Donate

Please enter word or phrase to be searched and hit 'search' key.


অ (41)আ (58)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (8)ঢ (11)ত (17)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (21)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)
Submit New Proverb, Idiom, Phrase OR Riddle

Proverbs containing the word "এৰা"

Phrase খণ্ডবাক্য

গা এৰা দিয়া

to severe connection or trying to avoid some responsibility
কোনো দায়িত্বৰ প্ৰতি যথাযোগ্য গুৰুত্ব প্ৰদান নকৰা বা সম্পৰ্ক এৰি চলিবলৈ চেষ্টা কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-14
Idiom ফকৰা-যোঁজনা

বৃক্ষ নথকা বনত এৰাই বটগছ ৷

In a society of ignorants, a man of little wit becomes a man of wisdom.
হাবি-বনত যদি বৃক্ষ (ওখ গছ)নাথাকে, তেন্তে এৰাগছেই বৃক্ষৰ দৰে দেখা যায়,যদিও ই ইবিধ গুল্ম জাতীয় গছ ৷ একেদৰে যি সমাজত বিজ্ঞ, জ্ঞানী বা মেধাবী লোক নাই, তেনে সমাজত সামন্য জ্ঞান বা মেধা থকা ব্যক্তিয়েই সন্মানীয় ব্যক্তি হৈ পৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-11
Idiom ফকৰা-যোঁজনা

এৰা ধৰাৰ মাজত

To overlook small mistakes, annoyances etc.
সৰু-সুৰা ভুল, খং-অভিমান আদিক আওকাণ কৰি আগবাঢ়ি যোৱা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-08-01
Idiom ফকৰা-যোঁজনা

সাপ মাৰি নেগুৰত বিষ এৰা

If you have taken on your enemy, then ensure that he is completely finished. Else he may raise his head again in future.
সাপৰ জীৱটো নেগুৰত থকা বুলি ভৱা হয় ৷ সেয়েহে সাপডাল ভালকৈ মাৰিবলৈ হ’লে কেবল মূৰত মৰিয়ালেই নহ’ব, তাৰ নেগুৰতো মাৰিব লাগিব ৷ অৰ্থাৎ শত্ৰুক সমূলংশে নিৰ্মূল নকৰিলে ভৱিষ্যতে বিপদ হ’ব পাৰে ৷ Contributed by: Rupankar Mahanta on 2008-03-20
Idiom ফকৰা-যোঁজনা

বৰগছ নথকা ঠাইত এৰা গছেই বৰগছ ৷

In the absence of intelligent and wise men, a person with little knowledge may gain importance.
জ্ঞানী-গুণী লোকৰ অনুপস্থিতিত স্বল্পজ্ঞানীজনেই সমাদৰ লাভ কৰিবলৈ সক্ষম হয়৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-26