Donate

Please enter word or phrase to be searched and hit 'search' key.


অ (41)আ (58)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (8)ঢ (11)ত (17)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (21)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)
Submit New Proverb, Idiom, Phrase OR Riddle

Proverbs containing the word "থাক"

Idiom ফকৰা-যোঁজনা

পানীত থাকি পিয়াহত মৰা ।

to have poverty amidst plenty.
কোনো বস্তু থাকোতেও তাক ব্যৱহাৰ নকৰি কষ্ট ভোগ কৰা । Contributed by: Anjali Sonowal on 2010-01-30
Idiom ফকৰা-যোঁজনা

লাগি থাকিলে মাগি খাব নালাগে ৷

One can be successful in anything if he/she persistently and sincerely engage himself/herself in it. One who does his/her job with sincerity never has to face hardship.
একাগ্ৰতাৰে যিকোনো কামত ব্ৰতী হ’লে সফলতা লাভ কৰাটো নিশ্চিত ৷ গতিকে নিষ্ঠা-সহকাৰে নিজৰ কাম কৰি যোৱা জন কেতিয়াও অভাৱগ্ৰস্ত হ’ব লগীয়া নহয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-01
Idiom ফকৰা-যোঁজনা

বৰাৰ ঘৰত তৰাৰ গাঁঠি বৰানো থাকিব কেই ৰাতি

For making a temporary house, one can even use some wild grass to tie the knots, but it cannot be permanent. It means that to satisfy a guest for a limited period, one can make some temporary arrangement, which may look very attractive and fascinating.
তৰাৰ গাঁঠিৰেই মানুহ থাকিব পৰাকৈ কেইদিনমানলৈ এটা ঘৰৰ প্ৰয়োজনীয় গাঁঠিসমূহ দিব পাৰি আৰু সেই কথা অস্থায়ীভাৱে থকা মানুহজনে ধৰিব নোৱাৰে ৷ কিন্তু সি চিৰস্থায়ী নহয় ৷ অৰ্থাৎ ক্ষন্তেকীয়া আলহীৰ নিমিত্তে চকুত ভাল লগাকৈ কোনো কাৰ্য্য কৰি মনত সন্তোষ দিয়া ব্যৱস্থা ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা

দূৰৰ পাহাৰ ৰাতিৰ জুই তাক নেখেদি থাকিবা শুই৷

Seeing is not always believing. The far-away hills or the fire at night may seem near, but chasing them would be no less foolish than chasing a mirage at the desert. So think before you act!
দূৰৰ পাহাৰ আৰু ৰাতিৰ জুই ওচৰত থকা যেন লাগে৷কিন্তু তাকে ভাবি তাক বিচাৰিবলৈ গ`লে সহজে পোৱা নাযাব৷ সেইদৰে দেখি ভাল লগা অথবা শুনা কথাত ভোল যোৱাৰ আগতে নিজৰ বুদ্ধিৰে বিবেচনা কৰা উচিত৷ Contributed by: Dr. Samhita Bharadwaj on 2010-12-12
Idiom ফকৰা-যোঁজনা

একেটা চোঙত দুটা বাঘ নাথাকে ৷

Two tigers cannot live together in a single den. Similarly, two quarrelsome or cantankerous persons cannot stay together peacefully.
একেটা চোঙত যেনেকৈ দুটা বাঘে সহবাস কৰিব নোৱাৰে, ঠিক সেইদৰে দুজন কাজিয়াখোৰ বা হিংসুক ব্যক্তি একে ঠাইত থাকিব নোৱাৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-19
Riddle সাথৰ

হাতীৰ দাঁত দেখুৱাবলৈ কিছুমান থাকে আৰু চোবাবলৈ আন কিছুমান থাকে ৷

Fifth columnist/ showing double standard.
যেতিয়া মানুহে লোকক দেখুৱাবলৈ একধৰণৰ কৰ্ম কৰে আৰু নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অন্য ধৰণৰ কৰ্ম কৰে, তেনে অৰ্থত প্ৰয়োগ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা

দাঁত কৰচি থাক ৷

To get extremely angry.
অতিমাত্ৰা খং কৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-28
Idiom ফকৰা-যোঁজনা

