ময়ো এসাজী, ভালেতো গৰাকী নাহে ৷

One, who himself is in distress, should not ridicule another ill-fated person.
শাল আৰু শিঙি দুয়োবিধ মাছ সাধাৰণতে মানুহে নাখায় আৰু সেইবাবে দুয়োবিধেই কামত নহা মাছ ৷ গতিকে শালক শিঙিয়ে হঁহাৰ নিচিনাকৈ দুৰৱস্থাৰ সন্মুখীন হোৱা মানুহ এজনে আন এজন দুৰ্গতক উপলুঙা কৰা অনুচিত ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-21
Idiom ফকৰা-যোঁজনা

ঘন ঘনকৈ দিবা আলি, তেহে খাবা নানান শালি |

Shali is a species of paddy which need plenty of water in the paddy field to get good cultivation. To collect water in the rainy season more number of damp is necessary. So, to have good grain from Shali you have to make more damps. Which intriguingly means that hard work is an integral part to achieve success.
শালি ধানৰ কাৰণে যথেষ্ট পৰিমাণৰ পানীৰ প্ৰয়োজন | সেইবাবে শালি-তলিত পানী ৰাখিবৰ কাৰণে আলি দিয়া হয় | মাটি বাম হ’লে পানী সহজে নৰয় | তাৰ কাৰণে আলি ঘনাই দিয়াৰ প্ৰয়োজন হয় | আলি ঘন হ’লে পানী ৰ’বই আৰু তেতিয়া বাম মাটিতো শালি খেতি ভাল হয় | গতিকে নানাবিধৰ ভাল শালি খেতি পাবলৈ হ’লে আলি ঘনাই দিব লাগে | ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে কোনো বিষয়ত সুফল আৰ্জন কৰিব খুজিলে তাৰ সু-ব্যৱস্থাও ল’ব লাগে | Contributed by: Biraj Kumar Kakati on 2008-03-28
Idiom ফকৰা-যোঁজনা

মাছ বুলি নেখাই জিজি বুলি খোৱা

A child may not like to eat fish if it is presented to them as it is, but when the mother gives it in another form without his knowledge, he relishes it. Similarly, some people do not give due importance to the things easily available or well-known to them, but when the same thing is presented to them by others in another form they readily accept it with pleasure.
সৰু ল’ৰা-ছোৱালীয়ে মাছ খাব নুখুজিলে মাছক জিজি বুলি কৈ মাকে খুৱাবলৈ চেষ্টা কৰি সফল হয় ৷ সেইদৰে কিছুমান মানুহে নিজৰ পৰিচিত বা হাততে পোৱা বস্তুক উচিত মূল্য দিব নোখোজে, কিন্তু একেটা বস্তুকে বেলেগ ৰূপত প্ৰস্তুত কৰি আনে আগবঢ়াই দিলে আদৰেৰে আঁকোৱালি লয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
Idiom ফকৰা-যোঁজনা

আলৈ এথানি কৰ ৷

To look down upon, not taking care, to insult or neglect.
উপলুঙা কৰ, অত্যাচাৰ কৰ, অযন্ত কৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-11
Idiom ফকৰা-যোঁজনা

আপদৰ মাত, আকালৰ ভাত

In times of trouble, offering a word of comfort to someone, and in times of famine, providing a meal to a starving person brings immense relief. This is a very essential act, and it also earns merit.
আপদ কালত মানুহৰ মাতষাৰ দিয়া আৰু আকালত পৰাজনক এসাঁজ খাবলৈ দিলেও বহুত সকাহ পায়৷ ই অতি আৱশ্যকীয় কথা আৰু ইয়াৰ পৰা পুণ্যও হয়৷ Contributed by: Bikram M Baruah on 2025-02-12
Idiom ফকৰা-যোঁজনা

মানিলেই ধান নামানিলেই পতান

The judgement of a person is dependent on his mentality.
মানুহৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াবা একোটা ক্ষেত্ৰত সিদ্ধান্ত বেলেগ বেলেগ হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা

ঝটপট কৰিলে জটৰ-পটৰ লাগে ৷

A work done in fuss or hurry takes more time and labour than the work done in normal speed.
কোনো কাম খৰখেদাকৈ কৰি শেষ কৰিব বিচাৰিলে, তাত খেলিমেলি বেচিকৈ লাগে আৰু শুধৰণিৰ প্ৰয়োজনত সেই কাম পুনৰ কৰিব লগীয়া হয়, ফলস্বৰূপে অতিৰিক্ত সময়হে খৰচ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
Idiom ফকৰা-যোঁজনা

লগতেই নিনিয়ে আৰু বোলে কোচাত উঠো ৷

To propose illogical demands or claims to a party when adverse atmosphere prevails.
বহু কাবৌ-কাকতিৰ পাছত যদি কোনো ব্যক্তিক যাত্ৰাৰ সংগী হিচাপে লগত লোৱা হয় আৰু তাৰ পাছত যদি সেই ব্যক্তিয়ে কোচত উঠিবলৈ দাবী কৰে, তেনে দাবী বৰ দূৰ্বল হয় আৰু দাবীদাৰ হাঁহিয়াতৰ পাত্ৰ হয় ৷ এতেকে এই ফকৰাই প্ৰতিকূল পৰিস্থিতিত অযুক্তিকৰ দাবী উত্থাপন কৰা কাৰ্যক বুজায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-11-19
Idiom ফকৰা-যোঁজনা

আগৰ হাল যিফালে যায় পিছৰ হালো সেইফালেই যায় ৷

The youngs of a family follow the foot steps of the elders, normally when someone learns bad habits, attitude, manners or behavour from their elders.
পথাৰত হাল বাওঁতে আগৰ হালৰ পিছে পিছে দ্বিতীয়টো হাল, দ্বিতীয়টোৰ পিছে পিছে তৃতীয়টো.. ইত্যাদি ধৰণে চলে ৷ একেদৰে কোনো এক পৰিয়ালৰ অগ্ৰজৰ চলন-ফুৰণ, আচাৰ-ব্যৱহাৰ, হাৱ-ভাৱ, বদ অভ্যাস, অশিষ্ট আচৰণ আদি অনুজে অনুকৰণ কৰে, শিকে আৰু একেধৰণৰ আচৰণ প্ৰদৰ্শন কৰে ৷ সাধৰণতে কোনো ব্যক্তিয়ে জ্যেষ্ঠজনক দেখি বেয়া আচৰণ শিকিলেহে এই ফকৰাৰ প্ৰয়োগ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-03
Idiom ফকৰা-যোঁজনা

নগাৰ চাং তলেদিহে বাট

To accomplish a task taking advantage of the situation.
পৰিস্থিতিৰ সুযোগ লৈ কাম সমাধা কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা

চিকুটি লাউ বুঢ়া কৰা

To provoke or to give a warning signal to the enemy
শত্ৰুক জোকাই লোৱা বা সজাগ কৰি দিয়া Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-03
Idiom ফকৰা-যোঁজনা

ষোল্ল অনা ৷

Cent percent, completely.
এশ শতাংশ, সম্পূৰ্ণভাবে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-18
Idiom ফকৰা-যোঁজনা

নমহীয়া ছোৱালীৰ দহমহীয়া পেট, পৰপুৰুষৰে নাই ভেটাভেট ৷

An women who is wed for only nine months but is in the tenth month of pregnancy and yet claims to have come in touch of any men prior to marriage. This is used to refer an extreme lie.
এটা অকট্য মিছা কথা বুজাৱলৈ এইষাৰ বাক্য ব্যৱহাৰ কৰা হয় ৷ বিয়াৰ আগতে পুৰুষৰ সংস্পৰ্শত নাহিলে বিয়াৰ নমাহতে দহমহীয়া গৰ্ভৱতী হব নোৱাৰে ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা

অচিন কাঠৰ থোৰাও নলগাবা

Not to trust a stranger or not to believe anything without knowing it properly
চিনি নোপোৱা কাঠেৰে আনকি ঢেঁকীৰ থোৰাটোও লগাব নালাগে৷ ঠিক সেইদৰে অচিনাকি মানুহক কেতিয়াও কোনো কথাত বিশ্বাস কৰিব নালাগে৷ Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Idiom ফকৰা-যোঁজনা

ঠাইতে লুটি-বাগৰ মাৰ্ ৷

To become hostile suddenly.
হঠাৎ কোনো কথা, প্ৰস্তাৱ, পূৰ্ব-প্ৰতিশ্ৰুতি, সন্ধি আদিক অগ্ৰাহ্য কৰি, তাৰ বিৰোধিতা কৰ্। Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-18
Idiom ফকৰা-যোঁজনা

চোৰক বোলে চুৰি কৰ, গৃহস্থক বোলে সজাগ থাক ৷

He runs with the hare and hunts with the hounds.
কোনো মানুহে বিবাদ, সমৰ্থন, কাৰ্য, মন্তব্য আদিত কোনো এক পক্ষ নলৈ, দুয়ো পক্ষৰ লগতে তাল মিলাই থাকিলে এই ফকৰাৰ প্ৰয়োগ হয় ৷ অথবা, কুপৰামৰ্শ দি জানি-বুজি কৰোবাক বিপদত পেলাবলৈ ছল-চাতুৰি কৰা কাৰ্যক দৰ্শায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-08
Idiom ফকৰা-যোঁজনা

খঁকুৱাৰ পাত কাটোঁতেই গ’ল; নিখঁকুৱাই মাটিতে খালে৷ অথবা, খঁকুৱাই থাকে চাই, নিখঁকুৱাই মাটিতে খায় ৷

While the greedy gets ready for eating, the other eats away everything as he finds it. Similarly, while someone remains busy planning to doing something, another may accomplish the task even without much planning.
খঁকুৱা মানুহে ভোকত থাকিও ভাত খাবৰ কাৰণে কলপাত কটাৰ দৰে বিভিন্ন আয়োজন কৰোঁতেই সময় পাৰ কৰে, কিন্তু নিখঁকুৱা মানুহে যেনেদৰে পায় তেনেদৰেই খাই পেট ভৰায় ৷ ইয়াৰ পৰোক্ষ অৰ্থ হৈছে - `কোনোবাই কোনো এটা কাম কৰিবলৈ মনতে পৰিকল্পনা কৰি থাকোঁতেই আনে কোনো পৰিকল্পনা নকৰাকৈয়ে কামটো শেষ কৰা ৷’ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা

যাৰ নেগুৰত জুই লাগে, সি নিজেই নুমাব লাগে ৷

At the time of distress, if anybody waits for others to help and rescue him, there is possibility of greater damage. So, he has to think and work on his own to find a solution for it.
বিপদত পৰিলে আনৰ পৰা সহায় পোৱাৰ আশাত ৰৈ থাকিলে অধিক ক্ষতি হোৱাৰ সম্ভাৱনা থাকে ৷ গতিকে বিতত নহৈ নিজেই তাৰ প্ৰতিকাৰৰ উপায় চিন্তি সেইমতে কৰ্ম কৰিব লাগে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
Idiom ফকৰা-যোঁজনা

ঢোকাত কল, কলত ঢোকা ৰোৱা৷

The support pillar, used to support banana plant to prevent it from falling down by the wait of it' fruit, stand on ground by the weight of the plant itself. So, the proverb mean to survive on each other's support.
কল গছ কলৰ ভৰত পৰি নাযাবলৈ যি ঢোকা দিয়া হয়, সি কলগছৰ ভৰতে থিয় হৈ থাকে৷ গতিকে ই ইজনে সিজনৰ সহায়ত বৰ্তি থকা বুজায়৷ Contributed by: Bikram M Baruah on 2025-01-27
Idiom ফকৰা-যোঁজনা

শ ঘাপেৰে হয় নাঙল আৰু একে ঘাপে হয় খৰি।

It needs lot of hard work, care, time and perverance to construct or build a good thing, institute or relationship; but a careless gesture needs no time to destroy it.
বাঢ়ৈয়ে নাঙল এখন বনাবলৈ যাওতে কাঠ এচলাত বহু সতর্কতাৰে শ শ বাৰ হাতিয়াৰৰ ঘাপ দিবলগীয়া হয় আৰু ইয়াৰ বাবে বহু সময় খৰচ কৰিবলগীয়া হয়, কিন্তু এটি মাত্র অসতর্কতাৰে দিয়া ঘাপে নাঙলখনক ক্ষন্তেকতে খৰিলৈ পৰিবর্তন কৰি দিয়ে। একেদৰে অতি কষ্টেৰে আৰু বহু সময়ৰ অধ্যৱসায়েৰে তৈয়াৰ কৰা কোনো বস্তু, সংস্থা, অনুষ্ঠান অথবা পাৰিবাৰিক সম্পর্ক আদি এটি মাত্র অসৱধানতাপূর্ণ কথাই, কর্মই বা পদক্ষেপে ক্ষন্তেকতে থানবান কৰি দিব পাৰে। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-24
Idiom ফকৰা-যোঁজনা

