অ (41) • আ (58) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (8) • ঢ (11) • ত (17) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (21) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Submit New Proverb, Idiom, Phrase OR Riddle
Proverbs containing the word "ম"
Idiom ফকৰা-যোঁজনাগোহালি পোৰা গৰু ৰঙা মেঘ দেখিলেও চকি উঠে৷
Once someone experiences a disastrous condition, he gets alerted even by a little signal of such a condition in future.গোহালিত জুই লাগি বেয়াকৈ চক খোৱা গৰুৱে যেনেকৈ ৰঙা মেঘে আকাশ পোহৰাই তুলিলে জুই লগা বুলি ভয় খায় ঠিক তেনেকৈ এবাৰ কোনো বিপদৰ সন্মুখীন হোৱা মানুহে বিপদৰ সামান্য উমান পালেই চক্ খাই উঠে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2016-04-13
Idiom ফকৰা-যোঁজনা
তুমি হ’লা বাৰৰে, আমি হ’লো তেৰৰে
Reluctance to accept superiority of others over oneself.কোনো কথাতে আনতকৈ পিচ পৰি থাকিব নোখোজা বা আনৰ ওচৰত সেও মানিব নোখোজা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা
টুপাই বুৰ মাৰ
To deny entirely, to decline,to dissemble, to prevaricate.সমূলি মিছা মাত, গোটেই আসৈ মাত; যেনে,সি এতিয়া টুপাই বুৰ মাৰিছে। Contributed by: Anjali Sonowal on 2008-06-28
Phrase খণ্ডবাক্য
আঁঠুৱা চাই ঠেং মেলা
To do something within a limit of one`s capacity.নিজৰ সামৰ্থ্য অনুসৰি কাম কৰা Contributed by: jaimini bora on 2009-05-03
Idiom ফকৰা-যোঁজনা
ওৰণিৰ তলতেই জাৰজৰ জন্ম হয় ৷
Too much politeness is a cause of concern.অসৎ তিৰোতাই অস্বাভাবিকভাবে দীঘল ওৰণি লৈ সমাজক সতীত্বৰ চানেকি দি পৰপুৰুষৰ লগত অবৈধ সম্পৰ্ক স্থাপন কৰে আৰু জাৰজ সন্তান জন্ম দিয়ে ৷ অৰ্থাৎ অতি ভক্তি চোৰৰ লক্ষণ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-12-16
Idiom ফকৰা-যোঁজনা
মূৰত আকাশী স্বৰগ ভাগি পৰা
To suddenly face a very serious troubleহঠাতে ভয়ঙ্কৰ বিপদৰ সন্মুখীন হোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-31
Idiom ফকৰা-যোঁজনা
নানা মুনিৰ নানা মত৷
'If everyone says yes, someone is not listening!' Every individual has an unique perspective. So rather than trying to get everyone say yes to a point, we should respect their differences of opinions and decide what works best for our purpose.সকলো লোকৰে নিজা মতামত আৰু তাৰ যুক্তি থাকে৷ গতিকে আমি সকলোৰে মতক সম্মান জনাই আমাৰ বাবে লাগতিয়াল মতামতহে গ্ৰহণ কৰা যুগুত৷ Contributed by: Dr. Samhita Bharadwaj on 2011-01-07
Idiom ফকৰা-যোঁজনা
জহলৈ নমৰোঁ, মহলৈ মৰোঁ, ফটা আঁঠুৱাখন টিঙালিকৈ তৰোঁ।
Penny wise but pound foolishগৰমত (?জ্বৰ) নমৰোঁ, মহৰ ভয়ত মৰোঁ, কিন্ত ফটা আঁঠুৱাখন বহুত ওখকৈ তৰোঁ, অৰ্থাৎ তলেদি মহ সোমায়েই থাকে। পাতি পইচাৰ হিচাব ৰখা কিন্তু টকাৰ বা ডাঙৰ খৰচৰ হিচাব নৰখা। Contributed by: Barnali Deuri Bora on 2010-11-10
Idiom ফকৰা-যোঁজনা
নাখাওঁ নাখাওঁ বিয়নী, নধৰিবা হাতত; টোৰ টোৰকৈ সোমাই গ’ল এন্দুৰৰ গাতত
When someone shows unwillingness to do something with feeble objections and later on he/she does the same without any resistance.কোনো ব্যক্তিয়ে কৃতিম খং দেখুৱাই প্ৰথমে কৰিব নোখোজা কামটো পাছলৈ কোনো আপত্তি নোহোৱাকৈয়ে কৰি পেলোৱা কাৰ্যক দৰ্শোৱা হৈছে Contributed by: Dr. Armaan U. Muzaddadi on 2012-10-15
Riddle সাথৰ
শাক দি মাছ ঢাক ৷
Futile exercise to cover one's fault/sin/crime/ wrong doings with the help of some other work, word, or activity.আঞ্জাৰ মাছ পাতত বেছিকৈ লৈ, আনে নেদেখক বুলি শাকেৰে সেই মাছ ঢাকিলেও পাছলৈ ভাত খোৱাৰ সময়ত মাছ উদং হ'বই আৰু আনৰ চকুত ধৰা পৰিবই ৷ একেদৰে ক্ৰটিপূৰ্ণ, দোষনীয় বা অপৰাধমূলক কাম আদি কৰি তাক আন কথা বা বস্তুৰ সহায়েৰে ঢাকিবলৈ বৃথা চেষ্টা কৰাক বুজায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-02
Idiom ফকৰা-যোঁজনা
ক`লিয়াবৰত পৈ মৰিল, ঢেঁকী দিওঁতে মনত পৰিল।
The proverb mean that although the husband was a man of some piety the widow only thought of him after his death at the time of husking paddy.সুখৰ সময়ত নিজতে ব্যস্ত থকা স্বাৰ্থপৰ লোকে বিপদৰ সময়তহে স্বজনৰ কথা মনত পেলায়। Contributed by: Sitaram Upadhyaya on 2015-02-21
Idiom ফকৰা-যোঁজনা
টেঙা আম বজাৰত এবাৰহে বেছিব পাৰি |
One can not cheat a person again and again .এবাৰ মিঠা বুলি টেঙ্গা আম বেছা দোকানীৰ পৰা দ্বিতীয় বাৰ কোনেও আম নিকিনে | সেইদৰে কাৰোবাক এবাৰ ঠগিলে তেওঁ সেইজন ব্যক্তিৰ ওপৰত আৰু দুনাই কেতিয়া বিশ্বাস নকৰে | অৰ্থাৎ মানুহক এবাৰহে ঠগিব পাৰি | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-20
Idiom ফকৰা-যোঁজনা
লাগে তামোল নালাগে, নালাগে তামোল লাগে
If one stays very closely to another then there bound to be quarrel between them, that their relationship does not sustain. On the other hand, if they stay not very closely their relation will flourish.গাত গা লগাকৈ তামোল গছ ৰুলে তামোল নালাগে, গাত গা নলগাকৈ ৰুলে তামোল লাগে। অর্থাৎ কাৰোবাৰ সৈতে সম্পৰ্ক বেচি ঘনিষ্ঠ হ’লে তাৰ ফল ভাল নহয় ৷ অলপ দূৰে দূৰে থাকিলে মৰম চেনেহ বাঢ়ে। Contributed by: Syed Sayeedur Rahman on 2008-06-28
Idiom ফকৰা-যোঁজনা
হাঁহেও ৰাজী, মাহেও ৰাজী
No complain to any proposal, like the situation when one may agree to have either vegetarian or non-vegetarian food.যিকোনো প্ৰস্তাৱত আপত্তি নকৰা, যেনেকৈ খাবৰ বাবে আমিষ বা নিৰামিষ যিকোনো এবিধ হ’লেই হ’ল | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
হয় গুৱাহাটী, নহয় ৰঙামাটি ৷
Strong determination to accomplish certain job by any means.কোনো কাম সম্পাদন কৰাৰ বাবে লোৱা দৃঢ় সঙ্কল্প ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-04
Idiom ফকৰা-যোঁজনা
ঊণ সূতাৰ মেৰপাক ভঙা ৷
To knowingly create a problem by oneself and then struggle to find the solution.ঊণ সূতাৰে চুৱেটাৰ আদি গোঁথাৰ সময়ত সতৰ্ক নহ\'লে সহজে বেৰি লাগে আৰু বেৰি বা মেৰপাক ভাঙিবলৈ অশেষ কষ্ট কৰিবলগীয়া হয় ৷ সেয়ে এই খণ্ডবাক্যই নিজে নিজৰ সমস্যা বঢ়াই লৈ, পাছত তাৰ সমাধান বিছাৰি হাবাথুৰি খোৱা বুজায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-06
Idiom ফকৰা-যোঁজনা
সতী নাৰী তাই, তিনিজনকৈ পৈ; সুখ্যাতি-সুনাম তাইৰ যায় ৰৈ বৈ ৷
A crooked person or a person of bad character when acts honestly, people hardly believes him/her. Thus this saying makes fun of such persons.কুখ্যাত অসৎ চৰিত্ৰৰ মানুহে সতাতা প্ৰদৰ্শন কৰিলে আন মানুহ সহজে পতিয়ন নেযায় আৰু উক্ত ফকৰাৰ দৰে কৈ তেনে মানুহক ইতিকিং কৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-16
Idiom ফকৰা-যোঁজনা
বিশ্বাসে মিলয় হৰি, তৰ্কে বহু দূৰ৷
One can meet God with deep faith on Him, similarly working with full commitment and confidence one can achieve the goal.সুগভীৰ বিশ্বাসৰ দ্বাৰাহে ঈশ্বৰক পাব পাৰি; কিন্তু ঈশ্বৰৰ অস্তিত্বক লৈ তৰ্ক-বিতৰ্ক কৰিলে, কেতিয়াও পাব নোৱাৰি ৷ একেদৰে গভীৰ নিষ্ঠা আৰু একাগ্ৰতাৰেহে যিকোনো কামত সিদ্ধি লাভ কৰিব পাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা
টান পালে আটায়ে ৰাম বোলে ৷
Everybody remembers the Almighty but during distress only. Similarly, one remembers his relatives and friends when he is in trouble.সুখৰ কালত মানুহে ভগবানক পাহৰি থাকে, কিন্তু দুখৰ কালত সকলোৱে ভগবানৰ নাম লয় ৷ ঠিক তেনেকৈ বিপদৰ সময়তহে সকলোৰে আত্মীয়-স্বজন বা বন্ধুলৈ মনত পৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-11
Phrase খণ্ডবাক্য
মৰাৰ ছাল টানি খোৱা৷
Exployting the poor one.দৰিদ্ৰৰ পৰা কাঢ়ি খোৱা৷ Contributed by: Sitaram Upadhyaya on 2014-12-22
Idiom ফকৰা-যোঁজনা
দানত শুচি হয় ধন, ক্ষমাত শুচি হয় মন ৷
The best use of one's wealth is in donation. The best way to be happy is to forgive others' misdeeds.দুখীয়াক দান কৰিলে ধন পৱিত্ৰ হয়, অৰ্থাৎ ধনৰ সদ্-ব্যৱহাৰ হয় ৷ ঠিক তেনেদৰে আনৰ দোষ ক্ষমা কৰি দিব পাৰিলে মানুহৰ মন পৱিত্ৰ হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-02
Idiom ফকৰা-যোঁজনা
ধনৱন্তৰ মিছা শুনিবলৈ ইচ্ছা৷ দুখীয়াৰ উচিত শুনিবলৈ কুৎচিত৷
A wealthy man is always respected whether he is right or wrong because of his wealth. On the other hand a poor man is always neglected because of his poor economical condition.সমাজত ধনী-মানী ব্যক্তিক উচ্চ স্থান দিয়া হয় আৰু সঁচ-মিছা সকলো কথায় নতশীৰে মানি লোৱা হয়৷ আনহাতে দুখীয়াই সত্য বা ভাল কথা কলেও তাক তুচ্ছ জ্ঞান কৰা হয়৷ Contributed by: Sitaram Upadhyaya on 2014-11-30
Idiom ফকৰা-যোঁজনা
গুণীয়েহে গুণীৰ মোল বুজে ৷
A scholar can only understand the importance of scholastic qualities and hence shows respect to another scholar.গুণী লোকৰ গুণৰ মোল বুজিবলৈ জ্ঞানৰ আৱশ্যক | সেয়েহে জ্ঞানীজনেহে গুণীৰ গুণৰ মূল্য দিয়ে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
ধাৰত পৰিলে শিলো উটে, সপোন দেখিলে বুঢ়ায়ো মূতে |
Nothing is impossible. A stable rock can also give way to a strong current of water or even an elderly person can end up urinating in dream like a childঅসম্ভৱ বুলি একো নাই৷ তীব্ৰ পানীৰ সোঁতে শিলকো উটোৱাই নিব পাৰে৷ তেনেদৰে ডাঙৰ মানুহেও সপোন দেখি বিছনাত মুতিব পাৰে৷ Contributed by: Rupankar Mahanta on 2008-03-13
Riddle সাথৰ
জোল খাওঁ, কিন্তু মূৰ্গী নেখাওঁ ৷
Once someone eats the gravy of chicken curry, he/she is no more a vegetarian, even if he/she does not eat chicken meat. In other words, if a sin or crime is committed partially by person, he/she shoulders the bad-name of complete crime.নিৰামিষভোজীজনে যদি মূৰ্গীৰ আঞ্জাৰ জোল খাওঁ বুলি কয়, তেনেহ\'লে সেই ব্যাক্তিয়ে মূৰ্গীমাংস নেখালেও মাংস খোৱাৰ সমান হয় আৰু আমিষভোজী হৈ পৰে ৷ অৰ্থাৎ কোনো অপৰাধমূলক কাম আংশিকভাৱে কৰিলেও সংশ্লিষ্ট অপৰাধৰ সমভাগী হবলগীয়া হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা
আগেয়ে আছিলো দোৱেনী-মোৱেনী, গোৱালে বুলিছিল আই; এতিয়া হ’লো লেজ-গোবেৰী, পালতো নিদিয়ে ঠাই ৷
A man in power is shown respect by anyone with the expectation of getting some sort of favour from him. However, the same person is neglected when he loses power.খীৰতী গাই এজনীয়ে ভালদৰে গাখীৰ দি থকাৰ কালচোৱাত গৰাকীয়ে বৰ আদৰ-যত্ন কৰি পুহি ৰাখে; কিন্তু গাখীৰ নোহোৱা হৈ বেমাৰী হ’লে আলাই-আথানি কৰে ৷ অৰ্থাৎ যাৰ পৰা নিজৰ কোনো লাভ হোৱাৰ সম্ভাৱনা থাকে অথবা যি ক্ষমতাশালী, তেনে লোককহে সকলোৱে আদৰ-সাদৰ কৰে ৷ একেজন ব্যক্তি ক্ষমতাহীন হ’লে কিন্তু কোনোৱে তেওঁক আদৰ নকৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-19
Idiom ফকৰা-যোঁজনা
ইয়াতে মাৰিলো টিপা, গড়গাওঁ পালেগৈ শিপা
Those who have good relations with the power or the king, can get anything done on their behalf even without their physical presence.ৰজাঘৰৰ সৈতে সুসম্পৰ্ক থকা মানুহে অতি সহজতে নিজৰ কাৰ্যসিদ্ধি কৰিব পাৰে | তাৰ কাৰণে তেওঁলোক নিজে ৰজাঘৰলৈ যোৱাৰো প্ৰয়োজন নাই | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
যমৰ দুৱাৰ দলিত ভৰি দি অহা
To somehow get back from the face of sure death due to disease or engaging in some dreaded task.অতি বিপদজনক কাম কৰি অথবা ৰোগাক্ৰান্ত হৈ মৃত্যুমুখৰ পৰা কথমপি বাচি অহা | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা
মাৰ বান্ধি ৷
With strong determination.স্থিতপ্ৰজ্ঞ হৈ বা বৰ বলিষ্ঠ সিদ্ধান্তৰে সৈতে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-20
Idiom ফকৰা-যোঁজনা
ধানটোৱে প্ৰতি কণটো, মানুহটোৱে প্ৰতি মনটো।
Many men many minds.প্ৰতিটো ধানৰ ভিতৰত একোটাকৈ কণ থকাৰ দৰে প্ৰতিজন মানুহৰ নিজস্ব মন একোটা থাকে। অৰ্থাৎ এজনৰ ভাৱধাৰা আন এজনৰ লগত নিমিলিবও পাৰে । Contributed by: Anjali Sonowal on 2008-07-22
Idiom ফকৰা-যোঁজনা
গাখীৰৰ নামত পানীকে খাবা, দোলাৰ নামত সিকিয়াতে যাবা ৷
If you can not afford, then you should console yourself with whatever you can afford.আৰ্থিক সামৰ্থ্য নাথাকিলে যিমান খৰচ কৰিব পাৰা তাতে সন্তুষ্ট হোৱা উচিত ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Phrase খণ্ডবাক্য
মৰণত শৰণ দে
to take risk or to go ahead to do something in spite of knowing the risk of doing itমৰ সাহ কৰ্ বা বিপদৰ আশংকা থকা স্বত্তেও সাহ কৰি আগবাঢ়ি যা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-08-22
Idiom ফকৰা-যোঁজনা
পৰৰ মূৰত কঁঠাল ভাং
to live upon the labour of another.লোকৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰি চলা Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-02-25
Idiom ফকৰা-যোঁজনা
এক বুঢ়ীৰ দুই কাম, ধান বানে চুহে আম ।
To kill two birds in one stone.কোনোৱে ধান বানি থাকোতে আমো চুহি খাই থাকিব পাৰে অৰ্থাত্ কোনোৱে এটা কামত ব্যস্ত থকাৰ সময়তো আন এটা কামত মনোনিবেশ কৰিব পাৰে । Contributed by: Anjali Sonowal on 2008-07-22
Idiom ফকৰা-যোঁজনা
আঠুৰ মঙহ বুকুত নেলাগে।
A person cannot be very close to another person who has a highly different set of cultural charactersযেনেদৰে বুকুৰ মঙহ যিমান আপোন, সিমান আপোন আঠুৰ মঙহ হব নোৱাৰে, একেদৰে বিজাতীয় বা পৰ মানুহ কেতিয়াও নিজ মানুহৰ দৰে আপুন হব নোৱাৰে। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা
ভোটানত ভোট মৰিল দৰঙীৰ কি শোগ চৰিল?
