Kinship Term in Assamese Language
অসমীয়া সম্বন্ধবাচক শব্দভাৰতীয় ভাষা সংস্থান
অসমীয়া ভাষাত সম্বন্ধবাচক শব্দবিলাকে দুই ধৰণৰ বিভক্তি লয়-
১) পুৰুষসূচক বিভক্তি
2) কাৰকবাচক বিভক্তি
উদাহৰণস্বৰূপে তলত পুৰুষসূচক বিভক্তিৰ এখন টেবুলখন দিয়া হ’ল-
সম্বন্ধবাচক শব্দ | প্ৰথম পুৰুষ মই/মোৰ | দ্বিতীয় পুৰুষ তুমি/তোমাৰ, তই/তোৰ, আপুনি/আপোনাৰ | তৃতীয় পুৰুষ এখেত, তেখেত/এখেতৰ, তেখেতৰ সি/তাৰ | |||
---|---|---|---|---|---|---|
মান্যাৰ্থ | তুচ্চাৰ্থ | উচ্চ মান্যাৰ্থ | মান্যাৰ্থ | তুচ্চাৰ্থ | ||
মা | মোৰ মা( Ø) | তোমাৰ মাৰা (-ৰা) | তোৰ মাৰ (-ৰ) | আপোনাৰ মাক (-ক) | এখেতৰ মাক(-ক)তেখেতৰ মাক | তাৰ মাক(-ক) |
দেউতা | মোৰ দেউতা ( Ø) | তোমাৰ দেউতাৰা (-ৰা) | তোৰ দেউতাৰ (-ৰ) | আপোনাৰ দেউতাক(-ক) | এখেতৰ দেউতাক (-ক)তেখেতৰ দেউতাক (-ক) | তাৰ দেউতাক (-ক) |
সম্বন্ধবাচক শব্দবিলাক কৰ্মকাৰকত (কাৰকবাচক) কিদৰে ৰূপ হয় তলত এখন টেবুলৰ সহায়ত দেখুওৱা হৈছে-
সম্বন্ধবাচক শব্দ | প্ৰথম পুৰুষ মই/মোৰ | দ্বিতীয় পুৰুষ তুমি/তোমাৰ, তই/তোৰ, আপুনি/আপোনাৰ | তৃতীয় পুৰুষ এখেত, তেখেত/এখেতৰ, তেখেতৰ সি/তাৰ | |||
---|---|---|---|---|---|---|
মান্যাৰ্থ | তুচ্চাৰ্থ | উচ্চ মান্যাৰ্থ | মান্যাৰ্থ | তুচ্চাৰ্থ | ||
মা | মোৰ মাক(-ক) | তোমাৰ মাৰাক(-ক) | তোৰ মাৰক(-ক) | আপোনাৰ মাকক(-ক) | এখেতৰ মাকক(-ক)তেখেতৰ মাকক(-ক) | তাৰ মাকক(-ক) |
দেউতা | মোৰ দেউতাক(-ক) | তোমাৰ দেউতাৰাক(-ক) | তোৰ দেউতাৰক (-ক) | আপোনাৰ দেউতাকক(-ক) | এখেতৰ দেউতাকক(-ক) তেখেতৰ দেউতাকক(-ক) | তাৰ দেউতাকক(-ক) |
বাক্যৰ সহায়ত অসমীয়া ভাষাৰ সম্বন্ধবাচক শব্দবিলাকৰ পুৰুষসূচক বিভক্তি আৰু কাৰকবাচক বিভক্তিৰ প্ৰয়োগ দেখুৱাবলৈ যত্ন কৰা হ’ল-
প্ৰথম পুৰুষত
১) মোৰ দেউতাক মাতাচোন। (দেউতা + Ø + সম্বন্ধবাচক বিভক্তি)
২) মোৰ মাক মাতাচোন। (মা + Ø + সম্বন্ধবাচক বিভক্তি)
দ্বিতীয় পৰুষত (মান্যতাসূচক)
৩) তোমাৰ দেউতাৰাক মাতাচোন। (দেউতা + পুৰুষসূচক বিভক্তি + সম্বন্ধবাচক বিভক্তি)
৪) তোমাৰ মাৰাক মাতাচোন। (মা + পুৰুষসূচক বিভক্তি + সম্বন্ধবাচক বিভক্তি)
৫) আপোনাৰ দেউতাকক মাতৰচোন। (দেউতা + পুৰুষসূচক বিভক্তি + সম্বন্ধবাচক বিভক্তি)
৬) আপোনাৰ মাকক মাতকচোন। (মা + পুৰুষসূচক বিভক্তি + সম্বন্ধবাচক বিভক্তি)
দ্বিতীয় পৰুষত (তুচ্চাৰ্থ)