মোহ বাঢ়িলে, ৰোহ বাঢ়ে ৷

When people become possessive to someone or something, a small fault may create more and more misunderstanding and annoyance.
কোনো মানুহে আন মানুহ বা বস্তু আদিৰ প্ৰতি যেতিয়া বেছিকৈ মোহ কৰে, তেনেস্থলত সৰু-সুৰা ভুল-ক্ৰটি হ'লেই খং-অভিমান, মনোমালিন্য,ভুলবুজাবুজি আদি বেছিকৈ আহে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-07
Idiom ফকৰা-যোঁজনা

জহলৈ নমৰোঁ, মহলৈ মৰোঁ, ফটা আঁঠুৱাখন টিঙালিকৈ তৰোঁ।

Penny wise but pound foolish
গৰমত (?জ্বৰ) নমৰোঁ, মহৰ ভয়ত মৰোঁ, কিন্ত ফটা আঁঠুৱাখন বহুত ওখকৈ তৰোঁ, অৰ্থাৎ তলেদি মহ সোমায়েই থাকে। পাতি পইচাৰ হিচাব ৰখা কিন্তু টকাৰ বা ডাঙৰ খৰচৰ হিচাব নৰখা। Contributed by: Barnali Deuri Bora on 2010-11-10
Idiom ফকৰা-যোঁজনা

এপাত তাল নাবাজে ৷

A pair of cymbal can only be played by striking one with the other. Similarly, a quarrel can initiate only when two persons or parties strike each-other physically or with abusive words. So, both are equally responsible for it.
তাল এযোৰৰ এপাত আনপাতৰ সৈতে ঠেকা খালেহে যেনেকৈ বাজি উঠে, ঠিক সেইদৰে এজনে অকলে কাজিয়া কৰিব নোৱাৰে ৷ অৰ্থাৎ কাজিয়া এখন লগাৰ কাৰণে সংশ্লিষ্ট দুয়োপক্ষই সমানে জগৰীয়া ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-19
Idiom ফকৰা-যোঁজনা

ফাঁক পালে আটায়ে চোৰ হয় ৷

Opportunity makes the thief.
সাধাৰণতে মানুহৰ মনত চৌৰ্য ভাব সুমাই থাকে আৰু সুবিধা পালেই চুৰি কৰাৰ প্ৰবনতা থাকে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

ওখ গছত বতাহ লাগে বেছি।

High winds blow on high hills.
মানুহ যেতিয়া ক্ষমতাশালী বা অৰ্থনৈতিকভাৱে সবল হয়, তেওঁৰ বাবে নিত্য-প্ৰয়োজনীয় সামগ্ৰীৰ পৰিমাণ আৰু দায়িত্ব বাঢ়ি যায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা

লঙ্কালৈ গ’লে আটায়ে ৰাৱণ হয় |

Power can make a man turn into devil. A good man can also do evil when he gets power.
ক্ষমতাই মানুহক অমানুহ কৰি তোলে | ভাল মানুহ এজনো ক্ষমতা পালে ৰাৱণৰ দৰে পাপীলৈ পৰিবৰ্তন হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা

চিৰা খোৱা পিঠা খোৱা ভাতৰ সমান নহয়, মাহী বোলা পেহী বোলা মাৰ সমান নহয় ৷

A meal with rice cannot be replaced with snacks and similarly the place of mother can never be equalized by aunts.
যেনেদৰে চিৰা-পিঠা খাই ভাত খোৱাৰ দৰে পেট ভৰাব নোৱাৰি আৰু তৃপ্তি সহকাৰে ভোক পলুৱাব নোৱাৰি, একেদৰে মাহী বা পেহী বুলি মাতি মাৰ অভাব পূৰাব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-13
Phrase খণ্ডবাক্য

মৰাৰ ছাল টানি খোৱা৷

Exployting the poor one.
দৰিদ্ৰৰ পৰা কাঢ়ি খোৱা৷ Contributed by: Sitaram Upadhyaya on 2014-12-22
Idiom ফকৰা-যোঁজনা

সকলো চৰায়ে মাছ খায় মাছৰোকাই নাম পায়

Kingfisher is the most commonly known bird that catches and eats fishes. When someone is asked about fish-eating birds, he will name kingfisher only. Similarly, sometimes a person who is well-known as a criminal, has to take the blame for crimes perpetrated by others.
মাছৰোকা এবিধ বিশেষ মাছখোৱা চৰাই ৷ কিন্তু দেখা যায় যে অন্য চৰায়ে মাছ খালেও কেৱল মাছৰোকাৰ নামহে কোৱা হয় ৷ অৰ্থাৎ সকলো মানুহে দোষ কৰে কিন্তু বিশেষ কোনো ব্যক্তিকহে তাৰ বাবে জগৰ ধৰে ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা

ঢাপলি মেল ৷

To start a journey in certain direction with strong will or force.
কোনো নিদিৰ্ষ্ট দিশত জোৰেৰে আগবাঢ়ি যা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা

মাটিত কোবালে নাচে তাকে বোলে বান্দৰ৷ গলত ধৰি খাই চুমা তাকে বোলে সাদৰ৷৷

One who dances without music is called monkey. On the other hand love is recognised when kissed in hugs.
মাটিত কোবালে(বিনা লয়, তাল-মান আদি)নচা জনেই বান্দৰ৷ ঠিক তেনেকৈ গলত ধৰি চুমা নেখালে সেয়া প্ৰকৃত সাদৰ নহ’য়৷ Contributed by: Sitaram Upadhyaya on 2015-06-13
Idiom ফকৰা-যোঁজনা

দুখ নকৰিলে মুখ নভৰে ৷

One has to work relentlessly, if he wishes to succeed in life.
সুখেৰে জীৱন কটাবলৈ আশা কৰিলে কষ্ট কৰি উপাৰ্জন কৰিব লাগে ৷ পৰিশ্ৰম নকৰিলে উন্নতি আশা কৰা মিছা ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা

তুলসীৰ লগত কলপটুৱাৰো মুক্তি

If are in good company it always helps. Being in comapny of good people will help you get the same kind of respect they earn from others.
ভালৰ সঙ্গ পালে ভালেই হয় ৷ তুলসীক পবিত্ৰ মানা হয় ৷ পূজাৰ স্থানত তুলসীক কলপটুৱাত ৰখা হয় ৷ পবিত্ৰ তুলসীৰ বাবেই কলপটুৱাইয়ো পূজাত স্থান পায় ৷ Contributed by: Rupankar Mahanta on 2008-03-19
Idiom ফকৰা-যোঁজনা

সাউদ ভোলা-ভালা আৰু চোৰৰ বৰ গলা ৷

1. The guilty has a loud voice. 2. An offender takes upper hand when the opponent is weak.
সাউদ যদি নিৰ্জু প্ৰকৃতিৰ হয়, তেনেহ'লে চোৰে কথাৰ জোৰেৰে বাচি যাবলৈ চেষ্টা কৰে অথবা সাউদকেই দোষাৰূপ কৰি নিজে বাচি যায় ৷ দোষ কৰি নিজৰ দোষ ঢাকিবলৈ মাত ডাঙৰ কৰি বা যুক্তি দৰ্শাই বাচিবলৈ কৰা কাৰ্যক দৰ্শায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-16
Idiom ফকৰা-যোঁজনা

সজৰ লগত সং, প্ৰতি কথাত ৰং; অসজৰ লগত সং গলত ঢং ঢং ৷

Good company always brings about happiness and good name; but company brings in bad name and sufferings to human beings.
সৎ মানুহৰ লগত সংগ কৰিলে মানুহ সদায় লাভবান হয়,আনহাতে অসৎ মানুহৰ লগত সংগ ল'লে মানুহ বিপদত পৰে আৰু অসন্মান আৰু অপযশ পাব লগা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-15
Idiom ফকৰা-যোঁজনা

ভয়ত ভগৱন্ত পলায়, কিললৈ বাসুদেউ ডৰায়

Even God is affraid of danger and punishment. It means that there is none in this universe who does not have fear of danger and punishment.
বিপদ আৰু শাস্তিলৈ ভগৱানেও ভয় কৰে ৷ অৰ্থাৎ বিপদ আৰু শাস্তিলৈ ভয় নকৰা মানুহ এই পৃথিৱীত নাই ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা

লাগি থাকিলে মাগি খাব নালাগে ৷

One can be successful in anything if he/she persistently and sincerely engage himself/herself in it. One who does his/her job with sincerity never has to face hardship.
একাগ্ৰতাৰে যিকোনো কামত ব্ৰতী হ’লে সফলতা লাভ কৰাটো নিশ্চিত ৷ গতিকে নিষ্ঠা-সহকাৰে নিজৰ কাম কৰি যোৱা জন কেতিয়াও অভাৱগ্ৰস্ত হ’ব লগীয়া নহয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-01
Idiom ফকৰা-যোঁজনা

অলপতে কলপ কটা

To escape barely from an impending danger.
বিপদৰ পৰা কোনোমতে ৰক্ষা পৰা বা কথমপি সাৰি যোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-03
Idiom ফকৰা-যোঁজনা

থান থিত লাগ

To get settled in a job or place, or to get organized.
শৃংখলাবদ্ধ হ; কোনো কামত বা স্থানত নিয়মিতভাবে থিতাপি ল ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-11
Idiom ফকৰা-যোঁজনা

ল যদি ল লোণ-ভাত, নল’লে খালি পাত ৷

1. One should not reject or deny something given to him or her merely due to choice or preference. 2. Beggars have no choice.
ভাতৰ লগত একো আঞ্জা নাই বুলি যদি ভাত ল’বলৈ অনিচ্ছা দেখুওৱা হয়, তেনেহ’লে নিজৰেই পাত খালি হৈ থাকিব আৰু খাবলৈ নেপাই ভোকত থাকিব লগীয়া হ’ব ৷ অৰ্থাৎ মানুহে অপচন্দনীয় বুলি বা তাকৰ বুলি কোনোবাই যাচি দিয়া বস্তুক অবজ্ঞা কৰা উচিত নহয়, তেনে কৰিলে নিজেই ভুক্তভোগী হ’ব লগীয়া হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-16
Idiom ফকৰা-যোঁজনা

বুঢ়াৰ হাতত চেঙেলি পৰা ।

A cunning person cannot outwit an experienced veteran.
চেঙেলি মাছ বৰ পিচল । তাক ধৰি ৰাখিবলৈ খহটা বস্তুৰ প্ৰয়োজন ।বুঢ়া হলে মানুহৰ হাত খহটা হয় গতিকে সহজে চেঙেলি মাছ ধৰি ৰাখিব পাৰে। ইয়াৰ অৰ্থ হৈছে কোনো জনা-বুজা, জ্ঞানী, বয়োবৃদ্ধ, অভিজ্ঞ লোকৰ হাতত পৰি ধূৰ্ত লোকৰ সাৰিব নোৱৰা অৱস্থা হোৱা। Contributed by: Anjali Sonowal on 2008-07-14
Idiom ফকৰা-যোঁজনা

তিলকে তাল কৰা

Exaggerating something beyond a limit
কোনো সৰু কথাকে অনাহকত বেছিকৈ বঢ়াই কোৱা Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-27
Idiom ফকৰা-যোঁজনা

জনাৰ ভাত মাছ, নজনাৰ গলগ্ৰহ

A man needs necessary skills to do any work efficiently. What appears to be very easy for a skilled person, may be an impossible task for one who does not know how to do it.
যিকোনো এটা কাম সুকলমে সমাধা কৰিবলৈ হ’লে জ্ঞানৰ প্ৰয়োজন | কামটো কৰাৰ কৌশল যি জানে তেওঁৰ কাৰণে ইয়াক সমাধা কৰাটো তেনেই সহজ কিন্তু যাৰ সেই বিষয়ে প্ৰয়োজনীয় জ্ঞানৰ অভাৱ, তেওঁৰ বাবে ই অতি কষ্টসাধ্য - এক জঞ্জালহে যেন | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-28
Idiom ফকৰা-যোঁজনা

গালো বালো খোলাকটিৰ তাল হ’ল

all efforts have gone in vain
সকলো কষ্ট অথলে গ’ল Contributed by: Rupankar Mahanta on 2008-09-04
Idiom ফকৰা-যোঁজনা

এলেকৰ পেলেক কুকুৰা চোৱাৰ ভাগিনীয়েক৷

One who takes advantage illegally from others declaring himself as a close relative of a powerful person.
কোনো প্ৰভাৱশালী ব্যক্তিৰ নিকট আত্মীয় বুলি পৰিচয় দি অন্যায় ভাৱে নিজৰ স্বাৰ্থ পূৰণ কৰা লোক৷ Contributed by: Sitaram Upadhyaya on 2015-09-09
Riddle সাথৰ

হাতীৰ দাঁত দেখুৱাবলৈ কিছুমান থাকে আৰু চোবাবলৈ আন কিছুমান থাকে ৷

Fifth columnist/ showing double standard.
যেতিয়া মানুহে লোকক দেখুৱাবলৈ একধৰণৰ কৰ্ম কৰে আৰু নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অন্য ধৰণৰ কৰ্ম কৰে, তেনে অৰ্থত প্ৰয়োগ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা

পৰৰ মূৰত কঁঠাল ভাং

to live upon the labour of another.
লোকৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰি চলা Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-02-25
Idiom ফকৰা-যোঁজনা

ঔ কিল

Hitting with fist.
হস্তমুষ্ঠিৰে কৰা গধুৰ প্ৰহাৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-12-09
Idiom ফকৰা-যোঁজনা

উদৰ সাত পুৰুষ গ’ল কেঁচা মাছ খাওঁতেই

The idiom is used as an insulting remark to someone who craves for avenues beyond his need and elligibility.
নিজৰ অৰ্হতা অথবা প্ৰয়োজনতকৈ অধিক সা-সুবিধা উপভোগৰ আকাংক্ষা কৰোঁতা জনক ইতিকিং কৰাৰ অৰ্থত এই যোজনাটি ব্যৱহাৰ হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-21
Idiom ফকৰা-যোঁজনা

ৰহাৰ ৰহেদৈ, টিপামৰ ভাদৈ, শলগুৰিৰ আঘোণী বাই। তিনিও ডিঙিত ধৰি তিনিওৱে কান্দিলে, সমন্ধত একোৱেই নাই।।

Three persons from three different parts coming together for a national cause.
গদাধৰ সিংহ পলাই ফুৰোঁতে এবাৰ চোৰাংচোৱাৰ দৃষ্টিত পৰিব খুজিছিল; ৩ গৰাকী বাটৰুৱা মহিলাই ঘটনাৰ গুৰুত্ব বুজি গদাধৰক কাপোৰৰ তলত লুকুৱাই যেনিবা সম্বন্ধীয় লোকহে ঢুকাইছে, তেনে ভাৱত কান্দিবলৈ ধৰিলে৷ অৰ্থ- দেশৰ স্বাৰ্থত আপোন-পৰ পাহৰি সকলো একেলগ হ\'ব লাগে৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-20
Idiom ফকৰা-যোঁজনা

ছলে বলে কৌশলে ৷

By hook or by crook.
ছল বা প্ৰতাৰণাপূৰ্ণ কাম, বল বা ক্ষমতা আৰু কৌশল প্ৰয়োগ কৰি অৰ্থাৎ যিকোনোপ্ৰকাৰে কোনো কাম আদায় কৰা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-12
Idiom ফকৰা-যোঁজনা

থলুৱা কুকুৰ থলত বাঘ, বাজত মেকুৰী ৷

A local dog is lion in his own den, but becomes a cat once it goes out. Other words, one who shows bravery by dint of the courage of others, but really he is a coward.
থলুৱা কুকুৰে নিজ স্থানত বাঘৰ নিচিনা সাহস দেখুয়ায়, কিন্তু বাহিৰত গ'লে মেকুৰীৰ দৰে আচৰণ কৰে ৷ অৰ্থাৎ যি আনকাৰোবাৰ শক্তিৰে বা আপোন মানুহৰ উপস্থিতিতহে সাহস প্ৰদৰ্শন কৰে, যি প্ৰকৃততে ভয়াতুৰ বা কাপুৰুষ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা

হৰিয়ে নেৰাখিলে জৰিয়ে কি কৰিব!

Medicine can not fetch good result for the patient if the Almighty does not desire so.
ভগৱানে ৰক্ষা নকৰিলে দৰৱ-পাতিয়ে কোনো ফল নধৰে৷ Contributed by: Sitaram Upadhyaya on 2015-02-22
Idiom ফকৰা-যোঁজনা

বুঢ়ী আই এ নাহিলি সুখৰ কালত, সাতজনী নিগনি খীৰাই খাইছিলো, গেৰেলাক বাইছিলো হালত

After being pauper, remembering sadly the times when he was rich.
আকালৰ (দুৰ্দ্দিনৰ সময়ত) দিনত এসময়ৰ প্ৰাচুৰ্য্যৰ কথা মনত পেলাই শোক কৰা Contributed by: Barnali Deuri Bora on 2010-10-27
Idiom ফকৰা-যোঁজনা

আহু চাবা গধূলি, শালি চাবা পুৱা, জাকৈ বাওঁতে ছোৱালী চাবা কোন কেনেকুৱা।

One should see the growth of `Ahu` paddy in the evening and that of `Sali` in the morning. Similarly, one has to look for a bride when girls are fishing.
আহু ধান গধূলি চাব লাগে, আনহাতে শালি ধান ৰাতিপুৱা চাব লাগে। ঠিক তেনেদৰে ছোৱালী চাবলৈ হলে জাকৈ বাই থকা অবস্থাত চাব লাগে। (ডাকৰ বচন) Contributed by: Biraj Kumar Kakati on 2008-07-28
Idiom ফকৰা-যোঁজনা

আম গছত কঠাল নধৰে ৷

You cannot make a silk purse out of a sow's ear.
যি মানু্হ যিমান অভিজ্ঞ বা পাৰ্গত, তেনে মানুহৰ পৰা সিমানখিনিয়েই আশা কৰিব পাৰি, তাতকৈ বেছি কেতিয়াও আশা কৰিব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা

নলগা জেঙত লগা

wasting time by doing unnecessary things
অদৰকাৰী কামত লাগি অবাবত সময় নষ্ট কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-30
Idiom ফকৰা-যোঁজনা

চল পালে কুকুৰে গললৈ জাঁপ মাৰে ৷

Some people take undue advantage if given little indulgence.
কিছুমান মানুহক অলপ লাই দিলেই মূৰৰ ওপৰত উঠিব খোজে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা

শুনা কথালৈ নিদিবা কাণ, দেখিলেও ল’বা তিনিটা প্ৰমাণ |

One should not trust rumours. Even if something is seen by ownself, it should be examined properly so that there is no scope for misinterpretation.
কাণ বাগৰি অহা কথা অৰ্থাত্‍ গুজৱক কেতিয়াও গুৰুত্ব দিব নালাগে | নিজে দেখা কথাটোও আনকি ভালকৈ গমি-পিতি চাইহে বিশ্বাস কৰিব লাগে, কাৰণ বহু সময়ত ভুল বুজাৰ অৱকাশ থাকে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা

নাখাওঁ নাখাওঁ বিয়নী, নধৰিবা হাতত; টোৰ টোৰকৈ সোমাই গ’ল এন্দুৰৰ গাতত

When someone shows unwillingness to do something with feeble objections and later on he/she does the same without any resistance.
কোনো ব্যক্তিয়ে কৃতিম খং দেখুৱাই প্ৰথমে কৰিব নোখোজা কামটো পাছলৈ কোনো আপত্তি নোহোৱাকৈয়ে কৰি পেলোৱা কাৰ্যক দৰ্শোৱা হৈছে Contributed by: Dr. Armaan U. Muzaddadi on 2012-10-15
Idiom ফকৰা-যোঁজনা

সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ ৷

One should deal equally with his equals and then whether he succeeds or not, he need not feel ashamed.
নিজৰ সমকক্ষ জনৰ লগত সমভাৱে ব্যৱহাৰ কৰিব লাগে ৷ তেতিয়া জয়-পৰাজয় যিয়েই নহওক লাগে, লজ্জাবোধ কৰিব লগীয়া নহয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা

ঢোলৰ লগত টেমেকা

A mean adherent, follower or blind supporter; a sycophant
ডাঙৰ মানুহৰ লগত ঘূৰি ফুৰা বা ডাঙৰ মানুহৰ মতত হয়ভৰ দি ফুৰা সাধাৰণ মানুহ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা

ৰণত পৰি ক’লীয়া হ’লো, তেল নাইকিয়া ফপৰা হ’লো ৷

This idiom is used to express the deplorable plight of someone while struggling to overcome various problems in life.
জীৱনৰ ঘাত-প্ৰতিঘাত অতিক্ৰম কৰোঁতে হোৱা নিজৰ শাৰীৰিক দুৰ্দশা বুজাবলৈ এই পটন্তৰটি ব্যৱহাৰ কৰা হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-31
Idiom ফকৰা-যোঁজনা

কেৰ্কেটুৱাই তামোল খায়, নেউলক বান্ধি কিলায় ৷

Many a times an innocent suffers because of his similarity in appearance with a bad character.
দেখাত সাদৃশ্য থকাৰ দোষতে নিৰ্দোষীয়ে কেতিয়াবা অনাহকতে মাৰ খাবলগীয়া হয় ৷ Contributed by: Rupankar Mahanta on 2008-08-18
Riddle সাথৰ

এখনি মাৰলি দুখনি চাল নবন্ধাকৈ আছে সৰ্বতিকাল

The answer is:- banana leaf. The middle steam is considered as marali, a suppoting rod of a roof. 
উত্তৰ:- কলগছৰ পাত৷ মাজৰ শকত শিৰা দাল মাৰলি৷ কাষৰ দুই অংশ দুখন চাল৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-11
Idiom ফকৰা-যোঁজনা

ধৰ্মৰ ঢোল বতাহে বজায় ৷

1) Truth will come out. 2) Virtue has its own reward.
সত্য আপুনা-আপুনি প্ৰকট হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

সোলাৰ মুখত মাখি পৰে, সিও লাভৰ ভিতৰ৷

A person having no teeth cannot keep closed their mouth. Moreover they cannot crush meat or other harder foods. In such a case if a fly enter into their open mouth, the said teeth less person crush the fly as if the fly is a piece of meat.
দাঁত সোলাৰ মুখ খন দাঁত নথকা বাবে অনবৰতে মেল খাই থাকে আৰু তেনেলোকৰ মাংসৰ লগতে অন্যান্য টান পুষ্টিকৰ খাদ্য ভালকৈ চোবাই খোৱাৰ সামৰ্থ নেথাকে৷ তেনেস্থলত মুখত সোমোৱা কোমল দেহৰ মাখি টোকে (মাখি যদিওবা অখাদ্য৷) চোবাই মাংস খোৱাৰ পৰম তৃপ্তি লাভ কৰাৰ বাদে অন্য বিকল্প নেথাকে৷ Contributed by: Sitaram Upadhyaya on 2015-11-20
Idiom ফকৰা-যোঁজনা

দুদিনৰ কাৰণে তোৰ বেহা, কিহলৈ ইমান তিতা-কেহা ?

Human life has limited span, but people used to forget it and in the process of living a luxurious life they spend whole life with unnecessary tensions, quarrels with fellowmen and consequently live a miserable life with unlimited sufferings.
মানুহৰ জীৱন সীমিত দিনৰ বাবে অৱধাৰিত যদিও এই কথা পাহৰি গৈ মানুহ লোভ-লালসা আৰু ভোগ-বিলাসত মত্ত হৈ দৈনন্দিন জীৱনত দন্দ-খৰিয়াল বঢ়াই লয়, আৰু জীৱনটো অবাঞ্চিত যন্ত্ৰণা, শংকা, মানসিক অশান্তি আদিৰে কটাই দিয়ে ৷ এই চিৰসত্য কথাটিৰ উমান দিবলৈ এই ফকৰাৰ ব্যৱহাৰ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-05
Idiom ফকৰা-যোঁজনা

ফলেন পৰিচয়তে ৷

1) A tree is known by its fruits. 2)The proof of the pudding is in the eating thereof.
গছে তাৰ ফলৰ দ্বাৰা নিজ পৰিচয় দিয়ে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

মাছ চাই জাল গোঁথা

Fulfilling one's self-interest taking advantage of the situation.
সুবিধা বুজি নিজৰ স্বাৰ্থ সিদ্ধি কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-11
Phrase খণ্ডবাক্য

হোলাৰ ভাই মোলা

A very simple person
হোলা মানে সৰল লোকক বুজোৱা হয়, তেওঁৰে ভায়েক মানে তেওঁৰ নিচিনাই, অৰ্থাৎ অতি সহজ সৰল লোক ৷ Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা

অল্পবিদ্যা ভয়ংকৰী

A little learning is a dangerous thing
কোনো এটা বিষয়ৰ ওপৰত কেৱল উপৰুৱা জ্ঞান লৈ নিজকে ওস্তাদ বুলি ভৱাটো মূৰ্খতা ৷ এনে মূৰ্খতাৰ বাবে কোনোৱে জীৱনত নানান বিপদত পৰিব পাৰে ৷ Contributed by: Rupankar Mahanta on 2008-09-03
Idiom ফকৰা-যোঁজনা

এক গুলী দুই চিকাৰ

Kill two birds with one stone : That is to manage to do two things at the same time instead of just one, because it is convenient to do both.
এটা কাম কৰি দুটা ফল পোৱা Contributed by: Rupankar Mahanta on 2008-09-03
Idiom ফকৰা-যোঁজনা