জয় থাকোতেই ভংগ ভাল ৷

Retire when you are successful but not when you are unsuccessful or failing.
কোনো কাম, প্ৰতিযোগিতা, খেল-ধেমালি আদিত যেতিয়া মানু্হ বিজয়ী হৈ থাকে তেনে অৱস্থাতে ভংগ দিলে অৰ্থাৎ অবসৰ ল'লে খ্যাতি ৰৈ যায় ৷ আনহাতে, পৰাজিত হোৱাৰ পিছত অবসৰ ল'লে পৰাজয়ৰ গ্লানি সহিব লগা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
Idiom ফকৰা-যোঁজনা

ওঁঠ চেলেকি থাক ৷

To wait curiously to have some desired material, food, respect, status, power etc.
কিবা আকাংখিত বস্তু, খাদ্য, ক্ষমতা, মৰ্যাদা, ধন আদি পাবলৈ উদগ্ৰীৱ হ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা

দেহা থাকিলেহে বেহা

Health is wealth. One cannot be successful in any business without a healthy body and mind.
সুস্বাস্থ্য অবিহনে মানুহে কোনো কাম সুকলমে সমাপন কৰিব নোৱাৰে | শৰীৰ সুস্থ হ’লেহে মানুহে বেহা-বেপাৰ কৰি অৰ্থ আৰ্জন কৰিব পাৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-05
Idiom ফকৰা-যোঁজনা

খঁকুৱাৰ পাত কাটোঁতেই গ’ল; নিখঁকুৱাই মাটিতে খালে৷ অথবা, খঁকুৱাই থাকে চাই, নিখঁকুৱাই মাটিতে খায় ৷

While the greedy gets ready for eating, the other eats away everything as he finds it. Similarly, while someone remains busy planning to doing something, another may accomplish the task even without much planning.
খঁকুৱা মানুহে ভোকত থাকিও ভাত খাবৰ কাৰণে কলপাত কটাৰ দৰে বিভিন্ন আয়োজন কৰোঁতেই সময় পাৰ কৰে, কিন্তু নিখঁকুৱা মানুহে যেনেদৰে পায় তেনেদৰেই খাই পেট ভৰায় ৷ ইয়াৰ পৰোক্ষ অৰ্থ হৈছে - `কোনোবাই কোনো এটা কাম কৰিবলৈ মনতে পৰিকল্পনা কৰি থাকোঁতেই আনে কোনো পৰিকল্পনা নকৰাকৈয়ে কামটো শেষ কৰা ৷’ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা

নাই বুলিলেও হাতীৰ শুৰত সাত কলহ পানী থাকে ।

A wealthy person is never totally bereft of resources.
ধনী লোকৰ কেতিয়াও তলি উদং নোহোৱা। সকলো সময়তে পৰ্যাপ্ত পৰিমানে কোনো বস্তু থকা । Contributed by: Anjali Sonowal on 2008-06-25
Idiom ফকৰা-যোঁজনা

মেলত থাকি নকয় উচিত, দোষে চোৱে কিঞ্চিৎ কিঞ্চিৎ৷

One who does not raise voice against a wrong doing or improper decision is liable to face the consequences of such a decision in future.
ৰাজহুৱা সভা বা আলোচনাৰ মাজত থাকি উচিত কথা নক'লে বা সত্যৰ পক্ষ নল'লে অনুচিত সিদ্ধান্তৰ ফলত হোৱা পৰিণামৰ বাবে দোষৰ ভাগী হ'বলগীয়া হয়৷ অৰ্থাৎ অন্যায় কৰাজন যিমান দোষী, অন্যায়ৰ বিৰোধিতা নকৰাজনো সমানেই দোষী৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-04-19
Idiom ফকৰা-যোঁজনা