no reason to worry to the unrelated matter.কোনো সম্পৰ্ক নথকা কথাত কিহৰ মূৰ ঘমাব লাগে, লাগিলে সি যিমানে ডাঙৰ নহওক৷ Contributed by: durlav gogoi on 2012-04-01
Idiom ফকৰা-যোঁজনা
নেকান্দালৈকে মাকেও কেচুৱাক গাখীৰ নিদিয়ে ৷
Nothing can be achieved without making proper demand, cry or claim.যদিও মা হ'ল সন্তানৰ বাবে আটাইতকৈ শুভাকাঙ্খী ব্যক্তি, তেও কান্দিলেহে মাকে কেচুৱাৰ ভোক লাগিছে বুলি বুজি পায় আৰু সেইমতে গাখীৰ দিয়ে ৷ অৰ্থাৎ এই পৃথিৱীত আন্তৰিকতাৰে নিবিছৰালৈকে কোনো বস্তু এনেয়ে পাব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-07
Idiom ফকৰা-যোঁজনা
অমানুহে মানুহ নিন্দে জোনাকীয়ে সূৰুয নিন্দে
জোনাকী পৰুৱাৰ পোহৰ সূৰ্যৰ কিৰণৰ লগত তুলনা কৰা যেনেকৈ অবান্তৰ কথা, তেনেকৈ গুণ নথকা অমানুহে গুণী-জ্ঞানী মানুহক নিন্দা কৰাতোও অবান্তৰ কথা৷৷ Contributed by: Bikram M Baruah on 2025-01-26
Idiom ফকৰা-যোঁজনা
ঢাল নাই তৰোৱাল নাই, নিধিৰাম চৰ্দাৰ
The situation when one cannot perform a given task due to non-availability of appropriate tools.উপযুক্ত সঁজুলিৰ অবিহনে কোনো কাম কৰিব নোৱাৰা অৱস্থা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা
লাও যিমানেই ডাঙৰ নহওক, সদায় পাতৰ তল ৷
In spite of having talents or intellectual excellence, a dependent cannot express them properly. (Earlier it was used to indicate the social status of a woman.)প্ৰতিভা অথবা জ্ঞান-গৰিমাৰে পৰিপূৰ্ণ হ’লেও পৰাধীন লোকে সেইবোৰ প্ৰকাশ কৰাৰ সুবিধা নাপায় ৷ (আগেয়ে এই পটন্তৰটি নাৰীৰ সামাজিক অৱস্থান বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল ৷) Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-26
Idiom ফকৰা-যোঁজনা
ছোৱালী আনিবা মাক ভাল, মাটি কিনিবা মাজ খাল ।
One can assume the character of a girl to be good, if her mother`s character is good. So to select a bride, one should see her mother. Similarly, land for cultivation should be purchased if it has water holding capacity.মাকৰ যদি স্বভাৱ-চৰিত্র ভাল হয়, জীয়েকৰো স্বভাৱ-চৰিত্র ভাল হ’ব বুলি ধৰিব পাৰি, সেয়েহে বিয়া পাতিবলৈ তেনেকুৱা ছোৱালী আনিব লাগে। ঠিক তেনেকৈ, খেতিৰ কাৰণে কিনা মাটিৰ মাজটো দ অলপ হ’ব লাগে, যাতে পানী ধৰি ৰাখিব পাৰে ৷ Contributed by: Biraj Kumar Kakati on 2008-07-28
Idiom ফকৰা-যোঁজনা
গুৰু গোঁসাই নমনা
To show disregards to the seniors or to violate social norms or traditionsজ্যেষ্ঠজনক সন্মান নকৰা অথবা সামাজিক বিধি বা পৰম্পৰা নমনা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
নাই পো লনী, নাই পো ধনী; নাই পো গোঁফে, নাই পো মুখে
An incompetent or amateurish personকোনো কামতে পাৰদৰ্শী নোহোৱা অৰ্থাত্ অকামিলা লোক Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Idiom ফকৰা-যোঁজনা
মাকতকৈ জীয়েক কাজী, ঢেকী ঠোৰাৰে বটে পাজী
A person talking on subjects over which he has less expertiseমাকক সাধাৰণতে জীয়েকতকৈ সকলো বিষয়তে বেছি অভিজ্ঞ বুলি ধৰা হয়, কিন্তু জীয়েকে জনা দেখুৱাই পটাৰ সলনি মছলা বটিবলৈ ঢেকী ঠোৰা ব্যৱহাৰ কৰা অৰ্থাৎ অলপ জ্ঞান থকা বিষয় বস্তুৰ ওপৰত বেচি জনা দেখুওৱা ৷ Contributed by: Barnali Deuri Bora on 2010-10-27
Idiom ফকৰা-যোঁজনা
আম গছত কঠাল নধৰে ৷
You cannot make a silk purse out of a sow's ear.যি মানু্হ যিমান অভিজ্ঞ বা পাৰ্গত, তেনে মানুহৰ পৰা সিমানখিনিয়েই আশা কৰিব পাৰি, তাতকৈ বেছি কেতিয়াও আশা কৰিব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা
মাউখে উটিলে গুড়ি পৰুৱাৰো মৰণ নাই
If people are united, they can evade any danger.একতা থাকিলে কোনো জনসমূহ বিপদত নপৰে| Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-02-09
Idiom ফকৰা-যোঁজনা
মই লৈ যাও ৰৌ-বৰালী, তুমি লৈ যোৱা কুচিয়া-মিৰিকা; নহ’লে তুমি লৈ যোৱা কুচিয়া-মিৰিকা, মই লৈ যাও ৰৌ-বৰালী ৷
This phrase is used to ridicule a person who takes lion’s share for himself and deprives others from getting their deserving share.দুজন মানুহ মাছলৈ গৈ ৰৌ, বৰালী, কুচিয়া আৰু মিৰিকা মাছ ধৰে, আৰু ভাগ-বতৰা কৰোতাজনে মাছ ভাগ-বতৰা কৰাৰ সময়ত এইদৰে (ফকৰাটো) কয় ৷ অৰ্থাৎ ভাগ-বতৰা কৰোতাজনৰ ভাগত সদায় ৰৌ-বৰালী পৰিব আৰু আনজনৰ ভাগত সদায় কুচীয়া আৰু মিৰিকা ৷ অৰ্থাৎ যেতিয়া বিলাই দিয়া কাৰ্যত অনিয়ম হয়, আৰু আবন্টন কৰোতাই কৰোবাক প্ৰাপ্য বস্তুৰ পৰা বঞ্চিত কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰে, তেনেস্থলত এই ফকৰা মাতি আবন্টন কৰোতাজনক উপলুঙা কৰা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-11
Idiom ফকৰা-যোঁজনা
ঢৌতে খৰ মাৰ
taking some time off from a busy scheduleকামৰ মাজেত সময় উলিয়া Contributed by: Pranjit Kalita(প্ৰাণজিৎ কলিতা) on 2010-02-22
Idiom ফকৰা-যোঁজনা
অকলশৰীয়া পহু, গায়ে মূৰে খহু
Living all alone is not easy. You have all the problems in the world to face and have only yourself to defend against them.অকলশৰীয়া জীৱন সহজ নহয় ৷ বেমাৰত পৰিলেও চাবলৈ কোনো নাই ৷ সকলো সমস্যা অকলেই মুখামুখি হোৱাটো যঠেষ্ট কঠিন ৷ Contributed by: Rupankar Mahanta on 2008-03-19
Idiom ফকৰা-যোঁজনা
আপোনাৰ মন যেনে, সকলোকে দেখে তেনে ৷
One who has ill feelings in his mind thinks that everyone is like him and suspects even an honest person.যাৰ নিজৰ মনত বেয়া ভাৱ থাকে, সি আনকো তেনে বুলিয়েই ভাৱে ৷ কলুষিত মনৰ মানুহে সাধু লোককো সন্দেহ কৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-05
Idiom ফকৰা-যোঁজনা
মাছ বুলি নেখাই জিজি বুলি খোৱা
A child may not like to eat fish if it is presented to them as it is, but when the mother gives it in another form without his knowledge, he relishes it. Similarly, some people do not give due importance to the things easily available or well-known to them, but when the same thing is presented to them by others in another form they readily accept it with pleasure.সৰু ল’ৰা-ছোৱালীয়ে মাছ খাব নুখুজিলে মাছক জিজি বুলি কৈ মাকে খুৱাবলৈ চেষ্টা কৰি সফল হয় ৷ সেইদৰে কিছুমান মানুহে নিজৰ পৰিচিত বা হাততে পোৱা বস্তুক উচিত মূল্য দিব নোখোজে, কিন্তু একেটা বস্তুকে বেলেগ ৰূপত প্ৰস্তুত কৰি আনে আগবঢ়াই দিলে আদৰেৰে আঁকোৱালি লয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
Idiom ফকৰা-যোঁজনা
হাঁহি হাঁহি মাতে, ৰেপি ৰেপি কাটে
heart-breaking words in a smiling face.হাঁহিৰ চলেৰে কিছুমান মানুহে বৰ গাজত লগা কথা কয়৷ গতিকে মুখত মিঠা হাঁহি থাকিলেও এনে মানুহৰ কথাই ৰেপি ৰেপি কটা যেন লাগে৷ Contributed by: durlav gogoi on 2012-04-07
Phrase খণ্ডবাক্য
অলপ পানীৰ মাছ
a person with little power or strengthসামান্য শক্তি বা ক্ষমতাৰ অধিকাৰী Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-03
Idiom ফকৰা-যোঁজনা
দৰিদ্ৰ যিফালে যায়, সাগৰো শুকায়, মাণিকো লুকায় |
People believe that a man becomes poor because of his misfortune. Hence, wherever he goes, a poor can never earn wealth and happiness.মানুহৰ বিশ্বাস যে ভাগ্য বেয়া হোৱাৰ কাৰণেহে মানুহ দুখীয়া হয় | গতিকে দুখীয়াই য’লৈকে নাযাওক কিয়, কেতিয়াও তেওঁ সুখ-সম্পত্তি আৰ্জন কৰিব নোৱাৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
ফাগুনৰ পছোৱাই দুৱাৰ মেলে, বৰলাৰ গাত জগৰ লাগে৷
A person of having suspicious condition comes into the circle of blame, may he happens to be honest one or innocent about the evil deed done by someone else.পশ্চিমৰ পৰা পূৱলৈ বোৱা বতাহ জাকক পছোৱা বুলি কোৱা হয়৷ এই বতাহ জাকে দুৱাৰ মেলিলেও বৰলাই আহি ঘৰৰ কোনোবা জীযৰী/বোৱাৰীক কিবা অশালীন ব্যৱহাৰ কৰিছে নেকি এনে সন্দেহ কৰা হয়৷ অৰ্থাৎ যিজনৰ স্থিতি সন্দেহজনক, নিৰপৰাধী হ’লেও তেনে লোককে সন্দেহৰ চকুৰে চোৱা হয়৷ Contributed by: Sitaram Upadhyaya on 2015-09-03
Idiom ফকৰা-যোঁজনা
মাক ভালেই জীয়েক জাতি ।
Natures and characteristics of a mother is reflected on her daughter. So it is said that the daughter is good when the mother is good.এগৰাকী মাকৰ আচাৰ ব্যৱহাৰ ,আচৰণ জীয়েকৰ গাত প্ৰতিফলিত হয় ।সেয়ে মাক ভাল হলে জীয়েকো ভাল হয় বুলি প্ৰবাদ আছে । Contributed by: Anjali Sonowal on 2008-07-02
Idiom ফকৰা-যোঁজনা
গা চাই গামোচা
To wipe a clean body, we cannot use a dirty towel. However, a dirty body can be wiped with dirty towel. Thus, a good thing always deserves a good thing.পৰিপাটি গা মচিবলৈ এখন পৰিষ্কাৰ গামোচাৰ প্ৰ্য়োজন হয়, কিন্তু লেতেৰা গা মচিবলৈ এখন অপৰিষ্কাৰ গামোচাই যথেষ্ট হয়৷ একেদৰে ভালেহে ভালক পায়৷ Contributed by: Dr. Armaan U. Muzaddadi on 2012-11-09
Idiom ফকৰা-যোঁজনা
জোলোঙাৰ মেকুৰী বাহিৰ ওলাল
Let the cat out of the bag : A secret is being disclosedআচল কথাটো বা সত্যটো এতিয়াহে প্ৰকাশিত হ’ল Contributed by: Rupankar Mahanta on 2008-09-04
Idiom ফকৰা-যোঁজনা
পাপীৰ পিঠাত মন
It refers to the mentality of a person. A heretic will be more interested in the offering than paying obeissance to God.ই মানুহৰ মানসিকতা ব্যক্ত কৰে ৷ পাপীষ্ঠ মানুহ এটা পূজাস্থলীত বহি থাকিলেও তাৰ মনটো উচৰ্গা কৰা পিঠা, লাড়ু আদিতহে থাকিব, ভগৱান বা পূজাত নহয় ৷ Contributed by: Rupankar Mahanta on 2008-03-14
Idiom ফকৰা-যোঁজনা
পঁইতা পালমৰা, কৰ্কৰা লৰমৰা, তপত দিনটোলৈ গাতো শকত
Eating a good fresh breakfast in the morning is essential for healthy body.আগদিনাখনৰ পানী দি থৈ দিয়া ভাত (পঁইতা), বা আগদিনাখনৰ ঠাণ্ডা ভাতেৰে (কৰ্কৰা) পুৱাৰ জলপান খোৱাতকৈ তপত বা গৰম ভাতকেইটা খোৱাতো বেচি স্বাস্থ্যকৰ বুলি কোৱা হৈছে ৷ Contributed by: Barnali Deuri Bora on 2010-10-29
Idiom ফকৰা-যোঁজনা
যাৰ খাবৰ-জীৱৰ মন, বহোঁতেও আঁজোৰে বন ৷
Those who wish to succeed in life should never waste a moment.উন্নতি আশা কৰা মানুহে কেতিয়াও সময় নষ্ট নকৰে; বৰঞ্চ সকলো সময়তে নিজকে কামত ব্যস্ত ৰাখে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Phrase খণ্ডবাক্য
থৰহৰি কম্পমান হ
To be in panicভয়, আশংকা বা আতংকত আতুৰ হ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
যুঁজিবলৈ আহিলে মাল, দুইহাতে ছিঙিলে বাল ৷
A person who is over conceited about his capabilities.মল্লযোদ্ধা আহিল যুঁজিবলৈ, কিন্ত দুয়ো হাতেৰে নিজৰ চুলিহে ছিঙিব পাৰিলে ৷ অৰ্থাৎ মইবৰ ভাৱ থকা বা অহঙ্কাৰী লোক, যি নিজকে মিছাতে বহুত গুণৰ অধিকাৰী বুলি ভাবে ৷ Contributed by: Barnali Deuri Bora on 2010-11-10
Idiom ফকৰা-যোঁজনা
আলু খালে ভোলানাথে, কল খালে জগন্নাথে, বাকলি চুহিলে যি, ধন ভৰি মৰে সি ৷
The real culprit escapes punishment, while the minor associates get the punishment.আচল দোষীয়ে শাস্তি নাপায়, সাধাৰণ সহযোগীবোৰেহে জৰিমনা ভৰে৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা
আপোন-নামা উত্তমা, পিতৃ-নামা মধ্যমা ৷
Self-reliance is the best policy. One, who lives on his/her father's earnings, is considered to have a personality of medium standard.যি স্বনিৰ্ভৰশীল, তেওঁ সৰ্বোত্তম ৷ আনহাতে যি পিতৃৰ আৰ্জনৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে, তেওঁক মজলীয়া ব্যক্তিত্বৰ লোক বুলি ধৰা হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-05
Idiom ফকৰা-যোঁজনা
ছোৱালীৰ চিকণ যোগী, গাইৰ চিকণ মুগী; ডাইলৰ চিকণ মাটি, শয়নৰ চিকণ পাটি; টেঙাৰ চিকণ ঔ, মাছৰ চিকণ ৰৌ; সমন্ধৰ চিকণ বৌ, বাচনৰ চিকণ টৌ; শাকৰ চিকণ লাই, মুদ্ৰাৰ চিকণ পাই; জলাৰ চিকণ আদা, চেনেহৰ চিকণ দাদা; কথাৰ চিকণ ৰস, চাকৰৰ চিকণ বশ; ফলৰ চিকণ কল, হোঁকাৰ চিকণ নল; মুখৰ চিকণ গুৱা, টোপনিৰ চিকণ পুৱা; পানীৰ চিকণ পানীপৰুৱা, মাছৰ চিকণ মোৱা; বিয়াৰ চিকণ বৰকইনা, হোমৰ চিকণ ধোঁৱা ৷
These sayings describes the best of everything in various aspects of our daily life.এই তুলনাবোৰে দৈনিক জীৱনৰ বিভিন্ন বিষয়ত উত্তম বস্তুৰ আভাস দিয়ে ৷ যেনে মাটি ডাইলৰ সোৱাদ ডাইলৰ ভিতৰত সৰ্ব্বোত্তম ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
আইৰ ঘৰলৈ যাম, দুবেলা দুমুঠি খাম | বিধাতাই বোলে ময়ো পাছে পাছে যাম ||
Sometimes, misfortune does not leave people to enjoy in good time also.বিয়া দিয়া ছোৱালী মাকৰ ঘৰলৈ যোৱাটো বৰ সুখৰ কথা | কিন্তু তাতো গৈ যদি বিধিৰ বিপাকত অশান্তিৰ মূখামূখি হয় সি বৰ দুৰ্ভাগ্যৰ কথা | এইষাৰ ফকৰাৰ অৰ্থ "ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি" ফকৰা ফাঁকিৰ দৰেই হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-15
Idiom ফকৰা-যোঁজনা
যাৰ নেগুৰত জুই লাগে, সি নিজেই নুমাব লাগে ৷
At the time of distress, if anybody waits for others to help and rescue him, there is possibility of greater damage. So, he has to think and work on his own to find a solution for it.বিপদত পৰিলে আনৰ পৰা সহায় পোৱাৰ আশাত ৰৈ থাকিলে অধিক ক্ষতি হোৱাৰ সম্ভাৱনা থাকে ৷ গতিকে বিতত নহৈ নিজেই তাৰ প্ৰতিকাৰৰ উপায় চিন্তি সেইমতে কৰ্ম কৰিব লাগে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
আগে পিচে দুজন হ’লে অকলেই যাব পাৰি; এধানমান পিটিকা হ’লে শুদাই খাব পাৰি |
A person without self-confidence always waits for other's help for doing any little thing.আত্মবিশ্বাস নথকা মানুহে যিকোনো কাম কৰিবলৈ সদায় কেৱল আনৰ সহায়ৰ বাবে বাট চাই থাকে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা
সাগৰত আছিল পঞ্চ জলাশঙ্খ, নেগুৰীয়া শামুকে ক’লে ময়ো তাৰে বংশ
The bigger conches of the sea are considered sacred and used by the priests to blow in religious ceremonies and to offer libations to the gods, but the small snails are not given any importance. The tendency of some people to establish and show his relationship to powerful or famous people with an intention to glorify himself has been equated to the small snail telling that it belongs to the family of the big conch.সাগৰীয় জলাশঙ্খ আদৰৰ বস্তু কাৰণ ইয়াক মাঙ্গলিক অনুষ্ঠানত বজাবলৈ বা আহুতি দিবলৈ ব্যৱহাৰ কৰা হয় ৷ কিন্তু সাধাৰণ শামুকৰ কোনো আদৰ নাই ৷ সাধাৰণ শামুকে নিজকে জলাশঙ্খৰ বংশধৰ বুলি দাবী কৰাৰ দৰে কিছুমান মানুহে নিজৰ গুৰুত্ব বঢ়াবলৈ ডাঙৰ মানুহৰ সৈতে থকা নিজৰ আত্মীয়তা দেখুৱাবলৈ চেষ্টা কৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা
ঔ গছৰ মৌ
A cherished target, goal or output which is very difficult to achieve.ঔ গছত মৌয়ে বা্হ ললে সেই মৌ পাৰিবলৈ কঠিন হয়, কাৰণ ঔ গছ বগাবলৈ বৰ টান, যিহেতু এই গছ বৰ ওখ আৰু পিছল হয় আৰু গা-গছত ঠাল-ঠেঙুলি নেথাকে ৷ সেয়ে মৌ খাবলৈ বৰ সুৱাদ হ'লেও ঔ গছৰ মৌৰ সুৱাদ লোৱা কঠিন কাম ৷ অৰ্থাৎ এই ফকৰাই এনে আকাংখিত কথা বা উপলব্ধিক বুজায় যাক অনায়াসে পাব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
ভুতৰ মুখত ৰাম নাম৷
Unusual or unmatched behaviour of someone with his personality or character .কাৰোবাৰ চৰিত্র বা ব্যক্তিত্বৰ লগত খাপ নোখোৱা ধৰণৰ কথা কাণ্ড | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-11
Idiom ফকৰা-যোঁজনা
ধান খায় সিপাৰে, আটি-মুটি কৰে ইপাৰে
to over-react to something that happens elsewhere or which is beyond one's controlনৈৰ আনটো পাৰত গৰুৱে ধান খোৱা দেখি আনটো পাৰত থাকি গৰুক মৰিয়াবলৈ উদ্যত হোৱা, অৰ্থাৎ নিজৰ আয়ত্বৰ উৰ্দ্ধত হোৱা কোনো ঘটনাৰ প্ৰতিক্ৰিয়া ৰূপে মিছাতে ছাটি-ফুটি অথবা হৈ-চৈ কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-20
Idiom ফকৰা-যোঁজনা
ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে।
Ones life and death purely depends on ones fortune (GOD). Nobody has the control on it.কাৰ ক\'ত কেতিয়া মৰণ মিলিব বিধাতাৰ বাদে কোনেও নেজানে। জনম-মৰণৰ হৰ্তা-কৰ্তা ভগৱান মানে হৰি। ভগৱানে নিবিছাৰিলে গভীৰ বিপদত পৰিও কোনো লোক বাচি যায়, আৰু ভগৱানে নবছালে অতি সাৱধান হলেও মৰণ মিলিব পাৰে। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-30
Idiom ফকৰা-যোঁজনা
বেতনিত ঔ পৰিল, গোবিন্দায় (বা বাসুদেৱায়) নমঃ
become unusable even before something is ready to be usedসাধাৰণতে বেতঁনিৰ কাষত ঔ-টেঙাৰ গছ থকা দেখা যায় আৰু ঔ-টেঙা পাৰোঁতে সি যদি বেতঁনিত পৰে তেন্তে তাক তাতে বিসৰ্জন দিয়াৰ বাদে অন্য উপায় নাথাকে (যেনেদৰে যজ্ঞত আহুতি দিয়াৰ সময়ত 'গোবিন্দাই নমঃ' বুলি একেবাৰে বিসৰ্জন দিয়া হয়)৷ ইয়াৰ অৰ্থ হ'ল কোনো এটা কাম বা বস্তু পুনৰ আৰম্ভ বা প্ৰাপ্ত কৰিব নোৱাৰাকৈ শেষ হোৱা ৷ অৰ্থাৎ তাক একেবাৰে বিসৰ্জন দিয়া ৷ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-13
Idiom ফকৰা-যোঁজনা
খঁকুৱাৰ পাত কাটোঁতেই গ’ল; নিখঁকুৱাই মাটিতে খালে৷ অথবা, খঁকুৱাই থাকে চাই, নিখঁকুৱাই মাটিতে খায় ৷
While the greedy gets ready for eating, the other eats away everything as he finds it. Similarly, while someone remains busy planning to doing something, another may accomplish the task even without much planning.খঁকুৱা মানুহে ভোকত থাকিও ভাত খাবৰ কাৰণে কলপাত কটাৰ দৰে বিভিন্ন আয়োজন কৰোঁতেই সময় পাৰ কৰে, কিন্তু নিখঁকুৱা মানুহে যেনেদৰে পায় তেনেদৰেই খাই পেট ভৰায় ৷ ইয়াৰ পৰোক্ষ অৰ্থ হৈছে - `কোনোবাই কোনো এটা কাম কৰিবলৈ মনতে পৰিকল্পনা কৰি থাকোঁতেই আনে কোনো পৰিকল্পনা নকৰাকৈয়ে কামটো শেষ কৰা ৷’ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা
মাৰি খোৱা হাঁহক ঢাৰি পাৰি হগুৱা
To give undue importance to something which is unuseful or transitory.অদৰকাৰী অথবা ক্ষণস্থায়ী বস্তুৰ প্ৰতি অনাহকত আদৰ দেখুওৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Idiom ফকৰা-যোঁজনা
ৰহাৰ ৰহেদৈ, টিপামৰ ভাদৈ, শলগুৰিৰ আঘোণী বাই। তিনিও ডিঙিত ধৰি তিনিওৱে কান্দিলে, সমন্ধত একোৱেই নাই।।
Three persons from three different parts coming together for a national cause.গদাধৰ সিংহ পলাই ফুৰোঁতে এবাৰ চোৰাংচোৱাৰ দৃষ্টিত পৰিব খুজিছিল; ৩ গৰাকী বাটৰুৱা মহিলাই ঘটনাৰ গুৰুত্ব বুজি গদাধৰক কাপোৰৰ তলত লুকুৱাই যেনিবা সম্বন্ধীয় লোকহে ঢুকাইছে, তেনে ভাৱত কান্দিবলৈ ধৰিলে৷ অৰ্থ- দেশৰ স্বাৰ্থত আপোন-পৰ পাহৰি সকলো একেলগ হ\'ব লাগে৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-20
Idiom ফকৰা-যোঁজনা
বৰকৈ ভূকা কুকুৰে কামুৰিব নোৱাৰে৷
Empty vessel sounds much. One who makes to many noise can not do result oriented work.বেছিকৈ কথা কোৱা, চিঁয়ৰ বাখৰ কৰা লোকে ফলপ্ৰসু কাম কৰিব নোৱাৰে৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-12
Idiom ফকৰা-যোঁজনা
ফটাকঁথা তিতে মানে গালৈহে গধুৰ
A stitch in time saves nine.কৰিবলগীয়া কাম পেলাই থ\'লে পাছলৈ সৰু সৰু কাম গোট খাই দিনকদিনে কঠিনৰ কঠিনতৰ হৈ পৰে । Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-28
Idiom ফকৰা-যোঁজনা
ভাতৰ ভতুৱা মেখেলা ভাৰি ভাত বাঢ়ি থৈছো খোৱাহি আহি
It`s about a person who is very lazy and does not work, and also lives on other`s mercy.কাম বন নকৰি, বহি শুই আনৰ উপাৰ্জনৰ ওপৰত জীৱন নিৰ্বাহ কৰা লোকক বুজুৱা হৈছে ৷ Contributed by: Barnali Deuri Bora on 2010-11-19
Phrase খণ্ডবাক্য
সময়ৰ শৰ
the right act at the right momentউপযুক্ত সময়ত কৰিবলগীয়া কাম Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-07-06
Idiom ফকৰা-যোঁজনা
কিনা হাঁহৰ ঠোঁটলৈকে মঙহ
Something that was bought with money should not be wasted.মূল্য দি কিনা যি কোনো বস্তুৰ অপচয় অবাঞ্চনীয়| Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-02-09
Idiom ফকৰা-যোঁজনা
ধিং মাৰিলে মণিকুট পোৱা৷
