অ (41) • আ (58) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (8) • ঢ (11) • ত (17) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (21) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Submit New Proverb, Idiom, Phrase OR Riddle
Proverbs containing the word "ত"
Idiom ফকৰা-যোঁজনাজোৰ পুৰি বৰলাৰ হাত পালেহি ৷
The danger is knocking at the door, that means it is time to get ready to face the possible danger.বিপদ আহি দুৱাৰ-মুখ পালেহি, অৰ্থাত্ সম্ভাৱ্য বিপদৰ বাবে সাজু হ’বৰ হ’ল ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা
আলিবাটত চালি ধৰা
To wander here and there without doing anythingকাম-বন নকৰি ধুন মাৰি ফুৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-03
Idiom ফকৰা-যোঁজনা
শগুণ যিমান ওপৰলৈ নুৰক দৃষ্টি সদায় মৰা শত।
A narrow minded man, even if he reaches to the top of the helm his thinkings always remain narrow.শগুণ বহু ওপৰলৈ উৰে, কিন্তু দৃষ্টি সদায় খাদ্য অর্থাৎ মৰা শত নিবদ্ধ থাকে, একেদৰে অসৎ চৰিত্রৰ মানুহ বা ঠেক মনোবৃত্তিৰ মানুহ যিমান ডাঙৰ নহওক, সিহঁতৰ অসৎ বা ঠেক মনোবৃত্তি কেতিয়াও আঁতৰি নাযায়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা
চোৰৰ ভয়ত কাঁহি পুতি থৈ কলপাতত ভাত খোৱা ৷
When someone has illogical fear of unseen and unpredictable incidents and does not perform normal activities out of that fear and prejudice.কাঁহি কিনা হয় তাত ভাত খাবলৈ, কিন্তু সেই কাঁহিখন চুৰ হৈ যাব পাৰে বুলি ভয় কৰি যদি কোনোবাই তাক মাটিৰ তলত পুতি থৈ কলপাতত ভাত খায়, তেন্তে কাঁহিখন কিনাৰে অৰ্থ নাথাকে ৷ অৰ্থাৎ, সৰু-সুৰা দূৰ্ঘটনাৰ ভয়ত অথবা মনি সজা অযুক্তিকৰ বিশ্বাস বা ধাৰণাৰ বশবৰ্তি হৈ নিত্য-প্ৰয়োজনীয় কৰ্ম, কৰ্তব্য আদি নকৰি পিছ হুঁহকি থকা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-08
Idiom ফকৰা-যোঁজনা
যমৰ দুৱাৰ দলিত ভৰি দি অহা
To somehow get back from the face of sure death due to disease or engaging in some dreaded task.অতি বিপদজনক কাম কৰি অথবা ৰোগাক্ৰান্ত হৈ মৃত্যুমুখৰ পৰা কথমপি বাচি অহা | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা
আকাশৰ ফালে থু পেলালে নিজৰ মুখত পৰে ৷
Whoever spits against the wind spits against his own face.পৰিস্থিতি বুজি কথা নক`লে বা কাৰ্য্য নকৰিলে, সেই কথা বা কাৰ্য্যৰ কুফল নিজে ভুগিব লগীয়া হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা
ঢাল নাই তৰোৱাল নাই, নিধিৰাম চৰ্দাৰ
The situation when one cannot perform a given task due to non-availability of appropriate tools.উপযুক্ত সঁজুলিৰ অবিহনে কোনো কাম কৰিব নোৱাৰা অৱস্থা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Phrase খণ্ডবাক্য
থিতাপি ল ৷
To inhabit in a place permanently.কোনো স্থানত নিগাজিভাবে বসবা্স কৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-11
Idiom ফকৰা-যোঁজনা
মাজ-মূৰত নাই চুলি, পৈয়েকে মাতে ৰূপহী বুলি ৷
Like the way a man wants to consider his wife beautiful in spite of her being bald, one usually tries to ignore the weakness or misdeeds of his loved ones.মাজ-মূৰত চুলি নোহাৱা তিৰোতাকো গিৰীয়েকে ৰূপহী বোলাৰ দৰে মানুহে সাধাৰণতে প্ৰিয় বা আপোনজনৰ দোষ দেখা নাপায় বা দেখিলেও অৱজ্ঞা কৰিবলৈ চেষ্টা কৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা
ইননি-বিননি কাণত পৰে, হুটা কথা খালত পৰে ৷
A polite request pays of, but an impolite word is hardly paid any attention to.ভাল মাতেৰে বা বিনম্ৰতাৰে অনুৰোধ কৰিলে মানুহ সহজে পতিয়ন যায়, একেটা কথা হুটা বা কৰ্কশ মাতেৰে ক'লে বিপৰীত ফলহে পোৱা যায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-17
Phrase খণ্ডবাক্য
হাত দীঘল ৷
Powerful or commandingক্ষমতাশালী Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা
সুবাৰী নষ্ট হয় মাজে ললে বাট। সুতিৰী নষ্ট হয় ঘনাই বুলিলে হাট।।
Those woman who roam in the market place may loose their character.বজাৰে-সমাৰে ঘূৰি ফুৰা তিৰোতাৰ স্বভাৱ নষ্ট হয়৷ Contributed by: biswadip gogoi on 2011-03-15
Idiom ফকৰা-যোঁজনা
মাক ভালেই জীয়েক জাতি ।
Natures and characteristics of a mother is reflected on her daughter. So it is said that the daughter is good when the mother is good.এগৰাকী মাকৰ আচাৰ ব্যৱহাৰ ,আচৰণ জীয়েকৰ গাত প্ৰতিফলিত হয় ।সেয়ে মাক ভাল হলে জীয়েকো ভাল হয় বুলি প্ৰবাদ আছে । Contributed by: Anjali Sonowal on 2008-07-02
Idiom ফকৰা-যোঁজনা
ওভত গোৰে নচা
Being very naughty, One who breaks the rulesবৰকৈ দুষ্টালি কৰা বা অনুশাসন নমনা Contributed by: Barnali Deuri Bora on 2010-10-28
Idiom ফকৰা-যোঁজনা
দুষ্টৰ একাল, সন্তৰ সৰ্বতিকাল
Powerful corrupt people may earn a place in the society only till they are in power, but a good human being will always be respected for his values.ক্ষমতাশালী দুৰ্নীতিপৰায়ণ লোকে নিজৰ প্ৰভাৱ থকালৈকেহে নিজৰ অনৈতিক কাৰ্য্যকলাপ চলাই থাকিও সমাজত বৰ মানুহ বোলাই থাকিব পাৰে৷ কিন্ত সজ লোক সমাজত সদায় সন্মানীয় ৷ Contributed by: Barnali Deuri Bora on 2010-10-13
Idiom ফকৰা-যোঁজনা
শগুণৰ শাৱত বুঢ়া গৰু নমৰে
An event do not happen just by wishing it.কিবা এটা ভাবিলেই বা ইচ্ছা কৰিলেই হৈ নাযায় Contributed by: Rupankar Mahanta on 2008-03-19
Idiom ফকৰা-যোঁজনা
গোঁফত তাও দে ৷
1) To twist and turn the moustache, 2) To be quite unconcerned or careless, 3) To be nonchalant.গোঁফ বা মোছ পকা; বে-পৰোৱা হ; দায়িত্বজ্ঞানহীনভাবে জীৱন যাপন কৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Phrase খণ্ডবাক্য
একাদশত বৃহস্পতি
In one's zodiac, appearance of Jupiter in the 11th position, which is believed to bring a luck or fortune.জন্মচক্ৰ বা ৰাশিচক্ৰত একাদশ স্থানত বৃহস্পতি গ্ৰহ থকা, অৰ্থাৎ সৌভাগ্য উদয় হোৱা ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-06
Idiom ফকৰা-যোঁজনা
আঠুৰ মঙহ বুকুত নেলাগে।
A person cannot be very close to another person who has a highly different set of cultural charactersযেনেদৰে বুকুৰ মঙহ যিমান আপোন, সিমান আপোন আঠুৰ মঙহ হব নোৱাৰে, একেদৰে বিজাতীয় বা পৰ মানুহ কেতিয়াও নিজ মানুহৰ দৰে আপুন হব নোৱাৰে। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা
তল-ওপৰ কৰ
To search something keeping no stone unturned.অধ্যয়ন, তালাছি আদি কৰোতে পুংখানোপুংখে বিচাৰ-খোচাৰ কৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-13
Idiom ফকৰা-যোঁজনা
চাউল দিবা যতেক, পানী দিবা তিনি ততেক
One has to boil rice using water in a quantity three times than that of rice.চাউল ভালকৈ সিজাবলৈ হ’লে চাউলৰ পৰিমাণৰ তিনি গুণ পানী দিব লাগে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-17
Idiom ফকৰা-যোঁজনা
আমকলা হোৱা দিয়ে, দৈকলাৰ জুতি লাগে ।
Enjoy the hardwork of others.কাৰোবাৰ কষ্ট আৰ্জিত ফলক আন কোনোবাই আয়াসতে ভোগ কৰা । Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-07-28
Idiom ফকৰা-যোঁজনা
খাবলৈ দমাদম বনলৈ গৰীয়া, পিন্ধিবলৈ লাগে তাক আচুৱালি চুৰিয়া ৷
A person who is very good at eating and he demands the best dhoti with handiworks to wear but very lazy when it comes to work.খোৱা-বোৱাত খুউব ভাল, কাম-বন কৰিবলৈ এলাহ অথচ পিন্ধিবলৈ ভালৰো ভাল আচু থকা চুৰিয়া খন লাগে ৷ Contributed by: Barnali Deuri Bora on 2010-11-19
Idiom ফকৰা-যোঁজনা
বোৱতী গংগাত হাত ধোৱা৷
To get benefited by contributing a little to a venture which has been profitably run through hard work of others.কোনো ব্যক্তি বা ব্যক্তিসমূহৰ প্ৰচেষ্টাত লাভজনকভাৱে চলি থকা কোনো কামত আন ব্যক্তি বা ব্যক্তিসমূহে অতি নগণ্য অবদান আগবঢ়াই অধিক লাভবান হোৱা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2016-06-27
Idiom ফকৰা-যোঁজনা
মাটিত থ'লে পৰুৱাই খায়, মূৰত থ'লে ওকণিয়ে খায় |
To take care of someones beloved with utmost delicacy.বৰ আলসুৱাকৈ কাৰোবাক আপদাল কৰা |হায়ৈ-বিয়ৈকৈ ক'ত থ'ম কি কৰিম অৱস্থা | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-26
Idiom ফকৰা-যোঁজনা
ঢৌতে খৰ মাৰ
taking some time off from a busy scheduleকামৰ মাজেত সময় উলিয়া Contributed by: Pranjit Kalita(প্ৰাণজিৎ কলিতা) on 2010-02-22
Idiom ফকৰা-যোঁজনা
মাতিলে ৰণলৈকো যাবা, নামাতিলে ভোজলৈকো নাযাবা ৷
If you are invited, then do not dither to go even to a war. You will be able to do so with your head high. But if you are not invited yet you could not stop from attending a feast, you will be seen as a person without any self-respect, like a beggar.আমন্ত্ৰণ জনালে ৰণলৈও যাবলৈ সংকোচ কৰিব নালাগে, কিয়নো এনে কৰিলে সন্মান পোৱা যায়৷ কিন্তু নামাতিলে ভোজ-ভাত খাবলৈও যাব নালাগে, কিয়নো এনে কৰিলে আত্ম-সন্মান হানি হ’ব পাৰে৷ Contributed by: Rupankar Mahanta on 2009-12-17
Phrase খণ্ডবাক্য
পাত পাতকৈ বিছাৰ/চা ৷
To search in every place keeping no stone un-turned.প্ৰতিটো সম্ভাব্য ঠাইত ভালদৰে বিছাৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-11
Idiom ফকৰা-যোঁজনা
ভেকুলি ওলোৱাৰ ভয়ত পুখুৰী নাখান্দিব নেকি
If we want to do something big and meaningful some minor bad consequence may occurs, we should not afraid of it.ভাল ডাঙৰ কিবা এটা কাম কৰিবলৈ গলে, দুই এটা সৰু-সুৰা বিঘিনি হবই, তাৰ ভয়ত কামটো বাট দিব নালাগে৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-01
Idiom ফকৰা-যোঁজনা
খঁকুৱাৰ পাত কাটোঁতেই গ’ল; নিখঁকুৱাই মাটিতে খালে৷ অথবা, খঁকুৱাই থাকে চাই, নিখঁকুৱাই মাটিতে খায় ৷
While the greedy gets ready for eating, the other eats away everything as he finds it. Similarly, while someone remains busy planning to doing something, another may accomplish the task even without much planning.খঁকুৱা মানুহে ভোকত থাকিও ভাত খাবৰ কাৰণে কলপাত কটাৰ দৰে বিভিন্ন আয়োজন কৰোঁতেই সময় পাৰ কৰে, কিন্তু নিখঁকুৱা মানুহে যেনেদৰে পায় তেনেদৰেই খাই পেট ভৰায় ৷ ইয়াৰ পৰোক্ষ অৰ্থ হৈছে - `কোনোবাই কোনো এটা কাম কৰিবলৈ মনতে পৰিকল্পনা কৰি থাকোঁতেই আনে কোনো পৰিকল্পনা নকৰাকৈয়ে কামটো শেষ কৰা ৷’ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা
অপ্ৰিয় সত্য নোকোৱাই ভাল ৷
Do not speak an unpleasant truth.অপ্ৰিয় সত্য কবলৈ গ'লে আপোনজনো ৰুষ্ট হোৱাৰ আশংকা থাকে, সেয়ে অপ্ৰিয় সত্য নোকোৱাই ভাল ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা
অন্ধৰ হস্তী দৰ্শন
To have misleading notion about something when its partial view is supposed to be the complete viewকোনো বস্তুৰ সামগ্ৰিক ৰূপটো উপলব্ধি নকৰি তাৰ আংশিক ৰূপটোক সামগ্ৰিক জ্ঞান কৰা Contributed by: Pankaj Jyoti Mahanta(পংকজ জ্যোতি মহন্ত) on 2011-04-09
Idiom ফকৰা-যোঁজনা
আপুতৰ পুত কোঁচতে মুত ৷
When one shows excessive love and care for an object, person or material.পুত্ৰ সন্তান নোহোৱা ব্যক্তিয়ে পুত্ৰ পালে তাক অতিমাত্ৰা মৰম কৰি, নকৰিবলগীয়া কাম কৰিলেও অকনো আপত্তি নকৰে আৰু একেদৰে মানুহে যেতিয়া অতি আশাৰে লব্ধ বস্তুৰ প্ৰতি মাত্ৰাহীনভাৱে যত্নবান হয় তেতিয়া এই ফকৰাৰ প্ৰয়োগ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-03
Riddle সাথৰ
এখনি মাৰলি দুখনি চাল নবন্ধাকৈ আছে সৰ্বতিকাল
The answer is:- banana leaf. The middle steam is considered as marali, a suppoting rod of a roof.উত্তৰ:- কলগছৰ পাত৷ মাজৰ শকত শিৰা দাল মাৰলি৷ কাষৰ দুই অংশ দুখন চাল৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-11
Idiom ফকৰা-যোঁজনা
চগাৰ পাখি গজে জুইত পুৰি মৰিবলৈ ৷
Sudden empowerment ignites oneself to perform suicidal activities.চগাৰ পাখি গজিলে উৰিব পৰা হয় আৰু জুইৰ প্ৰতি আকৃষ্ট হৈ জুইৰ উৎসলৈ উৰা মাৰে তথা তাতে পুৰি মৰে ৷ একেদৰে মানুহৰ আকস্মিক উত্থান হ'লে, নিজৰ সামৰ্থ, শক্তি, ঐশ্বৈৰ্য্য, ক্ষমতা, সম্পদ আদিৰ সঠিক ব্যৱহাৰ কৰিব নোৱাৰা হয় আৰু তাৰ অপপ্ৰয়োগেৰে নিজৰ ধ্বংস মাতি আনে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-12
Idiom ফকৰা-যোঁজনা
যথা ধৰ্ম্ম তথা জয়৷
A good work always results in a good outcome.সৎ পথেৰে সঠিকভাৱে আগুৱালে সদায় জয় হয়৷ Contributed by: Sitaram Upadhyaya on 2014-12-19
Idiom ফকৰা-যোঁজনা
ওলায়ে দেখিবা যাক, শত্ৰু নাভাবিবা তাক৷
One should not have enmity with his neighbours.প্ৰতিৱেশী বা ওচৰ-চুবুৰীয়াৰ সৈতে শত্ৰুতা কৰা অনুচিত৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-01-16
Idiom ফকৰা-যোঁজনা
জেওৰাই খেতি খায় ৷
When a protector intentionally, illegally or unethically destroys or grabs the things that are kept under his custody instead of safeguarding them.জেওৰা দিয়া হয় গৰু-ছাগলীৰ পৰা খেতি ৰক্ষা কৰিবলৈ আৰু সেই জেওৰাই যদি খেতি খাই নষ্ট কৰে, তেনেহ'লে সেই খেতিক কোনেও বচাব নোৱাৰে ৷ অৰ্থাৎ ৰক্ষকেই ভক্ষক হোৱা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-07
Idiom ফকৰা-যোঁজনা
লাও যিমানেই ডাঙৰ নহওক, সদায় পাতৰ তল ৷
In spite of having talents or intellectual excellence, a dependent cannot express them properly. (Earlier it was used to indicate the social status of a woman.)প্ৰতিভা অথবা জ্ঞান-গৰিমাৰে পৰিপূৰ্ণ হ’লেও পৰাধীন লোকে সেইবোৰ প্ৰকাশ কৰাৰ সুবিধা নাপায় ৷ (আগেয়ে এই পটন্তৰটি নাৰীৰ সামাজিক অৱস্থান বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল ৷) Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-26
Idiom ফকৰা-যোঁজনা
গৰুৰ আগত টোকাৰী বায় / বীণ বজায়, শিং জোকাৰি ঘাঁহ খায় |
A cow cannot appreciate music. Therefore, even if you play an instrument in front of a cow, it will not stop feeding to listen to the music. Therefore it suggests that there is a proper place/audience for certain acts and these acts should be performed in these places in order to be appreciated.গৰুৰ আগত টোকাৰী বজালেও যিদৰে সঙ্গীতৰ মোল একো বুজিব নোৱাৰি শিং জোকাৰি ঘাঁহ খোৱাতহে মগ্ন হয়, সেইদৰেই অজ্ঞানী লোকক যিমানেই ভাল কথা কোৱা নহওক কিয় তাক উলাই কৰি নিজৰ ইচ্ছামতে কাম কৰিয়েই যায় | এই ফকৰা ফাকি \'অবুজনক বু্জোৱা আৰু ঢেৰুৱা ঠাৰি সিজোৱা\' ফকৰা ফাকিৰ সমাৰ্থক | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-29
Idiom ফকৰা-যোঁজনা
উপদেশতকৈ আৰ্হি ভাল ।
Example is better than precept.আনক উপদেশ দিয়াতকৈ কোনো কাম নিজে কৰি দেখুৱাব লাগে । Contributed by: Anjali Sonowal on 2008-07-22
Idiom ফকৰা-যোঁজনা
ঘন ঘনকৈ দিবা আলি, তেহে খাবা নানান শালি |
Shali is a species of paddy which need plenty of water in the paddy field to get good cultivation. To collect water in the rainy season more number of damp is necessary. So, to have good grain from Shali you have to make more damps. Which intriguingly means that hard work is an integral part to achieve success.শালি ধানৰ কাৰণে যথেষ্ট পৰিমাণৰ পানীৰ প্ৰয়োজন | সেইবাবে শালি-তলিত পানী ৰাখিবৰ কাৰণে আলি দিয়া হয় | মাটি বাম হ’লে পানী সহজে নৰয় | তাৰ কাৰণে আলি ঘনাই দিয়াৰ প্ৰয়োজন হয় | আলি ঘন হ’লে পানী ৰ’বই আৰু তেতিয়া বাম মাটিতো শালি খেতি ভাল হয় | গতিকে নানাবিধৰ ভাল শালি খেতি পাবলৈ হ’লে আলি ঘনাই দিব লাগে | ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে কোনো বিষয়ত সুফল আৰ্জন কৰিব খুজিলে তাৰ সু-ব্যৱস্থাও ল’ব লাগে | Contributed by: Biraj Kumar Kakati on 2008-03-28
Idiom ফকৰা-যোঁজনা
বৰগছ নথকা ঠাইত এৰা গছেই বৰগছ ৷
In the absence of intelligent and wise men, a person with little knowledge may gain importance.জ্ঞানী-গুণী লোকৰ অনুপস্থিতিত স্বল্পজ্ঞানীজনেই সমাদৰ লাভ কৰিবলৈ সক্ষম হয়৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-26
Idiom ফকৰা-যোঁজনা
ফিৰিঙতিৰ পৰাই খাণ্ডব দাহ হয় ৷
A big forest can burn and turn into ashes even from an ember. Similarly, as a consequence of one small mistake, one may suffer from a big problem.এটা মাত্ৰ জুইৰ স্ফুলিঙ্গৰ পৰাই খাণ্ডবৰ দৰে এখন বৃহৎ অৰণ্য পুৰি চাৰখাৰ হৈ যাব পাৰে ৷ ঠিক সেইদৰে মানুহে কৰা একোটা সাধাৰণ ভুলে ডাঙৰ বিপদ মাতি আনিব পাৰে ৷ এতেকে কোনো কথাকে গুৰুত্বহীন বুলি হেয় জ্ঞান কৰিব নালাগে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-27
Idiom ফকৰা-যোঁজনা
সজৰ লগত সজ সঙ্গতি, মধুক কৰিলো পান, বিক্ৰমাদিত্যৰ মূৰত উঠি গঙ্গাত কৰিলো স্নান ৷
In the association of honest persons people learn good things and can make their life more meaningful.সৎ সঙ্গত থাকিলে মানুহে ভাল কথা শিকিব পাৰে আৰু জীৱন যাপনৰ মানো উন্নত হয় ৷ Contributed by: Barnali Deuri Bora on 2010-11-08
Idiom ফকৰা-যোঁজনা
ঋণ কৰি সাঁচে, অলক্ষীয়ে মূৰত নাচে ৷
A loanee should not plan to save.যি মানুহে ঋণ লৈ সঞ্চয় কৰিব খোজে, তেনে মানুহৰ উন্নতি নহয়; কাৰণ তেনে মানুহ কেতিয়াও আৰ্থিকভাৱে স্বচ্ছল হ`ব নোৱাৰে। Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-09
Idiom ফকৰা-যোঁজনা
পিঠিত কুলা বান্ধ ৷
To tolerate physical torture without any complaint or reaction.কুলাৰে বাহঁৰ ধান-চাউল আদি জৰা হয়৷ সেই কুলা পিঠিত বান্ধিলে পিঠিত পৰা প্ৰহাৰৰ কষ্ট লাঘৱ হয়৷ সেয়ে এই খণ্ডবাক্যই শাৰীৰিক শাস্তি, যাতনা আদি বিনা প্ৰতিবাদেৰে সহ্য কৰা বুজায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-06-10
Idiom ফকৰা-যোঁজনা
লোণ আনোতে আনোতে পঁইতাই শেষ ৷
To take excessive time to accomplish a work and finishing it when it has no worth.পঁইতা ভাত সাধাৰণতে লোণ বা নিমখ সানি খোৱা হয় ৷ যদি পঁইতা খাবলৈ বহি কৰোবাক নিমখ আনিবলৈ কোৱা হয় আৰু নিমখ আনোতে ইমান দেৰি লগোৱা হয় যে নিমখ আহি পায় মানে বিনা-নিমখেৰেই ভাত খোৱা শেষ হৈ যায়, তেনেহ`লে দেৰিকৈ অনা নিমখৰ কোনো প্ৰয়োজনেই নেথাকে ৷ সেয়ে এই ফকৰাই প্ৰয়োজনৰ সময়ত হেমাহি কৰি কোনো কাম অযথা দেৰিকৈ কৰা আৰু প্ৰয়োজনত নকৰা কাৰ্য্যক বুজায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-07
Idiom ফকৰা-যোঁজনা
ছাঁই পেলাওঁতে প্ৰয়োজন ভঙা কুলাৰ ৷
Scapegoat of the family.ভঙা কুলাৰ পৰিস্কাৰ-পৰিছন্নতা বা সামৰি-সিটৰি ৰখাৰ প্ৰতি কোনেও যত্ন নলয়, কিন্তু চৌকাৰ ছাঁই পেলোৱাৰ সময়ত সেইখন কুলা নহ'লেই নচলে, কাৰণ ছাঁয়েৰে ভৰা চৌকাখন খালি নকৰি চৌকাত জুই ধৰিব নোৱাৰি৷ একেদৰে পৰিয়াল, অনুষ্ঠান আদিৰ কোনো ব্যক্তিবিশেষক আমোদজনক বা সন্মানজনক কামত ভাগ লবলৈ নিদি (বা পৰিয়ালৰ সুখৰ ভাগ নিদি) কেৱল নিৰস- নিৰানন্দদায়ক কামৰ সময় আহিলতহে স্মৰণ কৰা হয়, এনে অৰ্থত ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-08
Idiom ফকৰা-যোঁজনা
আইৰো বার্তা, গঙ্গাৰো যাত্রা
A daughter usally loves to visit her home after her marriage; while going for pilgrimage if she can visit her mother, then joy knows no bounds. It implies performing two satisfying jobs on a single occassion.গঙ্গা যাত্রা কৰোঁতে অর্থাৎ তীর্থ ভ্রমণ কৰিবলৈ যাওঁতে বিয়া দিয়া ছোৱালীয়ে যদি মাকৰ ঘৰতো সোমাই মাকৰ খবৰ লৈ আহিব পাৰে, তেতিয়া হ’লে আনন্দৰ সীমা নাথাকে৷ গতিকে এই ফকৰা-যোজনাটোৱে একে আয়াসতে দুটা মনে বিছৰা কাম সমাধা হোৱা বুজায়৷ Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা
নতুন মুৱাজ্জিনে বিনা ৱক্তত (অসময়ত) আজান দিয়ে ৷
The muwazzin (the Azan Reciter) of mosque should recite the Azan on time of Namaaz, however a novice muwazzin starts reciting Azaan before time of Nammaz. This denotes, a novice always shows excessive restlessness in doing something.মুৱাজ্জিনে মছজিদত নমাজৰ সময় হলেহে আজান দিয়াৰ নিয়ম, কিন্তু নতুনকৈ আজান শিকা মুৱাজ্জিনে নমাজৰ ৱক্তৰ (সময়) কাৰণে অপেক্ষা নকৰি অসময়তে আজান দিবলৈ যাব বিচাৰে ৷ অৰ্থাৎ কোনো মানুহে নতুনকৈ কিবা কথা শিকি বা নতুনকৈ কিবা বাব লৈ ধৈৰ্য্যহীনতা প্ৰদৰ্শন কৰি অতিৰিক্ত তৎপৰতা দেখুৱায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-06-26
Idiom ফকৰা-যোঁজনা
পো-নাতি লয় আতি, জী-নাতি জপনা কাতি
Grandchildren from son`s side gets priority whereas grandchildren from daughter`s side are ignored.পুতেকৰ ল’ৰা-ছোৱালীক গুৰুত্ব দিয়ে, অথচ জীয়েকৰ ল’ৰা-ছোৱালীক অৱজ্ঞা কৰে। Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-15
Idiom ফকৰা-যোঁজনা
উদৰ সাত পুৰুষ গ’ল কেঁচা মাছ খাওঁতেই
The idiom is used as an insulting remark to someone who craves for avenues beyond his need and elligibility.নিজৰ অৰ্হতা অথবা প্ৰয়োজনতকৈ অধিক সা-সুবিধা উপভোগৰ আকাংক্ষা কৰোঁতা জনক ইতিকিং কৰাৰ অৰ্থত এই যোজনাটি ব্যৱহাৰ হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-21
Idiom ফকৰা-যোঁজনা
যিমান গাজে, তিমান নবৰষে ৷
1) Much cry and little wool. 2) Barking dog seldom bite.মেঘে যিমান জোৰে গাজে, সেই অনুপাতে বৰষুণ নহয় ৷ অৰ্থাৎ, বেছিকৈ কথা কোৱা মানুহৰ কৰ্ম কম হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
হাঁহৰ ওপৰত শিয়াল ৰজা
A fox tries to establish kingship(command) over a duck. Similarly a man tries to establish kingship over a man relatively inferior to him.দুৰ্বল ব্যক্তিৰ ওপৰত তেওঁতকৈ অলপ সবল ব্যক্তি এজনে নিজৰ ক্ষমতা প্ৰতিপন্ন কৰা৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-07
Idiom ফকৰা-যোঁজনা
ওপৰে বৰ চুৰিয়াৰ ফেৰ, ভিতৰে ঢকুৱাৰ বেৰ
to conceal poverty showing more than earningনিজৰ দৰিদ্ৰতা ঢাকিবলৈ জাকজমকতা দেখুওৱা Contributed by: Promoth Hazarika on 2012-08-30
Idiom ফকৰা-যোঁজনা
বেতনিত ঔ পৰিল, গোবিন্দায় (বা বাসুদেৱায়) নমঃ
become unusable even before something is ready to be usedসাধাৰণতে বেতঁনিৰ কাষত ঔ-টেঙাৰ গছ থকা দেখা যায় আৰু ঔ-টেঙা পাৰোঁতে সি যদি বেতঁনিত পৰে তেন্তে তাক তাতে বিসৰ্জন দিয়াৰ বাদে অন্য উপায় নাথাকে (যেনেদৰে যজ্ঞত আহুতি দিয়াৰ সময়ত 'গোবিন্দাই নমঃ' বুলি একেবাৰে বিসৰ্জন দিয়া হয়)৷ ইয়াৰ অৰ্থ হ'ল কোনো এটা কাম বা বস্তু পুনৰ আৰম্ভ বা প্ৰাপ্ত কৰিব নোৱাৰাকৈ শেষ হোৱা ৷ অৰ্থাৎ তাক একেবাৰে বিসৰ্জন দিয়া ৷ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-13
Idiom ফকৰা-যোঁজনা
আৰৈতকৈ উখুৱাৰ খচখচনি টান ৷
A person with low mentality is more importunate than a good human being.উচ্চ প্ৰবৃত্তিৰ লোকতকৈ নীচ মনোবৃত্তিৰ মানুহ বেচি বিৰক্তিকাৰক বা খেচখেচিয়া ৷ Contributed by: Barnali Deuri Bora on 2010-11-19
Idiom ফকৰা-যোঁজনা
অইনৰ অইন চিন্তা, বান্দৰৰ কল খোৱাৰ চিন্তা
A selfish person always thinks for fulfilling his own interests and never shows any concern to other`s interest.স্বাৰ্থপৰ মানুহে সকলো সময়তে কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ কথাহে চিন্তা কৰে; আনৰ স্বাৰ্থ বা কামৰ প্ৰতি কোনো আগ্ৰহ নেদেখুৱায় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
খলুৱাক নিদিবা প্ৰশ্ৰয়, ঘৰত শান্তি নিশ্চয় ৷
