Unicode > unicode-xobdo-wikipedia >

ইউনিক’ড, শব্দ, ৱিকিপিডিয়া আদি

সংবাদ মাধ্যম, ইন্টাৰনেট আদিকে ধৰি অসমৰ প্রায়বোৰ ৰাজহুৱা মঞ্চতে ইউনিক’ড আৰু অসমীয়া জাতি, ভাষা, লিপি, ইণ্টাৰনেটত অসমৰ ভাৱমূৰ্তি, অসম সম্পৰ্কীয় তথ্যৰ শুদ্ধতা আদি লৈ বিভিন্ন আলোচনা চলি থকা দেখা গৈছে। অনেক ক্ষেত্রত বিষয়টোৱে বিতৰ্কৰ ৰূপ লৈছে আৰু কোনো কোনো ক্ষেত্রত ই গৈ ব্যক্তিগত পৰ্যায় পাইছেগৈ। ফলত অসমীয়া ৰাইজৰ মনত শংকাৰ ভাব জন্ম হৈছে আৰু সমাজৰ বিভিন্ন স্তৰত ই বিভিন্ন ৰূপত দেখা দিছে, বিশেষকৈ অসমত আগৰে পৰা চলি অহা “অসমক সকলোৱে অৱহেলা কৰে” ভাৱটোৱে মূৰ ডাঙি উঠি মানুহৰ মাজত অসন্তোষৰ সৃষ্টি কৰিছে।



ই স্বাভাৱিক। মানুহ সততে নিজৰ ভাষা-সংস্কৃতি সম্পৰ্কে সচেতন আৰু সেয়ে এনে স্পৰ্শকাতৰ বিষয় লৈ ৰাজহুৱা আলোচনা কৰোতে সাবধান হোৱা উচিত, কাৰণ ফিৰিঙতিৰ পৰা খাণ্ডব দাহলৈ বেছি সময় নালাগে। অসম আন্দোলনৰ কথাবোৰ দেখোতা সকলৰ নিশ্চয় মনত আছে। অসমৰ ৰাজহুৱা কৰ্মত লিপ্ত যিকোনো ব্যক্তি, সংগঠন সচেতন হোৱা উচিত যে তেওলোকৰ মতামতে সমাজত বহুল প্রভাৱ পেলায়। সেয়ে তেওলোক মতামত প্রকাশ কৰোতে সংযমী হোৱা উচিত।



এই প্রৱন্ধত ওপৰত বৰ্ণনা কৰা স্থিতিৰ লগত জড়িত অসম আৰু অসমীয়া সম্পৰ্কীয় দুই এটা গুৰুত্বপূৰ্ণ বিষয়ত থুলমূলকৈ আলোকপাত কৰিবলৈ প্রয়াস কৰা হৈছে। ইয়াত সৰ্বজনবিদিত “ইউনিক’ড সংকট” নামৰ “জনপ্রিয়” বিবাদৰ আঁত ধৰি আলোচনা আৰম্ভ কৰা হৈছে, আৰু সমস্যটো সৰল ভাষাত বৰ্ণনা কৰি সম্পৰ্কীয় দুই এটা বিতৰ্কমূলক ধাৰণাৰ আঁৰৰ মূল কথাখিনি ফঁহিয়াই পাঠকক নিজেই বিষয়টো সম্পৰ্কে বিচাৰ কৰিব পৰা কৰি তোলাৰ প্রয়াস কৰা হৈছে। (মন কৰিব যে ইয়াত মূল কথাখিনি সকলোৱে সাধাৰণ ভাবে বুজিব পৰাকৈ উত্থাপন কৰা হৈছে। বিশদ তথ্য লাগিলে, বা এনে বিষয়ত মতামত প্রকাশ কৰিবলৈ এই প্রৱন্ধৰ উদ্ধৃতি দিব লগা হ’লে লগতে এইখিনি কথাও উল্লেখ কৰে যেন।)



