Donate

Please enter word or phrase to be searched and hit 'search' key.


অ (41)আ (58)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (8)ঢ (11)ত (17)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (21)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)
Submit New Proverb, Idiom, Phrase OR Riddle

Proverbs containing the word "জা"

Idiom ফকৰা-যোঁজনা

মাক ভালেই জীয়েক জাতি ।

Natures and characteristics of a mother is reflected on her daughter. So it is said that the daughter is good when the mother is good.
এগৰাকী মাকৰ আচাৰ ব্যৱহাৰ ,আচৰণ জীয়েকৰ গাত প্ৰতিফলিত হয় ।সেয়ে মাক ভাল হলে জীয়েকো ভাল হয় বুলি প্ৰবাদ আছে । Contributed by: Anjali Sonowal on 2008-07-02
Idiom ফকৰা-যোঁজনা

চৰণেহে জানে মৰণৰ ঠাই

Literally, "the legs know the location of death" ... meaning the future is unpredictable.
মানুহৰ আহি থকা দিনবোৰ কেনে হব জানিব পৰা নাযায় ৷ Contributed by: apurba bhuyan on 2009-11-07
Idiom ফকৰা-যোঁজনা

বাচি খাবা, জাগি শুবা

It is always good to be a bit careful in every situation.
খাওঁতে সদায় বাচ-বিচাৰ কৰিহে খোৱা উচিত, সেইদৰে শোৱাৰ লগে লগে টোপনিত লালকাল দিয়া মানুহতকৈ খিৰিক কৰিলেই সাৰ পোৱা মানুহেহে বিপদৰ আগজাননি সোনকালে পায় ৷ অৰ্থাৎ সকলো পৰিস্থিতিতে সাৱধানতা অৱলম্বন কৰা উচিত ৷ Contributed by: Barnali Deuri Bora on 2010-11-02
Idiom ফকৰা-যোঁজনা

মাছ চাই জাল গোঁথা

Fulfilling one's self-interest taking advantage of the situation.
সুবিধা বুজি নিজৰ স্বাৰ্থ সিদ্ধি কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-11
Idiom ফকৰা-যোঁজনা

টেঙা আম বজাৰত এবাৰহে বেছিব পাৰি |

One can not cheat a person again and again .
এবাৰ মিঠা বুলি টেঙ্গা আম বেছা দোকানীৰ পৰা দ্বিতীয় বাৰ কোনেও আম নিকিনে | সেইদৰে কাৰোবাক এবাৰ ঠগিলে তেওঁ সেইজন ব্যক্তিৰ ওপৰত আৰু দুনাই কেতিয়া বিশ্বাস নকৰে | অৰ্থাৎ মানুহক এবাৰহে ঠগিব পাৰি | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-20
Idiom ফকৰা-যোঁজনা

গৰুৰ আগত টোকাৰী বায় / বীণ বজায়, শিং জোকাৰি ঘাঁহ খায় |

A cow cannot appreciate music. Therefore, even if you play an instrument in front of a cow, it will not stop feeding to listen to the music. Therefore it suggests that there is a proper place/audience for certain acts and these acts should be performed in these places in order to be appreciated.
গৰুৰ আগত টোকাৰী বজালেও যিদৰে সঙ্গীতৰ মোল একো বুজিব নোৱাৰি শিং জোকাৰি ঘাঁহ খোৱাতহে মগ্ন হয়, সেইদৰেই অজ্ঞানী লোকক যিমানেই ভাল কথা কোৱা নহওক কিয় তাক উলাই কৰি নিজৰ ইচ্ছামতে কাম কৰিয়েই যায় | এই ফকৰা ফাকি \'অবুজনক বু্জোৱা আৰু ঢেৰুৱা ঠাৰি সিজোৱা\' ফকৰা ফাকিৰ সমাৰ্থক | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-29
Idiom ফকৰা-যোঁজনা

