Donate

Please enter word or phrase to be searched and hit 'search' key.


অ (41)আ (58)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (8)ঢ (11)ত (17)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (21)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)
Submit New Proverb, Idiom, Phrase OR Riddle

Proverbs containing the word "ণ"

Idiom ফকৰা-যোঁজনা

সতিনীৰ আছে হৃষ্ট-পুষ্ট এটা, মোৰ আছে ক্ষীণ-মীন পাঁচটা ৷

A co-wife loughs at another co-wife's single child saying 'single but very healthy' and she covers her own guilt even if she has five children saying 'My children are unhealthy and weak may them be five in number'. So, this saying expresses the human character that always has the tendency to exaggerate others guilt or wealth and to show one's own guilt or wealth as very little or negligible.
এক সতিনীৰ সন্তান এটা হ'লেও, আন সতিনীয়ে হৃষ্ট-পুষ্ট বুলি কৈ ইতিকিং বা ইৰ্ষা কৰে আৰু নিজৰ সন্তান পাঁচটা হ'লেও ক্ষীণ-মীন বুলি কৈ নিজৰ দোষ ঢাকিব খোজে ৷ অৰ্থাৎ নিজৰ দোষ ঢাকি আনৰ দোষ বঢ়াই কোৱা স্বভাৱ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-14
Idiom ফকৰা-যোঁজনা

চৰণেহে জানে মৰণৰ ঠাই

Literally, "the legs know the location of death" ... meaning the future is unpredictable.
মানুহৰ আহি থকা দিনবোৰ কেনে হব জানিব পৰা নাযায় ৷ Contributed by: apurba bhuyan on 2009-11-07
Idiom ফকৰা-যোঁজনা

ক্ষণ গণ ৷

To wait desperately or to wait before breathing last.
অধিৰভাবে অপেক্ষা কৰ বা মৃত্যুৰ আগমুহূৰ্তত কাৰোবাৰ কাৰণে অপেক্ষা কৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

সাৱধানীৰ মৰণ নাই

People who take precautions never fall into tricky situations.
আহিব পৰা বিপদৰ কথা চিন্তা কৰি যিজনে আগতীয়াকৈ প্ৰতিকাৰৰ ব্যৱস্থা কৰে তেওঁ কেতিয়াও বিপদত নপৰে ৷ Contributed by: Barnali Deuri Bora on 2010-11-02
Idiom ফকৰা-যোঁজনা

লোণ আনোতে আনোতে পঁইতাই শেষ ৷

To take excessive time to accomplish a work and finishing it when it has no worth.
পঁইতা ভাত সাধাৰণতে লোণ বা নিমখ সানি খোৱা হয় ৷ যদি পঁইতা খাবলৈ বহি কৰোবাক নিমখ আনিবলৈ কোৱা হয় আৰু নিমখ আনোতে ইমান দেৰি লগোৱা হয় যে নিমখ আহি পায় মানে বিনা-নিমখেৰেই ভাত খোৱা শেষ হৈ যায়, তেনেহ`লে দেৰিকৈ অনা নিমখৰ কোনো প্ৰয়োজনেই নেথাকে ৷ সেয়ে এই ফকৰাই প্ৰয়োজনৰ সময়ত হেমাহি কৰি কোনো কাম অযথা দেৰিকৈ কৰা আৰু প্ৰয়োজনত নকৰা কাৰ্য্যক বুজায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-07
Idiom ফকৰা-যোঁজনা

পৰ্বতত কাছ কণী বিচৰা

To expect something which is impossible
এনে আশা কৰা, যি পূৰণ হোৱাটো অসম্ভৱ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Idiom ফকৰা-যোঁজনা

ঋণ কৰি সাঁচে, অলক্ষীয়ে মূৰত নাচে ৷

A loanee should not plan to save.
যি মানুহে ঋণ লৈ সঞ্চয় কৰিব খোজে, তেনে মানুহৰ উন্নতি নহয়; কাৰণ তেনে মানুহ কেতিয়াও আৰ্থিকভাৱে স্বচ্ছল হ‌`ব নোৱাৰে। Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-09
Idiom ফকৰা-যোঁজনা

অধিক মাছত বগলী কণা

When there are lots of options available, it becomes difficult to select one.
বহু বিকল্প থাকিলে, কোনো এটা নিৰ্বাচন কৰাত অসুবিধা হয় Contributed by: Bikram M Baruah on 2008-02-22
Idiom ফকৰা-যোঁজনা

পাখি গজিলেই গুৰি পৰুৱাৰ মৰণ |

When red ants develop their wings, they come out of their cavities and while flying, get killed by birds. Similarly, when people out of over-enthusiasm start doing something beyond their capacity, they invite troubles.
গুৰি পৰুৱাৰ পাখি গজিলে গাঁতৰ পৰা ওলাই উৰি ফুৰে আৰু চৰাই-চিৰিকতিৰ খাদ্য হয় | ঠিক তেনেকৈ মানুহে অত্যুত্‍সাহী হৈ নকৰিবলগীয়া কাম কৰিব খুজিলে বিপদৰ সন্মুখীন হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা

ল যদি ল লোণ-ভাত, নল’লে খালি পাত ৷

1. One should not reject or deny something given to him or her merely due to choice or preference. 2. Beggars have no choice.
ভাতৰ লগত একো আঞ্জা নাই বুলি যদি ভাত ল’বলৈ অনিচ্ছা দেখুওৱা হয়, তেনেহ’লে নিজৰেই পাত খালি হৈ থাকিব আৰু খাবলৈ নেপাই ভোকত থাকিব লগীয়া হ’ব ৷ অৰ্থাৎ মানুহে অপচন্দনীয় বুলি বা তাকৰ বুলি কোনোবাই যাচি দিয়া বস্তুক অবজ্ঞা কৰা উচিত নহয়, তেনে কৰিলে নিজেই ভুক্তভোগী হ’ব লগীয়া হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-16
Phrase খণ্ডবাক্য

অৰণ্য ৰোদন

Crying for help where nobody is nearby to help.
জনবসতিহীন ঠাইত সহায় বিচৰা, অৰ্থাৎ আনৰ সহায় বিচাৰি নিষ্ফল প্ৰয়াস কৰা ৷ Contributed by: Abhijit Hazarika on 2012-01-31
Idiom ফকৰা-যোঁজনা

হৰিণাৰ মাংসই বৈৰী

A deer gets killed for its meat. Similarly, one`s prized possession can be his biggest enemy.
মাংসৰ সোৱাদৰ কাৰণে পহুক মৰা হয় ৷ তেনেদৰে কাৰোবাৰ ৰূপ বা সা-সম্পত্তিয়েই মৃত্যুৰ কাৰণ হ’ব পাৰে ৷ Contributed by: Rupankar Mahanta on 2008-03-13
Idiom ফকৰা-যোঁজনা

তিলক ল’লেই বৈষ্ণৱ নহয় ৷

1) It is not the hood that makes the monk. 2) All are not saints that go to church.
বাহ্যিক সাজ-পাৰে মানুৰ চৰিত্ৰৰ পৰিবৰ্তন কৰিব নোৱাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

বামুণে-শগুণে বিচাৰে মৰা, গণকে বিচাৰে নৰিয়া পৰা ৷

Some people even expects to see others' suffering in order to fulfill his own inetersts.
কিছুমান মানুহে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আনৰ বেয়া হোৱাটোও কামনা কৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা

শাকত নাখাই লোণ, পিটিকাত যায় তিনিগুণ |

One should know how to spend and, more importantly where to spend. English sayings: Penny wise pound foolish
ক’ত কিমান খৰচ কৰিব লাগে তাক জনা উচিত ৷ কৃপণে একেৰাহী শাকত বহুত নিমখ লাগিব বুলি সঞ্চয় কৰিবলৈ পিটিকা বনায় খায় ৷ অথচ এবাটি পিটিকাত একেৰাহী শাকত লগা নিমখতকৈ বেচি দিয়ে ৷ Contributed by: Rupankar Mahanta on 2008-03-18
Idiom ফকৰা-যোঁজনা