৭) তোৰ দেউতাৰক মাতচোন। (দেউতা + পুৰুষসূচক বিভক্তি + সম্বন্ধবাচক বিভক্তি)
৮)তোৰ মাৰক মাতচোন। (মা + পুৰুষসূচক বিভক্তি + সম্বন্ধবাচক বিভক্তি)
তৃতীয় পুৰুষ (মান্যৰ্থ)
৯) তেখেতৰ দেউতাকক মাতচোন। (দেউতা + পুৰুষসূচক বিভক্তি + সম্বন্ধবাচক বিভক্তি)
১০) এখেতৰ মাকক মাতচোন। (মা + পুৰুষসূচক বিভক্তি + সম্বন্ধবাচক বিভক্তি)
তৃতীয় পুৰুষ (তুচ্চাৰ্থ)
১১) তাৰ/তাইৰ দেউতাকক মাতচোন। (দেউতা + পুৰুষসূচক বিভক্তি + সম্বন্ধবাচক বিভক্তি)
১২)তাৰ/তাইৰ মাকক মাতচোন। (মা + পুৰুষসূচক বিভক্তি + সম্বন্ধবাচক বিভক্তি)
পুৰুষ অনুসৰি পুৰুষবাচক বিভক্তিবিলাকৰ ৰূপ বেলেগ বেলেগ। কিন্তু লক্ষণীয় যে, প্ৰথম পুৰুষত পুৰুষসূচক বিভক্তিৰ ৰূপ নহয়। ইণ্ডো-ইউৰোপীয় ভাষা গ্ৰুপৰ ভিতৰত অসমীয়া
ভাষাত এই বৈশিষ্ট একক। উল্লেখযোগ্য, দ্বিতীয় পুৰুষৰ মান্যাৰ্থসূচক আৰু তৃতীয় পুৰুষৰ পুৰুষসূচক বিভক্তিৰ ৰূপ একেই।
মনকৰিবলগীয়া যে আজিকালি পুৰুষবাচক বিভক্তিৰ প্ৰয়োগ প্ৰায় নোহোৱা হৈছে। কথা কওঁতে এনেধৰণৰ বিভক্তিৰ প্ৰয়োগ নোহোৱাতোহে নতুন অসমীয়া ভাষাৰ বৈশিষ্ট হৈ পৰিছে। সকলো
পুৰুষতে প্ৰথম পুৰুষত ৰুপ হোৱাৰ দৰে হয়। উদাহৰণস্বৰূপে,
পুৰুষ | সম্বন্ধবাচক শব্দ | পুৰুষবাচক বিভক্তি | কাৰকবাচক বিভক্তি(কৰ্ম কাৰক) | ক্ৰিয়াপদ | বাক্যত প্ৰয়োগ |
---|---|---|---|---|---|
প্ৰথম- (মোৰ) | মা | Ø | -ক | মাতা | মোৰ মাক মাতাচোন |
দ্বিতীয় (তোমাৰ, তোৰ আ'পোনাৰ) | মা | Ø | -ক | মাত | তোমাৰ মাক মাতাচোন তোৰ মাক মাতচোন আপোনাৰ মাক মাতকছোন |
তৃতীয় (তাৰ/তাইৰ, এখেতৰ/তেখেতৰ) | মা | Ø | -ক | মাত | তাৰ মাক মাতাচোন তাৰ মাক মাতাচোন |
উল্লিখিত টেবুলখনত বৰ্তমান ভাষাৰ চলিত ৰুপটো দেখুওৱা হৈছে। দেখা গৈছে সকলো পুৰুষতে কৰ্মকাৰকত(কৰ্ম কাৰক কেৱল উদাহৰণৰ বাবেহে লোৱা হৈছে) প্ৰথম পুৰুষত ৰূপ হোৱাৰ
দৰে হৈছে। ইয়াত পুৰুষবাচক বিভক্তি লুপ্ত হৈছে। অৰ্থাৎ নতুন অসমীয়া ভাষাত পুৰুষবাচক বিভক্তিৰ ব্যৱহাৰ নোহোৱা হৈছে।
ভাষা যিহেতু পৰিৰ্ৱতনশীল। সময়ে সময়ে ভাষাত আহি পৰা বিশেষত্ববিলাক আমি অগাহ্য কৰিব নোৱাৰো। কিন্তু সেইবুলি যিকোনো ধৰণৰ পৰিৱৰ্তনবিলাকো আমি মানি ল’ব নোৱাৰো।
কিন্তু কেনেধৰণৰ পৰিৱৰ্তন গ্ৰহনযোগ্য আৰু কোনবিলাক গ্ৰহণীয় নহয় তাক সিদ্ধান্তলৈ অনাটো ভাষা এটাৰ বাবে বৰ জৰুৰি কথা।
(দ্ৰষ্টব্য- গোলোকচন্দ্ৰ গোস্বামীৰ ‘অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ’ ৰ সহায় লৈ)