Do not entertain cunning persons and keep your family life peaceful.খলুৱা অৰ্থাৎ অ'ৰ কথা ত'ত লগাই ফুৰা লোকক প্ৰশ্ৰয় নিদিলে, পাৰিবাৰিক দন্দ-খৰিয়াল নহয় তথা ঘৰলৈ শান্তি অহাটো নিশ্চিত হৈ পৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা
যেতিয়ালৈকে শ্বাস, তেতেইয়ালৈকে আশ ৷
1) While there is life, there is hope. 2)A drowning man catches a straw.মানুহে মৰাৰ আগমুহূৰ্তলৈকে আশা এৰি নিদিয়ে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
আলহীয়ে বিচাৰে শাকত লোণ ধান কিনাই বিচাৰে ডাঙৰ দোন
Salt was very expensive in earlier days still guests loved when their curry was preapared with salt and a paddy- buyer wants larger vessels for storing them , which mean every one wants their own objectives to be fulfilled.আগৰ কালত লোণ বৰ মহঙা হোৱা বাবে সাধাৰণ ৰাইজে লোণৰ সলনি খাৰহে ব্যৱহাৰ কৰিছিল আৰু আলহী বা অঙহী-বঙহী আহিলেহে লোণেৰে ভাতসাজ খাইছিল ৷ আটকীয়া বুলি জানিও আলহীয়ে লোণকণ হলেহে ভাল পায় আৰু ধান কিনোতাই থবলৈ ডাঙৰ দোন বিচাৰে ৷ অৰ্থাৎ সকলোৱে নিজৰ স্বাৰ্থকহে প্ৰাধান্য দিয়ে ৷ Contributed by: Barnali Deuri Bora on 2010-11-23
Idiom ফকৰা-যোঁজনা
বুৰে প্ৰতি শেলেকু ৷
One cannot expect to get beneficial and uniform results from every similar attempt.বিল বা পুখুৰীৰ পানীত বুৰ মাৰি, এবাৰ বা দুবাৰ শেলেকু উঠাব পাৰিলে বুলি প্ৰতি বুৰতে শেলেকু পোৱা নেযায় ৷ একেদৰে সংযোগবশতঃ কোনো কামৰ ভাল পৰিণাম পালেও, একেধৰণৰ কামৰ বাবে তেনে ফল বা পৰিণাম প্ৰত্যেক বাৰ পাব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-23
Idiom ফকৰা-যোঁজনা
আইৰ ঘৰলৈ যাম, দুবেলা দুমুঠি খাম | বিধাতাই বোলে ময়ো পাছে পাছে যাম ||
Sometimes, misfortune does not leave people to enjoy in good time also.বিয়া দিয়া ছোৱালী মাকৰ ঘৰলৈ যোৱাটো বৰ সুখৰ কথা | কিন্তু তাতো গৈ যদি বিধিৰ বিপাকত অশান্তিৰ মূখামূখি হয় সি বৰ দুৰ্ভাগ্যৰ কথা | এইষাৰ ফকৰাৰ অৰ্থ "ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি" ফকৰা ফাঁকিৰ দৰেই হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-15
Idiom ফকৰা-যোঁজনা
দুই নাৱত দুই ভৰি
a catch 22 situation when one is unable to decide between the two choicesবিকল্পবোৰৰ পৰা সঠিক বিকল্পটো বাছনি কৰিব নোৱৰা অৱস্থা Contributed by: Rupankar Mahanta on 2008-09-03
Idiom ফকৰা-যোঁজনা
আপোন ভালেই জগত ভাল |
If anyone is perfect by his own, then he will find everything perfect around him.নিজে ঠিক থাকিলে সমগ্র পৃথিৱী খনেই ঠিক থাকে | কোন কেনেকৈ ক’ত মিলি থাকিব পাৰে সেইটো নিজৰ ওপৰতে নিৰ্ভৰ কৰে | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা
মই লৈ যাও ৰৌ-বৰালী, তুমি লৈ যোৱা কুচিয়া-মিৰিকা; নহ’লে তুমি লৈ যোৱা কুচিয়া-মিৰিকা, মই লৈ যাও ৰৌ-বৰালী ৷
This phrase is used to ridicule a person who takes lion’s share for himself and deprives others from getting their deserving share.দুজন মানুহ মাছলৈ গৈ ৰৌ, বৰালী, কুচিয়া আৰু মিৰিকা মাছ ধৰে, আৰু ভাগ-বতৰা কৰোতাজনে মাছ ভাগ-বতৰা কৰাৰ সময়ত এইদৰে (ফকৰাটো) কয় ৷ অৰ্থাৎ ভাগ-বতৰা কৰোতাজনৰ ভাগত সদায় ৰৌ-বৰালী পৰিব আৰু আনজনৰ ভাগত সদায় কুচীয়া আৰু মিৰিকা ৷ অৰ্থাৎ যেতিয়া বিলাই দিয়া কাৰ্যত অনিয়ম হয়, আৰু আবন্টন কৰোতাই কৰোবাক প্ৰাপ্য বস্তুৰ পৰা বঞ্চিত কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰে, তেনেস্থলত এই ফকৰা মাতি আবন্টন কৰোতাজনক উপলুঙা কৰা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-11
Idiom ফকৰা-যোঁজনা
কুটৰ পো কুটি, লোকলৈ বুলি হুল পুতি, নিজে মৰে ফুটি ৷
A conspiracy always harms the conspirator.আনৰ অপকাৰ কৰিবলৈ ষড়যন্ত্ৰ কৰিলে, নিজেই সেই ষড়যন্ত্ৰৰ বলি হ`বলগীয়া হয়। Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-14
Idiom ফকৰা-যোঁজনা
ফাগুনৰ পছোৱাই দুৱাৰ মেলে, বৰলাৰ গাত জগৰ লাগে৷
A person of having suspicious condition comes into the circle of blame, may he happens to be honest one or innocent about the evil deed done by someone else.পশ্চিমৰ পৰা পূৱলৈ বোৱা বতাহ জাকক পছোৱা বুলি কোৱা হয়৷ এই বতাহ জাকে দুৱাৰ মেলিলেও বৰলাই আহি ঘৰৰ কোনোবা জীযৰী/বোৱাৰীক কিবা অশালীন ব্যৱহাৰ কৰিছে নেকি এনে সন্দেহ কৰা হয়৷ অৰ্থাৎ যিজনৰ স্থিতি সন্দেহজনক, নিৰপৰাধী হ’লেও তেনে লোককে সন্দেহৰ চকুৰে চোৱা হয়৷ Contributed by: Sitaram Upadhyaya on 2015-09-03
Idiom ফকৰা-যোঁজনা
ধাই মাক আঞ্জা-ভাত, আপোন মাৰ শুদা পাত ৷
To show favouratism to someone inappropriately and deprive some other from the good things that are deserved by the person concerned.ধাই মাতৃক বৰ মৰম দেখুৱাই ভাল ভাল আঞ্জাৰে ভাত খুৱাই, যদি আপোন মাতৃক শুদা ভাত দি বঞ্চিত কৰা হয় তেনেহ'লে দৃষ্টিকটুভাবে অনুচিত কাৰ্য হ'ব ৷ অৰ্থাৎ অযোগ্যক অনুচিতভাবে উদগনি, সহায়, মৰম আদি দিয়া আৰু যোগ্যক বঞ্চিত কৰা কাৰ্য ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা
আহক বাৰিষা, কাটক পাত; ৰৈ যা ভিনীহি খাই যা ভাত |
To keep someone waiting by referring to something which is expected to happen only in distant future.কিবা এটা ভবিষ্যতে হ'ব বুলি আশা দি কাৰোবাক আভূৱা ভাৱী থকা | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-17
Idiom ফকৰা-যোঁজনা
ঐৰাৱতো নিমাখিত হয় কাণত সোমোৱা পৰুৱাৰ ওচৰত ৷
Ant is a very small insect and its existence is negligible in front of an elephant. However, if an ant enters the ear of an elephant, this small creature makes the elephant to feel its existence giving much trouble to it. Thus, a small creature, if neglected, may pause much bigger problem.ঐৰাৱত বা হাতীৰ সমুখত পৰুৱা আকাৰত তেনেই নগণ্য প্ৰাণী, কিন্তু হাতীৰ কাণৰ ভিতৰত সোমালে সেই পৰুৱায়ো হাতীক অতিকৈ কষ্ট দিব পাৰে ৷ সেয়ে এই ফকৰাৰ সন্নিৱিষ্ট অৰ্থ হ`ল যে অসতৰ্ক হ`লে কোনো তুচ্ছ বস্তু বা প্ৰাণীয়েও মানুহক মহাবিপদত পেলাব পাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-24
Idiom ফকৰা-যোঁজনা
হাতত পাই বাটত হেৰুৱা৷
Losing something of great value due to negligence.কোনো কামৰ সুফল পোৱাৰ পিছতো অসাৱধানতাৰ হেতু সেই সুফল হেৰুৱাই পেলোৱা৷ Contributed by: Sitaram Upadhyaya on 2015-01-29
Idiom ফকৰা-যোঁজনা
কাক ক’ম কোনে পতিয়াব, যাক ক’ম সিয়ে লঠিয়াব ৷
The unsteady mind of a person having some mental conflict within himself.মানসিক অন্তৰ্দ্বন্দত ভোগা মানুহৰ মনৰ উগুল-থুগুল অৱস্থা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-02
Idiom ফকৰা-যোঁজনা
পৰ যে পৰ বাটত পৰি পৰি মৰ
Kith and kins are always the best help during distress.আপোন মানুহৰ দৰে পৰে সহায় নকৰে, সেয়ে পৰৰ আশাত থাকি আপোন মানুহৰ লগ এৰিলে বাটত পৰি মৰিলেও কোনো চাওঁতা নাথাকে। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা
লাগে তামোল নালাগে, নালাগে তামোল লাগে
If one stays very closely to another then there bound to be quarrel between them, that their relationship does not sustain. On the other hand, if they stay not very closely their relation will flourish.গাত গা লগাকৈ তামোল গছ ৰুলে তামোল নালাগে, গাত গা নলগাকৈ ৰুলে তামোল লাগে। অর্থাৎ কাৰোবাৰ সৈতে সম্পৰ্ক বেচি ঘনিষ্ঠ হ’লে তাৰ ফল ভাল নহয় ৷ অলপ দূৰে দূৰে থাকিলে মৰম চেনেহ বাঢ়ে। Contributed by: Syed Sayeedur Rahman on 2008-06-28
Idiom ফকৰা-যোঁজনা
মৰিবৰ সময়ত মকৰধ্বজ বিছৰা
Keeping the works pending and trying hard to find solutions at the last moment.কৰিব লগীয়া কামবোৰ নকৰি পেলাই থোৱা আৰু অন্তিম সময়ত উপায় বিচাৰি হাবাথুৰি খোৱা Contributed by: Barnali Deuri Bora on 2010-10-27
Idiom ফকৰা-যোঁজনা
যুঁজিবলৈ আহিলে মাল, দুইহাতে ছিঙিলে বাল ৷
A person who is over conceited about his capabilities.মল্লযোদ্ধা আহিল যুঁজিবলৈ, কিন্ত দুয়ো হাতেৰে নিজৰ চুলিহে ছিঙিব পাৰিলে ৷ অৰ্থাৎ মইবৰ ভাৱ থকা বা অহঙ্কাৰী লোক, যি নিজকে মিছাতে বহুত গুণৰ অধিকাৰী বুলি ভাবে ৷ Contributed by: Barnali Deuri Bora on 2010-11-10
Idiom ফকৰা-যোঁজনা
খাওঁতে-শোওঁতে, উঠোঁতে-বহোঁতে ৷
At all time and in all circumstances.সকলো সময়তে বা সকলো ক্ষেত্ৰতে বুজাবলৈ ব্যৱহাৰ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
নলগা জেঙত লগা
wasting time by doing unnecessary thingsঅদৰকাৰী কামত লাগি অবাবত সময় নষ্ট কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-30
Riddle সাথৰ
যাক অপচন্দ কৰোঁ, তাৰ চলন বেঁকা ৷
Faults are thick where love is thin.মানুহে কাৰোবাক বেয়া পালে, সেই ব্যক্তিৰ গাত সদায় দোষ বিচাৰি ফুৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
তোমাৰ ঘৰৰে বাঁহ-গাঁজ আনি তাৰে কৰিলোঁ খৰিছা; তোমাতে বেচি ধান দোণ লৈছোঁ কথাটো মন কৰিছা?
Deceiving somebody by selling stuff owned by himself.কাৰোবাৰ পৰা অনা বস্তু পুনৰ গৰাকীকে বেচি ঠগী খোৱা স্বভাৱ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা
অজ্ঞানীক জ্ঞান দি মনত পালোঁ কষ্ট, কণীবোৰ ভঙাই পেলাই বাহো কৰিলোঁ নষ্ট |
The monkey is considered as a very stupid animal. Some birds advised the monkeys to build their home showing their own nests. But the monkeys thought that they were just insulted by the birds by giving this advice and so they broke their eggs and destroyed the nests. Through this proverb, it is said that one should not try to advise a fool, as he may take it otherwise and can cause harm in turn.বান্দৰ অতি মূৰ্খ প্ৰাণী | বৰষুণত তিতি-বুৰি জুপুৰি দিয়া বান্দৰবোৰক টোকোৰা চৰাইবিলাকে নিজৰ উদাহৰণ দেখুৱাই বাহ সাজিবলৈ উপদেশ দিছিল | কিন্তু মূৰ্খ বান্দৰবোৰে উপহাস কৰা বুলি ভাবি টোকোৰাৰ কণীবোৰো নষ্ট কৰিলে আৰু বাহবোৰো ভাঙিলে | ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে মূৰ্খবোৰক সজ উপদেশ দিবলৈ যাওঁতে কেতিয়াবা সিহঁতে ভুল বুজি উপদেশকাৰীৰহে অনিষ্ট সাধন কৰে | গতিকে মূৰ্খক উপদেশ দিয়াটো অৰ্থহীন | Contributed by: Biraj Kumar Kakati on 2008-03-28
Phrase খণ্ডবাক্য
আইধৰতকৈ বাইধৰ চাৰ্ হ
one trouble following another with greater intensityএটা বিপদৰ ওপৰত আন এটা তাতোকৈ ডাঙৰ বিপদ আহি পৰা Contributed by: Pankaj Jyoti Mahanta(পংকজ জ্যোতি মহন্ত) on 2011-03-27
Idiom ফকৰা-যোঁজনা
পঢ়ায়, পঢ়ে, ৰোৱে পাণ; এই তিনিয়ে নিচিন্তে আন ৷
While teaching, reading or planting a beetal leaf creeper, one should concentrate only in his own work without thinking anything else.আনক পঢ়াওঁতে, নিজে পঢ়োঁতে আৰু বাৰীত পাণ ৰোওঁতে অন্য চিন্তা নকৰি কেৱল নিজৰ কামত মনোযোগ দিয়া উচিত ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-31
Idiom ফকৰা-যোঁজনা
একে কাঠি কাঁড়ে সাতোটা সিংহক মাৰিলো লোকক নকলো লাজে, ছমাহ খাপ দি নিগনি এটা মাৰিলে তাতে ধনঞ্জয় ঢোল বাজে ৷
A person who exaggerates much and gives publicity about a trifleআহোম ৰজাৰ দিনত, ৰাজ্য বিজয়ৰ পাছত বিজয়োল্লাসৰ চিন হিচাবে ’ধনঞ্জয়’ ঢোল বজাইছিল ৷ অৰ্থাত্ সৰু কাম এটা কৰিয়েই গোটেইখন ঢোল পিটি ফুৰা ৷ Contributed by: Barnali Deuri Bora on 2010-11-15
Idiom ফকৰা-যোঁজনা
নানা মুনিৰ নানা মত৷
'If everyone says yes, someone is not listening!' Every individual has an unique perspective. So rather than trying to get everyone say yes to a point, we should respect their differences of opinions and decide what works best for our purpose.সকলো লোকৰে নিজা মতামত আৰু তাৰ যুক্তি থাকে৷ গতিকে আমি সকলোৰে মতক সম্মান জনাই আমাৰ বাবে লাগতিয়াল মতামতহে গ্ৰহণ কৰা যুগুত৷ Contributed by: Dr. Samhita Bharadwaj on 2011-01-07
Phrase খণ্ডবাক্য
ডিঙিত ছুৰি দে ৷
To commit a great injury.এনে কোনো ভুল বা কুকৰ্ম কৰ যি মৃত্যুৰ সমতুল্য ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
জৰু, গৰু, ধান ৰাখা তিনি বিদ্যমান ৷
Be mindful of your wife, kine and paddy for prosperity.জৰু অৰ্থাৎ ঘৰৰ স্ত্ৰী, গৰু আৰু ধান এই তিনিবিধৰ প্ৰতি সদায় সংবেদনশীল আৰু যত্নবান হোৱা উচিত, তেহে শান্তি আৰু উন্নতি হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা
হিতে বিপৰীত হোৱা
To obtain opposite results while attempting to do something goodভাল কাম কৰিবলৈ যাওঁতে বিপৰীত ফল পোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-14
Idiom ফকৰা-যোঁজনা
মন কৰিলেই ছন বাকৰি মাটিতে ধন
With strong will power and determination one can achieve any tough goal. English synonym : When there is a will there is a wayকষ্ট কৰিলে যিদৰে ছন পৰা মাটিত শস্য উৎপাদন কৰিব পাৰি, সেইদৰে মনৰ দৃহতা থাকিলে যিকোনো কঠিন কামেই সমাধান কৰিব পাৰি | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-15
Idiom ফকৰা-যোঁজনা
ঠেকি শিকা, দেখি শিকাতকৈ শ্ৰেয় ৷
Experience teaches better than wisdomমানুহ যেতিয়া ঠেকাত পৰে বা বিপদত পৰে আৰু পৰিস্থিতিৰ লগত যুঁজ কৰি শিকে, সেই শিক্ষা সদায় দখি লোৱা শিক্ষাতকৈ উত্তম হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
গুত কোব মাৰিলে গালৈকে ছিটিকে ৷
Criticism of ill deeds may harm the critic himself.গু বা মল-মূত্ৰত কোব মাৰিলে নিজৰ গালৈ ছিটিকে আহিব পাৰে ৷ একেদৰে বেয়া কথা আলোচনা কৰিলে নিজেও তেনে বেয়া কথাৰ সমভাগী হ`বলগীয়া হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-23
Phrase খণ্ডবাক্য
নচচা শূলত দিয়া
to give stern or capital punishment.কঠোৰতম শাস্তি দিয়া Contributed by: Barnali Deuri Bora on 2010-10-11
Idiom ফকৰা-যোঁজনা
যেনে দেৱতা, তেনে ভোগ ৷
Good manners from a good persons is always reciprocated by the good manners from others and vice versa.ভাল মানুহে সদায় ভাল ব্যৱহাৰ পায় আৰু বেয়া মানুহে বেয়া ব্যৱহাৰ পায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-07
Idiom ফকৰা-যোঁজনা
ফুটা কলহৰ মাত সাৰ।
English sayings: Empty vessel sounds much.
জ্ঞান-বুদ্ধি নথকা ব্যক্তিৰ মুখত অধিক কথা শুনা যায় ৷ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-05
Idiom ফকৰা-যোঁজনা
হাতৰ কুঠাৰ ভৰিত মাৰ
To invite trouble through one`s own actions.নিজে নিজৰ অনিষ্ট কৰা বা অঘটন ঘটাই নিজৰ বিপদ চপাই লোৱা Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-13
Idiom ফকৰা-যোঁজনা
গাত নাই ছাল বাকলি, মদ খাই তিন টেকেলি
Have very limited wherewithal, yet spend most of what he earns on bad habiits like drinkingহাতত পইচা-পাতি নাই, তথাপিও যিকণ ঘটে তাক মদ খোৱাৰ দৰে কু অভ্যাসত খৰচ কৰে Contributed by: Rupankar Mahanta on 2008-03-13
Idiom ফকৰা-যোঁজনা
ওৰণিৰ তলতেই জাৰজৰ জন্ম হয় ৷
Too much politeness is a cause of concern.অসৎ তিৰোতাই অস্বাভাবিকভাবে দীঘল ওৰণি লৈ সমাজক সতীত্বৰ চানেকি দি পৰপুৰুষৰ লগত অবৈধ সম্পৰ্ক স্থাপন কৰে আৰু জাৰজ সন্তান জন্ম দিয়ে ৷ অৰ্থাৎ অতি ভক্তি চোৰৰ লক্ষণ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-12-16
Phrase খণ্ডবাক্য
মৰণত শৰণ দে
to take risk or to go ahead to do something in spite of knowing the risk of doing itমৰ সাহ কৰ্ বা বিপদৰ আশংকা থকা স্বত্তেও সাহ কৰি আগবাঢ়ি যা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-08-22
Idiom ফকৰা-যোঁজনা
তাঁতীৰে কাপোৰে জগতখন জুৰিলে, তথাপি তাঁতীৰ গা উদি
The clothes woven by a weaver is used by others but at times the weaver himself may have to remain without clothes due to hardship. Similarly, a person who helps and supports others may himself become totally helpless at times.তাঁতীয়ে বোৱা কাপোৰ পৰিধান কৰি সকলো শুৱনি হয়, অথচ আৰ্থিক অনাটনৰ বাবে তেনে তাঁতীয়ে নিজে খালী দেহাৰে থাকিব লগীয়াও হয় ৷ ঠিক সেইদৰে, আনৰ উপকাৰ কৰি ফুৰা ব্যক্তিৰ হাতত কেতিয়াবা নিজৰ কাৰণে একোৱেই নথকা অৱস্থা হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-04-10
Idiom ফকৰা-যোঁজনা
বাৰী-চুকৰ পুখুৰীটো সিঁচোতেও শিঙিয়ে বিন্ধে |
One has to face a lot of problems or obstacles while attempting to do something; but nothing can be achieved if he remains idle apprehending them.যিকোনো এটা কাম কৰিবলৈ যাওঁতে সৰু-ডাঙৰ নানানটা বাধা-বিঘিনিৰ সন্মুখীন হ’বলগীয়া হয়; কিন্তু তালৈ ভয় কৰি বহি থাকিলে কোনো কাম সিদ্ধ নহয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা
ৰূপে কি কৰে গুণেহে সংসাৰ তৰে
The virtue of a person only can conquer the world and his/her beauty can never do it.মানুহৰ শাৰীৰিক সৌন্দর্য্যৰ কোনো মূল্য নাই, যদিহে তেওঁ কোনো গুণৰ অধিকাৰী নহয়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Idiom ফকৰা-যোঁজনা
`ক`ৰ চুক চিনি নোপোৱা / `ক`ৰ চুক কেইটা তাকে নজনা
To be complete illiterateএকেবাৰে নিৰক্ষৰ মানুহক বুজায় Contributed by: Dr. Armaan U. Muzaddadi on 2012-11-04
Idiom ফকৰা-যোঁজনা
য`তে বাঘৰ ভয় ত`তে ৰাতিও হয় |
To face something for what somebody scares a lot.যি বস্তু, কথা বা পৰিস্থিতিলৈ ভয় কৰা হয়, বিধিৰ বিপাকত তাৰেই সন্মুখীন হ`বলগীয়া হয়| Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-22
Idiom ফকৰা-যোঁজনা
খঙত পেট কাটি ছমাহলৈ শুকনি খোৱা
Anger is not only harmful to others, but also harms own. So, one should keep him/herself calm so that anger does not harm anyone.খং মানুহৰ ঘোৰ শত্ৰু৷ বাছিকৈ খং উঠিলে মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায়৷ কেতিয়াবা নিজকে পাহৰি যায়, আৰু কেতিয়াবা এনে হয় যে খঙৰ জালত কি কৰিছে নিজেই ক'ব নোৱাৰা হয়৷ এনে অৱস্থাত কেতিয়াবা আনৰ অনিষ্ট কৰিব নোৱাৰি নিজৰ পেটকে কাটি লয়৷ খং যেতিয়া মাৰ যায়, তেতিয়াহে অনুশোচনা আহে আৰু কৃতকৰ্ম্মৰ বাবে অনুতাপত ভুগিব লগা হয়৷ নিজৰ পেটৰ ঘা শুকুৱাবলৈ পাছত ছ'মাহ বা তাতোকৈ বেছিদিন শুকনি (ঔষধ) খাব লগা হয়৷ ইয়াৰ দ্বাৰা ইয়াকে বুজাব খুজিছে যে খঙৰ জালত মানুহে আনৰ অনিষ্ট সাধন কৰেই, নিজৰো অনিষ্ট সাধন কৰি কষ্টভোগ কৰিব লগা হয়৷ সেইবাবে মানুহে খঙক লাই নিদি সদায় দমাই ৰাখিবলৈ চেষ্টা কৰা উচিত৷ Contributed by: Chandan Kumar Borah on 2011-08-15
Idiom ফকৰা-যোঁজনা
চিনাকি চোৰেহে পিৰালিত কাহে ৷
A thief will never make noise while attempting theft. Only a thief who has an accomplice inside will make an indicative noise to let the other person know about his presence.প্ৰকৃত চোৰে কেতিয়াও শব্দ নকৰে ৷ চিনাকি চোৰেহে শব্দ কৰে যাতে ঘৰৰ ভিতৰত থকা সঙ্গীয়ে তেওঁ অহাতো গম পায় ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
ভুৰুকাত হাতী ভৰোৱা
To describe a lengthy matter in a very concise form, as if an elephant has been forced into a small pipkin.বিশালাকাৰ একোটা বিষয় অতি সংক্ষেপে প্ৰকাশ কৰা, যেন চূণৰ সৰু টেমি এটাত হাতী এটাহে ভৰোৱা হৈছে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-13
Idiom ফকৰা-যোঁজনা
লুইতেহে জানে ব`ঠা কিমানলৈ বয়
One who is bestowed with responsibility can know how difficult is to carry out responsibilities and an irresponsible person can never fathom the difficulties.লুইতৰ বুকুত নাৱৰীয়াই নাও বাওতে ব`ঠাখন যেনি তেনি বায় আৰু লুইতৰ গভীৰতাৰ উমান নাপায়। অর্থাৎ যাৰ মূৰত দায়িত্ব থাকে তেওঁহে জানে দায়িত্বভাৰ চলোৱা কিমান কঠিন, আনে ইয়াৰ উমান নাপায়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Riddle সাথৰ
অশনি সংকেত কঢ়িয়াই আন ৷
To bring about the warning of ill happenings.বেয়া খবৰ আন বা ক্ষতিকাৰক সম্ভাৱনাৰ/পৰিঘটনাৰ আগজাননী দে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Phrase খণ্ডবাক্য
দহ পো দহ নাতি, তেহে কৰিবা কুঁহিয়াৰ খেতি
One shouldn`t dare to do a tough job unless he has enough strength and intelligence.উপযুক্ত সামৰ্থ্য থাকিলেহে কঠিন কাম কৰিবলৈ আগ বাঢ়িব লাগে৷ Contributed by: durlav gogoi on 2012-04-02
Idiom ফকৰা-যোঁজনা
ফান্দত পৰ ৷
To enter into the trap of problem or distress.টান বিপদত পৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
তিনিশ ষাঠি জোপা ৰুবা কল, মাহেকে পষেকে চিকুণাবা তল; পাত, পচলা লাভত খাবা, লঙ্কাৰ বণিজ ঘৰতে পাবা ৷ আঠিয়াত গোবৰ, মনোহৰত জাবৰ; পুৰাত ছাই, মালভোগত খাই ৷
This proverbial saying depicts the benefit of banana cultivation and the care needed for it. If a cultivator plants 360 numbers of banana plants in his garden, in addition to making a good business out of it, he can also use its byproducts profitably.এই ডাকৰ বচনটোত কল খেতিৰ উপকাৰিতা আৰু ল’বলগীয়া যতনৰ কথা কোৱা হৈছে ৷ তিনিশ ষাঠি জোপা কল ৰোৱা খেতিয়কে আন বেপাৰ-বাণিজ্য নকৰাকৈ সম্পত্তিশালী হোৱাৰ উপৰি কলৰ পাত-পচলা আদি ব্যৱহাৰ কৰিও লাভান্বিত হ’ব পাৰে ৷ আঠিয়া কলৰ খেতিত গোবৰ, মনোহৰ কলত জাবৰ, পুৰা কলত ফুট-ছাই আৰু মালভোগত খলিহৈ প্ৰয়োগ কৰিলে ভাল ফল পোৱা যায় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-09
Idiom ফকৰা-যোঁজনা
আদাক দেখি উঠিল গা, কেতুঁৰিয়ে বোলে মোকো খা |
অথবা,
আক দেখি, তাক দেখি; কুকুৰে পালে একাদশী |
By looking at others performance, somebody shows pseudo enthusiasm thinking that even he can do the same. বেলেগক দেখি কাৰোবাৰ অনাহকতে গা উঠা স্বভাৱ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা
কটাৰী ধৰাবা শিলে, তিৰোতা চলাবা কিলে ৷
This basically explains that one should stick to the recommended ways for doing certain things.কটাৰী শিলত ঘঁহিলেহে ধাৰ লয় ৷ তেনেদৰে তিৰোতাক বশত ৰাখিলেহে কাম হয় ৷ ইয়াৰ দ্ৱাৰা বুজোৱা হৈছে যে কিছুমান কাম কৰাৰ কিটিপ আছে ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
বামুণে চিন্তে ভালক, বহুৱাই চিন্তে কালক |
To ignore or refuse to accept help or support from others.আনৰ পৰা উপকাৰ বা সহায় ল’বলৈ অথবা আনৰ সজ পৰামৰ্শ গ্ৰহণ কৰিবলৈ অস্বীকাৰ বা উপেক্ষা কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-09
Idiom ফকৰা-যোঁজনা
ইয়াতে মাৰিলো টিপা, গড়গাওঁ পালেগৈ শিপা
Those who have good relations with the power or the king, can get anything done on their behalf even without their physical presence.ৰজাঘৰৰ সৈতে সুসম্পৰ্ক থকা মানুহে অতি সহজতে নিজৰ কাৰ্যসিদ্ধি কৰিব পাৰে | তাৰ কাৰণে তেওঁলোক নিজে ৰজাঘৰলৈ যোৱাৰো প্ৰয়োজন নাই | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
নাকত ধৰি চাকত ঘূৰোৱা
To put someone to trouble keeping under full control and forcing him/her do anything at will.সম্পূৰ্ণৰূপে বশত ৰাখি নিজ ইচ্ছামতে চলাই কাৰোবাক নগুৰ-নাগতি কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-13
Idiom ফকৰা-যোঁজনা
কথাতেই বটা পায়, কথাতেই কটা যায়
What one says can reward one, it can also punish oneভাল কথা ক'লে পুৰষ্কাৰ পাব পাৰি আৰু অশুভ কথাই মানুহক বিপদতো পেলাব পাৰে| Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা
লেতেৰা কাপোৰেৰে ময়লা গুচাব নোৱাৰি ৷
A man of bad character cannot contribute to clean the ill deeds of the society.বেয়া মানুহৰ দ্বাৰা বা বেয়া মনোবৃত্তিৰে সমাজৰ কুকৰ্ম, কুসংস্কাৰ আদি আঁতৰাব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-31
Idiom ফকৰা-যোঁজনা
কাপোৰ তিতিলে, সাঁতোৰ হ`লেই কি ?
