অ (41) • আ (58) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (8) • ঢ (11) • ত (17) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (21) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Submit New Proverb, Idiom, Phrase OR Riddle
Proverbs containing the word "যি"
Idiom ফকৰা-যোঁজনাআগৰ হাল যিফালে যায় পিছৰ হালো সেইফালেই যায় ৷
The youngs of a family follow the foot steps of the elders, normally when someone learns bad habits, attitude, manners or behavour from their elders.পথাৰত হাল বাওঁতে আগৰ হালৰ পিছে পিছে দ্বিতীয়টো হাল, দ্বিতীয়টোৰ পিছে পিছে তৃতীয়টো.. ইত্যাদি ধৰণে চলে ৷ একেদৰে কোনো এক পৰিয়ালৰ অগ্ৰজৰ চলন-ফুৰণ, আচাৰ-ব্যৱহাৰ, হাৱ-ভাৱ, বদ অভ্যাস, অশিষ্ট আচৰণ আদি অনুজে অনুকৰণ কৰে, শিকে আৰু একেধৰণৰ আচৰণ প্ৰদৰ্শন কৰে ৷ সাধৰণতে কোনো ব্যক্তিয়ে জ্যেষ্ঠজনক দেখি বেয়া আচৰণ শিকিলেহে এই ফকৰাৰ প্ৰয়োগ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-03
Idiom ফকৰা-যোঁজনা
দৰিদ্ৰ যিফালে যায়, সাগৰো শুকায়, মাণিকো লুকায় |
People believe that a man becomes poor because of his misfortune. Hence, wherever he goes, a poor can never earn wealth and happiness.মানুহৰ বিশ্বাস যে ভাগ্য বেয়া হোৱাৰ কাৰণেহে মানুহ দুখীয়া হয় | গতিকে দুখীয়াই য’লৈকে নাযাওক কিয়, কেতিয়াও তেওঁ সুখ-সম্পত্তি আৰ্জন কৰিব নোৱাৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
যি মূলা বাঢ়ে তাৰ দুপাততে চিন
English sayings: Morning shows the day.কোনো কামৰ আৰম্ভণীয়ে তাৰ ভবিষ্যত সূচায়। সৰু ল`ৰা-ছোৱালীৰ শৈশৱৰ পাৰদৰ্শিতাই উজ্জ্বল ভবিষ্যতৰ কথা কয়। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা
ছাতি ধৰিবা সিফালে, বৰষুণ আহে যিফালে ৷
One has to adapt himself with the changing environment, society, rules-regulations, etc. and try to fit into the new environment.যিফালৰ পৰা বৰষুণ আহে সেইফালেই ছাতি ধৰিব লাগে, নহ\'লে অযথা বৰষুণৰ পানীত তিতি কষ্ট খাব লগা হয় ৷ অৰ্থাৎ যুগ পৰিবৰ্তনৰ লগে লগে মানুহে নিজক পৰিবৰ্তন কৰি লব লাগে, অৰ্থাৎ সময়, পৰিস্থিতি, স্থান, সমাজ আদিৰ আনুষংগিক নিয়ম-নীতিৰ লগত সংগতি ৰাখি চলিব লাগে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-06
Idiom ফকৰা-যোঁজনা
ঈশ্বৰে যি কৰে ভালৰ অৰ্থেই কৰে ৷
What God wills is for good.মানু্হৰ জীৱনত ঘটা প্ৰতিটো ঘটনাৰ কিবা নহয় কিবা অৰ্থ থাকে আৰু তাৰ দ্বাৰা ভুক্তভোগীজন উপকৃত হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা
বালীলৈ যিপাত শৰ, সুগ্ৰীবলৈও সেইপাতেই ৷
Bali, the king of apes was killed by Rama from behind the bushes in order to make his brother Sugriva the king. Later Sugriva also suffered from a similar fate. So, by this proverbial saying, it is said that one should not take pleasure from the distress of others, else he will have to face similar situation in future.বান্দৰৰ ৰজা বালীক তেওঁৰ অজ্ঞাতে আঁৰৰ পৰা শৰ মাৰি ৰামচন্দ্ৰই বধ কৰিছিল আৰু তেওঁৰ ভায়েক সুগ্ৰীবক ৰজা পাতিছিল ৷ বালীক কৰা এই অন্যায়ৰ ফল পাছত সুগ্ৰীবেও ভোগ কৰিব লগীয়া হৈছিল ৷ গতিকে এই পটন্তৰটিৰ দ্বাৰা বুজোৱা হয় যে, আনৰ দুৰ্দশা দেখি আনন্দ কৰিলে শেষত নিজৰো একে দশা হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