Joining unwillingly in some work for the sake of show only.আনক দেখোৱাবলৈ অনিচ্ছাকৃত ভাৱে কোনো কামত ভাগ লোৱা৷ Contributed by: Sitaram Upadhyaya on 2014-12-20
Idiom ফকৰা-যোঁজনা
থলুৱা কুকুৰ থলত বাঘ, বাজত মেকুৰী ৷
A local dog is lion in his own den, but becomes a cat once it goes out. Other words, one who shows bravery by dint of the courage of others, but really he is a coward.থলুৱা কুকুৰে নিজ স্থানত বাঘৰ নিচিনা সাহস দেখুয়ায়, কিন্তু বাহিৰত গ'লে মেকুৰীৰ দৰে আচৰণ কৰে ৷ অৰ্থাৎ যি আনকাৰোবাৰ শক্তিৰে বা আপোন মানুহৰ উপস্থিতিতহে সাহস প্ৰদৰ্শন কৰে, যি প্ৰকৃততে ভয়াতুৰ বা কাপুৰুষ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Phrase খণ্ডবাক্য
কপাল মুকলি হ
to become fortunateভাগ্য উদয় হ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-04
Idiom ফকৰা-যোঁজনা
চিনাকি বামুণক লগুণ কেলৈ ৷
A person who has established himself in his profession does not require any identification.কাৰোবাক যদি তেওঁৰ কামৰ বা পেছাৰ বাবে সমাজে জানে, তেনেহলে তেওঁক কোনো পৰিচয়ৰ প্ৰয়োজন নাই ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
বৰকৈ গজা মেঘে বৰষুণ নিদিয়ে
Empty vessel sounds much. One who makes to many noise can not do result oriented work.বেছিকৈ কথা কোৱা, চিঁয়ৰ বাখৰ কৰা লোকে ফলপ্ৰসু কাম কৰিব নোৱাৰে৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-12
Idiom ফকৰা-যোঁজনা
চোৰক মোৰে পালে, লোকো মামৰে খালে ৷
A thief can get outsmarted in his own trade. Similarly an iron bar, which is known for strength and longevity, can also fell to rust. This indicates everything in this word is fallibleগভাইত চোৰো ধৰা পৰে, তেনেদৰে লোহাও মামৰ লাগি বেয়া হৈ যায় ৷ অৰ্থাৎ এদিন সকলোৰে পতন সম্ভৱ ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
গছত উঠে মৰিব, জামিন হয় ভৰিব ৷
Climbing a tree is full of risk that one may fall down by slipping grip and die, similarly taking bail on behalf of someone is equally risky which ends up with spending money from one's pocket.গছত উঠোতে ভৰি পিচলি পৰি মৰাৰ আশংকা থাকে; একেদৰে কাৰোবাৰ কাৰণে জামিনদাৰ হ\'লেও টকা পইচা ভৰিব লগা হোৱাৰ আশংকা থাকে৷ Contributed by: Dr. Armaan U. Muzaddadi on 2012-12-11
Idiom ফকৰা-যোঁজনা
মিছা কথাৰ ঠেং চুটি
If someone wishes to fool others by telling lies, always there is a chance of being exposed at any time. Lies cannot prevail for long.মিছা কথা কৈ আনক পতিয়ন নিয়াব খুজিলে যিকোনো সময়তে ধৰা পৰাৰ ভয় থাকে৷ মিছা কথা বৰ বেছি দিন টিকি নাথাকে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-01-04
Idiom ফকৰা-যোঁজনা
বাটত পালো কমাৰ দা গঢ়াই দিয়া আমাৰ৷
To get something done without prior planning, taking advantage of suddenly meeting someone on the way.বাটতে কাৰোবাক লগ পাই সেই সুযোগ গ্ৰহণ কৰি নিজৰ অভীষ্ঠ সিদ্ধি কৰা৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2016-04-14
Idiom ফকৰা-যোঁজনা
ডাল কাটিলে গছ নমৰে, শিপা কাটিলেহে মৰে ৷
The strong and strict guidance from a warden makes his wards shine in the future, and loose guidance may spoil their future life.শুভাকাংখী অভিভাৱকৰ শাসন কঠোৰ হ'লেও ল'ৰা-ছোৱালীৰ ভৱিষ্যত বেয়া নহয়, আনহাতে মুখৰ মিঠা মাতেৰে কৰা শিথিল শাসনে পৰোক্ষভাৱে সন্তানৰ ভৱিষ্যত নষ্ট কৰিব পাৰে৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-06-10
Idiom ফকৰা-যোঁজনা
উদাৰচৰিতানান্তু বসুধৈব কুটুম্বকম্
To the good and generous the whole world is friendly.উদাৰচিতা মানুহৰ গোটেই বিশ্বই আত্মীয়ৰ দৰে হৈ উঠে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা
ঢোলৰ মাতত টোকাৰীৰ মাত তল যোৱা ৷
A louder strong voice always dominates the smaller voice and makes it inaudible to the audience.দৃঢ়তা আৰু স্পষ্টতাৰে ডাঙৰকৈ কোৱা কথাই সৰুকৈ বা অস্পষ্টকৈ কোৱা মাতক নিমাখিত কৰি দিয়ে ৷ ফলস্বৰূপে ডাঙৰ মাত সদায় শ্ৰুতাৰ কাণত নপৰে, কিন্তু সৰু মাত কাৎচিতহে পৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
Idiom ফকৰা-যোঁজনা
নাও উঠোতে বুৰে, নামোতে বুৰে ।
The beginning and the end of any enterprise are more prone to danger.কোনো কামৰ আৰম্ভণি আৰু সামৰণিত সাৱধান নহ’লে বিপদ হোৱা । Contributed by: Anjali Sonowal on 2008-06-25
Idiom ফকৰা-যোঁজনা
লেতেৰা কাপোৰেৰে ময়লা গুচাব নোৱাৰি ৷
A man of bad character cannot contribute to clean the ill deeds of the society.বেয়া মানুহৰ দ্বাৰা বা বেয়া মনোবৃত্তিৰে সমাজৰ কুকৰ্ম, কুসংস্কাৰ আদি আঁতৰাব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-31
Idiom ফকৰা-যোঁজনা
সাৱধানীৰ মৰণ নাই
People who take precautions never fall into tricky situations.আহিব পৰা বিপদৰ কথা চিন্তা কৰি যিজনে আগতীয়াকৈ প্ৰতিকাৰৰ ব্যৱস্থা কৰে তেওঁ কেতিয়াও বিপদত নপৰে ৷ Contributed by: Barnali Deuri Bora on 2010-11-02
Idiom ফকৰা-যোঁজনা
আইয়ে চাই মুখলৈ, তিৰোতাই চাই হাতলৈ ৷
A saying exemplifying unconditional affection between mother and child. When you come home, your mother will look at your face while your wife will look at your hands to find what you have brought for her. This indicates that the mother is more concerned about his son`s well-being.যেতিয়া মানুহজন ঘৰলৈ আহে, মাকে মুখলৈ অৰ্থাৎ স্বাস্থ্যলৈ লক্ষ্য কৰে, কিন্তু ঘৈণীয়েকে হাতলৈ অৰ্থাৎ ধন সম্পত্তি, বয়-বস্তু কিবা আনিছে নেকি তালৈহে লক্ষ্য কৰে৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা
মৰিবৰ সময়ত মকৰধ্বজ বিছৰা
Keeping the works pending and trying hard to find solutions at the last moment.কৰিব লগীয়া কামবোৰ নকৰি পেলাই থোৱা আৰু অন্তিম সময়ত উপায় বিচাৰি হাবাথুৰি খোৱা Contributed by: Barnali Deuri Bora on 2010-10-27
Idiom ফকৰা-যোঁজনা
পানীত থাকি পিয়াহত মৰা ।
to have poverty amidst plenty.কোনো বস্তু থাকোতেও তাক ব্যৱহাৰ নকৰি কষ্ট ভোগ কৰা । Contributed by: Anjali Sonowal on 2010-01-30
Idiom ফকৰা-যোঁজনা
মাথা মাৰ ৷
To think deeply on a subject and get tensed.কোনো বিষয়ত দকৈ ভাৱনা-চিন্তা কৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-16
Idiom ফকৰা-যোঁজনা
মাছ চাই জাল গোঁথা
Fulfilling one's self-interest taking advantage of the situation.সুবিধা বুজি নিজৰ স্বাৰ্থ সিদ্ধি কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-11
Idiom ফকৰা-যোঁজনা
একতাই পৰম বল
Unity is the greatest strength.এক হৈ কাম কৰিলে অসাধাৰণ জটিল কামো সুকলমে কৰিব পৰা যায় Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-27
Idiom ফকৰা-যোঁজনা
এনেয়ে মৰিছোঁ ঋষিৰ শাপত, তাতে দিয়ে ধানৰ ভাপত |
To give one more trouble where already he has been suffered from an another great trouble.আগৰ দিনত ঋষি-মুনিসকলে ৰুষ্ট হ’লেই অভিশাপ দি মানুহক কষ্ট ভোগাইছিল | তেনে দুখ-কষ্টৰ মাজতে যদি কাৰোবাক ধান ভাপত দিয়া তপত বতাহত ৰখা হয় তেন্তে যন্ত্রণাৰ সীমা নেথাকে| অৰ্থাৎ দুখ-কষ্টেৰে কোনোমতে চলি থাকোঁতেই যদি কোনোবাই আৰু যন্ত্রণা দিয়ে, তেন্তে ই অসহ্যকৰ হৈ পৰে | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা
অংগাৰঃ শতধৌতন মলিনত্বং ন মুঞ্চতি ৷
1. Black will take no other hue. 2. The leopard cannot change his spots. 3. An Ethiopian will not change his skin.কয়লা শতবাৰ ধুলেও তাৰ ময়লা নেযায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা
লোণৰ চোকা খাব পাৰি, মাতৰ চোকা খাব নোৱাৰি ৷
One can tolerate excess of salt in the diet, but none can tolerate harsh words of others.খোৱা বস্তুত নিমখৰ পৰিমাণ বেছি হ’লেও সহিব পাৰি, কিন্তু আনৰ টান কথা কোনেও সহ্য কৰিব নোৱাৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা
উত্তম-মধ্যম দে ৷
To beat black and blue.লাখুটি, হাত বা ভৰি আদিৰে অধিকভাবে শাৰীৰিক প্ৰহাৰ কৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ ৷
One should deal equally with his equals and then whether he succeeds or not, he need not feel ashamed.নিজৰ সমকক্ষ জনৰ লগত সমভাৱে ব্যৱহাৰ কৰিব লাগে ৷ তেতিয়া জয়-পৰাজয় যিয়েই নহওক লাগে, লজ্জাবোধ কৰিব লগীয়া নহয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা
মাটিত কোবালে নাচে তাকে বোলে বান্দৰ৷ গলত ধৰি খাই চুমা তাকে বোলে সাদৰ৷৷
One who dances without music is called monkey. On the other hand love is recognised when kissed in hugs.মাটিত কোবালে(বিনা লয়, তাল-মান আদি)নচা জনেই বান্দৰ৷ ঠিক তেনেকৈ গলত ধৰি চুমা নেখালে সেয়া প্ৰকৃত সাদৰ নহ’য়৷ Contributed by: Sitaram Upadhyaya on 2015-06-13
Idiom ফকৰা-যোঁজনা
এন্দুৰ গাতত থৈ ফুটা মৰা ৷
Temporarily solving a problem neglecting the actual cause of it.এন্দুৰ গাতৰ ভিতৰত থৈ ফুটা বন্ধ কৰিলে, এন্দুৰ পুনৰ ফুটা কৰি ওলাই আহিব৷ অৰ্থাৎ সমস্যাৰ প্ৰকৃত কাৰণ আওকান কৰি ক্ষন্তেকীয়াভাবে বা অস্থায়ীভাব তাৰ সমাধান কৰা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-09-09
Idiom ফকৰা-যোঁজনা
পাহৰি আছিলো পৰিল মনত, পাচঁ বৰণীয়া পটা আছে ৰাৱণৰ ঘৰত
In the war between Ram and Ravana, when Lakshmana fell unconscious and was almost dying, hit by an arrow from Ravana’s son Meghnad, Hanuman approached the Lankan Royal Physician Sushena for advice. Sushena asked Hanuman to rush to Gandhamardana Hill and fetch four plants: Mritasanjeevani (restorer of life), Vishalyakarani (remover of arrows), Sandhanakarani (restorer of the skin) and Savarnyakarani (restorer of skin colour). Hanuman, not able to pick the four from the multitude, brought back the entire hill, as the medicine was to be given before dawn. The physician then only remembered that he left the flat stone upon which the plants are to be crushed at Ravan`s place. This applies to forgetfulness at an important moment.ৰাম ৰাৱণৰ যুদ্ধত লক্ষ্মণ ৰাৱ্ণৰ পুত্ৰ মেঘনাদৰ শক্তি-শেলত অজ্ঞান হৈ পৰিছিল আৰু লক্ষ্মণক বচাবলৈ ৰাৱণৰ ৰাজবৈদ্য সুসেনাক অনা হ’ল ৷ সুসেনাই ‘মৃতসঞ্জীৱনী’, ‘বিশল্যকৰণী’, ‘সন্ধানকৰণী’ আৰু ‘সবৰ্ণ্যকৰণী’ বিচাৰি হনুমানক পাচিলে ৷ হনুমানে বৃক্ষ বিচাৰি নাপায় গন্ধমাৰ্দন পৰ্বতকে দাঙি আনিলে, কিয়নো উষাৰ আগতেই লক্ষ্মণক বচোৱ প্ৰয়োজন ৷ এই আটাইকেইবিধ তৰুৰ ৰস প্ৰস্তুত কৰিবলৈ যেতিয়া পটাৰ প্ৰয়োজন হল, তেতিয়া বৈদ্যৰ মনত পৰিল যে পটাখন ৰাৱণৰ ঘৰতে থাকি আহিল ৷ সময়ত খুউব দৰকাৰী বস্তু এটা পাহৰি থকা অৰ্থত এই পটন্তৰটি ব্যৱহাৰ হয় ৷ Contributed by: Barnali Deuri Bora on 2010-11-10
Idiom ফকৰা-যোঁজনা
অভাগীৰ কপাল, হাঁহ কণীতো কুহূম নোলাল ৷
A situation of extreme bad luck where even the most usual things may also tend to be not happening, e.g. yoke is missing on the egg served to you.হতভগীয়া জনক দুৰ্ভাগ্যই লগ নেৰে ৷ সদায় ঘটি থকা সাধাৰণ ঘটনাও তেওঁৰ বাবে নঘটা হয় ৷ উদাহৰণ স্বৰূপে, তেওঁক দিয়া কণীটোৰ পৰাও কুহূমটো নোহোৱা হয় ৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা
পাখি গজিলেই গুৰি পৰুৱাৰ মৰণ |
When red ants develop their wings, they come out of their cavities and while flying, get killed by birds. Similarly, when people out of over-enthusiasm start doing something beyond their capacity, they invite troubles.গুৰি পৰুৱাৰ পাখি গজিলে গাঁতৰ পৰা ওলাই উৰি ফুৰে আৰু চৰাই-চিৰিকতিৰ খাদ্য হয় | ঠিক তেনেকৈ মানুহে অত্যুত্সাহী হৈ নকৰিবলগীয়া কাম কৰিব খুজিলে বিপদৰ সন্মুখীন হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা
বেজীৰ জলা মনা, কুঠাৰৰ জলা নমনা
Effort to make a big deal out of a minor issue while ignoting the larger issue. English synonym : Make a mountain out of a molehillপ্ৰকৃত বা ডাঙৰ সমস্যাক জানি-বুজি আওকাণ কৰি সাধাৰণ বা তেনেই সৰু কথা এটাকে ধৰি এটা ডাঙৰ সমস্যাৰ দৰে দেখুৱাব খোজা প্ৰয়াস ৷ Contributed by: Rupankar Mahanta on 2008-03-19
Idiom ফকৰা-যোঁজনা
চাহৰ চেঁচা, মাছৰ কেঁচা
People normally do not like to have cold tea. Similarly, no one likes to eat fried fish, if it is not properly cooked.চাহ ঠাণ্ডা হ’লে যেনেকৈ খোৱাৰ অনুপযোগী হয়, তেনেকৈ ভজা মাছ কেঁচা হৈ থাকিলে খাব পৰা নাযায় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-15
Idiom ফকৰা-যোঁজনা
বহিব জানিলে মাটিয়েই পীৰা, খাব জানিলে চাউলেই চিৰা
One can survive or perform something with optimal use of minimum available resources with good skill.অলপ মাত্র সম্পদৰ সৎব্যৱহাৰ কৰি কোনো কাৰ্য্য সম্পাদন কৰিব পাৰি, কিন্তু তাৰ বাবে দক্ষতাৰ প্রয়োজন Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Phrase খণ্ডবাক্য
আঠুৱা তলৰ মহ৷
Comparatively very weak person.অতি দূৰ্বল লোক৷ Contributed by: Sitaram Upadhyaya on 2015-03-03
Idiom ফকৰা-যোঁজনা
উইচিৰিঙাই ৰঙতে উৰে, হুৰমুৰকৈ পুৰি মৰে ।
all that glitters is not gold.ভাল উজ্জ্বল বস্তু দেখিলেই কামৰ বস্তু বুলি ভবা অনুচিত । Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-07-27
Idiom ফকৰা-যোঁজনা
অভাৱেই আৱিষ্কাৰৰ মূল
Necessity is the mother of invention.কোনো এটা বস্তুৰ অভাৱ অনুভৱ কৰিলে মানুহে সেই অভাৱ পূৰণ কৰিবলৈ উপায় বিচাৰি ন ন আৱিষ্কাৰ কৰিবলৈ সক্ষম হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
গড়গঞা মিতিৰৰ ভাও- মুখে বোলে থাক থাক, ভৰিৰে হেঁচোকে নাও৷
relatives or friends who are insincere or deceitful.মুখে-পেটে একে নোহোৱা৷ বাহিৰত দেখুৱাই মিঠা মাত মাতি ভিতৰত কপট ভাব ৰখা স্বভাৱ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-08-17
Idiom ফকৰা-যোঁজনা
আমে বান, কঠালে ধান ।
Too many mangoes in trees bring flood and too many jack fruits paddy.যিটো বছৰত আমে বেছিকৈ মলিয়াই /আম গছত ফুল বেছিকৈ হয় সেই বছৰত সেয়া বানপানী হোৱাৰ আগজাননি বুলি কোৱা হয় আৰু যিটো বছৰত কঠাল গছত বেছিকৈ কঠাল হয় সেই বছৰত ধানৰ খেতি ভাল হয় বুলি প্ৰবাদ আছে । Contributed by: Anjali Sonowal on 2008-09-05
Phrase খণ্ডবাক্য
কপালৰ ঘাম মাটিত পেলা
to engage in strenuous hardworkকঠোৰ পৰিশ্ৰম কৰ্ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-04
Idiom ফকৰা-যোঁজনা
যি মূলা বাঢ়ে তাৰ দুপাততে চিন
English sayings: Morning shows the day.কোনো কামৰ আৰম্ভণীয়ে তাৰ ভবিষ্যত সূচায়। সৰু ল`ৰা-ছোৱালীৰ শৈশৱৰ পাৰদৰ্শিতাই উজ্জ্বল ভবিষ্যতৰ কথা কয়। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা
আপুতৰ পুত কোঁচতে মুত ৷
When one shows excessive love and care for an object, person or material.পুত্ৰ সন্তান নোহোৱা ব্যক্তিয়ে পুত্ৰ পালে তাক অতিমাত্ৰা মৰম কৰি, নকৰিবলগীয়া কাম কৰিলেও অকনো আপত্তি নকৰে আৰু একেদৰে মানুহে যেতিয়া অতি আশাৰে লব্ধ বস্তুৰ প্ৰতি মাত্ৰাহীনভাৱে যত্নবান হয় তেতিয়া এই ফকৰাৰ প্ৰয়োগ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-03
Idiom ফকৰা-যোঁজনা
টোপনিৰ চিকুণ পুৱা, মুখৰ চিকুণ গুৱা |
The pleasure of sleeping is at its peak at the dawn and there cannot be anything comparable to chewing betel nut for refreshing the mouth.দোকমোকালি সময়ত অহা টোপনিৰ আমেজেই বেলেগ আৰু অসমীয়া সমাজত তামো-চালিৰ দৰে মুখৰোচক বা মুখ-শুদ্ধি বেলেগ হ’ব নোৱাৰে | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-09
Idiom ফকৰা-যোঁজনা
আছিলো বামুণ হ`লো নটা৷ ছোৱালী আনিলো গো-চাল কটা ৷
This idiom is used to refer to a person indulging in something contradictory to social customs and traditions.আগৰ দিনত ব্ৰাহ্মণে নচা অথবা মুচিয়াৰৰ দৰে তথাকথিত নীহকূলীয়া ছোৱালী বিয়া কৰোৱাটো সমাজ-বিৰুদ্ধ গৰ্হিত কাম বুলি ভবা হৈছিল ৷ গতিকে এই যোজনাটো সামাজিক পৰম্পৰা উলংঘা কৰাৰ অৰ্থত ব্যৱহাৰ হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-26
Idiom ফকৰা-যোঁজনা
খাবলৈ দমাদম বনলৈ গৰীয়া, পিন্ধিবলৈ লাগে তাক আচুৱালি চুৰিয়া ৷
A person who is very good at eating and he demands the best dhoti with handiworks to wear but very lazy when it comes to work.খোৱা-বোৱাত খুউব ভাল, কাম-বন কৰিবলৈ এলাহ অথচ পিন্ধিবলৈ ভালৰো ভাল আচু থকা চুৰিয়া খন লাগে ৷ Contributed by: Barnali Deuri Bora on 2010-11-19
Idiom ফকৰা-যোঁজনা
অৰ্থই অনৰ্থৰ মূল৷
Money is the principal factor associated with all disputes, tussles and sufferings in the society.মানৱ সমাজত দেখা দিয়া ভুল বুজাবুজি, হাই-কাজিয়া আৰু বিলাই-বিপত্তিৰ মূল কাৰণ হ’ল টকা-পইচা | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-05
Idiom ফকৰা-যোঁজনা
চ’ত বিহুলৈ ছমাহ থাকোতেই হাত মেলি নাচ ।
To express pleasure before the cause for it materialises.আনন্দৰ কাৰণ নৌহওঁতেই আনন্দ প্ৰকাশ কৰ । Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-07-28
Idiom ফকৰা-যোঁজনা
ইমানদিনে শুই থাকিল নাকত তেল দি, আজি হেনো ভাৰস্তখন উদ্ধাৰিব সি ৷
This saying is used to ridicule someone when he/she becomes unusually active and shows excessive haste after spending a long period of time lazily.বহুসময় অবাবত নষ্ট কৰাৰ পাছত, কোনো ব্যক্তিয়ে হঠাৎ কৰ্মতৎপৰতা দেখুৱালে এনেদৰে কৈ উপলুঙা কৰা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-22
Idiom ফকৰা-যোঁজনা
লাওপাত কচুপাত মুখ
Expert in arguments.বৰকৈ আৰু কটু কথাৰে থিতাতে কোনো কথাৰ উত্তৰ দিব পৰা স্বভাৱ ৷ তৰ্ক কৰাত পাকৈত ব্যক্তি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-22
Idiom ফকৰা-যোঁজনা
এঙনিতে জেঙনি, তাইৰ নাম সতী; একুৰি এটা ল’ৰা পায়, নামত নাই পতি
This idiom is used in reference to a woman or girl with bad character.অসৎ চৰিত্ৰৰ তিৰোতা বা ছোৱালীক বুজাবলৈ এই যোজনাটো ব্যৱহাৰ কৰা হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-25
Idiom ফকৰা-যোঁজনা
টিক বলধা ওলায় মাটি, মাক ভালেই জীয়েক জাতি ৷
The character of a girl largely depends on the character of her mother.সময়মতে মাটিত হাল বাই শেষ কৰিবলৈ হ’লে বলধ হাল চেঙা হ’ব লাগে ৷ সেইদৰে জীয়েক ভাল হ’বলৈ হ’লে মাকৰ স্বভাৱ-চৰিত্ৰ ভাল হ’ব লাগে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-22
Idiom ফকৰা-যোঁজনা
নাই পো মুখে, নাই পো গোফে, নাই পো লনি, নাই পো ধনী৷
A person should atleast be orator, or thickly bearded, or handsome or richপো মানে নিজৰ পুতেক বা যিকোনো লোক, যিকোনো এটা দিশত পাৰ্গত হব লাগে৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-01
Idiom ফকৰা-যোঁজনা
ঈৰ্ষাত শান্তি নষ্ট, লোভে নষ্ট ধৰ্ম; ক্ৰোধে মিতিৰ নষ্ট, এলাহে নষ্ট কৰ্ম ৷
Jealousy makes a person to loose peace of mind, lust makes him do unethical things and become dishonest. Similarly anger destroys relationship and laziness spoils works.মানুহৰ ঈৰ্ষা বাঢ়িলে মনৰ শান্তি নাইকিয়া হয় আৰু লোভ-লালসা বাঢ়িলে অন্যায়-ব্যভিচাৰত লিপ্ত হৈ মানুহ পথভ্ৰষ্ট হয় আৰু ধৰ্মৰ পৰা আঁতৰ হয় ৷ একেদৰে ক্ৰোধান্বিত হৈ মানুহে বিবেক হেৰুৱাই পেলায় আৰু নকব লগীয়া কথা কৈ আত্মীয় মানুহৰ মনতো আঘাত দিয়ে আৰু তাৰ দ্বাৰা মিতিৰ নষ্ট হয়; এলাহ কৰি পাছত কৰিম বুলি পিছুৱাই থাকিলে কৰ্ম নষ্ট হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-09
Idiom ফকৰা-যোঁজনা
ঠেলাৰ নাম বাবাজী ৷
1) Necessity is the law of life. 2) Nothing like force.টানত পৰিলে মানুহে তুচ্ছ কামো কৰিব লগা হয়; বা মানসিক বা শাৰীৰিক শাস্তিৰ ভয়ত মানুহে যি কোনো কাম কৰিবলৈ বাধ্য হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
আইৰ সমান হ’ব কোন, নৈৰ সমান ব’ব কোন?