চোৰক বোলে চুৰি কৰ, গৃহস্থক বোলে সজাগ থাক ৷

He runs with the hare and hunts with the hounds.
কোনো মানুহে বিবাদ, সমৰ্থন, কাৰ্য, মন্তব্য আদিত কোনো এক পক্ষ নলৈ, দুয়ো পক্ষৰ লগতে তাল মিলাই থাকিলে এই ফকৰাৰ প্ৰয়োগ হয় ৷ অথবা, কুপৰামৰ্শ দি জানি-বুজি কৰোবাক বিপদত পেলাবলৈ ছল-চাতুৰি কৰা কাৰ্যক দৰ্শায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-08
Idiom ফকৰা-যোঁজনা

ৰজাই কৰিলে লীলা |
প্রজাই কৰিলে ধৰি বান্ধি কিলা ||

It explains the bias attitude of law towards powerful and common people. Powerful people gets escape after committing some mistake but a common man gets punishment for the same mistake
ক্ষমতাশীল ব্যক্তিয়ে দোষ কৰিলে সেয়া তেওঁৰ কীৰ্তি কৰ্ম বুলি ৰেহাই পায় | কিন্তু সাধাৰণ মানুহে সেই একে কাম কৰিলে শাস্তি ভুগিব লগা হয় বা আইনৰ চকুত দোষী সাব্যস্ত হয়| ইয়াৰ দ্বাৰা অন্ধ আইনৰ পক্ষপাতিত্ব-মূলক ভূমিকাক বক্ৰোক্তি কৰা হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-16
Idiom ফকৰা-যোঁজনা

জালকে জকাই বোলা

Incapability to understand or distinguish the differences between two closely related objects, activities or speeches.
জাল আৰু জকাই দুবিধেই মাছ ধৰা সঁজুলি যদিও জাল সূতাৰে বোৱা হয় আৰু জকাই সজা হয় বাঁহৰ কাঠিৰে, আকৃতিত জাল জকাইতকৈ ভিন্ন ৷ সেয়ে দুয়োবিধেই একে বুলি ক`লে ডাঙৰ ভুল কৰা হ`ব৷ অৰ্থাৎ এই ফকৰাই কোনো বস্তু বা কথাৰ অৰ্থ নুবুজি, ভুল অৰ্থ উলিওৱা কাৰ্য্যক দৰ্শায়৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-06-28
Idiom ফকৰা-যোঁজনা

ৰজাই ভাল বোলে যাক, হাতী ঘোঁৰা নালাগে তাক

One, who has blessings of the king or the man in power, can do anything easily without help or support from others.
যি ক্ষমতাশালী লোকৰ আশীষ ধন্য, তাৰ সকলো কাম সহজে হয় | তাক কাৰো একো সহায়ৰ প্ৰয়োজন নাই | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা

ভালেহে পায় ভালক, জাৱৰে পায় খালক

Good man gets good company. Similarly, bad one's gets bad company.
ভাল মানুহ বা ভাল বস্তুৱে ভাল সঙ্গ বা পৰিবেশ পায় ৷ বেয়া মানুহ বা বেয়া বস্তুৱে বেয়া সঙ্গ বা পৰিবেশ পায় ৷ Contributed by: Rupankar Mahanta on 2008-03-19
Idiom ফকৰা-যোঁজনা

টিক বলধা ওলায় মাটি, মাক ভালেই জীয়েক জাতি ৷

The character of a girl largely depends on the character of her mother.
সময়মতে মাটিত হাল বাই শেষ কৰিবলৈ হ’লে বলধ হাল চেঙা হ’ব লাগে ৷ সেইদৰে জীয়েক ভাল হ’বলৈ হ’লে মাকৰ স্বভাৱ-চৰিত্ৰ ভাল হ’ব লাগে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-22
Idiom ফকৰা-যোঁজনা

তিনিশ ষাঠি জোপা ৰুবা কল, মাহেকে পষেকে চিকুণাবা তল; পাত, পচলা লাভত খাবা, লঙ্কাৰ বণিজ ঘৰতে পাবা ৷ আঠিয়াত গোবৰ, মনোহৰত জাবৰ; পুৰাত ছাই, মালভোগত খাই ৷