ইউনিক’ড, ইণ্টাৰনেট আৰু অসমীয়া লিপি



কম্পিউটাৰৰ যন্ত্রাংশৰ ভিতৰত যিকোনো আখৰ বা যিকোনো বস্তুক গাণিতিক ভাবে (কোনো সংকেট বা সংখ্যা বা সমীকৰণৰ ৰূপত) প্রকাশ কৰিলেহে কম্পিউটাৰে তাক প্রচেচ কৰিব পাৰিব, কাৰণ কম্পিউটাৰৰ ইলেকট্রনিক যন্ত্রাংশই আমাক এনে গণনা কৰিবলৈ হে সুবিধা দিয়ে।



এটা আখৰক কম্পিউটাৰৰ বৰ্তনীৰ বিতৰত উপস্থাপন কৰাৰ পদ্ধতিটো বহুতখিনি মৰ্চ ক’ডত ডট আৰু ডেশ্ব-অৰ সহায়ত তথ্য প্রকাশ কৰাৰ নিচিনা। আখৰবোৰৰ প্রতিটোৰে বাবে এটা সৰ্বজনমান্য সংখ্যা বা ক’ড স্হিৰ কৰি লৈ কম্পিউটাৰ বিভিন্ন উপাংশৰ ভিতৰত বিভিন্ন কিটিপ প্রয়োগ কৰি এই সংখ্যাবোৰ দ্বৈত পদ্ধতিৰ সংখ্যা হিচাবে প্রচেচ কৰা হয়। এনে কিটিপৰ আন এটা উদাহৰণ হ’ল আমি সততে দেখা পোৱা “বাৰ ক’ড”বোৰ। আপোনাৰ সদায় পাচলি কিনা দোকানীজনৰ আঙুলি মূৰত গণনা কৰাটোও এনে এটা পদ্ধতি (পোহাৰী লেখ!)



এনে ধৰণৰ একপ্রকাৰ ক’ড বা সংকেট হ’ল ASCII: American Standard Code for Information Interchange –যাক এতিয়াও কম্পিউটাৰত চফ্টৱেৰ আৰু হাৰ্ডৱেৰ দুয়ো ক্ষেত্রত ব্যৱহাৰ কৰা হয়। আপোনাৰ কম্পিউটাৰৰ Notepad (Windows) প্রগ্রেমটো ব্যৱহাৰ কৰি কিবা লিখিলে তাক প্রকৃততে ASCII ক’ডৰ ৰূপত হে প্রচেচ কৰা হয়। কেৱল এয়ে নহয়, আৰু অনেক প্রগ্রেমত ইয়াৰ ব্যৱহাৰৰ উদাহৰণ আপোনাৰ ব্যক্তিগত কম্পিউটাৰতে বহুত প্রগ্রেমত আপুনি নজনাকৈয়েই ASCII ৰাজ চলি আছে। এই পদ্ধতিত সাধাৰণতে আঠটা (কেতিয়াবা সাত টা) বিট (Bit = “Bi”nary Digi”t”) ব্যৱহাৰ কৰা হয়। যেনে A = 65, B = 66, a = 97, B = 98 … ইত্যাদি। এনে আৰু এটা পদ্ধতি হৈছে BCD: Binary Coaded Decimal, EBCDIC: Extended Binary Coded Decimal Interchange Code ইত্যাদি।



কামতো চলি আছিল। তেন্তে ইউনিক’ড কিয় লাগে?



