অ (41) • আ (58) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (8) • ঢ (11) • ত (17) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (21) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Submit New Proverb, Idiom, Phrase OR Riddle
Proverbs containing the word "পিছ"
Idiom ফকৰা-যোঁজনাহস্তীৰো পিছলে পাও, সজ্জনৰো বুৰে নাও।
Even a great person may commit an error of judgement.ডাঙৰ বা মহৎ লোকৰো কেতিয়াবা কোনো কথাত ভুল হ'ব পাৰে ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা
আগৰ হাল যিফালে যায় পিছৰ হালো সেইফালেই যায় ৷
The youngs of a family follow the foot steps of the elders, normally when someone learns bad habits, attitude, manners or behavour from their elders.পথাৰত হাল বাওঁতে আগৰ হালৰ পিছে পিছে দ্বিতীয়টো হাল, দ্বিতীয়টোৰ পিছে পিছে তৃতীয়টো.. ইত্যাদি ধৰণে চলে ৷ একেদৰে কোনো এক পৰিয়ালৰ অগ্ৰজৰ চলন-ফুৰণ, আচাৰ-ব্যৱহাৰ, হাৱ-ভাৱ, বদ অভ্যাস, অশিষ্ট আচৰণ আদি অনুজে অনুকৰণ কৰে, শিকে আৰু একেধৰণৰ আচৰণ প্ৰদৰ্শন কৰে ৷ সাধৰণতে কোনো ব্যক্তিয়ে জ্যেষ্ঠজনক দেখি বেয়া আচৰণ শিকিলেহে এই ফকৰাৰ প্ৰয়োগ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-03
Idiom ফকৰা-যোঁজনা
আগফালে বৰচুৰিয়াৰ ফেৰ, পিছফালে ঢকুৱাৰ বেৰ৷
High on external appearance but internally inferior in qualityবাহ্যিকতাত মুধাফুটা কিন্তু ভিতৰি অসাৰ৷ ʻবাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰিʼ-ৰ সমাৰ্থক৷ Contributed by: ভগৎ লাল দত্ত (Bhagat Lal Dutta) on 2010-12-11
Idiom ফকৰা-যোঁজনা
আগফালে মাৰো দাং, পিছফালে ধোবাং বাং
A state of utter carelessness. You have secured the front entrance by properly locking it while forgeting to do the same with the back entrance and left it open. To protect yourself you need to safegurd you from threats that may come form all sides.ঘৰত থকা মানুহ আৰু বস্তুবোৰৰ সুৰক্ষা সম্ভৱ যদিহে আগফাল আৰু পিছফালৰ দুয়োখন দৰ্জা বন্ধ ৰখা হয় ৷ অৰ্থাৎ নিজকে বছাব হলে সকলোফালৰ পৰা সুৰক্ষিত কৰিব লাগিব ৷ Contributed by: Rupankar Mahanta on 2008-03-14