ঘোঁৰাতকৈ লেকামৰ দাম বেছি হোৱা ৷

To spend more money, labour, time etc. for accomplishing an associated task than for the main work.
কোনো কাম কৰিবলৈ যাওঁতে মূল কামটোতকৈ আনুষংগিক কামত বেছি ধন, সময়, শ্ৰম আদি খৰচ কৰিবলগীয়া হোৱা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-30
Idiom ফকৰা-যোঁজনা

আদাক দেখি উঠিল গা, কেতুঁৰিয়ে বোলে মোকো খা |
অথবা,
আক দেখি, তাক দেখি; কুকুৰে পালে একাদশী |

By looking at others performance, somebody shows pseudo enthusiasm thinking that even he can do the same.
বেলেগক দেখি কাৰোবাৰ অনাহকতে গা উঠা স্বভাৱ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Phrase খণ্ডবাক্য

নাদৰ ভেকুলী

A person who not concerned about what is hapening in the society or in the world.
বাহিৰৰ সমসাময়িক পৃথিৱীখনৰ বিষয়ে একো ভূ নৰখা বা বাস্তৱ জগতৰ খবৰ নৰখা লোক Contributed by: Barnali Deuri Bora on 2010-10-13
Idiom ফকৰা-যোঁজনা

ধাৰেৰে কাটিলেও কটা, গাদিৰে কাটিলেও কটা

Cutting with a knife either with the sharp edge or the blunt edge will ultimately lead to a cut injury. Similarly, be it direct or indirect, an attempt to harm someone would ultimately hurt him or her. So, it can never be supportable.
কটাৰী বা দা এখনৰ ধাৰেৰে কাটিলে যেনেকৈ কটা যায়, গাদিৰে কাটিলেও এটা সময়ত কটা যায় ৷ অৰ্থাৎ দুয়োটা কাৰ্য্যৰে অৱশেষত পৰিণাম একেই হয় ৷ ঠিক তেনেকৈ, পৰোক্ষ বা প্ৰত্যক্ষ যিকোনো প্ৰকাৰে কৰা অপকাৰৰ পৰিণামো শেষত একেই হয় ৷ অপকাৰ সদায় অপকাৰেই, ই কেতিয়াও সমৰ্থন-যোগ্য হ’ব নোৱাৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-08
Idiom ফকৰা-যোঁজনা

কুকুৰৰ নেজ দীঘল নিজে পাৰি বহে

to enjoy one's wealth without giving any share of it to others.
নিজৰ সম্পত্তিৰ আয়ৰ ভাগ সদায় নিজেই ভোগ কৰিবলৈ পায় ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা

চিনাকি চোৰেহে পিৰালিত কাহে ৷

A thief will never make noise while attempting theft. Only a thief who has an accomplice inside will make an indicative noise to let the other person know about his presence.
প্ৰকৃত চোৰে কেতিয়াও শব্দ নকৰে ৷ চিনাকি চোৰেহে শব্দ কৰে যাতে ঘৰৰ ভিতৰত থকা সঙ্গীয়ে তেওঁ অহাতো গম পায় ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা

ওলোৱা কেঁচু গাঁতত নোসোমায় ৷

An earthworm spends most of its time in its hole. Once out, it rarely makes it back to a hole because there are so many enemies out there waiting for it. This means, venturing out into unknown territories may bring your end.
কেঁচুৰ জীৱনটো প্ৰায় গাঁততেই পাৰ হয় ৷ গাঁতৰ ভিতৰৰ পৃথিৱীৰ লগত সিঁহত ভালকৈ পৰিচিত ৷ গাঁতৰ বাহিৰ ওলালেই কেঁচুৰ শত্ৰু বহুত ৷ সেয়েহে গাঁতৰ বাহিৰ ওলোৱা কেঁচু জীৱন্তে গাঁতলৈ ঘূৰি যোৱাৰ সম্ভাৱনা কম ৷ এই কথাষাৰে ইয়াকে বুজাই যে অপৰিচিত ঠাইত পদে পদে বিপদ আহিব পাৰে ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা

শালকে মিৰিকাই হাঁহে

One having been guilty, to point fingers to the guilts of others
শাল মাছ (Channa marulius) আৰু মিৰিকা( Cirrihinus mrigala)মাছক সচৰাচৰ মানুহে খাবলৈ কম পছন্দ কৰে। কাৰণ মিৰিকা মাছত কাঁইট বেছি আৰু শাল মাছ দেখাত সাপৰ দৰে। সেয়ে এই মাছ দুটাই `মানুহে তোক নাখায়` বুলি কৈ এটাই আনটোক হাঁহে। অর্থাৎ নিজে দোষী হৈ আনৰ দোষ খুচৰি ফুৰা। Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Idiom ফকৰা-যোঁজনা

জাঁপ মাৰি দেইছিলো ঢাপলিকা পৰ্বত, টিলিকত মাৰিছিলো বগ; খেদা মাৰি ধৰিছিলো মতা হৰিণা, এতিয়া নাপাওঁ মতা হাঁহৰ লগ ৷

A person who exaggerates much about himself
এটা সময়ত অসাধ্য সাধন কৰিছিলো, কিন্ত এতিয়াহে নোৱাৰোঁ ৷ নিজৰ বিষয়ে বৰকৈ মিছাতে বঢ়াই কোৱা লোক ৷ Contributed by: Barnali Deuri Bora on 2010-11-15
Idiom ফকৰা-যোঁজনা

ছোৱালীৰ চুটি, বাঢ়নীৰ বুটি (ডাকৰ বচন)

A broomstick is more comfortable to use when it is used for some time and it becomes shorter, likewise it is said shorter girls are more efficient.
চুটি-চাপৰ ছোৱালী বেছি কাজি বুলি ধৰা হয়, ঠিক তেনেকৈ বাঢ়নীটাৰ বুটি (অৰ্থাৎ চুটি) হ’লে সাৰিবলৈ বেছি সুবিধা হয় Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা

কেচুঁ খান্দোতে সাপ ওলোৱা

While investigating some small secret or scam, discover a bigger secret or a bigger scam.
সৰু কিবা এটা বিচাৰোতে ডাঙৰ কিবা ৰহস্য উদ্ঘাতন হোৱা Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-14
Idiom ফকৰা-যোঁজনা

নাদ শুকালেহে পানীৰ মূল্য বুজি পায় ৷

The actual value of something can be realised only when it becomes scarce. Similarly, the impotance and contributions of a person is generally realised only when he departs.
প্ৰাচুৰ্য্যৰ মাজত মানুহে যিকোনো বস্তুৰ প্ৰকৃত মূল্য অনুধাৱন কৰিব নোৱাৰে ৷ কিন্তু যেতিয়া একেটা বস্তুৰ নাটনি হয়, তেতিয়াহে তাৰ মূল্য বুজি পায় ৷ ঠিক তেনেকৈ সদায় কাষতে থকা ব্যক্তি এজন হঠাতে যেতিয়া আঁতৰি যায়, তেওঁৰ অৱদান বা প্ৰয়োজনীয়তাৰ কথা তেতিয়াহে মানুহে উপলব্ধি কৰিব পাৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-14
Idiom ফকৰা-যোঁজনা

ঔষধতকৈ পথ্য ভাল ৷

Diet cures more than the doctor.
বেমাৰ হোৱাৰ পাছত আৰোগ্য হ'বলৈ ঔষধ খোৱাতকৈ, ভাল, স্বাস্থ্যকৰ আহাৰ খাই নিৰোগী হৈ থকাই শ্ৰেয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা

ঘৰ পোৰা গৰুৰ সেন্দুৰীয়া মেঘলৈকো ভয় ৷

1. A burnt child dreads the fire. 2. A scalded dog fears cold water. 3. Once bitten, twice shy.
এবাৰ ঘৰ পোৰা দেখিলে গৰুয়ে জুইলৈ ইমান ভয় কৰে যে আকাশত ৰঙা ৰঙৰ ডাৱৰ দেখিলেও ভয়ত লৰ মাৰে ৷ এবাৰ কোনো বস্তু বা ঘটনালৈ মনত ভয় সোমালে মানুহে তেনেধৰণৰ যিকোনো বস্তু বা ঘটনালৈ চিৰদিনলৈ ভয় কৰিয়েই থাকে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা

আগফালে মাৰো দাং, পিছফালে ধোবাং বাং

A state of utter carelessness. You have secured the front entrance by properly locking it while forgeting to do the same with the back entrance and left it open. To protect yourself you need to safegurd you from threats that may come form all sides.
ঘৰত থকা মানুহ আৰু বস্তুবোৰৰ সুৰক্ষা সম্ভৱ যদিহে আগফাল আৰু পিছফালৰ দুয়োখন দৰ্জা বন্ধ ৰখা হয় ৷ অৰ্থাৎ নিজকে বছাব হলে সকলোফালৰ পৰা সুৰক্ষিত কৰিব লাগিব ৷ Contributed by: Rupankar Mahanta on 2008-03-14
Idiom ফকৰা-যোঁজনা

খুজি কিল খোৱা

Suffering due to one's own actions
জানি-শুনি কৰা নিজ কৰ্মৰ ফল স্বৰূপে বিপদৰ সন্মুখীন হোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-06-19
Phrase খণ্ডবাক্য

চুঙাৰ বাদুলি

inexperienced person
অনভিজ্ঞ ব্যক্তি Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-03
Idiom ফকৰা-যোঁজনা

জী ভালেই জোঁৱাই ভাল | আপোন ভালেই জগত ভাল ||

It is easier to say about your own daughter rather then son in law. If your daughter is good then she can manage her husband to be in right position. That means, if you are good then you can influence others also to be good in nature.

জী নিজৰ সন্তান, আনহাতে জোঁৱাই লোকৰ সন্তান| গতিকে জীয়াৰীজনী ভাল নে বেয়া সতকাই ক’ব পাৰি| আনহাতেদি জীয়াৰী ভাল হ’লে জোঁৱাই বেয়া হলেও শুধৰাই ল’ব পাৰে | অৰ্থাৎ নিজে ভাল হ’লে আনেও ভাল পাব আৰু নিজ গুণৰ বলত আনকো ভাল কৰি ল’ব পাৰিব| Contributed by: Biraj Kumar Kakati on 2008-03-16
Idiom ফকৰা-যোঁজনা

চোৰৰ মন পুলিচ পুলিচ

After committing mistakes, faults, or crimes a person's mind always remains under fear to be caught and he/she observes everything surrounding him with doubt.
অপৰাধ, কুকর্ম বা দোষ কৰাৰ পাছত ব্যক্তিবিশেষৰ মন ধৰা পৰাৰ ভয়ত সদায় আতংকিত হৈ থাকে। সেয়ে নিজ দোষৰ লগত সামঞ্জস্য নাথাকিলেও য’তে ত’তে ভয়ৰ কাৰণ দেখা পায় । Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা

চিনাকি বামুণক লগুণ কেলৈ ৷

A person who has established himself in his profession does not require any identification.
কাৰোবাক যদি তেওঁৰ কামৰ বা পেছাৰ বাবে সমাজে জানে, তেনেহলে তেওঁক কোনো পৰিচয়ৰ প্ৰয়োজন নাই ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা

ভিক্ষাৰীৰ খং, জোলোঙা উদং ৷

A beggar has no choice.
ভিক্ষাৰীয়ে যদি মানুহৰ লগত খং কৰি ভিক্ষা নকৰি ঘৰত বহি থাকে, তেনেহলে ভিক্ষাৰীৰ নিজৰে জোলোঙা নভৰে আৰু ইয়াৰ দ্বাৰা আন কাৰো একো ক্ষতি নহয় ৷ অৰ্থাৎ যি মানুহ আনৰ সহায়, দয়া বা দানৰ উপৰত নিৰ্ভৰশীল তেনে মানুহৰ খং অভিমান, ঠেহ আদিৰ কোনো মূল্য নেথাকে আৰু এনে কৰিলে নিজৰে ক্ষতি হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-09-14
Idiom ফকৰা-যোঁজনা

যমৰ দুৱাৰ দলিত ভৰি দি অহা

To somehow get back from the face of sure death due to disease or engaging in some dreaded task.
অতি বিপদজনক কাম কৰি অথবা ৰোগাক্ৰান্ত হৈ মৃত্যুমুখৰ পৰা কথমপি বাচি অহা | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা

চকুৰ কুটা দাঁতৰ শূল

A person disliked most or not favourite at all.
দেখি ভাল নলগা বা অত্যন্ত অপ্ৰিয় লোক Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-07
Idiom ফকৰা-যোঁজনা

ছাগলে নাখায় কি পাগলে নবকে কি

A goat usually eats anything it gets; similarly, an insane can talk anything. This proverb is usually used in reference to something said, if it is irrelevant or unacceptable.
ছাগলীয়ে সাধাৰণতে যিহকে-তিহকে খায়; ঠিক তেনেদৰে মানসিক ভাৰসাম্য হেৰুৱা মানুহে যি-তি কথা কয় | কাৰোবাৰ অপ্ৰাংসগিক বা গ্ৰহণ কৰিব নোৱাৰা কথাত অতিষ্ঠ হ’লে এই ফকৰা যোজনাটি ব্যৱহাৰ কৰা হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা

আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল / আছে গৰু নেবাই হাল, হোৱাতকৈ নোহোৱাই ভাল

If one does not utilize his resources properly there is no benefit of having them.
মানুহে নিজৰ হাতত থকা সম্পদবিলাক ভালদৰে ব্যৱহাৰ নকৰিলে সম্পদ নথকাৰ দৰেই হয়৷ অৰ্থাৎ মানুহে নিজৰ সম্পদবিলাক সঠিকভাৱে কামত খটুওৱা উচিত৷ Contributed by: Prasenjit Khanikar on 2008-02-28
Idiom ফকৰা-যোঁজনা

বুঢ়া শালিকাই মাত নলয় |

To start doing something in the later age of ones life while he could have done it long back.
সময় থাকোতেই যদি কোনোৱে শিকিব লগা কিবা এটা নিশিকি ভাটি বয়সত শিকিবলৈ যায় তেন্তে এই ফকৰা ফাঁকি ব্যৱহাৰ কৰা হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা

এশ গৰু মাৰিলে বাঘৰো মৰণ

If one does harm to a large number of people, one also gets hurt.
বহুলোকৰ অনিষ্ট কৰিলে, নিজৰো অনিষ্ট হোৱাৰ সম্ভাৱনা থাকে ৷ Contributed by: Bikram M Baruah on 2008-02-16
Idiom ফকৰা-যোঁজনা

ক'লেও আয়ে কিল খায়, নক'লেও বোপায়ে ছুৱাতে খায়

a puzzled situation of mind.
কোনো কথা ক’লেও বিপদ আৰু নকলেও বিপদ অৰ্থাৎ মনৰ দোধোৰ-মোধোৰ অৱস্থা ৷ অন্তৰ্গত সাধুটো হ’ল- বাঢ়ি থোৱা ভাত মেকুৰীয়ে খোৱাটো পুতেকে দেখিছে যদিও সেই কথা দেউতাকক জনাব পৰা নাই ৷ কাৰণ তেনে কৰিলে মাকৰ বিপদ, আনহাতে নক’লেও দেউতাকে ছুৱা ভাতকে খাব লগা হ’ব ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা

বাৰীৰ ঘাহেঁ, গোহালিৰ গৰুৱে ৰাহি নাহে

underestimating one's own experienced ones but taking advise from others who are less experienced
অভিজ্ঞ আপোনজনৰ মতামতক যথাযোগ্য সন্মান নজনোৱা কিন্ত তাতোতকৈ কম যোগ্য আনৰ কথা সহজে শুনা Contributed by: Barnali Deuri Bora on 2010-10-25
Idiom ফকৰা-যোঁজনা

মুখ মেলিলেই গৰ্ভ দেখা পায় ৷

The mentality and intelligence of a person can be judged when we talk with him.
এজন ব্যক্তিৰ লগত কথা পাতিলেই তেওঁৰ মানসিকতা আৰু জ্ঞানৰ আভাস পোৱা যায় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা

চালে বেৰে কোবোৱা

To say hither and tither without knowing the facts.
প্ৰকৃত কথাটো নজনাকৈ অনুমানতে যিহকে-তিহকে কৈ কথা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা

এদেও দুদেও লোটা নিয়াৰ চেও

Starting with small amount, and later transferring it into a habit into a large scale. Basically used to describe somebodies bad habits or exploiting somebody by unfair means etc.
প্রথমে অলপ অলপকৈ আৰম্ভ কৰি পিচলে স্বভাৱত পৰিণত হোৱা| Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা

আপুনি বয়স হৈলে বুদ্ধি হৈব ভাল

A person matures along with age.
বয়স হলে আপোনা-আপুনি পাৰিপক্কতা আহে Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা

খং নামে চণ্ডাল ৷

Anger is evil.
খঙত মানুহে বহু অমানৱিক কাম কৰিব পাৰে, সেয়ে খং উঠা মানুহক চণ্ডালৰ (শ্মশানত থকা মৃতকক জ্বলোৱা ব্যক্তি) লগত ৰিজোৱা হৈছে৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা

এপাচি শাকত এটা জালুক

A drop in the ocean : It refers to a thing that is too small in the context.
প্ৰয়োজনতকৈ যথেষ্ট সৰু বা কম পৰিমাণৰ বস্তু, যিটো হোৱাই নোহোৱাই সমান৷ Contributed by: Rupankar Mahanta on 2008-09-03
Idiom ফকৰা-যোঁজনা

নাই বুলিলেও হাতীৰ শুৰত সাত কলহ পানী থাকে ।

A wealthy person is never totally bereft of resources.
ধনী লোকৰ কেতিয়াও তলি উদং নোহোৱা। সকলো সময়তে পৰ্যাপ্ত পৰিমানে কোনো বস্তু থকা । Contributed by: Anjali Sonowal on 2008-06-25
Idiom ফকৰা-যোঁজনা

বান্দৰে কি বুজে নাৰিকলৰ মোল

Only the scholar/literate people can understand the virtue of knowledge
বান্দৰে যিদৰে নাৰিকল ফালি খাব নোৱাৰে বাবে তাৰ গুণাগুণ বুজি নাপায়, ঠিক সেইদৰে বিদ্বান ব্য্যক্তিয়েহে জ্ঞানৰ মোল বুজে। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-07
Idiom ফকৰা-যোঁজনা

মাজ-মূৰত নাই চুলি, পৈয়েকে মাতে ৰূপহী বুলি ৷

Like the way a man wants to consider his wife beautiful in spite of her being bald, one usually tries to ignore the weakness or misdeeds of his loved ones.
মাজ-মূৰত চুলি নোহাৱা তিৰোতাকো গিৰীয়েকে ৰূপহী বোলাৰ দৰে মানুহে সাধাৰণতে প্ৰিয় বা আপোনজনৰ দোষ দেখা নাপায় বা দেখিলেও অৱজ্ঞা কৰিবলৈ চেষ্টা কৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা

বলে নোৱাৰা শিলক পৰি নমস্কাৰ ৷

It is always better to accept one's inability to perform a job that is beyond his capabilities.
প্ৰবল ইচ্ছা থাকিলেও নিজৰ সামৰ্থ্যৰে কৰিব নোৱাৰা কামত হাত দি লাভ নাই, বৰঞ্চ নিজৰ অসমৰ্থতা স্বীকাৰ কৰি লোৱাই শ্ৰেয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-19
Idiom ফকৰা-যোঁজনা

তোমাৰ ঘৰৰে বাঁহ-গাঁজ আনি তাৰে কৰিলোঁ খৰিছা; তোমাতে বেচি ধান দোণ লৈছোঁ কথাটো মন কৰিছা?

Deceiving somebody by selling stuff owned by himself.
কাৰোবাৰ পৰা অনা বস্তু পুনৰ গৰাকীকে বেচি ঠগী খোৱা স্বভাৱ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা

সান্দহ খোৱা বালি তল যোৱা

the state of compulsion to lose the vantages enjoyed by someone
ভোগ কৰি থকা সুবিধা হেৰুৱাব লগীয়া হোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-28
Idiom ফকৰা-যোঁজনা

শিয়ালৰ কান্ধত মঙহৰ ভাৰ৷

Entrusting the duty of something to someone, who is greedy for the same.
যাৰ যি বস্তুৰ প্ৰতি লিপ্সা বেছি তেনে লোকক সেই বস্তুৰ তদাৰক কৰিবলৈ দিয়া। Contributed by: Sitaram Upadhyaya on 2015-02-22
Idiom ফকৰা-যোঁজনা

সাপো মৰক, লাঠিও নাভাগক৷

Solving a serious problem without incurring any loss or damage
কোনো ক্ষয়-ক্ষতি নোহোৱাকৈ জটিল সমস্যা সমাধান কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-13
Idiom ফকৰা-যোঁজনা

উনা ভাতে দুনা বল, অধিক ভাতে ৰসাতল

Eating more than neccesary is always bad for health.
সদায় পৰিমিত আহাৰহে গ্ৰহণ কৰা উচিত; অধিক ভোজন স্বাস্থ্যৰ বাবে হানিকাৰক ৷ Contributed by: Barnali Deuri Bora on 2010-11-01
Idiom ফকৰা-যোঁজনা

ওপৰলৈ থু মাৰিলে নিজৰ গাতে পৰে

While criticising others, one often exposes his own faults.
আনক সমালোচনা কৰিবলৈ যাওঁতে সাধাৰণতে নিজৰ দোষ-ত্ৰুটিহে ধৰা পৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা

অকলশৰীয়া পহু, গায়ে মূৰে খহু

Living all alone is not easy. You have all the problems in the world to face and have only yourself to defend against them.
অকলশৰীয়া জীৱন সহজ নহয় ৷ বেমাৰত পৰিলেও চাবলৈ কোনো নাই ৷ সকলো সমস্যা অকলেই মুখামুখি হোৱাটো যঠেষ্ট কঠিন ৷ Contributed by: Rupankar Mahanta on 2008-03-19
Idiom ফকৰা-যোঁজনা

শাকে শোকোতাই ভক্ষণ, সু পুৰুষৰ লক্ষণ

A well balanced diet is very much essential for a healthy body.
শোকোতা তিতা বাবে বা শাক-পাচলি বহুতৰ প্ৰথম পচন্দৰ খাদ্য নহয় ৷ কিন্ত সন্তুলিত আহাৰহে সুস্বাস্থ্যৰ জনক ৷ Contributed by: Barnali Deuri Bora on 2010-10-13
Idiom ফকৰা-যোঁজনা

কুটৰ পো কুটি, লোকলৈ বুলি হুল পুতি, নিজে মৰে ফুটি ৷

A conspiracy always harms the conspirator.
আনৰ অপকাৰ কৰিবলৈ ষড়যন্ত্ৰ কৰিলে, নিজেই সেই ষড়যন্ত্ৰৰ বলি হ`বলগীয়া হয়। Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-14
Idiom ফকৰা-যোঁজনা

সুবাৰী নষ্ট হয় মাজে ললে বাট। সুতিৰী নষ্ট হয় ঘনাই বুলিলে হাট।।

Those woman who roam in the market place may loose their character.
বজাৰে-সমাৰে ঘূৰি ফুৰা তিৰোতাৰ স্বভাৱ নষ্ট হয়৷ Contributed by: biswadip gogoi on 2011-03-15
Idiom ফকৰা-যোঁজনা

জোৰ যাৰ মুলুক তাৰ ৷

to achieve the goal with force.
বলেৰে কাম আদায় কৰা ৷ Contributed by: Parikhit Baruah on 2008-11-30
Idiom ফকৰা-যোঁজনা

ডুলি ভৰা আশা আৰু কুলা ভৰা ছাঁই ৷

Extravagant hopes lead to complete disappointment.
ডাঙৰ আশা লৈ কোনো কাৰ্য সম্পাদন কৰিবলৈ গ'লে, তাৰ ফল অলপ কমকৈ পালেও নিৰাশাত ভুগিব লগীয়া হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা

নাও বুৰিলেও/ডুবিলেও টিঙৰ পৰা ননমা।

People who never gets rid of their boast even in the time of great danger.
যিমানেই যি নহওক, কোনো পৰিস্থিতিতে সৰু নোহোৱা মতগৰ্বী স্বভাৱ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা

মই লৈ যাও ৰৌ-বৰালী, তুমি লৈ যোৱা কুচিয়া-মিৰিকা; নহ’লে তুমি লৈ যোৱা কুচিয়া-মিৰিকা, মই লৈ যাও ৰৌ-বৰালী ৷

This phrase is used to ridicule a person who takes lion’s share for himself and deprives others from getting their deserving share.
দুজন মানুহ মাছলৈ গৈ ৰৌ, বৰালী, কুচিয়া আৰু মিৰিকা মাছ ধৰে, আৰু ভাগ-বতৰা কৰোতাজনে মাছ ভাগ-বতৰা কৰাৰ সময়ত এইদৰে (ফকৰাটো) কয় ৷ অৰ্থাৎ ভাগ-বতৰা কৰোতাজনৰ ভাগত সদায় ৰৌ-বৰালী পৰিব আৰু আনজনৰ ভাগত সদায় কুচীয়া আৰু মিৰিকা ৷ অৰ্থাৎ যেতিয়া বিলাই দিয়া কাৰ্যত অনিয়ম হয়, আৰু আবন্টন কৰোতাই কৰোবাক প্ৰাপ্য বস্তুৰ পৰা বঞ্চিত কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰে, তেনেস্থলত এই ফকৰা মাতি আবন্টন কৰোতাজনক উপলুঙা কৰা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-11
Idiom ফকৰা-যোঁজনা

ওস্তাদৰ খেল শেষ ৰাতি

One who is really efficient, he does not show it; but when needed can do the work easily at the last moment also.
যি প্ৰকৃততে কোনো কামত পাৰ্গত, তেওঁ এনেয়ে বাহাদুৰি দেখুৱাই নুফুৰে; কিন্তু সময়ত তেওঁ একেবাৰতে সহজে কামটো সমাধা কৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-31
Idiom ফকৰা-যোঁজনা