কেতিয়াবা কোনো কোনো অ-ইংৰাজী ৱেবচাইট খোলোতে পৃষ্ঠাখনৰ প্রকৃত ভাষাৰ লগত সংগতি নথকা বেবেৰিবাং আখৰ দেখাৰ অভিজ্ঞতা আমাৰ বহুতৰে আছে। ৯০-ৰ দশকত খবৰ কাগজ, আলোচনী বিলাকৰ দেশী ভাষাৰ ইণ্টাৰনেট সংস্কৰণ ওলাওতে সততে এনে হোৱা দেখা গৈছিল। তেনে ৱেবচাইট পঢ়িবলৈ কোনো বিশেষ “ফণ্ট” ডাউনল’ড কৰি ল’ব লগা হৈছিল। ফণ্ট-ও হৈছে আখৰক সংকেটত প্রকাশ কৰাৰ পদ্ধতি, মাত্র ইয়াত ক’ডবোৰৰ লগতে কম্পিউটাৰৰ মণিটৰ বা প্রিণ্টাৰত কেনে ধৰণৰ ডিজাইনত প্রকাশ কৰিব লাগে তাৰো নিৰ্দেশনা থাকে। ইয়াক ব্যৱহাৰ কৰা ছফ্টৱেৰবোৰে এই নিৰ্দেশনা অনুসৰি স্ক্রীণ বা প্রিণ্টাৰত সুন্দৰকৈ আখৰ বা চিহ্নবোৰ প্রকাশ কৰে। ট্রু-টাইপ, বিটমেপ ফণ্ট আদি এনে ধৰণৰ ফণ্ট। যেনে মাইক্রছফট ৱৰ্ডত সততে ব্যৱহাৰ কৰা প্রায়বোৰ ফণ্ট এনে।



এইখিনিতে সমস্যা হ’ল। যিটো কম্পিউটাৰত আখৰটো দেখুৱাব লাগে, তাত সংশ্লিষ্ট ফন্টটো ইনষ্টল কৰা থাকিলেহে ইয়াক স্ক্রীণত দেখুৱাব পৰা যাব। গতিকে ওপৰোক্ত স্থানীয় ভাষাৰ ৱেবচাইট বোৰে ওপৰতে ইংৰাজীত লিখি দিব লগা হয়: “এই পৃষ্ঠাটো পঢ়িবলৈ অমুক ৱেবচাইটৰ পৰা অমুক ফণ্টটো ডাউনল’ড কৰি আপোনাৰ কম্পিউটাৰত ইনষ্টল কৰি লওক।“, ন’ললে সেই বেবেৰিবাং আখৰহে দেখা পাব। ইণ্টাৰনেট সংযোগ নাথাকিলে, কোনোবাই আপোনাৰ নথকা ফণ্ট ব্যৱহাৰ কৰি লিখা ডকুমেণ্ট আদি পঢ়াৰ উপায় নাই। সমাধান হিচাবে ব্যৱহাৰকাৰীৰ বাবে পৃথিৱীৰ য’তে যি যি ফণ্ট পায়, ডাউনল’ড কৰি ইনষ্টল কৰি থোৱাৰ বাদে উপায় নাই।



আৰু এটা সমস্যা আছে। ASCII-ত আখৰ ক’ড কৰোতে ৮ টা বা ৭ টা দ্বৈত পদ্ধতিৰ (০ বা ১) অংকহে ব্যবহাৰ কৰাৰ ফলত ASCII-এ মুঠ ২৫৬ টা (কিছুমান ক্ষেত্রত ১২৮) হে প্রকাশ কৰিব পাৰে। লাহে লাহে কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ ব্যবহাৰ ব্যাপক হৈ অহাৰ লগে লগে পৃথিবীৰ সকলো ভাষাৰ প্রতিটো চিহ্ন প্রতিনিধিত্ব কৰিবৰ কাৰণে ASCII-তকৈ বেছি সংখ্যা থকা সংকেট প্রণালীৰ বা অন্য কোনো বিশেষ ব্যৱস্থাৰ প্রয়োজন হ’ল। লগতে ফণ্টৰ সমস্যাটো আছেই।