There is none in the whole world like own mother, who loves us, care for us with a clear mind. She likes a river, who flows regularly & silently without any complain.আইৰ সমান কোনেও আদৰ আৰু মৰম দিব নোৱাৰে, যি দৰে নৈ বৈ থাকে কোনো আপত্তি নকৰাকৈ সমাজক নিৰবে পানীৰ যোগান ধৰি৷ Contributed by: shekhar borah on 2009-05-04
Idiom ফকৰা-যোঁজনা
কাণ টানিলে মূৰ অহাৰ ভয়
While pulling by the ear, one`s head also gets pulled. It means- while attempting to gossip on the affairs of someone, there is a chance of revelation of some bigger truth.কাণখনত টান মাৰিলে মূৰটোও টান খায়৷ অৰ্থাৎ কাৰোবাৰ সৰু কথা বা দোষ এটা খুচৰিবলৈ চেষ্টা কৰোঁতে কেতিয়াবা কোনো ডাঙৰ তথ্য ফাদিল হোৱাৰ ভয় থাকে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-05-18
Idiom ফকৰা-যোঁজনা
বৰকৈ মুখ মেলিলে কোৱাৰি ফাটে ৷
If someone opens his mouth too much, there is a chance of tearing of the angle of his lips. Similarly out of greed, if someone tries to get more than his need, there is always a possibility of facing trouble.মুখখন বৰ বেছিকৈ মেলিলে দুই ওঁঠৰ জোৰা ফটাৰ সম্ভাৱনা থাকে ৷ সেইদৰে লোভৰ বশৱৰ্তী হৈ প্ৰয়োজনতকৈ বেছি বিছাৰিলে বিপদৰ সন্মুখীন হোৱাৰহে সম্ভাৱনা থাকে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-28
Idiom ফকৰা-যোঁজনা
কালিয়াবৰত পৈ মৰিল, ঢেঁকী দিওতে মনত পাৰিল৷
The proverb mean that although the husband was a man of some piety the widow only thought of him after his death at the time of husking paddy.সুখৰ সময়ত নিজতে ব্যস্ত থকা স্বাস্থপৰ লোকে বিপদৰ সময়তহে স্বজনৰ কথা মনত পেলায়৷ Contributed by: Sitaram Upadhyaya on 2015-02-21
Idiom ফকৰা-যোঁজনা
হাটৰো বাট, মাকৰো ঘৰ
To accomplish a task taking advantage of the situation while working on another.এটা কাম কৰিবলৈ যাওঁতে সুযোগ পাই অন্য এটা কামো সমাধা কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Idiom ফকৰা-যোঁজনা
আমকলা হোৱা দিয়ে, দৈকলাৰ জুতি লাগে ।
Enjoy the hardwork of others.কাৰোবাৰ কষ্ট আৰ্জিত ফলক আন কোনোবাই আয়াসতে ভোগ কৰা । Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-07-28
Idiom ফকৰা-যোঁজনা
ঠাইতে লুটি-বাগৰ মাৰ্ ৷
To become hostile suddenly.হঠাৎ কোনো কথা, প্ৰস্তাৱ, পূৰ্ব-প্ৰতিশ্ৰুতি, সন্ধি আদিক অগ্ৰাহ্য কৰি, তাৰ বিৰোধিতা কৰ্। Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-18
Riddle সাথৰ
এখনি মাৰলি দুখনি চাল নব্ধাকৈ সৰ্বতিকাল কাল
The answer is banana leaf. The middle steam is considered as marali, a suppoting rod of a roof.কলগছৰ পাত৷ মাজৰ শকত শিৰা দাল মাৰলি৷ কাষৰ দুই অংশ দুখন চাল৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-10
Idiom ফকৰা-যোঁজনা
মাজ-মূৰত নাই চুলি, পৈয়েকে মাতে ৰূপহী বুলি ৷
Like the way a man wants to consider his wife beautiful in spite of her being bald, one usually tries to ignore the weakness or misdeeds of his loved ones.মাজ-মূৰত চুলি নোহাৱা তিৰোতাকো গিৰীয়েকে ৰূপহী বোলাৰ দৰে মানুহে সাধাৰণতে প্ৰিয় বা আপোনজনৰ দোষ দেখা নাপায় বা দেখিলেও অৱজ্ঞা কৰিবলৈ চেষ্টা কৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা
যথা ধৰ্ম্ম তথা জয়৷
A good work always results in a good outcome.সৎ পথেৰে সঠিকভাৱে আগুৱালে সদায় জয় হয়৷ Contributed by: Sitaram Upadhyaya on 2014-12-19
Idiom ফকৰা-যোঁজনা
চগাৰ পাখি গজে জুইত পুৰি মৰিবলৈ ৷
Sudden empowerment ignites oneself to perform suicidal activities.চগাৰ পাখি গজিলে উৰিব পৰা হয় আৰু জুইৰ প্ৰতি আকৃষ্ট হৈ জুইৰ উৎসলৈ উৰা মাৰে তথা তাতে পুৰি মৰে ৷ একেদৰে মানুহৰ আকস্মিক উত্থান হ'লে, নিজৰ সামৰ্থ, শক্তি, ঐশ্বৈৰ্য্য, ক্ষমতা, সম্পদ আদিৰ সঠিক ব্যৱহাৰ কৰিব নোৱাৰা হয় আৰু তাৰ অপপ্ৰয়োগেৰে নিজৰ ধ্বংস মাতি আনে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-12
Idiom ফকৰা-যোঁজনা
জাঁপ মাৰি দেইছিলো ঢাপলিকা পৰ্বত, টিলিকত মাৰিছিলো বগ; খেদা মাৰি ধৰিছিলো মতা হৰিণা, এতিয়া নাপাওঁ মতা হাঁহৰ লগ ৷
A person who exaggerates much about himselfএটা সময়ত অসাধ্য সাধন কৰিছিলো, কিন্ত এতিয়াহে নোৱাৰোঁ ৷ নিজৰ বিষয়ে বৰকৈ মিছাতে বঢ়াই কোৱা লোক ৷ Contributed by: Barnali Deuri Bora on 2010-11-15
Idiom ফকৰা-যোঁজনা
পলোৱাৰ যিমান ভাগৰ, খেদাৰো সিমানেই ভাগৰ ৷
One who evaluates or supervises the work done by another has to devote equal time and energy as that of the performer.অসৎ কৰ্ম কৰি ধৰা পৰাৰ ভয়ত পলাই যোৱাজনৰ যিমান ভাগৰ লাগে, তেওঁক পিছে পিছে খেদি যোৱা জনৰো সমানেই ভাগৰ লাগে ৷ ঠিক সেইদৰে, আনে কৰা কামৰ নিৰীক্ষণ কৰা বা মূল্যায়ন কৰাজনে কৰোঁতাজনৰ সমানেই কষ্ট কৰিব লগীয়া হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-26
Idiom ফকৰা-যোঁজনা
হ’ব ছলি বুলিব বাপ, তেহে গুচিব মনৰ তাপ
Wishing deeply and waiting eagerly for something to happen in futureসুদূৰ ভৱিষ্যতে কিবা এটা হ’ব বুলি আশা কৰি ৰৈ থকা Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2010-02-22
Idiom ফকৰা-যোঁজনা
গুত কোব মাৰিলে গালৈকে ছিটিকে ৷
Criticism of ill deeds may harm the critic himself.গু বা মল-মূত্ৰত কোব মাৰিলে নিজৰ গালৈ ছিটিকে আহিব পাৰে ৷ একেদৰে বেয়া কথা আলোচনা কৰিলে নিজেও তেনে বেয়া কথাৰ সমভাগী হ`বলগীয়া হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-23
Idiom ফকৰা-যোঁজনা
তেলটুপি তোমাৰ মাটিতে থোৱাঁ, পিপাটোহে আজৰাই মোক দিয়াঁ
help me ignoring your losses.নিজৰ লোকচান কৰি হ`লেও মোক সহায় কৰাঁ Contributed by: durlav gogoi on 2012-03-28
Idiom ফকৰা-যোঁজনা
পৈয়েকে বুলিলে কাজী, মন ভাল লাগিছে আজি৷
When a husband appreciates his wife, she feels very happy. Likewise if someone is appreciated by an unexpected person, he feels happy.সাধাৰণতে পৈয়েক আৰু ঘৈণীয়েকৰ মতৰ অমিল হয় আৰু সৰু-সুৰা খৰিয়ালৰ সৃষ্টি হৈয়েই থাকে। তেনে স্থলত ঘৈণীয়েকক যদি গিৰীয়েকে কেতিয়াবা প্ৰশংসা কৰে মনটো বৰ ভাল লাগে। ঠিক সেইদৰে, আশা নকৰাকৈ কাৰোবাৰ প্ৰশংসাৰ পাত্ৰ হ`লে মনত বৰ আনন্দ পোৱা যায়। Contributed by: Sitaram Upadhyaya on 2015-03-22
Idiom ফকৰা-যোঁজনা
আগতে মাছটি, বগলীটি কণা
Like a heron not spotting a fish lying in front of him, sometimes a man fails to realise and take advantage of the opportunities before him.বগলীয়ে চকুৰ আগতে থকা মাছটোও কেতিয়াবা দেখা নোপোৱাৰ নিচিনাকৈ মানুহে হাততে পোৱা সুযোগটোও মন নকৰে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
ক্ষণজন্মা পুৰুষ বা নাৰী
A person of virtue who brings glory for the nation or society and takes birth once in a hundreds of year.যি অতিকৈ গুণবান ব্যক্তি কোনো এক সমাজত বা জাতিত কদাচিতহে (বহু সময়ৰ ব্যৱধানত) জন্ম গ্ৰহণ কৰে আৰু সমাজৰ বা জাতিৰ কাৰণে সুনাম অৰ্জন কৰে তথা জাতিৰ গৌৰৱৰ কাৰক হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
খাই কাৰ্শলা ডালত উঠিল | কাঠী চেলেকাৰ মৰণ মিলিল ||
Sometimes, criminals commits crime and escape without getting punishment. But the common and innocent people are harassed in the name of enquiry.কাৰ্শলা এবিধ তীব্ৰবেগী বিষাক্ত সাপ; ই গছ-পাতৰ ওপৰৰে সহজে বগাই ফুৰিব পাৰে| কাঠি চেলেকাৰ অৰ্থ হৈছে সাধাৰণ হোজা আৰু নিৰ্দোষী মানুহ| অৰ্থাৎ দাগী অপৰাধী সাৰি যায় অথচ নিৰপৰাধী ব্যক্তিয়ে হাৰাশাস্তি খাৱ লগা হয়| Contributed by: Biraj Kumar Kakati on 2008-03-01
Idiom ফকৰা-যোঁজনা
মোল্লাৰ দৌৰ মচজিদলৈকে ।
The vision and abilities of a person are restricted to his domain.প্ৰতিজন মানুহৰ ক্ষমতা আৰু জ্ঞান নিজৰ কৰ্ম ক্ষেত্ৰতেই সীমাবদ্ধ তেনে অৰ্থত কোৱা হয় । Contributed by: Anjali Sonowal on 2008-10-08
Idiom ফকৰা-যোঁজনা
অথাই সাগৰত পৰা / অপাৰ সমুদ্ৰত পৰা
To become helpless due to falling in great trouble.বিপদৰ সন্মুখীন হৈ দিক-বিদিক শূন্য হোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-29
Idiom ফকৰা-যোঁজনা
ক্ষুধাই নেমানে শুদা, ঘুমে নেমানে কাদা৷ (ক্ষুধাই নেমানে শুদা ভাত, ঘুমটিয়ে নেমানে মাটি-পাত৷)
If one is really hungry, he/she can eat meal full stomach even if there is no condiment/curry with it. Similarly, once can sleep anywhere when he/she feels sleepy strongly. No hurdle can stop a person in his work, if he/she is in real need of it.ভালদৰে ভোক লাগিলে শুদা ভাত হ\'লেও পেট ভৰাই খাব পাৰি আৰু একেদৰে টোপনি ভালদৰে আহিলে বোকা-মাটিতো শুব পাৰি ৷ অর্থাৎ সচা অভাব অথবা প্রয়োজন থাকিলে, মানুহে কোনো কামত আগবাঢ়ি যাবলৈ সৰু-ডাঙৰ বাধাক আওকান কৰে আৰু নিজ সামর্থ নাথাকিলও কামত পিছ নুহুহকে । Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
মূৰত থ’লে ওকণিয়ে খায়, মাটিত থ’লে পিপৰাই খায়
It refers to the condition of a person when he gets something what he was longing for or meets someone very dear to his heart and soul.মনে বিছৰা অতি হেঁপাহৰ কোনো বস্তু পালে বা বহুদিনৰ মূৰত নিজৰ আপোনজনক ওচৰত পালে উদ্ভৱ হোৱা কি কৰোঁ কি নকৰোঁ অৱস্থা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-15
Idiom ফকৰা-যোঁজনা
সাতে-পাঁচে মিলাই
(Eng.equivalent: put two and two together)to decide, find out the truth from what you hear and seeশুনা, দেখা কথাৰ পৰা মিলাই মেলি প্ৰকৃত সঁচা কথানো কি তাক থিৰ কৰা। Contributed by: Partha P Sarmah on 2011-03-05
Idiom ফকৰা-যোঁজনা
ষাঠিত ওপজক প্ৰথম নাতি, বিয়া কৰাওক সবাহ পাতি ৷
One should get married at such an age so that he can become grandfather at an age of sixty; and always get an arranged marriage with full involvement of relatives and society.মানুহে এনেকুৱা বয়সত বিয়া কৰাব লাগে যাতে ষাঠি বছৰ বয়সত প্ৰথম নাতি কোলাত ল`ব পাৰে, আনহাতে বিয়া সদায় আপোন মানুহ আৰু সমাজক লৈ আমোদ স্ফূৰ্ত্তিৰে পাতিব লাগে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
আইৰ কুৰ্ম্মা ঢেকুৰা, তিৰীৰ কুৰ্ম্মা বপুৰা ৷
Your wife`s relatives often get better treatment than your own.ঘৈণীয়েকৰ সমন্ধীয়সকলক অধিক মান দি, নিজৰ ফলীয়া সমন্ধীয়সকলক অৱহেলা কৰা। Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা
ভৰা পেটত ভোকৰ উমান নেপায় ৷
The one whose stomach never becomes empty, hardly realizes the pain of starvation, consequently he becomes careless in earning and savings and also becomes extravagant.যি মানুহে ভোক লগাৰ আগতেই খাবলৈ পায়, তেনে মানুহে ভোকে-লঘোনে থকাৰ কষ্ট অনুভৱ কৰিব নোৱাৰে আৰু তেনে কষ্টৰ পৰা হাত সাৰিবলৈ উপাৰ্জন তথা সঞ্চয় কৰিবলৈ চেষ্টা নকৰে অথবা উপাৰ্জিত ধন মিতব্যয়িতাৰে খৰচ নকৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-11-03
Idiom ফকৰা-যোঁজনা
মন কৰিলেই ছন বাকৰি মাটিতে ধন
With strong will power and determination one can achieve any tough goal. English synonym : When there is a will there is a wayকষ্ট কৰিলে যিদৰে ছন পৰা মাটিত শস্য উৎপাদন কৰিব পাৰি, সেইদৰে মনৰ দৃহতা থাকিলে যিকোনো কঠিন কামেই সমাধান কৰিব পাৰি | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-15
Idiom ফকৰা-যোঁজনা
ঘৰৰ ভাত খাই বনৰ ম`হ খেদা ৷
To work for others without remuneration.নিঃস্বাৰ্থভাবে আনৰ উপকাৰ কৰা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা
হাবিৰ জুই দেখি, মনৰ জুই নেদেখি ।
We can experience fire in wood but misery of human mind can not be understood in their appearance.হাবিত জুই লাগিলে সকলোৱে দেখা পাই কিন্তু মানুহৰ অন্তৰত থকা দুখঃ কষ্টৰ গভীৰতা বাহিৰৰ পৰা উমান পোৱা নাযায় । Contributed by: Anjali Sonowal on 2008-07-08
Idiom ফকৰা-যোঁজনা
মাহৰ মাৰ দেখি তিলে বেঁত মেলা
One may confess about his misdeeds out of fear, if he witnesses the process of punishment being given to someone else.মাহ আৰু তিল দুয়োবিধকে একেদৰে কোবাই বীজ উলিয়াব লগা শস্য৷ মাহক কোবোৱা দেখি তিলে তাৰ বীজ নিজেই উলিয়াই দিয়া বুলি কোৱাৰ পৰা ইয়াকে বুজাব বিচাৰিছে যে, কাৰোবাৰ শাস্তি দেখি আন মানুহে নিজেই নিজৰ দোষৰ সৈ কাঢ়ি দিয়ে৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা
কানে কান মাৰি ৷
To happen or complete some work marginally.কোনো কাৰ্য কথমপি সম্পন্ন হোৱা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-20
Idiom ফকৰা-যোঁজনা
বামুণে-শগুণে বিচাৰে মৰা, গণকে বিচাৰে নৰিয়া পৰা ৷
Some people even expects to see others' suffering in order to fulfill his own inetersts.কিছুমান মানুহে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আনৰ বেয়া হোৱাটোও কামনা কৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা
তেলীৰ মূৰত তেল
To help someone who already has everything instead of someone who is needy.সুবিধাভোগী জনকে অধিক সুবিধা প্ৰদান কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Idiom ফকৰা-যোঁজনা
হাতত নাই বিত, মনে কৰে পিত পিত
A poor person who wants to buy many things.আৰ্থিক সম্বল নথকা মানুহে পাৰ্থিৱ বস্তুলৈ হেঁপাহ কৰা Contributed by: Barnali Deuri Bora on 2010-10-28
Idiom ফকৰা-যোঁজনা
অধিক মাছত বগলী কণা
When there are lots of options available, it becomes difficult to select one.বহু বিকল্প থাকিলে, কোনো এটা নিৰ্বাচন কৰাত অসুবিধা হয় Contributed by: Bikram M Baruah on 2008-02-22
Idiom ফকৰা-যোঁজনা
মই কওঁ ৰাজভগনৰ কথা, সি বোলে কলথোক বাদুলীয়ে খালে।
If someone talks of rubbish when a serious discussion of important matters is going on.মহত্বপূৰ্ণ আলোচনা চলি থকা অৱস্থাত তুচ্ছ কথাৰ অৱতাৰণা কৰা। Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-05
Riddle সাথৰ
ক্ষমতাত থৈ মানুহ চিনিবা ৷
One who is in power has a natural tendency to hurt or trouble others through illogical exercise of power. Hence, someone's character can be easily read once he/she is in power.মানুহে যেতিয়া ক্ষমতা হাতত পায়, প্ৰাকৃতিকভবে সেই মানুহে নিজৰ ক্ষমতা চৰিতাৰ্থ কৰিবলৈ আন মানুহৰ সুখ- দুখ, সুবিধা-অসুবিধা নুবুজাকৈ বহু কাম কৰি পেলায় আৰু তাৰ দ্বাৰা মানুহজনৰ আচল চৰিত্ৰ ধৰা পৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
মাংস খালে মাংস বাঢ়ে, ঘৃত বাঢ়ে বল; দধি খালে আয়ু বাঢ়ে, শাকত বাঢ়ে মল ৷
Eating meat helps to build muscles, lipids like ghee give energy, regular taking of curd can increase longevity and green vegetables keep the bowel clear.মাংস খালে মানুহৰ শৰীৰৰ গঠন ভাল হয়, ঘিঁউ খালে শক্তি বৃদ্ধি পায়, নিয়মীয়াকৈ দৈ খোৱা মানুহৰ আয়ুস বৃদ্ধি হয় আৰু শাক বেছিকৈ খালে শৌচ খোলোছা হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-24
Idiom ফকৰা-যোঁজনা
দুদিনৰ কাৰণে তোৰ বেহা, কিহলৈ ইমান তিতা-কেহা ?
Human life has limited span, but people used to forget it and in the process of living a luxurious life they spend whole life with unnecessary tensions, quarrels with fellowmen and consequently live a miserable life with unlimited sufferings.মানুহৰ জীৱন সীমিত দিনৰ বাবে অৱধাৰিত যদিও এই কথা পাহৰি গৈ মানুহ লোভ-লালসা আৰু ভোগ-বিলাসত মত্ত হৈ দৈনন্দিন জীৱনত দন্দ-খৰিয়াল বঢ়াই লয়, আৰু জীৱনটো অবাঞ্চিত যন্ত্ৰণা, শংকা, মানসিক অশান্তি আদিৰে কটাই দিয়ে ৷ এই চিৰসত্য কথাটিৰ উমান দিবলৈ এই ফকৰাৰ ব্যৱহাৰ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-05
Idiom ফকৰা-যোঁজনা
চাপৰিলে মেঘ নাঁতৰে৷
No excuse can cover up a misdeed or unlawful activities.যেনেদৰে চাপৰি বা কুঁজা হৈ বৰষুণৰ পৰা হাত সাৰিব নোৱাৰি, একেদৰে দোষ বা অন্যায় কৰিলে সৰু সুৰা অজুহাত দেখুওয়াই হাত সাৰিব নোৱাৰি। Contributed by: Dr. Armaan U. Muzaddadi on 2008-09-26
Idiom ফকৰা-যোঁজনা
কাক ক’ম কোনে পতিয়াব, যাক ক’ম সিয়ে লঠিয়াব ৷
The unsteady mind of a person having some mental conflict within himself.মানসিক অন্তৰ্দ্বন্দত ভোগা মানুহৰ মনৰ উগুল-থুগুল অৱস্থা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-02
Idiom ফকৰা-যোঁজনা
মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাঁহনিত
The true nature of a self-claimed great man is when he is left alone with the scope of enjoying lucrative things.এজন মহন্ত আচলতে কিমান মহৎ, তেওঁ মাহনি এখনৰ মাজেৰে নিঃসংগে লোভনীয় মাহ চিঙি নোখোৱাকৈ পাৰ হৈ যাব পাৰেনে নোৱাৰে, তাতেই ধৰা পৰে| এতেকে এজন মানুহ কিমান মহৎ, তেওঁ সুবিধা থকা সত্ত্বেও লোভ সম্বৰণ কৰিব পাৰিলেহে বুজা যায় ৷ Contributed by: Bikram M Baruah on 2008-02-18
Idiom ফকৰা-যোঁজনা
কেও মৰে ছালে-হাঁড়ে, কেও মৰে মঙহ ভাৰে |
What a diverse fate of human beings on earth! While some people die of hunger and malnutrition, others die due to over-eating.পৃথিৱীত মানুহৰ কেনে বিচিত্ৰ জীৱন ! কোনোৱে খাবলৈ নাপাই হাঁড়ে-ছালে লাগি মৰে আৰু আন কোনোৱে মঙহৰ ভৰত মৰে অৰ্থাত্ অধিক ভোজনৰ ফলত মৃত্যু মুখত পৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা
আইৰ সমান হ`ব কোন, নদীৰ সমান ব`ব কোন?
The love and affection of mother always remains unchanged and unmatched for her children like the way water flows in a river.নদীৰ পানী যেনেকৈ নিৰবিচ্ছিন্নভাবে বৈ থাকে, একেদৰে সন্তানৰ কাৰণে মাকৰ মৰম-স্নেহ সদায় অক্ষুণ্ণ থাকে ৷ সেয়ে মাকৰ সমান কোনোৱেই হ`ব নোৱাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-04
Idiom ফকৰা-যোঁজনা
সজৰ লগত সজ সঙ্গতি, মধুক কৰিলো পান, বিক্ৰমাদিত্যৰ মূৰত উঠি গঙ্গাত কৰিলো স্নান ৷
In the association of honest persons people learn good things and can make their life more meaningful.সৎ সঙ্গত থাকিলে মানুহে ভাল কথা শিকিব পাৰে আৰু জীৱন যাপনৰ মানো উন্নত হয় ৷ Contributed by: Barnali Deuri Bora on 2010-11-08
Idiom ফকৰা-যোঁজনা
নিবোকা গৰু গু খোৱা যম ৷
Those bulls which seem to be docile, are usually more active in their sexual desire. Similarly, males who are apparently timid and gentle may actually have a doubtful character.দেখাত শান্ত যেন লগা, বৰকৈ হেম্বেলিয়াই নথকা মতা গৰুৱেহে পাল খাবলৈ গাইৰ পাছে-পাছে বেছিকৈ ঢপলিয়াই ফুৰে ৷ ঠিক সেইদৰে, বাহিৰে শান্ত-শিষ্ট, অতি নম্ৰ যেন লগা পুৰুষৰ চৰিত্ৰও কেতিয়াবা সন্দেহজনক হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
Idiom ফকৰা-যোঁজনা
চোকা মুখ ভোটা হ ৷
To be abashed or disconcerted.ফিতাহি মাৰি কথা কোৱা মানুহে, উচিত প্ৰত্যুত্তৰ পাই লজ্জিত হ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
ফিতাহি মাৰ ৷
To show excessive pride in one's appearance, qualities, abilities, achievements, etc.মইবৰ ভাৱ বা অতিমাত্ৰা আত্মগৌৰৱ দেখুৱা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-19
Idiom ফকৰা-যোঁজনা
চোৰক মোৰে পোৱা
One may commit mistake even when he is doing a habitual work. (This proverb is usually applied in negative context.)সদায় কৰি থকা অভ্যাসগত কাম এটা কৰোঁতেও কেতিয়াবা আউল লাগে | (এই যোজনাটো সাধাৰণতে নেতিবাচক অৰ্থতহে প্ৰয়োগ হয় |) Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
ছাটি মাৰি যা
To have shock like feelings in eye due to sudden bright illumination.অকস্মাৎ অহা উজ্জল পোহৰ আদিয়ে চকুত তীব্ৰ অনুভূতি দে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-11
Idiom ফকৰা-যোঁজনা
প্ৰবাসে নিয়ম নাস্তি
Those who are away from home cannot strictly follow the social norms and customs; so it may be forgiven.প্ৰবাসত থকা অৰ্থাত্ ঘৰৰ পৰা আঁতৰত থকা মানুহে বহুতো সামাজিক ধূতী-নীতি মানি চলিব নোৱাৰে | গতিকে ই সিমান ধৰিব লগীয়া কথা নহয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা
বাজিব লাগে টেমি-কটাৰী, বাজিছে হাচটি
Person who is supposed to talk is not telling anything, but his supporter is unnecessarily going on telling meaningless things.হাচটিত থকা টেমি-কটাৰী আদি নাবাজি হাচটিখন বজা অৰ্থাৎ কথা ক’ব লগীয়া ব্যক্তিজনে নকৈ তেওঁৰ সমৰ্থনত অন্য ব্যক্তিয়ে অনৰ্থকভাৱে কথা কৈ থকা ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা
ধনীৰ কাটে ধনে, দুখীয়াৰ কাটে মনে ৷
The rich people can achieve anything with money, or trouble others and escape of punishment; the poor will bless if they are loved or curse if they are loved or curse if they are tortured by the rich and that matters someday.ধনী মানুহে ধনৰ বলেৰে আন মানুহক আতিশয্য বা অত্যাচাৰ কৰিব পাৰে বা কাম আদায় কৰিব পাৰে অথবা দুখীয়াক কষ্ট দিও শাস্তি নোপোৱাকৈ বাচি যাব পাৰে ৷ দুখীয়াই মৰমৰ বিনিময়ত মনেৰে ভগৱানক প্ৰাৰ্থনা কৰি মানুহক ভাল ফল দিয়াব পাৰে বা অত্যাচাৰিত হ'লে অত্যাচাৰ কৰাজনক অভিশাপ দিব পাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা
ওলোৱা কেঁচু গাঁতত নোসোমায় ৷
An earthworm spends most of its time in its hole. Once out, it rarely makes it back to a hole because there are so many enemies out there waiting for it. This means, venturing out into unknown territories may bring your end.কেঁচুৰ জীৱনটো প্ৰায় গাঁততেই পাৰ হয় ৷ গাঁতৰ ভিতৰৰ পৃথিৱীৰ লগত সিঁহত ভালকৈ পৰিচিত ৷ গাঁতৰ বাহিৰ ওলালেই কেঁচুৰ শত্ৰু বহুত ৷ সেয়েহে গাঁতৰ বাহিৰ ওলোৱা কেঁচু জীৱন্তে গাঁতলৈ ঘূৰি যোৱাৰ সম্ভাৱনা কম ৷ এই কথাষাৰে ইয়াকে বুজাই যে অপৰিচিত ঠাইত পদে পদে বিপদ আহিব পাৰে ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
সাপো মৰক, লাঠিও নাভাগক৷
Solving a serious problem without incurring any loss or damageকোনো ক্ষয়-ক্ষতি নোহোৱাকৈ জটিল সমস্যা সমাধান কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-13
Idiom ফকৰা-যোঁজনা
দীঘলকৈ মাৰিবা ফুই, তেহে দেখিবা জুইৰ মুই ৷
To see firewood burning nicely, one has to blow air deeply into it after having lit.খৰিৰ জুই জ্বলাবলৈ হ’লে দীঘলকৈ ফু মাৰিব লাগে; তেতিয়াহে ই ভালকৈ জ্বলে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-06
Idiom ফকৰা-যোঁজনা
মেলত থাকি নকয় উচিত, দোষে চোৱে কিঞ্চিৎ কিঞ্চিৎ৷
One who does not raise voice against a wrong doing or improper decision is liable to face the consequences of such a decision in future.ৰাজহুৱা সভা বা আলোচনাৰ মাজত থাকি উচিত কথা নক'লে বা সত্যৰ পক্ষ নল'লে অনুচিত সিদ্ধান্তৰ ফলত হোৱা পৰিণামৰ বাবে দোষৰ ভাগী হ'বলগীয়া হয়৷ অৰ্থাৎ অন্যায় কৰাজন যিমান দোষী, অন্যায়ৰ বিৰোধিতা নকৰাজনো সমানেই দোষী৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-04-19
Idiom ফকৰা-যোঁজনা
ফু মাৰি উৰাই দে ৷
To neglect or ignore something without serious thinking.কোনো কথা বা কাৰ্যক নভবা-নিচিন্তাকৈ উপলুঙা কৰ বা অগ্ৰাহ্য কৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা
ওস্তাদৰ মাৰ শেষ ৰাতি ৷
All is well that ends well.যিকোনো কামৰ শেষপৰ্বটো ভাল নহ\'লে, সেই কামৰ কোনো মূল্য নাথাকে, কিন্তু অভিজ্ঞ আৰু নিপুণ কৰ্মীয়ে শেষলৈকে ভাল ফল দেখুৱাই যাব পাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা
ঢিলা পাই ঠিলা মৰা
To cause harm to someone or to fulfil one's selfish interest taking advantage of his/her weaknessকাৰোবাৰ দুৰ্বলতাৰ সুযোগ লৈ অপকাৰ কৰা বা নিজৰ স্বাৰ্থ পূৰণ কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-12-15
Idiom ফকৰা-যোঁজনা
খাল খান্দি কুম্ভীৰ অনা ৷
To invite one's own problem which arises from betrayal from trusted ones.কোনোবা পৰক মৰম কৰি আপোনৰ দৰে সহায়-সাৰথি কৰাৰ পাছত, সেই মানুহে যদি শত্ৰুতা কৰে, তেনে ক্ষেত্ৰত প্ৰয়োগ হয় ৷ অৰ্থাৎ নিজৰ বিপদ নিজে চপাই লোৱা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Phrase খণ্ডবাক্য
দলনিত পোনা মেলা
To push someone into a vulnerable situation.অসহায় অৱস্থালৈ ঠেলি দিয়া Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Idiom ফকৰা-যোঁজনা
ফুটা কলহৰ মাত সাৰ।
English sayings: Empty vessel sounds much.