আয় কালত ব্যয় নাই, মৰণৰ কালত আহূদি নাই

In time of plenty you had very little means to spend and enjoy. But when you need it most, resources become scarce.
আৰ্জনৰ উপায় থকা সময়ত বিষেশ ব্যয় নহয়, কিন্তু যেতিয়া নাতনি হয়, তেতিয়াহে প্ৰয়োজনো বাঢ়ে৷ Contributed by: Rupankar Mahanta on 2009-12-11
Idiom ফকৰা-যোঁজনা

লোণৰ চোকা খাব পাৰি, মাতৰ চোকা খাব নোৱাৰি ৷

One can tolerate excess of salt in the diet, but none can tolerate harsh words of others.
খোৱা বস্তুত নিমখৰ পৰিমাণ বেছি হ’লেও সহিব পাৰি, কিন্তু আনৰ টান কথা কোনেও সহ্য কৰিব নোৱাৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা

শুনা কথালৈ নিদিবা কাণ, দেখিলেও ল’বা তিনিটা প্ৰমাণ |

One should not trust rumours. Even if something is seen by ownself, it should be examined properly so that there is no scope for misinterpretation.
কাণ বাগৰি অহা কথা অৰ্থাত্‍ গুজৱক কেতিয়াও গুৰুত্ব দিব নালাগে | নিজে দেখা কথাটোও আনকি ভালকৈ গমি-পিতি চাইহে বিশ্বাস কৰিব লাগে, কাৰণ বহু সময়ত ভুল বুজাৰ অৱকাশ থাকে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা

দানবীৰ কৰ্ণ হ

To be a great donor like Karn, a hero of Mahabharata mythology (normally used to ridicule).
মহাভাৰতৰ কৰ্ণৰ দৰে যি অযাচিতে দান কৰিব পাৰে, তেনে চৰিত্ৰৰ হ (ব্যাঙ্গাত্মক ভাবত ব্যৱহাৰ হয়) ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা

আলহীয়ে বিচাৰে শাকত লোণ ধান কিনাই বিচাৰে ডাঙৰ দোন

Salt was very expensive in earlier days still guests loved when their curry was preapared with salt and a paddy- buyer wants larger vessels for storing them , which mean every one wants their own objectives to be fulfilled.
আগৰ কালত লোণ বৰ মহঙা হোৱা বাবে সাধাৰণ ৰাইজে লোণৰ সলনি খাৰহে ব্যৱহাৰ কৰিছিল আৰু আলহী বা অঙহী-বঙহী আহিলেহে লোণেৰে ভাতসাজ খাইছিল ৷ আটকীয়া বুলি জানিও আলহীয়ে লোণকণ হলেহে ভাল পায় আৰু ধান কিনোতাই থবলৈ ডাঙৰ দোন বিচাৰে ৷ অৰ্থাৎ সকলোৱে নিজৰ স্বাৰ্থকহে প্ৰাধান্য দিয়ে ৷ Contributed by: Barnali Deuri Bora on 2010-11-23
Idiom ফকৰা-যোঁজনা

চিনাকি বামুণক লগুণ কেলৈ ৷

A person who has established himself in his profession does not require any identification.
কাৰোবাক যদি তেওঁৰ কামৰ বা পেছাৰ বাবে সমাজে জানে, তেনেহলে তেওঁক কোনো পৰিচয়ৰ প্ৰয়োজন নাই ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা

সোণত সুৱগা চৰা

It implies to two things that are most complementary to each other.
সোণ বৰ কঠিন ধাতু আৰু ইয়াক সুৱগাৰ লগত মিহলি কৰিলেহে গঢ় দিবলৈ সুবিধা হয় ৷ কোনো এটা বস্তু আন কোনো বস্তুৰ লগত সৰ্ম্পূণকৈ মিলি পৰা -অৰ্থত এই পটন্তৰটি ব্যৱহাৰ হয় ৷ Contributed by: Barnali Deuri Bora on 2010-10-27
Idiom ফকৰা-যোঁজনা

গছত গৰু উঠা আৰু হোলোঙাৰে কাণ খজুৱা কথা

useless absurd ideas
নাভূত নাশ্রুত/অবান্তৰ কথা Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা

কাণৰ কণামাকৰি সৰোৱা

to make someone annoyed by repeatedly telling the same thing
বাৰে-বাৰে একেটা কথাকে কৈ অতিষ্ঠ কৰি তোলা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-09-13
Idiom ফকৰা-যোঁজনা

জাঁপ মাৰি দেইছিলো ঢাপলিকা পৰ্বত, টিলিকত মাৰিছিলো বগ; খেদা মাৰি ধৰিছিলো মতা হৰিণা, এতিয়া নাপাওঁ মতা হাঁহৰ লগ ৷

A person who exaggerates much about himself
এটা সময়ত অসাধ্য সাধন কৰিছিলো, কিন্ত এতিয়াহে নোৱাৰোঁ ৷ নিজৰ বিষয়ে বৰকৈ মিছাতে বঢ়াই কোৱা লোক ৷ Contributed by: Barnali Deuri Bora on 2010-11-15
Idiom ফকৰা-যোঁজনা

সাত বিহুৰ সৈয়া কণী

one surviving even after facing a lot of trouble and distress
বহুবাৰ কণী-যুঁজত যুঁজোৱাৰ পাছতো নভগাকৈ থকা কণী, অৰ্থাৎ প্ৰচুৰ দুখ-কষ্টৰ সন্মুখীন হৈও ভাগি নপৰা লোক Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-02
Idiom ফকৰা-যোঁজনা

ঘৰ শত্ৰু বিভীষণ ৷

Fifth columnist.
বিভীষণে নিজৰ ভাতৃ ৰাৱণৰ বিৰুদ্ধাচৰণ কৰি ৰামক সহায় কৰিছিল, একেদৰে আপোন মানুহে শত্ৰুতামূলক কাম কৰা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা

মাতিলে ৰণলৈকো যাবা, নামাতিলে ভোজলৈকো নাযাবা ৷

If you are invited, then do not dither to go even to a war. You will be able to do so with your head high. But if you are not invited yet you could not stop from attending a feast, you will be seen as a person without any self-respect, like a beggar.
আমন্ত্ৰণ জনালে ৰণলৈও যাবলৈ সংকোচ কৰিব নালাগে, কিয়নো এনে কৰিলে সন্মান পোৱা যায়৷ কিন্তু নামাতিলে ভোজ-ভাত খাবলৈও যাব নালাগে, কিয়নো এনে কৰিলে আত্ম-সন্মান হানি হ’ব পাৰে৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা

গৰুৰ আগত টোকাৰী বায় / বীণ বজায়, শিং জোকাৰি ঘাঁহ খায় |

A cow cannot appreciate music. Therefore, even if you play an instrument in front of a cow, it will not stop feeding to listen to the music. Therefore it suggests that there is a proper place/audience for certain acts and these acts should be performed in these places in order to be appreciated.
গৰুৰ আগত টোকাৰী বজালেও যিদৰে সঙ্গীতৰ মোল একো বুজিব নোৱাৰি শিং জোকাৰি ঘাঁহ খোৱাতহে মগ্ন হয়, সেইদৰেই অজ্ঞানী লোকক যিমানেই ভাল কথা কোৱা নহওক কিয় তাক উলাই কৰি নিজৰ ইচ্ছামতে কাম কৰিয়েই যায় | এই ফকৰা ফাকি \'অবুজনক বু্জোৱা আৰু ঢেৰুৱা ঠাৰি সিজোৱা\' ফকৰা ফাকিৰ সমাৰ্থক | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-29
Idiom ফকৰা-যোঁজনা

ৰৌ-বৰালিলৈ আশা কৰি পুঠি-খলিহণাও নোপোৱা ৷

To be over ambitious and the act of overlooking the small opportunities in the expectation of bigger opportunities and thus ending up with no achievement at last.
মাছ মাৰিবলৈ গৈ, ৰৌ-বৰালিৰ দৰে ডাঙৰ মাছ জালত উঠিলেহে ধৰিম বুলি, সহজতে জালত উঠা পুঠি-খলিহণাৰ দৰে সৰু মাছবোৰ এৰি দিলে অৱশেষত কোনো মাছেই পোৱা নেযাব পাৰে ৷ একেদৰে ডাঙৰ সুবিধা-সুযোগ, লাভ, মুনাফা আদি পোৱাৰ আশা কৰি অনায়াসে হাতলৈ অহা সৰু-সুৰা সুযোগ-সুবিধাবোৰ গ্ৰহণ নকৰিলে পিছলৈ পস্তাব লগা অৱস্থা হয়৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-10-18
Idiom ফকৰা-যোঁজনা

