Donate

Please enter word or phrase to be searched and hit 'search' key.


অ (41)আ (58)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (8)ঢ (11)ত (17)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (21)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)
Submit New Proverb, Idiom, Phrase OR Riddle

Proverbs containing the word "আপোন"

Idiom ফকৰা-যোঁজনা

আপোনাৰ মন যেনে, সকলোকে দেখে তেনে ৷

One who has ill feelings in his mind thinks that everyone is like him and suspects even an honest person.
যাৰ নিজৰ মনত বেয়া ভাৱ থাকে, সি আনকো তেনে বুলিয়েই ভাৱে ৷ কলুষিত মনৰ মানুহে সাধু লোককো সন্দেহ কৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-05
Idiom ফকৰা-যোঁজনা

আপোন হাত জগন্নাথ, পৰত আশ, বনত বাস |

Its better to be self dependent.
লোকৰ ওপৰত নির্ভৰ কৰাতকৈ নিজ হাতে কাম কৰা মঙ্গল | লোকে কৰিব কৰিব বুলি আশা পালি থাকোতে কেতিয়াবা মূৰামূৰি সময়ত গৈ বিপদত পৰিব লগা হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা

আপোন-নামা উত্তমা, পিতৃ-নামা মধ্যমা ৷

Self-reliance is the best policy. One, who lives on his/her father's earnings, is considered to have a personality of medium standard.
যি স্বনিৰ্ভৰশীল, তেওঁ সৰ্বোত্তম ৷ আনহাতে যি পিতৃৰ আৰ্জনৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে, তেওঁক মজলীয়া ব্যক্তিত্বৰ লোক বুলি ধৰা হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-05
Idiom ফকৰা-যোঁজনা

জী ভালেই জোঁৱাই ভাল | আপোন ভালেই জগত ভাল ||

It is easier to say about your own daughter rather then son in law. If your daughter is good then she can manage her husband to be in right position. That means, if you are good then you can influence others also to be good in nature.

জী নিজৰ সন্তান, আনহাতে জোঁৱাই লোকৰ সন্তান| গতিকে জীয়াৰীজনী ভাল নে বেয়া সতকাই ক’ব পাৰি| আনহাতেদি জীয়াৰী ভাল হ’লে জোঁৱাই বেয়া হলেও শুধৰাই ল’ব পাৰে | অৰ্থাৎ নিজে ভাল হ’লে আনেও ভাল পাব আৰু নিজ গুণৰ বলত আনকো ভাল কৰি ল’ব পাৰিব| Contributed by: Biraj Kumar Kakati on 2008-03-16
Idiom ফকৰা-যোঁজনা

আপোন ভাল পাগলেও বুজে ৷

Even a fool knows his business.
নিজ স্বাৰ্থ সকলোৱেই বুজি পায়, সি লাগিলে পাগলেই নহওক কিয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা

আপোনাৰ নাক কাটি সতিনীৰ যাত্রা ভঙ্গ কৰা |

Even harming oneself, one wants to take revenge on his/her opponent or rival.
সতিনীক সাধাৰণতে সকলোতকৈ বেছি শত্ৰু বুলি জ্ঞান কৰা হয়। সেয়ে সতিনী মাকৰ ঘৰলৈ যোৱাৰ সময়ত আন জনীয়ে প্রয়োজন হ'লে নিজৰ নাক কাটি হলেও যাত্রা ভংগ কৰাবলৈ কুন্ঠাবোধ নকৰে।
ইয়াৰ দ্বাৰা প্রয়োজন হ'লে নিজৰ ক্ষতি কৰি প্ৰতিদ্বন্দীৰ অনিষ্ট কৰিবলৈও কুন্ঠাবোধ নকৰা স্বভাৱৰ বিষয়ে বুজোৱা হৈছে | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-07
Idiom ফকৰা-যোঁজনা

আপোন ভালেই জগত ভাল |

If anyone is perfect by his own, then he will find everything perfect around him.
নিজে ঠিক থাকিলে সমগ্র পৃথিৱী খনেই ঠিক থাকে | কোন কেনেকৈ ক’ত মিলি থাকিব পাৰে সেইটো নিজৰ ওপৰতে নিৰ্ভৰ কৰে | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা

ধাই মাক আঞ্জা-ভাত, আপোন মাৰ শুদা পাত ৷

To show favouratism to someone inappropriately and deprive some other from the good things that are deserved by the person concerned.
ধাই মাতৃক বৰ মৰম দেখুৱাই ভাল ভাল আঞ্জাৰে ভাত খুৱাই, যদি আপোন মাতৃক শুদা ভাত দি বঞ্চিত কৰা হয় তেনেহ'লে দৃষ্টিকটুভাবে অনুচিত কাৰ্য হ'ব ৷ অৰ্থাৎ অযোগ্যক অনুচিতভাবে উদগনি, সহায়, মৰম আদি দিয়া আৰু যোগ্যক বঞ্চিত কৰা কাৰ্য ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14