জ্ঞান-বুদ্ধি নথকা ব্যক্তিৰ মুখত অধিক কথা শুনা যায় ৷ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-05
Idiom ফকৰা-যোঁজনা
চকুত ধূলি দে / মাৰ্ ৷
To throw dust in one's eye, or to betray.মিছা কথা বা কৰ্মৰে মানুহক প্ৰতাৰিত কৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
কেৰ্কেটুৱাই তামোল খায়, নেউলক বান্ধি কিলায় ৷
Many a times an innocent suffers because of his similarity in appearance with a bad character.দেখাত সাদৃশ্য থকাৰ দোষতে নিৰ্দোষীয়ে কেতিয়াবা অনাহকতে মাৰ খাবলগীয়া হয় ৷ Contributed by: Rupankar Mahanta on 2008-08-18
Idiom ফকৰা-যোঁজনা
হাতী চুৰ কৰি নিয়ে বাটে বাটে বেঙেনা চোৰক ধৰে, নাকটো কাটিলে লাজ নালাগে নখটো কাটিলে মৰে।
People with money or power or under political shelter escapes from punishment even after committing big crimes and the poor thieves are caught & punished. Likewise some people are not ashamed even when their name is maligned for bad work but seems to be grieving from a trifle.ডাঙৰ দুষ্কাৰ্য্য কৰি কিছুমান মানুহে সমাজত বৰ মানুহ বোলাই থাকে; অথচ সৰু-সুৰা চোৰেহে শাস্তি পায়। ঠিক তেনেকৈ ডাঙৰ অপমান পায়ো কিছুমানে কেৰেপ নকৰে কিন্তু সৰু কথা একোটাতে বৰ লাজ পোৱা যেন দেখুৱায়। Contributed by: Barnali Deuri Bora on 2010-11-20
Idiom ফকৰা-যোঁজনা
এক মাঘে শীত নেযায় ৷
Now you get the best of me, but my turn will come again or one swallow does not make a summer.মাঘ মাহ গুচি যোৱাৰ পাছত শীতৰ কাপোৰবোৰ পিছৰ বছৰৰ শীতৰ কাৰণে সামৰি থব লাগে, শীত বাৰে বাৰে আহে আৰু শীতৰ কাপোৰৰ প্ৰয়োজন হয় ৷ বিপদৰ সময়ত কাৰোবাৰ সহায় লৈ পাছলৈ পাহৰি গ\'লে এনদৰে কোৱা হয় অৰ্থাৎ বিপদ বাৰে বাৰে আহিব পাৰে; গতিকে সহায়ৰো প্ৰয়োজন হ\'ব পাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-02
Idiom ফকৰা-যোঁজনা
ৰসতে নামটো থোৱা
To get recognition for something done by others by merely associating with it very little.আনে কৰা কাম এটাত সামান্য হাত উজান দি কৃতিত্বৰ অংশীদাৰ হোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা
হাতী মাৰি ভুৰুকাত ভৰোৱা
To sum up even a very large document in a very concise mannerখুব ডাঙৰ বা দীঘল তথ্য অথবা কথাকো, অৰ্থৰ হেৰফেৰ নহোৱাকৈ থুলমুলকৈ সজাই চুটিকৈ কোৱা Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-28
Idiom ফকৰা-যোঁজনা
খঙত পেট কাটি ছমাহলৈ শুকনি খোৱা
Anger is not only harmful to others, but also harms own. So, one should keep him/herself calm so that anger does not harm anyone.খং মানুহৰ ঘোৰ শত্ৰু৷ বাছিকৈ খং উঠিলে মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায়৷ কেতিয়াবা নিজকে পাহৰি যায়, আৰু কেতিয়াবা এনে হয় যে খঙৰ জালত কি কৰিছে নিজেই ক'ব নোৱাৰা হয়৷ এনে অৱস্থাত কেতিয়াবা আনৰ অনিষ্ট কৰিব নোৱাৰি নিজৰ পেটকে কাটি লয়৷ খং যেতিয়া মাৰ যায়, তেতিয়াহে অনুশোচনা আহে আৰু কৃতকৰ্ম্মৰ বাবে অনুতাপত ভুগিব লগা হয়৷ নিজৰ পেটৰ ঘা শুকুৱাবলৈ পাছত ছ'মাহ বা তাতোকৈ বেছিদিন শুকনি (ঔষধ) খাব লগা হয়৷ ইয়াৰ দ্বাৰা ইয়াকে বুজাব খুজিছে যে খঙৰ জালত মানুহে আনৰ অনিষ্ট সাধন কৰেই, নিজৰো অনিষ্ট সাধন কৰি কষ্টভোগ কৰিব লগা হয়৷ সেইবাবে মানুহে খঙক লাই নিদি সদায় দমাই ৰাখিবলৈ চেষ্টা কৰা উচিত৷ Contributed by: Chandan Kumar Borah on 2011-08-15
Idiom ফকৰা-যোঁজনা
বান্দৰে কি বুজে নাৰিকলৰ মোল
Only the scholar/literate people can understand the virtue of knowledgeবান্দৰে যিদৰে নাৰিকল ফালি খাব নোৱাৰে বাবে তাৰ গুণাগুণ বুজি নাপায়, ঠিক সেইদৰে বিদ্বান ব্য্যক্তিয়েহে জ্ঞানৰ মোল বুজে। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-07
Idiom ফকৰা-যোঁজনা
ঘৰ পোৰা গৰুৰ সেন্দুৰীয়া মেঘলৈকো ভয় ৷
1. A burnt child dreads the fire. 2. A scalded dog fears cold water. 3. Once bitten, twice shy.এবাৰ ঘৰ পোৰা দেখিলে গৰুয়ে জুইলৈ ইমান ভয় কৰে যে আকাশত ৰঙা ৰঙৰ ডাৱৰ দেখিলেও ভয়ত লৰ মাৰে ৷ এবাৰ কোনো বস্তু বা ঘটনালৈ মনত ভয় সোমালে মানুহে তেনেধৰণৰ যিকোনো বস্তু বা ঘটনালৈ চিৰদিনলৈ ভয় কৰিয়েই থাকে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা
সময়ৰ শৰ সময়ত মাৰিবা
A stitch in time, saves nine.সময়ৰ কাম সময়মতে কৰা উচিত ৷ Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা
ধৰ্মৰ ঢোল বতাহে বজায় ৷
1) Truth will come out. 2) Virtue has its own reward.সত্য আপুনা-আপুনি প্ৰকট হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
ধনৰ নৰিয়া টান, ভাত খাইছে উধানৰ মান ৷
A big lie or exaggeration of something.গোকাট মিছা কথা বা বৰকৈ বঢ়াই কোৱা কথা Contributed by: Barnali Deuri Bora on 2010-11-16
Idiom ফকৰা-যোঁজনা
শগুণ যিমান ওপৰলৈ নুৰক দৃষ্টি সদায় মৰা শত।
A narrow minded man, even if he reaches to the top of the helm his thinkings always remain narrow.শগুণ বহু ওপৰলৈ উৰে, কিন্তু দৃষ্টি সদায় খাদ্য অর্থাৎ মৰা শত নিবদ্ধ থাকে, একেদৰে অসৎ চৰিত্রৰ মানুহ বা ঠেক মনোবৃত্তিৰ মানুহ যিমান ডাঙৰ নহওক, সিহঁতৰ অসৎ বা ঠেক মনোবৃত্তি কেতিয়াও আঁতৰি নাযায়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা
মন কৰিলেই চন ৷
Where there is a will there is a way.প্ৰবল ইচ্ছা বা মন থাকিলে মানুহে নিজৰ কাম সিদ্ধি কৰিবলৈ উপায় বিচাৰি উলিয়ায়, অজুহাত দেখুৱাই কাম পেলাই নথয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা
দহজনৰ নাও বামেৰেও যায়
With the unity in people, some hard tasks can also be done with less difficulty.সকলোৱে এক হৈ কাম কৰিলে অসাধাৰণ জটিল কামো সুকলমে কৰিব পৰা যায় Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-27
Idiom ফকৰা-যোঁজনা
সোলাৰ মুখত মাখি পৰে, সিও লাভৰ ভিতৰ৷
A person having no teeth cannot keep closed their mouth. Moreover they cannot crush meat or other harder foods. In such a case if a fly enter into their open mouth, the said teeth less person crush the fly as if the fly is a piece of meat.দাঁত সোলাৰ মুখ খন দাঁত নথকা বাবে অনবৰতে মেল খাই থাকে আৰু তেনেলোকৰ মাংসৰ লগতে অন্যান্য টান পুষ্টিকৰ খাদ্য ভালকৈ চোবাই খোৱাৰ সামৰ্থ নেথাকে৷ তেনেস্থলত মুখত সোমোৱা কোমল দেহৰ মাখি টোকে (মাখি যদিওবা অখাদ্য৷) চোবাই মাংস খোৱাৰ পৰম তৃপ্তি লাভ কৰাৰ বাদে অন্য বিকল্প নেথাকে৷ Contributed by: Sitaram Upadhyaya on 2015-11-20
Idiom ফকৰা-যোঁজনা
যিমান গাজে, তিমান নবৰষে ৷
1) Much cry and little wool. 2) Barking dog seldom bite.মেঘে যিমান জোৰে গাজে, সেই অনুপাতে বৰষুণ নহয় ৷ অৰ্থাৎ, বেছিকৈ কথা কোৱা মানুহৰ কৰ্ম কম হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
হাতীৰ গালৈ তৰাৰ ফৰ্মুটি
One cannot cause any harm to an elephant by throwing a small twig. Similarly, without appropriate efforts no problem can be solved.শক্তিবান হাতী এটাৰ গালৈ তৰা গছৰ ফৰ্মুটি মাৰি যেনেকৈ হাতীৰ কোনো ক্ষতি কৰিব নোৱাৰি, ঠিক সেইদৰে যথোপযুক্ত প্ৰচেষ্টা অবিহনে কোনো সমস্যা সমাধান কৰিব নোৱাৰি৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-11-05
Idiom ফকৰা-যোঁজনা
নতুন মুৱাজ্জিনে বিনা ৱক্তত (অসময়ত) আজান দিয়ে ৷
The muwazzin (the Azan Reciter) of mosque should recite the Azan on time of Namaaz, however a novice muwazzin starts reciting Azaan before time of Nammaz. This denotes, a novice always shows excessive restlessness in doing something.মুৱাজ্জিনে মছজিদত নমাজৰ সময় হলেহে আজান দিয়াৰ নিয়ম, কিন্তু নতুনকৈ আজান শিকা মুৱাজ্জিনে নমাজৰ ৱক্তৰ (সময়) কাৰণে অপেক্ষা নকৰি অসময়তে আজান দিবলৈ যাব বিচাৰে ৷ অৰ্থাৎ কোনো মানুহে নতুনকৈ কিবা কথা শিকি বা নতুনকৈ কিবা বাব লৈ ধৈৰ্য্যহীনতা প্ৰদৰ্শন কৰি অতিৰিক্ত তৎপৰতা দেখুৱায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-06-26
Idiom ফকৰা-যোঁজনা
হাতত নাই কণটো, বৰসবাহলৈ মনটো |
Aiming high without sufficient resources.হাতত ফুটাকড়ি এটাও নোহোৱাকে বৰ বৰ কামলৈ মন মেলা স্বভাৱ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা
দাঁত নাইকিয়াৰ দাঁত হ’ল, কামোৰ মাৰোঁতেই প্ৰাণ গ’ল৷
inability to enjoy something which has been acquired after a long aspirationবহু প্ৰত্যাশিত কোনো ফল লাভ কৰাৰ পাছত দুৰ্ভাগ্যবশতঃ শান্তিৰে ভোগ কৰিবলৈ নোপোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2015-02-08
Idiom ফকৰা-যোঁজনা
যমে নিলেও নিয়া, জোঁৱায়ে নিলেও নিয়া
passing off the responsibility to another, after marring off one`s daughter the responsibility of parents decreases.ছোৱালীৰ বিয়াৰ পাছত মাক দেউতাকৰ দায়িত্ব কমা, অৰ্থাত্ আনলৈ দায়িত্ব হস্তান্তৰ কৰা ৷ Contributed by: Barnali Deuri Bora on 2010-10-11
Idiom ফকৰা-যোঁজনা
মাছৰ তেলেৰে মাছ ভজা
To cheat somebody by flattering with resources taken from the victim himself.কাৰোবাৰ পৰা লোৱা সামগ্রীৰে তেওঁকে তোষামোদ কৰি ঠগী খোৱা Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-07
Idiom ফকৰা-যোঁজনা
তুলসীৰ লগত কলপটুৱাৰো মুক্তি
If are in good company it always helps. Being in comapny of good people will help you get the same kind of respect they earn from others.ভালৰ সঙ্গ পালে ভালেই হয় ৷ তুলসীক পবিত্ৰ মানা হয় ৷ পূজাৰ স্থানত তুলসীক কলপটুৱাত ৰখা হয় ৷ পবিত্ৰ তুলসীৰ বাবেই কলপটুৱাইয়ো পূজাত স্থান পায় ৷ Contributed by: Rupankar Mahanta on 2008-03-19
Idiom ফকৰা-যোঁজনা
শগুণৰ শাৱত বুঢ়া গৰু নমৰে
An event do not happen just by wishing it.কিবা এটা ভাবিলেই বা ইচ্ছা কৰিলেই হৈ নাযায় Contributed by: Rupankar Mahanta on 2008-03-19
Idiom ফকৰা-যোঁজনা
বাওনা হৈ চন্দ্ৰলৈ হাত মেলা
To try something impossible with one`s limited capabilityচুটি-চাপৰ মানুহে ওখত থকা বস্তু হাতেৰে ঢুকি নেপায়৷ এই যোজনাটোৰে অসম্ভৱ কামৰ হাবিয়াস কৰাৰ কথা বুজোৱা হয়৷ Contributed by: Hemanta Saikia on 2009-02-28
Idiom ফকৰা-যোঁজনা
নমহীয়া ছোৱালীৰ দহমহীয়া পেট, পৰপুৰুষৰে নাই ভেটাভেট ৷
An women who is wed for only nine months but is in the tenth month of pregnancy and yet claims to have come in touch of any men prior to marriage. This is used to refer an extreme lie.এটা অকট্য মিছা কথা বুজাৱলৈ এইষাৰ বাক্য ব্যৱহাৰ কৰা হয় ৷ বিয়াৰ আগতে পুৰুষৰ সংস্পৰ্শত নাহিলে বিয়াৰ নমাহতে দহমহীয়া গৰ্ভৱতী হব নোৱাৰে ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
স্থান হেৰালে মান হেৰায় ৷
If one changes his/her place of residence or working field, he/she has to lose social status and respect.নিজৰ থকা ঠাই অথবা কৰ্মক্ষেত্ৰ সলনি কৰিলে মানুহে সামাজিক প্ৰতিপত্তি আৰু মান-মৰ্য্যাদা হেৰুৱাব লগীয়া হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-01
Idiom ফকৰা-যোঁজনা
আমো নাই, ফৰ্মুটিও নাই
When a job is not completed on time and the person to whom the job has been given also not turning up.কোনো এটা কাম সময়মতে সমাধা নোহোৱা আৰু কামটোৰ দ্বায়িত্ব যাক দিয়া হৈছিল তেওঁ মুৰামুৰি সময়ত মূৰ পোলোকা দিয়া Contributed by: Barnali Deuri Bora on 2010-10-25
Idiom ফকৰা-যোঁজনা
দুই ম’হৰ যুজত বিৰিণাৰ মৰণ
\"When two buffaloes fight, the grass dies.\" Innocent common people have to face trouble due to the conflict between/among big people.বেলেগৰ ঝামেলাৰ মাজত নিৰীহৰ হাৰাশাস্তি হোৱা । Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা
কোনো মৰে ছালে-হাড়ে, কোনো মৰে মঙহ ভাৰে
Wealth and prosperity cannot ensure peace and happiness to anybody. One may die either due to starvation and mal-nutrition, or due to obesity.আৰ্থিক অনাটনৰ বাবে যেনেকৈ মানুহে নানান দুখ-কষ্ট ভোগ কৰিব লগা হয়, ঠিক তেনেকৈ প্ৰাচুৰ্য্যয়ো মানুহক সুখ-শান্তি আনি দিব নোৱাৰে ৷ কোনোৱে খাবলৈ নাপাই মৰাৰ বিপৰীতে আন কোনোবা আকৌ অত্যধিক ভোজন কৰাৰ ফলত মেদ-বহুলতাৰ বাবে মৃত্যু মুখত পৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-16
Idiom ফকৰা-যোঁজনা
সুবাৰী নষ্ট হয় মাজে ললে বাট। সুতিৰী নষ্ট হয় ঘনাই বুলিলে হাট।।
Those woman who roam in the market place may loose their character.বজাৰে-সমাৰে ঘূৰি ফুৰা তিৰোতাৰ স্বভাৱ নষ্ট হয়৷ Contributed by: biswadip gogoi on 2011-03-15
Idiom ফকৰা-যোঁজনা
নুছুই ডুমুনি তুলি দিলে বোজা, নপঢ়ি নুশুনি হ’ল ওজা
This proverb is meant ironically; in earlier times it was thought that it`s impossible for a person to place a load on the head of a lower caste women without being polluted by her. Similarly, it`s equally impossible for a person to be a `learned` man without reading books.মাছ বেছা-কিনা কৰা কৈৱৰ্ত্ত সম্প্ৰদায়ৰ লোক সকলক আগতে উচ্চ বৰ্ণৰ লোক সকলে অস্পৃশ্য বুলি গণ্য কৰিছিল, সেয়ে তেওঁলোকক স্পৰ্শ কৰিলেই অপবিত্ৰ হয় বুলি ধৰি লৈছিল ৷ অৰ্থাৎ অশুচি নোহোৱাকৈ ডুমুনি (কৈৱৰ্ত্ত মহিলা)ৰ বোজা ছোৱাটো যেনেকৈ অসম্ভৱ, তেনেকৈ নপঢ়া নুশুনাকৈ পণ্ডিত হোৱাও অসম্ভৱ ৷ Contributed by: Barnali Deuri Bora on 2010-11-19
Idiom ফকৰা-যোঁজনা
ঘোঁৰাতকৈ লেকামৰ দাম বেছি হোৱা ৷
To spend more money, labour, time etc. for accomplishing an associated task than for the main work.কোনো কাম কৰিবলৈ যাওঁতে মূল কামটোতকৈ আনুষংগিক কামত বেছি ধন, সময়, শ্ৰম আদি খৰচ কৰিবলগীয়া হোৱা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-30
Idiom ফকৰা-যোঁজনা
টান মাটিত মেকুৰীয়ে নেহাগে ৷
People seldom disturb the brave and powerful.মেকুৰীয়ে কোমল মাটিতহে মল ত্যাগ কৰে, কাৰণ তেনে কৰিলে মাটি খান্দিবলৈ উজু হয় আৰু সহজাতভাবে বিষ্ঠাবোৰ মাটিৰে ঢাকি থব পাৰে ৷ অৰ্থাৎ মানুহ ক্ষমতাশালী, নিৰ্ভীক, শক্তিশালী, খঙাল আৰু দৃঢ় সংকল্পৰ হ'লে, তেনে মানুহক আন মানুহে সমীহ কৰি চলে তথা অযথা আমনি নকৰে; আনহাতে নিৰ্জু প্ৰবৃত্তিৰ মানুহক আন মানুহে হকে-বিহকে আমনি কৰে বা তেঁওলোকৰ পৰা সুবিধা আদায় কৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-18
Idiom ফকৰা-যোঁজনা
ঔ বিচাৰোঁতে মৌ পোৱা৷
Sudden huge gain more than expectation.সামান্য কিবা আশা কৰি থাকোতে হঠাৎ অপৰিসীম সা-সুবিধা পোৱা৷ Contributed by: Sitaram Upadhyaya on 2015-06-28
Riddle সাথৰ
জলত জন্ম, স্থলত বাস মাকে চুলে হয় নাশ৷
Born in water, lives in earth. Disapperear when tauch by mother. Ans: Common salt.সেন বা নিমখ৷ সাগৰৰ পৰা আহৰণ কৰা হয়৷ পানীত পৰিলে গলি নোহোৱা হয়৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-11
Idiom ফকৰা-যোঁজনা
কুটৰ পো কুটি, লোকলৈ বুলি হুল পুতি, নিজে মৰে ফুটি ৷
A conspiracy always harms the conspirator.আনৰ অপকাৰ কৰিবলৈ ষড়যন্ত্ৰ কৰিলে, নিজেই সেই ষড়যন্ত্ৰৰ বলি হ`বলগীয়া হয়। Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-14
Idiom ফকৰা-যোঁজনা
নাচিব নেজানে চোতালখন হেৰেমগৰীয়া |
One who does not have potentiality to do something, but blames others for his inabilities.নিজৰ ব্যৰ্থতাৰ বাবে আনক জগৰীয়া কৰি দায় সাৰিব চেষ্টা কৰা Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা
অধিক বাঢ়ৈত গুৰ ধমনা হয়
When many people try to interfere in the work being done by a person, it unnecessarily jeopardizes the performance.এজনে কৰিব পৰা কাম এটাত কেইবাজনেও হেতা ওপৰা কৰিলে অনাহকতে কামত বেমেজালিয়ে দেখা দিয়ে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
নতুন মিতিৰৰ আঠা বেছি ৷
Usually a man keeps a very close connection to someone with whom he has recently developed relationship through marriage of his son or daughter.নতুনকৈ সম্বন্ধ পতা লোকৰ সৈতে সাধাৰণতে মানুহৰ আহ-যাহ বা হলি-গলি বেছি হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা
ভালত ভাল বেয়াত যম কাল
One can expect good manners in lieu of the good manners extended by oneself and vice versa.ভাল ব্যৱহাৰৰ বিনিময়ত সদায় ভাল ব্যৱহাৰ আৰু বেয়া ব্যৱহাৰৰ বিনিময়ত বেয়া ব্যৱহাৰ পোৱা যায়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা
এশ নিগনি মাৰি মেকুৰী হজলৈ যায় ৷
When a person does lot of ill deeds and then starts working for welfare of mankind, people make fun of him/her by using this proverb.অত্যধিক বেয়া কাম কৰাৰ পিছত যদি কোনো ব্যক্তিয়ে পুণ্যৰ কাম কৰিবলৈ আগবাঢ়ি আহে, তেনেহ\'লে এইদৰে কৈ সেই ব্যক্তিক ঠাট্টা কৰা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-04
Idiom ফকৰা-যোঁজনা
অজ্ঞানীক জ্ঞান দি মনত পালোঁ কষ্ট, কণীবোৰ ভঙাই পেলাই বাহো কৰিলোঁ নষ্ট |
The monkey is considered as a very stupid animal. Some birds advised the monkeys to build their home showing their own nests. But the monkeys thought that they were just insulted by the birds by giving this advice and so they broke their eggs and destroyed the nests. Through this proverb, it is said that one should not try to advise a fool, as he may take it otherwise and can cause harm in turn.বান্দৰ অতি মূৰ্খ প্ৰাণী | বৰষুণত তিতি-বুৰি জুপুৰি দিয়া বান্দৰবোৰক টোকোৰা চৰাইবিলাকে নিজৰ উদাহৰণ দেখুৱাই বাহ সাজিবলৈ উপদেশ দিছিল | কিন্তু মূৰ্খ বান্দৰবোৰে উপহাস কৰা বুলি ভাবি টোকোৰাৰ কণীবোৰো নষ্ট কৰিলে আৰু বাহবোৰো ভাঙিলে | ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে মূৰ্খবোৰক সজ উপদেশ দিবলৈ যাওঁতে কেতিয়াবা সিহঁতে ভুল বুজি উপদেশকাৰীৰহে অনিষ্ট সাধন কৰে | গতিকে মূৰ্খক উপদেশ দিয়াটো অৰ্থহীন | Contributed by: Biraj Kumar Kakati on 2008-03-28
Idiom ফকৰা-যোঁজনা
ৰাম ভাল ৰাম ভাল, ৰাম নহয় যম কাল
Some people are believed to be honest. But after knowing some of his indecent act, the faith on him goes way.কোনো লোকক কেতিয়াবা ভাল বুলি ভাবি থকা যায়। কিন্তু পাচত তেনে ব্যক্তিৰ কু-কৰ্ম ধৰা পৰিলে তেওঁৰ বিষয়ে থকা ধাৰণা সলনি হয়। Contributed by: Hemanta Saikia on 2009-02-28
Idiom ফকৰা-যোঁজনা
ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা খাব নোৱাৰি
It is easy to digest eatables with bitter taste, but it is very difficult to tolerate ill behave or misbehave.কোনো খাদ্য বস্তু তিতা হলে খাব পাৰি বা হজম কৰিব পাৰি, কিন্তু কটু মাত কথা সহ্য কৰিব নোৱাৰি। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-24
Idiom ফকৰা-যোঁজনা
লুইতেহে জানে ব`ঠা কিমানলৈ বয়