বামুণে চিন্তে ভালক, বহুৱাই চিন্তে কালক |

To ignore or refuse to accept help or support from others.
আনৰ পৰা উপকাৰ বা সহায় ল’বলৈ অথবা আনৰ সজ পৰামৰ্শ গ্ৰহণ কৰিবলৈ অস্বীকাৰ বা উপেক্ষা কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-09
Idiom ফকৰা-যোঁজনা

চোৰ গলে বুদ্ধি বৰষুণ গলে জাপি

It is fruitless, even if someone makes hard effort or tries to shows cleverly attitude after passing over of any danger or accident . He should do it on proper time
এটা বিপদ বা অঘটন হৈ যোৱাৰ পিছত তাক প্ৰতিহত কৰাৰ বাবে লোৱা যিকোনো প্রচেষ্টা অৰ্থহীন হৈ পৰে। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা

তিনিশ ষাঠি জোপা ৰুবা কল, মাহেকে পষেকে চিকুণাবা তল; পাত, পচলা লাভত খাবা, লঙ্কাৰ বণিজ ঘৰতে পাবা ৷ আঠিয়াত গোবৰ, মনোহৰত জাবৰ; পুৰাত ছাই, মালভোগত খাই ৷

This proverbial saying depicts the benefit of banana cultivation and the care needed for it. If a cultivator plants 360 numbers of banana plants in his garden, in addition to making a good business out of it, he can also use its byproducts profitably.
এই ডাকৰ বচনটোত কল খেতিৰ উপকাৰিতা আৰু ল’বলগীয়া যতনৰ কথা কোৱা হৈছে ৷ তিনিশ ষাঠি জোপা কল ৰোৱা খেতিয়কে আন বেপাৰ-বাণিজ্য নকৰাকৈ সম্পত্তিশালী হোৱাৰ উপৰি কলৰ পাত-পচলা আদি ব্যৱহাৰ কৰিও লাভান্বিত হ’ব পাৰে ৷ আঠিয়া কলৰ খেতিত গোবৰ, মনোহৰ কলত জাবৰ, পুৰা কলত ফুট-ছাই আৰু মালভোগত খলিহৈ প্ৰয়োগ কৰিলে ভাল ফল পোৱা যায় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-09
Idiom ফকৰা-যোঁজনা

কাণ টানিলে মূৰ অহাৰ ভয়

While pulling by the ear, one`s head also gets pulled. It means- while attempting to gossip on the affairs of someone, there is a chance of revelation of some bigger truth.
কাণখনত টান মাৰিলে মূৰটোও টান খায়৷ অৰ্থাৎ কাৰোবাৰ সৰু কথা বা দোষ এটা খুচৰিবলৈ চেষ্টা কৰোঁতে কেতিয়াবা কোনো ডাঙৰ তথ্য ফাদিল হোৱাৰ ভয় থাকে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-05-18
Idiom ফকৰা-যোঁজনা

অজ্ঞানীক জ্ঞান দি মনত পালোঁ কষ্ট, কণীবোৰ ভঙাই পেলাই বাহো কৰিলোঁ নষ্ট |

The monkey is considered as a very stupid animal. Some birds advised the monkeys to build their home showing their own nests. But the monkeys thought that they were just insulted by the birds by giving this advice and so they broke their eggs and destroyed the nests. Through this proverb, it is said that one should not try to advise a fool, as he may take it otherwise and can cause harm in turn.
বান্দৰ অতি মূৰ্খ প্ৰাণী | বৰষুণত তিতি-বুৰি জুপুৰি দিয়া বান্দৰবোৰক টোকোৰা চৰাইবিলাকে নিজৰ উদাহৰণ দেখুৱাই বাহ সাজিবলৈ উপদেশ দিছিল | কিন্তু মূৰ্খ বান্দৰবোৰে উপহাস কৰা বুলি ভাবি টোকোৰাৰ কণীবোৰো নষ্ট কৰিলে আৰু বাহবোৰো ভাঙিলে | ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে মূৰ্খবোৰক সজ উপদেশ দিবলৈ যাওঁতে কেতিয়াবা সিহঁতে ভুল বুজি উপদেশকাৰীৰহে অনিষ্ট সাধন কৰে | গতিকে মূৰ্খক উপদেশ দিয়াটো অৰ্থহীন | Contributed by: Biraj Kumar Kakati on 2008-03-28
Idiom ফকৰা-যোঁজনা

মূৰত থ’লে ওকণিয়ে খায়, মাটিত থ’লে পিপৰাই খায়

It refers to the condition of a person when he gets something what he was longing for or meets someone very dear to his heart and soul.
মনে বিছৰা অতি হেঁপাহৰ কোনো বস্তু পালে বা বহুদিনৰ মূৰত নিজৰ আপোনজনক ওচৰত পালে উদ্ভৱ হোৱা কি কৰোঁ কি নকৰোঁ অৱস্থা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-15
Idiom ফকৰা-যোঁজনা

দুদিনৰ কাৰণে তোৰ বেহা, কিহলৈ ইমান তিতা-কেহা ?

Human life has limited span, but people used to forget it and in the process of living a luxurious life they spend whole life with unnecessary tensions, quarrels with fellowmen and consequently live a miserable life with unlimited sufferings.
মানুহৰ জীৱন সীমিত দিনৰ বাবে অৱধাৰিত যদিও এই কথা পাহৰি গৈ মানুহ লোভ-লালসা আৰু ভোগ-বিলাসত মত্ত হৈ দৈনন্দিন জীৱনত দন্দ-খৰিয়াল বঢ়াই লয়, আৰু জীৱনটো অবাঞ্চিত যন্ত্ৰণা, শংকা, মানসিক অশান্তি আদিৰে কটাই দিয়ে ৷ এই চিৰসত্য কথাটিৰ উমান দিবলৈ এই ফকৰাৰ ব্যৱহাৰ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-05
Idiom ফকৰা-যোঁজনা

ফিৰিঙতিৰ পৰাই খাণ্ডব দাহ হয় ৷

A big forest can burn and turn into ashes even from an ember. Similarly, as a consequence of one small mistake, one may suffer from a big problem.
এটা মাত্ৰ জুইৰ স্ফুলিঙ্গৰ পৰাই খাণ্ডবৰ দৰে এখন বৃহৎ অৰণ্য পুৰি চাৰখাৰ হৈ যাব পাৰে ৷ ঠিক সেইদৰে মানুহে কৰা একোটা সাধাৰণ ভুলে ডাঙৰ বিপদ মাতি আনিব পাৰে ৷ এতেকে কোনো কথাকে গুৰুত্বহীন বুলি হেয় জ্ঞান কৰিব নালাগে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-27
Phrase খণ্ডবাক্য

কাণ সৰালি মাৰ্

to pretend not to hear
নুশুনা ভাও জোৰ্ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-04
Idiom ফকৰা-যোঁজনা

পাপক ঘিণাবা, পাপীক নিঘিনাবা ৷

One should rather hate the sin, not the sinner.
পাপ বা অসত্‍ কৰ্মক ঘিণ কৰি তাৰ পৰা আঁতৰি থকা উচিত; কিন্তু অসত্‍ কাম কৰোঁতাজনক ঘিণ কৰা অনুচিত | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা

মাউখে উটিলে গুড়ি পৰুৱাৰো মৰণ নাই

If people are united, they can evade any danger.
একতা থাকিলে কোনো জনসমূহ বিপদত নপৰে| Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-02-09
Idiom ফকৰা-যোঁজনা

ঐৰাৱতো নিমাখিত হয় কাণত সোমোৱা পৰুৱাৰ ওচৰত ৷

Ant is a very small insect and its existence is negligible in front of an elephant. However, if an ant enters the ear of an elephant, this small creature makes the elephant to feel its existence giving much trouble to it. Thus, a small creature, if neglected, may pause much bigger problem.
ঐৰাৱত বা হাতীৰ সমুখত পৰুৱা আকাৰত তেনেই নগণ্য প্ৰাণী, কিন্তু হাতীৰ কাণৰ ভিতৰত সোমালে সেই পৰুৱায়ো হাতীক অতিকৈ কষ্ট দিব পাৰে ৷ সেয়ে এই ফকৰাৰ সন্নিৱিষ্ট অৰ্থ হ`ল যে অসতৰ্ক হ`লে কোনো তুচ্ছ বস্তু বা প্ৰাণীয়েও মানুহক মহাবিপদত পেলাব পাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-24
Idiom ফকৰা-যোঁজনা