সমস্যা সমাধানৰ বাবে ইউনিক’ডৰ অৱতাৰণা কৰা হ’ল। ইয়াৰ মূল উদ্দেশ্য ASCII-ৰ দৰেই, মাত্র চিহ্নবোৰ প্রতিনিধিত্ব কৰাৰ কিটিপটোহে বেলেগ। এই পদ্ধতিমতে বিশ্বৰ সকলো ভাষাৰ লিপিবোৰ যথাসম্ভব অধ্যয়ন কৰি সকলো ভাষাৰ প্রতিটো একে ধৰণৰ চিহ্নক সাংখ্যিক ক’ড বা সংকেটত প্রকাশ কৰিবৰ বাবে এলানি নিয়ম প্রস্তুত কৰা হ’ল। ইয়াৰ লগতে প্রতিটো সংকেটৰ লগতে ইয়াক প্রকাশ কৰাৰ নিৰ্দিষ্ট নিৰ্দেশনাও সন্নিবিষ্ট কৰা হ’ল। এই নিয়মবোৰ মানি চলি চিহ্নবোৰ প্রকাশ কৰিব পৰাকৈ তৈয়াৰ কৰা ফণ্টবোৰেই হৈছে তথাকথিত ইউনিক’ড ফণ্ট আৰু পদ্ধতিটোৰ নাম হ’ল ইউনিক’ড পদ্ধতি। কম্পিউটাৰ ছফ্টৱেৰ নিৰ্মাতাবোৰেও এই নিয়মবোৰ মানি চলি ছফ্টৱেৰ, বিশেষকৈ অপাৰেটিং চিষ্টেমবোৰ যেনে মাইক্রচফট ৱিণ্ড’জ, লীনাক্স আদি ডিজাইন কৰাৰ ফলত পৃথিৱীৰ সকলো স্থানত সমভাবে, সহজতে যিকোনো ভাষা ব্যৱহাৰ কৰিব পৰা হ’ল। এতিয়া আৰু স্থানীয় ভাষাৰ ৱেবচাইট বোৰত বেলেগ কৈ ফণ্ট যোগান নধৰাকৈ ব্যৱহাৰ কৰিব পৰা হ’ল।



ইউনিক’ড কনচ’ৰ্টীয়াম



বিভিন্ন ভাষাৰ ইউনিক’ডৰ তালিকাবোৰ সকলোৰে বাবে সহজলভ্য কৰিবৰ কাৰণে আৰু বিভিন্ন ভাষাৰ বিভিন্ন চিহ্নৰ কাৰণে সুকীয়া সংখ্যা হোৱাটো হ (যাতে দুটা সংখ্যাই একেটা আখৰকে বা একেটা সংখ্যাই যাতে দুটা আখৰ বুজাব নোৱাৰে) সুনিশ্চিত কৰিবলৈ কোনো এখন স্বয়ংসেৱক সংস্থাৰ প্রয়ো্ন হ’ল।



এনেকৈয়ে, সৰ্বসন্মতিক্রমে “ইউনিক’ড কনচ’ৰ্টীয়াম” (Unicode Consortium) গঠিত হ’ল। পৃথিবীৰ বিভিন্ন ভাষাই সেই ভাষাৰ আখৰ পৃথিবীৰ যিকোনো কম্পিউটাৰত ব্যবহাৰ কৰিবৰ বাবে তাৰ প্রয়োজনীয় তথ্য আদি তৈয়াৰ কৰি কনচৰ্টীয়ামৰ তালিকাত সেইখিনি অন্তৰ্ভুক্ত কৰি লয়। কনচৰ্টিয়ামে প্রত্যেক চিহ্নৰ বাবে স্বকীয় সংখ্যা হোৱাত লক্ষ ৰাখে। এনেকৈ মান্যতা প্রাপ্ত বিভিন্ন আখৰ, সংখ্যাটো আৰু সংশ্লিষ্ট তথ্যসমুহেই হৈছে ইউনিক’ড তালিকা। যিবিলাক ভাষাই এনেকৈ ইউনিক’ড তালিকা প্রস্তুত কৰা নাই, সেই ভাষাৰ ইউনিক’ড নাই বুলি কোৱা যায়।



অসমীয়া ভাষাৰ ইউনিক’ড সংকট

থোৰতে কথাটো এনেকুৱা:

আমি সততে ইণ্টাৰনেটৰ বিভিন্ন ৱেবচাইটত দেখা পোৱা অসমীয়া আখৰবোৰৰ সংকেট/ক’ডবোৰ ইউনিক’ড কনচ’ৰ্টীয়ামত বাংলা ভাষাৰ লিপি হিচাবে পঞ্জীকৃত। বাংলা, অসমীয়া, চিলেটি আদি এই অঞ্চলৰ ভাষাবোৰৰ লিপিৰ বেছিভাগ আখৰেই একে, মাত্র কোনো কোনো ভাষাত দুই এটা কম-বেছি। যেনে ৰ/র, ৱ, ৳, আদি। কোনো কোনো ক্ষেত্রত উচ্চাৰণৰ তফাৎ আছে, যেনে ক+ষ = ক্ষ (বাংলা), ক্ষ = খ্য (অসমীয়া) আদি। সেয়ে ইউনিক’ড ষ্টেণ্ডাৰ্ডৰ নিয়ম বা সুত্র অনুসৰী এইখিনি চিহ্ন একেলগে সামৰি পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়ন কৰ্তা ব্যক্তি বা সংগঠনে নাম দিওঁতে “বাংলা” বুলি নামাকৰণ কৰিলে। যিহেতু ইউনিক’ড ষ্টেণ্ডাৰ্ডৰ সংজ্ঞা অনুসৰি এটা চিহ্নৰ মাত্র এটাহে ক’ড থাকিব পাৰে, সেয়ে সংশ্লীষ্ট সকলো ভাষা যেনে অসমীয়া, চিলেটি আদিয়ে নিজৰ লিপিৰ বাবে “বাংলা” নামত ইউনিক’ড পঞ্জীকৃত চিহ্নকে ব্যৱহাৰ কৰিবলৈ বাধ্য হ’ল।



এয়ে বিতৰ্কৰ সূত্রপাত। ইংৰাজ আৰু ফৰাচীৰ মাজৰ অঁৰিয়া-অৰিৰ দৰে আমাৰ অসমীয়া আৰু বাঙালি দুই ভাই ককাইৰ উখনা-উখনিও সৰ্বজন বিদিত। গতিকে নিজৰ মৰমৰ আথৰকেইটাৰ নাম সিজনে নিজৰমতে ৰখা কাৰণে অসমীয়াই ওফোন্দ পাতিলে। পুৰণি অভিজ্ঞতা সুৱৰি অসমীয়া ভাষা আৰু জাতিক গৌণকৰাৰৰ প্রয়াস বুলি স্বাভাৱিকতে অনেকে সন্দেহ কৰিবলৈ আৰম্ভ কৰিলে। লগতে, ফলাফল কি হ’ব পাৰে সেয়া অনুমান কৰিব নোৱাৰা কাৰণে সকলোৱে মুক্ত বিতৰ্ক আৰম্ভ কৰিলে। ফলত সাধাৰণ ৰাইজৰ মাজতো সঁচাই মিচাই মিলি উত্তেজনাৰ সৃষ্টি হ’ল।



এই অতি স্পৰ্শকাতৰ বিষয়টো আলোচনা কৰাৰ আগতে কেইটামান কথা স্পষ্ট কৰি লোৱা প্রয়োজন। এই বিষয়ত সদ্যহতে নানা মুনিৰ নানা মত (আৰু সকলো মুনি জমদগ্নি হৈ আছে, ইঅস্বাভাৱিকো নহয়ো। ভাষা দৰাচলতেই যঠেষ্ট স্পৰ্শকাতৰ বিষয়।) আমি নিৰপেক্ষ আলোচনাৰ খাতিৰত কেইটামান কথা ধৰি লওঁ।



১) বিতৰ্কত লিপ্ত প্রত্যেকৰে নিজৰ নিজৰ সপক্ষে যুক্তি আছে আৰু সকলো যুক্তি প্রত্যেকটোৱেই কম-বেছি পৰিমাণে প্রাসংগিক। বিশেষকৈ বিষয়টোত কোনো বিশেষজ্ঞই মতামত নাই দিয়া বাবে আমি নিজৰ জ্ঞান বুদ্ধিৰে বিচাৰ কৰিবলৈ বাধ্য। এই পৰিপ্রেক্ষিতত আমি সকলোৰে যুক্তি সমানে ভুল বা সমানে শুদ্ধ বুলি ধৰি লোৱা যুগুত যদিও যিহেতু পঢ়া-শুনা কৰা গুণী-জ্ঞানী যুৱক সকলৰ চিন্তা ধাৰাক সন্মান কৰি আমি এই স্থিতি গ্রহণ কৰিছোঁ।



