অ (41) • আ (58) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (8) • ঢ (11) • ত (17) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (21) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Submit New Proverb, Idiom, Phrase OR Riddle
Proverbs containing the word "ঢোল"
Idiom ফকৰা-যোঁজনানিজৰ ঢোল নিজেই বজোৱা
One who praise himself/herself.বাহাদুৰি মৰা৷ নিজৰ গুণ নিজে বখনা লোক৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-02
Idiom ফকৰা-যোঁজনা
ঢোলৰ দৰে নহৈ ভৰা কলহৰ দৰে হোৱা ৷
Empty vessel sounds much.ঢোলৰ ভিতৰখন ফোপোলা, অকমান স্পৰ্শ কৰিলেই ডাঙৰকৈ শব্দ কৰে, আনহাতে পানীৰে ভৰা কলহে মৰিয়ালেও বিশেষ শব্দ নকৰে ৷ সেয়ে কোৱা হৈছে যে, যি মানু্হ ঢোলৰ দৰে ফোপোলা, জ্ঞানহীন সেই মানুহে নিজৰ গুণ নিজে গাই ফুৰে আৰু সামন্য কথাতে বাজি উঠে (কাজিয়া লাগে); কিন্তু যি মানুহ জ্ঞানী, সেই মানুহ ধীৰ-স্থীৰ হয়, ধৈৰ্যশীল হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা
ঢোলৰ লগত টেমেকা
A mean adherent, follower or blind supporter; a sycophantডাঙৰ মানুহৰ লগত ঘূৰি ফুৰা বা ডাঙৰ মানুহৰ মতত হয়ভৰ দি ফুৰা সাধাৰণ মানুহ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা
ঢোলৰ মাতত টোকাৰীৰ মাত তল যোৱা ৷
A louder strong voice always dominates the smaller voice and makes it inaudible to the audience.দৃঢ়তা আৰু স্পষ্টতাৰে ডাঙৰকৈ কোৱা কথাই সৰুকৈ বা অস্পষ্টকৈ কোৱা মাতক নিমাখিত কৰি দিয়ে ৷ ফলস্বৰূপে ডাঙৰ মাত সদায় শ্ৰুতাৰ কাণত নপৰে, কিন্তু সৰু মাত কাৎচিতহে পৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
Idiom ফকৰা-যোঁজনা
ধৰ্মৰ ঢোল বতাহে বজায় ৷
1) Truth will come out. 2) Virtue has its own reward.সত্য আপুনা-আপুনি প্ৰকট হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
একে কাঠি কাঁড়ে সাতোটা সিংহক মাৰিলো লোকক নকলো লাজে, ছমাহ খাপ দি নিগনি এটা মাৰিলে তাতে ধনঞ্জয় ঢোল বাজে ৷
A person who exaggerates much and gives publicity about a trifleআহোম ৰজাৰ দিনত, ৰাজ্য বিজয়ৰ পাছত বিজয়োল্লাসৰ চিন হিচাবে ’ধনঞ্জয়’ ঢোল বজাইছিল ৷ অৰ্থাত্ সৰু কাম এটা কৰিয়েই গোটেইখন ঢোল পিটি ফুৰা ৷ Contributed by: Barnali Deuri Bora on 2010-11-15
Idiom ফকৰা-যোঁজনা
নিজৰ ঢোল নিজে বোৱা
self praise.আত্মশ্লাঘা কৰা, অৰ্থাৎ নিজৰ গুণ নিজে কৈ অহংকাৰ কৰা। Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-02-12