One who is bestowed with responsibility can know how difficult is to carry out responsibilities and an irresponsible person can never fathom the difficulties.লুইতৰ বুকুত নাৱৰীয়াই নাও বাওতে ব`ঠাখন যেনি তেনি বায় আৰু লুইতৰ গভীৰতাৰ উমান নাপায়। অর্থাৎ যাৰ মূৰত দায়িত্ব থাকে তেওঁহে জানে দায়িত্বভাৰ চলোৱা কিমান কঠিন, আনে ইয়াৰ উমান নাপায়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Idiom ফকৰা-যোঁজনা
ৰাজমন গজমন য’তেন ইচ্ছা ত’তে মন৷
A king and an elephant both are mighty creatures of this world. They do whatever they like. Similarly, a wealthy man leads the society so as to fulfil his own interest.ৰজা আৰু গজ অৰ্থাৎ হাতীক পৰম ক্ষমতা সম্পন্ন বুলি ভবা হয়, সেই বাবে ৰজা আৰু হাতীৰ যি ইচ্ছা তাকে কৰিব পাৰে৷ ঠিক তেনেদৰে সমাজত ধনৱন্ত লোকে নিজৰ ইচ্ছামতে সমাজত নিজৰ প্ৰ্ৰভাৱ বিস্তাৰ কৰি নিজ স্বাৰ্থ পূৰণ কৰে৷ Contributed by: Sitaram Upadhyaya on 2015-02-21
Idiom ফকৰা-যোঁজনা
দুখ নকৰিলে মুখ নভৰে ৷
One has to work relentlessly, if he wishes to succeed in life.সুখেৰে জীৱন কটাবলৈ আশা কৰিলে কষ্ট কৰি উপাৰ্জন কৰিব লাগে ৷ পৰিশ্ৰম নকৰিলে উন্নতি আশা কৰা মিছা ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা
চুকত থাকি বুকত কামোৰ মৰা
A very close or intimate person causing harm or showing enmityঅতি আপোন বা অন্তৰঙ্গ জনে অপকাৰ বা শত্ৰুতা কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-05
Phrase খণ্ডবাক্য
ছাঁতে শুকোৱা, মুঠিতে লুকোৱা
Very fine and light (cloth)অতি মিহি আৰু পাতল (কাপোৰ) Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-04
Idiom ফকৰা-যোঁজনা
খাহীৰ তেল বাঢ়ে মানে গিৰিহঁতলৈকে আয়
The outcome of a good work done by one can benefit his relations and associates.এজনে কৰা ভাল কামৰ ফল তেওঁৰ আত্মীয় তথা তেওঁৰ সৈতে জড়িত আন লোকেও ভোগ কৰিবলৈ পায় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
হাত কাজি নিজে কৰে, মুখ কাজি আনক বাহে
An efficient person does his own work by himself, but an inefficient one tries to get it done by others.কৰ্মপটু মানুহে নিজৰ কাম নিজে কৰিবলৈ ভাল পায়, কিন্ত অপটু মানুহে আনৰ হতুৱাই কৰাব খোজে ৷ Contributed by: Barnali Deuri Bora on 2010-10-28
Idiom ফকৰা-যোঁজনা
যাচি দিয়া সোণৰো মূল্য নাই ৷
Something offered without asking has no value, even if it is gold.কোনোবাই নোখোজাকৈ উপহাৰ দিয়া কোনো বস্তুৰে মূল্য নাই; তাক পাওঁতাজনে অনাদৰ কৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-02-06
Idiom ফকৰা-যোঁজনা
আপদৰ মাত, আকালৰ ভাত
In times of trouble, offering a word of comfort to someone, and in times of famine, providing a meal to a starving person brings immense relief. This is a very essential act, and it also earns merit.আপদ কালত মানুহৰ মাতষাৰ দিয়া আৰু আকালত পৰাজনক এসাঁজ খাবলৈ দিলেও বহুত সকাহ পায়৷ ই অতি আৱশ্যকীয় কথা আৰু ইয়াৰ পৰা পুণ্যও হয়৷ Contributed by: Bikram M Baruah on 2025-02-12
Idiom ফকৰা-যোঁজনা
চালনীয়ে বোলে বেজি ভাই তুমি কিয় ফুটা
A person who has lots of faults within himself accuses another who has lesser faults than himনিজৰ বহুতো দোষ থাকোতেও আনৰ এটা দোষকে দেখা Contributed by: Barnali Deuri Bora on 2010-10-27
Idiom ফকৰা-যোঁজনা
ঢৌতে খৰ মৰা
To accomplish an additional task in the process of performing oneএটা কাম কৰিবলৈ যাওঁতে সুবিধা পাই আন এটা কামো সিদ্ধ কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-12-15
Idiom ফকৰা-যোঁজনা
চৰণেহে জানে মৰণৰ ঠাই
Literally, "the legs know the location of death" ... meaning the future is unpredictable.মানুহৰ আহি থকা দিনবোৰ কেনে হব জানিব পৰা নাযায় ৷ Contributed by: apurba bhuyan on 2009-11-07
Phrase খণ্ডবাক্য
হোলাৰ ভাই মোলা
A very simple personহোলা মানে সৰল লোকক বুজোৱা হয়, তেওঁৰে ভায়েক মানে তেওঁৰ নিচিনাই, অৰ্থাৎ অতি সহজ সৰল লোক ৷ Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা
অসতীৰ লগত সতীৰো মতিভ্ৰম হয় ৷
Bad company may lead you astray.অসৎ সঙ্গই সকলোকে প্ৰভাৱিত কৰি আনকি সাধুৰ মনতো অসৎ প্ৰবৃত্তিৰ জন্ম দিব পাৰে ৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা
জনাৰ ভাত মাছ, নজনাৰ গলগ্ৰহ
A man needs necessary skills to do any work efficiently. What appears to be very easy for a skilled person, may be an impossible task for one who does not know how to do it.যিকোনো এটা কাম সুকলমে সমাধা কৰিবলৈ হ’লে জ্ঞানৰ প্ৰয়োজন | কামটো কৰাৰ কৌশল যি জানে তেওঁৰ কাৰণে ইয়াক সমাধা কৰাটো তেনেই সহজ কিন্তু যাৰ সেই বিষয়ে প্ৰয়োজনীয় জ্ঞানৰ অভাৱ, তেওঁৰ বাবে ই অতি কষ্টসাধ্য - এক জঞ্জালহে যেন | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-28
Idiom ফকৰা-যোঁজনা
কুমলীয়া আদা পায়, ভৰিৰে মোহাৰি খায় |
People try to exploit an innocent person.কাৰোবাৰ সহজ-সৰল স্বভাৱ দেখি ঠগি খোৱাৰ চেষ্টা কৰে | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা
তোমাৰ ঘৰৰে বাঁহ-গাঁজ আনি তাৰে কৰিলোঁ খৰিছা; তোমাতে বেচি ধান দোণ লৈছোঁ কথাটো মন কৰিছা?
Deceiving somebody by selling stuff owned by himself.কাৰোবাৰ পৰা অনা বস্তু পুনৰ গৰাকীকে বেচি ঠগী খোৱা স্বভাৱ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা
ওপৰলৈ থু মাৰিলে নিজৰ গাতে পৰে
While criticising others, one often exposes his own faults.আনক সমালোচনা কৰিবলৈ যাওঁতে সাধাৰণতে নিজৰ দোষ-ত্ৰুটিহে ধৰা পৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
মোহ বাঢ়িলে, ৰোহ বাঢ়ে ৷
When people become possessive to someone or something, a small fault may create more and more misunderstanding and annoyance.কোনো মানুহে আন মানুহ বা বস্তু আদিৰ প্ৰতি যেতিয়া বেছিকৈ মোহ কৰে, তেনেস্থলত সৰু-সুৰা ভুল-ক্ৰটি হ'লেই খং-অভিমান, মনোমালিন্য,ভুলবুজাবুজি আদি বেছিকৈ আহে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-07
Idiom ফকৰা-যোঁজনা
বিনা মেঘে বজ্ৰপাত
Encountering suddenly something unexpectedly bad without any proper prior hintকোনো আগজাননী অবিহনে কিবা অঘটন ঘটা Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-27
Idiom ফকৰা-যোঁজনা
তিনিশ ষাঠি জোপা ৰুবা কল, মাহেকে পষেকে চিকুণাবা তল; পাত, পচলা লাভত খাবা, লঙ্কাৰ বণিজ ঘৰতে পাবা ৷ আঠিয়াত গোবৰ, মনোহৰত জাবৰ; পুৰাত ছাই, মালভোগত খাই ৷
This proverbial saying depicts the benefit of banana cultivation and the care needed for it. If a cultivator plants 360 numbers of banana plants in his garden, in addition to making a good business out of it, he can also use its byproducts profitably.এই ডাকৰ বচনটোত কল খেতিৰ উপকাৰিতা আৰু ল’বলগীয়া যতনৰ কথা কোৱা হৈছে ৷ তিনিশ ষাঠি জোপা কল ৰোৱা খেতিয়কে আন বেপাৰ-বাণিজ্য নকৰাকৈ সম্পত্তিশালী হোৱাৰ উপৰি কলৰ পাত-পচলা আদি ব্যৱহাৰ কৰিও লাভান্বিত হ’ব পাৰে ৷ আঠিয়া কলৰ খেতিত গোবৰ, মনোহৰ কলত জাবৰ, পুৰা কলত ফুট-ছাই আৰু মালভোগত খলিহৈ প্ৰয়োগ কৰিলে ভাল ফল পোৱা যায় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-09
Idiom ফকৰা-যোঁজনা
চল পালে কুকুৰে গললৈ জাঁপ মাৰে ৷
Some people take undue advantage if given little indulgence.কিছুমান মানুহক অলপ লাই দিলেই মূৰৰ ওপৰত উঠিব খোজে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Riddle সাথৰ
এখনি মাৰলি দুখনি চাল নবন্ধাকৈ আছে সৰ্বতিকাল
The answer is:- banana leaf. The middle steam is considered as marali, a suppoting rod of a roof.উত্তৰ:- কলগছৰ পাত৷ মাজৰ শকত শিৰা দাল মাৰলি৷ কাষৰ দুই অংশ দুখন চাল৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-11
Idiom ফকৰা-যোঁজনা
আলহীলৈ বুলি হাঁহ মাৰি ঘৰে-ঘৰোৱাহে খায় ৷
To use something prepared or gathered for others to serve one's own purpose.আনক আপ্যায়িত কৰিবলৈ বা আনৰ কাৰণে গোটোৱা বস্তু নিজৰ কামত লগোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-17
Idiom ফকৰা-যোঁজনা
উদৰ সাত পুৰুষ গ’ল কেঁচা মাছ খাওঁতেই
The idiom is used as an insulting remark to someone who craves for avenues beyond his need and elligibility.নিজৰ অৰ্হতা অথবা প্ৰয়োজনতকৈ অধিক সা-সুবিধা উপভোগৰ আকাংক্ষা কৰোঁতা জনক ইতিকিং কৰাৰ অৰ্থত এই যোজনাটি ব্যৱহাৰ হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-21
Idiom ফকৰা-যোঁজনা
আয় কালত ব্যয় নাই, মৰণৰ কালত আহূদি নাই
In time of plenty you had very little means to spend and enjoy. But when you need it most, resources become scarce.আৰ্জনৰ উপায় থকা সময়ত বিষেশ ব্যয় নহয়, কিন্তু যেতিয়া নাতনি হয়, তেতিয়াহে প্ৰয়োজনো বাঢ়ে৷ Contributed by: Rupankar Mahanta on 2009-12-11
Idiom ফকৰা-যোঁজনা
আঁতুৰত নিয়ম নাস্তি ৷
Necessity knows no law.আঁতুৰত অৰ্থাৎ কঠিন পৰিস্থিতত পৰিলে মানুহে নিয়ম কানুন মানি চলাৰ থল নাথাকে, কাৰণ তেনে ক্ষেত্ৰত নিজৰ প্ৰাণ বচোৱাটোহে প্ৰথম কৰ্ত্তব্য হৈ পৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা
মূৰে ভৰি কঢ়া
to do something contrary to social ethos or to do some dangerous taskসামাজিক পৰম্পৰা বা বিধি নমনা, বিপদজনক কাম কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-30
Idiom ফকৰা-যোঁজনা
অকঁৰা মৈত উঠা |
Some people continuously engage themselves in some work in a useless manner, even after the expected work gets over.অকঁৰা মানুহ মৈত (হাল্-বোৱা মাটি সমান কৰিবলৈ ব্যৱহাৰ কৰা যতন) উঠিলে এক অদ্ভূত আনন্দ পাই নামিব নোখোজা হয় | সেইদৰে কোনো ব্যক্তিয়ে একেটা কামতে অপ্রয়োজনীয় ভাৱে লাগি থাকিলে এই ফকৰা ফাঁকি ব্যৱহাৰ কৰা হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-13
Idiom ফকৰা-যোঁজনা
ধান পকে মানে টুনিৰ মৰণ
One cannot wait indefinitely expecting some aspirations to be fulfilled in future.কোনো কাম ভৱিষ্যতে সিদ্ধি হোৱাৰ আশাত ৰৈ থাকিলে বিপদত পৰাৰহে সম্ভাৱনা থাকে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-19
Riddle সাথৰ
মাক জুটুলি পুতুলি পুতেক চোকা টেকেলা৷
Mother is untidy with uncombed hair. The son is very alert. Ans: chilly and its tree.জলকীয়া আৰু গছজোপা Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-11
Idiom ফকৰা-যোঁজনা
শিয়ালৰ কান্ধত মঙহৰ ভাৰ৷
Entrusting the duty of something to someone, who is greedy for the same.যাৰ যি বস্তুৰ প্ৰতি লিপ্সা বেছি তেনে লোকক সেই বস্তুৰ তদাৰক কৰিবলৈ দিয়া। Contributed by: Sitaram Upadhyaya on 2015-02-22
Idiom ফকৰা-যোঁজনা
বলে নোৱাৰা শিলক পৰি নমস্কাৰ ৷
It is always better to accept one's inability to perform a job that is beyond his capabilities.প্ৰবল ইচ্ছা থাকিলেও নিজৰ সামৰ্থ্যৰে কৰিব নোৱাৰা কামত হাত দি লাভ নাই, বৰঞ্চ নিজৰ অসমৰ্থতা স্বীকাৰ কৰি লোৱাই শ্ৰেয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-19
Idiom ফকৰা-যোঁজনা
ধাই মাক আঞ্জা-ভাত, আপোন মাৰ শুদা পাত ৷
To show favouratism to someone inappropriately and deprive some other from the good things that are deserved by the person concerned.ধাই মাতৃক বৰ মৰম দেখুৱাই ভাল ভাল আঞ্জাৰে ভাত খুৱাই, যদি আপোন মাতৃক শুদা ভাত দি বঞ্চিত কৰা হয় তেনেহ'লে দৃষ্টিকটুভাবে অনুচিত কাৰ্য হ'ব ৷ অৰ্থাৎ অযোগ্যক অনুচিতভাবে উদগনি, সহায়, মৰম আদি দিয়া আৰু যোগ্যক বঞ্চিত কৰা কাৰ্য ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা
মা গুণে জী, গাই গুণে ঘিঁ৷
A daughter is always influenced by the character of her mother and builds a similar character by imitating. Similarly, the quality of ghee is dependent on the quality of the breed of cow. In other words, the outcome of any work, incident, activity is always influenced by its ancestors, be it positive or negative.কোনো এক নাৰী মাকৰ গুণৰ দ্বাৰা বৰকৈ প্ৰভাৱিত হয় আৰু চাৰিত্ৰিকভাৱে মাকৰ দৰে হয়; একেদৰে গাই এজনীৰ গাখীৰৰ গুণৰ দ্বাৰা তাৰ পৰা তৈয়াৰ কৰা ঘিঁউৰ সোৱাদ নিৰ্ণিত হয়৷ অৰ্থাৎ কোনো কাম, পৰিঘটনা আদিৰ ফলাফল কৰ্ত্তাৰ উপৰিপুৰুষৰ গুণৰ ওপৰত নিৰ্ভৰ কৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা
হৰিণাৰ মাংসই বৈৰী
A deer gets killed for its meat. Similarly, one`s prized possession can be his biggest enemy.মাংসৰ সোৱাদৰ কাৰণে পহুক মৰা হয় ৷ তেনেদৰে কাৰোবাৰ ৰূপ বা সা-সম্পত্তিয়েই মৃত্যুৰ কাৰণ হ’ব পাৰে ৷ Contributed by: Rupankar Mahanta on 2008-03-13
Idiom ফকৰা-যোঁজনা
মুখ মেলিলেই গৰ্ভ দেখা পায় ৷
The mentality and intelligence of a person can be judged when we talk with him.এজন ব্যক্তিৰ লগত কথা পাতিলেই তেওঁৰ মানসিকতা আৰু জ্ঞানৰ আভাস পোৱা যায় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা
হয় গুৱাহাটী নহয় ৰঙামাটি ।
In do-or-die manner,desperately.মৰণপণ কৰি, প্ৰাণটাকি কৰা কাম । Contributed by: Anjali Sonowal on 2008-06-25
Idiom ফকৰা-যোঁজনা
ঈশ্বৰে কৰিলে লীলা, মানুহে কৰিলে কিলা ।
The transgressions of the great are winked at while those of the lowly are punished.ভগৱান শ্ৰীকৃষ্ণই লীলা কৰিলে দোষ ধৰোঁতা নাই । কিন্তু মানুহে একে কামকে কৰিলে অপৰাধ বুলি ধৰা হয় । অৰ্থাৎ উচ্চপদস্থ জনে অপৰাধ কৰিলেও ধৰোঁতা নাই । কিন্তু নিম্ন স্তৰৰ কোনোবাই সাধাৰণ অপৰাধ বা ভুল এটা কৰিলেই শাস্তি বিহা হয় । Contributed by: Anjali Sonowal on 2008-08-20
Idiom ফকৰা-যোঁজনা
অশ্বত্থামা হত ইতি গজঃ ৷
Ashwasthama is killed which is an elephant, or To use an equivocation or to have recourse to an ambiguity.মহাভাৰতৰ কাহিনীত শ্ৰীকৃষ্ণই গুৰু দ্ৰোণাচাৰ্য্যক (যাৰ পুত্ৰৰ নাম আছিল অশ্বত্থামা) এই খবৰ দি বিভ্ৰান্ত কৰিছিল, যাৰ অৰ্থ \'অশ্বত্থামাক হত্যা কৰা হৈছে, যিটো এটা হাতী\' ৷ অৰ্থাৎ মানুহক দুটা অৰ্থ থকা কথাৰে ভুল পথে চালিত কৰা কাৰ্য্য ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা
বুঢ়া শালিকাই মাত নলয় |
To start doing something in the later age of ones life while he could have done it long back.সময় থাকোতেই যদি কোনোৱে শিকিব লগা কিবা এটা নিশিকি ভাটি বয়সত শিকিবলৈ যায় তেন্তে এই ফকৰা ফাঁকি ব্যৱহাৰ কৰা হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Riddle সাথৰ
মাতিলে কুকুৰ, নেমাতিলে ঠাকুৰ।
One should attend the marriage parties, meetings etc with whole- hearted interest once he/she is invited or otherwise sitting at home is the best way to save reputation.নিমন্ত্রণ পালে বিয়া সবাহ আদিলৈ অতি আগ্রহেৰে যোৱাটোতে সন্মান, অথচ নিমন্ত্রণ নেপালে ঠাকুৰৰ দৰে ঘৰত বহি থকাটোহে উচিত। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-30
Idiom ফকৰা-যোঁজনা
গাখীৰতে ম’হৰ খুটি
Obtaining added advantages when one is flooded with prosperity.য’ত গাখীৰৰ অভাব নাই তাতে ম’হৰ খুটি পাতি দিলে,ম’হৰ খুটিৰ পৰা অধিক গাখীৰৰ যোগান আহিব। অর্থাৎ সুখৰ ওপৰত সুখ। Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Idiom ফকৰা-যোঁজনা
শুই থকা মানুহকহে জগাব পাৰি ৷
A person who is asleep can be awaken easily, but someone pretends as if he is sleeping, none can make him awake. Similarly, a stubborn person cannot be pursuaded on any matter even by offerring strong arguments.শুই থকা জনক সহজেই জগাব পাৰি, কিন্তু শোৱাৰ ভাও ধৰি পৰি থকা জনক কেতিয়াও জগাব নোৱাৰি ৷ তেনেদৰে, বুজিও নুবুজাৰ ভাও ধৰি থকা মানুহক হাজাৰটা যুক্তি দৰ্শাইও কোনো কথা মনাব নোৱাৰি ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-26
Idiom ফকৰা-যোঁজনা
সৰুৰ মুখত বৰ কথা
Telling or showing interest on something which is beyond one's capabilities.নিজৰ শক্তি-সামৰ্থ্যৰ কথা বিচাৰ নকৰি বলে-নোৱাৰা ধৰণৰ কামৰ প্ৰতি আগ্ৰহ দেখুওৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-04
Idiom ফকৰা-যোঁজনা
ধানটোৱে প্রতি কণটো, মানুহটোৱে প্রতি মনটো |
Every person has his own mindset .প্ৰত্যেক ব্যক্তিৰে চিন্তাধাৰা বেলেগ বেলেগ হয় |মানুহ মাত্রেই সকলোৰে ভাৱ, আৱেগ-অনুভূতি, সুখ-দুখৰ সংজ্ঞা ভিন্ন হোৱাটো স্বাভাৱিক | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা
আগফালে মাৰো দাং, পিছফালে ধোবাং বাং
A state of utter carelessness. You have secured the front entrance by properly locking it while forgeting to do the same with the back entrance and left it open. To protect yourself you need to safegurd you from threats that may come form all sides.ঘৰত থকা মানুহ আৰু বস্তুবোৰৰ সুৰক্ষা সম্ভৱ যদিহে আগফাল আৰু পিছফালৰ দুয়োখন দৰ্জা বন্ধ ৰখা হয় ৷ অৰ্থাৎ নিজকে বছাব হলে সকলোফালৰ পৰা সুৰক্ষিত কৰিব লাগিব ৷ Contributed by: Rupankar Mahanta on 2008-03-14
Idiom ফকৰা-যোঁজনা
আদাক দেখি উঠিল গা, কেতুঁৰিয়ে বোলে মোকো খা |
অথবা,
আক দেখি, তাক দেখি; কুকুৰে পালে একাদশী |
By looking at others performance, somebody shows pseudo enthusiasm thinking that even he can do the same. বেলেগক দেখি কাৰোবাৰ অনাহকতে গা উঠা স্বভাৱ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা
মানিলেই ধান নামানিলেই পতান
The judgement of a person is dependent on his mentality.মানুহৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াবা একোটা ক্ষেত্ৰত সিদ্ধান্ত বেলেগ বেলেগ হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা
আকাশৰ ফালে থু পেলালে নিজৰ মুখত পৰে ৷
Whoever spits against the wind spits against his own face.পৰিস্থিতি বুজি কথা নক`লে বা কাৰ্য্য নকৰিলে, সেই কথা বা কাৰ্য্যৰ কুফল নিজে ভুগিব লগীয়া হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা
শালকে মিৰিকাই হাঁহে
One having been guilty, to point fingers to the guilts of othersশাল মাছ (Channa marulius) আৰু মিৰিকা( Cirrihinus mrigala)মাছক সচৰাচৰ মানুহে খাবলৈ কম পছন্দ কৰে। কাৰণ মিৰিকা মাছত কাঁইট বেছি আৰু শাল মাছ দেখাত সাপৰ দৰে। সেয়ে এই মাছ দুটাই `মানুহে তোক নাখায়` বুলি কৈ এটাই আনটোক হাঁহে। অর্থাৎ নিজে দোষী হৈ আনৰ দোষ খুচৰি ফুৰা। Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Idiom ফকৰা-যোঁজনা
কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ; মাকৰ ঘৰত জীয়েক বাঢ়ে, পথাৰত বাঢ়ে ধান ৷