২) এই বিতৰ্কত লিপ্ত সকলো মানুহ অসমৰ শুভাকাংক্ষী আৰু নিজৰ নিজৰ পথেৰে অসম আৰু অসমীয়াৰ উন্নতিৰ কাৰণে দায়বদ্ধ। বিতৰ্কত লিপ্ত প্রায় সকলো ব্যক্তিয়েই নিজৰ নিজৰ ধৰণেৰে অসম সেৱা কৰি আহিছে, আমি তেওঁলোকৰ উৎসাহ আৰু সচেতনতাক সন্মান কৰোঁ। তেওঁলোকৰ মূল্যবান সময় সমাধান কৰিব নোৱাৰা বিতৰ্কত লাগি থাকি অপব্যৱহাৰ নকৰি যদি পাৰি, “এইটো বিষয় এতিয়া সমাধান কৰিব নোৱাৰি, পাচত কৰিম বুলি এৰি থৈ নিজপথত আগবাঢ়ি গৈ নিজৰ মতে অসম সেৱা কৰি যোৱাতো বাঞ্চা কৰোঁ।



ইয়াকে কোৱাৰ পাছত আমি সকলোৰে বক্তব্যসমূহ উপলব্ধ তথ্যৰ ভিত্তিত আলোচনা কৰোঁ আহক।



ধাৰণা ১) অসমী্যা ভাষাৰ আখৰক বাংলা নাম দি অসমীয়া জাতিক অপমান কৰি ইয়াৰ ভাষা সংস্কৃতিক গৌন কৰাৰ প্রয়াস কৰা হৈছে। এই ষড়যন্ত্রত ইউনিক’ড কনচ’ৰ্টীবামো জড়িত অথবা ইউনিক’ড কনচ’ৰ্টীয়ামক ভুল তথ্যৰে পৰিচালিত কৰি এনে কৰা হৈছে।



আলোচনা: ইউনিক’ড পঞ্জীয়নৰ বাবে ইউনিক’ড কনচ’ৰ্টীয়ামৰ নিৰ্দিষ্ট নিয়ম আগতেই সৰ্বসন্মতিক্রমে স্থিৰ কৰা আছে আৰু এইবোৰ সকলো সিদ্ধ হ’লেহে তেওঁলোকৰ মান্যতা পোৱা সম্ভৱ। পঞ্জীয়নৰ পদ্ধতিটো যঠেষ্ট জটিল আৰু উচ্চস্তৰৰ বিশেষজ্ঞৰ প্রয়োজন। কেৱল সেয়ে নহয়, লিপি সম্পৰ্কীয় তথ্য সংগ্রহৰ বাবে কনচ’ৰ্টীয়ামৰ ৱেবচাইটতে যিকোনো ব্যক্তি বা প্রতিষ্ঠানে কম খৰচতে সহজে ভাগ ল’ব পৰাৰ ব্যৱস্থা আছে। এই সম্পৰ্কীয় সকলো নীতি-নিয়মো দ্যৰ্থবিহীন ভাবে বৰ্ণনা কৰা আছে। কোনোবাই কোনো লিপি সম্পৰ্কীয় কিবা আপত্তি থাকিলে উক্ত পদ্ধতি অনুসৰী সেই তথ্য যোগান ধৰিলেই হ’ল। লিপি বা সংস্কৃতি সম্পৰ্কীয় এই তথ্যবোৰো নিৰ্দিষ্ট নিয়ম মতে সাব্যস্ত কৰিলেহে তেওঁলোকে এইবোৰ গ্রহণ কৰিব। অব্যৱসায়িক সংগঠন ইউনিক’ড কনচ’ৰ্টিয়ামৰ কোনো জাতি বা ভাষাৰ প্রতি পক্ষপাত দুষ্ট মনোভাৱ থকা বুলি সন্দেহ কৰাৰো কোনো কাৰণ নাই।



