Donate

Please enter word or phrase to be searched and hit 'search' key.


অ (41)আ (58)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (8)ঢ (11)ত (17)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (21)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)
Submit New Proverb, Idiom, Phrase OR Riddle

Proverbs containing the word "ঙ"

Idiom ফকৰা-যোঁজনা

গোহালি পোৰা গৰু ৰঙা মেঘ দেখিলেও চকি উঠে৷

Once someone experiences a disastrous condition, he gets alerted even by a little signal of such a condition in future.
গোহালিত জুই লাগি বেয়াকৈ চক খোৱা গৰুৱে যেনেকৈ ৰঙা মেঘে আকাশ পোহৰাই তুলিলে জুই লগা বুলি ভয় খায় ঠিক তেনেকৈ এবাৰ কোনো বিপদৰ সন্মুখীন হোৱা মানুহে বিপদৰ সামান্য উমান পালেই চক্ খাই উঠে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2016-04-13
Idiom ফকৰা-যোঁজনা

ফোপ দাঙ্গ (দাং), ধান নাইকিয়া সুদা চাঙ্গ (চাং)

A person who does not have anything, still keeps on boasting about himself.
একো নথকা মানুহ, যি নিজকে যহাই ফুৰে ৷ Contributed by: Barnali Deuri Bora on 2010-11-10
Phrase খণ্ডবাক্য

টঙালি বান্ধ ৷

To be in firm determination for achieving the goal.
গন্তব্য স্থানত উপনিত হ\'বলৈ বা উদ্দেশ্যত সফল হ\'বলৈ দৃঢ়ভাবে মন স্থিৰ কৰ্৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-11
Idiom ফকৰা-যোঁজনা

অঙঠা খালে এঙাৰ শৌচ কৰিব লাগে ৷

Ill deeds always end up with harmful results.
বেয়া কাম কৰিলে সদায় ক্ষতিকাৰক পৰিণাম পোৱা যায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-21
Idiom ফকৰা-যোঁজনা

চুঙা চাই সোপা

Tit for tat
কোনো লোকৰ চতুৰ কথা বা কাৰ্য্যক অধিক বুদ্ধিমত্তাৰে উত্তৰ দিয়া | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-02
Idiom ফকৰা-যোঁজনা

টেঙা আম বজাৰত এবাৰহে বেছিব পাৰি |

One can not cheat a person again and again .
এবাৰ মিঠা বুলি টেঙ্গা আম বেছা দোকানীৰ পৰা দ্বিতীয় বাৰ কোনেও আম নিকিনে | সেইদৰে কাৰোবাক এবাৰ ঠগিলে তেওঁ সেইজন ব্যক্তিৰ ওপৰত আৰু দুনাই কেতিয়া বিশ্বাস নকৰে | অৰ্থাৎ মানুহক এবাৰহে ঠগিব পাৰি | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-20
Phrase খণ্ডবাক্য

ফোপজহী ৰঙাই

A vain person who boasts about himself.
বৰকৈ ফিতাহি মাৰি ফুৰা লোক Contributed by: Barnali Deuri Bora on 2010-11-10
Idiom ফকৰা-যোঁজনা

নলগা জেঙত লগা

wasting time by doing unnecessary things
অদৰকাৰী কামত লাগি অবাবত সময় নষ্ট কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-30
Idiom ফকৰা-যোঁজনা

এঙনিতে জেঙনি, তাইৰ নাম সতী; একুৰি এটা ল’ৰা পায়, নামত নাই পতি

This idiom is used in reference to a woman or girl with bad character.
অসৎ চৰিত্ৰৰ তিৰোতা বা ছোৱালীক বুজাবলৈ এই যোজনাটো ব্যৱহাৰ কৰা হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-25
Idiom ফকৰা-যোঁজনা

শিয়ালৰ কান্ধত মঙহৰ ভাৰ৷

Entrusting the duty of something to someone, who is greedy for the same.
যাৰ যি বস্তুৰ প্ৰতি লিপ্সা বেছি তেনে লোকক সেই বস্তুৰ তদাৰক কৰিবলৈ দিয়া। Contributed by: Sitaram Upadhyaya on 2015-02-22
Idiom ফকৰা-যোঁজনা

যুঁজিবলৈ আহিলে মাল, দুইহাতে ছিঙিলে বাল ৷

A person who is over conceited about his capabilities.
মল্লযোদ্ধা আহিল যুঁজিবলৈ, কিন্ত দুয়ো হাতেৰে নিজৰ চুলিহে ছিঙিব পাৰিলে ৷ অৰ্থাৎ মইবৰ ভাৱ থকা বা অহঙ্কাৰী লোক, যি নিজকে মিছাতে বহুত গুণৰ অধিকাৰী বুলি ভাবে ৷ Contributed by: Barnali Deuri Bora on 2010-11-10
Idiom ফকৰা-যোঁজনা

কটা ঘাত / গেলাত টেঙা দিয়া অথবা কটা ঘাত চেঙা তেল দিয়া

To inflict physical or mental injury to someone, who has been already suffering.
দুখ-কষ্ট ভোগ কৰি থকাজনক অধিক কষ্ট দিয়া Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা

যেনে কুকুৰ তেনে টাঙোন অথবা, যেন্ কুকুৰ তেন‌্ টাঙোন

Tit for tat
যি যেনে ব্যৱহাৰৰ যোগ্য তাক তেনে ব্যৱহাৰ দিয়া। Contributed by: Dr. Armaan U. Muzaddadi on 2008-09-26
Idiom ফকৰা-যোঁজনা