Stories are expanded when they traverse from person to person; cleaning ears can increase one`s listening power; while visiting mother`s home a married woman can enjoy full liberty, and the paddy grows luxuriantly in the cultivated field.মানুহৰ মুখ বাগৰি কথা বাঢ়ি গৈ থাকে; খৰকিয়াই কাণ চাফ কৰিলে শ্ৰৱণ শক্তি বাঢ়ে; মাকৰ ঘৰলৈ আহিলে বিবাহিত ছোৱালীয়ে মুক্ত মনেৰে থাকিব পাৰে, আৰু পথাৰত লহপহকৈ ধানখেতি বাঢ়ি আহে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-24
Idiom ফকৰা-যোঁজনা
পৰ যে পৰ বাটত পৰি পৰি মৰ
Kith and kins are always the best help during distress.আপোন মানুহৰ দৰে পৰে সহায় নকৰে, সেয়ে পৰৰ আশাত থাকি আপোন মানুহৰ লগ এৰিলে বাটত পৰি মৰিলেও কোনো চাওঁতা নাথাকে। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা
নকলেও নোৱাৰোঁ ফটা মুখ, ক’লেও লাগে ভকতৰ দোষ
To invite hatred from others by telling the truthমুখৰ আগত সত্য কথা কৈ আনৰ অপ্ৰিয়ভাজন হোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Phrase খণ্ডবাক্য
কাণ সৰালি মাৰ্
to pretend not to hearনুশুনা ভাও জোৰ্ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-04
Idiom ফকৰা-যোঁজনা
একে কাঠি কাঁড়ে সাতোটা সিংহক মাৰিলো লোকক নকলো লাজে, ছমাহ খাপ দি নিগনি এটা মাৰিলে তাতে ধনঞ্জয় ঢোল বাজে ৷
A person who exaggerates much and gives publicity about a trifleআহোম ৰজাৰ দিনত, ৰাজ্য বিজয়ৰ পাছত বিজয়োল্লাসৰ চিন হিচাবে ’ধনঞ্জয়’ ঢোল বজাইছিল ৷ অৰ্থাত্ সৰু কাম এটা কৰিয়েই গোটেইখন ঢোল পিটি ফুৰা ৷ Contributed by: Barnali Deuri Bora on 2010-11-15
Idiom ফকৰা-যোঁজনা
গুৰ কিনাৰত গচকিলেও অশুচি মাজত গচকিলেও অশুচি ৷
If someone treads on excreta or animal soil partially or entirely, the person's whole body becomes unclean and impure (unholy), similarly a person equally loses his/her prestige by indulging himself/herself in bad deeds may it be small or big.গু বা বিষ্ঠাত মানুহৰ ভৰি পৰিলেই গা অশুচি হয়, গচকা লাগিলে কিনাৰতে পৰক বা মাজতে পৰক বিষ্ঠাৰ সংস্পৰ্শই গা সমানেই অশুচি কৰে৷ একেদৰে বেয়া কৰ্ম বা কথাই, সি লাগিলে সৰুয়েই হওক বা ডাঙৰেই হওক, মানুহৰ মান-সন্মান সমানভাবে নষ্ট কৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-07
Idiom ফকৰা-যোঁজনা
গাত নাই ছাল বাকলি, মদ খাই তিন টেকেলি
Have very limited wherewithal, yet spend most of what he earns on bad habiits like drinkingহাতত পইচা-পাতি নাই, তথাপিও যিকণ ঘটে তাক মদ খোৱাৰ দৰে কু অভ্যাসত খৰচ কৰে Contributed by: Rupankar Mahanta on 2008-03-13
Idiom ফকৰা-যোঁজনা
মাছ মূৰৰ পৰাই গেলে ৷
Success of any work mostly depends on efficient leadership. When the leaders or those at the helm of affairs indulge in corruption and illegal acts, slowly it percolates down to all others.যিকোনো কামৰ সফলতা মূলতঃ সবল নেতৃত্বৰ ওপৰত নিৰ্ভৰ কৰে ৷ মুৰব্বী বা নেতাই যেতিয়া দুৰ্নীতি বা অনিয়মত লিপ্ত হয়, লাহে-লাহে ই বাকী সকললৈও প্ৰসাৰিত হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-06
Idiom ফকৰা-যোঁজনা
ঢোলৰ লগত টেমেকা
A mean adherent, follower or blind supporter; a sycophantডাঙৰ মানুহৰ লগত ঘূৰি ফুৰা বা ডাঙৰ মানুহৰ মতত হয়ভৰ দি ফুৰা সাধাৰণ মানুহ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা
হাইঠা মাটিত পৰা
Green pigeons live on tall plants and generally do not come down easily. Hence these birds sitting on the ground means an unbelievable proposition. This proverb is generally used to indicate a happening of an unusual nature.হাইঠা চৰাই সাধাৰণতে ওখ গছত জাক পাতি থাকে আৰু সাধাৰণতে মাটিলৈ নানামে | গতিকে হাইঠা মাটিত পৰাটো এটা অবিশ্বাস্য ধৰণৰ ঘটনা | সৰ্বসাধাৰণতে নোহোৱা ধৰণৰ ঘটনা এটা হোৱা বুজাবলৈ এই পটন্তৰটো ব্যৱহাৰ কৰা হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা
উত্তৰে গাজিলে মাৰিবা লৰ, দক্ষিণে গাজিলে জানিবা খৰ। পূৱে গাজিলে থাকিবা শুই, পশ্চিমে গাজিলে নুমাবা জুই ৷
This proverb depicts weather conditons and what action one should take. If the sky is opening up in the north, then one should run back home as rain is evident. If sky has opened up in the south, then you can relax. Similarly, if it is in the east, it is going to last for days. If it is happening in the west, then a thunderstorm is likely occur and therefore one should put out open fires.উত্তৰ ফালে মেঘে গাজিলে বৰষুণ হোৱাটো খাটাং, গতিকে ঘৰলৈ লৰ মাৰিব লাগে ৷ দক্ষিণে গাজিলে সাধাৰণতে বৰষুণ নহয়, গতিকে নিশ্চিন্তমনে থাকিব পাৰি ৷ ঠিক তেনেকৈ, পূব দিশত মেঘে গাজিলে কেইবাদিনো নেৰানেপেৰাকৈ বৰষুণ হোৱাৰ আৰু পশ্চিমে গাজিলে ধুমুহা অহাৰ সম্ভাৱনা থাকে ৷ Contributed by: Rupankar Mahanta on 2009-12-11
Idiom ফকৰা-যোঁজনা
আতুৰত নিয়ম নাই
In distress, one need to disobey rules.বিপদত পৰা নিস্তাৰ পাবলৈ কেতিয়াবা নিয়ম-কাৰণ অমান্য কৰিব লগে৷ Contributed by: Bikram M Baruah on 2025-01-27
Idiom ফকৰা-যোঁজনা
বোকাতহে পদুম ফুলে ৷
Like the lotus blooming on marshy land, an intelligent or good child can be born even in a very poor or downtrodden family.পদুম ফুল বোকাত ফুলাৰ নিচিনাকৈ দুখীয়া বা অৱহেলিত লোকৰ ঘৰতে জ্ঞানী বা সুসন্তানৰ জন্ম হ’ব পাৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
কুকুৰ বুঢ়া হ’লে ফাপৰে ধৰে, মানুহ বুঢ়া হ’লে পৰকিতি লৰে ৷
Dogs suffer from alopecia and become hairless when become old. On the other hand, some people lose their character at the old age.বুঢ়া হ’লে কুকুৰৰ গাৰ নোম সৰি ফপৰা হয় ৷ আনহাতে কিছুমান মানুহৰ বয়স হ’লে প্ৰকৃতি লৰে অৰ্থাত্ স্বভাৱ বেয়া হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা
ধুই গা যিমান দিন যাব, নুধুই গা সিমান দিনেই যাব ৷
When the final fate of something is predictable or known, there is no meaning in wasting time and energy for it.যি কামৰ পৰিণতি নিশ্চিত, তাত অনাহকত বেছি পৰিশ্ৰম কৰি লাভ নাই ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-11
Idiom ফকৰা-যোঁজনা
মাটিত থ'লে পৰুৱাই খায়, মূৰত থ'লে ওকণিয়ে খায় |
To take care of someones beloved with utmost delicacy.বৰ আলসুৱাকৈ কাৰোবাক আপদাল কৰা |হায়ৈ-বিয়ৈকৈ ক'ত থ'ম কি কৰিম অৱস্থা | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-26
মৰে উৰুলিপুঙা, মৰে পদুলিশুঙা, মৰে অলপ পানীৰ মাছ ।
Unsteady or frickle-minded people always suffer due to their nature. Similarly, those who indulge in gossiping and roaming around from place to place without any purpose and those with little knowledge also have the same fate.অস্থিৰ বা থিতাপি নোহোৱা মানুহ নিজৰ স্বভাৱৰ কাৰণেই সদায় বিপদত পৰে ৷ ঠিক তেনেদৰে আনৰ ঘৰে ঘৰে কথাৰ মহলা মাৰি অনাহকত ঘূৰি ফুৰা আৰু অল্পজ্ঞানী লোকৰো একে দশা হয় ৷ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2010-02-22
Riddle সাথৰ
ঘৰৰ পিঠা মাটি, চুবুৰীয়াৰ পিঠা মিঠাই ৷
One cannot understand the value of valuable item when it is easily achievable, but he/she realizes well the value of material when it is difficult to achieve, even if it is worthless.ঘৰত বনোৱা সুখাদ্য সাধাৰণতে খাবলৈ ভাল নেলাগে, আনহাতে প্ৰতিবেশীৰ ঘৰত বনোৱা অখাদ্যও সু্স্বাদু মিঠাইৰ দৰে লাগে ৷ অৰ্থাৎ মানুহে অনায়াসে পোৱা মূল্যৱান বস্তুৰ মূল্য বুজি নেপায়, কিন্তু কষ্টেৰে পোৱা বস্তু সস্তা হ\'লেও তাৰ মূল্য অধিক বুলি অনুভৱ কৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-11-18
Idiom ফকৰা-যোঁজনা
কুমলীয়া বেতহে পোনাব পাৰি ৷
A child can be molded easily to adopt certain skills.কুমলীয়া বেতক সহজে পোন কৰিব বা ইচ্ছামতে ভাঁজ দিব পাৰি ৷ ঠিক সেইদৰে কম-বয়সীয়া ল’ৰা-ছোৱালীক সহজে কোনো বিদ্যা শিকাই ল’ব পাৰি ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-13
Idiom ফকৰা-যোঁজনা
বামুণে চিন্তে ভালক, বহুৱাই চিন্তে কালক |
To ignore or refuse to accept help or support from others.আনৰ পৰা উপকাৰ বা সহায় ল’বলৈ অথবা আনৰ সজ পৰামৰ্শ গ্ৰহণ কৰিবলৈ অস্বীকাৰ বা উপেক্ষা কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-09
Idiom ফকৰা-যোঁজনা
সেই ৰামো নাই, সেই অযোধ্যাও নাই
Time has changed. Gone are the good old days.সময় সলনি হ’ল ৷ দিন-কালো বেয়া হ’ল ৷ বৰ্তমানৰ সমাজ বা সময় আগৰ দৰে ভাল নহয় ৷ Contributed by: Rupankar Mahanta on 2008-09-04
Idiom ফকৰা-যোঁজনা
ঋণ কৰি সাঁচে, অলক্ষীয়ে মূৰত নাচে ৷
A loanee should not plan to save.যি মানুহে ঋণ লৈ সঞ্চয় কৰিব খোজে, তেনে মানুহৰ উন্নতি নহয়; কাৰণ তেনে মানুহ কেতিয়াও আৰ্থিকভাৱে স্বচ্ছল হ`ব নোৱাৰে। Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-09
Phrase খণ্ডবাক্য
মাণিকী-মাকৰ কঁৰীয়া
a very beautiful person or thingঅতি শুৱনি ব্যক্তি বা বস্তু Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-25
Idiom ফকৰা-যোঁজনা
এবাৰ গোহালি পোৰা গৰুৰ সেন্দূৰীয়া মেঘলৈকো ভয়
Once a person is frightened by something he/she becomes cautious to similar actions/incidents.মানুহে এবাৰ কিবা কাৰণত ভয় খালে, অনুৰূপ কাৰণ অথবা ঘটনা দেখিলে আতঙ্কিত হয়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-11-05
Riddle সাথৰ
হাতীৰ দাঁত দেখুৱাবলৈ কিছুমান থাকে আৰু চোবাবলৈ আন কিছুমান থাকে ৷
Fifth columnist/ showing double standard.যেতিয়া মানুহে লোকক দেখুৱাবলৈ একধৰণৰ কৰ্ম কৰে আৰু নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অন্য ধৰণৰ কৰ্ম কৰে, তেনে অৰ্থত প্ৰয়োগ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
জৰু, গৰু, ধান ৰাখা তিনি বিদ্যমান ৷
Be mindful of your wife, kine and paddy for prosperity.জৰু অৰ্থাৎ ঘৰৰ স্ত্ৰী, গৰু আৰু ধান এই তিনিবিধৰ প্ৰতি সদায় সংবেদনশীল আৰু যত্নবান হোৱা উচিত, তেহে শান্তি আৰু উন্নতি হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা
মাছে বোলে মাতে, পানীয়ে দুই কোৱাৰি ভেটে।
It depicts a condition when one has enough to speak but cannot because of the prevailing circumstances.কোনো কথা কোৱাৰ উপযুক্ত যুক্তি থকাৰ পিছতো পাৰিপাৰ্শ্বিক পৰিৱেশৰ বাবে ক`ব নোৱাৰা অৱস্থা। Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা
ঘনাই খুটিলে টিঙৰাও মাছ
The expertise of a person increases even when a small task is done repeatedly.টিঙৰা সৰু মাছ হ’লেও, সৰহকৈ পালে তাৰেই এখালৈ হয়, দেখাত সৰু যেন লাগিলেও বাৰে বাৰে একেটা কামকে কৰি থাকিলে পিছলৈ সিয়েই মানুহৰ উপকাৰত আহে ৷ Contributed by: Barnali Deuri Bora on 2010-10-28
Idiom ফকৰা-যোঁজনা
হলা গছত বাগি কুঠাৰ মৰা ।
Literal Meaning: To strike an inclined tree with an axe. Real meaning: To attack a person when when he is in helpless situation.বাগি কুঠাৰ মৰা মানে কোনো বস্তুৰ চাৰিও বাগে বা ফালে কুঠাৰেৰে আঘাত কৰা । হলা গছত বাগি কুঠাৰ মৰা কথাফাঁকিৰ অর্থ হ'ল- বিপদত পৰা অসহায় মানুহক আক্রমণ কৰা । Contributed by: Prasenjit Khanikar on 2008-02-28
Idiom ফকৰা-যোঁজনা
যেনে কৰ্ম, তেনে ফল
As he sows, so he reapsযি যেনে কাম কৰে, ভবিষ্যতত তাৰ ফল ভোগ কৰিবলগা হয় Contributed by: Barnali Deuri Bora on 2010-10-14
Idiom ফকৰা-যোঁজনা
ঢাপলি মেল ৷
To start a journey in certain direction with strong will or force.কোনো নিদিৰ্ষ্ট দিশত জোৰেৰে আগবাঢ়ি যা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা
হাতৰ কুঠাৰ ভৰিত মাৰ
To invite trouble through one`s own actions.নিজে নিজৰ অনিষ্ট কৰা বা অঘটন ঘটাই নিজৰ বিপদ চপাই লোৱা Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-13
Idiom ফকৰা-যোঁজনা
শালকে শিঙিয়ে হাঁহে; তয়ো এসাজী, ময়ো এসাজী, ভালেতো গৰাকী নাহে ৷
One, who himself is in distress, should not ridicule another ill-fated person.শাল আৰু শিঙি দুয়োবিধ মাছ সাধাৰণতে মানুহে নাখায় আৰু সেইবাবে দুয়োবিধেই কামত নহা মাছ ৷ গতিকে শালক শিঙিয়ে হঁহাৰ নিচিনাকৈ দুৰৱস্থাৰ সন্মুখীন হোৱা মানুহ এজনে আন এজন দুৰ্গতক উপলুঙা কৰা অনুচিত ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-21
Idiom ফকৰা-যোঁজনা
ঐৰাৱতো নিমাখিত হয় কাণত সোমোৱা পৰুৱাৰ ওচৰত ৷
Ant is a very small insect and its existence is negligible in front of an elephant. However, if an ant enters the ear of an elephant, this small creature makes the elephant to feel its existence giving much trouble to it. Thus, a small creature, if neglected, may pause much bigger problem.ঐৰাৱত বা হাতীৰ সমুখত পৰুৱা আকাৰত তেনেই নগণ্য প্ৰাণী, কিন্তু হাতীৰ কাণৰ ভিতৰত সোমালে সেই পৰুৱায়ো হাতীক অতিকৈ কষ্ট দিব পাৰে ৷ সেয়ে এই ফকৰাৰ সন্নিৱিষ্ট অৰ্থ হ`ল যে অসতৰ্ক হ`লে কোনো তুচ্ছ বস্তু বা প্ৰাণীয়েও মানুহক মহাবিপদত পেলাব পাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-24
Idiom ফকৰা-যোঁজনা
ভঁৰালত নাই কণটো, বৰসবাহলৈ মনটো
Aspiring something big with limited resources.সীমিত সম্পদৰ গৰাকী হোৱা সত্ত্বেও মনত ডাঙৰ আকাংক্ষা পুহি ৰখা Contributed by: shekhar borah on 2009-01-14
Idiom ফকৰা-যোঁজনা
বাল ছিঙোতে মহা মৰিল, মই বোলো মহা ৰণত হে পৰিল ৷
Exaggerating a small matter out of proportion.সৰু কথা এটাকে সজাই পৰাই বহুত ডাঙৰ কৰা ৷ Contributed by: Barnali Deuri Bora on 2010-11-19
Idiom ফকৰা-যোঁজনা
তপত ভাতে মুখ পোৰে ৷
Too much fuss or impatient reciprocation leads to harmful results.কোনো কাম কৰোঁতে বা কোনো কথাৰ প্ৰতিক্ৰিয়া দেখুৱাওঁতে মানুহে যদি বৰকৈ ধৈৰ্যহীনতা বা সংযমহীনতা প্ৰদৰ্শন কৰি অহেতুক লৰা-ঢপৰা কৰা হয়, তেনেহ’লে তাৰ ফলাফল ওলোটা বা ক্ষতিকাৰক হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-13
Idiom ফকৰা-যোঁজনা
চৰাই মৰে ৰৈ, মানুহ মৰে কৈ
Birds are shot by a hunter when they sit idle on the branches of tree, similarly a person may invite problems by speaking something without much thought. or Think before you lip.চৰাই গছত বহি থাকোঁতেহে চিকাৰীয়ে গুলিয়াই মাৰিব পাৰে; ঠিক তেনেদৰে মানুহে কথা কৈহে বিপদত পৰে। অৰ্থাৎ মানুহে নভবা নিচিন্তাকৈ নক`বলগীয়া কথা কৈ দিলে বিপদত পৰিব লগা হয়। Contributed by: Dr. Armaan U. Muzaddadi on 2012-12-01
Idiom ফকৰা-যোঁজনা
লোভেই পাপ, পাপেই মৃত্যু |
Too much greediness is bad, sometimes it can lead to someones death .বেছিকৈ লোভ কৰা বেয়া স্বভাৱ | কেতিয়াবা বেছিকৈ লোভ কৰিলে মৃত্যু পৰ্য্যন্ত হ'ব পাৰে | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা
সতিনীৰ আছে হৃষ্ট-পুষ্ট এটা, মোৰ আছে ক্ষীণ-মীন পাঁচটা ৷
A co-wife loughs at another co-wife's single child saying 'single but very healthy' and she covers her own guilt even if she has five children saying 'My children are unhealthy and weak may them be five in number'. So, this saying expresses the human character that always has the tendency to exaggerate others guilt or wealth and to show one's own guilt or wealth as very little or negligible.এক সতিনীৰ সন্তান এটা হ'লেও, আন সতিনীয়ে হৃষ্ট-পুষ্ট বুলি কৈ ইতিকিং বা ইৰ্ষা কৰে আৰু নিজৰ সন্তান পাঁচটা হ'লেও ক্ষীণ-মীন বুলি কৈ নিজৰ দোষ ঢাকিব খোজে ৷ অৰ্থাৎ নিজৰ দোষ ঢাকি আনৰ দোষ বঢ়াই কোৱা স্বভাৱ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-14
Idiom ফকৰা-যোঁজনা
শুবৰ বেলিকা কুকুৰৰ পায়ুতে মুখখন ৷
Irrespective of its breed, a dog always keeps its mouth nearer to his anus while sleeping. Similarly, even if an evil man tries to cover up his character, ultimately he gets exposed through his misdeeds.কুকুৰে শোওঁতে সদায় শৰীৰত এনে এটা ভাঁজ দিয়ে যে তাৰ মুখখন পায়ু বা মল্বদ্বাৰৰ ওচৰত থাকে, তেহেলৈ সি যি জাতৰে কুকুৰ নহওক ৷ ঠিক সেইদৰে, অসত্ লোকে যিমানেই লুকুৱাবলৈ চেষ্টা নকৰক, সময়ত প্ৰকৃত চৰিত্ৰ তেওঁৰ কাৰ্য্যকলাপৰ যোগেদি প্ৰকাশ পায় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
Idiom ফকৰা-যোঁজনা
নাও বুৰিলেও/ডুবিলেও টিঙৰ পৰা ননমা।
People who never gets rid of their boast even in the time of great danger.যিমানেই যি নহওক, কোনো পৰিস্থিতিতে সৰু নোহোৱা মতগৰ্বী স্বভাৱ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা
জোৰ যাৰ মুলুক তাৰ ৷
to achieve the goal with force.বলেৰে কাম আদায় কৰা ৷ Contributed by: Parikhit Baruah on 2008-11-30
Idiom ফকৰা-যোঁজনা
এৰা ধৰাৰ মাজত
To overlook small mistakes, annoyances etc.সৰু-সুৰা ভুল, খং-অভিমান আদিক আওকাণ কৰি আগবাঢ়ি যোৱা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-08-01
Idiom ফকৰা-যোঁজনা
গুমৰ ফাঁক হোৱা
Exposure of something being kept as a secret for long.গুপুত ৰহস্য ফাদিল হোৱা বা লুকাই থোৱা গোপন কথা সকলোৱে জনা-জনি হোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
Idiom ফকৰা-যোঁজনা
নাই মোমাইতকৈ কণা মোমায়েই ভাল ।
One should be satisfied for something, even if it is not as good, much, etc. as he really wanted. English sayings: - Something is better than nothing. - Half a loaf is better than no bread.কেতিয়াবা ভাল গুণৰ বা ভাল পৰিমাণৰ বস্তু নাপালেও যি অলপ পোৱা হয় সেইখিনিতে সন্তুষ্ট থাকিব লাগে । Contributed by: Prasenjit Khanikar on 2008-02-25
Idiom ফকৰা-যোঁজনা
মেলিলে মন ঘোঁৰাৰ চুটি, বান্ধিলে মন শিলৰ খুটি ৷
If someone cannot control his mind, his aspirations know no bounds. On the other hand, a determined person never deviates from his path, come what may.নিজৰ মন বান্ধি ৰাখিব নোৱাৰিলে হাবিয়াস বাঢ়ি গৈ থাকে ৷ আনহাতে যি দৃঢ়-সংকল্প, তেওঁৰ মন শিলৰ খুটিৰ দৰে; কোনো কথাই তেওঁক লৰাব নোৱাৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-02
Idiom ফকৰা-যোঁজনা
ফাল কাটোঁতেই মাহৰ বতৰ গ`ল৷
Every task has to be accomplished at the appropriate time. If we neglect or delay in doing it in time, we cannot expect to achieve the desired goal.কাঠ কাটি নাঙলৰ ফাল তৈয়াৰ কৰি থাকোঁতেই যদি বহুদিন লগোৱা হয়, তেন্তে মাহৰ খেতি কৰাৰ বতৰ উকলি যাব৷ অৰ্থাৎ সময়ৰ কাম সময়ত নকৰি এলাহ বা অৱহেলা কৰিলে ঈপ্সিত ফল পাব নোৱাৰি৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-10-28
Idiom ফকৰা-যোঁজনা
মাতিলে ৰণলৈকো যাবা, নামাতিলে ভোজলৈকো নাযাবা ৷