বাল ছিঙোতে মহা মৰিল, মই বোলো মহা ৰণত হে পৰিল ৷

Exaggerating a small matter out of proportion.
সৰু কথা এটাকে সজাই পৰাই বহুত ডাঙৰ কৰা ৷ Contributed by: Barnali Deuri Bora on 2010-11-19
Idiom ফকৰা-যোঁজনা

ভঁৰালত নাই কণটো, বৰসবাহলৈ মনটো

Aspiring something big with limited resources.
সীমিত সম্পদৰ গৰাকী হোৱা সত্ত্বেও মনত ডাঙৰ আকাংক্ষা পুহি ৰখা Contributed by: shekhar borah on 2009-01-14
Idiom ফকৰা-যোঁজনা

মৰণ কালত ঔষধ নাই৷

No medicine is effective at the time of death.
জন্ম মৃত্যু আৰু বিবাহ বিধিৰ লিখন বুলি কোৱা হয়৷ গতিকে মৃত্যুৰ সময়ত কোনো দৰবেই কাম নিদিয়ে৷ Contributed by: Sitaram Upadhyaya on 2014-12-20
Idiom ফকৰা-যোঁজনা

ধানটোৱে প্ৰতি কণটো, মানুহটোৱে প্ৰতি মনটো।

Many men many minds.
প্ৰতিটো ধানৰ ভিতৰত একোটাকৈ কণ থকাৰ দৰে প্ৰতিজন মানুহৰ নিজস্ব মন একোটা থাকে। অৰ্থাৎ এজনৰ ভাৱধাৰা আন এজনৰ লগত নিমিলিবও পাৰে । Contributed by: Anjali Sonowal on 2008-07-22
Idiom ফকৰা-যোঁজনা

ধানটোৱে প্রতি কণটো, মানুহটোৱে প্রতি মনটো |

Every person has his own mindset .
প্ৰত্যেক ব্যক্তিৰে চিন্তাধাৰা বেলেগ বেলেগ হয় |মানুহ মাত্রেই সকলোৰে ভাৱ, আৱেগ-অনুভূতি, সুখ-দুখৰ সংজ্ঞা ভিন্ন হোৱাটো স্বাভাৱিক | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা

ঋষিৰ শাপত প্ৰাণ যায়, তেও বপুৰাৰ ভেম নেযায় ৷

If someone suffers due to his own misdeeds, but still does not reform himself and continues to do the same again and again, this phrase is said on him.
কোনো ব্যক্তিয়ে যদি নিজ কুকৰ্মৰ ফলত কষ্ট-যাতনা ভুগিবলগীয়া হোৱাৰ পাছতো নিজক শুদ্ধ নকৰি মিছা ভেম দেখুৱায় আৰু আগৰ দৰেই চলে, তেনেস্থলত এইদৰে কোৱা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-30
Idiom ফকৰা-যোঁজনা

খাই কাৰ্শলা ডালত উঠিল | কাঠী চেলেকাৰ মৰণ মিলিল ||

Sometimes, criminals commits crime and escape without getting punishment. But the common and innocent people are harassed in the name of enquiry.
কাৰ্শলা এবিধ তীব্ৰবেগী বিষাক্ত সাপ; ই গছ-পাতৰ ওপৰৰে সহজে বগাই ফুৰিব পাৰে| কাঠি চেলেকাৰ অৰ্থ হৈছে সাধাৰণ হোজা আৰু নিৰ্দোষী মানুহ| অৰ্থাৎ দাগী অপৰাধী সাৰি যায় অথচ নিৰপৰাধী ব্যক্তিয়ে হাৰাশাস্তি খাৱ লগা হয়| Contributed by: Biraj Kumar Kakati on 2008-03-01
Idiom ফকৰা-যোঁজনা

লঙ্কালৈ গ’লে আটায়ে ৰাৱণ হয় |

Power can make a man turn into devil. A good man can also do evil when he gets power.
ক্ষমতাই মানুহক অমানুহ কৰি তোলে | ভাল মানুহ এজনো ক্ষমতা পালে ৰাৱণৰ দৰে পাপীলৈ পৰিবৰ্তন হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা

গুণীয়েহে গুণীৰ মোল বুজে ৷

A scholar can only understand the importance of scholastic qualities and hence shows respect to another scholar.
গুণী লোকৰ গুণৰ মোল বুজিবলৈ জ্ঞানৰ আৱশ্যক | সেয়েহে জ্ঞানীজনেহে গুণীৰ গুণৰ মূল্য দিয়ে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা

টোপনিৰ চিকুণ পুৱা, মুখৰ চিকুণ গুৱা |

The pleasure of sleeping is at its peak at the dawn and there cannot be anything comparable to chewing betel nut for refreshing the mouth.
দোকমোকালি সময়ত অহা টোপনিৰ আমেজেই বেলেগ আৰু অসমীয়া সমাজত তামো-চালিৰ দৰে মুখৰোচক বা মুখ-শুদ্ধি বেলেগ হ’ব নোৱাৰে | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-09
Idiom ফকৰা-যোঁজনা

কুকুৰ স্বৰ্গলৈও যাব পাৰে, পিচে বাটতে জ্ঞাতিয়ে পায় কাৰণেহে ..

One can do great things only if he is able to get rid of bad company and vices.
অসত্‍ সঙ্গ বা বদ্‌ অভ্যাস ত্যাগ কৰিব পাৰিলেহে মানুহে মহত্‍ কাম কৰিব পাৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-19
Idiom ফকৰা-যোঁজনা

যাৰ লোণ খোৱা তাৰ গুণ গোৱা ৷

Never fall out with your bread and butter.
মানুহে যাৰ দ্বাৰা জীৱিকা অৰ্জন কৰে তাৰ বিৰুদ্ধাচৰণ কেতিয়াও কৰা উচিত নহয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

শাকে শোকোতাই ভক্ষণ, সু পুৰুষৰ লক্ষণ

A well balanced diet is very much essential for a healthy body.
শোকোতা তিতা বাবে বা শাক-পাচলি বহুতৰ প্ৰথম পচন্দৰ খাদ্য নহয় ৷ কিন্ত সন্তুলিত আহাৰহে সুস্বাস্থ্যৰ জনক ৷ Contributed by: Barnali Deuri Bora on 2010-10-13
Idiom ফকৰা-যোঁজনা

তোমাৰ ঘৰৰে বাঁহ-গাঁজ আনি তাৰে কৰিলোঁ খৰিছা; তোমাতে বেচি ধান দোণ লৈছোঁ কথাটো মন কৰিছা?

Deceiving somebody by selling stuff owned by himself.
কাৰোবাৰ পৰা অনা বস্তু পুনৰ গৰাকীকে বেচি ঠগী খোৱা স্বভাৱ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা

হাতত নাই কণটো, বৰসবাহলৈ মনটো |

Aiming high without sufficient resources.
হাতত ফুটাকড়ি এটাও নোহোৱাকে বৰ বৰ কামলৈ মন মেলা স্বভাৱ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা

বেৰৰো কাণ আছে ৷

It is difficult to maintain secrecy of a confidential matter. It easily becomes public when it leaks.
গুপুত কথা এটা বেচি সময় গোপনীয় কৰি ৰাখিব নোৱাৰি | মানুহৰ কাণ বাগৰি ই সহজে ৰাষ্ট্ৰ হৈ যায় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা

অতি ভক্তি চোৰৰ লক্ষণ

Too much indulgement in something, than what is necessary, is a cause of concern
কোনোবাই যদি কিবা এটা কাম বা বস্তৰ পিছত প্ৰয়োজনতকৈ অধিক লাগি থাকে, তেনেহলে তাক সন্দেহৰ চকুৰে চোৱা উচিত ৷ Contributed by: Rupankar Mahanta on 2008-03-19
Idiom ফকৰা-যোঁজনা