ডুব গ’লে বেলিৰ পোহৰো ক্ৰমে ক্ৰমে নোহোৱা হয় ৷

The fame and prosperity of human being gradually disappear from the world once he/she is dead.
কোনো মানুহৰ নাম-যশষ্যা বা ঐশ্বৰ্য্য-বিভূতি সেই মানুহৰ মৃত্যুৰ পাছত পৃথিৱীৰ পৰা ক্ৰমে ক্ৰমে নাইকিয়া হৈ যায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-06-10
Idiom ফকৰা-যোঁজনা

ঈৰ্ষাত শান্তি নষ্ট, লোভে নষ্ট ধৰ্ম; ক্ৰোধে মিতিৰ নষ্ট, এলাহে নষ্ট কৰ্ম ৷

Jealousy makes a person to loose peace of mind, lust makes him do unethical things and become dishonest. Similarly anger destroys relationship and laziness spoils works.
মানুহৰ ঈৰ্ষা বাঢ়িলে মনৰ শান্তি নাইকিয়া হয় আৰু লোভ-লালসা বাঢ়িলে অন্যায়-ব্যভিচাৰত লিপ্ত হৈ মানুহ পথভ্ৰষ্ট হয় আৰু ধৰ্মৰ পৰা আঁতৰ হয় ৷ একেদৰে ক্ৰোধান্বিত হৈ মানুহে বিবেক হেৰুৱাই পেলায় আৰু নকব লগীয়া কথা কৈ আত্মীয় মানুহৰ মনতো আঘাত দিয়ে আৰু তাৰ দ্বাৰা মিতিৰ নষ্ট হয়; এলাহ কৰি পাছত কৰিম বুলি পিছুৱাই থাকিলে কৰ্ম নষ্ট হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-09
Idiom ফকৰা-যোঁজনা

ৰাইজে নখ জোকাৰিলে নৈ বয়।

If a number of people work together, a big and complex task can also be accomplished.
সকলোৱে কোনো কামত যোগ দিলে বহু ডাঙৰ বা জটিল কামো সহজে সমাধা কৰিব পাৰি। Contributed by: Bikram M Baruah on 2008-02-09
Idiom ফকৰা-যোঁজনা

আৰ্জিলে ভুঞ্জিবও লাগে ৷

One has to remain prepared to face the consequences of his own deeds, whether good or bad.
নিজে কৰা ভাল-বেয়া সকলো কৰ্মৰ ফল ভোগ কৰিবলৈ মানুহ সাজু থাকিব লাগে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10
Idiom ফকৰা-যোঁজনা

চোৰৰ ভয়ত কাঁহি পুতি থৈ কলপাতত ভাত খোৱা ৷

When someone has illogical fear of unseen and unpredictable incidents and does not perform normal activities out of that fear and prejudice.
কাঁহি কিনা হয় তাত ভাত খাবলৈ, কিন্তু সেই কাঁহিখন চুৰ হৈ যাব পাৰে বুলি ভয় কৰি যদি কোনোবাই তাক মাটিৰ তলত পুতি থৈ কলপাতত ভাত খায়, তেন্তে কাঁহিখন কিনাৰে অৰ্থ নাথাকে ৷ অৰ্থাৎ, সৰু-সুৰা দূৰ্ঘটনাৰ ভয়ত অথবা মনি সজা অযুক্তিকৰ বিশ্বাস বা ধাৰণাৰ বশবৰ্তি হৈ নিত্য-প্ৰয়োজনীয় কৰ্ম, কৰ্তব্য আদি নকৰি পিছ হুঁহকি থকা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-08
Idiom ফকৰা-যোঁজনা

গেলাতে টেঙা দিয়া

to inflict additional injury to someone who is already suffering from pain
কষ্ট ভোগ কৰি থকা ব্যক্তিক অধিক কষ্ট দিয়া Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-04-26
Idiom ফকৰা-যোঁজনা

ঘঁহোতে ঘঁহোতে শিলো ক্ষয় যায় ৷

Constant dripping wears out the stone.
বাৰে বাৰে ঘঁহি থাকিলে শিলৰ দৰে টান বস্তুও ক্ষয় যায়, একেদৰে বাৰে বাৰে চেষ্টা কৰি থাকিলে অসাধ্যও সাধন কৰিব পাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা

সাতে-পাঁচে মিলাই

(Eng.equivalent: put two and two together)to decide, find out the truth from what you hear and see
শুনা, দেখা কথাৰ পৰা মিলাই মেলি প্ৰকৃত সঁচা কথানো কি তাক থিৰ কৰা। Contributed by: Partha P Sarmah on 2011-03-05
Idiom ফকৰা-যোঁজনা

আইৰ ঘৰলৈ যাম, দুবেলা দুমুঠি খাম | বিধাতাই বোলে ময়ো পাছে পাছে যাম ||

Sometimes, misfortune does not leave people to enjoy in good time also.
বিয়া দিয়া ছোৱালী মাকৰ ঘৰলৈ যোৱাটো বৰ সুখৰ কথা | কিন্তু তাতো গৈ যদি বিধিৰ বিপাকত অশান্তিৰ মূখামূখি হয় সি বৰ দুৰ্ভাগ্যৰ কথা | এইষাৰ ফকৰাৰ অৰ্থ "ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি" ফকৰা ফাঁকিৰ দৰেই হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-15
Idiom ফকৰা-যোঁজনা

এবাৰ গোহালি পোৰা গৰুৰ সেন্দূৰীয়া মেঘলৈকো ভয়

Once a person is frightened by something he/she becomes cautious to similar actions/incidents.
মানুহে এবাৰ কিবা কাৰণত ভয় খালে, অনুৰূপ কাৰণ অথবা ঘটনা দেখিলে আতঙ্কিত হয়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-11-05
Idiom ফকৰা-যোঁজনা

কেঁচুৱাই কান্দিলেহে কল পায়।

A baby, when feel hungry, cries and mothers offer milk. Similarly if you want something we need to cry(spell out) otherwise you w'not get it.
কেঁচুৱাই ভোক পিয়াহ লাগিলে কান্দে; তেতিয়াহে মাকে বুজি পাই গাখীৰ যাঁচে। তেনেকৈ কাৰোবাক কিবা লাগিলে ক'ব (কান্দিব) লাগে; নহ'লে প্ৰয়োজন পূৰণ নহ'বও পাৰে। Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-12
Idiom ফকৰা-যোঁজনা

মূৰত থ’লে ওকণিয়ে খায়, মাটিত থ’লে পিপৰাই খায়

It refers to the condition of a person when he gets something what he was longing for or meets someone very dear to his heart and soul.
মনে বিছৰা অতি হেঁপাহৰ কোনো বস্তু পালে বা বহুদিনৰ মূৰত নিজৰ আপোনজনক ওচৰত পালে উদ্ভৱ হোৱা কি কৰোঁ কি নকৰোঁ অৱস্থা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-15
Idiom ফকৰা-যোঁজনা

আমকলা হোৱা দিয়ে, দৈকলাৰ জুতি লাগে ।

Enjoy the hardwork of others.
কাৰোবাৰ কষ্ট আৰ্জিত ফলক আন কোনোবাই আয়াসতে ভোগ কৰা । Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-07-28
Idiom ফকৰা-যোঁজনা

গাই গোটে পেটে ভঁৰাল

Selfish. One thinks about his own stomach.
আপোনপেটীয়া৷ স্বাৰ্থপৰ৷ যি কেৱল নিজৰ পেটটোৰ কথাহে ভাৱে ৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-09
Idiom ফকৰা-যোঁজনা

পঁইতা পালমৰা, কৰ্কৰা লৰমৰা, তপত দিনটোলৈ গাতো শকত

Eating a good fresh breakfast in the morning is essential for healthy body.
আগদিনাখনৰ পানী দি থৈ দিয়া ভাত (পঁইতা), বা আগদিনাখনৰ ঠাণ্ডা ভাতেৰে (কৰ্কৰা) পুৱাৰ জলপান খোৱাতকৈ তপত বা গৰম ভাতকেইটা খোৱাতো বেচি স্বাস্থ্যকৰ বুলি কোৱা হৈছে ৷ Contributed by: Barnali Deuri Bora on 2010-10-29
Idiom ফকৰা-যোঁজনা

চুকৰ ভেকুলী নাদত পৰা

Common frogs usually stay in the dark corners of a house and cannot live in deep waters. When it falls in a well, it cannot survive. Similarly, a person living in a remote village gets exposed to a larger society, he finds it very difficult to adjust.
চুক-ভেকুলী সাধাৰণতে ঘৰৰ চুকত থাকে; দ পানীত নাথাকে | নাদত পৰিলে চুক-ভেকুলী বাচি থাকিব নোৱাৰে | সেইদৰে ভিতৰুৱা ঠাইত জীৱন কটোৱা মানুহ এজন বাহিৰৰ বহল জগতখনৰ সন্মুখীন হ’ব লগা হ’লে বিপদত পৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা

হাতীয়ে খায় যিমান লাদেও সিমান ৷

One who earns more expends more.
হাতীৰ দৈনিক খাদ্যৰ পৰিমাণ যেনেদৰে বেছি, সেই অনুপাতে ত্যাগ কৰা মলৰ পৰিমাণো বেছি ৷ অৰ্থাৎ যি মানুহৰ ধনৰ আমদানি বেছি হয়, সেই অনুপাতে সেই ব্যক্তিৰ খৰছো বেছিকৈ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা

ভেকুলি ওলোৱাৰ ভয়ত পুখুৰী নাখান্দিব নেকি

If we want to do something big and meaningful some minor bad consequence may occurs, we should not afraid of it.
ভাল ডাঙৰ কিবা এটা কাম কৰিবলৈ গলে, দুই এটা সৰু-সুৰা বিঘিনি হবই, তাৰ ভয়ত কামটো বাট দিব নালাগে৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-01
Phrase খণ্ডবাক্য

সাত ঘাটৰ চেঙেলি

cunning, clever or devious
অতি টেঙৰ বা ধূৰ্ত্ত Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-30
Idiom ফকৰা-যোঁজনা

তুমি ডালে ডালে, মই পাতে পাতে

A person who claims that he is more clever than the other who is trying to oversmart him.
নিজে আনতকৈ বেচি শিয়ান বুজাবলৈ ব্যৱহাৰ হয় ৷ Contributed by: Barnali Deuri Bora on 2010-10-28
Idiom ফকৰা-যোঁজনা

নোধোওঁ গা ধুৱালি, নাখাওঁ ভাত খুৱালি, নিগিলোঁ কি কৰ কৰ

stubborn attitude, reluctant to do anything without one`s own will
আঁকোৰগোজ মনোভাৱ, নিজৰ ইচ্ছাৰ বিৰুদ্ধে কোনো কাম কৰিবলৈ সন্মত নোহোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-29
Idiom ফকৰা-যোঁজনা

গোৰ মাৰি গঙ্গাত পেলোৱা

one gets benefited from the act of revenge from the other
গোৰ মৰা হয় শাস্তি বিহিবলৈ, কিন্তু সেই গোৰেই যদি গঙ্গাত পেলায়, তেন্তে গঙ্গাস্নান কৰি উপকৃতহে হোৱা যায়। অর্থাৎ শাস্তি বিহাৰ অভিপ্রায়েৰে কৰা কার্যৰ দ্বাৰা কাৰোবাৰ মঙ্গল সাধন হোৱা। Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Idiom ফকৰা-যোঁজনা

শগুণ যিমান ওপৰলৈ নুৰক দৃষ্টি সদায় মৰা শত।

A narrow minded man, even if he reaches to the top of the helm his thinkings always remain narrow.
শগুণ বহু ওপৰলৈ উৰে, কিন্তু দৃষ্টি সদায় খাদ্য অর্থাৎ মৰা শত নিবদ্ধ থাকে, একেদৰে অসৎ চৰিত্রৰ মানুহ বা ঠেক মনোবৃত্তিৰ মানুহ যিমান ডাঙৰ নহওক, সিহঁতৰ অসৎ বা ঠেক মনোবৃত্তি কেতিয়াও আঁতৰি নাযায়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা

অঙঠা খালে এঙাৰ শৌচ কৰিব লাগে ৷

Ill deeds always end up with harmful results.
বেয়া কাম কৰিলে সদায় ক্ষতিকাৰক পৰিণাম পোৱা যায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-21
Idiom ফকৰা-যোঁজনা

গোহালি পোৰা গৰু ৰঙা মেঘ দেখিলেও চকি উঠে৷

Once someone experiences a disastrous condition, he gets alerted even by a little signal of such a condition in future.
গোহালিত জুই লাগি বেয়াকৈ চক খোৱা গৰুৱে যেনেকৈ ৰঙা মেঘে আকাশ পোহৰাই তুলিলে জুই লগা বুলি ভয় খায় ঠিক তেনেকৈ এবাৰ কোনো বিপদৰ সন্মুখীন হোৱা মানুহে বিপদৰ সামান্য উমান পালেই চক্ খাই উঠে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2016-04-13
Idiom ফকৰা-যোঁজনা