This proverbial saying depicts the benefit of banana cultivation and the care needed for it. If a cultivator plants 360 numbers of banana plants in his garden, in addition to making a good business out of it, he can also use its byproducts profitably.
এই ডাকৰ বচনটোত কল খেতিৰ উপকাৰিতা আৰু ল’বলগীয়া যতনৰ কথা কোৱা হৈছে ৷ তিনিশ ষাঠি জোপা কল ৰোৱা খেতিয়কে আন বেপাৰ-বাণিজ্য নকৰাকৈ সম্পত্তিশালী হোৱাৰ উপৰি কলৰ পাত-পচলা আদি ব্যৱহাৰ কৰিও লাভান্বিত হ’ব পাৰে ৷ আঠিয়া কলৰ খেতিত গোবৰ, মনোহৰ কলত জাবৰ, পুৰা কলত ফুট-ছাই আৰু মালভোগত খলিহৈ প্ৰয়োগ কৰিলে ভাল ফল পোৱা যায় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-09
Idiom ফকৰা-যোঁজনা

সাপৰ সঁজাত নাই৷

A traitor has no friend.
সাপে সগোত্রীয় সাপকো দংশন কৰে বা গিলি খায়,একেদৰে সাপৰ দৰে কিছু লোক আছে যি অতি আত্মকেন্দ্রিক আৰু যিসকলে নিজ স্বার্থৰ খাতিৰত আপোন মানুহকো বিশ্বাসঘাতকতা কৰিব পাৰে; এনে লোকক দর্শাবলৈ ব্যৱহাৰ কৰা হয়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-09-26
Idiom ফকৰা-যোঁজনা

হাঁহৰ ওপৰত শিয়াল ৰজা

A fox tries to establish kingship(command) over a duck. Similarly a man tries to establish kingship over a man relatively inferior to him.
দুৰ্বল ব্যক্তিৰ ওপৰত তেওঁতকৈ অলপ সবল ব্যক্তি এজনে নিজৰ ক্ষমতা প্ৰতিপন্ন কৰা৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-07
Idiom ফকৰা-যোঁজনা

ৰৌ-বৰালি সাৰি গ’ল, পুঠি-খলিহণা জালত পৰিল ৷

One who is the real culprit gets scot-free due to his influence or power, but an ordinary man although indirectly associated similar crime get severe punishment.
প্ৰকৃত অপৰাধী প্ৰভাৱশালী হোৱা বাবে শাস্তি নোপোৱাকৈ সাৰি যায়, অথচ তেনে অপৰাধৰ সৈতে পৰোক্ষভাৱে জড়িত থকা সাধাৰণ ব্যক্তি সহজে ধৰা পৰে আৰু শাস্তি পায় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-17
Idiom ফকৰা-যোঁজনা

ৰজাই ভাল দেখে যাক, শতৰু নুবুলিবা তাক |

We should not get into conflict with those people who are having close relationship with the Government.
যিসকল ব্যক্তি ৰজাঘৰৰ আশীষধন্য হয়, তেনে লোকৰ সৈতে শত্ৰুতা কৰিব নেলাগে Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা

চোৰ গলে বুদ্ধি বৰষুণ গলে জাপি

It is fruitless, even if someone makes hard effort or tries to shows cleverly attitude after passing over of any danger or accident . He should do it on proper time
এটা বিপদ বা অঘটন হৈ যোৱাৰ পিছত তাক প্ৰতিহত কৰাৰ বাবে লোৱা যিকোনো প্রচেষ্টা অৰ্থহীন হৈ পৰে। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা

অজ্ঞানীক বুজাবা চৰে - চাপৰে, জ্ঞানীক বুজাবা ঠাৰে - চিঞাৰে ৷

An wise man will pick even from sign language while a fool will require drastic measures to make him understand.
জ্ঞানীক যিকোনো কথা বুজাবলৈ অতি সহজ; আকাৰে-ইঙ্গিতেও বুজাব পাৰি ৷ কিন্তু মুৰ্খক বুজাবলৈ কঠোৰ পন্থাও ল’ব লগীয়া হয় ৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা

ভেঁটিত তিতা লাউ গজা

to face misfortune [Usually used when throwing a curse on someone.]
অমঙ্গল হোৱা বা অশুভ দিন উপস্থিত হোৱা [সাধাৰণতে গালি-শপনি বা শাওপাত দিওঁতে ব্যৱহাৰ হয়; যেনে: তাৰ ভেঁটিত তিতা লাউ গজক৷] Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-06-17
Idiom ফকৰা-যোঁজনা

ৰজা নাইকিয়া খাটত, ধৰি কিলায় বাটত৷

When the reign of a country is vested to an unworthy administrator, anarchism and lack of law & order prevails all around.
দুৰ্বল প্ৰশাসকৰ হাতত দেশৰ শাসন ন্যস্ত হ`লে অৰাজক অৱস্থাৰ সৃষ্টি হয় আৰু আইন-শৃঙ্খলা বিঘ্নিত হয়৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-03-07
Idiom ফকৰা-যোঁজনা

নতুন মুৱাজ্জিনে বিনা ৱক্তত (অসময়ত) আজান দিয়ে ৷

The muwazzin (the Azan Reciter) of mosque should recite the Azan on time of Namaaz, however a novice muwazzin starts reciting Azaan before time of Nammaz. This denotes, a novice always shows excessive restlessness in doing something.
মুৱাজ্জিনে মছজিদত নমাজৰ সময় হলেহে আজান দিয়াৰ নিয়ম, কিন্তু নতুনকৈ আজান শিকা মুৱাজ্জিনে নমাজৰ ৱক্তৰ (সময়) কাৰণে অপেক্ষা নকৰি অসময়তে আজান দিবলৈ যাব বিচাৰে ৷ অৰ্থাৎ কোনো মানুহে নতুনকৈ কিবা কথা শিকি বা নতুনকৈ কিবা বাব লৈ ধৈৰ্য্যহীনতা প্ৰদৰ্শন কৰি অতিৰিক্ত তৎপৰতা দেখুৱায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-06-26
Idiom ফকৰা-যোঁজনা

উত্তৰে গাজিলে মাৰিবা লৰ, দক্ষিণে গাজিলে জানিবা খৰ। পূৱে গাজিলে থাকিবা শুই, পশ্চিমে গাজিলে নুমাবা জুই ৷

This proverb depicts weather conditons and what action one should take. If the sky is opening up in the north, then one should run back home as rain is evident. If sky has opened up in the south, then you can relax. Similarly, if it is in the east, it is going to last for days. If it is happening in the west, then a thunderstorm is likely occur and therefore one should put out open fires.
উত্তৰ ফালে মেঘে গাজিলে বৰষুণ হোৱাটো খাটাং, গতিকে ঘৰলৈ লৰ মাৰিব লাগে ৷ দক্ষিণে গাজিলে সাধাৰণতে বৰষুণ নহয়, গতিকে নিশ্চিন্তমনে থাকিব পাৰি ৷ ঠিক তেনেকৈ, পূব দিশত মেঘে গাজিলে কেইবাদিনো নেৰানেপেৰাকৈ বৰষুণ হোৱাৰ আৰু পশ্চিমে গাজিলে ধুমুহা অহাৰ সম্ভাৱনা থাকে ৷ Contributed by: Rupankar Mahanta on 2009-12-11
Idiom ফকৰা-যোঁজনা

গোঁজেই গঁজালি হোৱা

A temporary living in a place turning into a permanent settlement.
অস্থায়ীভাৱে আৰম্ভ কৰা বসতিয়ে স্থায়ী ৰূপ ধাৰণ কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা

আদা বেপাৰীয়ে জাহাজৰ খবৰ লোৱা

To show interest on irrelevant or unnecessary matters
অদৰকাৰী কথাৰ প্ৰতি মনোযোগ দিয়া Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা

ৰজাক নাটে, বঁজাক নাটে

A monarch is not satisfied with his kingdom alone and wants to expand his territories, likewise a childless person may also want to acquire large properties even though he doesn`t have any heir.
ৰজাৰ বিশাল ৰাজ্য থাকিলেও ৰাজ্য জয়ৰ হেঁপাহ নুগুছে, ঠিক সেইদৰে বঁজা, অৰ্থাৎ কিছুমান নিসন্তান লোকৰ সতি-সন্ততি নাথাকিলেও, সম্পত্তিৰ হেঁপাহ নুগুছে ৷ Contributed by: Barnali Deuri Bora on 2010-11-02
Idiom ফকৰা-যোঁজনা

ওৰণিৰ তলতেই জাৰজৰ জন্ম হয় ৷

Too much politeness is a cause of concern.
অসৎ তিৰোতাই অস্বাভাবিকভাবে দীঘল ওৰণি লৈ সমাজক সতীত্বৰ চানেকি দি পৰপুৰুষৰ লগত অবৈধ সম্পৰ্ক স্থাপন কৰে আৰু জাৰজ সন্তান জন্ম দিয়ে ৷ অৰ্থাৎ অতি ভক্তি চোৰৰ লক্ষণ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-12-16
Idiom ফকৰা-যোঁজনা

বহিব জানিলে মাটিয়েই পীৰা, খাব জানিলে চাউলেই চিৰা

One can survive or perform something with optimal use of minimum available resources with good skill.
অলপ মাত্র সম্পদৰ সৎব্যৱহাৰ কৰি কোনো কাৰ্য্য সম্পাদন কৰিব পাৰি, কিন্তু তাৰ বাবে দক্ষতাৰ প্রয়োজন Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা

শ পাপে জ্বৰ, হাজাৰ পাপে খৰ

Ringworm is a very annoying skin disease. It is said after hundred sins one suffers from fever and after thousand sins one suffers from ringworm.
খৰ আমনিদায়ক চালৰ বেমাৰ৷ এনে বেমাৰ কাৰো নহওক৷ সেয়েহে কৈছে -কোনোৱে এশ পাপ কৰিলে জ্বৰত ভোগে; হাজাৰটা পাপ কৰাজনৰ খৰ হয়৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-07
Idiom ফকৰা-যোঁজনা

এপাচি শাকত এটা জালুক

A drop in the ocean : It refers to a thing that is too small in the context.
প্ৰয়োজনতকৈ যথেষ্ট সৰু বা কম পৰিমাণৰ বস্তু, যিটো হোৱাই নোহোৱাই সমান৷ Contributed by: Rupankar Mahanta on 2008-09-03
Idiom ফকৰা-যোঁজনা

হুলকেই ফুল বুলি খোপাত গোঁজা ৷

To commit extreme blunder by accepting a harmful object/matter/companion/friend as beneficial one.
ফুলৰ লগতে থকা কাঁইটে বিন্ধে আৰু কষ্ট দিয়ে,আনহাতে ফুলে বিমল আনন্দ দিয়ে ৷সেয়ে কাঁইটক ফুল বুলি ভুল কৰিলে যাতনা ভুগিব লগীয়া হয় ৷ একেদৰে এই ফকৰাই বেয়াকে ভাল বুলি গ্ৰহণ কৰাৰ দৰে মাৰাত্মক ভুল কৰা কাৰ্যক বুজায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-11
Idiom ফকৰা-যোঁজনা

মাছৰ তেলেৰে মাছ ভজা

To cheat somebody by flattering with resources taken from the victim himself.
কাৰোবাৰ পৰা লোৱা সামগ্রীৰে তেওঁকে তোষামোদ কৰি ঠগী খোৱা Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-07
Idiom ফকৰা-যোঁজনা

ৰজাক নাটে, বজাক নাটে, ধনীক নাটে ধনে৷

A man’s crave for money and property doesn’t get satisfied even if he already possesses everything he needs.
অগাধ সা-সম্পত্তিৰ গৰাকী হ'লেও নতুবা সন্তানহীন হ'লেও মানুহৰ সা-সম্পত্তিৰ প্ৰতি লোভ নকমে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2015-06-13
Idiom ফকৰা-যোঁজনা