If one loses prestige, it hardly matters whether it is lost partially or fully.তৰাং পানীৰ নদী, নিজৰা, খাল আদি পাৰ হওঁতে মানুহে পিন্ধা কাপোৰ উজাই লৈ পানীত নামে যাতে কাপোৰ তিতি নেযায় ৷ কিন্তু যদি পানী ইমান বেছি থাকে যে পাৰ হওঁতে কাপোৰ তিতিয়ে যায়, তেন্তে পানী আৰু বেছি হৈ সাঁতোৰ দিব লগীয়া হ`লেও বিশেষ লোকচান নহয় ৷ অৰ্থাৎ লাজ-সন্মানৰ হানি হ`লে কমকৈ বা বেছিকৈ বুলি কোনো কথা নেথাকে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-09
Idiom ফকৰা-যোঁজনা
অনভ্যাসে হতঃ বিদ্যা৷
None application of learning for long time causes no learning at all.অৰ্জিত শিক্ষাৰ দীৰ্ঘ দিন প্ৰয়োগ নহলে পাহৰি যোৱা হয় আৰু কামত নাহে৷ Contributed by: Sitaram Upadhyaya on 2014-11-27
Idiom ফকৰা-যোঁজনা
জয় থাকোতেই ভংগ ভাল ৷
Retire when you are successful but not when you are unsuccessful or failing.কোনো কাম, প্ৰতিযোগিতা, খেল-ধেমালি আদিত যেতিয়া মানু্হ বিজয়ী হৈ থাকে তেনে অৱস্থাতে ভংগ দিলে অৰ্থাৎ অবসৰ ল'লে খ্যাতি ৰৈ যায় ৷ আনহাতে, পৰাজিত হোৱাৰ পিছত অবসৰ ল'লে পৰাজয়ৰ গ্লানি সহিব লগা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
Idiom ফকৰা-যোঁজনা
কথা বুলিলেই বতাহ
Rumor spreads as fast a wind.ইজন-সিজনৰ কাণ বাগৰি কথা একোটা অতি কম সময়ৰ ভিতৰতে বতাহৰ গতিত বিয়পি পৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-02
Idiom ফকৰা-যোঁজনা
বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী
One can not asses ones inner character/personality just by looking at the external appearance .কোৱাভাতুৰী এবিধ লতাৰ ফল, সি পকিলে তাৰ বাহিৰ ভাগ দেখাত সুন্দৰ হয়, কিন্তু ভিতৰৰ ফাল কাউৰীৰ পাখিৰ দৰে ক'লা হয়। ইয়াৰ দ্বাৰা বুজাব খোজা হৈছে যে, কোনো বস্তু বা ব্যক্তিৰ বাহ্যিকতা দেখি তেওঁৰ গুণাগুণ নিৰূপণ কৰিব নোৱাৰি৷ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা
ইমানদিনে শুই থাকিল নাকত তেল দি, আজি হেনো ভাৰস্তখন উদ্ধাৰিব সি ৷
This saying is used to ridicule someone when he/she becomes unusually active and shows excessive haste after spending a long period of time lazily.বহুসময় অবাবত নষ্ট কৰাৰ পাছত, কোনো ব্যক্তিয়ে হঠাৎ কৰ্মতৎপৰতা দেখুৱালে এনেদৰে কৈ উপলুঙা কৰা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-22
Idiom ফকৰা-যোঁজনা
জাঁপ মাৰি দেইছিলো ঢাপলিকা পৰ্বত, টিলিকত মাৰিছিলো বগ; খেদা মাৰি ধৰিছিলো মতা হৰিণা, এতিয়া নাপাওঁ মতা হাঁহৰ লগ ৷
A person who exaggerates much about himselfএটা সময়ত অসাধ্য সাধন কৰিছিলো, কিন্ত এতিয়াহে নোৱাৰোঁ ৷ নিজৰ বিষয়ে বৰকৈ মিছাতে বঢ়াই কোৱা লোক ৷ Contributed by: Barnali Deuri Bora on 2010-11-15
Idiom ফকৰা-যোঁজনা
তাচপাতৰ ঘৰ ৷
1) House of cards 2) Building without foundation.ভিত্তিহীন কথা, যোজনা, পৰিকল্পনা আদি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Riddle সাথৰ
মাতিলে কুকুৰ, নেমাতিলে ঠাকুৰ।
One should attend the marriage parties, meetings etc with whole- hearted interest once he/she is invited or otherwise sitting at home is the best way to save reputation.নিমন্ত্রণ পালে বিয়া সবাহ আদিলৈ অতি আগ্রহেৰে যোৱাটোতে সন্মান, অথচ নিমন্ত্রণ নেপালে ঠাকুৰৰ দৰে ঘৰত বহি থকাটোহে উচিত। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-30
Idiom ফকৰা-যোঁজনা
এনেয়ে মৰিছোঁ ঋষিৰ শাপত, তাতে দিয়ে ধানৰ ভাপত |
To give one more trouble where already he has been suffered from an another great trouble.আগৰ দিনত ঋষি-মুনিসকলে ৰুষ্ট হ’লেই অভিশাপ দি মানুহক কষ্ট ভোগাইছিল | তেনে দুখ-কষ্টৰ মাজতে যদি কাৰোবাক ধান ভাপত দিয়া তপত বতাহত ৰখা হয় তেন্তে যন্ত্রণাৰ সীমা নেথাকে| অৰ্থাৎ দুখ-কষ্টেৰে কোনোমতে চলি থাকোঁতেই যদি কোনোবাই আৰু যন্ত্রণা দিয়ে, তেন্তে ই অসহ্যকৰ হৈ পৰে | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা
যোৰাও যোৰা পাভ যোৰা তয়ো হাড়ীত খাতি ময়ো গৰু চোৰ
An evil person rejoices and is inspired in the company of another evil person.বন কৰা মানুহ বহু সময়ত হাত-লৰ স্বভাৱৰ হয় আৰু পাৰিলে হাড়ী বা কেৰাহীৰ পৰাই খাব খোজে ৷ দুষ্ট বা অসৎ প্ৰকৃতিৰ লোকে একে প্ৰকৃতিৰ লোক পালে আনন্দিত আৰু দুগুনে উৎসাহিত হয় ৷ Contributed by: Barnali Deuri Bora on 2010-10-27
Idiom ফকৰা-যোঁজনা
দানত শুচি হয় ধন, ক্ষমাত শুচি হয় মন ৷
The best use of one's wealth is in donation. The best way to be happy is to forgive others' misdeeds.দুখীয়াক দান কৰিলে ধন পৱিত্ৰ হয়, অৰ্থাৎ ধনৰ সদ্-ব্যৱহাৰ হয় ৷ ঠিক তেনেদৰে আনৰ দোষ ক্ষমা কৰি দিব পাৰিলে মানুহৰ মন পৱিত্ৰ হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-02
Idiom ফকৰা-যোঁজনা
পুহত কল, মাঘত জল, তাৰ গাত সাত ভতৰাৰ বল ৷
One who eats banana during December-January and plenty of water during January-February months becomes very strong and healthy.পুহমহীয়া ঠাণ্ডাত কল আৰু মাঘ মাহত প্ৰচুৰ পানী খোৱা মানুহৰ গাত সাতটা ষাঁড় গৰুৰ সমান বল হয়, অৰ্থাত্ স্বাস্থ্য ভাল হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10
Idiom ফকৰা-যোঁজনা
কিনো ভমকৰ তালি, ভালখন থৈ ফটাখন পালি
A person who is in great rage may put down the good cloth he has in his hand and may pick up the torn one instead. It says that in a fit of rage people make mistakes.খঙৰ ভমকত মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায় আৰু কেতিয়াবা হাতত থকা ভাল কাপোৰখন থৈ ফটা কাপোৰখনকে তুলি লয় ৷ খঙৰ প্ৰভাৱত মানুহে নকৰিবলগীয়া কাম কৰে ৷ Contributed by: Barnali Deuri Bora on 2010-11-10
Idiom ফকৰা-যোঁজনা
কটা ঘাত / গেলাত টেঙা দিয়া অথবা কটা ঘাত চেঙা তেল দিয়া
To inflict physical or mental injury to someone, who has been already suffering.দুখ-কষ্ট ভোগ কৰি থকাজনক অধিক কষ্ট দিয়া Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
ঈৰ্ষাত শান্তি নষ্ট, লোভে নষ্ট ধৰ্ম; ক্ৰোধে মিতিৰ নষ্ট, এলাহে নষ্ট কৰ্ম ৷
Jealousy makes a person to loose peace of mind, lust makes him do unethical things and become dishonest. Similarly anger destroys relationship and laziness spoils works.মানুহৰ ঈৰ্ষা বাঢ়িলে মনৰ শান্তি নাইকিয়া হয় আৰু লোভ-লালসা বাঢ়িলে অন্যায়-ব্যভিচাৰত লিপ্ত হৈ মানুহ পথভ্ৰষ্ট হয় আৰু ধৰ্মৰ পৰা আঁতৰ হয় ৷ একেদৰে ক্ৰোধান্বিত হৈ মানুহে বিবেক হেৰুৱাই পেলায় আৰু নকব লগীয়া কথা কৈ আত্মীয় মানুহৰ মনতো আঘাত দিয়ে আৰু তাৰ দ্বাৰা মিতিৰ নষ্ট হয়; এলাহ কৰি পাছত কৰিম বুলি পিছুৱাই থাকিলে কৰ্ম নষ্ট হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-09
Idiom ফকৰা-যোঁজনা
ৰৌ-বৰালি সাৰি গ’ল, পুঠি-খলিহণা জালত পৰিল ৷
One who is the real culprit gets scot-free due to his influence or power, but an ordinary man although indirectly associated similar crime get severe punishment.প্ৰকৃত অপৰাধী প্ৰভাৱশালী হোৱা বাবে শাস্তি নোপোৱাকৈ সাৰি যায়, অথচ তেনে অপৰাধৰ সৈতে পৰোক্ষভাৱে জড়িত থকা সাধাৰণ ব্যক্তি সহজে ধৰা পৰে আৰু শাস্তি পায় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-17
Idiom ফকৰা-যোঁজনা
এৰা ধৰাৰ মাজত
To overlook small mistakes, annoyances etc.সৰু-সুৰা ভুল, খং-অভিমান আদিক আওকাণ কৰি আগবাঢ়ি যোৱা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-08-01
Idiom ফকৰা-যোঁজনা
ভৰা পেটত ভোকৰ উমান নেপায় ৷
The one whose stomach never becomes empty, hardly realizes the pain of starvation, consequently he becomes careless in earning and savings and also becomes extravagant.যি মানুহে ভোক লগাৰ আগতেই খাবলৈ পায়, তেনে মানুহে ভোকে-লঘোনে থকাৰ কষ্ট অনুভৱ কৰিব নোৱাৰে আৰু তেনে কষ্টৰ পৰা হাত সাৰিবলৈ উপাৰ্জন তথা সঞ্চয় কৰিবলৈ চেষ্টা নকৰে অথবা উপাৰ্জিত ধন মিতব্যয়িতাৰে খৰচ নকৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-11-03
Phrase খণ্ডবাক্য
ঊনৈশত বা বলাই ফুৰা
To be in great excitementঅতিপাত উত্ৰাৱল হোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-09
Idiom ফকৰা-যোঁজনা
যেনে কুকুৰ তেনে টাঙোন অথবা, যেন্ কুকুৰ তেন্ টাঙোন
Tit for tatযি যেনে ব্যৱহাৰৰ যোগ্য তাক তেনে ব্যৱহাৰ দিয়া। Contributed by: Dr. Armaan U. Muzaddadi on 2008-09-26
Idiom ফকৰা-যোঁজনা
পানীত পৰা মানুহে লেজু এডালকো খামুচি ধৰে ৷
A man falling in deep waters tries to come out even by grasping a piece of chord. Similarly, a person in crisis remains ready to accept any kind of help to overcome it.পানীত পৰি ককবকাই থকা মানুহ এজনে সমুখত জৰী এডাল দেখিলেও খামোচ মাৰি ধৰে; জানোচা তাৰ সহায়ত কেনেবাকৈ পানীৰ পৰা উঠিব পাৰে ৷ ঠিক সেইদৰে, বিপদত পৰা মানুহে তাৰ পৰা উদ্ধাৰ পাবলৈ যিকোনো ধৰণৰ সহায় গ্ৰহণ কৰিবলৈ প্ৰস্তুত থাকে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-06
Idiom ফকৰা-যোঁজনা
অপচয় নকৰিবা, অভাৱত নপৰিবা ৷
Waste not, want not.অপচয় কৰিলে সম্পদ নষ্ট হয় আৰু অভাৱত পৰিবলগীয়া হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা
দাঁত নাইকিয়াৰ দাঁত হ’ল, কামোৰ মাৰোঁতেই প্ৰাণ গ’ল৷
inability to enjoy something which has been acquired after a long aspirationবহু প্ৰত্যাশিত কোনো ফল লাভ কৰাৰ পাছত দুৰ্ভাগ্যবশতঃ শান্তিৰে ভোগ কৰিবলৈ নোপোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2015-02-08
Idiom ফকৰা-যোঁজনা
ভগা সবাহত উৰুলি
The act of participating in a work that is about to finish.কোনো কামৰ সামৰণিৰ সময়ত যোগ দিয়া কাৰ্য৷ Contributed by: Hemanta Saikia on 2009-02-28
Riddle সাথৰ
মাক জুটুলি পুতুলি পুতেক চোকা টেকেলা৷
Mother is untidy with uncombed hair. The son is very alert. Ans: chilly and its tree.জলকীয়া আৰু গছজোপা Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-11
Idiom ফকৰা-যোঁজনা
হাঁহি হাঁহি মাতে, ৰেপি ৰেপি কাটে
heart-breaking words in a smiling face.হাঁহিৰ চলেৰে কিছুমান মানুহে বৰ গাজত লগা কথা কয়৷ গতিকে মুখত মিঠা হাঁহি থাকিলেও এনে মানুহৰ কথাই ৰেপি ৰেপি কটা যেন লাগে৷ Contributed by: durlav gogoi on 2012-04-07
Idiom ফকৰা-যোঁজনা
তপত ভাতৰ ধোঁৱাই খোৱা৷
A pampered and lazy people who got disturbed even by smoke coming out from rice fresh from the ovenতপত ভাত এমুঠি পোৱাতো আনন্দৰ কথা৷ পাছে কিছু আলসুৱা ধোদ মানুহক তপত ভাতৰ ধোঁৱাইও আমনি কৰে৷ আলসুৱা ধোদ মানুহ৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-26
Idiom ফকৰা-যোঁজনা
জ্বলা জুইত ঘিঁউ ঢলা
To raise the anger of a person by telling undesirable things when he is already very angry.ইতিপূৰ্ব্বে ক্ৰোধান্বিত হৈ থকাজনক তেওঁ বেয়া পোৱা কথা কৈ অধিক খং তোলা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-28
Idiom ফকৰা-যোঁজনা
আপোনাৰ মন যেনে, সকলোকে দেখে তেনে ৷
One who has ill feelings in his mind thinks that everyone is like him and suspects even an honest person.যাৰ নিজৰ মনত বেয়া ভাৱ থাকে, সি আনকো তেনে বুলিয়েই ভাৱে ৷ কলুষিত মনৰ মানুহে সাধু লোককো সন্দেহ কৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-05
Idiom ফকৰা-যোঁজনা
ভালত ভাল বেয়াত যম কাল
One can expect good manners in lieu of the good manners extended by oneself and vice versa.ভাল ব্যৱহাৰৰ বিনিময়ত সদায় ভাল ব্যৱহাৰ আৰু বেয়া ব্যৱহাৰৰ বিনিময়ত বেয়া ব্যৱহাৰ পোৱা যায়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা
ঢোলৰ লগত টেমেকা
A mean adherent, follower or blind supporter; a sycophantডাঙৰ মানুহৰ লগত ঘূৰি ফুৰা বা ডাঙৰ মানুহৰ মতত হয়ভৰ দি ফুৰা সাধাৰণ মানুহ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা
কণা হাঁহক পতান ধান দিয়া
To deceit someone taking advantage of his helplessnessঅসহায়তাৰ সুযোগ লৈ কাৰোবাক প্ৰৱঞ্চনা কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Idiom ফকৰা-যোঁজনা
পাহৰি আছিলো পৰিল মনত, পাচঁ বৰণীয়া পটা আছে ৰাৱণৰ ঘৰত
In the war between Ram and Ravana, when Lakshmana fell unconscious and was almost dying, hit by an arrow from Ravana’s son Meghnad, Hanuman approached the Lankan Royal Physician Sushena for advice. Sushena asked Hanuman to rush to Gandhamardana Hill and fetch four plants: Mritasanjeevani (restorer of life), Vishalyakarani (remover of arrows), Sandhanakarani (restorer of the skin) and Savarnyakarani (restorer of skin colour). Hanuman, not able to pick the four from the multitude, brought back the entire hill, as the medicine was to be given before dawn. The physician then only remembered that he left the flat stone upon which the plants are to be crushed at Ravan`s place. This applies to forgetfulness at an important moment.ৰাম ৰাৱণৰ যুদ্ধত লক্ষ্মণ ৰাৱ্ণৰ পুত্ৰ মেঘনাদৰ শক্তি-শেলত অজ্ঞান হৈ পৰিছিল আৰু লক্ষ্মণক বচাবলৈ ৰাৱণৰ ৰাজবৈদ্য সুসেনাক অনা হ’ল ৷ সুসেনাই ‘মৃতসঞ্জীৱনী’, ‘বিশল্যকৰণী’, ‘সন্ধানকৰণী’ আৰু ‘সবৰ্ণ্যকৰণী’ বিচাৰি হনুমানক পাচিলে ৷ হনুমানে বৃক্ষ বিচাৰি নাপায় গন্ধমাৰ্দন পৰ্বতকে দাঙি আনিলে, কিয়নো উষাৰ আগতেই লক্ষ্মণক বচোৱ প্ৰয়োজন ৷ এই আটাইকেইবিধ তৰুৰ ৰস প্ৰস্তুত কৰিবলৈ যেতিয়া পটাৰ প্ৰয়োজন হল, তেতিয়া বৈদ্যৰ মনত পৰিল যে পটাখন ৰাৱণৰ ঘৰতে থাকি আহিল ৷ সময়ত খুউব দৰকাৰী বস্তু এটা পাহৰি থকা অৰ্থত এই পটন্তৰটি ব্যৱহাৰ হয় ৷ Contributed by: Barnali Deuri Bora on 2010-11-10
Idiom ফকৰা-যোঁজনা
কেৰ্কেটুৱাৰ বাহ পাতেই ভেটি
A squirrel was helping Raja Ramachandra with a bamboo tree leaf during a construction of bridge joining Lanka. Meaning:- everyone should help according to his/her own ability.ৰামচন্দ্ৰই সেঁতু বন্ধোতে সকলোৱে পাৰ্য্যমানে সহায় কৰিছিল৷ কেৰ্কেটুৱাই বাঁহপাত এটুকুৰাকেই আগবঢ়াইছিল৷ অৰ্থ-নিজৰ সাধ্যনুসাৰে সহায় কৰিব লাগে৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-12
Idiom ফকৰা-যোঁজনা
কিঞ্চিৎ হওক, বঞ্চিত নহওক ৷
Little amount of something desired is always better than being entirely deprived of it.কোনো ভাল বস্তুৰ পৰা একেবাৰে বঞ্চিত হোৱাতকৈ অলপমান পালেও সন্তুষ্টি পোৱা যায় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-26
Phrase খণ্ডবাক্য
বেঙে মূতা গৰু
a frightened and perplexed manভয়ত অস্থিৰ হোৱা মানুহ (বেঙৰ মূত গৰুৰ গাত পৰিলে গৰুটো কঁপি-জঁপি অস্থিৰ হৈ মাটিত পৰি যায় বুলি জনবিশ্বাস প্ৰচলিত আছে ৷) Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-06-25
Idiom ফকৰা-যোঁজনা
কণী পাৰে হাঁহে, খায় ভকত ডাঁহে৷
one part of the society do great labour, but the cunning part of the society enjoy the profit of their labour. the bad side of our classified society is disclosed in the Fakara.কষ্ট কৰে কোনোবাই, তাৰ ফল ভোগ কৰে কোনোবাই৷ আমাৰ শ্ৰেণী সমাজত থকা শোষিত আৰু শোষকৰ চৰিত্ৰ উদঙাই দিয়া হৈছে৷ Contributed by: durlav gogoi on 2012-04-01
Idiom ফকৰা-যোঁজনা
তিৰোতাৰ কপালে ধন, পুৰুষৰ কপালে জন৷
It is beleived that gain of wealth is depends upon the fortune of female and reproduction of childs depends upon the fortune of male.লোক বিস্বাস মতে তিৰোতাৰ ভাগ্যৰ বলত ধন অৰ্জন হয় আৰু পুৰুষৰ ভাগ্যৰ বলত জন অৰ্থাত সন্তান-সন্ততি হয়৷ Contributed by: Sitaram Upadhyaya on 2014-12-04
Idiom ফকৰা-যোঁজনা
হাতীৰ গালৈ তৰাৰ ফৰ্মুটি
One cannot cause any harm to an elephant by throwing a small twig. Similarly, without appropriate efforts no problem can be solved.শক্তিবান হাতী এটাৰ গালৈ তৰা গছৰ ফৰ্মুটি মাৰি যেনেকৈ হাতীৰ কোনো ক্ষতি কৰিব নোৱাৰি, ঠিক সেইদৰে যথোপযুক্ত প্ৰচেষ্টা অবিহনে কোনো সমস্যা সমাধান কৰিব নোৱাৰি৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-11-05
Idiom ফকৰা-যোঁজনা
লোৰ কড়াই গুৰি চোবাই খাইছিলো, পচলাত ভাগি গ’ল দাঁত ৷
One who may easily accomplish a difficult task, may sometimes fail to do a simple job.কঠিন বা কষ্টসাধ্য কামো অনায়াসে কৰিব পৰা জনে কেতিয়াবা সাধাৰণ কাম এটাকে কৰিবলৈ সক্ষম নোহোৱা অৰ্থত এই ফকৰাটি প্ৰয়োগ হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-28
Idiom ফকৰা-যোঁজনা
যাৰ লোণ খোৱা তাৰ গুণ গোৱা ৷
Never fall out with your bread and butter.মানুহে যাৰ দ্বাৰা জীৱিকা অৰ্জন কৰে তাৰ বিৰুদ্ধাচৰণ কেতিয়াও কৰা উচিত নহয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Phrase খণ্ডবাক্য
অনভ্যাসে হত বিদ্যা৷
Any skill acquired goes good for nothing if it is not applied for a long time.বিদ্যা বা শিক্ষাৰ দিৰ্ঘদিন ধৰি প্ৰয়োগ নহ'লে পাহৰি যোৱা হ'য়৷ Contributed by: Sitaram Upadhyaya on 2014-12-20
Idiom ফকৰা-যোঁজনা
ঘঁহোতে ঘঁহোতে শিলো ক্ষয় যায় ৷
Constant dripping wears out the stone.বাৰে বাৰে ঘঁহি থাকিলে শিলৰ দৰে টান বস্তুও ক্ষয় যায়, একেদৰে বাৰে বাৰে চেষ্টা কৰি থাকিলে অসাধ্যও সাধন কৰিব পাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা
বিশ্বাসে মিলয় হৰি, তৰ্কে বহু দূৰ৷
One can meet God with deep faith on Him, similarly working with full commitment and confidence one can achieve the goal.সুগভীৰ বিশ্বাসৰ দ্বাৰাহে ঈশ্বৰক পাব পাৰি; কিন্তু ঈশ্বৰৰ অস্তিত্বক লৈ তৰ্ক-বিতৰ্ক কৰিলে, কেতিয়াও পাব নোৱাৰি ৷ একেদৰে গভীৰ নিষ্ঠা আৰু একাগ্ৰতাৰেহে যিকোনো কামত সিদ্ধি লাভ কৰিব পাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা
আহু চাবা গধূলি, শালি চাবা পুৱা, জাকৈ বাওঁতে ছোৱালী চাবা কোন কেনেকুৱা।
One should see the growth of `Ahu` paddy in the evening and that of `Sali` in the morning. Similarly, one has to look for a bride when girls are fishing.আহু ধান গধূলি চাব লাগে, আনহাতে শালি ধান ৰাতিপুৱা চাব লাগে। ঠিক তেনেদৰে ছোৱালী চাবলৈ হলে জাকৈ বাই থকা অবস্থাত চাব লাগে। (ডাকৰ বচন) Contributed by: Biraj Kumar Kakati on 2008-07-28
Idiom ফকৰা-যোঁজনা
পাবা চৰাই ভাঙিবা পাখি, বঢ়া ভাত নথ’বা ৰাখি |
One should do the work in time, otherwise he may miss the opportunity.সময়ৰ কাম সময়ত কৰি যাব লাগে | সুযোগ পাওঁতেই নকৰিলে কাম সমাধা নহয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Phrase খণ্ডবাক্য
কপালত জুই লাগ্
to face misfortune or bad daysসৌভাগ্য নষ্ট হ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-04
Idiom ফকৰা-যোঁজনা
সাতে-পাঁচে মিলাই
(Eng.equivalent: put two and two together)to decide, find out the truth from what you hear and seeশুনা, দেখা কথাৰ পৰা মিলাই মেলি প্ৰকৃত সঁচা কথানো কি তাক থিৰ কৰা। Contributed by: Partha P Sarmah on 2011-03-05
Idiom ফকৰা-যোঁজনা
এন্দুৰ গাতত থৈ ফুটা মৰা ৷
Temporarily solving a problem neglecting the actual cause of it.এন্দুৰ গাতৰ ভিতৰত থৈ ফুটা বন্ধ কৰিলে, এন্দুৰ পুনৰ ফুটা কৰি ওলাই আহিব৷ অৰ্থাৎ সমস্যাৰ প্ৰকৃত কাৰণ আওকান কৰি ক্ষন্তেকীয়াভাবে বা অস্থায়ীভাব তাৰ সমাধান কৰা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-09-09
Idiom ফকৰা-যোঁজনা
খাই পাত ফলা ৷
To be an ingrate.উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা, অকৃতজ্ঞ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা
উইচিৰিঙাই ৰঙতে উৰে, হুৰমুৰকৈ পুৰি মৰে ।
all that glitters is not gold.ভাল উজ্জ্বল বস্তু দেখিলেই কামৰ বস্তু বুলি ভবা অনুচিত । Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-07-27
Idiom ফকৰা-যোঁজনা
এপাচি শাকত এটা জালুক
A drop in the ocean : It refers to a thing that is too small in the context.প্ৰয়োজনতকৈ যথেষ্ট সৰু বা কম পৰিমাণৰ বস্তু, যিটো হোৱাই নোহোৱাই সমান৷ Contributed by: Rupankar Mahanta on 2008-09-03
Idiom ফকৰা-যোঁজনা
ধান-পুৰীয়া কঁঠাল পাতৰ আঁৰত লুকাল
an impotent person being kept out of reckoning.লেখত ল’বলগীয়া লোক বাদ পৰি থকা৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-08-20
Idiom ফকৰা-যোঁজনা
ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা খাব নোৱাৰি
It is easy to digest eatables with bitter taste, but it is very difficult to tolerate ill behave or misbehave.কোনো খাদ্য বস্তু তিতা হলে খাব পাৰি বা হজম কৰিব পাৰি, কিন্তু কটু মাত কথা সহ্য কৰিব নোৱাৰি। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-24
Idiom ফকৰা-যোঁজনা
ধাৰত পৰিলে শিলো উটে, সপোন দেখিলে বুঢ়ায়ো মূতে |
Nothing is impossible. A stable rock can also give way to a strong current of water or even an elderly person can end up urinating in dream like a childঅসম্ভৱ বুলি একো নাই৷ তীব্ৰ পানীৰ সোঁতে শিলকো উটোৱাই নিব পাৰে৷ তেনেদৰে ডাঙৰ মানুহেও সপোন দেখি বিছনাত মুতিব পাৰে৷ Contributed by: Rupankar Mahanta on 2008-03-13
Idiom ফকৰা-যোঁজনা
অভাগীৰ কপাল, হাঁহ কণীতো কুহূম নোলাল ৷
A situation of extreme bad luck where even the most usual things may also tend to be not happening, e.g. yoke is missing on the egg served to you.হতভগীয়া জনক দুৰ্ভাগ্যই লগ নেৰে ৷ সদায় ঘটি থকা সাধাৰণ ঘটনাও তেওঁৰ বাবে নঘটা হয় ৷ উদাহৰণ স্বৰূপে, তেওঁক দিয়া কণীটোৰ পৰাও কুহূমটো নোহোৱা হয় ৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা
ভুকুতে কল নপকে
It is fruitless to expect results before time.সকলো কাৰ্য্য সম্পূৰ্ণ হোৱাৰ এটা সময় থাকে, তাকে নামানি অসময়ত ফলাফল বিচৰা অফলপ্ৰসূ হয়| Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-02-09
Idiom ফকৰা-যোঁজনা
ভোকেই ভাতৰ আঞ্জা
Everything tastes good when we are hungry. Similarly, the importance of anything is realised when there is need.ভোক লাগি থকা অৱস্থাত যিকোনো বস্তু খালেও সোৱাদ লাগে | ঠিক তেনেকৈ অভাৱতহে মানুহে বস্তুৰ প্ৰকৃত মূল্য বুজি পায় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
লোভেই পাপ, পাপেই মৃত্যু |
Too much greediness is bad, sometimes it can lead to someones death .বেছিকৈ লোভ কৰা বেয়া স্বভাৱ | কেতিয়াবা বেছিকৈ লোভ কৰিলে মৃত্যু পৰ্য্যন্ত হ'ব পাৰে | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা
বাচোঁতে বাচোঁতে গেলা বৰালিত হাত পৰা
To select something inferior after lots of searching and selectingবহু বিচাৰ বিবেচনা কৰি অৱশেষত কিবা বেয়া নিৰ্বাচন কৰা Contributed by: shekhar borah on 2009-05-08
Idiom ফকৰা-যোঁজনা
শুবৰ বেলিকা কুকুৰৰ পায়ুতে মুখখন ৷
Irrespective of its breed, a dog always keeps its mouth nearer to his anus while sleeping. Similarly, even if an evil man tries to cover up his character, ultimately he gets exposed through his misdeeds.কুকুৰে শোওঁতে সদায় শৰীৰত এনে এটা ভাঁজ দিয়ে যে তাৰ মুখখন পায়ু বা মল্বদ্বাৰৰ ওচৰত থাকে, তেহেলৈ সি যি জাতৰে কুকুৰ নহওক ৷ ঠিক সেইদৰে, অসত্ লোকে যিমানেই লুকুৱাবলৈ চেষ্টা নকৰক, সময়ত প্ৰকৃত চৰিত্ৰ তেওঁৰ কাৰ্য্যকলাপৰ যোগেদি প্ৰকাশ পায় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
Idiom ফকৰা-যোঁজনা
অধিক মাছত বগলী কণা
When there are lots of options available, it becomes difficult to select one.বহু বিকল্প থাকিলে, কোনো এটা নিৰ্বাচন কৰাত অসুবিধা হয় Contributed by: Bikram M Baruah on 2008-02-22
Idiom ফকৰা-যোঁজনা
পঁইতা পালমৰা, কৰ্কৰা লৰমৰা, তপত দিনটোলৈ গাতো শকত
Eating a good fresh breakfast in the morning is essential for healthy body.আগদিনাখনৰ পানী দি থৈ দিয়া ভাত (পঁইতা), বা আগদিনাখনৰ ঠাণ্ডা ভাতেৰে (কৰ্কৰা) পুৱাৰ জলপান খোৱাতকৈ তপত বা গৰম ভাতকেইটা খোৱাতো বেচি স্বাস্থ্যকৰ বুলি কোৱা হৈছে ৷ Contributed by: Barnali Deuri Bora on 2010-10-29
Idiom ফকৰা-যোঁজনা
আয় কালত ব্যয় নাই, মৰণৰ কালত আহূদি নাই
In time of plenty you had very little means to spend and enjoy. But when you need it most, resources become scarce.আৰ্জনৰ উপায় থকা সময়ত বিষেশ ব্যয় নহয়, কিন্তু যেতিয়া নাতনি হয়, তেতিয়াহে প্ৰয়োজনো বাঢ়ে৷ Contributed by: Rupankar Mahanta on 2009-12-11
Idiom ফকৰা-যোঁজনা
কত হৰিদ্বাৰ কত গুহ্যদ্বাৰ?