গোৰ মাৰি গঙ্গাত পেলোৱা

one gets benefited from the act of revenge from the other
গোৰ মৰা হয় শাস্তি বিহিবলৈ, কিন্তু সেই গোৰেই যদি গঙ্গাত পেলায়, তেন্তে গঙ্গাস্নান কৰি উপকৃতহে হোৱা যায়। অর্থাৎ শাস্তি বিহাৰ অভিপ্রায়েৰে কৰা কার্যৰ দ্বাৰা কাৰোবাৰ মঙ্গল সাধন হোৱা। Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Idiom ফকৰা-যোঁজনা

নাও বুৰিলেও/ডুবিলেও টিঙৰ পৰা ননমা।

People who never gets rid of their boast even in the time of great danger.
যিমানেই যি নহওক, কোনো পৰিস্থিতিতে সৰু নোহোৱা মতগৰ্বী স্বভাৱ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা

আলহীয়ে বিচাৰে শাকত লোণ ধান কিনাই বিচাৰে ডাঙৰ দোন

Salt was very expensive in earlier days still guests loved when their curry was preapared with salt and a paddy- buyer wants larger vessels for storing them , which mean every one wants their own objectives to be fulfilled.
আগৰ কালত লোণ বৰ মহঙা হোৱা বাবে সাধাৰণ ৰাইজে লোণৰ সলনি খাৰহে ব্যৱহাৰ কৰিছিল আৰু আলহী বা অঙহী-বঙহী আহিলেহে লোণেৰে ভাতসাজ খাইছিল ৷ আটকীয়া বুলি জানিও আলহীয়ে লোণকণ হলেহে ভাল পায় আৰু ধান কিনোতাই থবলৈ ডাঙৰ দোন বিচাৰে ৷ অৰ্থাৎ সকলোৱে নিজৰ স্বাৰ্থকহে প্ৰাধান্য দিয়ে ৷ Contributed by: Barnali Deuri Bora on 2010-11-23
Idiom ফকৰা-যোঁজনা

ভঙা ভৰি গাঁতত পৰে ৷

Broken leg falls in the potholes. When sorrow comes, comes more and more.
সমান মসৃন ৰাস্তাত খোজ কাঢ়ি যাওতে,হঠাৎ ভাল ভৰি গাঁতত পৰিলেই কষ্ট পোৱা যায় আৰু যদি ভঙা ভৰি গাঁতত পৰে কষ্ট অসহনীয় হৈ উঠে l সচৰাচৰ ভঙা ভৰিখনহে গাঁতত বেছিকৈ পৰে ৷ অৰ্থাৎ মানুহৰ জীৱনত যেতিয়া এবাৰ দুখ-কষ্ট বা বিপদ আহে, একে সময়তে আৰু অধিক বিপদ আহে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-20
Idiom ফকৰা-যোঁজনা

ছোৱালীৰ চিকণ যোগী, গাইৰ চিকণ মুগী; ডাইলৰ চিকণ মাটি, শয়নৰ চিকণ পাটি; টেঙাৰ চিকণ ঔ, মাছৰ চিকণ ৰৌ; সমন্ধৰ চিকণ বৌ, বাচনৰ চিকণ টৌ; শাকৰ চিকণ লাই, মুদ্ৰাৰ চিকণ পাই; জলাৰ চিকণ আদা, চেনেহৰ চিকণ দাদা; কথাৰ চিকণ ৰস, চাকৰৰ চিকণ বশ; ফলৰ চিকণ কল, হোঁকাৰ চিকণ নল; মুখৰ চিকণ গুৱা, টোপনিৰ চিকণ পুৱা; পানীৰ চিকণ পানীপৰুৱা, মাছৰ চিকণ মোৱা; বিয়াৰ চিকণ বৰকইনা, হোমৰ চিকণ ধোঁৱা ৷

These sayings describes the best of everything in various aspects of our daily life.
এই তুলনাবোৰে দৈনিক জীৱনৰ বিভিন্ন বিষয়ত উত্তম বস্তুৰ আভাস দিয়ে ৷ যেনে মাটি ডাইলৰ সোৱাদ ডাইলৰ ভিতৰত সৰ্ব্বোত্তম ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা

সজৰ লগত সজ সঙ্গতি, মধুক কৰিলো পান, বিক্ৰমাদিত্যৰ মূৰত উঠি গঙ্গাত কৰিলো স্নান ৷

In the association of honest persons people learn good things and can make their life more meaningful.
সৎ সঙ্গত থাকিলে মানুহে ভাল কথা শিকিব পাৰে আৰু জীৱন যাপনৰ মানো উন্নত হয় ৷ Contributed by: Barnali Deuri Bora on 2010-11-08
Idiom ফকৰা-যোঁজনা

পাবা চৰাই ভাঙিবা পাখি, বঢ়া ভাত নথ’বা ৰাখি |

One should do the work in time, otherwise he may miss the opportunity.
সময়ৰ কাম সময়ত কৰি যাব লাগে | সুযোগ পাওঁতেই নকৰিলে কাম সমাধা নহয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা

ডাঙৰৰ হ’লে লীলা, সৰুৰ হ’লে বান্ধি ধৰি কিলা

If a powerful or influential person commits something wrong, people are afraid to point out or raise voice, however, if weak person commits the same, he is punished.
ডাঙৰ বা সামৰ্থবান লোকে বেয়া কাম কৰিলেও মানুহে বা সমাজে তাত মাত মাতিবলৈ বা দোষ ধৰিবলৈ ভয় কৰে৷ কিন্তু একে দোষতে সৰু অৰ্থাৎ যোত্ৰহীনজনক শাস্তি দিয়া হয়৷ Contributed by: Bikram M Baruah on 2025-03-01
Idiom ফকৰা-যোঁজনা