চোৰক বোলে চুৰি কৰ, গৃহস্থক বোলে সজাগ থাক ৷

He runs with the hare and hunts with the hounds.
কোনো মানুহে বিবাদ, সমৰ্থন, কাৰ্য, মন্তব্য আদিত কোনো এক পক্ষ নলৈ, দুয়ো পক্ষৰ লগতে তাল মিলাই থাকিলে এই ফকৰাৰ প্ৰয়োগ হয় ৷ অথবা, কুপৰামৰ্শ দি জানি-বুজি কৰোবাক বিপদত পেলাবলৈ ছল-চাতুৰি কৰা কাৰ্যক দৰ্শায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-08
Idiom ফকৰা-যোঁজনা

চুকত থাকি বুকত কামোৰ মৰা

A very close or intimate person causing harm or showing enmity
অতি আপোন বা অন্তৰঙ্গ জনে অপকাৰ বা শত্ৰুতা কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-05
Idiom ফকৰা-যোঁজনা

দিনৰ পাহাৰ ৰাতিৰ জুই; তাক নেখেদি থাকিবা শুই

Do not run after illusions or false dreams. A hill may appear just next block, but is actually vary far away. Simialrly, a fire seen in night may appear from vicinity, but in actuality may be miles away.
যিদৰে সন্মুখত দৃশ্যমান পাহাৰটোৰ বা ৰাতি দূৰত দেখা জুইকুৰাৰ সঠিক দূৰত্ব অনুমান কৰিব নোৱাৰি; কিছুমান বস্তু একেবাৰে ওচৰতে যেন লাগিলেও আচলতে বহুত দূৰত আছে ৷ তেনে বস্তুৰ পিছত সময় নষ্ট নকৰাই ভাল ৷ Contributed by: Rupankar Mahanta on 2008-03-13
Idiom ফকৰা-যোঁজনা

চ’ত বিহুলৈ ছমাহ থাকোতেই হাত মেলি নাচ ।

To express pleasure before the cause for it materialises.
আনন্দৰ কাৰণ নৌহওঁতেই আনন্দ প্ৰকাশ কৰ । Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-07-28
Idiom ফকৰা-যোঁজনা

উত্তৰে গাজিলে মাৰিবা লৰ, দক্ষিণে গাজিলে জানিবা খৰ। পূৱে গাজিলে থাকিবা শুই, পশ্চিমে গাজিলে নুমাবা জুই ৷

This proverb depicts weather conditons and what action one should take. If the sky is opening up in the north, then one should run back home as rain is evident. If sky has opened up in the south, then you can relax. Similarly, if it is in the east, it is going to last for days. If it is happening in the west, then a thunderstorm is likely occur and therefore one should put out open fires.
উত্তৰ ফালে মেঘে গাজিলে বৰষুণ হোৱাটো খাটাং, গতিকে ঘৰলৈ লৰ মাৰিব লাগে ৷ দক্ষিণে গাজিলে সাধাৰণতে বৰষুণ নহয়, গতিকে নিশ্চিন্তমনে থাকিব পাৰি ৷ ঠিক তেনেকৈ, পূব দিশত মেঘে গাজিলে কেইবাদিনো নেৰানেপেৰাকৈ বৰষুণ হোৱাৰ আৰু পশ্চিমে গাজিলে ধুমুহা অহাৰ সম্ভাৱনা থাকে ৷ Contributed by: Rupankar Mahanta on 2009-12-11
Idiom ফকৰা-যোঁজনা

গড়গঞা মিতিৰৰ ভাও- মুখে বোলে থাক থাক, ভৰিৰে হেঁচোকে নাও৷

relatives or friends who are insincere or deceitful.
মুখে-পেটে একে নোহোৱা৷ বাহিৰত দেখুৱাই মিঠা মাত মাতি ভিতৰত কপট ভাব ৰখা স্বভাৱ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-08-17
Idiom ফকৰা-যোঁজনা

ইমানদিনে শুই থাকিল নাকত তেল দি, আজি হেনো ভাৰস্তখন উদ্ধাৰিব সি ৷

This saying is used to ridicule someone when he/she becomes unusually active and shows excessive haste after spending a long period of time lazily.
বহুসময় অবাবত নষ্ট কৰাৰ পাছত, কোনো ব্যক্তিয়ে হঠাৎ কৰ্মতৎপৰতা দেখুৱালে এনেদৰে কৈ উপলুঙা কৰা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-22