ধান-পুৰীয়া কঁঠাল পাতৰ আঁৰত লুকাল

an impotent person being kept out of reckoning.
লেখত ল’বলগীয়া লোক বাদ পৰি থকা৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-08-20
Idiom ফকৰা-যোঁজনা

আছিলো বামুণ হ`লো নটা৷ ছোৱালী আনিলো গো-চাল কটা ৷

This idiom is used to refer to a person indulging in something contradictory to social customs and traditions.
আগৰ দিনত ব্ৰাহ্মণে নচা অথবা মুচিয়াৰৰ দৰে তথাকথিত নীহকূলীয়া ছোৱালী বিয়া কৰোৱাটো সমাজ-বিৰুদ্ধ গৰ্হিত কাম বুলি ভবা হৈছিল ৷ গতিকে এই যোজনাটো সামাজিক পৰম্পৰা উলংঘা কৰাৰ অৰ্থত ব্যৱহাৰ হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-26
Idiom ফকৰা-যোঁজনা

জয় থাকোতেই ভংগ ভাল ৷

Retire when you are successful but not when you are unsuccessful or failing.
কোনো কাম, প্ৰতিযোগিতা, খেল-ধেমালি আদিত যেতিয়া মানু্হ বিজয়ী হৈ থাকে তেনে অৱস্থাতে ভংগ দিলে অৰ্থাৎ অবসৰ ল'লে খ্যাতি ৰৈ যায় ৷ আনহাতে, পৰাজিত হোৱাৰ পিছত অবসৰ ল'লে পৰাজয়ৰ গ্লানি সহিব লগা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
Idiom ফকৰা-যোঁজনা

দেহা গোলাঘটীয়া হ

to feel exhausted due to strenuous exercise or for facing troubles and turbulence
কঠিন পৰিশ্ৰমৰ ফলত অথবা নানান আলৈ-আহুকালৰ সন্মুখীন হোৱাৰ ফলত শৰীৰ অৱশ হৈ পৰ্ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-05-15
Idiom ফকৰা-যোঁজনা

ভাতৰ ভতুৱা মেখেলা ভাৰি ভাত বাঢ়ি থৈছো খোৱাহি আহি

It`s about a person who is very lazy and does not work, and also lives on other`s mercy.
কাম বন নকৰি, বহি শুই আনৰ উপাৰ্জনৰ ওপৰত জীৱন নিৰ্বাহ কৰা লোকক বুজুৱা হৈছে ৷ Contributed by: Barnali Deuri Bora on 2010-11-19
Idiom ফকৰা-যোঁজনা

গাত নাই ছাল বাকলি, মদ খাই তিন টেকেলি

Have very limited wherewithal, yet spend most of what he earns on bad habiits like drinking
হাতত পইচা-পাতি নাই, তথাপিও যিকণ ঘটে তাক মদ খোৱাৰ দৰে কু অভ্যাসত খৰচ কৰে Contributed by: Rupankar Mahanta on 2008-03-13
Idiom ফকৰা-যোঁজনা

ঠেলাৰ নাম বাবাজী ৷

1) Necessity is the law of life. 2) Nothing like force.
টানত পৰিলে মানুহে তুচ্ছ কামো কৰিব লগা হয়; বা মানসিক বা শাৰীৰিক শাস্তিৰ ভয়ত মানুহে যি কোনো কাম কৰিবলৈ বাধ্য হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

দৰিদ্ৰ যিফালে যায়, সাগৰো শুকায়, মাণিকো লুকায় |

People believe that a man becomes poor because of his misfortune. Hence, wherever he goes, a poor can never earn wealth and happiness.
মানুহৰ বিশ্বাস যে ভাগ্য বেয়া হোৱাৰ কাৰণেহে মানুহ দুখীয়া হয় | গতিকে দুখীয়াই য’লৈকে নাযাওক কিয়, কেতিয়াও তেওঁ সুখ-সম্পত্তি আৰ্জন কৰিব নোৱাৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা

শিয়ালৰ জাক জাক, সিংহৰ এটা

A single man who is bold and strong could be an asset for the society and he can bring prosperity to it but thousands of cowards cannot do anything.
শিয়াল এবিধ ভয়াতুৰ, ধূর্ত আৰু দুর্ব্বল প্রাণী ৷ আনহাতে সিংহ নির্ভীক আৰু শক্তিশালী প্রাণী। সেয়ে জাক জাক শিয়ালে এটা মাত্র সিংহ দেখিলেও পলাই পত্রং দিয়ে। একেদৰে ভয়াতুৰ আৰু দুর্ব্বল মানুহ হাজাৰ জনতকৈ এজন নির্ভীক, শক্তিশালী মানুহে সমাজৰ অশেষ উন্নতি সাধন কৰিব পাৰে। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা

হাঁহ চোৰৰ মূৰত পাখি, কঁঠাল চোৰৰ আঠাই সাক্ষী

A criminal always leaves behind some signs of a crime he comiits.
কিবা অপকৰম কৰাৰ পিছত কৰবাত নহয় কৰবাত চিন থাকি যায়। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা

পৰৰ পালে জ্বৰৰ গাৰে খোৱা

to be lavish with the wealth or resources of another.
পৰৰ পালে ব্যয় কৰিবলৈ অলপো সংকোচ নকৰা Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-02-25
Idiom ফকৰা-যোঁজনা

চন্দ্ৰতো কলঙ্ক আছে

This implies that nobody is perfect. Everyone has a some shortcomings in their life.
সকলোৰে কিবা নহয় কিবা দোষ বা বিচ্যুতি থাকে ৷ এইটো সত্য কেৱল সাধাৰণ মানুহৰ বাবেই নহয়, সমাজৰ সফলতম ব্যক্তিজনৰ বাবেও ই প্ৰজোয্য ৷ Contributed by: Rupankar Mahanta on 2008-09-04
Phrase খণ্ডবাক্য

কাণ সৰালি মাৰ্

to pretend not to hear
নুশুনা ভাও জোৰ্ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-04
Idiom ফকৰা-যোঁজনা

বেৰে-চালে কোবা

to speak something not relevant to the topic of discussion
আলোচনাৰ বিষয়-বস্তুৰ সৈতে সম্পৰ্ক নথকা অসংলগ্ন কথা ক Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-10-07
Idiom ফকৰা-যোঁজনা

বহিবলৈ পালে শুবলৈ বিচাৰে ।

One who gets help often tries to get more.
অলপ সুবিধা পাই আৰু বেছি ল`বলৈ বিচৰা । Contributed by: Anjali Sonowal on 2008-07-26
Idiom ফকৰা-যোঁজনা

কুকুৰ বুঢ়া হ’লে ফাপৰে ধৰে, মানুহ বুঢ়া হ’লে পৰকিতি লৰে ৷

Dogs suffer from alopecia and become hairless when become old. On the other hand, some people lose their character at the old age.
বুঢ়া হ’লে কুকুৰৰ গাৰ নোম সৰি ফপৰা হয় ৷ আনহাতে কিছুমান মানুহৰ বয়স হ’লে প্ৰকৃতি লৰে অৰ্থাত্‍ স্বভাৱ বেয়া হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা

পিঠিত কুলা বান্ধ ৷

To tolerate physical torture without any complaint or reaction.
কুলাৰে বাহঁৰ ধান-চাউল আদি জৰা হয়৷ সেই কুলা পিঠিত বান্ধিলে পিঠিত পৰা প্ৰহাৰৰ কষ্ট লাঘৱ হয়৷ সেয়ে এই খণ্ডবাক্যই শাৰীৰিক শাস্তি, যাতনা আদি বিনা প্ৰতিবাদেৰে সহ্য কৰা বুজায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-06-10
Idiom ফকৰা-যোঁজনা

কায়া দেখিলে মায়া বাঢ়ে ৷

Out of sight is out of mind.
চকুৰ আগত থাকিলে এজন মানুহৰ প্ৰতি আন এজনৰ মায়া বাঢ়ে ৷ বা মানুহে চকুৰ আগত দেখি থকা মানুহ বা তাৰ লগত জৰিত সমস্যা আদিক সহজে আওকান কাৰিব নোৱাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-23
Idiom ফকৰা-যোঁজনা

বাজিব লাগে টেমি-কটাৰী, বাজিছে হাচটি

Person who is supposed to talk is not telling anything, but his supporter is unnecessarily going on telling meaningless things.
হাচটিত থকা টেমি-কটাৰী আদি নাবাজি হাচটিখন বজা অৰ্থাৎ কথা ক’ব লগীয়া ব্যক্তিজনে নকৈ তেওঁৰ সমৰ্থনত অন্য ব্যক্তিয়ে অনৰ্থকভাৱে কথা কৈ থকা ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা

গড়গঞা মিতিৰৰ ভাও- মুখে বোলে থাক থাক, ভৰিৰে হেঁচোকে নাও৷

relatives or friends who are insincere or deceitful.
মুখে-পেটে একে নোহোৱা৷ বাহিৰত দেখুৱাই মিঠা মাত মাতি ভিতৰত কপট ভাব ৰখা স্বভাৱ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-08-17
Idiom ফকৰা-যোঁজনা

নাই মোমাইতকৈ কণা মোমায়েই ভাল ।

One should be satisfied for something, even if it is not as good, much, etc. as he really wanted. English sayings: - Something is better than nothing. - Half a loaf is better than no bread.
কেতিয়াবা ভাল গুণৰ বা ভাল পৰিমাণৰ বস্তু নাপালেও যি অলপ পোৱা হয় সেইখিনিতে সন্তুষ্ট থাকিব লাগে । Contributed by: Prasenjit Khanikar on 2008-02-25
Idiom ফকৰা-যোঁজনা

ফটাকঁথা তিতে মানে গালৈহে গধুৰ

A stitch in time saves nine.
কৰিবলগীয়া কাম পেলাই থ\'লে পাছলৈ সৰু সৰু কাম গোট খাই দিনকদিনে কঠিনৰ কঠিনতৰ হৈ পৰে । Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-28
Idiom ফকৰা-যোঁজনা

সাপে নাপাহৰে কঁকালৰ কোব

One can never forget the injury inflicted or harm done by others to him or her, but generally awaits for an opportune moment to take revenge for it.
আনে কৰা অপকাৰ বা আঘাতৰ কথা সাধাৰণতে মানুহে পাহৰিব নোৱাৰে ৷ বৰঞ্চ তাৰ পোটক তুলিবলৈ সুযোগৰ অপেক্ষাত থাকে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-09
Idiom ফকৰা-যোঁজনা

পলোৱাৰ যিমান ভাগৰ, খেদাৰো সিমানেই ভাগৰ ৷

One who evaluates or supervises the work done by another has to devote equal time and energy as that of the performer.
অসৎ কৰ্ম কৰি ধৰা পৰাৰ ভয়ত পলাই যোৱাজনৰ যিমান ভাগৰ লাগে, তেওঁক পিছে পিছে খেদি যোৱা জনৰো সমানেই ভাগৰ লাগে ৷ ঠিক সেইদৰে, আনে কৰা কামৰ নিৰীক্ষণ কৰা বা মূল্যায়ন কৰাজনে কৰোঁতাজনৰ সমানেই কষ্ট কৰিব লগীয়া হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-26
Idiom ফকৰা-যোঁজনা

কওঁতেই কলা, যঁতৰতে শলা

Highly forgetful and inattentive mind exhibited by a person
ঘূৰি থকা যঁতৰত শলা সুমুৱাই দিলে নুঘূৰা হোৱাৰ দৰে কথা এটা কৈ থাকোঁতেই পাহৰি যোৱাটো বুজায় Contributed by: Dr. Armaan U. Muzaddadi on 2011-12-03
Idiom ফকৰা-যোঁজনা

আৰ ছিগা চুলি, তাৰ ছিগা চুলি বান্ধি যাও নেঘেৰি খোপা

Attempt to show off by borrowing others' resources.
আৰ তাৰ পৰা ধাৰ কৰা বস্তুৰে নিজৰ গৰিমা বঢ়োৱাৰ চেষ্টা কৰা Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-07
Idiom ফকৰা-যোঁজনা

ৰজাই ভাল দেখে যাক, শতৰু নুবুলিবা তাক |

We should not get into conflict with those people who are having close relationship with the Government.
যিসকল ব্যক্তি ৰজাঘৰৰ আশীষধন্য হয়, তেনে লোকৰ সৈতে শত্ৰুতা কৰিব নেলাগে Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা

উপদেশতকৈ আৰ্হি ভাল ।

Example is better than precept.
আনক উপদেশ দিয়াতকৈ কোনো কাম নিজে কৰি দেখুৱাব লাগে । Contributed by: Anjali Sonowal on 2008-07-22
Idiom ফকৰা-যোঁজনা

