Donate

Please enter word or phrase to be searched and hit 'search' key.


অ (41)আ (58)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (8)ঢ (11)ত (17)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (21)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)
Submit New Proverb, Idiom, Phrase OR Riddle

Proverbs containing the word "ধন"

Idiom ফকৰা-যোঁজনা

একে কাঠি কাঁড়ে সাতোটা সিংহক মাৰিলো লোকক নকলো লাজে, ছমাহ খাপ দি নিগনি এটা মাৰিলে তাতে ধনঞ্জয় ঢোল বাজে ৷

A person who exaggerates much and gives publicity about a trifle
আহোম ৰজাৰ দিনত, ৰাজ্য বিজয়ৰ পাছত বিজয়োল্লাসৰ চিন হিচাবে ’ধনঞ্জয়’ ঢোল বজাইছিল ৷ অৰ্থাত্‍ সৰু কাম এটা কৰিয়েই গোটেইখন ঢোল পিটি ফুৰা ৷ Contributed by: Barnali Deuri Bora on 2010-11-15
Idiom ফকৰা-যোঁজনা

ৰজাক নাটে, বজাক নাটে, ধনীক নাটে ধনে৷

A man’s crave for money and property doesn’t get satisfied even if he already possesses everything he needs.
অগাধ সা-সম্পত্তিৰ গৰাকী হ'লেও নতুবা সন্তানহীন হ'লেও মানুহৰ সা-সম্পত্তিৰ প্ৰতি লোভ নকমে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2015-06-13
Idiom ফকৰা-যোঁজনা

পাপৰ ধন পৰাচিতত যায়

A sinner usually spends lot of his earnings for religious activities to get rid of his guilty feelings. Likewise a person who earns illegally cannot enjoy it and ultimately it gets wasted by his successors.
কোনো গুৰুতৰ দোষণীয় কাম কৰিলে তাৰ কাৰণে ঈশ্বৰে শাস্তি দিয়ে বুলি ভবা হয় বা পৰাচিতৰ বিধান থাকে ৷ ঠিক সেইদৰে অনৈতিক ভাৱে অৰ্জা ধনৰ ফলো মানুহে ভোগ কৰিবলৈ নাপায় আৰু সতি-সন্ততিৰ হাতত পৰি সেইবোৰৰ আলৈ-আথানি হয় ৷ Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা

ধনৰ নৰিয়া টান, ভাত খাইছে উধানৰ মান ৷

A big lie or exaggeration of something.
গোকাট মিছা কথা বা বৰকৈ বঢ়াই কোৱা কথা Contributed by: Barnali Deuri Bora on 2010-11-16
Idiom ফকৰা-যোঁজনা

খালে-খুৱালে ধন নুঢুকায়, শুলে-বহিলেহে ঢুকায় ৷

It is not eating good food that makes one poor, rather the sleepy head makes one poor.
ভাল খাদ্য নিজে খালে বা আনকো খুৱালে মানুহৰ ধন-সম্পত্তি নাইকিয়া নহয়, উপাৰ্জন কৰিবলৈ পৰিশ্ৰম নকৰি শুই-বহি থাকি সময় নষ্ট কৰিলেহে মানুহ নিৰ্ধন হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা

দানত শুচি হয় ধন, ক্ষমাত শুচি হয় মন ৷

The best use of one's wealth is in donation. The best way to be happy is to forgive others' misdeeds.
দুখীয়াক দান কৰিলে ধন পৱিত্ৰ হয়, অৰ্থাৎ ধনৰ সদ্-ব্যৱহাৰ হয় ৷ ঠিক তেনেদৰে আনৰ দোষ ক্ষমা কৰি দিব পাৰিলে মানুহৰ মন পৱিত্ৰ হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-02
Idiom ফকৰা-যোঁজনা

ধনৱন্তৰ মিছা শুনিবলৈ ইচ্ছা৷ দুখীয়াৰ উচিত শুনিবলৈ কুৎচিত৷

A wealthy man is always respected whether he is right or wrong because of his wealth. On the other hand a poor man is always neglected because of his poor economical condition.
সমাজত ধনী-মানী ব্যক্তিক উচ্চ স্থান দিয়া হয় আৰু সঁচ-মিছা সকলো কথায় নতশীৰে মানি লোৱা হয়৷ আনহাতে দুখীয়াই সত্য বা ভাল কথা কলেও তাক তুচ্ছ জ্ঞান কৰা হয়৷ Contributed by: Sitaram Upadhyaya on 2014-11-30
Idiom ফকৰা-যোঁজনা

সুপুত্ৰৰ বাবে কিয় ধন সঞ্চয়, কুপুত্ৰৰ বাবে কিয়ই বা ধন সঞ্চয়?