Two different situation, diamatrically opposite, and they are not compareble.দুটা সম্পূৰ্ণ বিপৰীত মেৰুত থকা বস্তু, ঘটনা বা ব্যক্তি; ইটোৰ লগত সিটোৰ তুলনা নহয়৷ তুলনা কৰা নাযায়৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-04-07
Idiom ফকৰা-যোঁজনা
ফলেন পৰিচয়তে ৷
1) A tree is known by its fruits. 2)The proof of the pudding is in the eating thereof.গছে তাৰ ফলৰ দ্বাৰা নিজ পৰিচয় দিয়ে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
জহলৈ নমৰোঁ, মহলৈ মৰোঁ, ফটা আঁঠুৱাখন টিঙালিকৈ তৰোঁ।
Penny wise but pound foolishগৰমত (?জ্বৰ) নমৰোঁ, মহৰ ভয়ত মৰোঁ, কিন্ত ফটা আঁঠুৱাখন বহুত ওখকৈ তৰোঁ, অৰ্থাৎ তলেদি মহ সোমায়েই থাকে। পাতি পইচাৰ হিচাব ৰখা কিন্তু টকাৰ বা ডাঙৰ খৰচৰ হিচাব নৰখা। Contributed by: Barnali Deuri Bora on 2010-11-10
Idiom ফকৰা-যোঁজনা
বিধাতাৰ লিখন নেযায় খণ্ডন ৷
Inevitable are the decrees of God.ঈশ্বৰে যাৰ কপালত যি লিখে সেইয়া কেতিয়াও সলনি কৰিব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
শাকে শোকোতাই ভক্ষণ, সু পুৰুষৰ লক্ষণ
A well balanced diet is very much essential for a healthy body.শোকোতা তিতা বাবে বা শাক-পাচলি বহুতৰ প্ৰথম পচন্দৰ খাদ্য নহয় ৷ কিন্ত সন্তুলিত আহাৰহে সুস্বাস্থ্যৰ জনক ৷ Contributed by: Barnali Deuri Bora on 2010-10-13
Idiom ফকৰা-যোঁজনা
যেনে কৰ্ম, তেনে ফল
As he sows, so he reapsযি যেনে কাম কৰে, ভবিষ্যতত তাৰ ফল ভোগ কৰিবলগা হয় Contributed by: Barnali Deuri Bora on 2010-10-14
Idiom ফকৰা-যোঁজনা
অকঁৰা মৈত উঠা |
Some people continuously engage themselves in some work in a useless manner, even after the expected work gets over.অকঁৰা মানুহ মৈত (হাল্-বোৱা মাটি সমান কৰিবলৈ ব্যৱহাৰ কৰা যতন) উঠিলে এক অদ্ভূত আনন্দ পাই নামিব নোখোজা হয় | সেইদৰে কোনো ব্যক্তিয়ে একেটা কামতে অপ্রয়োজনীয় ভাৱে লাগি থাকিলে এই ফকৰা ফাঁকি ব্যৱহাৰ কৰা হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-13
Idiom ফকৰা-যোঁজনা
খাহীৰ তেল বাঢ়ে মানে গিৰিহঁতলৈকে আয়
The outcome of a good work done by one can benefit his relations and associates.এজনে কৰা ভাল কামৰ ফল তেওঁৰ আত্মীয় তথা তেওঁৰ সৈতে জড়িত আন লোকেও ভোগ কৰিবলৈ পায় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
ঘোঁৰাতকৈ লেকামৰ দাম বেছি হোৱা ৷
To spend more money, labour, time etc. for accomplishing an associated task than for the main work.কোনো কাম কৰিবলৈ যাওঁতে মূল কামটোতকৈ আনুষংগিক কামত বেছি ধন, সময়, শ্ৰম আদি খৰচ কৰিবলগীয়া হোৱা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-30
Riddle সাথৰ
ক্ষমতাত থৈ মানুহ চিনিবা ৷
One who is in power has a natural tendency to hurt or trouble others through illogical exercise of power. Hence, someone's character can be easily read once he/she is in power.মানুহে যেতিয়া ক্ষমতা হাতত পায়, প্ৰাকৃতিকভবে সেই মানুহে নিজৰ ক্ষমতা চৰিতাৰ্থ কৰিবলৈ আন মানুহৰ সুখ- দুখ, সুবিধা-অসুবিধা নুবুজাকৈ বহু কাম কৰি পেলায় আৰু তাৰ দ্বাৰা মানুহজনৰ আচল চৰিত্ৰ ধৰা পৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
চেকনীৰ আগত বিদ্যা ।
Disciplined study comes about under fear of punishment.শাস্তি বা কঠোৰ অনুশাসনৰ ভয়তহে বিদ্যাৰ্থীয়ে জ্ঞানাৰ্জন কৰে, এনে ধাৰণা । Contributed by: Anjali Sonowal on 2008-08-15
Idiom ফকৰা-যোঁজনা
নাখাওঁ নাখাওঁ বিয়নী, নধৰিবা হাতত; টোৰ টোৰকৈ সোমাই গ’ল এন্দুৰৰ গাতত
When someone shows unwillingness to do something with feeble objections and later on he/she does the same without any resistance.কোনো ব্যক্তিয়ে কৃতিম খং দেখুৱাই প্ৰথমে কৰিব নোখোজা কামটো পাছলৈ কোনো আপত্তি নোহোৱাকৈয়ে কৰি পেলোৱা কাৰ্যক দৰ্শোৱা হৈছে Contributed by: Dr. Armaan U. Muzaddadi on 2012-10-15
Idiom ফকৰা-যোঁজনা
এনেও কাণী তেনেও কাণী, ভালকৈ দিওঁ শাকত পানী
Everyone gets a chance of taking revenge.যিহেতু সদায় কাণী কাণী বুলি হাঁহি থাক, সেই বদনামৰ দোহাই দিয়ে শাকত সৰহকৈ পানী দি তহঁতক পনীয়া শাক খাবলৈ বাধ্য কৰি আজি পোটক তোলোঁ৷ Contributed by: durlav gogoi on 2012-04-04
Idiom ফকৰা-যোঁজনা
শালকে শিঙিয়ে হাঁহে; তয়ো এসাজী, ময়ো এসাজী, ভালেতো গৰাকী নাহে ৷
One, who himself is in distress, should not ridicule another ill-fated person.শাল আৰু শিঙি দুয়োবিধ মাছ সাধাৰণতে মানুহে নাখায় আৰু সেইবাবে দুয়োবিধেই কামত নহা মাছ ৷ গতিকে শালক শিঙিয়ে হঁহাৰ নিচিনাকৈ দুৰৱস্থাৰ সন্মুখীন হোৱা মানুহ এজনে আন এজন দুৰ্গতক উপলুঙা কৰা অনুচিত ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-21
Idiom ফকৰা-যোঁজনা
সুপুত্ৰৰ বাবে কিয় ধন সঞ্চয়, কুপুত্ৰৰ বাবে কিয়ই বা ধন সঞ্চয়?
An efficient and smart son will be able to earn his own livelihood, so parents need not to retain a big bank balance or property for him. Again, a lazy and inefficient son will spend money extravagantly to exhaust a treasure within no time, even if his parent keeps a big bank balance and property for him. Hence, in any case the parents should not accumulate property for their children.পুত্ৰসন্তান যদি সুপুত্ৰ হয় অৰ্থাৎ পৰিশ্ৰমী আৰু গুণী-জ্ঞানী হয়, তেনেহ'লে সেই পুত্ৰৰ কাৰণে ধন সঞ্চয় কৰাৰ প্ৰয়োজন নেথাকে কাৰণ তেনে পুত্ৰই নিজেই ধন উপাৰ্জন কৰিবলৈ সক্ষম হয় ৷ আনহাতে, ধন উপাৰ্জন কৰিবলৈ অক্ষম কুপুত্ৰই হাতত পোৱা সঞ্চিত ধন কম সময়ৰ ভিতৰতে বিনষ্ট কৰি পেলায় আৰু কষ্ট ভুঞ্জিব লগা হয় ৷ এতেকে উভয় ক্ষেত্ৰতেই পিতৃ-মাতৃয়ে নিজ সন্তানৰ কাৰণে অত্যাধিক ধন সঞ্চয় কৰাটো নিষ্প্ৰয়োজন ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-07
Idiom ফকৰা-যোঁজনা
বাঁহৰ আগ তল যাওক, কাউৰীৰ ৰং চাওঁ৷
The fox and the crow both are very cunning. The fox desires to see the fate of the crow when the tip of the bamboo tree would get inundated. However, he fails to visualize his own fate under that circumstances. This means - some people would always expect ill of others come what may.শিয়াল আৰু কাউৰী দুয়োটাই অতি ধূৰ্ত্ত প্ৰাণী৷ শিয়ালে ভাবে - বাঁহৰ আগ তল যোৱাকৈ বানপানী হ`লে কাউৰীৰ ৰং চাব পৰা যাব৷ কিন্তু তেনেকুৱা হ`লে নিজৰ অৱস্থা কেনে হ`ব সেইটো ভাবি নাচায়৷ অৰ্থাৎ কিছুমান মানুহে আনৰ অপকাৰ কৰিবলৈ গৈ নিজৰো অহিত সাধন কৰে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-05-18
Phrase খণ্ডবাক্য
আঠুৱা তলৰ মহ৷
Comparatively very weak person.অতি দূৰ্বল লোক৷ Contributed by: Sitaram Upadhyaya on 2015-03-03
Idiom ফকৰা-যোঁজনা
জোকৰ মুখত চূণ পৰা
To receive appropriate punishment by someone having evil motive in thinking or workঅসত্ চিন্তা বা অসত্ কাম কৰোঁতাই উপযুক্ত শাস্তি পোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-14
Idiom ফকৰা-যোঁজনা
মূৰত থ’লে ওকণিয়ে খায়, মাটিত থ’লে পিপৰাই খায়
It refers to the condition of a person when he gets something what he was longing for or meets someone very dear to his heart and soul.মনে বিছৰা অতি হেঁপাহৰ কোনো বস্তু পালে বা বহুদিনৰ মূৰত নিজৰ আপোনজনক ওচৰত পালে উদ্ভৱ হোৱা কি কৰোঁ কি নকৰোঁ অৱস্থা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-15
Idiom ফকৰা-যোঁজনা
নগাৰ চাং তলেদিহে বাট
To accomplish a task taking advantage of the situation.পৰিস্থিতিৰ সুযোগ লৈ কাম সমাধা কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
দাঁত কৰচি থাক ৷
To get extremely angry.অতিমাত্ৰা খং কৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-28
Idiom ফকৰা-যোঁজনা
বেজৰ নাকত খৰ
If a country healer suffers from ringworm on his nose, it is ridiculous. It means that when someone boasts of being an expert in some task, it would be ridiculous if he cannot perform it effectively.বেজ মানে বৈদ্য, আৰু বেজৰ নাকত খৰ হোৱা মানে এটা হাস্যকৰ কথা । ইয়াৰ ভাৱাৰ্থ এয়ে যে কোনো কামত ওস্তাদি মৰা মানুহ নিজে বিপদত পৰাটো হাস্যকৰ কথা। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-04
Riddle সাথৰ
ইচ্ছা আছে য`ত উপায় আছে ত`ত ৷
Where there is will there is way.ইচ্ছা শক্তি প্ৰবল হ'লে মানুহে সমস্যা সমাধানৰ উপায় বিচাৰি উলিয়ায়, আনহাতে অনিচ্ছা থাকিলে মানুহে সমস্যাক আওকান কৰিবলৈ অজুহাত বিচাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-20
Idiom ফকৰা-যোঁজনা
বালীলৈ যিপাত শৰ, সুগ্ৰীবলৈও সেইপাতেই ৷
Bali, the king of apes was killed by Rama from behind the bushes in order to make his brother Sugriva the king. Later Sugriva also suffered from a similar fate. So, by this proverbial saying, it is said that one should not take pleasure from the distress of others, else he will have to face similar situation in future.বান্দৰৰ ৰজা বালীক তেওঁৰ অজ্ঞাতে আঁৰৰ পৰা শৰ মাৰি ৰামচন্দ্ৰই বধ কৰিছিল আৰু তেওঁৰ ভায়েক সুগ্ৰীবক ৰজা পাতিছিল ৷ বালীক কৰা এই অন্যায়ৰ ফল পাছত সুগ্ৰীবেও ভোগ কৰিব লগীয়া হৈছিল ৷ গতিকে এই পটন্তৰটিৰ দ্বাৰা বুজোৱা হয় যে, আনৰ দুৰ্দশা দেখি আনন্দ কৰিলে শেষত নিজৰো একে দশা হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
Idiom ফকৰা-যোঁজনা
বাঘে-ছাগে একে ঘাটতে পানী খোৱা
Two staunch enemies coming together in order to fulfill their common interestsদুই পৰম শত্ৰুৱে নিজৰ স্বাৰ্থ পূৰণৰ খাতিৰত একত্ৰ হৈ কাম কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-12
Idiom ফকৰা-যোঁজনা
ধোৱা তুলসীৰ পাত
A guilty person trying to prove himself as innocent.তুলসীক খুউব পবিত্ৰ বুলি মনা হয় ৷ এই খণ্ডবাক্য শাৰী নঞৰ্থক ভাৱে ব্যৱহাৰ হয় ৷ দোষী মানুহে নিজকে নিষ্কলঙ্ক সজাবলৈ চেষ্টা কৰা Contributed by: Barnali Deuri Bora on 2010-10-28
Idiom ফকৰা-যোঁজনা
ভয়ত ভগৱন্ত পলায়, কিললৈ বাসুদেউ ডৰায়
Even God is affraid of danger and punishment. It means that there is none in this universe who does not have fear of danger and punishment.বিপদ আৰু শাস্তিলৈ ভগৱানেও ভয় কৰে ৷ অৰ্থাৎ বিপদ আৰু শাস্তিলৈ ভয় নকৰা মানুহ এই পৃথিৱীত নাই ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা
টিক বলধা ওলায় মাটি, মাক ভালেই জীয়েক জাতি ৷
The character of a girl largely depends on the character of her mother.সময়মতে মাটিত হাল বাই শেষ কৰিবলৈ হ’লে বলধ হাল চেঙা হ’ব লাগে ৷ সেইদৰে জীয়েক ভাল হ’বলৈ হ’লে মাকৰ স্বভাৱ-চৰিত্ৰ ভাল হ’ব লাগে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-22
Idiom ফকৰা-যোঁজনা
একতাই পৰম বল
Unity is the greatest strength.এক হৈ কাম কৰিলে অসাধাৰণ জটিল কামো সুকলমে কৰিব পৰা যায় Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-27
Idiom ফকৰা-যোঁজনা
লোণৰ চোকা খাব পাৰি, মাতৰ চোকা খাব নোৱাৰি ৷
One can tolerate excess of salt in the diet, but none can tolerate harsh words of others.খোৱা বস্তুত নিমখৰ পৰিমাণ বেছি হ’লেও সহিব পাৰি, কিন্তু আনৰ টান কথা কোনেও সহ্য কৰিব নোৱাৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা
আইৰ কুৰ্ম্মা ঢেকুৰা, তিৰীৰ কুৰ্ম্মা বপুৰা ৷
Your wife`s relatives often get better treatment than your own.ঘৈণীয়েকৰ সমন্ধীয়সকলক অধিক মান দি, নিজৰ ফলীয়া সমন্ধীয়সকলক অৱহেলা কৰা। Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা
টান মাটিত মেকুৰীয়ে নেহাগে ৷
People seldom disturb the brave and powerful.মেকুৰীয়ে কোমল মাটিতহে মল ত্যাগ কৰে, কাৰণ তেনে কৰিলে মাটি খান্দিবলৈ উজু হয় আৰু সহজাতভাবে বিষ্ঠাবোৰ মাটিৰে ঢাকি থব পাৰে ৷ অৰ্থাৎ মানুহ ক্ষমতাশালী, নিৰ্ভীক, শক্তিশালী, খঙাল আৰু দৃঢ় সংকল্পৰ হ'লে, তেনে মানুহক আন মানুহে সমীহ কৰি চলে তথা অযথা আমনি নকৰে; আনহাতে নিৰ্জু প্ৰবৃত্তিৰ মানুহক আন মানুহে হকে-বিহকে আমনি কৰে বা তেঁওলোকৰ পৰা সুবিধা আদায় কৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-18
Idiom ফকৰা-যোঁজনা
সুদূৰ পৰাহত ৷
Almost impossible to happen.যি কাম বা পৰিঘটনা বাস্তাৱায়িত হোৱাটো প্ৰায় অসম্ভৱ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা
ধানটোৱে প্রতি কণটো, মানুহটোৱে প্রতি মনটো |
Every person has his own mindset .প্ৰত্যেক ব্যক্তিৰে চিন্তাধাৰা বেলেগ বেলেগ হয় |মানুহ মাত্রেই সকলোৰে ভাৱ, আৱেগ-অনুভূতি, সুখ-দুখৰ সংজ্ঞা ভিন্ন হোৱাটো স্বাভাৱিক | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা
নাখাওঁ তাইৰ হাতে ভাত, ঘূৰি ঘূৰি তাইতে হাত
Even if someone takes a pledge not to take a meal prepared by another, when he is hungry he has to break his promise. It means that one cannot avoid asking for help from anyone at the time of distress.কাৰোবাৰ হাতে ভাত নাখাও বুলি ঠেহ পাতি থাকিলেও শেষত পেটৰ ভোকত খাবলৈ বাধ্য হয় ৷ অৰ্থাৎ কোনোবা ব্যক্তিৰ হাতে কোনো কাৰ্য্য নকৰাও বুলি ভাবিও বিপদৰ সময়ত উপায় নাপাই কৰাবলৈ বাধ্য হয় ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা
ওলোৱা কেঁচু গাঁতত নোসোমায় ৷
An earthworm spends most of its time in its hole. Once out, it rarely makes it back to a hole because there are so many enemies out there waiting for it. This means, venturing out into unknown territories may bring your end.কেঁচুৰ জীৱনটো প্ৰায় গাঁততেই পাৰ হয় ৷ গাঁতৰ ভিতৰৰ পৃথিৱীৰ লগত সিঁহত ভালকৈ পৰিচিত ৷ গাঁতৰ বাহিৰ ওলালেই কেঁচুৰ শত্ৰু বহুত ৷ সেয়েহে গাঁতৰ বাহিৰ ওলোৱা কেঁচু জীৱন্তে গাঁতলৈ ঘূৰি যোৱাৰ সম্ভাৱনা কম ৷ এই কথাষাৰে ইয়াকে বুজাই যে অপৰিচিত ঠাইত পদে পদে বিপদ আহিব পাৰে ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
নগৰত জগৰ লগা/লগোৱা
To over-react on a silly matter.অতি সাধাৰণ কথা এটাতে অতিমাত্ৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-13
Idiom ফকৰা-যোঁজনা
নাচিব নেজানে চোতালখন হেৰেমগৰীয়া |
One who does not have potentiality to do something, but blames others for his inabilities.নিজৰ ব্যৰ্থতাৰ বাবে আনক জগৰীয়া কৰি দায় সাৰিব চেষ্টা কৰা Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা
মাটিত কোবালে নাচে তাকে বোলে বান্দৰ৷ গলত ধৰি খাই চুমা তাকে বোলে সাদৰ৷৷
One who dances without music is called monkey. On the other hand love is recognised when kissed in hugs.মাটিত কোবালে(বিনা লয়, তাল-মান আদি)নচা জনেই বান্দৰ৷ ঠিক তেনেকৈ গলত ধৰি চুমা নেখালে সেয়া প্ৰকৃত সাদৰ নহ’য়৷ Contributed by: Sitaram Upadhyaya on 2015-06-13
Idiom ফকৰা-যোঁজনা
উত্তৰে গাজিলে মাৰিবা লৰ, দক্ষিণে গাজিলে জানিবা খৰ। পূৱে গাজিলে থাকিবা শুই, পশ্চিমে গাজিলে নুমাবা জুই ৷
This proverb depicts weather conditons and what action one should take. If the sky is opening up in the north, then one should run back home as rain is evident. If sky has opened up in the south, then you can relax. Similarly, if it is in the east, it is going to last for days. If it is happening in the west, then a thunderstorm is likely occur and therefore one should put out open fires.উত্তৰ ফালে মেঘে গাজিলে বৰষুণ হোৱাটো খাটাং, গতিকে ঘৰলৈ লৰ মাৰিব লাগে ৷ দক্ষিণে গাজিলে সাধাৰণতে বৰষুণ নহয়, গতিকে নিশ্চিন্তমনে থাকিব পাৰি ৷ ঠিক তেনেকৈ, পূব দিশত মেঘে গাজিলে কেইবাদিনো নেৰানেপেৰাকৈ বৰষুণ হোৱাৰ আৰু পশ্চিমে গাজিলে ধুমুহা অহাৰ সম্ভাৱনা থাকে ৷ Contributed by: Rupankar Mahanta on 2009-12-11
Idiom ফকৰা-যোঁজনা
অশ্বত্থামা হত ইতি গজঃ ৷
Ashwasthama is killed which is an elephant, or To use an equivocation or to have recourse to an ambiguity.মহাভাৰতৰ কাহিনীত শ্ৰীকৃষ্ণই গুৰু দ্ৰোণাচাৰ্য্যক (যাৰ পুত্ৰৰ নাম আছিল অশ্বত্থামা) এই খবৰ দি বিভ্ৰান্ত কৰিছিল, যাৰ অৰ্থ \'অশ্বত্থামাক হত্যা কৰা হৈছে, যিটো এটা হাতী\' ৷ অৰ্থাৎ মানুহক দুটা অৰ্থ থকা কথাৰে ভুল পথে চালিত কৰা কাৰ্য্য ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা
বগা ভাত দেখিলে কাউৰীৰ আকাল নোহোৱা ।
There is no dearth of acquisitive people where wealth abounds.ধন সম্পত্তি দেখিলে পৰ প্ৰত্যাশী লোকৰ অভাৱ নোহোৱা । Contributed by: Anjali Sonowal on 2008-07-16
Idiom ফকৰা-যোঁজনা
তিলক ল’লেই বৈষ্ণৱ নহয় ৷
1) It is not the hood that makes the monk. 2) All are not saints that go to church.বাহ্যিক সাজ-পাৰে মানুৰ চৰিত্ৰৰ পৰিবৰ্তন কৰিব নোৱাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
চাকিৰ গুৰিটো (বা তলটো) আন্ধাৰ
An earthen lamp illuminates a room, but it's base is deprived of the light and remains dark. This implies that nobody is perfect. Everyone has a some shortcomings in their life.সকলোৰে কিবা নহয় কিবা দোষ বা বিচ্যুতি থাকে ৷ এইটো সত্য কেৱল সাধাৰণ মানুহৰ বাবেই নহয়, সমাজৰ সফলতম ব্যক্তিজনৰ বাবেও ই প্ৰযোজ্য৷ Contributed by: Rupankar Mahanta on 2008-09-04
Idiom ফকৰা-যোঁজনা
খাই কাৰ্শলা ডালত উঠিল | কাঠী চেলেকাৰ মৰণ মিলিল ||
Sometimes, criminals commits crime and escape without getting punishment. But the common and innocent people are harassed in the name of enquiry.কাৰ্শলা এবিধ তীব্ৰবেগী বিষাক্ত সাপ; ই গছ-পাতৰ ওপৰৰে সহজে বগাই ফুৰিব পাৰে| কাঠি চেলেকাৰ অৰ্থ হৈছে সাধাৰণ হোজা আৰু নিৰ্দোষী মানুহ| অৰ্থাৎ দাগী অপৰাধী সাৰি যায় অথচ নিৰপৰাধী ব্যক্তিয়ে হাৰাশাস্তি খাৱ লগা হয়| Contributed by: Biraj Kumar Kakati on 2008-03-01
Idiom ফকৰা-যোঁজনা
তেলটুপি তোমাৰ মাটিতে থোৱাঁ, পিপাটোহে আজৰাই মোক দিয়াঁ
help me ignoring your losses.নিজৰ লোকচান কৰি হ`লেও মোক সহায় কৰাঁ Contributed by: durlav gogoi on 2012-03-28
Idiom ফকৰা-যোঁজনা
সাগৰত আছিল পঞ্চ জলাশঙ্খ, নেগুৰীয়া শামুকে ক’লে ময়ো তাৰে বংশ
The bigger conches of the sea are considered sacred and used by the priests to blow in religious ceremonies and to offer libations to the gods, but the small snails are not given any importance. The tendency of some people to establish and show his relationship to powerful or famous people with an intention to glorify himself has been equated to the small snail telling that it belongs to the family of the big conch.সাগৰীয় জলাশঙ্খ আদৰৰ বস্তু কাৰণ ইয়াক মাঙ্গলিক অনুষ্ঠানত বজাবলৈ বা আহুতি দিবলৈ ব্যৱহাৰ কৰা হয় ৷ কিন্তু সাধাৰণ শামুকৰ কোনো আদৰ নাই ৷ সাধাৰণ শামুকে নিজকে জলাশঙ্খৰ বংশধৰ বুলি দাবী কৰাৰ দৰে কিছুমান মানুহে নিজৰ গুৰুত্ব বঢ়াবলৈ ডাঙৰ মানুহৰ সৈতে থকা নিজৰ আত্মীয়তা দেখুৱাবলৈ চেষ্টা কৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা
হস্তীৰো পিছলে পাও, সজ্জনৰো বুৰে নাও।
Even a great person may commit an error of judgement.ডাঙৰ বা মহৎ লোকৰো কেতিয়াবা কোনো কথাত ভুল হ'ব পাৰে ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা
ওখ গছত বতাহ লাগে বেছি।
High winds blow on high hills.মানুহ যেতিয়া ক্ষমতাশালী বা অৰ্থনৈতিকভাৱে সবল হয়, তেওঁৰ বাবে নিত্য-প্ৰয়োজনীয় সামগ্ৰীৰ পৰিমাণ আৰু দায়িত্ব বাঢ়ি যায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা
শক্তি চাইহে ভক্তি
One should try to involve himself with a task according to his capabilities only.মানুহে পূজা-পাতল আদি মাঙ্গলিক অনুষ্ঠানত নিজৰ সাধ্য অনুসৰিহে খৰচ কৰিব পাৰে | ঠিক তেনেকৈ নিজৰ সামৰ্থ্য অনুসৰিহে মানুহে যিকোনো কামলৈ আগবাঢ়িব লাগে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
গোঁসাই ঘৰত কোন, মই কল খোৱা নাই ৷
To expose one`s own misdeeds while trying to cover or hide something.বেয়া কাম কৰি লুকুৱাব খোঁজোতে নিজৰ কথাতে পাক খাই ধৰা পৰি যোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
সত্যৰ সদায় জয় ৷
1. God sees the truth. 2. The truth always prevails.সত্যক কোনেও ঢাকি ৰাখিব বা পৰাজিত কৰিব নোৱাৰে ৷ সত্যত আশ্ৰিতজনৰ সদায় জয় হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-16
Idiom ফকৰা-যোঁজনা
চক্ৰবৎ পৰিবৰ্তন্তে দুঃখানি চ সুখানি চ ৷
1. Weal and woe come by turns as the wheel of fortune moves. 2. A king of today is a beggar of tomorrow. 3. After rains, comes fair weather.মানুহৰ জীৱনত সুখ আৰু দুখ চকৰিৰ দৰে আহে আৰু যায় ৷ অৰ্থাৎ জীৱনৰ একাল দুখত ব্যতিত হ'লে আৰু একাল সুখত ব্যতিত হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-08
Riddle সাথৰ
হাতীৰ দাঁত দেখুৱাবলৈ কিছুমান থাকে আৰু চোবাবলৈ আন কিছুমান থাকে ৷
Fifth columnist/ showing double standard.যেতিয়া মানুহে লোকক দেখুৱাবলৈ একধৰণৰ কৰ্ম কৰে আৰু নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অন্য ধৰণৰ কৰ্ম কৰে, তেনে অৰ্থত প্ৰয়োগ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
গেলাতে টেঙা দিয়া
to inflict additional injury to someone who is already suffering from painকষ্ট ভোগ কৰি থকা ব্যক্তিক অধিক কষ্ট দিয়া Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-04-26
Idiom ফকৰা-যোঁজনা
দুদিনৰ কাৰণে তোৰ বেহা, কিহলৈ ইমান তিতা-কেহা ?