তিলক ল’লেই বৈষ্ণৱ নহয় ৷

1) It is not the hood that makes the monk. 2) All are not saints that go to church.
বাহ্যিক সাজ-পাৰে মানুৰ চৰিত্ৰৰ পৰিবৰ্তন কৰিব নোৱাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

মাতিলে ৰণলৈকো যাবা, নামাতিলে ভোজলৈকো নাযাবা ৷

If you are invited, then do not dither to go even to a war. You will be able to do so with your head high. But if you are not invited yet you could not stop from attending a feast, you will be seen as a person without any self-respect, like a beggar.
আমন্ত্ৰণ জনালে ৰণলৈও যাবলৈ সংকোচ কৰিব নালাগে, কিয়নো এনে কৰিলে সন্মান পোৱা যায়৷ কিন্তু নামাতিলে ভোজ-ভাত খাবলৈও যাব নালাগে, কিয়নো এনে কৰিলে আত্ম-সন্মান হানি হ’ব পাৰে৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা

ফাগুনৰ পছোৱাই দুৱাৰ মেলে, বৰলাৰ গাত জগৰ লাগে৷

A person of having suspicious condition comes into the circle of blame, may he happens to be honest one or innocent about the evil deed done by someone else.
পশ্চিমৰ পৰা পূৱলৈ বোৱা বতাহ জাকক পছোৱা বুলি কোৱা হয়৷ এই বতাহ জাকে দুৱাৰ মেলিলেও বৰলাই আহি ঘৰৰ কোনোবা জীযৰী/বোৱাৰীক কিবা অশালীন ব্যৱহাৰ কৰিছে নেকি এনে সন্দেহ কৰা হয়৷ অৰ্থাৎ যিজনৰ স্থিতি সন্দেহজনক, নিৰপৰাধী হ’লেও তেনে লোককে সন্দেহৰ চকুৰে চোৱা হয়৷ Contributed by: Sitaram Upadhyaya on 2015-09-03
Idiom ফকৰা-যোঁজনা

ইজনে দিলে কটা ঘাঁটি, সিজনে দিয়ে দৰব বটি ৷

Once a person is hurt by someone and some other person from the same family or group wants to show sympathy to him or her, this saying is used to ridicule the act.
মানুহে যদি কোনো এক পৰিয়াল বা সমাজৰ মাজৰ এজনৰ পৰা কষ্ট পায়, তেনেস্থলত সেই পৰিয়ালৰ আন এজনৰ পৰা সমবেদনা বা অনুকম্পা আদি পালে, ব্যঙ্গাত্মকভাৱে এনেদৰে কোৱা হয়। Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-17
Idiom ফকৰা-যোঁজনা

বেতনিত ঔ পৰিল, গোবিন্দায় (বা বাসুদেৱায়) নমঃ

become unusable even before something is ready to be used
সাধাৰণতে বেতঁনিৰ কাষত ঔ-টেঙাৰ গছ থকা দেখা যায় আৰু ঔ-টেঙা পাৰোঁতে সি যদি বেতঁনিত পৰে তেন্তে তাক তাতে বিসৰ্জন দিয়াৰ বাদে অন্য উপায় নাথাকে (যেনেদৰে যজ্ঞত আহুতি দিয়াৰ সময়ত 'গোবিন্দাই নমঃ' বুলি একেবাৰে বিসৰ্জন দিয়া হয়)৷ ইয়াৰ অৰ্থ হ'ল কোনো এটা কাম বা বস্তু পুনৰ আৰম্ভ বা প্ৰাপ্ত কৰিব নোৱাৰাকৈ শেষ হোৱা ৷ অৰ্থাৎ তাক একেবাৰে বিসৰ্জন দিয়া ৷ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-13
Idiom ফকৰা-যোঁজনা

গায়নৰ ঘৰৰ বিড়ালীয়েও (বা কুকুৰেও বা বোন্দাইও) ৰাগ দিয়ে

the people associated with a master are also knowledgeable about his craft.
কোনো বিদ্যা বা কলাত পাৰদৰ্শী লোকৰ ঘৰত আনেও সেই বিষয়ে জনা ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা

আপোন ভালেই জগত ভাল |

If anyone is perfect by his own, then he will find everything perfect around him.
নিজে ঠিক থাকিলে সমগ্র পৃথিৱী খনেই ঠিক থাকে | কোন কেনেকৈ ক’ত মিলি থাকিব পাৰে সেইটো নিজৰ ওপৰতে নিৰ্ভৰ কৰে | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা

মেলত থাকি নকয় উচিত, দোষে চোৱে কিঞ্চিৎ কিঞ্চিৎ৷

One who does not raise voice against a wrong doing or improper decision is liable to face the consequences of such a decision in future.
ৰাজহুৱা সভা বা আলোচনাৰ মাজত থাকি উচিত কথা নক'লে বা সত্যৰ পক্ষ নল'লে অনুচিত সিদ্ধান্তৰ ফলত হোৱা পৰিণামৰ বাবে দোষৰ ভাগী হ'বলগীয়া হয়৷ অৰ্থাৎ অন্যায় কৰাজন যিমান দোষী, অন্যায়ৰ বিৰোধিতা নকৰাজনো সমানেই দোষী৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-04-19
Idiom ফকৰা-যোঁজনা

এঙনিতে জেঙনি, তাইৰ নাম সতী; একুৰি এটা ল’ৰা পায়, নামত নাই পতি

This idiom is used in reference to a woman or girl with bad character.
অসৎ চৰিত্ৰৰ তিৰোতা বা ছোৱালীক বুজাবলৈ এই যোজনাটো ব্যৱহাৰ কৰা হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-25
Idiom ফকৰা-যোঁজনা

কিনো ভমকৰ তালি, ভালখন থৈ ফটাখন পালি

A person who is in great rage may put down the good cloth he has in his hand and may pick up the torn one instead. It says that in a fit of rage people make mistakes.
খঙৰ ভমকত মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায় আৰু কেতিয়াবা হাতত থকা ভাল কাপোৰখন থৈ ফটা কাপোৰখনকে তুলি লয় ৷ খঙৰ প্ৰভাৱত মানুহে নকৰিবলগীয়া কাম কৰে ৷ Contributed by: Barnali Deuri Bora on 2010-11-10
Idiom ফকৰা-যোঁজনা

ঢাল নাই তৰোৱাল নাই, নিধিৰাম চৰ্দাৰ

The situation when one cannot perform a given task due to non-availability of appropriate tools.
উপযুক্ত সঁজুলিৰ অবিহনে কোনো কাম কৰিব নোৱাৰা অৱস্থা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা

কাকনো বুলিবা ককা, আটাইৰে দাড়ি-চুলি পকা।

When all people of an organization or a society are involved in some misdeeds, then nobody can be blamed for that.
যেতিয়া সৰু-বৰ সকলোৱে অপকৰ্মত লিপ্ত হয় তেতিয়া দোষ দিবলৈ কোনো উপায় নাথাকে| অৰ্থাৎ `সকলো একেই পানীৰ মাছ` ধৰণৰ কথা হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-20
Phrase খণ্ডবাক্য

দলনিত পোনা মেলা

To push someone into a vulnerable situation.
অসহায় অৱস্থালৈ ঠেলি দিয়া Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Idiom ফকৰা-যোঁজনা

নাই পো মুখে, নাই পো গোফে, নাই পো লনি, নাই পো ধনী৷

A person should atleast be orator, or thickly bearded, or handsome or rich
পো মানে নিজৰ পুতেক বা যিকোনো লোক, যিকোনো এটা দিশত পাৰ্গত হব লাগে৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-01
Idiom ফকৰা-যোঁজনা

হুলকেই ফুল বুলি খোপাত গোঁজা ৷

To commit extreme blunder by accepting a harmful object/matter/companion/friend as beneficial one.
ফুলৰ লগতে থকা কাঁইটে বিন্ধে আৰু কষ্ট দিয়ে,আনহাতে ফুলে বিমল আনন্দ দিয়ে ৷সেয়ে কাঁইটক ফুল বুলি ভুল কৰিলে যাতনা ভুগিব লগীয়া হয় ৷ একেদৰে এই ফকৰাই বেয়াকে ভাল বুলি গ্ৰহণ কৰাৰ দৰে মাৰাত্মক ভুল কৰা কাৰ্যক বুজায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-11
Idiom ফকৰা-যোঁজনা

কালিয়াবৰত পৈ মৰিল, ঢেঁকী দিওতে মনত পাৰিল৷

The proverb mean that although the husband was a man of some piety the widow only thought of him after his death at the time of husking paddy.
সুখৰ সময়ত নিজতে ব্যস্ত থকা স্বাস্থপৰ লোকে বিপদৰ সময়তহে স্বজনৰ কথা মনত পেলায়৷ Contributed by: Sitaram Upadhyaya on 2015-02-21
Riddle সাথৰ

মাক জুটুলি পুতুলি পুতেক চোকা টেকেলা৷

Mother is untidy with uncombed hair. The son is very alert. Ans: chilly and its tree.
জলকীয়া আৰু গছজোপা Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-11
Idiom ফকৰা-যোঁজনা

শলাগোতে শলাগোতে শলাগাঠি লাগ ৷

Excessive praise reduces efficiency.
অতিবেছি শলাগ লোৱাৰ বাবে কাৰ্যক্ষমতা হ্ৰাস হ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-28
Idiom ফকৰা-যোঁজনা

জোৰ পুৰি বৰলাৰ হাত পালেহি ৷

The danger is knocking at the door, that means it is time to get ready to face the possible danger.
বিপদ আহি দুৱাৰ-মুখ পালেহি, অৰ্থাত্ সম্ভাৱ্য বিপদৰ বাবে সাজু হ’বৰ হ’ল ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা

নুছুই ডুমুনি তুলি দিলে বোজা, নপঢ়ি নুশুনি হ’ল ওজা

This proverb is meant ironically; in earlier times it was thought that it`s impossible for a person to place a load on the head of a lower caste women without being polluted by her. Similarly, it`s equally impossible for a person to be a `learned` man without reading books.
মাছ বেছা-কিনা কৰা কৈৱৰ্ত্ত সম্প্ৰদায়ৰ লোক সকলক আগতে উচ্চ বৰ্ণৰ লোক সকলে অস্পৃশ্য বুলি গণ্য কৰিছিল, সেয়ে তেওঁলোকক স্পৰ্শ কৰিলেই অপবিত্ৰ হয় বুলি ধৰি লৈছিল ৷ অৰ্থাৎ অশুচি নোহোৱাকৈ ডুমুনি (কৈৱৰ্ত্ত মহিলা)ৰ বোজা ছোৱাটো যেনেকৈ অসম্ভৱ, তেনেকৈ নপঢ়া নুশুনাকৈ পণ্ডিত হোৱাও অসম্ভৱ ৷ Contributed by: Barnali Deuri Bora on 2010-11-19
Idiom ফকৰা-যোঁজনা

খৰা শিয়ালৰ বিয়া ৷

Occurrence of two opposite events simultaneously.
একেসময়তে দুটা উল্টা ঘটনা সংঘটিত হোৱা ৷ যেনে ৰ'দ দি থাকোতে বৰষুণো দিয়া ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-15
Idiom ফকৰা-যোঁজনা

মাছে বোলে মাতে, পানীয়ে দুই কোৱাৰি ভেটে।

It depicts a condition when one has enough to speak but cannot because of the prevailing circumstances.
কোনো কথা কোৱাৰ উপযুক্ত যুক্তি থকাৰ পিছতো পাৰিপাৰ্শ্বিক পৰিৱেশৰ বাবে ক`ব নোৱাৰা অৱস্থা। Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা

এশ নিগনি মাৰি মেকুৰী হজলৈ যায় ৷

When a person does lot of ill deeds and then starts working for welfare of mankind, people make fun of him/her by using this proverb.
অত্যধিক বেয়া কাম কৰাৰ পিছত যদি কোনো ব্যক্তিয়ে পুণ্যৰ কাম কৰিবলৈ আগবাঢ়ি আহে, তেনেহ\'লে এইদৰে কৈ সেই ব্যক্তিক ঠাট্টা কৰা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-04
Idiom ফকৰা-যোঁজনা

সতিনীৰ পুতেক আগত গলেও দায়, পাছত গলেও দায়৷

Act done by son of a co-wife is always taken as negative.
সতিনী সদায় ঘৃণাৰ পাত্ৰ৷ যাৰ প্ৰতি ভাল ভাৱ নাই তেওঁ ভালেই কৰক বা বেয়াই কৰক তাক বেয়াৰ দৃষ্টিৰে চোৱা হয়৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-08
Idiom ফকৰা-যোঁজনা

দীঘলকৈ মাৰিবা ফুই, তেহে দেখিবা জুইৰ মুই ৷

To see firewood burning nicely, one has to blow air deeply into it after having lit.
খৰিৰ জুই জ্বলাবলৈ হ’লে দীঘলকৈ ফু মাৰিব লাগে; তেতিয়াহে ই ভালকৈ জ্বলে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-06