Donate

Please enter word or phrase to be searched and hit 'search' key.


অ (41)আ (58)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (8)ঢ (11)ত (17)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (21)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)
Submit New Proverb, Idiom, Phrase OR Riddle

Proverbs containing the word "ঔ"

Idiom ফকৰা-যোঁজনা

মৰণ কালত ঔষধ নাই৷

No medicine is effective at the time of death.
জন্ম মৃত্যু আৰু বিবাহ বিধিৰ লিখন বুলি কোৱা হয়৷ গতিকে মৃত্যুৰ সময়ত কোনো দৰবেই কাম নিদিয়ে৷ Contributed by: Sitaram Upadhyaya on 2014-12-20
Idiom ফকৰা-যোঁজনা

ঔষধতকৈ পথ্য ভাল ৷

Diet cures more than the doctor.
বেমাৰ হোৱাৰ পাছত আৰোগ্য হ'বলৈ ঔষধ খোৱাতকৈ, ভাল, স্বাস্থ্যকৰ আহাৰ খাই নিৰোগী হৈ থকাই শ্ৰেয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা

ঔ গছৰ মৌ

A cherished target, goal or output which is very difficult to achieve.
ঔ গছত মৌয়ে বা্‌হ ললে সেই মৌ পাৰিবলৈ কঠিন হয়, কাৰণ ঔ গছ বগাবলৈ বৰ টান, যিহেতু এই গছ বৰ ওখ আৰু পিছল হয় আৰু গা-গছত ঠাল-ঠেঙুলি নেথাকে ৷ সেয়ে মৌ খাবলৈ বৰ সুৱাদ হ'লেও ঔ গছৰ মৌৰ সুৱাদ লোৱা কঠিন কাম ৷ অৰ্থাৎ এই ফকৰাই এনে আকাংখিত কথা বা উপলব্ধিক বুজায় যাক অনায়াসে পাব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা

ঔ বিচাৰোঁতে মৌ পোৱা৷

Sudden huge gain more than expectation.
সামান্য কিবা আশা কৰি থাকোতে হঠাৎ অপৰিসীম সা-সুবিধা পোৱা৷ Contributed by: Sitaram Upadhyaya on 2015-06-28
Phrase খণ্ডবাক্য

পিঠিত ঔ পৰা

To punish someone by beating or thumping with hand or stick
হাত বা লাখুটি আদিৰে প্ৰহাৰ কৰি শাস্তি বিহা Contributed by: Dr. Armaan U. Muzaddadi on 2012-11-09
Idiom ফকৰা-যোঁজনা

ছোৱালীৰ চিকণ যোগী, গাইৰ চিকণ মুগী; ডাইলৰ চিকণ মাটি, শয়নৰ চিকণ পাটি; টেঙাৰ চিকণ ঔ, মাছৰ চিকণ ৰৌ; সমন্ধৰ চিকণ বৌ, বাচনৰ চিকণ টৌ; শাকৰ চিকণ লাই, মুদ্ৰাৰ চিকণ পাই; জলাৰ চিকণ আদা, চেনেহৰ চিকণ দাদা; কথাৰ চিকণ ৰস, চাকৰৰ চিকণ বশ; ফলৰ চিকণ কল, হোঁকাৰ চিকণ নল; মুখৰ চিকণ গুৱা, টোপনিৰ চিকণ পুৱা; পানীৰ চিকণ পানীপৰুৱা, মাছৰ চিকণ মোৱা; বিয়াৰ চিকণ বৰকইনা, হোমৰ চিকণ ধোঁৱা ৷

These sayings describes the best of everything in various aspects of our daily life.
এই তুলনাবোৰে দৈনিক জীৱনৰ বিভিন্ন বিষয়ত উত্তম বস্তুৰ আভাস দিয়ে ৷ যেনে মাটি ডাইলৰ সোৱাদ ডাইলৰ ভিতৰত সৰ্ব্বোত্তম ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা

ঔ কিল

Hitting with fist.
হস্তমুষ্ঠিৰে কৰা গধুৰ প্ৰহাৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-12-09
Idiom ফকৰা-যোঁজনা

বেতনিত ঔ পৰিল, গোবিন্দায় (বা বাসুদেৱায়) নমঃ

become unusable even before something is ready to be used
সাধাৰণতে বেতঁনিৰ কাষত ঔ-টেঙাৰ গছ থকা দেখা যায় আৰু ঔ-টেঙা পাৰোঁতে সি যদি বেতঁনিত পৰে তেন্তে তাক তাতে বিসৰ্জন দিয়াৰ বাদে অন্য উপায় নাথাকে (যেনেদৰে যজ্ঞত আহুতি দিয়াৰ সময়ত 'গোবিন্দাই নমঃ' বুলি একেবাৰে বিসৰ্জন দিয়া হয়)৷ ইয়াৰ অৰ্থ হ'ল কোনো এটা কাম বা বস্তু পুনৰ আৰম্ভ বা প্ৰাপ্ত কৰিব নোৱাৰাকৈ শেষ হোৱা ৷ অৰ্থাৎ তাক একেবাৰে বিসৰ্জন দিয়া ৷ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-13