If you are invited, then do not dither to go even to a war. You will be able to do so with your head high. But if you are not invited yet you could not stop from attending a feast, you will be seen as a person without any self-respect, like a beggar.আমন্ত্ৰণ জনালে ৰণলৈও যাবলৈ সংকোচ কৰিব নালাগে, কিয়নো এনে কৰিলে সন্মান পোৱা যায়৷ কিন্তু নামাতিলে ভোজ-ভাত খাবলৈও যাব নালাগে, কিয়নো এনে কৰিলে আত্ম-সন্মান হানি হ’ব পাৰে৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
ওকণি খেদিবলৈ মূৰ কাটিব নোৱাৰি ৷
We cannot spend million dollars to solve a problem of penny.মূৰত ওকণি হ\'লে তাক নিৰ্মূল কৰিবলৈ মূৰটোকে কাটি পেলোৱাটো কেতিয়াও এক উপায় হ\'ব নোৱাৰে ৷ সেয়েহে সৰু-সুৰা সমস্যা সমাধান কৰিবলৈ ডাঙৰ মূল্য ভৰিবলগীয়া হ\'লে এনেদৰে কোৱা হয়৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-22
Idiom ফকৰা-যোঁজনা
খাই মৰে মানুহ, নেখাই মৰে কম ৷
Excessive eating makes men disease prone and die early, while little eating reduces susceptibility to disease and men live longer.মানুহে বিভিন্ন পথ্য-অপথ্য বেছিকৈ খাই বেমাৰ বঢ়াই লয় আৰু আয়ু টুটি মৰে, সেই অনুপাতে কমকৈ খোৱা মানুহৰ বেমাৰাদি কম হয়, এতেকে ৰোগ-বেমাৰত অকাল মৃত্যু হোৱাৰ আশংকা কম থাকে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা
হাতীয়ে খায় যিমান লাদেও সিমান ৷
One who earns more expends more.হাতীৰ দৈনিক খাদ্যৰ পৰিমাণ যেনেদৰে বেছি, সেই অনুপাতে ত্যাগ কৰা মলৰ পৰিমাণো বেছি ৷ অৰ্থাৎ যি মানুহৰ ধনৰ আমদানি বেছি হয়, সেই অনুপাতে সেই ব্যক্তিৰ খৰছো বেছিকৈ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
কাণৰ কণামাকৰি সৰোৱা
to make someone annoyed by repeatedly telling the same thingবাৰে-বাৰে একেটা কথাকে কৈ অতিষ্ঠ কৰি তোলা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-09-13
Phrase খণ্ডবাক্য
বেঙে মূতা গৰু
a frightened and perplexed manভয়ত অস্থিৰ হোৱা মানুহ (বেঙৰ মূত গৰুৰ গাত পৰিলে গৰুটো কঁপি-জঁপি অস্থিৰ হৈ মাটিত পৰি যায় বুলি জনবিশ্বাস প্ৰচলিত আছে ৷) Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-06-25
Idiom ফকৰা-যোঁজনা
চিকা মাৰি হাত গোন্ধোৱা ৷
Do not indulge yourself something lowly that will tarnish your image. Why would you take the blame of killing just a rat ? If you have to do it than do it in way that makes impact.চিকাৰ দৰে সৰু প্ৰাণী মাৰিলে বীৰত্ব ফুটি নুঠে ৷ তেনেদৰে সৰু মানুহৰ লগত কাজিয়া কৰিলে বদনামহে বেছি হয় ৷ কিবা যদি কৰিব খোজা তেনেহলে ডাঙৰ কাম কৰিবা ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
তুমি ডালে ডালে, মই পাতে পাতে
A person who claims that he is more clever than the other who is trying to oversmart him.নিজে আনতকৈ বেচি শিয়ান বুজাবলৈ ব্যৱহাৰ হয় ৷ Contributed by: Barnali Deuri Bora on 2010-10-28
Idiom ফকৰা-যোঁজনা
জোকৰ মুখত চূণ পৰা
To receive appropriate punishment by someone having evil motive in thinking or workঅসত্ চিন্তা বা অসত্ কাম কৰোঁতাই উপযুক্ত শাস্তি পোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-14
Riddle সাথৰ
পাৰিব নোৱৰা আম টেঙা৷
The grapes are sour.আম গছৰ পৰা যদি আম পাৰিব নোৱৰা হয়, তেনেহ\'লে সেই আম টেঙা বুলি কৈ সান্ত্বনা লোৱা হয় ৷ অৰ্থাৎ মানুহে অৰ্জন বা হস্তগত কৰিব নোৱৰা বস্তু, খ্যাতি, ক্ষমতা আদিক অপবাদ দি বা বদনাম কৰি নিজে সান্ত্বনা লোৱা অথবা আনকো সেইমতে পতিয়ন নিয়াবলৈ কৰা চেষ্টাক বুজায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-14
Idiom ফকৰা-যোঁজনা
চোৰৰ মন পুলিচ পুলিচ
After committing mistakes, faults, or crimes a person's mind always remains under fear to be caught and he/she observes everything surrounding him with doubt.অপৰাধ, কুকর্ম বা দোষ কৰাৰ পাছত ব্যক্তিবিশেষৰ মন ধৰা পৰাৰ ভয়ত সদায় আতংকিত হৈ থাকে। সেয়ে নিজ দোষৰ লগত সামঞ্জস্য নাথাকিলেও য’তে ত’তে ভয়ৰ কাৰণ দেখা পায় । Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা
যথা দয়া তথা ধৰ্ম, যথা লোভ তথা পাপ; যথা ক্ৰোধ তথা নাশ, যথা ক্ষমা তথা আপ ৷
Where there is no kindness, there is no religion; if there is lust, there will prevail sin; where there is anger, it will followদয়া নাথাকিলে ধৰ্ম নহয়, লোভ-লিপ্সা বাঢ়িলে পাপ কৰ্ম বাঢ়ে, খঙৰ দ্বাৰা বিনাশ হয় আৰু ক্ষমাৰ জৰিয়তে কোনো ব্যক্তিয়ে আপ বা আপোনাক/নিজক মানুহৰ মনত প্ৰতিষ্ঠা কৰিব পাৰে আৰু নিজৰ অস্তিত্ব যুগমীয়া কৰিব পাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-12-16
Idiom ফকৰা-যোঁজনা
মই কৰোঁ জী জী, জীয়ে কৰে পৈ পৈ ৷
If someone ignores the love and affection from near and dear and cares for some other person, this phrase is used.মাকে জীয়েকৰ মৰমত যিমান যি নকৰক লাগে, জীয়েকে মাকতকৈ বেছি নিজৰ পৈ/ প্ৰেমিক বা পতীকহে বেছিকৈ প্ৰাধান্য দিয়ে ৷ অৰ্থাৎ কোনো ব্যক্তিয়ে যদি আপোন মানুহৰ মৰম-স্নেহ অগ্ৰহ্য কৰি আন কোনো ব্যক্তিক প্ৰাধান্য দিয়ে তেনে ক্ষেত্ৰত প্ৰজোয্য হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-12
Idiom ফকৰা-যোঁজনা
কালৰো কাল বিপৰীত (বা বিষম) কাল, হৰিণাই চেলেকে বাঘৰ গাল |
Tiger and deer have prey predator relationship. Its almost rare to see a deer to leak the face of a tiger. With this proverb it has been tried to explain the commence of some totally unbelievable events.বাঘ আৰু হৰিণ একেলগে থকাৰ দৰে নাভুত নাশ্রূত অসম্ভৱ ঘটনা ঘটা | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-14
Idiom ফকৰা-যোঁজনা
চেনেহৰ চুমাই নাকটি ছিঙিলে ৷
Something done by a well-wisher may also sometimes bring in unexpected sufferings.কেতিয়াবা হিতে-বিপৰীত হৈ কোনোবাই মৰমতে ভাললৈ বুলি কৰা কামৰো অশুভ ফল হ’ব পাৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা
শুনা কথালৈ নিদিবা কাণ, দেখিলেও ল’বা তিনিটা প্ৰমাণ |
One should not trust rumours. Even if something is seen by ownself, it should be examined properly so that there is no scope for misinterpretation.কাণ বাগৰি অহা কথা অৰ্থাত্ গুজৱক কেতিয়াও গুৰুত্ব দিব নালাগে | নিজে দেখা কথাটোও আনকি ভালকৈ গমি-পিতি চাইহে বিশ্বাস কৰিব লাগে, কাৰণ বহু সময়ত ভুল বুজাৰ অৱকাশ থাকে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
নাঁৱৰীয়া পোৱালীহে নাঁৱত টোকৰ মাৰিলেই গম পাওঁ
To understand one's own profession.নিজৰ বৃত্তিক খুব ভালদৰে বুজি পোৱা৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-11
Idiom ফকৰা-যোঁজনা
লাগি থাকিলে মাগি খাব নালাগে ৷
One can be successful in anything if he/she persistently and sincerely engage himself/herself in it. One who does his/her job with sincerity never has to face hardship.একাগ্ৰতাৰে যিকোনো কামত ব্ৰতী হ’লে সফলতা লাভ কৰাটো নিশ্চিত ৷ গতিকে নিষ্ঠা-সহকাৰে নিজৰ কাম কৰি যোৱা জন কেতিয়াও অভাৱগ্ৰস্ত হ’ব লগীয়া নহয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-01
Idiom ফকৰা-যোঁজনা
পানীত পৰা মানুহে লেজু এডালকো খামুচি ধৰে ৷
A man falling in deep waters tries to come out even by grasping a piece of chord. Similarly, a person in crisis remains ready to accept any kind of help to overcome it.পানীত পৰি ককবকাই থকা মানুহ এজনে সমুখত জৰী এডাল দেখিলেও খামোচ মাৰি ধৰে; জানোচা তাৰ সহায়ত কেনেবাকৈ পানীৰ পৰা উঠিব পাৰে ৷ ঠিক সেইদৰে, বিপদত পৰা মানুহে তাৰ পৰা উদ্ধাৰ পাবলৈ যিকোনো ধৰণৰ সহায় গ্ৰহণ কৰিবলৈ প্ৰস্তুত থাকে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-06
Idiom ফকৰা-যোঁজনা
বামুণৰো এদিন, বহুৱাৰো এদিন
One cannot predict one's future; the fate of a person may change over time.সকলোৰে দিন সদায় একেদৰে অতিবাহিত নহয়; আজি ভালে-কুশলে সুখেৰে থকা জনো ভৱিষ্যতে বিপদৰ সন্মুখীন হ’ব পাৰে ৷ সেইদৰে, যি বৰ্তমানে অসুখী তেওঁৰ বাবেও ভৱিষ্যতে ভাল দিন আহিব পাৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-19
Idiom ফকৰা-যোঁজনা
ডুব গ’লে বেলিৰ পোহৰো ক্ৰমে ক্ৰমে নোহোৱা হয় ৷
The fame and prosperity of human being gradually disappear from the world once he/she is dead.কোনো মানুহৰ নাম-যশষ্যা বা ঐশ্বৰ্য্য-বিভূতি সেই মানুহৰ মৃত্যুৰ পাছত পৃথিৱীৰ পৰা ক্ৰমে ক্ৰমে নাইকিয়া হৈ যায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-06-10
Idiom ফকৰা-যোঁজনা
চিনাকি চাউদাঙেহে মানুহ কাটে
Only a known person or one who is very close to someone usually hurts or causes harm.চিনাকি অথবা পৰিচিত ব্যক্তিয়েহে সাধাৰণতে মানুহৰ অপকাৰ কৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-30
Idiom ফকৰা-যোঁজনা
পৰৰ মূৰত খোৱা, ভটীয়া নাৱত যোৱা
to lead a life of ease and comfort at the expense of another.পৰৰ উপাৰ্জনেৰে সুখেৰে জীৱন নিৰ্বাহ কৰ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-02-25
Idiom ফকৰা-যোঁজনা
নল মৰি গজালি ওলায়
Recurrence of a problem after incomplete solution of the sameনলনি ভাঙি মানুহে খেতিৰ পথাৰ মোকলায়৷ কিন্তু তেনেকৈ খোলা পথাৰত ৰৈ যোৱা নলৰ অৱশিষ্টৰ পৰা পুনৰ গজালি ওলায় আৰু কিছু বছৰ খেতি নকৰিলেই নলেৰে পথাৰ ভৰি পৰে৷ এনে ক্ষেত্ৰত পথাৰখন সম্পূৰ্ণভাবে নলমুক্ত কৰিবলৈ হ’লে নলৰ অৱশিষ্টবোৰ সমুলঞ্চে নিঃশেষ কৰাতো অতিকে বাঞ্চনীয়৷ ঠিক তেনেদৰে আমাৰ সমাজত কিছুমান সমস্যা সম্পূৰ্ণৰূপে সমাধান নকৰিলে পুনৰ মূৰ দাঙি উঠাৰ সম্ভাৱনা থাকে৷ “নল মৰি গজালি ওলায়” এই জতুৱা ঠাঁচটোৱে পৰোক্ষভাৱে উক্ত ধাৰণাকেই প্ৰতিফলিত কৰে৷ Contributed by: SUDARSHAN GOGOI on 2016-01-29
Idiom ফকৰা-যোঁজনা
সাপ মাৰি নেগুৰত বিষ এৰা
If you have taken on your enemy, then ensure that he is completely finished. Else he may raise his head again in future.সাপৰ জীৱটো নেগুৰত থকা বুলি ভৱা হয় ৷ সেয়েহে সাপডাল ভালকৈ মাৰিবলৈ হ’লে কেবল মূৰত মৰিয়ালেই নহ’ব, তাৰ নেগুৰতো মাৰিব লাগিব ৷ অৰ্থাৎ শত্ৰুক সমূলংশে নিৰ্মূল নকৰিলে ভৱিষ্যতে বিপদ হ’ব পাৰে ৷ Contributed by: Rupankar Mahanta on 2008-03-20
Idiom ফকৰা-যোঁজনা
ৱক্তত কৰি কাম, লগুৱাৰো বৰ নাম ৷
Even a disciplined and punctual slave can become a famous personality in future.সময়ৰ কাম সময়ত কৰি, একালৰ লগুৱা অৰ্থাৎ চাকৰেও আনকালত নামী-দামী মানুহ হ'ব পাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
মৰণ কালত ঔষধ নাই৷
No medicine is effective at the time of death.জন্ম মৃত্যু আৰু বিবাহ বিধিৰ লিখন বুলি কোৱা হয়৷ গতিকে মৃত্যুৰ সময়ত কোনো দৰবেই কাম নিদিয়ে৷ Contributed by: Sitaram Upadhyaya on 2014-12-20
Idiom ফকৰা-যোঁজনা
টকাই কৰে কাম, মতাৰ মিছা নাম ৷
Actually it is the money that accomplishes the work and the role of man is negligible, if money is not a constraint.আচলতে টকাইহে কাম সমাধা কৰে, মতামানুহে কৰে বুলি মিছাকৈহে নাম হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-09-09
Idiom ফকৰা-যোঁজনা
গোঁসাই ঘৰত কোন, মই কল খোৱা নাই ৷
To expose one`s own misdeeds while trying to cover or hide something.বেয়া কাম কৰি লুকুৱাব খোঁজোতে নিজৰ কথাতে পাক খাই ধৰা পৰি যোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
হ’বৰ দিনত কুকুৰেও মৈ টানে ৷
If you have good fortune, you can perform even impossible tasks.ভাগ্য সুপ্ৰসন্ন হ’লে অসাধ্যও সাধন কৰিব পাৰি | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
চাপৰিলে মেঘ নেৰায়৷
By lowing your head, one can not get rid of cloud. By avoiding one can not get rid of problems.সমস্যাক আওকান কৰিলে, ই আতৰি নাযায়৷ সমস্যাৰ মুখামুখি হব লাগিব৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-20
Idiom ফকৰা-যোঁজনা
নাহাঁহিবি মোক সোঁচৰিব তোক ৷
If someone loughs at others distress, the same distress gets into his/her life.কোনো মানুহে যদি কাৰোবাৰ দুৰ্দিন বা দুৰ্দশা দেখি হাঁহে, তেন্তে হাঁহোতাজনেও একেধৰণৰ দুৰ্দশাত ভূগিব লগীয়া হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-04
Idiom ফকৰা-যোঁজনা
ঋষিৰ শাপত প্ৰাণ যায়, তেও বপুৰাৰ ভেম নেযায় ৷
If someone suffers due to his own misdeeds, but still does not reform himself and continues to do the same again and again, this phrase is said on him.কোনো ব্যক্তিয়ে যদি নিজ কুকৰ্মৰ ফলত কষ্ট-যাতনা ভুগিবলগীয়া হোৱাৰ পাছতো নিজক শুদ্ধ নকৰি মিছা ভেম দেখুৱায় আৰু আগৰ দৰেই চলে, তেনেস্থলত এইদৰে কোৱা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-30
Idiom ফকৰা-যোঁজনা
লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি
Plan to cause damage or injury others may backfire and end up hurting self.আনৰ অনিষ্ট কৰিব বিচাৰোতে নিজৰেই অনিষ্ট হোৱা Contributed by: Rupankar Mahanta on 2008-03-14
Riddle সাথৰ
ক্ষমতা লোভেই চূড়ান্ত লোভ ৷
Once someone fulfills his/her desire to become rich, his desire becomes stronger to fulfill sexual requirements and finally he/she becomes desirous to obtain power in the society.মানুহে প্ৰথমে ধনলোভ কৰে, তাৰ পাছত যৌনলোভ কৰে আৰু সৰ্বশেষত ক্ষমতাশালী হ'বলৈ লোভ কৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
এশ গৰু মাৰিলে বাঘৰো মৰণ
If one does harm to a large number of people, one also gets hurt.বহুলোকৰ অনিষ্ট কৰিলে, নিজৰো অনিষ্ট হোৱাৰ সম্ভাৱনা থাকে ৷ Contributed by: Bikram M Baruah on 2008-02-16
Idiom ফকৰা-যোঁজনা
এক কথাৰ মানুহ ৷
A man of priniciple.বিশ্বাসযোগ্যতা আৰু আত্মসন্মান থকা মানুহ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
হাঁহ চোৰৰ মূৰত পাখি, কঁঠাল চোৰৰ আঠাই সাক্ষী
A criminal always leaves behind some signs of a crime he comiits.কিবা অপকৰম কৰাৰ পিছত কৰবাত নহয় কৰবাত চিন থাকি যায়। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা
খং নামে চণ্ডাল ৷
Anger is evil.খঙত মানুহে বহু অমানৱিক কাম কৰিব পাৰে, সেয়ে খং উঠা মানুহক চণ্ডালৰ (শ্মশানত থকা মৃতকক জ্বলোৱা ব্যক্তি) লগত ৰিজোৱা হৈছে৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
কিনো ভমকৰ তালি, ভালখন থৈ ফটাখন পালি
A person who is in great rage may put down the good cloth he has in his hand and may pick up the torn one instead. It says that in a fit of rage people make mistakes.খঙৰ ভমকত মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায় আৰু কেতিয়াবা হাতত থকা ভাল কাপোৰখন থৈ ফটা কাপোৰখনকে তুলি লয় ৷ খঙৰ প্ৰভাৱত মানুহে নকৰিবলগীয়া কাম কৰে ৷ Contributed by: Barnali Deuri Bora on 2010-11-10
Idiom ফকৰা-যোঁজনা
গোৰ মাৰি গঙ্গাত পেলোৱা
one gets benefited from the act of revenge from the otherগোৰ মৰা হয় শাস্তি বিহিবলৈ, কিন্তু সেই গোৰেই যদি গঙ্গাত পেলায়, তেন্তে গঙ্গাস্নান কৰি উপকৃতহে হোৱা যায়। অর্থাৎ শাস্তি বিহাৰ অভিপ্রায়েৰে কৰা কার্যৰ দ্বাৰা কাৰোবাৰ মঙ্গল সাধন হোৱা। Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Idiom ফকৰা-যোঁজনা
যোৰাও যোৰা পাভ যোৰা তয়ো হাড়ীত খাতি ময়ো গৰু চোৰ
An evil person rejoices and is inspired in the company of another evil person.বন কৰা মানুহ বহু সময়ত হাত-লৰ স্বভাৱৰ হয় আৰু পাৰিলে হাড়ী বা কেৰাহীৰ পৰাই খাব খোজে ৷ দুষ্ট বা অসৎ প্ৰকৃতিৰ লোকে একে প্ৰকৃতিৰ লোক পালে আনন্দিত আৰু দুগুনে উৎসাহিত হয় ৷ Contributed by: Barnali Deuri Bora on 2010-10-27
Idiom ফকৰা-যোঁজনা
সকলো চৰায়ে মাছ খায় মাছৰোকাই নাম পায়
Kingfisher is the most commonly known bird that catches and eats fishes. When someone is asked about fish-eating birds, he will name kingfisher only. Similarly, sometimes a person who is well-known as a criminal, has to take the blame for crimes perpetrated by others.মাছৰোকা এবিধ বিশেষ মাছখোৱা চৰাই ৷ কিন্তু দেখা যায় যে অন্য চৰায়ে মাছ খালেও কেৱল মাছৰোকাৰ নামহে কোৱা হয় ৷ অৰ্থাৎ সকলো মানুহে দোষ কৰে কিন্তু বিশেষ কোনো ব্যক্তিকহে তাৰ বাবে জগৰ ধৰে ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা
বিপদ গ’লে, সম্পদ আহে ৷
After rain comes fair weather.বিপদ আতৰি গ’লে মানুহে মনপুতি কাম কৰিব পাৰে, সেয়ে সম্পদ বা ঐশ্বৰ্য্য অহাৰ পথ মুকলি হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
নাদ শুকালেহে পানীৰ মূল্য বুজি পায় ৷
The actual value of something can be realised only when it becomes scarce. Similarly, the impotance and contributions of a person is generally realised only when he departs.প্ৰাচুৰ্য্যৰ মাজত মানুহে যিকোনো বস্তুৰ প্ৰকৃত মূল্য অনুধাৱন কৰিব নোৱাৰে ৷ কিন্তু যেতিয়া একেটা বস্তুৰ নাটনি হয়, তেতিয়াহে তাৰ মূল্য বুজি পায় ৷ ঠিক তেনেকৈ সদায় কাষতে থকা ব্যক্তি এজন হঠাতে যেতিয়া আঁতৰি যায়, তেওঁৰ অৱদান বা প্ৰয়োজনীয়তাৰ কথা তেতিয়াহে মানুহে উপলব্ধি কৰিব পাৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-14
Idiom ফকৰা-যোঁজনা
পুহত কল, মাঘত জল, তাৰ গাত সাত ভতৰাৰ বল ৷
One who eats banana during December-January and plenty of water during January-February months becomes very strong and healthy.পুহমহীয়া ঠাণ্ডাত কল আৰু মাঘ মাহত প্ৰচুৰ পানী খোৱা মানুহৰ গাত সাতটা ষাঁড় গৰুৰ সমান বল হয়, অৰ্থাত্ স্বাস্থ্য ভাল হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10
Idiom ফকৰা-যোঁজনা
চিৰা খোৱা পিঠা খোৱা ভাতৰ সমান নহয়, মাহী বোলা পেহী বোলা মাৰ সমান নহয় ৷
A meal with rice cannot be replaced with snacks and similarly the place of mother can never be equalized by aunts.যেনেদৰে চিৰা-পিঠা খাই ভাত খোৱাৰ দৰে পেট ভৰাব নোৱাৰি আৰু তৃপ্তি সহকাৰে ভোক পলুৱাব নোৱাৰি, একেদৰে মাহী বা পেহী বুলি মাতি মাৰ অভাব পূৰাব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-13
Idiom ফকৰা-যোঁজনা
গৰুও মৰিল, পোকো সৰিল৷
When undesired result is obtained on the main issue, the other related issues become unimportant.যিটো মূল বিষয়ক লৈ আনুষঙ্গিক নানান সমস্যা বা চিন্তাৰ উদ্ৰেক হয়, মূল বিষয়টোৰ ক্ষেত্ৰত অনাকাংক্ষিত ফলাফল লাভ কৰাৰ পাছত আনুষঙ্গিক সমস্যাবোৰ নগন্য হৈ পৰে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2015-01-24
Idiom ফকৰা-যোঁজনা
কায়া দেখিলে মায়া বাঢ়ে ৷
Out of sight is out of mind.চকুৰ আগত থাকিলে এজন মানুহৰ প্ৰতি আন এজনৰ মায়া বাঢ়ে ৷ বা মানুহে চকুৰ আগত দেখি থকা মানুহ বা তাৰ লগত জৰিত সমস্যা আদিক সহজে আওকান কাৰিব নোৱাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-23