অ (41) • আ (58) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (8) • ঢ (11) • ত (17) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (21) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Submit New Proverb, Idiom, Phrase OR Riddle
Proverbs containing the word "গাই"
Idiom ফকৰা-যোঁজনাছোৱালীৰ চিকণ যোগী, গাইৰ চিকণ মুগী; ডাইলৰ চিকণ মাটি, শয়নৰ চিকণ পাটি; টেঙাৰ চিকণ ঔ, মাছৰ চিকণ ৰৌ; সমন্ধৰ চিকণ বৌ, বাচনৰ চিকণ টৌ; শাকৰ চিকণ লাই, মুদ্ৰাৰ চিকণ পাই; জলাৰ চিকণ আদা, চেনেহৰ চিকণ দাদা; কথাৰ চিকণ ৰস, চাকৰৰ চিকণ বশ; ফলৰ চিকণ কল, হোঁকাৰ চিকণ নল; মুখৰ চিকণ গুৱা, টোপনিৰ চিকণ পুৱা; পানীৰ চিকণ পানীপৰুৱা, মাছৰ চিকণ মোৱা; বিয়াৰ চিকণ বৰকইনা, হোমৰ চিকণ ধোঁৱা ৷
These sayings describes the best of everything in various aspects of our daily life.এই তুলনাবোৰে দৈনিক জীৱনৰ বিভিন্ন বিষয়ত উত্তম বস্তুৰ আভাস দিয়ে ৷ যেনে মাটি ডাইলৰ সোৱাদ ডাইলৰ ভিতৰত সৰ্ব্বোত্তম ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
মা গুণে জী, গাই গুণে ঘিঁ৷
A daughter is always influenced by the character of her mother and builds a similar character by imitating. Similarly, the quality of ghee is dependent on the quality of the breed of cow. In other words, the outcome of any work, incident, activity is always influenced by its ancestors, be it positive or negative.কোনো এক নাৰী মাকৰ গুণৰ দ্বাৰা বৰকৈ প্ৰভাৱিত হয় আৰু চাৰিত্ৰিকভাৱে মাকৰ দৰে হয়; একেদৰে গাই এজনীৰ গাখীৰৰ গুণৰ দ্বাৰা তাৰ পৰা তৈয়াৰ কৰা ঘিঁউৰ সোৱাদ নিৰ্ণিত হয়৷ অৰ্থাৎ কোনো কাম, পৰিঘটনা আদিৰ ফলাফল কৰ্ত্তাৰ উপৰিপুৰুষৰ গুণৰ ওপৰত নিৰ্ভৰ কৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা
গাই গোটে পেটে ভঁৰাল
Selfish. One thinks about his own stomach.আপোনপেটীয়া৷ স্বাৰ্থপৰ৷ যি কেৱল নিজৰ পেটটোৰ কথাহে ভাৱে ৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-09
Idiom ফকৰা-যোঁজনা
সাত পুৰুষত নহ’ল গাই, কঁৰীয়া লৈ খীৰাবলৈ যায় |
Some people boast of themselves in such a way that even if they don`t have resources and skill, they always dream of something big only.অত্যধিক ফুটনি মৰা মানুহৰ ক্ষেত্রত এই ফকৰা ফাঁকি ব্যৱহাৰ কৰা হয়, যাৰ সামান্য কাম এটা কৰাৰ সামৰ্থ্য নেথাকে কিন্তু সদায় ডাঙৰ কামৰ স্বপ্ন দেখে | এই ফকৰা ফাঁকি ’গাত নাই ছাল বাকলি, মদ খাই তিন টেকেলি’ৰ লগত প্রায় একেই অৰ্থত ব্যৱহাৰ কৰা হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-21
Idiom ফকৰা-যোঁজনা
গাই বাই চা
Give it a try by asking/talking. Persuade by having a dialogue.কৈ মেলি চা৷ বুজাই বঢ়াই চা৷ আকৌ এবাৰ চেষ্ঠা কৰি চা৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-06