অ (41) • আ (58) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (8) • ঢ (11) • ত (17) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (21) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Submit New Proverb, Idiom, Phrase OR Riddle
Proverbs containing the word "নষ্ট"
Idiom ফকৰা-যোঁজনাসুবাৰী নষ্ট হয় মাজে ললে বাট। সুতিৰী নষ্ট হয় ঘনাই বুলিলে হাট।।
Those woman who roam in the market place may loose their character.বজাৰে-সমাৰে ঘূৰি ফুৰা তিৰোতাৰ স্বভাৱ নষ্ট হয়৷ Contributed by: biswadip gogoi on 2011-03-15
Idiom ফকৰা-যোঁজনা
অভাৱে স্বভাৱ নষ্ট কৰে
The urge to steal may be a result of the urgency of a need and his poor financial situation in which he can not aford to meet the need in a honest way .অভাৱ পূৰণৰ প্ৰয়োজনত ভাল মানুহ এজনেও চুৰি বা বেয়া কাম কৰিব লগীয়াত পৰিব পাৰে ৷ Contributed by: Rupankar Mahanta on 2008-03-19
Idiom ফকৰা-যোঁজনা
অজ্ঞানীক জ্ঞান দি মনত পালোঁ কষ্ট, কণীবোৰ ভঙাই পেলাই বাহো কৰিলোঁ নষ্ট |
The monkey is considered as a very stupid animal. Some birds advised the monkeys to build their home showing their own nests. But the monkeys thought that they were just insulted by the birds by giving this advice and so they broke their eggs and destroyed the nests. Through this proverb, it is said that one should not try to advise a fool, as he may take it otherwise and can cause harm in turn.বান্দৰ অতি মূৰ্খ প্ৰাণী | বৰষুণত তিতি-বুৰি জুপুৰি দিয়া বান্দৰবোৰক টোকোৰা চৰাইবিলাকে নিজৰ উদাহৰণ দেখুৱাই বাহ সাজিবলৈ উপদেশ দিছিল | কিন্তু মূৰ্খ বান্দৰবোৰে উপহাস কৰা বুলি ভাবি টোকোৰাৰ কণীবোৰো নষ্ট কৰিলে আৰু বাহবোৰো ভাঙিলে | ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে মূৰ্খবোৰক সজ উপদেশ দিবলৈ যাওঁতে কেতিয়াবা সিহঁতে ভুল বুজি উপদেশকাৰীৰহে অনিষ্ট সাধন কৰে | গতিকে মূৰ্খক উপদেশ দিয়াটো অৰ্থহীন | Contributed by: Biraj Kumar Kakati on 2008-03-28
Idiom ফকৰা-যোঁজনা
ঈৰ্ষাত শান্তি নষ্ট, লোভে নষ্ট ধৰ্ম; ক্ৰোধে মিতিৰ নষ্ট, এলাহে নষ্ট কৰ্ম ৷
Jealousy makes a person to loose peace of mind, lust makes him do unethical things and become dishonest. Similarly anger destroys relationship and laziness spoils works.মানুহৰ ঈৰ্ষা বাঢ়িলে মনৰ শান্তি নাইকিয়া হয় আৰু লোভ-লালসা বাঢ়িলে অন্যায়-ব্যভিচাৰত লিপ্ত হৈ মানুহ পথভ্ৰষ্ট হয় আৰু ধৰ্মৰ পৰা আঁতৰ হয় ৷ একেদৰে ক্ৰোধান্বিত হৈ মানুহে বিবেক হেৰুৱাই পেলায় আৰু নকব লগীয়া কথা কৈ আত্মীয় মানুহৰ মনতো আঘাত দিয়ে আৰু তাৰ দ্বাৰা মিতিৰ নষ্ট হয়; এলাহ কৰি পাছত কৰিম বুলি পিছুৱাই থাকিলে কৰ্ম নষ্ট হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-09