Human life has limited span, but people used to forget it and in the process of living a luxurious life they spend whole life with unnecessary tensions, quarrels with fellowmen and consequently live a miserable life with unlimited sufferings.মানুহৰ জীৱন সীমিত দিনৰ বাবে অৱধাৰিত যদিও এই কথা পাহৰি গৈ মানুহ লোভ-লালসা আৰু ভোগ-বিলাসত মত্ত হৈ দৈনন্দিন জীৱনত দন্দ-খৰিয়াল বঢ়াই লয়, আৰু জীৱনটো অবাঞ্চিত যন্ত্ৰণা, শংকা, মানসিক অশান্তি আদিৰে কটাই দিয়ে ৷ এই চিৰসত্য কথাটিৰ উমান দিবলৈ এই ফকৰাৰ ব্যৱহাৰ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-05
Idiom ফকৰা-যোঁজনা
সোণত সুৱগা চৰা
It implies to two things that are most complementary to each other.সোণ বৰ কঠিন ধাতু আৰু ইয়াক সুৱগাৰ লগত মিহলি কৰিলেহে গঢ় দিবলৈ সুবিধা হয় ৷ কোনো এটা বস্তু আন কোনো বস্তুৰ লগত সৰ্ম্পূণকৈ মিলি পৰা -অৰ্থত এই পটন্তৰটি ব্যৱহাৰ হয় ৷ Contributed by: Barnali Deuri Bora on 2010-10-27
Idiom ফকৰা-যোঁজনা
মাছৰ তেলেৰে মাছ ভজা
To cheat somebody by flattering with resources taken from the victim himself.কাৰোবাৰ পৰা লোৱা সামগ্রীৰে তেওঁকে তোষামোদ কৰি ঠগী খোৱা Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-07
Idiom ফকৰা-যোঁজনা
নোধোওঁ গা ধুৱালি, নাখাওঁ ভাত খুৱালি, নিগিলোঁ কি কৰ কৰ
stubborn attitude, reluctant to do anything without one`s own willআঁকোৰগোজ মনোভাৱ, নিজৰ ইচ্ছাৰ বিৰুদ্ধে কোনো কাম কৰিবলৈ সন্মত নোহোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-29
Idiom ফকৰা-যোঁজনা
সাত শতৰু
The enemy of hatred.অতিকৈ ঘৃণিত শত্ৰু ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
Idiom ফকৰা-যোঁজনা
বাটৰ কচু গাত ঘঁহ
to invite trouble by one’s own actsনিজে নিজৰ বিপদ মাতি অনা Contributed by: Aklantika Saikia on 2010-02-07
Idiom ফকৰা-যোঁজনা
নগৈ গড়গাৱঁৰ বাতৰি দিয়া
To provide misinformation without visiting or witnessing the place where an event took place.গড়গাওঁ আহোম শাসন কালত অসমৰ ৰাজধানী আছিল৷ এই ফকৰাটিৰ দ্বাৰা কোনো এখন ঠাইলৈ নোযোৱাকৈ ফিতাহি মাৰি আন্দাজতে তাৰ কিবা সংবাদ দিয়া কাৰ্য্য বুজোৱা হয়৷ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-10
Phrase খণ্ডবাক্য
নপতা ফুকন
This phrase is used for people who show to take responsibilities in any ceremony or function without being bestowed with such responsibilities. The phrase is used in an insulting sense.কোনেও নমতাকৈ দায়িত্ব লৈ ফুৰা মানুহ৷ Contributed by: Abhijit Hazarika on 2012-01-31
Idiom ফকৰা-যোঁজনা
নাহাঁহিবি মোক সোঁচৰিব তোক ৷
If someone loughs at others distress, the same distress gets into his/her life.কোনো মানুহে যদি কাৰোবাৰ দুৰ্দিন বা দুৰ্দশা দেখি হাঁহে, তেন্তে হাঁহোতাজনেও একেধৰণৰ দুৰ্দশাত ভূগিব লগীয়া হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-04
Idiom ফকৰা-যোঁজনা
সৰুৰ মুখত বৰ কথা
Telling or showing interest on something which is beyond one's capabilities.নিজৰ শক্তি-সামৰ্থ্যৰ কথা বিচাৰ নকৰি বলে-নোৱাৰা ধৰণৰ কামৰ প্ৰতি আগ্ৰহ দেখুওৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-04
Idiom ফকৰা-যোঁজনা
মেলত থাকি নকয় উচিত, দোষে চোৱে কিঞ্চিৎ কিঞ্চিৎ৷
One who does not raise voice against a wrong doing or improper decision is liable to face the consequences of such a decision in future.ৰাজহুৱা সভা বা আলোচনাৰ মাজত থাকি উচিত কথা নক'লে বা সত্যৰ পক্ষ নল'লে অনুচিত সিদ্ধান্তৰ ফলত হোৱা পৰিণামৰ বাবে দোষৰ ভাগী হ'বলগীয়া হয়৷ অৰ্থাৎ অন্যায় কৰাজন যিমান দোষী, অন্যায়ৰ বিৰোধিতা নকৰাজনো সমানেই দোষী৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-04-19
Idiom ফকৰা-যোঁজনা
আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল / আছে গৰু নেবাই হাল, হোৱাতকৈ নোহোৱাই ভাল
If one does not utilize his resources properly there is no benefit of having them.মানুহে নিজৰ হাতত থকা সম্পদবিলাক ভালদৰে ব্যৱহাৰ নকৰিলে সম্পদ নথকাৰ দৰেই হয়৷ অৰ্থাৎ মানুহে নিজৰ সম্পদবিলাক সঠিকভাৱে কামত খটুওৱা উচিত৷ Contributed by: Prasenjit Khanikar on 2008-02-28
Idiom ফকৰা-যোঁজনা
সৰিয়হৰ ডুলিত ভূত ওলোৱা |
To find some unusual things or incidents in quite unexpected places (or related to unexpected/incompatible person .).ভূতে সাধাৰণতে সৰিয়ঁহলৈ ভয় কৰে বুলি জনবিশ্বাস আছে৷ গতিকে কোনো নভবা স্থানত অগতানুগতিক ভাবে এটা বিপৰীত ধৰণৰ বস্তু ওলালে বা কোনেও ভাবিব নোৱাৰাকৈ এজন ভদ্র ব্যক্তি বেয়া কাৰ্য্যত লিপ্ত হ\'লে এই ফকৰাটো ব্য্যৱহাৰ কৰা হয়| Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-14
Idiom ফকৰা-যোঁজনা
মূৰত আকাশী স্বৰগ ভাগি পৰা
To suddenly face a very serious troubleহঠাতে ভয়ঙ্কৰ বিপদৰ সন্মুখীন হোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-31
Idiom ফকৰা-যোঁজনা
ফিতাহি মাৰ ৷
To show excessive pride in one's appearance, qualities, abilities, achievements, etc.মইবৰ ভাৱ বা অতিমাত্ৰা আত্মগৌৰৱ দেখুৱা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-19
Idiom ফকৰা-যোঁজনা
গোৰ মাৰি গঙ্গাত পেলোৱা
one gets benefited from the act of revenge from the otherগোৰ মৰা হয় শাস্তি বিহিবলৈ, কিন্তু সেই গোৰেই যদি গঙ্গাত পেলায়, তেন্তে গঙ্গাস্নান কৰি উপকৃতহে হোৱা যায়। অর্থাৎ শাস্তি বিহাৰ অভিপ্রায়েৰে কৰা কার্যৰ দ্বাৰা কাৰোবাৰ মঙ্গল সাধন হোৱা। Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Idiom ফকৰা-যোঁজনা
ঘৰে প্ৰতি ঘৈণী খালে প্ৰতি যখিনী৷
Presence at everywhere.সকলোতে সূলভ হোৱা৷ Contributed by: Sitaram Upadhyaya on 2014-12-23
Idiom ফকৰা-যোঁজনা
চালনীয়ে বোলে বেজি ভাই তুমি কিয় ফুটা
A person who has lots of faults within himself accuses another who has lesser faults than himনিজৰ বহুতো দোষ থাকোতেও আনৰ এটা দোষকে দেখা Contributed by: Barnali Deuri Bora on 2010-10-27
Idiom ফকৰা-যোঁজনা
বাঘ নাই বনত, হৰিণাই দেও দি চৰি ফুৰি খায় ৷
An organization without a strong administrator is like a forest without tigers wherein the deer have fearless movement for grazing. The employees of such organizations have no fear for punishment of doing wrong doings and thus chaos prevails sooner or later.যি বনত বাঘ নাথাকে, তাত হৰিণািই অবাধে বিচৰণ কৰিব পাৰে আৰু য'তে ত'তে ঘাঁহ খাই ল'ৰি ফুৰিব পাৰে; কাৰণ তেনে বনত হৰিণাৰ প্ৰাণৰ ভয় নেথাকে ৷ একেদৰে যি প্ৰতিষ্ঠানত বলিষ্ঠ প্ৰশাসক নেথাকে, তাৰ সদস্যসকল উদণ্ড প্ৰকৃতিৰ হৈ পৰে আৰু অৰাজকতাৰ উৎপত্তি হয়, যিহেতু তাত আইন ভঙ্গকাৰী বা ভ্ৰষ্টাচাৰীয়ে শাস্তি পোৱাৰ ভয় নেথাকে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-10-27
Idiom ফকৰা-যোঁজনা
চুকত থাকি বুকত কামোৰ মৰা
A very close or intimate person causing harm or showing enmityঅতি আপোন বা অন্তৰঙ্গ জনে অপকাৰ বা শত্ৰুতা কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-05
Idiom ফকৰা-যোঁজনা
থলুৱা কুকুৰ থলত বাঘ, বাজত মেকুৰী ৷
A local dog is lion in his own den, but becomes a cat once it goes out. Other words, one who shows bravery by dint of the courage of others, but really he is a coward.থলুৱা কুকুৰে নিজ স্থানত বাঘৰ নিচিনা সাহস দেখুয়ায়, কিন্তু বাহিৰত গ'লে মেকুৰীৰ দৰে আচৰণ কৰে ৷ অৰ্থাৎ যি আনকাৰোবাৰ শক্তিৰে বা আপোন মানুহৰ উপস্থিতিতহে সাহস প্ৰদৰ্শন কৰে, যি প্ৰকৃততে ভয়াতুৰ বা কাপুৰুষ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
চকুৰ কুটা দাঁতৰ শূল
A person disliked most or not favourite at all.দেখি ভাল নলগা বা অত্যন্ত অপ্ৰিয় লোক Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-07
Phrase খণ্ডবাক্য
দলনিত পোনা মেলা
To push someone into a vulnerable situation.অসহায় অৱস্থালৈ ঠেলি দিয়া Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Idiom ফকৰা-যোঁজনা
ফটাকঁথা তিতে মানে গালৈহে গধুৰ
A stitch in time saves nine.কৰিবলগীয়া কাম পেলাই থ\'লে পাছলৈ সৰু সৰু কাম গোট খাই দিনকদিনে কঠিনৰ কঠিনতৰ হৈ পৰে । Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-28
Idiom ফকৰা-যোঁজনা
কেৰ্কেটুৱাই তামোল খায়, নেউলক বান্ধি কিলায় ৷
Many a times an innocent suffers because of his similarity in appearance with a bad character.দেখাত সাদৃশ্য থকাৰ দোষতে নিৰ্দোষীয়ে কেতিয়াবা অনাহকতে মাৰ খাবলগীয়া হয় ৷ Contributed by: Rupankar Mahanta on 2008-08-18
Idiom ফকৰা-যোঁজনা
ছাতি ধৰিবা সিফালে, বৰষুণ আহে যিফালে ৷
One has to adapt himself with the changing environment, society, rules-regulations, etc. and try to fit into the new environment.যিফালৰ পৰা বৰষুণ আহে সেইফালেই ছাতি ধৰিব লাগে, নহ\'লে অযথা বৰষুণৰ পানীত তিতি কষ্ট খাব লগা হয় ৷ অৰ্থাৎ যুগ পৰিবৰ্তনৰ লগে লগে মানুহে নিজক পৰিবৰ্তন কৰি লব লাগে, অৰ্থাৎ সময়, পৰিস্থিতি, স্থান, সমাজ আদিৰ আনুষংগিক নিয়ম-নীতিৰ লগত সংগতি ৰাখি চলিব লাগে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-06
Idiom ফকৰা-যোঁজনা
ৰগৰতে জগৰ লগা স্বভাৱ ৷
It is used to denote the character of a person who does not understand joke, kidding or teasing. Kidding with such persons will lead to a quarrel only.ধেমালি নুবুজা মানুহৰ লগত ধেমালি কৰিলে কাজিয়াৰ সূত্ৰপাত হয়। এনে স্বভাৱৰ মানুহক বুজাবলৈ এই ফকৰা-যোজনাটো ব্যৱহাৰ কৰা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-03-03
Idiom ফকৰা-যোঁজনা
বৰাৰ ঘৰত তৰাৰ গাঁঠি বৰানো থাকিব কেই ৰাতি
For making a temporary house, one can even use some wild grass to tie the knots, but it cannot be permanent. It means that to satisfy a guest for a limited period, one can make some temporary arrangement, which may look very attractive and fascinating.তৰাৰ গাঁঠিৰেই মানুহ থাকিব পৰাকৈ কেইদিনমানলৈ এটা ঘৰৰ প্ৰয়োজনীয় গাঁঠিসমূহ দিব পাৰি আৰু সেই কথা অস্থায়ীভাৱে থকা মানুহজনে ধৰিব নোৱাৰে ৷ কিন্তু সি চিৰস্থায়ী নহয় ৷ অৰ্থাৎ ক্ষন্তেকীয়া আলহীৰ নিমিত্তে চকুত ভাল লগাকৈ কোনো কাৰ্য্য কৰি মনত সন্তোষ দিয়া ব্যৱস্থা ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা
কদো বাহত জুই দিয়া
Bringing in great trouble by provocating others by one's own actionকোনো কামৰ জৰিয়তে আনক প্ৰৰোচিত কৰি নিজৰ বিপদ মাতি অনা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-06-19
Idiom ফকৰা-যোঁজনা
হাঁহ চোৰৰ মূৰত পাখি, কঁঠাল চোৰৰ আঠাই সাক্ষী
A criminal always leaves behind some signs of a crime he comiits.কিবা অপকৰম কৰাৰ পিছত কৰবাত নহয় কৰবাত চিন থাকি যায়। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা
অধিক বাঢ়ৈত গুৰ ধমনা হয়
When many people try to interfere in the work being done by a person, it unnecessarily jeopardizes the performance.এজনে কৰিব পৰা কাম এটাত কেইবাজনেও হেতা ওপৰা কৰিলে অনাহকতে কামত বেমেজালিয়ে দেখা দিয়ে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
লওঁ বাকলি ছাল, সাতোটা সুখৰ এটাও নাপালো, ঢেঁকীটোও নাপালো ভাল৷
The discontentment of a woman who laments about her fate that she did not get any happiness from marriage neither material, nor marital even the simple household material `dheki`(rice milling machine) is also of poor quality.দুখীয়া পৰিয়াললৈ বিয়া হৈ, লগতে পাৰিবাৰিক অশান্তিত ভোগা তিৰোতাৰ আক্ষেপ যে সাধাৰণ ঢেঁকীটোও তেওঁৰ ভাগত ভাল নপৰিল ৷ Contributed by: Barnali Deuri Bora on 2010-11-15
Phrase খণ্ডবাক্য
আকাশত চাং পতা
To build castle in the airঅলীক বা আচৰিত কল্পনা কৰা Contributed by: Pranjit Kalita(প্ৰাণজিৎ কলিতা) on 2010-02-22
Idiom ফকৰা-যোঁজনা
মাছে বোলে মাতে, পানীয়ে দুই কোৱাৰি ভেটে।
It depicts a condition when one has enough to speak but cannot because of the prevailing circumstances.কোনো কথা কোৱাৰ উপযুক্ত যুক্তি থকাৰ পিছতো পাৰিপাৰ্শ্বিক পৰিৱেশৰ বাবে ক`ব নোৱাৰা অৱস্থা। Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা
সাত বিহুৰ সৈয়া কণী
one surviving even after facing a lot of trouble and distressবহুবাৰ কণী-যুঁজত যুঁজোৱাৰ পাছতো নভগাকৈ থকা কণী, অৰ্থাৎ প্ৰচুৰ দুখ-কষ্টৰ সন্মুখীন হৈও ভাগি নপৰা লোক Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-02
Idiom ফকৰা-যোঁজনা
চন্দ্ৰতো কলঙ্ক আছে
This implies that nobody is perfect. Everyone has a some shortcomings in their life.সকলোৰে কিবা নহয় কিবা দোষ বা বিচ্যুতি থাকে ৷ এইটো সত্য কেৱল সাধাৰণ মানুহৰ বাবেই নহয়, সমাজৰ সফলতম ব্যক্তিজনৰ বাবেও ই প্ৰজোয্য ৷ Contributed by: Rupankar Mahanta on 2008-09-04
Idiom ফকৰা-যোঁজনা
প্ৰবাসে নিয়ম নাস্তি
Those who are away from home cannot strictly follow the social norms and customs; so it may be forgiven.প্ৰবাসত থকা অৰ্থাত্ ঘৰৰ পৰা আঁতৰত থকা মানুহে বহুতো সামাজিক ধূতী-নীতি মানি চলিব নোৱাৰে | গতিকে ই সিমান ধৰিব লগীয়া কথা নহয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা
যথা দয়া তথা ধৰ্ম, যথা লোভ তথা পাপ; যথা ক্ৰোধ তথা নাশ, যথা ক্ষমা তথা আপ ৷
Where there is no kindness, there is no religion; if there is lust, there will prevail sin; where there is anger, it will followদয়া নাথাকিলে ধৰ্ম নহয়, লোভ-লিপ্সা বাঢ়িলে পাপ কৰ্ম বাঢ়ে, খঙৰ দ্বাৰা বিনাশ হয় আৰু ক্ষমাৰ জৰিয়তে কোনো ব্যক্তিয়ে আপ বা আপোনাক/নিজক মানুহৰ মনত প্ৰতিষ্ঠা কৰিব পাৰে আৰু নিজৰ অস্তিত্ব যুগমীয়া কৰিব পাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-12-16
Idiom ফকৰা-যোঁজনা
যাৰ নেগুৰত জুই লাগে, সি নিজেই নুমাব লাগে ৷
At the time of distress, if anybody waits for others to help and rescue him, there is possibility of greater damage. So, he has to think and work on his own to find a solution for it.বিপদত পৰিলে আনৰ পৰা সহায় পোৱাৰ আশাত ৰৈ থাকিলে অধিক ক্ষতি হোৱাৰ সম্ভাৱনা থাকে ৷ গতিকে বিতত নহৈ নিজেই তাৰ প্ৰতিকাৰৰ উপায় চিন্তি সেইমতে কৰ্ম কৰিব লাগে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
Idiom ফকৰা-যোঁজনা
শাকত নাখাই লোণ, পিটিকাত যায় তিনিগুণ |
One should know how to spend and, more importantly where to spend. English sayings: Penny wise pound foolishক’ত কিমান খৰচ কৰিব লাগে তাক জনা উচিত ৷ কৃপণে একেৰাহী শাকত বহুত নিমখ লাগিব বুলি সঞ্চয় কৰিবলৈ পিটিকা বনায় খায় ৷ অথচ এবাটি পিটিকাত একেৰাহী শাকত লগা নিমখতকৈ বেচি দিয়ে ৷ Contributed by: Rupankar Mahanta on 2008-03-18
Idiom ফকৰা-যোঁজনা
নকলেও নোৱাৰোঁ ফটা মুখ, ক’লেও লাগে ভকতৰ দোষ
To invite hatred from others by telling the truthমুখৰ আগত সত্য কথা কৈ আনৰ অপ্ৰিয়ভাজন হোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা
তুমি হ’লা বাৰৰে, আমি হ’লো তেৰৰে
Reluctance to accept superiority of others over oneself.কোনো কথাতে আনতকৈ পিচ পৰি থাকিব নোখোজা বা আনৰ ওচৰত সেও মানিব নোখোজা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Phrase খণ্ডবাক্য
হাত লৰ ৷
The habit of stealing, a thief.চুৰি কৰাৰ স্বভাৱ বা মানসিকতা, চোৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা
যাতে পাৱ শাক-সিন্দুৰ, তাকে পাত ভোকোৰা এন্দুৰ |
Ungrateful people often criticises those from whom they get all sorts of help.খাই পাত ফলা বা অকৃতজ্ঞ মানুহে যাৰ পৰা সকলো ধৰণৰ সহায় পায়, তাৰে বদনাম ৰটি ফূৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা
বৰ ভাই যেনি যায় সৰু ভায়ো তেনি যায় ৷
Young people generally follow their elders in all aspects. So, the elders should set good ideals before them.সৰুৱে ডাঙৰক সকলো কথাতে অনুকৰণ কৰে | সেয়েহে ডাঙৰে সৰুৰ আগত ভাল আদৰ্শ ডাঙি ধৰিব লাগে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি
Plan to cause damage or injury others may backfire and end up hurting self.আনৰ অনিষ্ট কৰিব বিচাৰোতে নিজৰেই অনিষ্ট হোৱা Contributed by: Rupankar Mahanta on 2008-03-14
Idiom ফকৰা-যোঁজনা
সাত পুৰুষত নহ’ল গাই, কঁৰীয়া লৈ খীৰাবলৈ যায় |
Some people boast of themselves in such a way that even if they don`t have resources and skill, they always dream of something big only.অত্যধিক ফুটনি মৰা মানুহৰ ক্ষেত্রত এই ফকৰা ফাঁকি ব্যৱহাৰ কৰা হয়, যাৰ সামান্য কাম এটা কৰাৰ সামৰ্থ্য নেথাকে কিন্তু সদায় ডাঙৰ কামৰ স্বপ্ন দেখে | এই ফকৰা ফাঁকি ’গাত নাই ছাল বাকলি, মদ খাই তিন টেকেলি’ৰ লগত প্রায় একেই অৰ্থত ব্যৱহাৰ কৰা হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-21
Idiom ফকৰা-যোঁজনা
বাল ছিঙোতে মহা মৰিল, মই বোলো মহা ৰণত হে পৰিল ৷
Exaggerating a small matter out of proportion.সৰু কথা এটাকে সজাই পৰাই বহুত ডাঙৰ কৰা ৷ Contributed by: Barnali Deuri Bora on 2010-11-19
Idiom ফকৰা-যোঁজনা
পৰত আশ বনত বাস
A person keeping trust on someone who is not very close to him by blood relation, looses everything and lives in bankruptcy.আপোন মানুহ এৰি পৰক বিশ্বাস কৰিলে, ধন সম্পত্তি, ঘৰ বাৰি বিনষ্ট হয় আৰু অৱশেষত বনত গৈ বসবাস কৰিব লগীয়া হয়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা
মাহৰ মাৰ দেখি তিলে বেঁত মেলা
One may confess about his misdeeds out of fear, if he witnesses the process of punishment being given to someone else.মাহ আৰু তিল দুয়োবিধকে একেদৰে কোবাই বীজ উলিয়াব লগা শস্য৷ মাহক কোবোৱা দেখি তিলে তাৰ বীজ নিজেই উলিয়াই দিয়া বুলি কোৱাৰ পৰা ইয়াকে বুজাব বিচাৰিছে যে, কাৰোবাৰ শাস্তি দেখি আন মানুহে নিজেই নিজৰ দোষৰ সৈ কাঢ়ি দিয়ে৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Phrase খণ্ডবাক্য
পেটৰ তাড়না ৷
Struggle to earn livelihood.জীৱিকা উপাৰ্জনৰ বাবে সংগ্ৰাম ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা
গড়গঞা মিতিৰৰ ভাও- মুখে বোলে থাক থাক, ভৰিৰে হেঁচোকে নাও৷
relatives or friends who are insincere or deceitful.মুখে-পেটে একে নোহোৱা৷ বাহিৰত দেখুৱাই মিঠা মাত মাতি ভিতৰত কপট ভাব ৰখা স্বভাৱ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-08-17
Phrase খণ্ডবাক্য
ছাঁতে শুকোৱা, মুঠিতে লুকোৱা
Very fine and light (cloth)অতি মিহি আৰু পাতল (কাপোৰ) Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-04
Idiom ফকৰা-যোঁজনা
ভাতৰ ভতুৱা মেখেলা ভাৰি ভাত বাঢ়ি থৈছো খোৱাহি আহি
It`s about a person who is very lazy and does not work, and also lives on other`s mercy.কাম বন নকৰি, বহি শুই আনৰ উপাৰ্জনৰ ওপৰত জীৱন নিৰ্বাহ কৰা লোকক বুজুৱা হৈছে ৷ Contributed by: Barnali Deuri Bora on 2010-11-19
Idiom ফকৰা-যোঁজনা
সতিনীৰ আছে হৃষ্ট-পুষ্ট এটা, মোৰ আছে ক্ষীণ-মীন পাঁচটা ৷
A co-wife loughs at another co-wife's single child saying 'single but very healthy' and she covers her own guilt even if she has five children saying 'My children are unhealthy and weak may them be five in number'. So, this saying expresses the human character that always has the tendency to exaggerate others guilt or wealth and to show one's own guilt or wealth as very little or negligible.এক সতিনীৰ সন্তান এটা হ'লেও, আন সতিনীয়ে হৃষ্ট-পুষ্ট বুলি কৈ ইতিকিং বা ইৰ্ষা কৰে আৰু নিজৰ সন্তান পাঁচটা হ'লেও ক্ষীণ-মীন বুলি কৈ নিজৰ দোষ ঢাকিব খোজে ৷ অৰ্থাৎ নিজৰ দোষ ঢাকি আনৰ দোষ বঢ়াই কোৱা স্বভাৱ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-14
Idiom ফকৰা-যোঁজনা
ৰাগৰ গুৰি তানানানা ৷
To fathom the hidden agenda of a person from his/her external activities of showiness.কোনো ৰাগ বা সুৰৰ মূল কোনো এক স্বৰ্গম হয় আৰু তাৰ আলাপ,অন্তৰা আদি মূল সুৰৰ প্ৰকাশ হয়, সেয়ে ৰাগৰ মূল সুৰ বুজিলেই সম্পূৰ্ণ ৰাগ আয়ত্ত কৰিব পাৰি ৷ একেদৰে এই ফকৰাই কোনো ব্যক্তিয়ে নিজ অন্তৰ্নিহিত উদ্দেশ্য সিদ্ধিৰ বাবে অতিৰিক্ত কৰ্মোদ্যোগ দেখুৱা কাৰ্যৰ মূল উদ্দেশ্য আন কোনোবাই ঠাৱৰ কৰিব পৰাটো বুজায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-16
Idiom ফকৰা-যোঁজনা
সতিনীৰ পুতেক আগত গলেও দায়, পাছত গলেও দায়৷
Act done by son of a co-wife is always taken as negative.সতিনী সদায় ঘৃণাৰ পাত্ৰ৷ যাৰ প্ৰতি ভাল ভাৱ নাই তেওঁ ভালেই কৰক বা বেয়াই কৰক তাক বেয়াৰ দৃষ্টিৰে চোৱা হয়৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-08
Riddle সাথৰ
হাবিত কাহে, ওলাই নাহে ৷
There is sound (coughs) inside the forest, but it is not revealing (coming out). Answer is: Axe.কুঠাৰ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-07-29
Idiom ফকৰা-যোঁজনা
ভঙা ভৰি গাঁতত পৰে ৷
Broken leg falls in the potholes. When sorrow comes, comes more and more.সমান মসৃন ৰাস্তাত খোজ কাঢ়ি যাওতে,হঠাৎ ভাল ভৰি গাঁতত পৰিলেই কষ্ট পোৱা যায় আৰু যদি ভঙা ভৰি গাঁতত পৰে কষ্ট অসহনীয় হৈ উঠে l সচৰাচৰ ভঙা ভৰিখনহে গাঁতত বেছিকৈ পৰে ৷ অৰ্থাৎ মানুহৰ জীৱনত যেতিয়া এবাৰ দুখ-কষ্ট বা বিপদ আহে, একে সময়তে আৰু অধিক বিপদ আহে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-20
Idiom ফকৰা-যোঁজনা
বোকাতহে পদুম ফুলে ৷
Like the lotus blooming on marshy land, an intelligent or good child can be born even in a very poor or downtrodden family.পদুম ফুল বোকাত ফুলাৰ নিচিনাকৈ দুখীয়া বা অৱহেলিত লোকৰ ঘৰতে জ্ঞানী বা সুসন্তানৰ জন্ম হ’ব পাৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
গালো বালো খোলাকটিৰ তাল হ’ল
all efforts have gone in vainসকলো কষ্ট অথলে গ’ল Contributed by: Rupankar Mahanta on 2008-09-04
Idiom ফকৰা-যোঁজনা
সান্দহ খোৱা বালি তল যোৱা
the state of compulsion to lose the vantages enjoyed by someoneভোগ কৰি থকা সুবিধা হেৰুৱাব লগীয়া হোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-28
Idiom ফকৰা-যোঁজনা
ষাঠিত ওপজক প্ৰথম নাতি, বিয়া কৰাওক সবাহ পাতি ৷
One should get married at such an age so that he can become grandfather at an age of sixty; and always get an arranged marriage with full involvement of relatives and society.মানুহে এনেকুৱা বয়সত বিয়া কৰাব লাগে যাতে ষাঠি বছৰ বয়সত প্ৰথম নাতি কোলাত ল`ব পাৰে, আনহাতে বিয়া সদায় আপোন মানুহ আৰু সমাজক লৈ আমোদ স্ফূৰ্ত্তিৰে পাতিব লাগে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
ৰজাই ভাল বোলে যাক, হাতী ঘোঁৰা নালাগে তাক
One, who has blessings of the king or the man in power, can do anything easily without help or support from others.যি ক্ষমতাশালী লোকৰ আশীষ ধন্য, তাৰ সকলো কাম সহজে হয় | তাক কাৰো একো সহায়ৰ প্ৰয়োজন নাই | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Phrase খণ্ডবাক্য
সাত ঘাটৰ চেঙেলি
cunning, clever or deviousঅতি টেঙৰ বা ধূৰ্ত্ত Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-30
Idiom ফকৰা-যোঁজনা
হাতীয়ে খায় যিমান লাদেও সিমান ৷
One who earns more expends more.হাতীৰ দৈনিক খাদ্যৰ পৰিমাণ যেনেদৰে বেছি, সেই অনুপাতে ত্যাগ কৰা মলৰ পৰিমাণো বেছি ৷ অৰ্থাৎ যি মানুহৰ ধনৰ আমদানি বেছি হয়, সেই অনুপাতে সেই ব্যক্তিৰ খৰছো বেছিকৈ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
ঋষিৰ শাপত প্ৰাণ যায়, তেও বপুৰাৰ ভেম নেযায় ৷
If someone suffers due to his own misdeeds, but still does not reform himself and continues to do the same again and again, this phrase is said on him.কোনো ব্যক্তিয়ে যদি নিজ কুকৰ্মৰ ফলত কষ্ট-যাতনা ভুগিবলগীয়া হোৱাৰ পাছতো নিজক শুদ্ধ নকৰি মিছা ভেম দেখুৱায় আৰু আগৰ দৰেই চলে, তেনেস্থলত এইদৰে কোৱা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-30
Idiom ফকৰা-যোঁজনা
অতি দৰ্পে হত লঙ্কা
Too much boosting can invite your endঅতিপাত অহঙ্কাৰে সকলোৰে বিনাশ মাতি আনে ৷ ৰাৱণৰ অহঙ্কাৰৰ ফলতে লঙ্কা নগৰী ধ্বংস হৈছিল ৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা
বুঢ়াৰ হাতত চেঙেলি পৰা ।
A cunning person cannot outwit an experienced veteran.চেঙেলি মাছ বৰ পিচল । তাক ধৰি ৰাখিবলৈ খহটা বস্তুৰ প্ৰয়োজন ।বুঢ়া হলে মানুহৰ হাত খহটা হয় গতিকে সহজে চেঙেলি মাছ ধৰি ৰাখিব পাৰে। ইয়াৰ অৰ্থ হৈছে কোনো জনা-বুজা, জ্ঞানী, বয়োবৃদ্ধ, অভিজ্ঞ লোকৰ হাতত পৰি ধূৰ্ত লোকৰ সাৰিব নোৱৰা অৱস্থা হোৱা। Contributed by: Anjali Sonowal on 2008-07-14
