Donate

Please enter word or phrase to be searched and hit 'search' key.


অ (41)আ (58)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (8)ঢ (11)ত (17)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (21)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)
Submit New Proverb, Idiom, Phrase OR Riddle

Proverbs containing the word "ওৰ"

Idiom ফকৰা-যোঁজনা

জেওৰাই খেতি খায় ৷

When a protector intentionally, illegally or unethically destroys or grabs the things that are kept under his custody instead of safeguarding them.
জেওৰা দিয়া হয় গৰু-ছাগলীৰ পৰা খেতি ৰক্ষা কৰিবলৈ আৰু সেই জেওৰাই যদি খেতি খাই নষ্ট কৰে, তেনেহ'লে সেই খেতিক কোনেও বচাব নোৱাৰে ৷ অৰ্থাৎ ৰক্ষকেই ভক্ষক হোৱা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-07
Idiom ফকৰা-যোঁজনা

ওৰণিৰ তলতেই জাৰজৰ জন্ম হয় ৷

Too much politeness is a cause of concern.
অসৎ তিৰোতাই অস্বাভাবিকভাবে দীঘল ওৰণি লৈ সমাজক সতীত্বৰ চানেকি দি পৰপুৰুষৰ লগত অবৈধ সম্পৰ্ক স্থাপন কৰে আৰু জাৰজ সন্তান জন্ম দিয়ে ৷ অৰ্থাৎ অতি ভক্তি চোৰৰ লক্ষণ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-12-16
Idiom ফকৰা-যোঁজনা

উৰহি গছৰ ওৰ বিচৰা

To make the speaker annoyed by asking about the roots of a story unnecessarily
কোনো এটা কথাৰ আঁতিগুৰি বিচাৰি কওঁতাজনক বিৰক্ত কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-14
Idiom ফকৰা-যোঁজনা

শুকান জেওৰা খৰি চেপি ৰস উলিওৱা

To extract fun and happiness even if somebody is in a very unhappy and disgusting situation
অতি নিৰস আৰু নিৰানন্দময় পৰিৱেশতো আনন্দৰ পৰিৱেশ সৃষ্টি কৰা । Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-02
Idiom ফকৰা-যোঁজনা

ওৰণি ল`লেই তিৰী সতী নহয় ৷

The honesty and sincerity of a person cannot be endorsed by his few good work.
কোনো নাৰীয়ে কেবল উৰনি লৈ নিজক সতী বুলি সাব্যস্ত কৰিব নোৱাৰে আৰু একেদৰে কোনো ব্যক্তিয়ে এটা-দুটা ভাল কাম কৰিয়ে নিজক সমাজত সৎ মানুহ বুলি প্ৰতিষ্ঠা কৰিব নোৱাৰে ৷ অথবা দুই-এটা ভাল কাম দেখিয়েই কোনো ব্যক্তিক সৎ চৰিত্ৰবান মানুহ বুলি ধৰি ল'ব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-22