একেটা চোঙত দুটা বাঘ নাথাকে ৷

Two tigers cannot live together in a single den. Similarly, two quarrelsome or cantankerous persons cannot stay together peacefully.
একেটা চোঙত যেনেকৈ দুটা বাঘে সহবাস কৰিব নোৱাৰে, ঠিক সেইদৰে দুজন কাজিয়াখোৰ বা হিংসুক ব্যক্তি একে ঠাইত থাকিব নোৱাৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-19
Idiom ফকৰা-যোঁজনা

বাৰী-চুকৰ পুখুৰীটো সিঁচোতেও শিঙিয়ে বিন্ধে |

One has to face a lot of problems or obstacles while attempting to do something; but nothing can be achieved if he remains idle apprehending them.
যিকোনো এটা কাম কৰিবলৈ যাওঁতে সৰু-ডাঙৰ নানানটা বাধা-বিঘিনিৰ সন্মুখীন হ’বলগীয়া হয়; কিন্তু তালৈ ভয় কৰি বহি থাকিলে কোনো কাম সিদ্ধ নহয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা

লঙ্কালৈ গ’লে আটায়ে ৰাৱণ হয় |

Power can make a man turn into devil. A good man can also do evil when he gets power.
ক্ষমতাই মানুহক অমানুহ কৰি তোলে | ভাল মানুহ এজনো ক্ষমতা পালে ৰাৱণৰ দৰে পাপীলৈ পৰিবৰ্তন হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা

চিনাকি চাউদাঙেহে মানুহ কাটে

Only a known person or one who is very close to someone usually hurts or causes harm.
চিনাকি অথবা পৰিচিত ব্যক্তিয়েহে সাধাৰণতে মানুহৰ অপকাৰ কৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-30
Idiom ফকৰা-যোঁজনা

হাবুঙত বোলে লোণৰ সস্তা, দেহাৰ বা কি অৱস্থা!

One cannot hanker after savings through buying desired items only for the sake of its cheap availability. do not depend on uncertain situation.
কোনো এখন ঠাইত (হাবুং) বিশেষ বস্তু(লোণ) সস্তাত পোৱা যাব পাৰে, কিন্তু তাৰ বাবে দৈহিক আৰু আৰ্থিক সামৰ্থ, মানসিক স্থিতি থকাৰ লগতে পৰ্যাপ্ত সময় হাতত থাকিলেহে সেই ঠাইলৈ গৈ সেই বিশেষ বস্তুটো কিনি অৰ্থ বচাব পাৰি ৷ অৰ্থাৎ সস্তাত পালেই মানুুহে যিকোনো বস্তু যিকোনো সময়ত কিননিব নোৱাৰে । অজান(হাবুং) ঠাইলৈ গ\\\'লে বজাৰ কৰিম বুলি যাব নালাগে, কাৰণ সেই ঠাইৰ নিয়ম-নীতি আমি নাজানো, অনিশ্চত কথাবোৰ(দেহাৰ বা কি অৱস্থা) আছেই৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-15
Idiom ফকৰা-যোঁজনা

বাল ছিঙোতে মহা মৰিল, মই বোলো মহা ৰণত হে পৰিল ৷

Exaggerating a small matter out of proportion.
সৰু কথা এটাকে সজাই পৰাই বহুত ডাঙৰ কৰা ৷ Contributed by: Barnali Deuri Bora on 2010-11-19
Idiom ফকৰা-যোঁজনা

আইৰো বার্তা, গঙ্গাৰো যাত্রা

A daughter usally loves to visit her home after her marriage; while going for pilgrimage if she can visit her mother, then joy knows no bounds. It implies performing two satisfying jobs on a single occassion.
গঙ্গা যাত্রা কৰোঁতে অর্থাৎ তীর্থ ভ্রমণ কৰিবলৈ যাওঁতে বিয়া দিয়া ছোৱালীয়ে যদি মাকৰ ঘৰতো সোমাই মাকৰ খবৰ লৈ আহিব পাৰে, তেতিয়া হ’লে আনন্দৰ সীমা নাথাকে৷ গতিকে এই ফকৰা-যোজনাটোৱে একে আয়াসতে দুটা মনে বিছৰা কাম সমাধা হোৱা বুজায়৷ Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা

উইচিৰিঙাই ৰঙতে উৰে, হুৰমুৰকৈ পুৰি মৰে ।

all that glitters is not gold.
ভাল উজ্জ্বল বস্তু দেখিলেই কামৰ বস্তু বুলি ভবা অনুচিত । Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-07-27
Idiom ফকৰা-যোঁজনা

শ ঘাপেৰে হয় নাঙল আৰু একে ঘাপে হয় খৰি।

It needs lot of hard work, care, time and perverance to construct or build a good thing, institute or relationship; but a careless gesture needs no time to destroy it.
বাঢ়ৈয়ে নাঙল এখন বনাবলৈ যাওতে কাঠ এচলাত বহু সতর্কতাৰে শ শ বাৰ হাতিয়াৰৰ ঘাপ দিবলগীয়া হয় আৰু ইয়াৰ বাবে বহু সময় খৰচ কৰিবলগীয়া হয়, কিন্তু এটি মাত্র অসতর্কতাৰে দিয়া ঘাপে নাঙলখনক ক্ষন্তেকতে খৰিলৈ পৰিবর্তন কৰি দিয়ে। একেদৰে অতি কষ্টেৰে আৰু বহু সময়ৰ অধ্যৱসায়েৰে তৈয়াৰ কৰা কোনো বস্তু, সংস্থা, অনুষ্ঠান অথবা পাৰিবাৰিক সম্পর্ক আদি এটি মাত্র অসৱধানতাপূর্ণ কথাই, কর্মই বা পদক্ষেপে ক্ষন্তেকতে থানবান কৰি দিব পাৰে। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-24
Idiom ফকৰা-যোঁজনা