Idiom ফকৰা-যোঁজনা
ধুই গা যিমান দিন যাব, নুধুই গা সিমান দিনেই যাব ৷
When the final fate of something is predictable or known, there is no meaning in wasting time and energy for it.যি কামৰ পৰিণতি নিশ্চিত, তাত অনাহকত বেছি পৰিশ্ৰম কৰি লাভ নাই ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-11
Idiom ফকৰা-যোঁজনা
যিমান গাজে, তিমান নবৰষে ৷
1) Much cry and little wool. 2) Barking dog seldom bite.মেঘে যিমান জোৰে গাজে, সেই অনুপাতে বৰষুণ নহয় ৷ অৰ্থাৎ, বেছিকৈ কথা কোৱা মানুহৰ কৰ্ম কম হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Riddle সাথৰ
যি হ’ব লগা আছিল হ’ল ৷
The worst has come to the worst.কোনো বেয়া ঘটনা যি পাৰ হৈ গ'ল তাক ভৱিষ্যতৰ ভাল কৰ্ম-কাণ্ডৰ মাজলৈ ধৰি অনা উচিত নহয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
আলু খালে ভোলানাথে, কল খালে জগন্নাথে, বাকলি চুহিলে যি, ধন ভৰি মৰে সি ৷
The real culprit escapes punishment, while the minor associates get the punishment.আচল দোষীয়ে শাস্তি নাপায়, সাধাৰণ সহযোগীবোৰেহে জৰিমনা ভৰে৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা
লাও যিমানেই ডাঙৰ নহওক, সদায় পাতৰ তল ৷
In spite of having talents or intellectual excellence, a dependent cannot express them properly. (Earlier it was used to indicate the social status of a woman.)প্ৰতিভা অথবা জ্ঞান-গৰিমাৰে পৰিপূৰ্ণ হ’লেও পৰাধীন লোকে সেইবোৰ প্ৰকাশ কৰাৰ সুবিধা নাপায় ৷ (আগেয়ে এই পটন্তৰটি নাৰীৰ সামাজিক অৱস্থান বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল ৷) Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-26
Idiom ফকৰা-যোঁজনা
শগুণ যিমান ওপৰলৈ নুৰক দৃষ্টি সদায় মৰা শত।
A narrow minded man, even if he reaches to the top of the helm his thinkings always remain narrow.শগুণ বহু ওপৰলৈ উৰে, কিন্তু দৃষ্টি সদায় খাদ্য অর্থাৎ মৰা শত নিবদ্ধ থাকে, একেদৰে অসৎ চৰিত্রৰ মানুহ বা ঠেক মনোবৃত্তিৰ মানুহ যিমান ডাঙৰ নহওক, সিহঁতৰ অসৎ বা ঠেক মনোবৃত্তি কেতিয়াও আঁতৰি নাযায়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা
পলোৱাৰ যিমান ভাগৰ, খেদাৰো সিমানেই ভাগৰ ৷
One who evaluates or supervises the work done by another has to devote equal time and energy as that of the performer.অসৎ কৰ্ম কৰি ধৰা পৰাৰ ভয়ত পলাই যোৱাজনৰ যিমান ভাগৰ লাগে, তেওঁক পিছে পিছে খেদি যোৱা জনৰো সমানেই ভাগৰ লাগে ৷ ঠিক সেইদৰে, আনে কৰা কামৰ নিৰীক্ষণ কৰা বা মূল্যায়ন কৰাজনে কৰোঁতাজনৰ সমানেই কষ্ট কৰিব লগীয়া হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-26
Idiom ফকৰা-যোঁজনা
হাতীয়ে খায় যিমান লাদেও সিমান ৷
One who earns more expends more.হাতীৰ দৈনিক খাদ্যৰ পৰিমাণ যেনেদৰে বেছি, সেই অনুপাতে ত্যাগ কৰা মলৰ পৰিমাণো বেছি ৷ অৰ্থাৎ যি মানুহৰ ধনৰ আমদানি বেছি হয়, সেই অনুপাতে সেই ব্যক্তিৰ খৰছো বেছিকৈ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04