নাচিব নেজানে চোতালখন হেৰেমগৰীয়া |

One who does not have potentiality to do something, but blames others for his inabilities.
নিজৰ ব্যৰ্থতাৰ বাবে আনক জগৰীয়া কৰি দায় সাৰিব চেষ্টা কৰা Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Phrase খণ্ডবাক্য

জাকত জিলিকা

The most beautiful person in a group
সমজুৱাৰ মাজত থকা আটাইতকৈ শুৱনি পুৰুষ বা মহিলা ৷ Contributed by: Barnali Deuri Bora on 2010-10-28
Idiom ফকৰা-যোঁজনা

চল পালে কুকুৰে গললৈ জাঁপ মাৰে ৷

Some people take undue advantage if given little indulgence.
কিছুমান মানুহক অলপ লাই দিলেই মূৰৰ ওপৰত উঠিব খোজে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা

বৰকৈ গজা মেঘে বৰষুণ নিদিয়ে

Empty vessel sounds much. One who makes to many noise can not do result oriented work.
বেছিকৈ কথা কোৱা, চিঁয়ৰ বাখৰ কৰা লোকে ফলপ্ৰসু কাম কৰিব নোৱাৰে৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-12
Idiom ফকৰা-যোঁজনা

ফটা হওক, চিটা হওক, পাটৰ টঙালি; কণা হওক, কুঁজা হওক, ভূঞাৰ পোৱালি |

Silk cloths are considered valuable even when torn and a person of Bhuyan family commands respect even if he is blind or has an arched back. It means that social recognition of a person often depends on his family background.
ফটা-চিটা হ’লেও পাটৰ টঙালিৰ আদৰ আছে, ঠিক তেনেকৈ কণা-কুঁজা হ’লেও ভূঞা বংশজাত লোকৰ সামাজিক মৰ্যাদা আছে | অৰ্থাত্‍ মানুহৰ সামাজিক প্ৰতিপত্তি বহুক্ষেত্ৰত বংশ পৰিচয়ৰ ওপৰতো নিৰ্ভৰ কৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা

লুইতেহে জানে ব`ঠা কিমানলৈ বয়

One who is bestowed with responsibility can know how difficult is to carry out responsibilities and an irresponsible person can never fathom the difficulties.
লুইতৰ বুকুত নাৱৰীয়াই নাও বাওতে ব`ঠাখন যেনি তেনি বায় আৰু লুইতৰ গভীৰতাৰ উমান নাপায়। অর্থাৎ যাৰ মূৰত দায়িত্ব থাকে তেওঁহে জানে দায়িত্বভাৰ চলোৱা কিমান কঠিন, আনে ইয়াৰ উমান নাপায়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Idiom ফকৰা-যোঁজনা

ধৰ্মৰ ঢোল বতাহে বজায় ৷

1) Truth will come out. 2) Virtue has its own reward.
সত্য আপুনা-আপুনি প্ৰকট হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

নুছুই ডুমুনি তুলি দিলে বোজা, নপঢ়ি নুশুনি হ’ল ওজা

This proverb is meant ironically; in earlier times it was thought that it`s impossible for a person to place a load on the head of a lower caste women without being polluted by her. Similarly, it`s equally impossible for a person to be a `learned` man without reading books.
মাছ বেছা-কিনা কৰা কৈৱৰ্ত্ত সম্প্ৰদায়ৰ লোক সকলক আগতে উচ্চ বৰ্ণৰ লোক সকলে অস্পৃশ্য বুলি গণ্য কৰিছিল, সেয়ে তেওঁলোকক স্পৰ্শ কৰিলেই অপবিত্ৰ হয় বুলি ধৰি লৈছিল ৷ অৰ্থাৎ অশুচি নোহোৱাকৈ ডুমুনি (কৈৱৰ্ত্ত মহিলা)ৰ বোজা ছোৱাটো যেনেকৈ অসম্ভৱ, তেনেকৈ নপঢ়া নুশুনাকৈ পণ্ডিত হোৱাও অসম্ভৱ ৷ Contributed by: Barnali Deuri Bora on 2010-11-19
Idiom ফকৰা-যোঁজনা