তিনিশ ষাঠি জোপা ৰুবা কল, মাহেকে পষেকে চিকুণাবা তল; পাত, পচলা লাভত খাবা, লঙ্কাৰ বণিজ ঘৰতে পাবা ৷ আঠিয়াত গোবৰ, মনোহৰত জাবৰ; পুৰাত ছাই, মালভোগত খাই ৷

This proverbial saying depicts the benefit of banana cultivation and the care needed for it. If a cultivator plants 360 numbers of banana plants in his garden, in addition to making a good business out of it, he can also use its byproducts profitably.
এই ডাকৰ বচনটোত কল খেতিৰ উপকাৰিতা আৰু ল’বলগীয়া যতনৰ কথা কোৱা হৈছে ৷ তিনিশ ষাঠি জোপা কল ৰোৱা খেতিয়কে আন বেপাৰ-বাণিজ্য নকৰাকৈ সম্পত্তিশালী হোৱাৰ উপৰি কলৰ পাত-পচলা আদি ব্যৱহাৰ কৰিও লাভান্বিত হ’ব পাৰে ৷ আঠিয়া কলৰ খেতিত গোবৰ, মনোহৰ কলত জাবৰ, পুৰা কলত ফুট-ছাই আৰু মালভোগত খলিহৈ প্ৰয়োগ কৰিলে ভাল ফল পোৱা যায় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-09
Idiom ফকৰা-যোঁজনা

হয় গুৱাহাটী নহয় ৰঙামাটি ।

In do-or-die manner,desperately.
মৰণপণ কৰি, প্ৰাণটাকি কৰা কাম । Contributed by: Anjali Sonowal on 2008-06-25
Idiom ফকৰা-যোঁজনা

কেও মৰে ছালে-হাঁড়ে, কেও মৰে মঙহ ভাৰে |

What a diverse fate of human beings on earth! While some people die of hunger and malnutrition, others die due to over-eating.
পৃথিৱীত মানুহৰ কেনে বিচিত্ৰ জীৱন ! কোনোৱে খাবলৈ নাপাই হাঁড়ে-ছালে লাগি মৰে আৰু আন কোনোৱে মঙহৰ ভৰত মৰে অৰ্থাত্‍ অধিক ভোজনৰ ফলত মৃত্যু মুখত পৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা

পাঁচো আঙুলিৰে খায়, বুঢ়াই হেঁচুকিলেহে যায়৷

To accomplish a task, we need experience and capability. Without these, all efforts are useless.
কোনো এটা কাম সম্পন্ন কৰিবলৈ অভিজ্ঞতা, শক্তি আৰু সামৰ্থ্যৰ প্ৰয়োজন৷ ইয়াৰ অবিহনে যিমানেই যত্ন কৰা নহওক কিয়, কামটোৰ সফলতা অসম্ভৱ৷ Contributed by: Hemanta Saikia on 2009-03-01
Idiom ফকৰা-যোঁজনা

ছাঁই পেলাওঁতে প্ৰয়োজন ভঙা কুলাৰ ৷

Scapegoat of the family.
ভঙা কুলাৰ পৰিস্কাৰ-পৰিছন্নতা বা সামৰি-সিটৰি ৰখাৰ প্ৰতি কোনেও যত্ন নলয়, কিন্তু চৌকাৰ ছাঁই পেলোৱাৰ সময়ত সেইখন কুলা নহ'লেই নচলে, কাৰণ ছাঁয়েৰে ভৰা চৌকাখন খালি নকৰি চৌকাত জুই ধৰিব নোৱাৰি৷ একেদৰে পৰিয়াল, অনুষ্ঠান আদিৰ কোনো ব্যক্তিবিশেষক আমোদজনক বা সন্মানজনক কামত ভাগ লবলৈ নিদি (বা পৰিয়ালৰ সুখৰ ভাগ নিদি) কেৱল নিৰস- নিৰানন্দদায়ক কামৰ সময় আহিলতহে স্মৰণ কৰা হয়, এনে অৰ্থত ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-08
Idiom ফকৰা-যোঁজনা

ফটা হওক, চিটা হওক, পাটৰ টঙালি; কণা হওক, কুঁজা হওক, ভূঞাৰ পোৱালি |

Silk cloths are considered valuable even when torn and a person of Bhuyan family commands respect even if he is blind or has an arched back. It means that social recognition of a person often depends on his family background.
ফটা-চিটা হ’লেও পাটৰ টঙালিৰ আদৰ আছে, ঠিক তেনেকৈ কণা-কুঁজা হ’লেও ভূঞা বংশজাত লোকৰ সামাজিক মৰ্যাদা আছে | অৰ্থাত্‍ মানুহৰ সামাজিক প্ৰতিপত্তি বহুক্ষেত্ৰত বংশ পৰিচয়ৰ ওপৰতো নিৰ্ভৰ কৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা

গছত গৰু উঠা আৰু হোলোঙাৰে কাণ খজুৱা কথা

useless absurd ideas
নাভূত নাশ্রুত/অবান্তৰ কথা Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা

হাতী চুৰ কৰি নিয়ে বাটে বাটে বেঙেনা চোৰক ধৰে, নাকটো কাটিলে লাজ নালাগে নখটো কাটিলে মৰে।

People with money or power or under political shelter escapes from punishment even after committing big crimes and the poor thieves are caught & punished. Likewise some people are not ashamed even when their name is maligned for bad work but seems to be grieving from a trifle.
ডাঙৰ দুষ্কাৰ্য্য কৰি কিছুমান মানুহে সমাজত বৰ মানুহ বোলাই থাকে; অথচ সৰু-সুৰা চোৰেহে শাস্তি পায়। ঠিক তেনেকৈ ডাঙৰ অপমান পায়ো কিছুমানে কেৰেপ নকৰে কিন্তু সৰু কথা একোটাতে বৰ লাজ পোৱা যেন দেখুৱায়। Contributed by: Barnali Deuri Bora on 2010-11-20
Phrase খণ্ডবাক্য

ডিঙিত জৰি লাগ ৷

Fie on thee, to get trapped into conspiracy or entangled into complicacies.
ষড়যন্ত্ৰৰ বলি হৈ বিপদত পৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

জহলৈ নমৰোঁ, মহলৈ মৰোঁ, ফটা আঁঠুৱাখন টিঙালিকৈ তৰোঁ।

Penny wise but pound foolish
গৰমত (?জ্বৰ) নমৰোঁ, মহৰ ভয়ত মৰোঁ, কিন্ত ফটা আঁঠুৱাখন বহুত ওখকৈ তৰোঁ, অৰ্থাৎ তলেদি মহ সোমায়েই থাকে। পাতি পইচাৰ হিচাব ৰখা কিন্তু টকাৰ বা ডাঙৰ খৰচৰ হিচাব নৰখা। Contributed by: Barnali Deuri Bora on 2010-11-10
Phrase খণ্ডবাক্য

সাত ঘাটৰ চেঙেলি

cunning, clever or devious
অতি টেঙৰ বা ধূৰ্ত্ত Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-30
Idiom ফকৰা-যোঁজনা

ফিৰিঙতিৰ পৰাই খাণ্ডব দাহ হয় ৷

A big forest can burn and turn into ashes even from an ember. Similarly, as a consequence of one small mistake, one may suffer from a big problem.
এটা মাত্ৰ জুইৰ স্ফুলিঙ্গৰ পৰাই খাণ্ডবৰ দৰে এখন বৃহৎ অৰণ্য পুৰি চাৰখাৰ হৈ যাব পাৰে ৷ ঠিক সেইদৰে মানুহে কৰা একোটা সাধাৰণ ভুলে ডাঙৰ বিপদ মাতি আনিব পাৰে ৷ এতেকে কোনো কথাকে গুৰুত্বহীন বুলি হেয় জ্ঞান কৰিব নালাগে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-27
Idiom ফকৰা-যোঁজনা

জোলোঙাৰ মেকুৰী বাহিৰ ওলাল

Let the cat out of the bag : A secret is being disclosed
আচল কথাটো বা সত্যটো এতিয়াহে প্ৰকাশিত হ’ল Contributed by: Rupankar Mahanta on 2008-09-04
Phrase খণ্ডবাক্য

বেঙে মূতা গৰু

a frightened and perplexed man
ভয়ত অস্থিৰ হোৱা মানুহ (বেঙৰ মূত গৰুৰ গাত পৰিলে গৰুটো কঁপি-জঁপি অস্থিৰ হৈ মাটিত পৰি যায় বুলি জনবিশ্বাস প্ৰচলিত আছে ৷) Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-06-25
Idiom ফকৰা-যোঁজনা

আঠুৰ মঙহ বুকুত নেলাগে।

A person cannot be very close to another person who has a highly different set of cultural characters
যেনেদৰে বুকুৰ মঙহ যিমান আপোন, সিমান আপোন আঠুৰ মঙহ হব নোৱাৰে, একেদৰে বিজাতীয় বা পৰ মানুহ কেতিয়াও নিজ মানুহৰ দৰে আপুন হব নোৱাৰে। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা

গৰুৱে নেজ ডাঙিলে গোবৰহে ওলায়৷

Cow lift his tail only to yeild excreta. An idiot tries many things yeilding no good result
মুৰ্খই যিয়েই নকৰক ভাল ফল দিব নোৱাৰে৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-19
Idiom ফকৰা-যোঁজনা

খঙত পেট কাটি ছমাহলৈ শুকনি খোৱা

Anger is not only harmful to others, but also harms own. So, one should keep him/herself calm so that anger does not harm anyone.
খং মানুহৰ ঘোৰ শত্ৰু৷ বাছিকৈ খং উঠিলে মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায়৷ কেতিয়াবা নিজকে পাহৰি যায়, আৰু কেতিয়াবা এনে হয় যে খঙৰ জালত কি কৰিছে নিজেই ক'ব নোৱাৰা হয়৷ এনে অৱস্থাত কেতিয়াবা আনৰ অনিষ্ট কৰিব নোৱাৰি নিজৰ পেটকে কাটি লয়৷ খং যেতিয়া মাৰ যায়, তেতিয়াহে অনুশোচনা আহে আৰু কৃতকৰ্ম্মৰ বাবে অনুতাপত ভুগিব লগা হয়৷ নিজৰ পেটৰ ঘা শুকুৱাবলৈ পাছত ছ'মাহ বা তাতোকৈ বেছিদিন শুকনি (ঔষধ) খাব লগা হয়৷ ইয়াৰ দ্বাৰা ইয়াকে বুজাব খুজিছে যে খঙৰ জালত মানুহে আনৰ অনিষ্ট সাধন কৰেই, নিজৰো অনিষ্ট সাধন কৰি কষ্টভোগ কৰিব লগা হয়৷ সেইবাবে মানুহে খঙক লাই নিদি সদায় দমাই ৰাখিবলৈ চেষ্টা কৰা উচিত৷ Contributed by: Chandan Kumar Borah on 2011-08-15
Idiom ফকৰা-যোঁজনা

