অ (41) • আ (58) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (8) • ঢ (11) • ত (17) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (21) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Submit New Proverb, Idiom, Phrase OR Riddle
Proverbs containing the word "ছোৱা"
Idiom ফকৰা-যোঁজনাবোৱাৰী (ছোৱালী) আনিবা দিনটোৰ বাটৰ, গৰু আনিবা ৰিংটোৰ বাটৰ৷
One should buy a cow or bullock from a place near him home, because they usually want to go back to their previous owner and therefore, in such cases, it would be difficult to bring it back again. But one should marry a girl from a distant place, at least of one-day`s traveling distance so that she cannot visit her mother`s home frequently.গৰু কিনিলে সদায় ওচৰৰ পৰা অৰ্থাৎ ৰিং মাৰিলে শুনা দূৰত্বৰ পৰা কিনিব লাগে, কিয়নো গৰু বা আন জীৱ-জন্তুৱে সদায় পুৰণা মালিকৰ ঘৰলৈ যাবলৈ বিছাৰে । তেনে স্থলত গৰু নতুন মালিকৰ ঘৰলৈ ঘূৰি নাহিলেও যাতে সহজতে বিচাৰি আনিব পৰা যায়। দাম্পত্য জীৱনত ঘটি থকা সৰু-সুৰা মতানৈক্যৰ পৰিণতিত নতুবা ওচৰতে থকা মাকৰ ঘৰলৈ সতকাই, ঘনাই গৈ বৈবাহিক জীৱনত অসুবিধাৰ সৃষ্টি নহবলৈকে দূৰৈৰ (এদিনৰ বাটৰ) পৰা ছোৱালী বিয়া কৰোৱাৰ কথাই এই যোজনা ফাকিত কোৱা হৈছে। Contributed by: Biraj Kumar Kakati on 2008-07-28
Idiom ফকৰা-যোঁজনা
নমহীয়া ছোৱালীৰ দহমহীয়া পেট, পৰপুৰুষৰে নাই ভেটাভেট ৷
An women who is wed for only nine months but is in the tenth month of pregnancy and yet claims to have come in touch of any men prior to marriage. This is used to refer an extreme lie.এটা অকট্য মিছা কথা বুজাৱলৈ এইষাৰ বাক্য ব্যৱহাৰ কৰা হয় ৷ বিয়াৰ আগতে পুৰুষৰ সংস্পৰ্শত নাহিলে বিয়াৰ নমাহতে দহমহীয়া গৰ্ভৱতী হব নোৱাৰে ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
ছোৱালী আনিবা মাক ভাল, মাটি কিনিবা মাজ খাল ।
One can assume the character of a girl to be good, if her mother`s character is good. So to select a bride, one should see her mother. Similarly, land for cultivation should be purchased if it has water holding capacity.মাকৰ যদি স্বভাৱ-চৰিত্র ভাল হয়, জীয়েকৰো স্বভাৱ-চৰিত্র ভাল হ’ব বুলি ধৰিব পাৰি, সেয়েহে বিয়া পাতিবলৈ তেনেকুৱা ছোৱালী আনিব লাগে। ঠিক তেনেকৈ, খেতিৰ কাৰণে কিনা মাটিৰ মাজটো দ অলপ হ’ব লাগে, যাতে পানী ধৰি ৰাখিব পাৰে ৷ Contributed by: Biraj Kumar Kakati on 2008-07-28
Idiom ফকৰা-যোঁজনা
ছোৱালীৰ চিকণ যোগী, গাইৰ চিকণ মুগী; ডাইলৰ চিকণ মাটি, শয়নৰ চিকণ পাটি; টেঙাৰ চিকণ ঔ, মাছৰ চিকণ ৰৌ; সমন্ধৰ চিকণ বৌ, বাচনৰ চিকণ টৌ; শাকৰ চিকণ লাই, মুদ্ৰাৰ চিকণ পাই; জলাৰ চিকণ আদা, চেনেহৰ চিকণ দাদা; কথাৰ চিকণ ৰস, চাকৰৰ চিকণ বশ; ফলৰ চিকণ কল, হোঁকাৰ চিকণ নল; মুখৰ চিকণ গুৱা, টোপনিৰ চিকণ পুৱা; পানীৰ চিকণ পানীপৰুৱা, মাছৰ চিকণ মোৱা; বিয়াৰ চিকণ বৰকইনা, হোমৰ চিকণ ধোঁৱা ৷
These sayings describes the best of everything in various aspects of our daily life.এই তুলনাবোৰে দৈনিক জীৱনৰ বিভিন্ন বিষয়ত উত্তম বস্তুৰ আভাস দিয়ে ৷ যেনে মাটি ডাইলৰ সোৱাদ ডাইলৰ ভিতৰত সৰ্ব্বোত্তম ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
আহু চাবা গধূলি, শালি চাবা পুৱা, জাকৈ বাওঁতে ছোৱালী চাবা কোন কেনেকুৱা।
One should see the growth of `Ahu` paddy in the evening and that of `Sali` in the morning. Similarly, one has to look for a bride when girls are fishing.আহু ধান গধূলি চাব লাগে, আনহাতে শালি ধান ৰাতিপুৱা চাব লাগে। ঠিক তেনেদৰে ছোৱালী চাবলৈ হলে জাকৈ বাই থকা অবস্থাত চাব লাগে। (ডাকৰ বচন) Contributed by: Biraj Kumar Kakati on 2008-07-28
Idiom ফকৰা-যোঁজনা
ছোৱালীৰ চুটি, বাঢ়নীৰ বুটি (ডাকৰ বচন)
A broomstick is more comfortable to use when it is used for some time and it becomes shorter, likewise it is said shorter girls are more efficient.চুটি-চাপৰ ছোৱালী বেছি কাজি বুলি ধৰা হয়, ঠিক তেনেকৈ বাঢ়নীটাৰ বুটি (অৰ্থাৎ চুটি) হ’লে সাৰিবলৈ বেছি সুবিধা হয় Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা
ফাগুনৰ পছোৱাই দুৱাৰ মেলে, বৰলাৰ গাত জগৰ লাগে৷
A person of having suspicious condition comes into the circle of blame, may he happens to be honest one or innocent about the evil deed done by someone else.পশ্চিমৰ পৰা পূৱলৈ বোৱা বতাহ জাকক পছোৱা বুলি কোৱা হয়৷ এই বতাহ জাকে দুৱাৰ মেলিলেও বৰলাই আহি ঘৰৰ কোনোবা জীযৰী/বোৱাৰীক কিবা অশালীন ব্যৱহাৰ কৰিছে নেকি এনে সন্দেহ কৰা হয়৷ অৰ্থাৎ যিজনৰ স্থিতি সন্দেহজনক, নিৰপৰাধী হ’লেও তেনে লোককে সন্দেহৰ চকুৰে চোৱা হয়৷ Contributed by: Sitaram Upadhyaya on 2015-09-03
Idiom ফকৰা-যোঁজনা
আছিলো বামুণ হ`লো নটা৷ ছোৱালী আনিলো গো-চাল কটা ৷
This idiom is used to refer to a person indulging in something contradictory to social customs and traditions.আগৰ দিনত ব্ৰাহ্মণে নচা অথবা মুচিয়াৰৰ দৰে তথাকথিত নীহকূলীয়া ছোৱালী বিয়া কৰোৱাটো সমাজ-বিৰুদ্ধ গৰ্হিত কাম বুলি ভবা হৈছিল ৷ গতিকে এই যোজনাটো সামাজিক পৰম্পৰা উলংঘা কৰাৰ অৰ্থত ব্যৱহাৰ হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-26