Idiom ফকৰা-যোঁজনা
ওস্তাদৰ মাৰ শেষ ৰাতি ৷
All is well that ends well.যিকোনো কামৰ শেষপৰ্বটো ভাল নহ\'লে, সেই কামৰ কোনো মূল্য নাথাকে, কিন্তু অভিজ্ঞ আৰু নিপুণ কৰ্মীয়ে শেষলৈকে ভাল ফল দেখুৱাই যাব পাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা
হ’ব ছলি বুলিব বাপ, তেহে গুচিব মনৰ তাপ
Wishing deeply and waiting eagerly for something to happen in futureসুদূৰ ভৱিষ্যতে কিবা এটা হ’ব বুলি আশা কৰি ৰৈ থকা Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2010-02-22
Idiom ফকৰা-যোঁজনা
গাখীৰৰ নামত পানীকে খাবা, দোলাৰ নামত সিকিয়াতে যাবা ৷
If you can not afford, then you should console yourself with whatever you can afford.আৰ্থিক সামৰ্থ্য নাথাকিলে যিমান খৰচ কৰিব পাৰা তাতে সন্তুষ্ট হোৱা উচিত ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
হ’বৰ দিনত কুকুৰেও মৈ টানে ৷
If you have good fortune, you can perform even impossible tasks.ভাগ্য সুপ্ৰসন্ন হ’লে অসাধ্যও সাধন কৰিব পাৰি | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
মানিলেই ধান নামানিলেই পতান
The judgement of a person is dependent on his mentality.মানুহৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াবা একোটা ক্ষেত্ৰত সিদ্ধান্ত বেলেগ বেলেগ হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা
শুনা কথালৈ নিদিবা কাণ, দেখিলেও ল’বা তিনিটা প্ৰমাণ |
One should not trust rumours. Even if something is seen by ownself, it should be examined properly so that there is no scope for misinterpretation.কাণ বাগৰি অহা কথা অৰ্থাত্ গুজৱক কেতিয়াও গুৰুত্ব দিব নালাগে | নিজে দেখা কথাটোও আনকি ভালকৈ গমি-পিতি চাইহে বিশ্বাস কৰিব লাগে, কাৰণ বহু সময়ত ভুল বুজাৰ অৱকাশ থাকে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
বুঢ়া শালিকাই মাত নলয় |
To start doing something in the later age of ones life while he could have done it long back.সময় থাকোতেই যদি কোনোৱে শিকিব লগা কিবা এটা নিশিকি ভাটি বয়সত শিকিবলৈ যায় তেন্তে এই ফকৰা ফাঁকি ব্যৱহাৰ কৰা হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা
ঊণ সূতাৰ মেৰপাক ভঙা ৷
To knowingly create a problem by oneself and then struggle to find the solution.ঊণ সূতাৰে চুৱেটাৰ আদি গোঁথাৰ সময়ত সতৰ্ক নহ\'লে সহজে বেৰি লাগে আৰু বেৰি বা মেৰপাক ভাঙিবলৈ অশেষ কষ্ট কৰিবলগীয়া হয় ৷ সেয়ে এই খণ্ডবাক্যই নিজে নিজৰ সমস্যা বঢ়াই লৈ, পাছত তাৰ সমাধান বিছাৰি হাবাথুৰি খোৱা বুজায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-06
Idiom ফকৰা-যোঁজনা
চিকা মাৰি হাত গোন্ধোৱা ৷
Do not indulge yourself something lowly that will tarnish your image. Why would you take the blame of killing just a rat ? If you have to do it than do it in way that makes impact.চিকাৰ দৰে সৰু প্ৰাণী মাৰিলে বীৰত্ব ফুটি নুঠে ৷ তেনেদৰে সৰু মানুহৰ লগত কাজিয়া কৰিলে বদনামহে বেছি হয় ৷ কিবা যদি কৰিব খোজা তেনেহলে ডাঙৰ কাম কৰিবা ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
সতী নাৰী তাই, তিনিজনকৈ পৈ; সুখ্যাতি-সুনাম তাইৰ যায় ৰৈ বৈ ৷
A crooked person or a person of bad character when acts honestly, people hardly believes him/her. Thus this saying makes fun of such persons.কুখ্যাত অসৎ চৰিত্ৰৰ মানুহে সতাতা প্ৰদৰ্শন কৰিলে আন মানুহ সহজে পতিয়ন নেযায় আৰু উক্ত ফকৰাৰ দৰে কৈ তেনে মানুহক ইতিকিং কৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-16
Idiom ফকৰা-যোঁজনা
অলপতে কলপ কটা
To escape barely from an impending danger.বিপদৰ পৰা কোনোমতে ৰক্ষা পৰা বা কথমপি সাৰি যোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-03
Idiom ফকৰা-যোঁজনা
ক`লিয়াবৰত পৈ মৰিল, ঢেঁকী দিওঁতে মনত পৰিল।
The proverb mean that although the husband was a man of some piety the widow only thought of him after his death at the time of husking paddy.সুখৰ সময়ত নিজতে ব্যস্ত থকা স্বাৰ্থপৰ লোকে বিপদৰ সময়তহে স্বজনৰ কথা মনত পেলায়। Contributed by: Sitaram Upadhyaya on 2015-02-21
Idiom ফকৰা-যোঁজনা
গপতে গঙ্গাটোপ হোৱা
to be swollen with prideভেমত ওফন্দি থকা Contributed by: Aklantika Saikia on 2010-02-07
Riddle সাথৰ
জোল খাওঁ, কিন্তু মূৰ্গী নেখাওঁ ৷
Once someone eats the gravy of chicken curry, he/she is no more a vegetarian, even if he/she does not eat chicken meat. In other words, if a sin or crime is committed partially by person, he/she shoulders the bad-name of complete crime.নিৰামিষভোজীজনে যদি মূৰ্গীৰ আঞ্জাৰ জোল খাওঁ বুলি কয়, তেনেহ\'লে সেই ব্যাক্তিয়ে মূৰ্গীমাংস নেখালেও মাংস খোৱাৰ সমান হয় আৰু আমিষভোজী হৈ পৰে ৷ অৰ্থাৎ কোনো অপৰাধমূলক কাম আংশিকভাৱে কৰিলেও সংশ্লিষ্ট অপৰাধৰ সমভাগী হবলগীয়া হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা
উদাৰচৰিতানান্তু বসুধৈব কুটুম্বকম্
To the good and generous the whole world is friendly.উদাৰচিতা মানুহৰ গোটেই বিশ্বই আত্মীয়ৰ দৰে হৈ উঠে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা
দৈৱাসন তল যোৱা
To suddenly lose the power and social reverence being enjoyed by someoneকোনোৱে উপভোগ কৰি থকা সামাজিক মৰ্য্যাদা বা প্ৰতিপত্তিৰ হ্ঠাতে বিলুপ্তি ঘটা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-14
Idiom ফকৰা-যোঁজনা
অতিপাত শলাগনি ফুচুলনিৰ চিন, আঁপুনি আঁতৰি যাবা কৰি তাক ঘিণ ৷
If someone is very willing to agree on whatever you say, there may be some ulterior motive behind it. One should avoid such persons.তোষামোদকাৰীয়ে যিকোনো কথাতে হয়ভৰ দি থাকে ৷ কিন্তু তাৰ অন্তৰালত তেনে লোকৰ অভিসন্ধি লুকাই থাকে ৷ সেয়ে তেনে লোকক এৰাই চলা উচিত ৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা
থান থিত লাগ
To get settled in a job or place, or to get organized.শৃংখলাবদ্ধ হ; কোনো কামত বা স্থানত নিয়মিতভাবে থিতাপি ল ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-11
Phrase খণ্ডবাক্য
হাত সাৰ ৷
To get rid of.বাচি যা বা ৰেহাই পা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
কুমলীয়া বেতহে পোনাব পাৰি ৷
A child can be molded easily to adopt certain skills.কুমলীয়া বেতক সহজে পোন কৰিব বা ইচ্ছামতে ভাঁজ দিব পাৰি ৷ ঠিক সেইদৰে কম-বয়সীয়া ল’ৰা-ছোৱালীক সহজে কোনো বিদ্যা শিকাই ল’ব পাৰি ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-13
Idiom ফকৰা-যোঁজনা
আগেয়ে আছিলো দোৱেনী-মোৱেনী, গোৱালে বুলিছিল আই; এতিয়া হ’লো লেজ-গোবেৰী, পালতো নিদিয়ে ঠাই ৷
A man in power is shown respect by anyone with the expectation of getting some sort of favour from him. However, the same person is neglected when he loses power.খীৰতী গাই এজনীয়ে ভালদৰে গাখীৰ দি থকাৰ কালচোৱাত গৰাকীয়ে বৰ আদৰ-যত্ন কৰি পুহি ৰাখে; কিন্তু গাখীৰ নোহোৱা হৈ বেমাৰী হ’লে আলাই-আথানি কৰে ৷ অৰ্থাৎ যাৰ পৰা নিজৰ কোনো লাভ হোৱাৰ সম্ভাৱনা থাকে অথবা যি ক্ষমতাশালী, তেনে লোককহে সকলোৱে আদৰ-সাদৰ কৰে ৷ একেজন ব্যক্তি ক্ষমতাহীন হ’লে কিন্তু কোনোৱে তেওঁক আদৰ নকৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-19
Riddle সাথৰ
এখনি মাৰলি দুখনি চাল নব্ধাকৈ সৰ্বতিকাল কাল
The answer is banana leaf. The middle steam is considered as marali, a suppoting rod of a roof.কলগছৰ পাত৷ মাজৰ শকত শিৰা দাল মাৰলি৷ কাষৰ দুই অংশ দুখন চাল৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-10
Idiom ফকৰা-যোঁজনা
কঠিয়াহে চুটি, জেঠতে পৰা
the depth of a matter cannot be understood by simply looking at it from outside. Maturity of a person may come at an early age.কোনো এটা বিষয়-বস্তুৰ গভীৰতা বাহিৰৰ পৰা চায়েই ধৰিব নোৱাৰি৷ অথবা বয়সত সৰু হলেও পৰিপক্ক লোক৷ Contributed by: Barnali Deuri Bora on 2010-10-11
Idiom ফকৰা-যোঁজনা
ল যদি ল লোণ-ভাত, নল’লে খালি পাত ৷
1. One should not reject or deny something given to him or her merely due to choice or preference. 2. Beggars have no choice.ভাতৰ লগত একো আঞ্জা নাই বুলি যদি ভাত ল’বলৈ অনিচ্ছা দেখুওৱা হয়, তেনেহ’লে নিজৰেই পাত খালি হৈ থাকিব আৰু খাবলৈ নেপাই ভোকত থাকিব লগীয়া হ’ব ৷ অৰ্থাৎ মানুহে অপচন্দনীয় বুলি বা তাকৰ বুলি কোনোবাই যাচি দিয়া বস্তুক অবজ্ঞা কৰা উচিত নহয়, তেনে কৰিলে নিজেই ভুক্তভোগী হ’ব লগীয়া হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-16
Idiom ফকৰা-যোঁজনা
সাপ মাৰি নেগুৰত বিষ এৰা
If you have taken on your enemy, then ensure that he is completely finished. Else he may raise his head again in future.সাপৰ জীৱটো নেগুৰত থকা বুলি ভৱা হয় ৷ সেয়েহে সাপডাল ভালকৈ মাৰিবলৈ হ’লে কেবল মূৰত মৰিয়ালেই নহ’ব, তাৰ নেগুৰতো মাৰিব লাগিব ৷ অৰ্থাৎ শত্ৰুক সমূলংশে নিৰ্মূল নকৰিলে ভৱিষ্যতে বিপদ হ’ব পাৰে ৷ Contributed by: Rupankar Mahanta on 2008-03-20
Idiom ফকৰা-যোঁজনা
শলাগোতে শলাগোতে শলাগাঠি লাগ ৷
Excessive praise reduces efficiency.অতিবেছি শলাগ লোৱাৰ বাবে কাৰ্যক্ষমতা হ্ৰাস হ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-28
Riddle সাথৰ
ক্ষমতা লোভেই চূড়ান্ত লোভ ৷
Once someone fulfills his/her desire to become rich, his desire becomes stronger to fulfill sexual requirements and finally he/she becomes desirous to obtain power in the society.মানুহে প্ৰথমে ধনলোভ কৰে, তাৰ পাছত যৌনলোভ কৰে আৰু সৰ্বশেষত ক্ষমতাশালী হ'বলৈ লোভ কৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
ধানপুৰীয়া কঁঠাল পাতৰ আঁৰত লুকাল৷
Non-reckoning of someone of great stature among crowds.মুখ্য বুলি বিবেচিত কোনো লোক হিচাবৰ পৰা বাদ পৰা বা তেনে লোকে বহুতৰ মাজত পৰি বিশেষ আদৰ লাভ নকৰা। Contributed by: Sitaram Upadhyaya on 2015-01-30
Idiom ফকৰা-যোঁজনা
কালিয়াবৰত পৈ মৰিল, ঢেঁকী দিওতে মনত পাৰিল৷
The proverb mean that although the husband was a man of some piety the widow only thought of him after his death at the time of husking paddy.সুখৰ সময়ত নিজতে ব্যস্ত থকা স্বাস্থপৰ লোকে বিপদৰ সময়তহে স্বজনৰ কথা মনত পেলায়৷ Contributed by: Sitaram Upadhyaya on 2015-02-21
Idiom ফকৰা-যোঁজনা
সুফল কদলী, সুতিৰী ফেদেলী ৷
The fruit with bitter taste is good for health and the woman with ugly look turns out to be efficient, honest and smart.কদলী ফল খাবলৈ সুৱাদ নহয় যদিও স্বাস্থ্যৰ কাৰণে ভাল, একেদৰে ফেদেলী অৰ্থাৎ সাধাৰণতে দেখিবলৈ বেয়া নাৰী প্ৰকৃততে সৎ, গুণবান আৰু চৰিত্ৰবান হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
Idiom ফকৰা-যোঁজনা
অ’ৰ্ গোসাঁই ত’লৈ নিয়া
To put things into disorderবিশৃংখল কৰা Contributed by: Pankaj Jyoti Mahanta(পংকজ জ্যোতি মহন্ত) on 2011-03-27
Idiom ফকৰা-যোঁজনা
কুকুৰ স্বৰ্গলৈও যাব পাৰে, পিচে বাটতে জ্ঞাতিয়ে পায় কাৰণেহে ..
One can do great things only if he is able to get rid of bad company and vices.অসত্ সঙ্গ বা বদ্ অভ্যাস ত্যাগ কৰিব পাৰিলেহে মানুহে মহত্ কাম কৰিব পাৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-19
Idiom ফকৰা-যোঁজনা
নাই বুলিলেও হাতীৰ শুৰত সাত কলহ পানী থাকে ।
A wealthy person is never totally bereft of resources.ধনী লোকৰ কেতিয়াও তলি উদং নোহোৱা। সকলো সময়তে পৰ্যাপ্ত পৰিমানে কোনো বস্তু থকা । Contributed by: Anjali Sonowal on 2008-06-25
Phrase খণ্ডবাক্য
ডিঙিত জৰি লাগ ৷
Fie on thee, to get trapped into conspiracy or entangled into complicacies.ষড়যন্ত্ৰৰ বলি হৈ বিপদত পৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
কালৰো কাল বিপৰীত (বা বিষম) কাল, হৰিণাই চেলেকে বাঘৰ গাল |
Tiger and deer have prey predator relationship. Its almost rare to see a deer to leak the face of a tiger. With this proverb it has been tried to explain the commence of some totally unbelievable events.বাঘ আৰু হৰিণ একেলগে থকাৰ দৰে নাভুত নাশ্রূত অসম্ভৱ ঘটনা ঘটা | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-14
Idiom ফকৰা-যোঁজনা
উদক ভেঁটাৰখীয়া পতা
To give any important responsible job (like treasurer) to some dishonest fraud people.যাৰ যি বস্তুলৈ লোভ থাকে তাকে সেই বস্তুৰ ৰখীয়া পতা, অৰ্থাৎ ভক্ষককে ৰক্ষক পতা কাৰ্য ৷ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-07
Idiom ফকৰা-যোঁজনা
কুকুৰ বুঢ়া হ’লে ফাপৰে ধৰে, মানুহ বুঢ়া হ’লে পৰকিতি লৰে ৷
Dogs suffer from alopecia and become hairless when become old. On the other hand, some people lose their character at the old age.বুঢ়া হ’লে কুকুৰৰ গাৰ নোম সৰি ফপৰা হয় ৷ আনহাতে কিছুমান মানুহৰ বয়স হ’লে প্ৰকৃতি লৰে অৰ্থাত্ স্বভাৱ বেয়া হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Phrase খণ্ডবাক্য
কপালৰ ঘাম মাটিত পেলা
to engage in strenuous hardworkকঠোৰ পৰিশ্ৰম কৰ্ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-04
Idiom ফকৰা-যোঁজনা
কথা ক’লেই লাগিল পাক, বাৰজনী গৈছিল পানী আনিবলৈ, তেৰজনীৰ কাটিলে নাক ৷
The proverb points out to how rumours spread and how a small story grows when it spreads from one to another.মানুহৰ মুখ বাগৰি কথাই পাক লয় ৷ বিশেষকৈ কোনো অপবাদ বা কেলেঙ্কাৰীৰ কাহিনী মুখে-মুখে বাঢ়ি অতিৰঞ্জিত ৰূপ লয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা
কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ; মাকৰ ঘৰত জীয়েক বাঢ়ে, পথাৰত বাঢ়ে ধান ৷
Stories are expanded when they traverse from person to person; cleaning ears can increase one`s listening power; while visiting mother`s home a married woman can enjoy full liberty, and the paddy grows luxuriantly in the cultivated field.মানুহৰ মুখ বাগৰি কথা বাঢ়ি গৈ থাকে; খৰকিয়াই কাণ চাফ কৰিলে শ্ৰৱণ শক্তি বাঢ়ে; মাকৰ ঘৰলৈ আহিলে বিবাহিত ছোৱালীয়ে মুক্ত মনেৰে থাকিব পাৰে, আৰু পথাৰত লহপহকৈ ধানখেতি বাঢ়ি আহে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-24
Idiom ফকৰা-যোঁজনা
পৰ্বতত কাছ কণী বিচৰা
To expect something which is impossibleএনে আশা কৰা, যি পূৰণ হোৱাটো অসম্ভৱ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Phrase খণ্ডবাক্য
পিঠিত ঔ পৰা
To punish someone by beating or thumping with hand or stickহাত বা লাখুটি আদিৰে প্ৰহাৰ কৰি শাস্তি বিহা Contributed by: Dr. Armaan U. Muzaddadi on 2012-11-09
Idiom ফকৰা-যোঁজনা
ঔষধতকৈ পথ্য ভাল ৷
Diet cures more than the doctor.বেমাৰ হোৱাৰ পাছত আৰোগ্য হ'বলৈ ঔষধ খোৱাতকৈ, ভাল, স্বাস্থ্যকৰ আহাৰ খাই নিৰোগী হৈ থকাই শ্ৰেয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা
হাইঠা মাটিত পৰা
Green pigeons live on tall plants and generally do not come down easily. Hence these birds sitting on the ground means an unbelievable proposition. This proverb is generally used to indicate a happening of an unusual nature.হাইঠা চৰাই সাধাৰণতে ওখ গছত জাক পাতি থাকে আৰু সাধাৰণতে মাটিলৈ নানামে | গতিকে হাইঠা মাটিত পৰাটো এটা অবিশ্বাস্য ধৰণৰ ঘটনা | সৰ্বসাধাৰণতে নোহোৱা ধৰণৰ ঘটনা এটা হোৱা বুজাবলৈ এই পটন্তৰটো ব্যৱহাৰ কৰা হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা
উনা ভাতে দুনা বল, অধিক ভাতে ৰসাতল
Eating more than neccesary is always bad for health.সদায় পৰিমিত আহাৰহে গ্ৰহণ কৰা উচিত; অধিক ভোজন স্বাস্থ্যৰ বাবে হানিকাৰক ৷ Contributed by: Barnali Deuri Bora on 2010-11-01
Idiom ফকৰা-যোঁজনা
আতুৰত নিয়ম নাই
In distress, one need to disobey rules.বিপদত পৰা নিস্তাৰ পাবলৈ কেতিয়াবা নিয়ম-কাৰণ অমান্য কৰিব লগে৷ Contributed by: Bikram M Baruah on 2025-01-27
Idiom ফকৰা-যোঁজনা
মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাঁহনিত
The true nature of a self-claimed great man is when he is left alone with the scope of enjoying lucrative things.এজন মহন্ত আচলতে কিমান মহৎ, তেওঁ মাহনি এখনৰ মাজেৰে নিঃসংগে লোভনীয় মাহ চিঙি নোখোৱাকৈ পাৰ হৈ যাব পাৰেনে নোৱাৰে, তাতেই ধৰা পৰে| এতেকে এজন মানুহ কিমান মহৎ, তেওঁ সুবিধা থকা সত্ত্বেও লোভ সম্বৰণ কৰিব পাৰিলেহে বুজা যায় ৷ Contributed by: Bikram M Baruah on 2008-02-18
Idiom ফকৰা-যোঁজনা
ৰহাৰ ৰহেদৈ, টিপামৰ ভাদৈ, শলগুৰিৰ আঘোণী বাই। তিনিও ডিঙিত ধৰি তিনিওৱে কান্দিলে, সমন্ধত একোৱেই নাই।।
Three persons from three different parts coming together for a national cause.গদাধৰ সিংহ পলাই ফুৰোঁতে এবাৰ চোৰাংচোৱাৰ দৃষ্টিত পৰিব খুজিছিল; ৩ গৰাকী বাটৰুৱা মহিলাই ঘটনাৰ গুৰুত্ব বুজি গদাধৰক কাপোৰৰ তলত লুকুৱাই যেনিবা সম্বন্ধীয় লোকহে ঢুকাইছে, তেনে ভাৱত কান্দিবলৈ ধৰিলে৷ অৰ্থ- দেশৰ স্বাৰ্থত আপোন-পৰ পাহৰি সকলো একেলগ হ\'ব লাগে৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-20
Idiom ফকৰা-যোঁজনা
কুলত বন্তি জ্বলা ৷
To increase the prestige of a family or dynasty.পৰিয়াল বা বংশৰ সন্মান, গৌৰৱ আদি বঢ়া ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Phrase খণ্ডবাক্য
আকালৰ ভাত
appropriate relief received at the time of necessityবিপদৰ সময়ত পোৱা উপযুক্ত সাহায্য Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-26
Idiom ফকৰা-যোঁজনা
গাত গোঁসাই নাইকিয়া হ ৷
To be over-enthusiastic and careless.উদণ্ড প্ৰকৃতিৰ হ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
মৰণ কালত ঔষধ নাই৷
No medicine is effective at the time of death.জন্ম মৃত্যু আৰু বিবাহ বিধিৰ লিখন বুলি কোৱা হয়৷ গতিকে মৃত্যুৰ সময়ত কোনো দৰবেই কাম নিদিয়ে৷ Contributed by: Sitaram Upadhyaya on 2014-12-20
Idiom ফকৰা-যোঁজনা
আপোন হাত জগন্নাথ, পৰত আশ, বনত বাস |
Its better to be self dependent.লোকৰ ওপৰত নির্ভৰ কৰাতকৈ নিজ হাতে কাম কৰা মঙ্গল | লোকে কৰিব কৰিব বুলি আশা পালি থাকোতে কেতিয়াবা মূৰামূৰি সময়ত গৈ বিপদত পৰিব লগা হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা
ভেঁটিত তিতা লাউ গজা
to face misfortune [Usually used when throwing a curse on someone.]অমঙ্গল হোৱা বা অশুভ দিন উপস্থিত হোৱা [সাধাৰণতে গালি-শপনি বা শাওপাত দিওঁতে ব্যৱহাৰ হয়; যেনে: তাৰ ভেঁটিত তিতা লাউ গজক৷] Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-06-17
Phrase খণ্ডবাক্য
পানীৰ তলৰ কাঁইট
Unknown/unseen enemyঅজান শত্ৰু Contributed by: shekhar borah on 2009-05-08
Idiom ফকৰা-যোঁজনা
হাতত নাই কণটো, বৰসবাহলৈ মনটো |
Aiming high without sufficient resources.হাতত ফুটাকড়ি এটাও নোহোৱাকে বৰ বৰ কামলৈ মন মেলা স্বভাৱ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা
ওৰণি ল`লেই তিৰী সতী নহয় ৷
The honesty and sincerity of a person cannot be endorsed by his few good work.কোনো নাৰীয়ে কেবল উৰনি লৈ নিজক সতী বুলি সাব্যস্ত কৰিব নোৱাৰে আৰু একেদৰে কোনো ব্যক্তিয়ে এটা-দুটা ভাল কাম কৰিয়ে নিজক সমাজত সৎ মানুহ বুলি প্ৰতিষ্ঠা কৰিব নোৱাৰে ৷ অথবা দুই-এটা ভাল কাম দেখিয়েই কোনো ব্যক্তিক সৎ চৰিত্ৰবান মানুহ বুলি ধৰি ল'ব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-22
Idiom ফকৰা-যোঁজনা
ধনৰ নৰিয়া টান, ভাত খাইছে উধানৰ মান ৷
A big lie or exaggeration of something.গোকাট মিছা কথা বা বৰকৈ বঢ়াই কোৱা কথা Contributed by: Barnali Deuri Bora on 2010-11-16
Idiom ফকৰা-যোঁজনা
গছত তুলি গুৰি কটা
To instigate someone to do something and then going against it.কোনো এটা কাম কৰিবলৈ আগবঢ়াই দি পাচত বিৰুদ্ধাচৰণ কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা
কওঁতেই কলা, যঁতৰতে শলা
Highly forgetful and inattentive mind exhibited by a personঘূৰি থকা যঁতৰত শলা সুমুৱাই দিলে নুঘূৰা হোৱাৰ দৰে কথা এটা কৈ থাকোঁতেই পাহৰি যোৱাটো বুজায় Contributed by: Dr. Armaan U. Muzaddadi on 2011-12-03
Idiom ফকৰা-যোঁজনা
বৃক্ষ নথকা বনত এৰাই বটগছ ৷
In a society of ignorants, a man of little wit becomes a man of wisdom.হাবি-বনত যদি বৃক্ষ (ওখ গছ)নাথাকে, তেন্তে এৰাগছেই বৃক্ষৰ দৰে দেখা যায়,যদিও ই ইবিধ গুল্ম জাতীয় গছ ৷ একেদৰে যি সমাজত বিজ্ঞ, জ্ঞানী বা মেধাবী লোক নাই, তেনে সমাজত সামন্য জ্ঞান বা মেধা থকা ব্যক্তিয়েই সন্মানীয় ব্যক্তি হৈ পৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-11
Idiom ফকৰা-যোঁজনা
একেটা চোঙত দুটা বাঘ নাথাকে ৷
Two tigers cannot live together in a single den. Similarly, two quarrelsome or cantankerous persons cannot stay together peacefully.একেটা চোঙত যেনেকৈ দুটা বাঘে সহবাস কৰিব নোৱাৰে, ঠিক সেইদৰে দুজন কাজিয়াখোৰ বা হিংসুক ব্যক্তি একে ঠাইত থাকিব নোৱাৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-19
Idiom ফকৰা-যোঁজনা
বাওনা হৈ চন্দ্ৰলৈ হাত মেলা
To try something impossible with one`s limited capabilityচুটি-চাপৰ মানুহে ওখত থকা বস্তু হাতেৰে ঢুকি নেপায়৷ এই যোজনাটোৰে অসম্ভৱ কামৰ হাবিয়াস কৰাৰ কথা বুজোৱা হয়৷ Contributed by: Hemanta Saikia on 2009-02-28
Idiom ফকৰা-যোঁজনা
ৱক্তত কৰি কাম, লগুৱাৰো বৰ নাম ৷
Even a disciplined and punctual slave can become a famous personality in future.সময়ৰ কাম সময়ত কৰি, একালৰ লগুৱা অৰ্থাৎ চাকৰেও আনকালত নামী-দামী মানুহ হ'ব পাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
ঢৌতে খৰ মৰা
To accomplish an additional task in the process of performing oneএটা কাম কৰিবলৈ যাওঁতে সুবিধা পাই আন এটা কামো সিদ্ধ কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-12-15
Idiom ফকৰা-যোঁজনা
বাঘৰ আগতেল খোৱা
rowdy, unruly or uncontrollableঅতি দুষ্ট, তীখৰ; যেনে: বাঘৰ আগতেল খোৱা ল’ৰাটোক লৈ মাকৰ বৰ চিন্তা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-30
Idiom ফকৰা-যোঁজনা
ৰজাই ভাল দেখে যাক, শতৰু নুবুলিবা তাক |
We should not get into conflict with those people who are having close relationship with the Government.যিসকল ব্যক্তি ৰজাঘৰৰ আশীষধন্য হয়, তেনে লোকৰ সৈতে শত্ৰুতা কৰিব নেলাগে Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা
ৰণত পৰি ক’লীয়া হ’লো, তেল নাইকিয়া ফপৰা হ’লো ৷
This idiom is used to express the deplorable plight of someone while struggling to overcome various problems in life.জীৱনৰ ঘাত-প্ৰতিঘাত অতিক্ৰম কৰোঁতে হোৱা নিজৰ শাৰীৰিক দুৰ্দশা বুজাবলৈ এই পটন্তৰটি ব্যৱহাৰ কৰা হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-31
Idiom ফকৰা-যোঁজনা
ওস্তাদৰ খেল শেষ ৰাতি
One who is really efficient, he does not show it; but when needed can do the work easily at the last moment also.যি প্ৰকৃততে কোনো কামত পাৰ্গত, তেওঁ এনেয়ে বাহাদুৰি দেখুৱাই নুফুৰে; কিন্তু সময়ত তেওঁ একেবাৰতে সহজে কামটো সমাধা কৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-31
Idiom ফকৰা-যোঁজনা
হাতত সাৰে ভৰিত সাৰে ৷
Not letting others to know, do something stealthily.মনে মনে বা কোনেও নজনাকৈ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
ঘৰৰ ভাত খাই বনৰ ম`হ খেদা ৷
To work for others without remuneration.নিঃস্বাৰ্থভাবে আনৰ উপকাৰ কৰা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা
এঙনিতে জেঙনি, তাইৰ নাম সতী; একুৰি এটা ল’ৰা পায়, নামত নাই পতি
This idiom is used in reference to a woman or girl with bad character.অসৎ চৰিত্ৰৰ তিৰোতা বা ছোৱালীক বুজাবলৈ এই যোজনাটো ব্যৱহাৰ কৰা হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-25
Idiom ফকৰা-যোঁজনা
জোৰ যাৰ মুলুক তাৰ ৷
to achieve the goal with force.বলেৰে কাম আদায় কৰা ৷ Contributed by: Parikhit Baruah on 2008-11-30
Idiom ফকৰা-যোঁজনা
নতুন মিতিৰৰ আঠা বেছি ৷
Usually a man keeps a very close connection to someone with whom he has recently developed relationship through marriage of his son or daughter.নতুনকৈ সম্বন্ধ পতা লোকৰ সৈতে সাধাৰণতে মানুহৰ আহ-যাহ বা হলি-গলি বেছি হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা
আইয়ে চাই মুখলৈ, তিৰোতাই চাই হাতলৈ ৷