ওৰণিৰ তলতেই জাৰজৰ জন্ম হয় ৷

Too much politeness is a cause of concern.
অসৎ তিৰোতাই অস্বাভাবিকভাবে দীঘল ওৰণি লৈ সমাজক সতীত্বৰ চানেকি দি পৰপুৰুষৰ লগত অবৈধ সম্পৰ্ক স্থাপন কৰে আৰু জাৰজ সন্তান জন্ম দিয়ে ৷ অৰ্থাৎ অতি ভক্তি চোৰৰ লক্ষণ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-12-16
Idiom ফকৰা-যোঁজনা

ইননি-বিননি কাণত পৰে, হুটা কথা খালত পৰে ৷

A polite request pays of, but an impolite word is hardly paid any attention to.
ভাল মাতেৰে বা বিনম্ৰতাৰে অনুৰোধ কৰিলে মানুহ সহজে পতিয়ন যায়, একেটা কথা হুটা বা কৰ্কশ মাতেৰে ক'লে বিপৰীত ফলহে পোৱা যায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-17
Idiom ফকৰা-যোঁজনা

ৰৌ-বৰালি সাৰি গ’ল, পুঠি-খলিহণা জালত পৰিল ৷

One who is the real culprit gets scot-free due to his influence or power, but an ordinary man although indirectly associated similar crime get severe punishment.
প্ৰকৃত অপৰাধী প্ৰভাৱশালী হোৱা বাবে শাস্তি নোপোৱাকৈ সাৰি যায়, অথচ তেনে অপৰাধৰ সৈতে পৰোক্ষভাৱে জড়িত থকা সাধাৰণ ব্যক্তি সহজে ধৰা পৰে আৰু শাস্তি পায় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-17
Idiom ফকৰা-যোঁজনা

ফটা হওক, চিটা হওক, পাটৰ টঙালি; কণা হওক, কুঁজা হওক, ভূঞাৰ পোৱালি |

Silk cloths are considered valuable even when torn and a person of Bhuyan family commands respect even if he is blind or has an arched back. It means that social recognition of a person often depends on his family background.
ফটা-চিটা হ’লেও পাটৰ টঙালিৰ আদৰ আছে, ঠিক তেনেকৈ কণা-কুঁজা হ’লেও ভূঞা বংশজাত লোকৰ সামাজিক মৰ্যাদা আছে | অৰ্থাত্‍ মানুহৰ সামাজিক প্ৰতিপত্তি বহুক্ষেত্ৰত বংশ পৰিচয়ৰ ওপৰতো নিৰ্ভৰ কৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা

ঊণ সূতাৰ মেৰপাক ভঙা ৷

To knowingly create a problem by oneself and then struggle to find the solution.
ঊণ সূতাৰে চুৱেটাৰ আদি গোঁথাৰ সময়ত সতৰ্ক নহ\'লে সহজে বেৰি লাগে আৰু বেৰি বা মেৰপাক ভাঙিবলৈ অশেষ কষ্ট কৰিবলগীয়া হয় ৷ সেয়ে এই খণ্ডবাক্যই নিজে নিজৰ সমস্যা বঢ়াই লৈ, পাছত তাৰ সমাধান বিছাৰি হাবাথুৰি খোৱা বুজায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-06
Idiom ফকৰা-যোঁজনা

খং নামে চণ্ডাল ৷

Anger is evil.
খঙত মানুহে বহু অমানৱিক কাম কৰিব পাৰে, সেয়ে খং উঠা মানুহক চণ্ডালৰ (শ্মশানত থকা মৃতকক জ্বলোৱা ব্যক্তি) লগত ৰিজোৱা হৈছে৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা

হাবুঙত বোলে লোণৰ সস্তা, দেহাৰ বা কি অৱস্থা!

One cannot hanker after savings through buying desired items only for the sake of its cheap availability. do not depend on uncertain situation.
কোনো এখন ঠাইত (হাবুং) বিশেষ বস্তু(লোণ) সস্তাত পোৱা যাব পাৰে, কিন্তু তাৰ বাবে দৈহিক আৰু আৰ্থিক সামৰ্থ, মানসিক স্থিতি থকাৰ লগতে পৰ্যাপ্ত সময় হাতত থাকিলেহে সেই ঠাইলৈ গৈ সেই বিশেষ বস্তুটো কিনি অৰ্থ বচাব পাৰি ৷ অৰ্থাৎ সস্তাত পালেই মানুুহে যিকোনো বস্তু যিকোনো সময়ত কিননিব নোৱাৰে । অজান(হাবুং) ঠাইলৈ গ\\\'লে বজাৰ কৰিম বুলি যাব নালাগে, কাৰণ সেই ঠাইৰ নিয়ম-নীতি আমি নাজানো, অনিশ্চত কথাবোৰ(দেহাৰ বা কি অৱস্থা) আছেই৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-15
Idiom ফকৰা-যোঁজনা

এনেও কাণী তেনেও কাণী, ভালকৈ দিওঁ শাকত পানী

Everyone gets a chance of taking revenge.
যিহেতু সদায় কাণী কাণী বুলি হাঁহি থাক, সেই বদনামৰ দোহাই দিয়ে শাকত সৰহকৈ পানী দি তহঁতক পনীয়া শাক খাবলৈ বাধ্য কৰি আজি পোটক তোলোঁ৷ Contributed by: durlav gogoi on 2012-04-04
Idiom ফকৰা-যোঁজনা

ছাতি ধৰিবা সিফালে, বৰষুণ আহে যিফালে ৷

One has to adapt himself with the changing environment, society, rules-regulations, etc. and try to fit into the new environment.
যিফালৰ পৰা বৰষুণ আহে সেইফালেই ছাতি ধৰিব লাগে, নহ\'লে অযথা বৰষুণৰ পানীত তিতি কষ্ট খাব লগা হয় ৷ অৰ্থাৎ যুগ পৰিবৰ্তনৰ লগে লগে মানুহে নিজক পৰিবৰ্তন কৰি লব লাগে, অৰ্থাৎ সময়, পৰিস্থিতি, স্থান, সমাজ আদিৰ আনুষংগিক নিয়ম-নীতিৰ লগত সংগতি ৰাখি চলিব লাগে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-06
Idiom ফকৰা-যোঁজনা

ক্ষণজন্মা পুৰুষ বা নাৰী

A person of virtue who brings glory for the nation or society and takes birth once in a hundreds of year.
যি অতিকৈ গুণবান ব্যক্তি কোনো এক সমাজত বা জাতিত কদাচিতহে (বহু সময়ৰ ব্যৱধানত) জন্ম গ্ৰহণ কৰে আৰু সমাজৰ বা জাতিৰ কাৰণে সুনাম অৰ্জন কৰে তথা জাতিৰ গৌৰৱৰ কাৰক হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

শগুণৰ শাৱত বুঢ়া গৰু নমৰে

An event do not happen just by wishing it.
কিবা এটা ভাবিলেই বা ইচ্ছা কৰিলেই হৈ নাযায় Contributed by: Rupankar Mahanta on 2008-03-19
Idiom ফকৰা-যোঁজনা

অভাগীৰ কপাল, হাঁহ কণীতো কুহূম নোলাল ৷

A situation of extreme bad luck where even the most usual things may also tend to be not happening, e.g. yoke is missing on the egg served to you.
হতভগীয়া জনক দুৰ্ভাগ্যই লগ নেৰে ৷ সদায় ঘটি থকা সাধাৰণ ঘটনাও তেওঁৰ বাবে নঘটা হয় ৷ উদাহৰণ স্বৰূপে, তেওঁক দিয়া কণীটোৰ পৰাও কুহূমটো নোহোৱা হয় ৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা

নাই মোমাইতকৈ কণা মোমায়েই ভাল ।

One should be satisfied for something, even if it is not as good, much, etc. as he really wanted. English sayings: - Something is better than nothing. - Half a loaf is better than no bread.
কেতিয়াবা ভাল গুণৰ বা ভাল পৰিমাণৰ বস্তু নাপালেও যি অলপ পোৱা হয় সেইখিনিতে সন্তুষ্ট থাকিব লাগে । Contributed by: Prasenjit Khanikar on 2008-02-25
Idiom ফকৰা-যোঁজনা

কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ; মাকৰ ঘৰত জীয়েক বাঢ়ে, পথাৰত বাঢ়ে ধান ৷

Stories are expanded when they traverse from person to person; cleaning ears can increase one`s listening power; while visiting mother`s home a married woman can enjoy full liberty, and the paddy grows luxuriantly in the cultivated field.
মানুহৰ মুখ বাগৰি কথা বাঢ়ি গৈ থাকে; খৰকিয়াই কাণ চাফ কৰিলে শ্ৰৱণ শক্তি বাঢ়ে; মাকৰ ঘৰলৈ আহিলে বিবাহিত ছোৱালীয়ে মুক্ত মনেৰে থাকিব পাৰে, আৰু পথাৰত লহপহকৈ ধানখেতি বাঢ়ি আহে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-24
Idiom ফকৰা-যোঁজনা

যাচি দিয়া সোণৰো মূল্য নাই ৷

Something offered without asking has no value, even if it is gold.
কোনোবাই নোখোজাকৈ উপহাৰ দিয়া কোনো বস্তুৰে মূল্য নাই; তাক পাওঁতাজনে অনাদৰ কৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-02-06
Idiom ফকৰা-যোঁজনা

ঘৰে প্ৰতি ঘৈণী খালে প্ৰতি যখিনী৷

Presence at everywhere.
সকলোতে সূলভ হোৱা৷ Contributed by: Sitaram Upadhyaya on 2014-12-23
Idiom ফকৰা-যোঁজনা

পঢ়ায়, পঢ়ে, ৰোৱে পাণ; এই তিনিয়ে নিচিন্তে আন ৷

While teaching, reading or planting a beetal leaf creeper, one should concentrate only in his own work without thinking anything else.
আনক পঢ়াওঁতে, নিজে পঢ়োঁতে আৰু বাৰীত পাণ ৰোওঁতে অন্য চিন্তা নকৰি কেৱল নিজৰ কামত মনোযোগ দিয়া উচিত ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-31
Idiom ফকৰা-যোঁজনা

কোৰে কাটি গ্ৰহণী, চপাই লৱ জহনী।

By doing unnecessary work one invites danger
অপ্ৰয়োজনীয় কাম কৰি নিজৰ বিপদ নিজে মাতি অনা Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-20
Idiom ফকৰা-যোঁজনা

এশ গৰু মাৰিলে বাঘৰো মৰণ

If one does harm to a large number of people, one also gets hurt.
বহুলোকৰ অনিষ্ট কৰিলে, নিজৰো অনিষ্ট হোৱাৰ সম্ভাৱনা থাকে ৷ Contributed by: Bikram M Baruah on 2008-02-16
Idiom ফকৰা-যোঁজনা

দুই ম’হৰ যুজত বিৰিণাৰ মৰণ

\"When two buffaloes fight, the grass dies.\" Innocent common people have to face trouble due to the conflict between/among big people.
বেলেগৰ ঝামেলাৰ মাজত নিৰীহৰ হাৰাশাস্তি হোৱা । Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা

কণী পাৰে হাঁহে, খায় ভকত ডাঁহে৷

one part of the society do great labour, but the cunning part of the society enjoy the profit of their labour. the bad side of our classified society is disclosed in the Fakara.
কষ্ট কৰে কোনোবাই, তাৰ ফল ভোগ কৰে কোনোবাই৷ আমাৰ শ্ৰেণী সমাজত থকা শোষিত আৰু শোষকৰ চৰিত্ৰ উদঙাই দিয়া হৈছে৷ Contributed by: durlav gogoi on 2012-04-01
Idiom ফকৰা-যোঁজনা

ধান পকে মানে টুনিৰ মৰণ

One cannot wait indefinitely expecting some aspirations to be fulfilled in future.
কোনো কাম ভৱিষ্যতে সিদ্ধি হোৱাৰ আশাত ৰৈ থাকিলে বিপদত পৰাৰহে সম্ভাৱনা থাকে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-19
Idiom ফকৰা-যোঁজনা

কটা যোৱা নাক, খাৰণি দি ঢাক

Bringing disgrace to oneself by one's bad work and being humiliated for this.
দুষ্ট কৰ্মৰ বাবে অপমানিত হৈ আনৰ ভৰ্ৎসনাৰ পাত্ৰ হোৱা Contributed by: Barnali Deuri Bora on 2010-10-11
Idiom ফকৰা-যোঁজনা

ৰণত পৰি ক’লীয়া হ’লো, তেল নাইকিয়া ফপৰা হ’লো ৷

This idiom is used to express the deplorable plight of someone while struggling to overcome various problems in life.
জীৱনৰ ঘাত-প্ৰতিঘাত অতিক্ৰম কৰোঁতে হোৱা নিজৰ শাৰীৰিক দুৰ্দশা বুজাবলৈ এই পটন্তৰটি ব্যৱহাৰ কৰা হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-31
Idiom ফকৰা-যোঁজনা

কালৰো কাল বিপৰীত (বা বিষম) কাল, হৰিণাই চেলেকে বাঘৰ গাল |

Tiger and deer have prey predator relationship. Its almost rare to see a deer to leak the face of a tiger. With this proverb it has been tried to explain the commence of some totally unbelievable events.
বাঘ আৰু হৰিণ একেলগে থকাৰ দৰে নাভুত নাশ্রূত অসম্ভৱ ঘটনা ঘটা | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-14
Idiom ফকৰা-যোঁজনা

বিধাতাৰ লিখন নেযায় খণ্ডন ৷

Inevitable are the decrees of God.
ঈশ্বৰে যাৰ কপালত যি লিখে সেইয়া কেতিয়াও সলনি কৰিব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

বৰকৈ গজা মেঘে বৰষুণ নিদিয়ে

Empty vessel sounds much. One who makes to many noise can not do result oriented work.
বেছিকৈ কথা কোৱা, চিঁয়ৰ বাখৰ কৰা লোকে ফলপ্ৰসু কাম কৰিব নোৱাৰে৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-12
Phrase খণ্ডবাক্য

কাণ থিয় কৰ্

to be interested to listen
শুনিবলৈ আগ্ৰহ প্ৰকাশ কৰ্ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-04
Idiom ফকৰা-যোঁজনা

মাটিত থ'লে পৰুৱাই খায়, মূৰত থ'লে ওকণিয়ে খায় |

To take care of someones beloved with utmost delicacy.
বৰ আলসুৱাকৈ কাৰোবাক আপদাল কৰা |হায়ৈ-বিয়ৈকৈ ক'ত থ'ম কি কৰিম অৱস্থা | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-26
Idiom ফকৰা-যোঁজনা

ওৰণি ল`লেই তিৰী সতী নহয় ৷

The honesty and sincerity of a person cannot be endorsed by his few good work.
কোনো নাৰীয়ে কেবল উৰনি লৈ নিজক সতী বুলি সাব্যস্ত কৰিব নোৱাৰে আৰু একেদৰে কোনো ব্যক্তিয়ে এটা-দুটা ভাল কাম কৰিয়ে নিজক সমাজত সৎ মানুহ বুলি প্ৰতিষ্ঠা কৰিব নোৱাৰে ৷ অথবা দুই-এটা ভাল কাম দেখিয়েই কোনো ব্যক্তিক সৎ চৰিত্ৰবান মানুহ বুলি ধৰি ল'ব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-22
Phrase খণ্ডবাক্য

মাণিকী-মাকৰ কঁৰীয়া

a very beautiful person or thing
অতি শুৱনি ব্যক্তি বা বস্তু Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-25
Idiom ফকৰা-যোঁজনা

কাণত সোপা দে

To pretend of being deaf and ignore important orders, advices or reprimands. Or to tolerate oral abuse, scoldings etc. silently.
আদেশ, উপদেশ, আদি নুশুনাৰ ভাও ধৰ্ বা আওকাণ কৰ‌্ ৷ অথবা গালি-গালাজ, দাবি-ধমকি, ককৰ্থনা, আদি চকুমুদি সহ্য কৰি থাক‌্ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-06-10
Idiom ফকৰা-যোঁজনা

ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি

Bad luck does not allow one to enjoy the good time
দুৰ্ভাগ্যই মানুহক কেতিয়াও শান্তিৰে সুখৰ সময় উপভোগ কৰিবলৈ নিদিয়ে। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-15
Idiom ফকৰা-যোঁজনা