চাপৰি যোৱাকে কুঁজা বোলে

to admit an unpleasant thing in a roundabout way.
কোনো অপ্ৰিয় কথা পোনে পোনে স্বীকাৰ নকৰি বেঁকা বাটেৰে স্বীকাৰ কৰা ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা

সাগৰৰ ঢৌক বালিভেটা দি ৰাখিব খোজা

To try to prevent something happening or to get done by one, when majority or all others want it to happen or get done.
ৰাইজে অৰ্থাত্ বহুলোকে কৰিব খোজা কাম এটাক এজনে বাধা দিবলৈ নিষ্ফল চেষ্টা কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-20
Idiom ফকৰা-যোঁজনা

নল মৰি গজালি ওলায়

Recurrence of a problem after incomplete solution of the same
নলনি ভাঙি মানুহে খেতিৰ পথাৰ মোকলায়৷ কিন্তু তেনেকৈ খোলা পথাৰত ৰৈ যোৱা নলৰ অৱশিষ্টৰ পৰা পুনৰ গজালি ওলায় আৰু কিছু বছৰ খেতি নকৰিলেই নলেৰে পথাৰ ভৰি পৰে৷ এনে ক্ষেত্ৰত পথাৰখন সম্পূৰ্ণভাবে নলমুক্ত কৰিবলৈ হ’লে নলৰ অৱশিষ্টবোৰ সমুলঞ্চে নিঃশেষ কৰাতো অতিকে বাঞ্চনীয়৷ ঠিক তেনেদৰে আমাৰ সমাজত কিছুমান সমস্যা সম্পূৰ্ণৰূপে সমাধান নকৰিলে পুনৰ মূৰ দাঙি উঠাৰ সম্ভাৱনা থাকে৷ “নল মৰি গজালি ওলায়” এই জতুৱা ঠাঁচটোৱে পৰোক্ষভাৱে উক্ত ধাৰণাকেই প্ৰতিফলিত কৰে৷ Contributed by: SUDARSHAN GOGOI on 2016-01-29
Idiom ফকৰা-যোঁজনা

জাঁপ মাৰি দেইছিলো ঢাপলিকা পৰ্বত, টিলিকত মাৰিছিলো বগ; খেদা মাৰি ধৰিছিলো মতা হৰিণা, এতিয়া নাপাওঁ মতা হাঁহৰ লগ ৷

A person who exaggerates much about himself
এটা সময়ত অসাধ্য সাধন কৰিছিলো, কিন্ত এতিয়াহে নোৱাৰোঁ ৷ নিজৰ বিষয়ে বৰকৈ মিছাতে বঢ়াই কোৱা লোক ৷ Contributed by: Barnali Deuri Bora on 2010-11-15
Idiom ফকৰা-যোঁজনা

এবাৰৰ ৰোগী আনবাৰৰ ওজা৷

Once a patient, the next time a physician or to get training in the school of experience.
মানুহ এবাৰ কিবা বেমাৰত ভুগিলে, সেই বেমাৰৰ লক্ষণ, প্ৰতিকাৰ বা প্ৰতিৰোধৰ বিষয়ে ভালদৰে জ্ঞাত হয় ৷ সেয়ে, সেই ব্যক্তিক সেই বিশেষ বেমাৰটোৰ কাৰণে ওজা বা ডাক্তৰৰ লগত তুলনা কৰা হয় ৷ অৰ্থাৎ অভিজ্ঞতাই মানুহক জ্ঞান দিয়ে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-02
Idiom ফকৰা-যোঁজনা

ভোকেই ভাতৰ আঞ্জা

Everything tastes good when we are hungry. Similarly, the importance of anything is realised when there is need.
ভোক লাগি থকা অৱস্থাত যিকোনো বস্তু খালেও সোৱাদ লাগে | ঠিক তেনেকৈ অভাৱতহে মানুহে বস্তুৰ প্ৰকৃত মূল্য বুজি পায় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা

গছত উঠে মৰিব, জামিন হয় ভৰিব ৷

Climbing a tree is full of risk that one may fall down by slipping grip and die, similarly taking bail on behalf of someone is equally risky which ends up with spending money from one's pocket.
গছত উঠোতে ভৰি পিচলি পৰি মৰাৰ আশংকা থাকে; একেদৰে কাৰোবাৰ কাৰণে জামিনদাৰ হ\'লেও টকা পইচা ভৰিব লগা হোৱাৰ আশংকা থাকে৷ Contributed by: Dr. Armaan U. Muzaddadi on 2012-12-11
Idiom ফকৰা-যোঁজনা

কঁকালেহে জানে চুৰিয়াৰ ফেৰ

A person can judge about the suitability or quality of anything only after using it.
চুৰিয়া বা ধুতিৰ ফেৰ বা প্ৰস্থ কিমান হ’লে পিন্ধিবলৈ সুবিধা হ’ব, সেইটো নিৰ্ভৰ কৰে পিন্ধোঁতাৰ কঁকালৰ জোখৰ ওপৰত ৷ যিকোনো চুৰিয়া এখন পিন্ধি চালেহে যেনেকৈ তাৰ ফেৰ কিমান জানিব পাৰি, ঠিক তেনেকৈ যিকোনো বস্তু ব্যৱহাৰ কৰাজনেহে তাৰ দোষ-গুণৰ বিষয়ে ভালকৈ জানে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
Idiom ফকৰা-যোঁজনা

জ্ঞানীক বুজাবা ঠাৰে-চিয়াঁৰে, অজ্ঞানীক বুজাবা থিয় কিলেৰে

An erudite person can understand things on a simple hint, but it is very difficult to make a stupid understand even a simple fact.
জ্ঞানী লোকে সাধাৰণ ইঙ্গিততে জটিল কথা এটাও বুজি পায়, কিন্তু অজ্ঞানীজনক মাৰি-পিটিও বুজোৱা টান Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Idiom ফকৰা-যোঁজনা

আহু চাবা গধূলি, শালি চাবা পুৱা, জাকৈ বাওঁতে ছোৱালী চাবা কোন কেনেকুৱা।

One should see the growth of `Ahu` paddy in the evening and that of `Sali` in the morning. Similarly, one has to look for a bride when girls are fishing.
আহু ধান গধূলি চাব লাগে, আনহাতে শালি ধান ৰাতিপুৱা চাব লাগে। ঠিক তেনেদৰে ছোৱালী চাবলৈ হলে জাকৈ বাই থকা অবস্থাত চাব লাগে। (ডাকৰ বচন) Contributed by: Biraj Kumar Kakati on 2008-07-28
Idiom ফকৰা-যোঁজনা

শিয়ালৰ জাক জাক, সিংহৰ এটা

A single man who is bold and strong could be an asset for the society and he can bring prosperity to it but thousands of cowards cannot do anything.
শিয়াল এবিধ ভয়াতুৰ, ধূর্ত আৰু দুর্ব্বল প্রাণী ৷ আনহাতে সিংহ নির্ভীক আৰু শক্তিশালী প্রাণী। সেয়ে জাক জাক শিয়ালে এটা মাত্র সিংহ দেখিলেও পলাই পত্রং দিয়ে। একেদৰে ভয়াতুৰ আৰু দুর্ব্বল মানুহ হাজাৰ জনতকৈ এজন নির্ভীক, শক্তিশালী মানুহে সমাজৰ অশেষ উন্নতি সাধন কৰিব পাৰে। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা

ধাই মাক আঞ্জা-ভাত, আপোন মাৰ শুদা পাত ৷

To show favouratism to someone inappropriately and deprive some other from the good things that are deserved by the person concerned.
ধাই মাতৃক বৰ মৰম দেখুৱাই ভাল ভাল আঞ্জাৰে ভাত খুৱাই, যদি আপোন মাতৃক শুদা ভাত দি বঞ্চিত কৰা হয় তেনেহ'লে দৃষ্টিকটুভাবে অনুচিত কাৰ্য হ'ব ৷ অৰ্থাৎ অযোগ্যক অনুচিতভাবে উদগনি, সহায়, মৰম আদি দিয়া আৰু যোগ্যক বঞ্চিত কৰা কাৰ্য ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14