A saying exemplifying unconditional affection between mother and child. When you come home, your mother will look at your face while your wife will look at your hands to find what you have brought for her. This indicates that the mother is more concerned about his son`s well-being.যেতিয়া মানুহজন ঘৰলৈ আহে, মাকে মুখলৈ অৰ্থাৎ স্বাস্থ্যলৈ লক্ষ্য কৰে, কিন্তু ঘৈণীয়েকে হাতলৈ অৰ্থাৎ ধন সম্পত্তি, বয়-বস্তু কিবা আনিছে নেকি তালৈহে লক্ষ্য কৰে৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা
উলূৰ লগত বগৰী পোৰা ৷
Sometimes innocent people suffers due to the misdeeds of their bad friends.উলূ এবিধ অপতৃণ | তাক নাশ কৰিবলে জ্বলোৱা জুইত কেতিয়াবা কাষতে থকা বগৰী গছো পোৰা যায় | বুজাব খোজা হৈছে যে দুষ্ট লোকৰ সঙ্গত থাকিলে নিৰীহ লোকৰো ক্ষতি হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-21
Idiom ফকৰা-যোঁজনা
মাংস খালে মাংস বাঢ়ে, ঘৃত বাঢ়ে বল; দধি খালে আয়ু বাঢ়ে, শাকত বাঢ়ে মল ৷
Eating meat helps to build muscles, lipids like ghee give energy, regular taking of curd can increase longevity and green vegetables keep the bowel clear.মাংস খালে মানুহৰ শৰীৰৰ গঠন ভাল হয়, ঘিঁউ খালে শক্তি বৃদ্ধি পায়, নিয়মীয়াকৈ দৈ খোৱা মানুহৰ আয়ুস বৃদ্ধি হয় আৰু শাক বেছিকৈ খালে শৌচ খোলোছা হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-24
Idiom ফকৰা-যোঁজনা
য`তে ৰাতি, ত`তে কাতি।
Ability to adjust/adapt to any condition or situation.য`তে ত`তে যিকোনো পৰিৱেশতে মিলি চলি যাব পৰা গুণ | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-22
Idiom ফকৰা-যোঁজনা
ভুতৰ মুখত ৰাম নাম৷
Unusual or unmatched behaviour of someone with his personality or character .কাৰোবাৰ চৰিত্র বা ব্যক্তিত্বৰ লগত খাপ নোখোৱা ধৰণৰ কথা কাণ্ড | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-11
Idiom ফকৰা-যোঁজনা
গছত গৰু উঠা আৰু হোলোঙাৰে কাণ খজুৱা কথা
useless absurd ideasনাভূত নাশ্রুত/অবান্তৰ কথা Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা
ভুতৰ ওপৰত দানহ
To get hurt by someone else, when a person is already suffering from the injury he received from another.এজনৰ পৰা পোৱা দুখ-কষ্ট ভোগ কৰি থকা অৱস্থাত অন্য এজনৰ অত্যাচাৰ, অথবা আপদতে বিপদ | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা
অথাই সাগৰত পৰা / অপাৰ সমুদ্ৰত পৰা
To become helpless due to falling in great trouble.বিপদৰ সন্মুখীন হৈ দিক-বিদিক শূন্য হোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-29
Idiom ফকৰা-যোঁজনা
টোপোলাৰ ঘৰলৈ টোপোলা যায়; ৰ ৰ টোপোলা তোলৈকো চায় ৷
One cannot receive gifts again and again without reciprocating it.কাৰোবাক টোপোলা বা উপহাৰ দিলেহে নিজেও উপহাৰ পাব পাৰি ৷ একপক্ষীয়ভাবে উপহাৰ সদায় পাই থাকিব নোৱাৰি, সেয়ে উপহাৰ দিয়াৰ অভ্যাস কৰিব লাগে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-20
Idiom ফকৰা-যোঁজনা
ঠাণ্ডাত ঠেঠুৱৈ ধৰ্
To suffer from to much of cold.অতিপাত ঠাণ্ডাত আতুৰ হ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা
সজৰ লগত সং, প্ৰতি কথাত ৰং; অসজৰ লগত সং গলত ঢং ঢং ৷
Good company always brings about happiness and good name; but company brings in bad name and sufferings to human beings.সৎ মানুহৰ লগত সংগ কৰিলে মানুহ সদায় লাভবান হয়,আনহাতে অসৎ মানুহৰ লগত সংগ ল'লে মানুহ বিপদত পৰে আৰু অসন্মান আৰু অপযশ পাব লগা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-15
Idiom ফকৰা-যোঁজনা
হাতী চোৰ আগে আগে যায় বেঙেনা চোৰক ধৰি কিলায়
a big thief or criminal does not get caught or fall in trouble, only small thieves fall in troubleডাঙৰ অপৰাধী ধৰা নপৰে, সৰু-সুৰা অপৰাধীবোৰ হে ধৰা পৰে Contributed by: Abdul Wahab on 2008-06-05
Idiom ফকৰা-যোঁজনা
ওপৰলৈ থু মাৰিলে নিজৰ গাতে পৰে
While criticising others, one often exposes his own faults.আনক সমালোচনা কৰিবলৈ যাওঁতে সাধাৰণতে নিজৰ দোষ-ত্ৰুটিহে ধৰা পৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
লাওপাত কচুপাত মুখ
Expert in arguments.বৰকৈ আৰু কটু কথাৰে থিতাতে কোনো কথাৰ উত্তৰ দিব পৰা স্বভাৱ ৷ তৰ্ক কৰাত পাকৈত ব্যক্তি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-22
Idiom ফকৰা-যোঁজনা
এনেয়ে বুঢ়ী নাচনী তাতে নাতিনীয়েকৰ বিয়া
to give cause for joy to one naturally joyful.স্বাভাৱিকতে স্ফুৰ্তিবাজ মানুহক অতিৰিক্ত আনন্দই লগ দিয়া ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা
শিয়ালৰ কান্ধত মঙহৰ ভাৰ৷
Entrusting the duty of something to someone, who is greedy for the same.যাৰ যি বস্তুৰ প্ৰতি লিপ্সা বেছি তেনে লোকক সেই বস্তুৰ তদাৰক কৰিবলৈ দিয়া। Contributed by: Sitaram Upadhyaya on 2015-02-22
Idiom ফকৰা-যোঁজনা
কাণত সোপা দে
To pretend of being deaf and ignore important orders, advices or reprimands. Or to tolerate oral abuse, scoldings etc. silently.আদেশ, উপদেশ, আদি নুশুনাৰ ভাও ধৰ্ বা আওকাণ কৰ্ ৷ অথবা গালি-গালাজ, দাবি-ধমকি, ককৰ্থনা, আদি চকুমুদি সহ্য কৰি থাক্ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-06-10
Idiom ফকৰা-যোঁজনা
হাত কাজি নিজে কৰে, মুখ কাজি আনক বাহে
An efficient person does his own work by himself, but an inefficient one tries to get it done by others.কৰ্মপটু মানুহে নিজৰ কাম নিজে কৰিবলৈ ভাল পায়, কিন্ত অপটু মানুহে আনৰ হতুৱাই কৰাব খোজে ৷ Contributed by: Barnali Deuri Bora on 2010-10-28
Idiom ফকৰা-যোঁজনা
অন্ধৰ বাবে ৰাতিয়েই বা কি, দিনেই বা কি ৷
Day and night are alike to a blind man. Similarly, a foolish man cannot differentiate between wisdom and foolishness.অন্ধ মানুহৰ কাৰণে যেনেদৰে ৰাতি দিনৰ কোনো পাৰ্থক্য নাই, একেদৰে অজ্ঞান ব্যক্তিৰ কাৰণে জ্ঞান আৰু মূৰ্খতাৰ মাজত কোনো পাৰ্থক্য নাই ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Phrase খণ্ডবাক্য
জাকত জিলিকা
The most beautiful person in a groupসমজুৱাৰ মাজত থকা আটাইতকৈ শুৱনি পুৰুষ বা মহিলা ৷ Contributed by: Barnali Deuri Bora on 2010-10-28
Idiom ফকৰা-যোঁজনা
সাতোঁৰ সাতোঁৰ বাউসীত বল সাঁতুৰিব নোৱাৰিলে যা ৰসাতল৷
Keep swimming till you have strength in arms; else you will get drowned.দেহত শক্তি থাকে মানে কাম কৰি যাব লাগিব৷ অন্যথা জীৱনৰ যৱনিকা পৰিব৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-21
Idiom ফকৰা-যোঁজনা
সাপৰ সঁজাত নাই৷
A traitor has no friend.সাপে সগোত্রীয় সাপকো দংশন কৰে বা গিলি খায়,একেদৰে সাপৰ দৰে কিছু লোক আছে যি অতি আত্মকেন্দ্রিক আৰু যিসকলে নিজ স্বার্থৰ খাতিৰত আপোন মানুহকো বিশ্বাসঘাতকতা কৰিব পাৰে; এনে লোকক দর্শাবলৈ ব্যৱহাৰ কৰা হয়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-09-26
Idiom ফকৰা-যোঁজনা
ধৰ্মৰ ঢোল বতাহে বজায় ৷
1) Truth will come out. 2) Virtue has its own reward.সত্য আপুনা-আপুনি প্ৰকট হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
তপত ভাতে মুখ পোৰে ৷
Too much fuss or impatient reciprocation leads to harmful results.কোনো কাম কৰোঁতে বা কোনো কথাৰ প্ৰতিক্ৰিয়া দেখুৱাওঁতে মানুহে যদি বৰকৈ ধৈৰ্যহীনতা বা সংযমহীনতা প্ৰদৰ্শন কৰি অহেতুক লৰা-ঢপৰা কৰা হয়, তেনেহ’লে তাৰ ফলাফল ওলোটা বা ক্ষতিকাৰক হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-13
Idiom ফকৰা-যোঁজনা
ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি
Bad luck does not allow one to enjoy the good timeদুৰ্ভাগ্যই মানুহক কেতিয়াও শান্তিৰে সুখৰ সময় উপভোগ কৰিবলৈ নিদিয়ে। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-15
Idiom ফকৰা-যোঁজনা
আৰ ছিগা চুলি, তাৰ ছিগা চুলি বান্ধি যাও নেঘেৰি খোপা
Attempt to show off by borrowing others' resources.আৰ তাৰ পৰা ধাৰ কৰা বস্তুৰে নিজৰ গৰিমা বঢ়োৱাৰ চেষ্টা কৰা Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-07
Idiom ফকৰা-যোঁজনা
তুলসীৰ লগত কলপটুৱাৰো মুক্তি
If are in good company it always helps. Being in comapny of good people will help you get the same kind of respect they earn from others.ভালৰ সঙ্গ পালে ভালেই হয় ৷ তুলসীক পবিত্ৰ মানা হয় ৷ পূজাৰ স্থানত তুলসীক কলপটুৱাত ৰখা হয় ৷ পবিত্ৰ তুলসীৰ বাবেই কলপটুৱাইয়ো পূজাত স্থান পায় ৷ Contributed by: Rupankar Mahanta on 2008-03-19
Idiom ফকৰা-যোঁজনা
নথৈ আনন্দিত হ ৷
To get delighted or pleased immensely.বৰকৈ উৎফুল্ল বা প্ৰসন্ন হ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-07
Idiom ফকৰা-যোঁজনা
আঁতুৰত নিয়ম নাস্তি ৷
Necessity knows no law.আঁতুৰত অৰ্থাৎ কঠিন পৰিস্থিতত পৰিলে মানুহে নিয়ম কানুন মানি চলাৰ থল নাথাকে, কাৰণ তেনে ক্ষেত্ৰত নিজৰ প্ৰাণ বচোৱাটোহে প্ৰথম কৰ্ত্তব্য হৈ পৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা
হাবুঙত বোলে লোণৰ সস্তা, দেহাৰ বা কি অৱস্থা!
One cannot hanker after savings through buying desired items only for the sake of its cheap availability. do not depend on uncertain situation.কোনো এখন ঠাইত (হাবুং) বিশেষ বস্তু(লোণ) সস্তাত পোৱা যাব পাৰে, কিন্তু তাৰ বাবে দৈহিক আৰু আৰ্থিক সামৰ্থ, মানসিক স্থিতি থকাৰ লগতে পৰ্যাপ্ত সময় হাতত থাকিলেহে সেই ঠাইলৈ গৈ সেই বিশেষ বস্তুটো কিনি অৰ্থ বচাব পাৰি ৷ অৰ্থাৎ সস্তাত পালেই মানুুহে যিকোনো বস্তু যিকোনো সময়ত কিননিব নোৱাৰে । অজান(হাবুং) ঠাইলৈ গ\\\'লে বজাৰ কৰিম বুলি যাব নালাগে, কাৰণ সেই ঠাইৰ নিয়ম-নীতি আমি নাজানো, অনিশ্চত কথাবোৰ(দেহাৰ বা কি অৱস্থা) আছেই৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-15
Idiom ফকৰা-যোঁজনা
নাই মোমাইতকৈ কণা মোমায়েই ভাল ।
One should be satisfied for something, even if it is not as good, much, etc. as he really wanted. English sayings: - Something is better than nothing. - Half a loaf is better than no bread.কেতিয়াবা ভাল গুণৰ বা ভাল পৰিমাণৰ বস্তু নাপালেও যি অলপ পোৱা হয় সেইখিনিতে সন্তুষ্ট থাকিব লাগে । Contributed by: Prasenjit Khanikar on 2008-02-25
Idiom ফকৰা-যোঁজনা
অতি ভক্তি চোৰৰ লক্ষণ
Too much indulgement in something, than what is necessary, is a cause of concernকোনোবাই যদি কিবা এটা কাম বা বস্তৰ পিছত প্ৰয়োজনতকৈ অধিক লাগি থাকে, তেনেহলে তাক সন্দেহৰ চকুৰে চোৱা উচিত ৷ Contributed by: Rupankar Mahanta on 2008-03-19
Idiom ফকৰা-যোঁজনা
ধনৱন্তৰ মিছা শুনিবলৈ ইচ্ছা৷ দুখীয়াৰ উচিত শুনিবলৈ কুৎচিত৷
A wealthy man is always respected whether he is right or wrong because of his wealth. On the other hand a poor man is always neglected because of his poor economical condition.সমাজত ধনী-মানী ব্যক্তিক উচ্চ স্থান দিয়া হয় আৰু সঁচ-মিছা সকলো কথায় নতশীৰে মানি লোৱা হয়৷ আনহাতে দুখীয়াই সত্য বা ভাল কথা কলেও তাক তুচ্ছ জ্ঞান কৰা হয়৷ Contributed by: Sitaram Upadhyaya on 2014-11-30
Idiom ফকৰা-যোঁজনা
বাটত পালো কমাৰ দা গঢ়াই দিয়া আমাৰ৷
To get something done without prior planning, taking advantage of suddenly meeting someone on the way.বাটতে কাৰোবাক লগ পাই সেই সুযোগ গ্ৰহণ কৰি নিজৰ অভীষ্ঠ সিদ্ধি কৰা৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2016-04-14
Idiom ফকৰা-যোঁজনা
তেবে যশী, যদি যশ বখানে আনে, তেবেসে গৃহস্থ, যদি আটি খাই ধানে ৷
He is a famous man if his praises are sung by others. He is a real house-holder if he has sufficient paddy to eat.আচল যশস্বী লোকৰ গুণ আনেহে বখানে আৰু সেইজনহে আচল গৃহস্থ, যিজনে নিজৰ ঘৰখন ভালকৈ চলাব পাৰে ৷ Contributed by: Barnali Deuri Bora on 2010-11-18
Idiom ফকৰা-যোঁজনা
উপজিয়েই গোটা ভাত গিলা
to try to accomplish a difficult task all at once instead of step by stepকোনো ডাঙৰ কাম লাহে লাহে কৰিবলৈ চেষ্টা নকৰি একে দোপতে কৰিবলৈ বিছৰা Contributed by: Pankaj Jyoti Mahanta(পংকজ জ্যোতি মহন্ত) on 2011-04-01
Idiom ফকৰা-যোঁজনা
পাপীৰ পিঠাত মন
It refers to the mentality of a person. A heretic will be more interested in the offering than paying obeissance to God.ই মানুহৰ মানসিকতা ব্যক্ত কৰে ৷ পাপীষ্ঠ মানুহ এটা পূজাস্থলীত বহি থাকিলেও তাৰ মনটো উচৰ্গা কৰা পিঠা, লাড়ু আদিতহে থাকিব, ভগৱান বা পূজাত নহয় ৷ Contributed by: Rupankar Mahanta on 2008-03-14
Idiom ফকৰা-যোঁজনা
একালৰ বৃন্দাবন, একালত পৰে ছন |
In the past, someone was having mass popularity with good economic condition. But in the course of time everything has been changed, he is in a deplorable state.অতীতত জনসমাদৃত তনকীয়াল ব্যক্তি এজন যেতিয়া দৈৱ-দূৰ্বিপাকত পৰি নিঃকিন হয় তেতিয়া তেওঁৰ অৱস্থা বৰ পুতৌজনক হৈ পৰে |
ইয়াৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে - সকলোৰে দিন সমানে নেযায় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-11
Idiom ফকৰা-যোঁজনা
সোলাৰ মুখত মাখি পৰে, সিও লাভৰ ভিতৰ৷
A person having no teeth cannot keep closed their mouth. Moreover they cannot crush meat or other harder foods. In such a case if a fly enter into their open mouth, the said teeth less person crush the fly as if the fly is a piece of meat.দাঁত সোলাৰ মুখ খন দাঁত নথকা বাবে অনবৰতে মেল খাই থাকে আৰু তেনেলোকৰ মাংসৰ লগতে অন্যান্য টান পুষ্টিকৰ খাদ্য ভালকৈ চোবাই খোৱাৰ সামৰ্থ নেথাকে৷ তেনেস্থলত মুখত সোমোৱা কোমল দেহৰ মাখি টোকে (মাখি যদিওবা অখাদ্য৷) চোবাই মাংস খোৱাৰ পৰম তৃপ্তি লাভ কৰাৰ বাদে অন্য বিকল্প নেথাকে৷ Contributed by: Sitaram Upadhyaya on 2015-11-20
Idiom ফকৰা-যোঁজনা
ঘৰ শত্ৰু বিভীষণ ৷
Fifth columnist.বিভীষণে নিজৰ ভাতৃ ৰাৱণৰ বিৰুদ্ধাচৰণ কৰি ৰামক সহায় কৰিছিল, একেদৰে আপোন মানুহে শত্ৰুতামূলক কাম কৰা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা
হাতী মাৰি ভুৰুকাত ভৰোৱা
To sum up even a very large document in a very concise mannerখুব ডাঙৰ বা দীঘল তথ্য অথবা কথাকো, অৰ্থৰ হেৰফেৰ নহোৱাকৈ থুলমুলকৈ সজাই চুটিকৈ কোৱা Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-28
Idiom ফকৰা-যোঁজনা
চুকৰ ভেকুলী নাদত পৰা
Common frogs usually stay in the dark corners of a house and cannot live in deep waters. When it falls in a well, it cannot survive. Similarly, a person living in a remote village gets exposed to a larger society, he finds it very difficult to adjust.চুক-ভেকুলী সাধাৰণতে ঘৰৰ চুকত থাকে; দ পানীত নাথাকে | নাদত পৰিলে চুক-ভেকুলী বাচি থাকিব নোৱাৰে | সেইদৰে ভিতৰুৱা ঠাইত জীৱন কটোৱা মানুহ এজন বাহিৰৰ বহল জগতখনৰ সন্মুখীন হ’ব লগা হ’লে বিপদত পৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা
খন্তেকৰ ভোজ খাওঁতা নাই ৷
If a feast is arranged suddenly without prior preparation, few people would attend it. Similarly, at the time acute distress, usually one hardly finds anyone to help him out.আগৰে পৰা ভালদৰে আয়োজন নকৰাকৈ হঠাতে ভোজ এটা পাতিলে যিদৰে খাওঁতাৰ অভাৱ হয়, ঠিক সেইদৰে হঠাতে বিপদত পৰিলে মানুহৰ দুখ-দূৰ্দশাৰ খবৰ ল’বলৈকো কোনো নোহোৱা হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
হাতত নাই বিত, মনে কৰে পিত পিত
A poor person who wants to buy many things.আৰ্থিক সম্বল নথকা মানুহে পাৰ্থিৱ বস্তুলৈ হেঁপাহ কৰা Contributed by: Barnali Deuri Bora on 2010-10-28
Idiom ফকৰা-যোঁজনা
উত্তম-মধ্যম দে ৷
To beat black and blue.লাখুটি, হাত বা ভৰি আদিৰে অধিকভাবে শাৰীৰিক প্ৰহাৰ কৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
জী ভালেই জোঁৱাই ভাল | আপোন ভালেই জগত ভাল ||
It is easier to say about your own daughter rather then son in law. If your daughter is good then she can manage her husband to be in right position. That means, if you are good then you can influence others also to be good in nature.জী নিজৰ সন্তান, আনহাতে জোঁৱাই লোকৰ সন্তান| গতিকে জীয়াৰীজনী ভাল নে বেয়া সতকাই ক’ব পাৰি| আনহাতেদি জীয়াৰী ভাল হ’লে জোঁৱাই বেয়া হলেও শুধৰাই ল’ব পাৰে | অৰ্থাৎ নিজে ভাল হ’লে আনেও ভাল পাব আৰু নিজ গুণৰ বলত আনকো ভাল কৰি ল’ব পাৰিব| Contributed by: Biraj Kumar Kakati on 2008-03-16
Idiom ফকৰা-যোঁজনা
বুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেঁকা?
Young people should obey elderly people`s advice as elderly people are more experienced than the young generation.বয়োজ্যেষ্ঠ লোকসকলৰ অভিজ্ঞতা কমবয়সীয়া সকলতকৈ অধিক আৰু সেয়েহে ডেকাসকলে বুঢ়াসকলৰ উপদেশ মানি চলা উচিত । Contributed by: Prasenjit Khanikar on 2008-02-28
Idiom ফকৰা-যোঁজনা
কাকো পৰে তালো সৰে
Many a times two incidents may happen due to mere coincidence, but usually it is thought that the occurrence of one incident is the result of the occurrence of the other.তালগছত কাউৰী পৰাৰ লগে লগে তাল সৰি পৰা দেখি মানুহে ভাবে যে কাউৰীজনী পৰাৰ কাৰণেহে তালটো সৰি পৰিল, প্রকৃততে এইটো এটা সংযোগহে। একেদৰে বহুসময়ত আমি কোনো ভাল বা বেয়া উপলব্ধি বা ঘটনাৰ বাবে কোনো ব্যক্তি বিশেষ বা কোনো কথাক তাৰ কাৰক হিচাপে ধৰি লওঁ, কিন্তু সিবোৰ কেৱল সংযোগবশত সংঘটিত হব পাৰে। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-29
Idiom ফকৰা-যোঁজনা
অতি লোভে হতশ্ৰী
Greedy people take more food than they need and as a result cannot maintain their health. Similarly, uncontrolled gluttony can never lead to progress.লুভীয়া মানুহে লোভত পৰি খাদ্য-বস্তু প্ৰয়োজনতকৈ বেছিকৈ খায় আৰু ফলত স্বাস্থ্য হানি হয় | সেইদৰে লোভ সম্বৰণ কৰিব নোৱাৰিলে মানুহৰ শ্ৰীবৃদ্ধি নহয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
কেচুঁ খান্দোতে সাপ ওলোৱা
While investigating some small secret or scam, discover a bigger secret or a bigger scam.সৰু কিবা এটা বিচাৰোতে ডাঙৰ কিবা ৰহস্য উদ্ঘাতন হোৱা Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-14
Idiom ফকৰা-যোঁজনা
দুই ম’হৰ যুজত বিৰিণাৰ মৰণ
\"When two buffaloes fight, the grass dies.\" Innocent common people have to face trouble due to the conflict between/among big people.বেলেগৰ ঝামেলাৰ মাজত নিৰীহৰ হাৰাশাস্তি হোৱা । Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা
ঢোলৰ মাতত টোকাৰীৰ মাত তল যোৱা ৷
A louder strong voice always dominates the smaller voice and makes it inaudible to the audience.দৃঢ়তা আৰু স্পষ্টতাৰে ডাঙৰকৈ কোৱা কথাই সৰুকৈ বা অস্পষ্টকৈ কোৱা মাতক নিমাখিত কৰি দিয়ে ৷ ফলস্বৰূপে ডাঙৰ মাত সদায় শ্ৰুতাৰ কাণত নপৰে, কিন্তু সৰু মাত কাৎচিতহে পৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
Idiom ফকৰা-যোঁজনা
লোকৰ কান্ধত বন্দুক থৈ গুলি কৰা
To perpetrate some mischievous act or crime through someone else for fulfilling one`s own interest so that he can escape of its responsibility or blame.নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আনৰ হতুৱাই কোনো অসত্ কাম কৰোৱা, যাতে নিজে দোষৰ ভাগী নহয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10
Idiom ফকৰা-যোঁজনা
তিলকে তাল কৰা
Exaggerating something beyond a limitকোনো সৰু কথাকে অনাহকত বেছিকৈ বঢ়াই কোৱা Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-27
Idiom ফকৰা-যোঁজনা
হুলকেই ফুল বুলি খোপাত গোঁজা ৷
To commit extreme blunder by accepting a harmful object/matter/companion/friend as beneficial one.ফুলৰ লগতে থকা কাঁইটে বিন্ধে আৰু কষ্ট দিয়ে,আনহাতে ফুলে বিমল আনন্দ দিয়ে ৷সেয়ে কাঁইটক ফুল বুলি ভুল কৰিলে যাতনা ভুগিব লগীয়া হয় ৷ একেদৰে এই ফকৰাই বেয়াকে ভাল বুলি গ্ৰহণ কৰাৰ দৰে মাৰাত্মক ভুল কৰা কাৰ্যক বুজায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-11
Idiom ফকৰা-যোঁজনা
এলাগীক নকৰিবা হেলা, এলাগীয়েহে তৰিব বিপদৰ বেলা
A person should not be judged by external appearance alone, an ugly looking person may be highly qualified or talentedদেখাত সুন্দৰ লোকৰ প্ৰতি মানুহৰ স্বভাৱজাত দুৰ্বলতা থাকে ৷ কিন্তু অশুৱনি লোকে গুণ থাকিলেও আদৰ নাপায়৷ সেয়েহে কোৱা হৈছে যে বাহ্যিক চিকমিকনিত ভোল যোৱাতকৈ মানুহৰ গুণৰহে মূল্যায়ন কৰা উচিত৷ Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা
টেঙা আম বজাৰত এবাৰহে বেছিব পাৰি |
One can not cheat a person again and again .এবাৰ মিঠা বুলি টেঙ্গা আম বেছা দোকানীৰ পৰা দ্বিতীয় বাৰ কোনেও আম নিকিনে | সেইদৰে কাৰোবাক এবাৰ ঠগিলে তেওঁ সেইজন ব্যক্তিৰ ওপৰত আৰু দুনাই কেতিয়া বিশ্বাস নকৰে | অৰ্থাৎ মানুহক এবাৰহে ঠগিব পাৰি | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-20
Idiom ফকৰা-যোঁজনা
তেলীৰ মূৰত তেল
To help someone who already has everything instead of someone who is needy.সুবিধাভোগী জনকে অধিক সুবিধা প্ৰদান কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Riddle সাথৰ
জলত জন্ম, স্থলত বাস মাকে চুলে হয় নাশ৷
Born in water, lives in earth. Disapperear when tauch by mother. Ans: Common salt.সেন বা নিমখ৷ সাগৰৰ পৰা আহৰণ কৰা হয়৷ পানীত পৰিলে গলি নোহোৱা হয়৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-11
Idiom ফকৰা-যোঁজনা
কুকুৰে ভুকি হাতীৰ গতি স্থবিৰ কৰিব নোৱাৰে ৷
The barking of a dog cannot stop an elephant. An honest and strong person goes ahead, not caring for the criticisms or hurdles brought about by the rivals/bad wishers or enemies.হাতী এক বিশাল আকৃতিৰ প্ৰাণী আৰু কুকুৰ এক নিকৃষ্ট প্ৰাণী ৷হাতীয়ে গমন কৰিলে, কুকুৰৰ দৰে নিকৃষ্ট প্ৰাণীয়ে পিছফালে ভুকাটো গতানুগতিক কথা, যাৰ প্ৰতি হাতীয়ে ভ্ৰূক্ষেপো নকৰে আৰু নিজ গতিত আগবাঢ়ে ৷ একেদৰে সৎ আৰু শাহসীজনে নিজ শত্ৰু বা প্ৰতিদন্দিৰ উপহাস, সমালোচনা, বাধা আদিক তুচ্চ জ্ঞান কৰি আওকাণ কৰে আৰু নিজ পথত অগ্ৰসৰ হৈ গৈ থাকে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-10-27
Idiom ফকৰা-যোঁজনা
উৰহৰ খং ভগা ঢাৰিত চৰোৱা
To show one's anger to somebody who is not responsible for the cause of the angerবেলেগৰ ওপৰত উঠা খং নিৰীহৰ ওপৰত প্ৰদৰ্শন কৰা কাৰ্য্য Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা
যি মূলা বাঢ়ে তাৰ দুপাততে চিন
English sayings: Morning shows the day.কোনো কামৰ আৰম্ভণীয়ে তাৰ ভবিষ্যত সূচায়। সৰু ল`ৰা-ছোৱালীৰ শৈশৱৰ পাৰদৰ্শিতাই উজ্জ্বল ভবিষ্যতৰ কথা কয়। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা
ঢোকাত কল, কলত ঢোকা ৰোৱা৷
The support pillar, used to support banana plant to prevent it from falling down by the wait of it' fruit, stand on ground by the weight of the plant itself. So, the proverb mean to survive on each other's support.কল গছ কলৰ ভৰত পৰি নাযাবলৈ যি ঢোকা দিয়া হয়, সি কলগছৰ ভৰতে থিয় হৈ থাকে৷ গতিকে ই ইজনে সিজনৰ সহায়ত বৰ্তি থকা বুজায়৷ Contributed by: Bikram M Baruah on 2025-01-27
Idiom ফকৰা-যোঁজনা
পৰৰ মূৰত খোৱা, ভটীয়া নাৱত যোৱা
to lead a life of ease and comfort at the expense of another.পৰৰ উপাৰ্জনেৰে সুখেৰে জীৱন নিৰ্বাহ কৰ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-02-25
Idiom ফকৰা-যোঁজনা
মাকতকৈ জীয়েক কাজী, ঢেকী ঠোৰাৰে বটে পাজী
A person talking on subjects over which he has less expertiseমাকক সাধাৰণতে জীয়েকতকৈ সকলো বিষয়তে বেছি অভিজ্ঞ বুলি ধৰা হয়, কিন্তু জীয়েকে জনা দেখুৱাই পটাৰ সলনি মছলা বটিবলৈ ঢেকী ঠোৰা ব্যৱহাৰ কৰা অৰ্থাৎ অলপ জ্ঞান থকা বিষয় বস্তুৰ ওপৰত বেচি জনা দেখুওৱা ৷ Contributed by: Barnali Deuri Bora on 2010-10-27
Idiom ফকৰা-যোঁজনা
তিনি গধুলি তৰিছে তাঁত, পৈয়েকৰ নিছে উজুটিত দাঁত
Waste time unnecessary at the time of work and rush nearer the dateline.কামৰ সময়ত অযথা ৰং ৰহইচ কৰি সময় কটাই গধুলি কাম দেখুৱাই খদম্দম কৰি দেখুওৱা৷ Contributed by: Bikram M Baruah on 2025-01-26
Idiom ফকৰা-যোঁজনা
দীঘলকৈ মাৰিবা ফুই, তেহে দেখিবা জুইৰ মুই ৷
To see firewood burning nicely, one has to blow air deeply into it after having lit.খৰিৰ জুই জ্বলাবলৈ হ’লে দীঘলকৈ ফু মাৰিব লাগে; তেতিয়াহে ই ভালকৈ জ্বলে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-06
Idiom ফকৰা-যোঁজনা
কোলাৰটো এৰি বোকাৰটোত ধৰা
To become greedy to possess something which is scarce rather than accepting the easily available one.সহজে উপলব্ধ হোৱা বস্তুটোক অৱহেলা কৰি দূৰ্লভ বস্তুৰ প্ৰতি মোহ দেখুওৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
অতি চালাকিৰ ডিঙিত জৰী