অতি দৰ্পে হত লঙ্কা

Too much boosting can invite your end
অতিপাত অহঙ্কাৰে সকলোৰে বিনাশ মাতি আনে ৷ ৰাৱণৰ অহঙ্কাৰৰ ফলতে লঙ্কা নগৰী ধ্বংস হৈছিল ৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা

অজ্ঞানীক জ্ঞান দি মনত পালোঁ কষ্ট, কণীবোৰ ভঙাই পেলাই বাহো কৰিলোঁ নষ্ট |

The monkey is considered as a very stupid animal. Some birds advised the monkeys to build their home showing their own nests. But the monkeys thought that they were just insulted by the birds by giving this advice and so they broke their eggs and destroyed the nests. Through this proverb, it is said that one should not try to advise a fool, as he may take it otherwise and can cause harm in turn.
বান্দৰ অতি মূৰ্খ প্ৰাণী | বৰষুণত তিতি-বুৰি জুপুৰি দিয়া বান্দৰবোৰক টোকোৰা চৰাইবিলাকে নিজৰ উদাহৰণ দেখুৱাই বাহ সাজিবলৈ উপদেশ দিছিল | কিন্তু মূৰ্খ বান্দৰবোৰে উপহাস কৰা বুলি ভাবি টোকোৰাৰ কণীবোৰো নষ্ট কৰিলে আৰু বাহবোৰো ভাঙিলে | ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে মূৰ্খবোৰক সজ উপদেশ দিবলৈ যাওঁতে কেতিয়াবা সিহঁতে ভুল বুজি উপদেশকাৰীৰহে অনিষ্ট সাধন কৰে | গতিকে মূৰ্খক উপদেশ দিয়াটো অৰ্থহীন | Contributed by: Biraj Kumar Kakati on 2008-03-28
Idiom ফকৰা-যোঁজনা

আপোনাৰ নাক কাটি সতিনীৰ যাত্রা ভঙ্গ কৰা |

Even harming oneself, one wants to take revenge on his/her opponent or rival.
সতিনীক সাধাৰণতে সকলোতকৈ বেছি শত্ৰু বুলি জ্ঞান কৰা হয়। সেয়ে সতিনী মাকৰ ঘৰলৈ যোৱাৰ সময়ত আন জনীয়ে প্রয়োজন হ'লে নিজৰ নাক কাটি হলেও যাত্রা ভংগ কৰাবলৈ কুন্ঠাবোধ নকৰে।
ইয়াৰ দ্বাৰা প্রয়োজন হ'লে নিজৰ ক্ষতি কৰি প্ৰতিদ্বন্দীৰ অনিষ্ট কৰিবলৈও কুন্ঠাবোধ নকৰা স্বভাৱৰ বিষয়ে বুজোৱা হৈছে | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-07
Idiom ফকৰা-যোঁজনা

সাগৰত আছিল পঞ্চ জলাশঙ্খ, নেগুৰীয়া শামুকে ক’লে ময়ো তাৰে বংশ

The bigger conches of the sea are considered sacred and used by the priests to blow in religious ceremonies and to offer libations to the gods, but the small snails are not given any importance. The tendency of some people to establish and show his relationship to powerful or famous people with an intention to glorify himself has been equated to the small snail telling that it belongs to the family of the big conch.
সাগৰীয় জলাশঙ্খ আদৰৰ বস্তু কাৰণ ইয়াক মাঙ্গলিক অনুষ্ঠানত বজাবলৈ বা আহুতি দিবলৈ ব্যৱহাৰ কৰা হয় ৷ কিন্তু সাধাৰণ শামুকৰ কোনো আদৰ নাই ৷ সাধাৰণ শামুকে নিজকে জলাশঙ্খৰ বংশধৰ বুলি দাবী কৰাৰ দৰে কিছুমান মানুহে নিজৰ গুৰুত্ব বঢ়াবলৈ ডাঙৰ মানুহৰ সৈতে থকা নিজৰ আত্মীয়তা দেখুৱাবলৈ চেষ্টা কৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা

কোনো মৰে ছালে-হাড়ে, কোনো মৰে মঙহ ভাৰে

Wealth and prosperity cannot ensure peace and happiness to anybody. One may die either due to starvation and mal-nutrition, or due to obesity.
আৰ্থিক অনাটনৰ বাবে যেনেকৈ মানুহে নানান দুখ-কষ্ট ভোগ কৰিব লগা হয়, ঠিক তেনেকৈ প্ৰাচুৰ্য্যয়ো মানুহক সুখ-শান্তি আনি দিব নোৱাৰে ৷ কোনোৱে খাবলৈ নাপাই মৰাৰ বিপৰীতে আন কোনোবা আকৌ অত্যধিক ভোজন কৰাৰ ফলত মেদ-বহুলতাৰ বাবে মৃত্যু মুখত পৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-16
Idiom ফকৰা-যোঁজনা