An efficient and smart son will be able to earn his own livelihood, so parents need not to retain a big bank balance or property for him. Again, a lazy and inefficient son will spend money extravagantly to exhaust a treasure within no time, even if his parent keeps a big bank balance and property for him. Hence, in any case the parents should not accumulate property for their children.
পুত্ৰসন্তান যদি সুপুত্ৰ হয় অৰ্থাৎ পৰিশ্ৰমী আৰু গুণী-জ্ঞানী হয়, তেনেহ'লে সেই পুত্ৰৰ কাৰণে ধন সঞ্চয় কৰাৰ প্ৰয়োজন নেথাকে কাৰণ তেনে পুত্ৰই নিজেই ধন উপাৰ্জন কৰিবলৈ সক্ষম হয় ৷ আনহাতে, ধন উপাৰ্জন কৰিবলৈ অক্ষম কুপুত্ৰই হাতত পোৱা সঞ্চিত ধন কম সময়ৰ ভিতৰতে বিনষ্ট কৰি পেলায় আৰু কষ্ট ভুঞ্জিব লগা হয় ৷ এতেকে উভয় ক্ষেত্ৰতেই পিতৃ-মাতৃয়ে নিজ সন্তানৰ কাৰণে অত্যাধিক ধন সঞ্চয় কৰাটো নিষ্প্ৰয়োজন ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-07
Idiom ফকৰা-যোঁজনা

আলু খালে ভোলানাথে, কল খালে জগন্নাথে, বাকলি চুহিলে যি, ধন ভৰি মৰে সি ৷

The real culprit escapes punishment, while the minor associates get the punishment.
আচল দোষীয়ে শাস্তি নাপায়, সাধাৰণ সহযোগীবোৰেহে জৰিমনা ভৰে৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা

মন কৰিলেই ছন বাকৰি মাটিতে ধন

With strong will power and determination one can achieve any tough goal. English synonym : When there is a will there is a way
কষ্ট কৰিলে যিদৰে ছন পৰা মাটিত শস্য উৎপাদন কৰিব পাৰি, সেইদৰে মনৰ দৃহতা থাকিলে যিকোনো কঠিন কামেই সমাধান কৰিব পাৰি | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-15
Idiom ফকৰা-যোঁজনা

নাই পো মুখে, নাই পো গোফে, নাই পো লনি, নাই পো ধনী৷

A person should atleast be orator, or thickly bearded, or handsome or rich
পো মানে নিজৰ পুতেক বা যিকোনো লোক, যিকোনো এটা দিশত পাৰ্গত হব লাগে৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-01
Idiom ফকৰা-যোঁজনা

তিৰোতাৰ কপালে ধন, পুৰুষৰ কপালে জন৷

It is beleived that gain of wealth is depends upon the fortune of female and reproduction of childs depends upon the fortune of male.
লোক বিস্বাস মতে তিৰোতাৰ ভাগ্যৰ বলত ধন অৰ্জন হয় আৰু পুৰুষৰ ভাগ্যৰ বলত জন অৰ্থাত সন্তান-সন্ততি হয়৷ Contributed by: Sitaram Upadhyaya on 2014-12-04
Idiom ফকৰা-যোঁজনা

নাই পো লনী, নাই পো ধনী; নাই পো গোঁফে, নাই পো মুখে

An incompetent or amateurish person
কোনো কামতে পাৰদৰ্শী নোহোৱা অৰ্থাত্‍ অকামিলা লোক Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Idiom ফকৰা-যোঁজনা

বুৰ্বকৰ ধন টেটোনৰ হক ৷

A crooked person can easily cheat a foolish and makes money out of his/her foolishness.
বুৰ্বক অৰ্থাৎ অজ্ঞানী মানুহৰ হাতত ধন-দৌলত পৰিলে অবাবতে উৰাই নষ্ট কৰে আৰু টেটোন মানুহে সিহঁতক সহজে ঠগি ধন কাঢ়ি নিয়ে আৰু হক (ন্যায্য অধিকাৰ) বুলি নিজে ভোগ কৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
Idiom ফকৰা-যোঁজনা

ধনীৰ কাটে ধনে, দুখীয়াৰ কাটে মনে ৷

The rich people can achieve anything with money, or trouble others and escape of punishment; the poor will bless if they are loved or curse if they are loved or curse if they are tortured by the rich and that matters someday.
ধনী মানুহে ধনৰ বলেৰে আন মানুহক আতিশয্য বা অত্যাচাৰ কৰিব পাৰে বা কাম আদায় কৰিব পাৰে অথবা দুখীয়াক কষ্ট দিও শাস্তি নোপোৱাকৈ বাচি যাব পাৰে ৷ দুখীয়াই মৰমৰ বিনিময়ত মনেৰে ভগৱানক প্ৰাৰ্থনা কৰি মানুহক ভাল ফল দিয়াব পাৰে বা অত্যাচাৰিত হ'লে অত্যাচাৰ কৰাজনক অভিশাপ দিব পাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা

ৰান্ধনী উচটাই জোল খোৱা

Buttering someone to get one`s own interest fulfilled.
ৰান্ধনিক মিঠা মিঠা কথা কৈ ৰন্ধাৰ সোৱাদ লোৱা, অৰ্থাৎ কোনো মানুহক কিবা কাম কৰিবলৈ বুদ্ধি দি নিজৰ স্বাৰ্থ সিদ্ধি কৰা। Contributed by: Barnali Deuri Bora on 2010-10-28
Idiom ফকৰা-যোঁজনা

ধন ল’বা লেখি, বাট বুলিবা দেখি ৷

One should count the money before taking it over and should know well about the road before starting a journey.
কাৰোবাৰ পৰা ধন লোৱাৰ আগেয়ে ভালকৈ হিচাপ কৰি ল’ব লাগে আৰু ক’ৰবালৈ যোৱাৰ আগতে ৰাস্তাটোৰ বিষয়ে ভালদৰে জানি ল’ব লাগে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04