One who clever by half falls into a trap of his own makingবেচি চালাকি খটুৱাবলৈ গৈ নিজে বিপদত পৰিবলগীয়া হোৱা Contributed by: Pankaj Jyoti Mahanta(পংকজ জ্যোতি মহন্ত) on 2011-04-09
Idiom ফকৰা-যোঁজনা
অংগাৰঃ শতধৌতন মলিনত্বং ন মুঞ্চতি ৷
1. Black will take no other hue. 2. The leopard cannot change his spots. 3. An Ethiopian will not change his skin.কয়লা শতবাৰ ধুলেও তাৰ ময়লা নেযায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা
পৰৰ মূৰত কঁঠাল ভাং
to live upon the labour of another.লোকৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰি চলা Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-02-25
Phrase খণ্ডবাক্য
বগলী ভকত ৷
One who pretends to be honest externally, but executes dishonest acts stealthily, a scammer.যি বাহিৰে সততা দেখুৱাই লোকচক্ষুৰ আঁৰত অসৎ কামনা চৰিতাৰ্থ কৰে, অৰ্থাৎ ভণ্ড লোক৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা
আম গছত কঠাল নধৰে ৷
You cannot make a silk purse out of a sow's ear.যি মানু্হ যিমান অভিজ্ঞ বা পাৰ্গত, তেনে মানুহৰ পৰা সিমানখিনিয়েই আশা কৰিব পাৰি, তাতকৈ বেছি কেতিয়াও আশা কৰিব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা
আপদৰ মাত, আকালৰ ভাত
In times of trouble, offering a word of comfort to someone, and in times of famine, providing a meal to a starving person brings immense relief. This is a very essential act, and it also earns merit.আপদ কালত মানুহৰ মাতষাৰ দিয়া আৰু আকালত পৰাজনক এসাঁজ খাবলৈ দিলেও বহুত সকাহ পায়৷ ই অতি আৱশ্যকীয় কথা আৰু ইয়াৰ পৰা পুণ্যও হয়৷ Contributed by: Bikram M Baruah on 2025-02-12
Phrase খণ্ডবাক্য
পচলাত দাঁত ভগা
To suffer in doing a trifling act.একেবাৰে সহজ কাম কৰিবলৈ গৈ অশেষ কষ্ট পোৱা৷ Contributed by: Susanta Borgohain on 2011-08-29
Idiom ফকৰা-যোঁজনা
ৰসতে নামটো থোৱা
To get recognition for something done by others by merely associating with it very little.আনে কৰা কাম এটাত সামান্য হাত উজান দি কৃতিত্বৰ অংশীদাৰ হোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা
পাপৰ ধন পৰাচিতত যায়
A sinner usually spends lot of his earnings for religious activities to get rid of his guilty feelings. Likewise a person who earns illegally cannot enjoy it and ultimately it gets wasted by his successors.কোনো গুৰুতৰ দোষণীয় কাম কৰিলে তাৰ কাৰণে ঈশ্বৰে শাস্তি দিয়ে বুলি ভবা হয় বা পৰাচিতৰ বিধান থাকে ৷ ঠিক সেইদৰে অনৈতিক ভাৱে অৰ্জা ধনৰ ফলো মানুহে ভোগ কৰিবলৈ নাপায় আৰু সতি-সন্ততিৰ হাতত পৰি সেইবোৰৰ আলৈ-আথানি হয় ৷ Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা
চিৰা খোৱা পিঠা খোৱা ভাতৰ সমান নহয়, মাহী বোলা পেহী বোলা মাৰ সমান নহয় ৷
A meal with rice cannot be replaced with snacks and similarly the place of mother can never be equalized by aunts.যেনেদৰে চিৰা-পিঠা খাই ভাত খোৱাৰ দৰে পেট ভৰাব নোৱাৰি আৰু তৃপ্তি সহকাৰে ভোক পলুৱাব নোৱাৰি, একেদৰে মাহী বা পেহী বুলি মাতি মাৰ অভাব পূৰাব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-13
Idiom ফকৰা-যোঁজনা
আহিল কণা, গ’ল কণা, খাগৰি কাটিলো তিনি কণা
To keep an important matter pending lethargicallyগুৰুত্বপূৰ্ণ কাম এটা কৰিম কৰিম বুলি এলাহ কৰি পেলাই থোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Idiom ফকৰা-যোঁজনা
চোৰ সৰহ কিল তাকৰ
the harshness of punishment becomes be less when offenders are many.দোষীৰ সংখ্যা বেছি হ’লে গাইপতি শাস্তিৰ পৰিমাণ কম হয় ৷ Contributed by: Anjali Sonowal on 2012-04-20
Idiom ফকৰা-যোঁজনা
দিনৰ পাহাৰ ৰাতিৰ জুই; তাক নেখেদি থাকিবা শুই
Do not run after illusions or false dreams. A hill may appear just next block, but is actually vary far away. Simialrly, a fire seen in night may appear from vicinity, but in actuality may be miles away.যিদৰে সন্মুখত দৃশ্যমান পাহাৰটোৰ বা ৰাতি দূৰত দেখা জুইকুৰাৰ সঠিক দূৰত্ব অনুমান কৰিব নোৱাৰি; কিছুমান বস্তু একেবাৰে ওচৰতে যেন লাগিলেও আচলতে বহুত দূৰত আছে ৷ তেনে বস্তুৰ পিছত সময় নষ্ট নকৰাই ভাল ৷ Contributed by: Rupankar Mahanta on 2008-03-13
Idiom ফকৰা-যোঁজনা
চ’ত বিহুলৈ ছমাহ থাকোতেই হাত মেলি নাচ ।
To express pleasure before the cause for it materialises.আনন্দৰ কাৰণ নৌহওঁতেই আনন্দ প্ৰকাশ কৰ । Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-07-28
Idiom ফকৰা-যোঁজনা
জনাৰ ভাত মাছ, নজনাৰ গলগ্ৰহ
A man needs necessary skills to do any work efficiently. What appears to be very easy for a skilled person, may be an impossible task for one who does not know how to do it.যিকোনো এটা কাম সুকলমে সমাধা কৰিবলৈ হ’লে জ্ঞানৰ প্ৰয়োজন | কামটো কৰাৰ কৌশল যি জানে তেওঁৰ কাৰণে ইয়াক সমাধা কৰাটো তেনেই সহজ কিন্তু যাৰ সেই বিষয়ে প্ৰয়োজনীয় জ্ঞানৰ অভাৱ, তেওঁৰ বাবে ই অতি কষ্টসাধ্য - এক জঞ্জালহে যেন | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-28
Idiom ফকৰা-যোঁজনা
বিনা মেঘে বজ্ৰপাত
Encountering suddenly something unexpectedly bad without any proper prior hintকোনো আগজাননী অবিহনে কিবা অঘটন ঘটা Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-27
Idiom ফকৰা-যোঁজনা
গা সাতখন আঠখন কৰা
to get excited on some matterকোনো কথাত উৎফুল্লিত হৈ উত্তেজিত হোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-14
Idiom ফকৰা-যোঁজনা
ঔ বিচাৰোঁতে মৌ পোৱা৷
Sudden huge gain more than expectation.সামান্য কিবা আশা কৰি থাকোতে হঠাৎ অপৰিসীম সা-সুবিধা পোৱা৷ Contributed by: Sitaram Upadhyaya on 2015-06-28
Idiom ফকৰা-যোঁজনা
হাতী চুৰ কৰি নিয়ে বাটে বাটে বেঙেনা চোৰক ধৰে, নাকটো কাটিলে লাজ নালাগে নখটো কাটিলে মৰে।
People with money or power or under political shelter escapes from punishment even after committing big crimes and the poor thieves are caught & punished. Likewise some people are not ashamed even when their name is maligned for bad work but seems to be grieving from a trifle.ডাঙৰ দুষ্কাৰ্য্য কৰি কিছুমান মানুহে সমাজত বৰ মানুহ বোলাই থাকে; অথচ সৰু-সুৰা চোৰেহে শাস্তি পায়। ঠিক তেনেকৈ ডাঙৰ অপমান পায়ো কিছুমানে কেৰেপ নকৰে কিন্তু সৰু কথা একোটাতে বৰ লাজ পোৱা যেন দেখুৱায়। Contributed by: Barnali Deuri Bora on 2010-11-20
Idiom ফকৰা-যোঁজনা
খুচুৰা খৰচৰ চোৰাং গতি
One should be careful in spending, as small expenditures may cause heavy burdens sometimes if not spent wisely.সৰু সৰু খৰচবোৰ হিচাবত ধৰা নহয়, কিন্ত সময়ত ইয়েই গৈ বুজন পৰিমাণৰ বোজা হয়গৈ৷ Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা
যত্ন কৰিলে ৰত্ন পায়
The fruit of hard work is always sweetপৰিশ্ৰমৰ ফলাফল সদায় মিঠা Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-28
Idiom ফকৰা-যোঁজনা
ভঁৰালত নাই কণটো, বৰসবাহলৈ মনটো
Aspiring something big with limited resources.সীমিত সম্পদৰ গৰাকী হোৱা সত্ত্বেও মনত ডাঙৰ আকাংক্ষা পুহি ৰখা Contributed by: shekhar borah on 2009-01-14
Idiom ফকৰা-যোঁজনা
নুছুই ডুমুনি তুলি দিলে বোজা, নপঢ়ি নুশুনি হ’ল ওজা
This proverb is meant ironically; in earlier times it was thought that it`s impossible for a person to place a load on the head of a lower caste women without being polluted by her. Similarly, it`s equally impossible for a person to be a `learned` man without reading books.মাছ বেছা-কিনা কৰা কৈৱৰ্ত্ত সম্প্ৰদায়ৰ লোক সকলক আগতে উচ্চ বৰ্ণৰ লোক সকলে অস্পৃশ্য বুলি গণ্য কৰিছিল, সেয়ে তেওঁলোকক স্পৰ্শ কৰিলেই অপবিত্ৰ হয় বুলি ধৰি লৈছিল ৷ অৰ্থাৎ অশুচি নোহোৱাকৈ ডুমুনি (কৈৱৰ্ত্ত মহিলা)ৰ বোজা ছোৱাটো যেনেকৈ অসম্ভৱ, তেনেকৈ নপঢ়া নুশুনাকৈ পণ্ডিত হোৱাও অসম্ভৱ ৷ Contributed by: Barnali Deuri Bora on 2010-11-19
Idiom ফকৰা-যোঁজনা
অসতীৰ লগত সতীৰো মতিভ্ৰম হয় ৷
Bad company may lead you astray.অসৎ সঙ্গই সকলোকে প্ৰভাৱিত কৰি আনকি সাধুৰ মনতো অসৎ প্ৰবৃত্তিৰ জন্ম দিব পাৰে ৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা
চাপৰিলে মেঘ নাঁতৰে৷
No excuse can cover up a misdeed or unlawful activities.যেনেদৰে চাপৰি বা কুঁজা হৈ বৰষুণৰ পৰা হাত সাৰিব নোৱাৰি, একেদৰে দোষ বা অন্যায় কৰিলে সৰু সুৰা অজুহাত দেখুওয়াই হাত সাৰিব নোৱাৰি। Contributed by: Dr. Armaan U. Muzaddadi on 2008-09-26
Idiom ফকৰা-যোঁজনা
দূৰৰ পাহাৰ ৰাতিৰ জুই তাক নেখেদি থাকিবা শুই৷
Seeing is not always believing. The far-away hills or the fire at night may seem near, but chasing them would be no less foolish than chasing a mirage at the desert. So think before you act!দূৰৰ পাহাৰ আৰু ৰাতিৰ জুই ওচৰত থকা যেন লাগে৷কিন্তু তাকে ভাবি তাক বিচাৰিবলৈ গ`লে সহজে পোৱা নাযাব৷ সেইদৰে দেখি ভাল লগা অথবা শুনা কথাত ভোল যোৱাৰ আগতে নিজৰ বুদ্ধিৰে বিবেচনা কৰা উচিত৷ Contributed by: Dr. Samhita Bharadwaj on 2010-12-12
Idiom ফকৰা-যোঁজনা
বুঢ়ী আই এ নাহিলি সুখৰ কালত, সাতজনী নিগনি খীৰাই খাইছিলো, গেৰেলাক বাইছিলো হালত
After being pauper, remembering sadly the times when he was rich.আকালৰ (দুৰ্দ্দিনৰ সময়ত) দিনত এসময়ৰ প্ৰাচুৰ্য্যৰ কথা মনত পেলাই শোক কৰা Contributed by: Barnali Deuri Bora on 2010-10-27
Idiom ফকৰা-যোঁজনা
বোবাৰ শত্ৰু নাই ৷
Pauciloquent people, or those who speak less, usually have few enemies as they never hurt anybody speaking harsh words.স্বল্পভাষী বা কমকৈ কথা কোৱা মানুহক সাধাৰণতে সকলোৱে ভাল পায়, কাৰণ তেওঁলোকৰ কথাই কাৰো অন্তৰত আঘাত দিয়াৰ সম্ভাৱনা নাথাকে ৷ গতিকে তেনে লোকৰ কোনেও শত্ৰুতা নকৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-04
Idiom ফকৰা-যোঁজনা
আপোনাৰ নাক কাটি সতিনীৰ যাত্রা ভঙ্গ কৰা |
Even harming oneself, one wants to take revenge on his/her opponent or rival.সতিনীক সাধাৰণতে সকলোতকৈ বেছি শত্ৰু বুলি জ্ঞান কৰা হয়। সেয়ে সতিনী মাকৰ ঘৰলৈ যোৱাৰ সময়ত আন জনীয়ে প্রয়োজন হ'লে নিজৰ নাক কাটি হলেও যাত্রা ভংগ কৰাবলৈ কুন্ঠাবোধ নকৰে।
ইয়াৰ দ্বাৰা প্রয়োজন হ'লে নিজৰ ক্ষতি কৰি প্ৰতিদ্বন্দীৰ অনিষ্ট কৰিবলৈও কুন্ঠাবোধ নকৰা স্বভাৱৰ বিষয়ে বুজোৱা হৈছে | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-07
Idiom ফকৰা-যোঁজনা
ধানটোৱে প্ৰতি কণটো, মানুহটোৱে প্ৰতি মনটো।
Many men many minds.প্ৰতিটো ধানৰ ভিতৰত একোটাকৈ কণ থকাৰ দৰে প্ৰতিজন মানুহৰ নিজস্ব মন একোটা থাকে। অৰ্থাৎ এজনৰ ভাৱধাৰা আন এজনৰ লগত নিমিলিবও পাৰে । Contributed by: Anjali Sonowal on 2008-07-22
Idiom ফকৰা-যোঁজনা
গছত উঠে মৰিব, জামিন হয় ভৰিব ৷
Climbing a tree is full of risk that one may fall down by slipping grip and die, similarly taking bail on behalf of someone is equally risky which ends up with spending money from one's pocket.গছত উঠোতে ভৰি পিচলি পৰি মৰাৰ আশংকা থাকে; একেদৰে কাৰোবাৰ কাৰণে জামিনদাৰ হ\'লেও টকা পইচা ভৰিব লগা হোৱাৰ আশংকা থাকে৷ Contributed by: Dr. Armaan U. Muzaddadi on 2012-12-11
Idiom ফকৰা-যোঁজনা
পানীত থাকি পিয়াহত মৰা ।
to have poverty amidst plenty.কোনো বস্তু থাকোতেও তাক ব্যৱহাৰ নকৰি কষ্ট ভোগ কৰা । Contributed by: Anjali Sonowal on 2010-01-30
Idiom ফকৰা-যোঁজনা
এক মাঘে শীত নেযায় ৷
Now you get the best of me, but my turn will come again or one swallow does not make a summer.মাঘ মাহ গুচি যোৱাৰ পাছত শীতৰ কাপোৰবোৰ পিছৰ বছৰৰ শীতৰ কাৰণে সামৰি থব লাগে, শীত বাৰে বাৰে আহে আৰু শীতৰ কাপোৰৰ প্ৰয়োজন হয় ৷ বিপদৰ সময়ত কাৰোবাৰ সহায় লৈ পাছলৈ পাহৰি গ\'লে এনদৰে কোৱা হয় অৰ্থাৎ বিপদ বাৰে বাৰে আহিব পাৰে; গতিকে সহায়ৰো প্ৰয়োজন হ\'ব পাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-02
Idiom ফকৰা-যোঁজনা
ক্ষুধাই নেমানে শুদা, ঘুমে নেমানে কাদা৷ (ক্ষুধাই নেমানে শুদা ভাত, ঘুমটিয়ে নেমানে মাটি-পাত৷)
If one is really hungry, he/she can eat meal full stomach even if there is no condiment/curry with it. Similarly, once can sleep anywhere when he/she feels sleepy strongly. No hurdle can stop a person in his work, if he/she is in real need of it.ভালদৰে ভোক লাগিলে শুদা ভাত হ\'লেও পেট ভৰাই খাব পাৰি আৰু একেদৰে টোপনি ভালদৰে আহিলে বোকা-মাটিতো শুব পাৰি ৷ অর্থাৎ সচা অভাব অথবা প্রয়োজন থাকিলে, মানুহে কোনো কামত আগবাঢ়ি যাবলৈ সৰু-ডাঙৰ বাধাক আওকান কৰে আৰু নিজ সামর্থ নাথাকিলও কামত পিছ নুহুহকে । Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
গাখীৰতে ম’হৰ খুটি
Obtaining added advantages when one is flooded with prosperity.য’ত গাখীৰৰ অভাব নাই তাতে ম’হৰ খুটি পাতি দিলে,ম’হৰ খুটিৰ পৰা অধিক গাখীৰৰ যোগান আহিব। অর্থাৎ সুখৰ ওপৰত সুখ। Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Idiom ফকৰা-যোঁজনা
টকাই কৰে কাম, মতাৰ মিছা নাম ৷
Actually it is the money that accomplishes the work and the role of man is negligible, if money is not a constraint.আচলতে টকাইহে কাম সমাধা কৰে, মতামানুহে কৰে বুলি মিছাকৈহে নাম হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-09-09
Phrase খণ্ডবাক্য
পলাই পত্ৰং দে ৷
To abscond, flee or escape.শাস্তি আদিৰ পৰা বাচিবলৈ, বিচাৰি পাব নোৱাৰাকৈ পলাই অন্তৰ্ধান হ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-28
Phrase খণ্ডবাক্য
হাত ধো
to give up relationship, to severe any form of ties.সমন্ধ ছিঙ্, সৰ্ম্পক এৰ্ Contributed by: Barnali Deuri Bora on 2010-10-06
Idiom ফকৰা-যোঁজনা
ক'লেও আয়ে কিল খায়, নক'লেও বোপায়ে ছুৱাতে খায়
a puzzled situation of mind.কোনো কথা ক’লেও বিপদ আৰু নকলেও বিপদ অৰ্থাৎ মনৰ দোধোৰ-মোধোৰ অৱস্থা ৷ অন্তৰ্গত সাধুটো হ’ল- বাঢ়ি থোৱা ভাত মেকুৰীয়ে খোৱাটো পুতেকে দেখিছে যদিও সেই কথা দেউতাকক জনাব পৰা নাই ৷ কাৰণ তেনে কৰিলে মাকৰ বিপদ, আনহাতে নক’লেও দেউতাকে ছুৱা ভাতকে খাব লগা হ’ব ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা
সময়ৰ শৰ সময়ত মাৰিবা
A stitch in time, saves nine.সময়ৰ কাম সময়মতে কৰা উচিত ৷ Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা
কেৰেলাতকৈ গুটি দীঘল হোৱা
Sometimes the expected output of some work become much more complex or lengthier or expensive.কোনো কাম চমু বা সহজ কৰিবলৈ চেষ্টা চলাওতে বেছি দীঘল বা কঠিন হোৱা। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা
এপাত তাল নাবাজে ৷
A pair of cymbal can only be played by striking one with the other. Similarly, a quarrel can initiate only when two persons or parties strike each-other physically or with abusive words. So, both are equally responsible for it.তাল এযোৰৰ এপাত আনপাতৰ সৈতে ঠেকা খালেহে যেনেকৈ বাজি উঠে, ঠিক সেইদৰে এজনে অকলে কাজিয়া কৰিব নোৱাৰে ৷ অৰ্থাৎ কাজিয়া এখন লগাৰ কাৰণে সংশ্লিষ্ট দুয়োপক্ষই সমানে জগৰীয়া ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-19
Idiom ফকৰা-যোঁজনা
ভোটানত ভোট মৰিল দৰঙীৰ কি শোগ চৰিল?
no reason to worry to the unrelated matter.কোনো সম্পৰ্ক নথকা কথাত কিহৰ মূৰ ঘমাব লাগে, লাগিলে সি যিমানে ডাঙৰ নহওক৷ Contributed by: durlav gogoi on 2012-04-01
Idiom ফকৰা-যোঁজনা
ৰাতি হ’লে সাত হাল বাই ৰাতিপুৱা এহালো নাই
to plan many things but do nothing.মনতে নানান পৰিকল্পনা কৰি থাকি সময়ত একো কাম নকৰা | Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-08
Idiom ফকৰা-যোঁজনা
অজ্ঞানী বন্ধুতকৈ জ্ঞানী শত্ৰুও ভাল৷
A foolish friend`s stupid activity may become the cause of distress or dishonour for his companions; however, an intelligent foe will never make his companions ashamed or distressed, since he will always act with wisdom. Hence, an intelligent foe is always better than a foolish friend.অজ্ঞানী বন্ধু এজনে জধে-মধে কাম কৰে আৰু নিজে বিপদত পৰাৰ লগতে বন্ধুবৰ্গকো বিপদত পেলায়; সেয়ে অজ্ঞানী বন্ধুয়ে সহায় কৰাতকৈ বিপদত পেলোৱাৰ সম্ভাৱনাহে বেছি। আনহাতে জ্ঞানীজনে ভাবি চিন্তি কাম কৰে আৰু মূৰ্খতাপূৰ্ণ কাম কৰি আনক অসন্মানত নেপেলায়৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-06-26
Idiom ফকৰা-যোঁজনা
ফাল কাটোঁতেই মাহৰ বতৰ গ`ল৷
Every task has to be accomplished at the appropriate time. If we neglect or delay in doing it in time, we cannot expect to achieve the desired goal.কাঠ কাটি নাঙলৰ ফাল তৈয়াৰ কৰি থাকোঁতেই যদি বহুদিন লগোৱা হয়, তেন্তে মাহৰ খেতি কৰাৰ বতৰ উকলি যাব৷ অৰ্থাৎ সময়ৰ কাম সময়ত নকৰি এলাহ বা অৱহেলা কৰিলে ঈপ্সিত ফল পাব নোৱাৰি৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-10-28
Idiom ফকৰা-যোঁজনা
দাতাই দিলেও বিধাতাই নিদিয়ে
Misfortune does not allow a person to enjoy life with peace and happiness.দুৰ্ভাগ্যই মানুহক কেতিয়াও শান্তিৰে সুখৰ সময় উপভোগ কৰিবলৈ নিদিয়ে ৷ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-15
Idiom ফকৰা-যোঁজনা
শ’ল ঠেকত পৰ ৷
To fall in trouble or problem all of a sudden.হঠাৎ বিপদত পৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-02
Idiom ফকৰা-যোঁজনা
লগতেই নিনিয়ে আৰু বোলে কোচাত উঠো ৷
To propose illogical demands or claims to a party when adverse atmosphere prevails.বহু কাবৌ-কাকতিৰ পাছত যদি কোনো ব্যক্তিক যাত্ৰাৰ সংগী হিচাপে লগত লোৱা হয় আৰু তাৰ পাছত যদি সেই ব্যক্তিয়ে কোচত উঠিবলৈ দাবী কৰে, তেনে দাবী বৰ দূৰ্বল হয় আৰু দাবীদাৰ হাঁহিয়াতৰ পাত্ৰ হয় ৷ এতেকে এই ফকৰাই প্ৰতিকূল পৰিস্থিতিত অযুক্তিকৰ দাবী উত্থাপন কৰা কাৰ্যক বুজায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-11-19
Idiom ফকৰা-যোঁজনা
চকুত ধূলি দে / মাৰ্ ৷
To throw dust in one's eye, or to betray.মিছা কথা বা কৰ্মৰে মানুহক প্ৰতাৰিত কৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
হাততে সৰগ ঢুকি পোৱা
To get an opportunity to achieve one's desired goal easily.ইপ্সিত লক্ষ্য অতি সহজতে পূৰণ কৰাৰ সুযোগ লাভ কৰা | Contributed by: Anonymous on 2010-08-18
Idiom ফকৰা-যোঁজনা
গুৰ কিনাৰত গচকিলেও অশুচি মাজত গচকিলেও অশুচি ৷
If someone treads on excreta or animal soil partially or entirely, the person's whole body becomes unclean and impure (unholy), similarly a person equally loses his/her prestige by indulging himself/herself in bad deeds may it be small or big.গু বা বিষ্ঠাত মানুহৰ ভৰি পৰিলেই গা অশুচি হয়, গচকা লাগিলে কিনাৰতে পৰক বা মাজতে পৰক বিষ্ঠাৰ সংস্পৰ্শই গা সমানেই অশুচি কৰে৷ একেদৰে বেয়া কৰ্ম বা কথাই, সি লাগিলে সৰুয়েই হওক বা ডাঙৰেই হওক, মানুহৰ মান-সন্মান সমানভাবে নষ্ট কৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-07
Idiom ফকৰা-যোঁজনা
ৰাজমন গজমন য’তেন ইচ্ছা ত’তে মন৷
A king and an elephant both are mighty creatures of this world. They do whatever they like. Similarly, a wealthy man leads the society so as to fulfil his own interest.ৰজা আৰু গজ অৰ্থাৎ হাতীক পৰম ক্ষমতা সম্পন্ন বুলি ভবা হয়, সেই বাবে ৰজা আৰু হাতীৰ যি ইচ্ছা তাকে কৰিব পাৰে৷ ঠিক তেনেদৰে সমাজত ধনৱন্ত লোকে নিজৰ ইচ্ছামতে সমাজত নিজৰ প্ৰ্ৰভাৱ বিস্তাৰ কৰি নিজ স্বাৰ্থ পূৰণ কৰে৷ Contributed by: Sitaram Upadhyaya on 2015-02-21
Idiom ফকৰা-যোঁজনা
পৰৰ পিঠাৰে বিহু পতা
Some people use to boast of themselves even if they are facing hardship or are depending on others' support for everything in their life.নিজৰ সামৰ্থ্য নাথাকিলেও আনৰ পৰা খুজি-মাগি আনি হ’লেও বিহু পতাৰ দৰে কিছুমান মানুহে ’নাও বুৰিলেও টিঙৰ পৰা নানামে’, অৰ্থাত্ দুৰ্দশাত ভূগিলেও ফিতাহি মাৰিবলৈ নেৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10
Idiom ফকৰা-যোঁজনা
স্বৰ্গদেউৰ ৰাজসভাত বাদুলিয়ে কল খোৱা কথা কোৱা
To say something irrelevant or inappropriateঅবান্তৰ বা অপ্ৰাসংগিক কথাৰ অৱতাৰণা কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
হলা গছত বাগি কুঠাৰ মৰা ।
Literal Meaning: To strike an inclined tree with an axe. Real meaning: To attack a person when when he is in helpless situation.বাগি কুঠাৰ মৰা মানে কোনো বস্তুৰ চাৰিও বাগে বা ফালে কুঠাৰেৰে আঘাত কৰা । হলা গছত বাগি কুঠাৰ মৰা কথাফাঁকিৰ অর্থ হ'ল- বিপদত পৰা অসহায় মানুহক আক্রমণ কৰা । Contributed by: Prasenjit Khanikar on 2008-02-28
Idiom ফকৰা-যোঁজনা
আপোন-নামা উত্তমা, পিতৃ-নামা মধ্যমা ৷
Self-reliance is the best policy. One, who lives on his/her father's earnings, is considered to have a personality of medium standard.যি স্বনিৰ্ভৰশীল, তেওঁ সৰ্বোত্তম ৷ আনহাতে যি পিতৃৰ আৰ্জনৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে, তেওঁক মজলীয়া ব্যক্তিত্বৰ লোক বুলি ধৰা হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-05
Idiom ফকৰা-যোঁজনা
গছত কঠাল ওঁঠত তেল, নৌ খাওঁতেই ছেল্ বেল্ ।
One should not think too much about future happenings.কেতিয়াবা মানুহে ভৱিষ্যতে ঘটিবলগীয়া কোনো ভাল ঘটনাৰ বাবে প্ৰয়োজনতকৈ অধিক প্রস্তুতি চলায়; কিন্তু সময়ত আশা কৰামতে কামবিলাক নহয় । সেয়েহে ভৱিষ্যতে ঘটিবলগীয়া ঘটনাৰ বাবে অত্যধিক প্রস্তুতি চলোৱাটো উচিত নহয় । Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা
নাঁৱৰীয়া পোৱালীহে নাঁৱত টোকৰ মাৰিলেই গম পাওঁ
To understand one's own profession.নিজৰ বৃত্তিক খুব ভালদৰে বুজি পোৱা৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-11
Phrase খণ্ডবাক্য
পানী খোৱা পুখুৰীত বিহ ঢলা
To cause harm to someone intentionally. (Mostly used in negative sense)ইচ্ছাকৃতভাৱে আনৰ অপকাৰ কৰা ৷ (সাধাৰণতে নেতিবাচক অৰ্থত ব্যৱহাৰ হয় ৷ যেনেঃ কিনো তাৰ পানী খোৱা পুখুৰীত বিহ ঢালিলোঁ যে সি মোক মাত-বোল নকৰা হ’ল ৷) Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-13
Idiom ফকৰা-যোঁজনা
আগতে মাছটি, বগলীটি কণা
Like a heron not spotting a fish lying in front of him, sometimes a man fails to realise and take advantage of the opportunities before him.বগলীয়ে চকুৰ আগতে থকা মাছটোও কেতিয়াবা দেখা নোপোৱাৰ নিচিনাকৈ মানুহে হাততে পোৱা সুযোগটোও মন নকৰে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
নাও উঠোতে বুৰে, নামোতে বুৰে ।
The beginning and the end of any enterprise are more prone to danger.কোনো কামৰ আৰম্ভণি আৰু সামৰণিত সাৱধান নহ’লে বিপদ হোৱা । Contributed by: Anjali Sonowal on 2008-06-25
Idiom ফকৰা-যোঁজনা
ঠাইতে লুটি-বাগৰ মাৰ্ ৷
To become hostile suddenly.হঠাৎ কোনো কথা, প্ৰস্তাৱ, পূৰ্ব-প্ৰতিশ্ৰুতি, সন্ধি আদিক অগ্ৰাহ্য কৰি, তাৰ বিৰোধিতা কৰ্। Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-18
Idiom ফকৰা-যোঁজনা
ৰজা নাইকিয়া খাটত, ধৰি কিলায় বাটত৷
When the reign of a country is vested to an unworthy administrator, anarchism and lack of law & order prevails all around.দুৰ্বল প্ৰশাসকৰ হাতত দেশৰ শাসন ন্যস্ত হ`লে অৰাজক অৱস্থাৰ সৃষ্টি হয় আৰু আইন-শৃঙ্খলা বিঘ্নিত হয়৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-03-07
Idiom ফকৰা-যোঁজনা
ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলি৷
In the royal forum of Indra, the king of the heaven, it is quite unexpected that an ugly owl would raise its strident voice. Similarly, it is not at all expected that a foolish person would raise his voice during a serious discussion among wise men.দেৱৰাজ ইন্দ্ৰৰ সভাত কুৎসিৎ ফেঁচাৰ কুলক্ষণীয়া কুৰুলি যেনেদৰে অবাঞ্ছনীয়, ঠিক তেনেকৈ গুৰু-গম্ভীৰ বিষয়ৰ আলোচনাত অপদাৰ্থ লোকৰ উপস্থিতি আৰু বক্তব্য বাঞ্ছনীয় নহয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-08
Idiom ফকৰা-যোঁজনা
যাৰ খাবৰ-জীৱৰ মন, বহোঁতেও আঁজোৰে বন ৷
Those who wish to succeed in life should never waste a moment.উন্নতি আশা কৰা মানুহে কেতিয়াও সময় নষ্ট নকৰে; বৰঞ্চ সকলো সময়তে নিজকে কামত ব্যস্ত ৰাখে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা
তুমি ডালে ডালে, মই পাতে পাতে
A person who claims that he is more clever than the other who is trying to oversmart him.নিজে আনতকৈ বেচি শিয়ান বুজাবলৈ ব্যৱহাৰ হয় ৷ Contributed by: Barnali Deuri Bora on 2010-10-28