গপতে গঙ্গাটোপ হোৱা

to be swollen with pride
ভেমত ওফন্দি থকা Contributed by: Aklantika Saikia on 2010-02-07
Phrase খণ্ডবাক্য

চুঙাৰ বাদুলি

inexperienced person
অনভিজ্ঞ ব্যক্তি Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-03
Idiom ফকৰা-যোঁজনা

অতি চালাকিৰ ডিঙিত জৰী

One who clever by half falls into a trap of his own making
বেচি চালাকি খটুৱাবলৈ গৈ নিজে বিপদত পৰিবলগীয়া হোৱা Contributed by: Pankaj Jyoti Mahanta(পংকজ জ্যোতি মহন্ত) on 2011-04-09
Idiom ফকৰা-যোঁজনা

হাতী চোৰ আগে আগে যায় বেঙেনা চোৰক ধৰি কিলায়

a big thief or criminal does not get caught or fall in trouble, only small thieves fall in trouble
ডাঙৰ অপৰাধী ধৰা নপৰে, সৰু-সুৰা অপৰাধীবোৰ হে ধৰা পৰে Contributed by: Abdul Wahab on 2008-06-05
Idiom ফকৰা-যোঁজনা

এঙাৰ ধূলেও বগা নহয়

Just like charcoal cannot be made white by washing, the basic human nature cannot be altered.
এঙাৰ যেনেকৈ ধুলেও বগা নহয়, মানুহৰ মৌলিক স্বভাৱ সলনি কৰিব নোৱাৰি৷ Contributed by: Rupankar Mahanta on 2009-12-11
Idiom ফকৰা-যোঁজনা

শালকে শিঙিয়ে হাঁহে; তয়ো এসাজী, ময়ো এসাজী, ভালেতো গৰাকী নাহে ৷

One, who himself is in distress, should not ridicule another ill-fated person.
শাল আৰু শিঙি দুয়োবিধ মাছ সাধাৰণতে মানুহে নাখায় আৰু সেইবাবে দুয়োবিধেই কামত নহা মাছ ৷ গতিকে শালক শিঙিয়ে হঁহাৰ নিচিনাকৈ দুৰৱস্থাৰ সন্মুখীন হোৱা মানুহ এজনে আন এজন দুৰ্গতক উপলুঙা কৰা অনুচিত ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-21
Idiom ফকৰা-যোঁজনা

কিনা হাঁহৰ ঠোঁটলৈকে মঙহ

Something that was bought with money should not be wasted.
মূল্য দি কিনা যি কোনো বস্তুৰ অপচয় অবাঞ্চনীয়| Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-02-09

মৰে উৰুলিপুঙা, মৰে পদুলিশুঙা, মৰে অলপ পানীৰ মাছ ।

Unsteady or frickle-minded people always suffer due to their nature. Similarly, those who indulge in gossiping and roaming around from place to place without any purpose and those with little knowledge also have the same fate.
অস্থিৰ বা থিতাপি নোহোৱা মানুহ নিজৰ স্বভাৱৰ কাৰণেই সদায় বিপদত পৰে ৷ ঠিক তেনেদৰে আনৰ ঘৰে ঘৰে কথাৰ মহলা মাৰি অনাহকত ঘূৰি ফুৰা আৰু অল্পজ্ঞানী লোকৰো একে দশা হয় ৷ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2010-02-22
Idiom ফকৰা-যোঁজনা

ভোটানত ভোট মৰিল দৰঙীৰ কি শোগ চৰিল?

no reason to worry to the unrelated matter.
কোনো সম্পৰ্ক নথকা কথাত কিহৰ মূৰ ঘমাব লাগে, লাগিলে সি যিমানে ডাঙৰ নহওক৷ Contributed by: durlav gogoi on 2012-04-01
Idiom ফকৰা-যোঁজনা

লাও যিমানেই ডাঙৰ নহওক, সদায় পাতৰ তল ৷

In spite of having talents or intellectual excellence, a dependent cannot express them properly. (Earlier it was used to indicate the social status of a woman.)
প্ৰতিভা অথবা জ্ঞান-গৰিমাৰে পৰিপূৰ্ণ হ’লেও পৰাধীন লোকে সেইবোৰ প্ৰকাশ কৰাৰ সুবিধা নাপায় ৷ (আগেয়ে এই পটন্তৰটি নাৰীৰ সামাজিক অৱস্থান বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল ৷) Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-26
Idiom ফকৰা-যোঁজনা

ঘনাই খুটিলে টিঙৰাও মাছ

The expertise of a person increases even when a small task is done repeatedly.
টিঙৰা সৰু মাছ হ’লেও, সৰহকৈ পালে তাৰেই এখালৈ হয়, দেখাত সৰু যেন লাগিলেও বাৰে বাৰে একেটা কামকে কৰি থাকিলে পিছলৈ সিয়েই মানুহৰ উপকাৰত আহে ৷ Contributed by: Barnali Deuri Bora on 2010-10-28
Idiom ফকৰা-যোঁজনা

চন্দ্ৰতো কলঙ্ক আছে

This implies that nobody is perfect. Everyone has a some shortcomings in their life.
সকলোৰে কিবা নহয় কিবা দোষ বা বিচ্যুতি থাকে ৷ এইটো সত্য কেৱল সাধাৰণ মানুহৰ বাবেই নহয়, সমাজৰ সফলতম ব্যক্তিজনৰ বাবেও ই প্ৰজোয্য ৷ Contributed by: Rupankar Mahanta on 2008-09-04
Phrase খণ্ডবাক্য