আগতে মাছটি, বগলীটি কণা

Like a heron not spotting a fish lying in front of him, sometimes a man fails to realise and take advantage of the opportunities before him.
বগলীয়ে চকুৰ আগতে থকা মাছটোও কেতিয়াবা দেখা নোপোৱাৰ নিচিনাকৈ মানুহে হাততে পোৱা সুযোগটোও মন নকৰে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা

দৰিদ্ৰ যিফালে যায়, সাগৰো শুকায়, মাণিকো লুকায় |

People believe that a man becomes poor because of his misfortune. Hence, wherever he goes, a poor can never earn wealth and happiness.
মানুহৰ বিশ্বাস যে ভাগ্য বেয়া হোৱাৰ কাৰণেহে মানুহ দুখীয়া হয় | গতিকে দুখীয়াই য’লৈকে নাযাওক কিয়, কেতিয়াও তেওঁ সুখ-সম্পত্তি আৰ্জন কৰিব নোৱাৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা

বাঘৰ নেজেৰে কাণ খজুৱা

Inviting trouble by committing some useless foolish activities.
অনাহকতে নিজে নিজৰ বিপদ চপাই লোৱা Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা

ধিং মাৰিলে মণিকুট পোৱা৷

Joining unwillingly in some work for the sake of show only.
আনক দেখোৱাবলৈ অনিচ্ছাকৃত ভাৱে কোনো কামত ভাগ লোৱা৷ Contributed by: Sitaram Upadhyaya on 2014-12-20
Idiom ফকৰা-যোঁজনা

আছিলো বামুণ হ`লো নটা৷ ছোৱালী আনিলো গো-চাল কটা ৷

This idiom is used to refer to a person indulging in something contradictory to social customs and traditions.
আগৰ দিনত ব্ৰাহ্মণে নচা অথবা মুচিয়াৰৰ দৰে তথাকথিত নীহকূলীয়া ছোৱালী বিয়া কৰোৱাটো সমাজ-বিৰুদ্ধ গৰ্হিত কাম বুলি ভবা হৈছিল ৷ গতিকে এই যোজনাটো সামাজিক পৰম্পৰা উলংঘা কৰাৰ অৰ্থত ব্যৱহাৰ হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-26
Idiom ফকৰা-যোঁজনা

মা গুণে জী, গাই গুণে ঘিঁ৷

A daughter is always influenced by the character of her mother and builds a similar character by imitating. Similarly, the quality of ghee is dependent on the quality of the breed of cow. In other words, the outcome of any work, incident, activity is always influenced by its ancestors, be it positive or negative.
কোনো এক নাৰী মাকৰ গুণৰ দ্বাৰা বৰকৈ প্ৰভাৱিত হয় আৰু চাৰিত্ৰিকভাৱে মাকৰ দৰে হয়; একেদৰে গাই এজনীৰ গাখীৰৰ গুণৰ দ্বাৰা তাৰ পৰা তৈয়াৰ কৰা ঘিঁউৰ সোৱাদ নিৰ্ণিত হয়৷ অৰ্থাৎ কোনো কাম, পৰিঘটনা আদিৰ ফলাফল কৰ্ত্তাৰ উপৰিপুৰুষৰ গুণৰ ওপৰত নিৰ্ভৰ কৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা

দাঁত নাইকিয়াৰ দাঁত হ’ল, কামোৰ মাৰোঁতেই প্ৰাণ গ’ল৷

inability to enjoy something which has been acquired after a long aspiration
বহু প্ৰত্যাশিত কোনো ফল লাভ কৰাৰ পাছত দুৰ্ভাগ্যবশতঃ শান্তিৰে ভোগ কৰিবলৈ নোপোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2015-02-08
Idiom ফকৰা-যোঁজনা

আহিল কণা, গ’ল কণা, খাগৰি কাটিলো তিনি কণা

To keep an important matter pending lethargically
গুৰুত্বপূৰ্ণ কাম এটা কৰিম কৰিম বুলি এলাহ কৰি পেলাই থোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Idiom ফকৰা-যোঁজনা

ৰূপে কি কৰে গুণেহে সংসাৰ তৰে

The virtue of a person only can conquer the world and his/her beauty can never do it.
মানুহৰ শাৰীৰিক সৌন্দর্য্যৰ কোনো মূল্য নাই, যদিহে তেওঁ কোনো গুণৰ অধিকাৰী নহয়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Idiom ফকৰা-যোঁজনা

কণা হাঁহক পতান ধান দিয়া

To deceit someone taking advantage of his helplessness
অসহায়তাৰ সুযোগ লৈ কাৰোবাক প্ৰৱঞ্চনা কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Riddle সাথৰ

ঘোঁৰাৰ কণী ৷

1) Fiddle-de-dee 2) Mare's nest or nonsense word or matter
অৰ্থহীন কথা বা কৰ্ম ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

ইকাণ-সিকাণ সহস্ৰ কাণ

the act of spreading a news or fact from person to person
এজনৰ পৰা আনজনলৈ কাণে কাণে প্ৰচাৰ হৈ কোনো কথা ক্ৰমাৎ বিয়পি পৰা কাৰ্য্য Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-10
Idiom ফকৰা-যোঁজনা

বাঘ নাই বনত, হৰিণাই দেও দি চৰি ফুৰি খায় ৷

An organization without a strong administrator is like a forest without tigers wherein the deer have fearless movement for grazing. The employees of such organizations have no fear for punishment of doing wrong doings and thus chaos prevails sooner or later.
যি বনত বাঘ নাথাকে, তাত হৰিণািই অবাধে বিচৰণ কৰিব পাৰে আৰু য'তে ত'তে ঘাঁহ খাই ল'ৰি ফুৰিব পাৰে; কাৰণ তেনে বনত হৰিণাৰ প্ৰাণৰ ভয় নেথাকে ৷ একেদৰে যি প্ৰতিষ্ঠানত বলিষ্ঠ প্ৰশাসক নেথাকে, তাৰ সদস্যসকল উদণ্ড প্ৰকৃতিৰ হৈ পৰে আৰু অৰাজকতাৰ উৎপত্তি হয়, যিহেতু তাত আইন ভঙ্গকাৰী বা ভ্ৰষ্টাচাৰীয়ে শাস্তি পোৱাৰ ভয় নেথাকে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-10-27
Idiom ফকৰা-যোঁজনা

ওকণি খেদিবলৈ মূৰ কাটিব নোৱাৰি ৷

We cannot spend million dollars to solve a problem of penny.
মূৰত ওকণি হ\'লে তাক নিৰ্মূল কৰিবলৈ মূৰটোকে কাটি পেলোৱাটো কেতিয়াও এক উপায় হ\'ব নোৱাৰে ৷ সেয়েহে সৰু-সুৰা সমস্যা সমাধান কৰিবলৈ ডাঙৰ মূল্য ভৰিবলগীয়া হ\'লে এনেদৰে কোৱা হয়৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-22
Idiom ফকৰা-যোঁজনা

ৰহাৰ ৰহেদৈ, টিপামৰ ভাদৈ, শলগুৰিৰ আঘোণী বাই। তিনিও ডিঙিত ধৰি তিনিওৱে কান্দিলে, সমন্ধত একোৱেই নাই।।

Three persons from three different parts coming together for a national cause.
গদাধৰ সিংহ পলাই ফুৰোঁতে এবাৰ চোৰাংচোৱাৰ দৃষ্টিত পৰিব খুজিছিল; ৩ গৰাকী বাটৰুৱা মহিলাই ঘটনাৰ গুৰুত্ব বুজি গদাধৰক কাপোৰৰ তলত লুকুৱাই যেনিবা সম্বন্ধীয় লোকহে ঢুকাইছে, তেনে ভাৱত কান্দিবলৈ ধৰিলে৷ অৰ্থ- দেশৰ স্বাৰ্থত আপোন-পৰ পাহৰি সকলো একেলগ হ\'ব লাগে৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-20
Idiom ফকৰা-যোঁজনা

ঠাণ্ডাত ঠেঠুৱৈ ধৰ্

To suffer from to much of cold.
অতিপাত ঠাণ্ডাত আতুৰ হ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা

পাহৰি আছিলো পৰিল মনত, পাচঁ বৰণীয়া পটা আছে ৰাৱণৰ ঘৰত

In the war between Ram and Ravana, when Lakshmana fell unconscious and was almost dying, hit by an arrow from Ravana’s son Meghnad, Hanuman approached the Lankan Royal Physician Sushena for advice. Sushena asked Hanuman to rush to Gandhamardana Hill and fetch four plants: Mritasanjeevani (restorer of life), Vishalyakarani (remover of arrows), Sandhanakarani (restorer of the skin) and Savarnyakarani (restorer of skin colour). Hanuman, not able to pick the four from the multitude, brought back the entire hill, as the medicine was to be given before dawn. The physician then only remembered that he left the flat stone upon which the plants are to be crushed at Ravan`s place. This applies to forgetfulness at an important moment.
ৰাম ৰাৱণৰ যুদ্ধত লক্ষ্মণ ৰাৱ্ণৰ পুত্ৰ মেঘনাদৰ শক্তি-শেলত অজ্ঞান হৈ পৰিছিল আৰু লক্ষ্মণক বচাবলৈ ৰাৱণৰ ৰাজবৈদ্য সুসেনাক অনা হ’ল ৷ সুসেনাই ‘মৃতসঞ্জীৱনী’, ‘বিশল্যকৰণী’, ‘সন্ধানকৰণী’ আৰু ‘সবৰ্ণ্যকৰণী’ বিচাৰি হনুমানক পাচিলে ৷ হনুমানে বৃক্ষ বিচাৰি নাপায় গন্ধমাৰ্দন পৰ্বতকে দাঙি আনিলে, কিয়নো উষাৰ আগতেই লক্ষ্মণক বচোৱ প্ৰয়োজন ৷ এই আটাইকেইবিধ তৰুৰ ৰস প্ৰস্তুত কৰিবলৈ যেতিয়া পটাৰ প্ৰয়োজন হল, তেতিয়া বৈদ্যৰ মনত পৰিল যে পটাখন ৰাৱণৰ ঘৰতে থাকি আহিল ৷ সময়ত খুউব দৰকাৰী বস্তু এটা পাহৰি থকা অৰ্থত এই পটন্তৰটি ব্যৱহাৰ হয় ৷ Contributed by: Barnali Deuri Bora on 2010-11-10
Idiom ফকৰা-যোঁজনা

অতিপাত শলাগনি ফুচুলনিৰ চিন, আঁপুনি আঁতৰি যাবা কৰি তাক ঘিণ ৷

If someone is very willing to agree on whatever you say, there may be some ulterior motive behind it. One should avoid such persons.
তোষামোদকাৰীয়ে যিকোনো কথাতে হয়ভৰ দি থাকে ৷ কিন্তু তাৰ অন্তৰালত তেনে লোকৰ অভিসন্ধি লুকাই থাকে ৷ সেয়ে তেনে লোকক এৰাই চলা উচিত ৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা

উত্তৰে গাজিলে মাৰিবা লৰ, দক্ষিণে গাজিলে জানিবা খৰ। পূৱে গাজিলে থাকিবা শুই, পশ্চিমে গাজিলে নুমাবা জুই ৷

This proverb depicts weather conditons and what action one should take. If the sky is opening up in the north, then one should run back home as rain is evident. If sky has opened up in the south, then you can relax. Similarly, if it is in the east, it is going to last for days. If it is happening in the west, then a thunderstorm is likely occur and therefore one should put out open fires.
উত্তৰ ফালে মেঘে গাজিলে বৰষুণ হোৱাটো খাটাং, গতিকে ঘৰলৈ লৰ মাৰিব লাগে ৷ দক্ষিণে গাজিলে সাধাৰণতে বৰষুণ নহয়, গতিকে নিশ্চিন্তমনে থাকিব পাৰি ৷ ঠিক তেনেকৈ, পূব দিশত মেঘে গাজিলে কেইবাদিনো নেৰানেপেৰাকৈ বৰষুণ হোৱাৰ আৰু পশ্চিমে গাজিলে ধুমুহা অহাৰ সম্ভাৱনা থাকে ৷ Contributed by: Rupankar Mahanta on 2009-12-11
Idiom ফকৰা-যোঁজনা

কান্দি ৰণ জিক ৷

To achieve something by emotional blackmailing.
কিবা বস্তু, মত, অনুমতি আদি আদায় কৰিবলৈ বা নিজৰ দোষৰ মাৰ্জনা পাবলৈ, কান্দা-কটা কৰি বা আবেগিকভাবে কাৰোবাক সৈমান কৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-07
Phrase খণ্ডবাক্য

মৰণত শৰণ দে

to take risk or to go ahead to do something in spite of knowing the risk of doing it
মৰ সাহ কৰ্ বা বিপদৰ আশংকা থকা স্বত্তেও সাহ কৰি আগবাঢ়ি যা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-08-22
Idiom ফকৰা-যোঁজনা

ছোৱালীৰ চিকণ যোগী, গাইৰ চিকণ মুগী; ডাইলৰ চিকণ মাটি, শয়নৰ চিকণ পাটি; টেঙাৰ চিকণ ঔ, মাছৰ চিকণ ৰৌ; সমন্ধৰ চিকণ বৌ, বাচনৰ চিকণ টৌ; শাকৰ চিকণ লাই, মুদ্ৰাৰ চিকণ পাই; জলাৰ চিকণ আদা, চেনেহৰ চিকণ দাদা; কথাৰ চিকণ ৰস, চাকৰৰ চিকণ বশ; ফলৰ চিকণ কল, হোঁকাৰ চিকণ নল; মুখৰ চিকণ গুৱা, টোপনিৰ চিকণ পুৱা; পানীৰ চিকণ পানীপৰুৱা, মাছৰ চিকণ মোৱা; বিয়াৰ চিকণ বৰকইনা, হোমৰ চিকণ ধোঁৱা ৷

These sayings describes the best of everything in various aspects of our daily life.
এই তুলনাবোৰে দৈনিক জীৱনৰ বিভিন্ন বিষয়ত উত্তম বস্তুৰ আভাস দিয়ে ৷ যেনে মাটি ডাইলৰ সোৱাদ ডাইলৰ ভিতৰত সৰ্ব্বোত্তম ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা

অভ্যাসৰ নৰ, কৰ্ণপথে কৰে শৰ ।

One can pass an arrow through the hole of a human ear if he practises persistently i.e. one can achieve a hard goal through relentless practice. English saying: Practice makes a man perfect.
অভ্যাস কৰিলে কাণৰ ফুটায়েদিও কাঁড়/শৰ পাৰ কৰিব পাৰি । অৰ্থাৎ অভ্যাস কৰিলে অসাধ্য বুলি ভবা কামো সহজ হয় । Contributed by: Prasenjit Khanikar on 2008-02-28
Idiom ফকৰা-যোঁজনা

শগুণ যিমান ওপৰলৈ নুৰক দৃষ্টি সদায় মৰা শত।

A narrow minded man, even if he reaches to the top of the helm his thinkings always remain narrow.
শগুণ বহু ওপৰলৈ উৰে, কিন্তু দৃষ্টি সদায় খাদ্য অর্থাৎ মৰা শত নিবদ্ধ থাকে, একেদৰে অসৎ চৰিত্রৰ মানুহ বা ঠেক মনোবৃত্তিৰ মানুহ যিমান ডাঙৰ নহওক, সিহঁতৰ অসৎ বা ঠেক মনোবৃত্তি কেতিয়াও আঁতৰি নাযায়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা

বামুণৰো এদিন, বহুৱাৰো এদিন

One cannot predict one's future; the fate of a person may change over time.
সকলোৰে দিন সদায় একেদৰে অতিবাহিত নহয়; আজি ভালে-কুশলে সুখেৰে থকা জনো ভৱিষ্যতে বিপদৰ সন্মুখীন হ’ব পাৰে ৷ সেইদৰে, যি বৰ্তমানে অসুখী তেওঁৰ বাবেও ভৱিষ্যতে ভাল দিন আহিব পাৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-19
Idiom ফকৰা-যোঁজনা

জোকৰ মুখত চূণ পৰা

To receive appropriate punishment by someone having evil motive in thinking or work
অসত্‍ চিন্তা বা অসত্‍ কাম কৰোঁতাই উপযুক্ত শাস্তি পোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-14