ডিঙিত ছুৰি দে ৷

To commit a great injury.
এনে কোনো ভুল বা কুকৰ্ম কৰ যি মৃত্যুৰ সমতুল্য ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

চেনেহৰ চুমাই নাকটি ছিঙিলে ৷

Something done by a well-wisher may also sometimes bring in unexpected sufferings.
কেতিয়াবা হিতে-বিপৰীত হৈ কোনোবাই মৰমতে ভাললৈ বুলি কৰা কামৰো অশুভ ফল হ’ব পাৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা

গেলাতে টেঙা দিয়া

to inflict additional injury to someone who is already suffering from pain
কষ্ট ভোগ কৰি থকা ব্যক্তিক অধিক কষ্ট দিয়া Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-04-26
Idiom ফকৰা-যোঁজনা

ভিক্ষাৰীৰ খং, জোলোঙা উদং ৷

A beggar has no choice.
ভিক্ষাৰীয়ে যদি মানুহৰ লগত খং কৰি ভিক্ষা নকৰি ঘৰত বহি থাকে, তেনেহলে ভিক্ষাৰীৰ নিজৰে জোলোঙা নভৰে আৰু ইয়াৰ দ্বাৰা আন কাৰো একো ক্ষতি নহয় ৷ অৰ্থাৎ যি মানুহ আনৰ সহায়, দয়া বা দানৰ উপৰত নিৰ্ভৰশীল তেনে মানুহৰ খং অভিমান, ঠেহ আদিৰ কোনো মূল্য নেথাকে আৰু এনে কৰিলে নিজৰে ক্ষতি হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-09-14
Riddle সাথৰ

পাৰিব নোৱৰা আম টেঙা৷

The grapes are sour.
আম গছৰ পৰা যদি আম পাৰিব নোৱৰা হয়, তেনেহ\'লে সেই আম টেঙা বুলি কৈ সান্ত্বনা লোৱা হয় ৷ অৰ্থাৎ মানুহে অৰ্জন বা হস্তগত কৰিব নোৱৰা বস্তু, খ্যাতি, ক্ষমতা আদিক অপবাদ দি বা বদনাম কৰি নিজে সান্ত্বনা লোৱা অথবা আনকো সেইমতে পতিয়ন নিয়াবলৈ কৰা চেষ্টাক বুজায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-14
Idiom ফকৰা-যোঁজনা

নাঙঠৰ নাই চোৰৰ ভয় ৷

Pauper has nothing to loose.
যি দুখীয়া-দৰিদ্ৰ তাৰ চোৰে চুৰি কৰি নিবলৈ একো বস্তু নেথাকে; তাৰ চোৰৰ ভয় নাই ৷ অৰ্থাৎ যাৰ মান সন্মান নাই, তাৰ মান হানি হোৱাৰ ভয় নাই ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

হয় গুৱাহাটী, নহয় ৰঙামাটি ৷

Strong determination to accomplish certain job by any means.
কোনো কাম সম্পাদন কৰাৰ বাবে লোৱা দৃঢ় সঙ্কল্প ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-04
Idiom ফকৰা-যোঁজনা

বুঢ়াৰ হাতত চেঙেলি পৰা ।

A cunning person cannot outwit an experienced veteran.
চেঙেলি মাছ বৰ পিচল । তাক ধৰি ৰাখিবলৈ খহটা বস্তুৰ প্ৰয়োজন ।বুঢ়া হলে মানুহৰ হাত খহটা হয় গতিকে সহজে চেঙেলি মাছ ধৰি ৰাখিব পাৰে। ইয়াৰ অৰ্থ হৈছে কোনো জনা-বুজা, জ্ঞানী, বয়োবৃদ্ধ, অভিজ্ঞ লোকৰ হাতত পৰি ধূৰ্ত লোকৰ সাৰিব নোৱৰা অৱস্থা হোৱা। Contributed by: Anjali Sonowal on 2008-07-14
Idiom ফকৰা-যোঁজনা

ৰহাৰ ৰহেদৈ, টিপামৰ ভাদৈ, শলগুৰিৰ আঘোণী বাই। তিনিও ডিঙিত ধৰি তিনিওৱে কান্দিলে, সমন্ধত একোৱেই নাই।।

Three persons from three different parts coming together for a national cause.
গদাধৰ সিংহ পলাই ফুৰোঁতে এবাৰ চোৰাংচোৱাৰ দৃষ্টিত পৰিব খুজিছিল; ৩ গৰাকী বাটৰুৱা মহিলাই ঘটনাৰ গুৰুত্ব বুজি গদাধৰক কাপোৰৰ তলত লুকুৱাই যেনিবা সম্বন্ধীয় লোকহে ঢুকাইছে, তেনে ভাৱত কান্দিবলৈ ধৰিলে৷ অৰ্থ- দেশৰ স্বাৰ্থত আপোন-পৰ পাহৰি সকলো একেলগ হ\'ব লাগে৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-20
Idiom ফকৰা-যোঁজনা

ঊণ সূতাৰ মেৰপাক ভঙা ৷

To knowingly create a problem by oneself and then struggle to find the solution.
ঊণ সূতাৰে চুৱেটাৰ আদি গোঁথাৰ সময়ত সতৰ্ক নহ\'লে সহজে বেৰি লাগে আৰু বেৰি বা মেৰপাক ভাঙিবলৈ অশেষ কষ্ট কৰিবলগীয়া হয় ৷ সেয়ে এই খণ্ডবাক্যই নিজে নিজৰ সমস্যা বঢ়াই লৈ, পাছত তাৰ সমাধান বিছাৰি হাবাথুৰি খোৱা বুজায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-06