গতিকে লিপি বা ভাষা সম্পৰ্কত ইউনিক’ড কনচ’ৰ্টীয়ামক যদি কোনোবাই কোনো ভুল তথ্য দিয়া বুলি কাৰোবাৰ সন্দেহ আছে, তেন্তে কনচ’ৰ্টীয়ামৰ ৱেবচাইটত গৈ ভালকৈ নীতি-নিয়ম পঢ়ি সেইমতে শুদ্ধ তথ্য উপযুক্ত প্রমাণ সহকাৰে যোগান ধৰিলেই হ’ল।



ধাৰণা ২) অসমীয়া ভাষাত “নিজৰ” (অসমীয়া নামত?) ইউনিক’ড নাথাকিলে জাতিৰ ঐতিহ্যই বিপন্ন, কাৰণ তেতিয়া “অসমীয়াই ইন্টাৰনেটত নিজৰ স্বকীয়তা সাব্যস্ত কৰিব নোৱাৰিব” আৰু বেলেগ ভাষাৰ বহতীয়া হৈ ৰৈ যাব। বা “আমি ই্নউক’ডক আদৰি ল’লোঁ, কিন্তু ইউনিক’ডে আমাক আদৰি ন’ললে।“



আলোচনা: ইউনিক’ড হৈছে এটা কাৰিকৰী মানক বা ষ্টেণ্ডাৰ্ড। কোনো জাতি, ধৰ্ম, কোনোবা ক্লাবৰ মেম্বাৰশ্বিপ বা “ষ্টেটাচ চিম্বল” নহয়, যাক ব্যবহাৰ কোনো ব্যক্তি বা গোটক সৰু বা ডাঙৰ অথবা উন্নত বা অনুন্নত বুলি ভাগ কৰিব পাৰি। গতিকে এইবোৰ বিষয়ত আৱেগিক হৈ পৰা নিস্প্রয়োজন।



লিপিটোৰ নাম বাংলা। নিজৰ মৰমৰ আখৰকেইটাক নিজৰ মাতেৰে মাতিবলৈ মন যোৱাতো স্বাভাবিক। কিন্তু কি কৰিম, আমি সময়ৰ শৰ সময়ত নমৰা কাৰণে বেলেগে নিজৰ ভাষাটোৰ পৃথিৱীৰ যিকোনো স্থানত চৰ্চা কৰাৰ প্রয়োজনীয়তা উপলব্ধি কৰি লিপিটো পঞ্জীয়ন কৰি ল’লে। তেওলোকে ইউনিক’ডৰ সকলো নীতি নিয়ম সম্পূৰ্ণ কৰি হে এই স্থান পাইছে। অসমীয়া ভাষাৰ ৰ আৰু ৱ-ৰ অন্তৰ্ভুক্তিও শুদ্ধ পদ্ধতি অৱলম্বন কৰাৰে প্রমাণ। খুব সম্ভৱ এইখিনি কাম বাংলাদেশৰ কোনো ব্যক্তি বা সংগঠনে কৰি্ছে আৰু সেয়ে স্বাভাৱিকতে নিজৰ ভাষাৰ নাম দিবলৈ ইচ্ছা কৰাটো স্বাভাৱিক। আমি নিজেও এনে কৰিবলৈ ইচ্ছা নকৰিলোহেতেন নে? আৰু এটা কাৰণো থাকিব পাৰে। তুলনামূলক ভাবে এই লিপিত সন্নিহিত চিহ্নৰ সকলো ভাষাৰ ভিতৰত বাংলাভাষী মানুহৰ সংখ্যাই সৰহ, সিও এই নামকৰণৰ কাৰণ হ’ব পাৰে।



ইউনিক’ডৰ নিয়ম বা ফৰ্মুলা অনুসৰি একে একে চিহ্নত দুটা লিপি পঞ্জীয়ন কৰিব নোৱাৰি আৰু সেয়ে আমি যি পাইছোঁ তাকে ব্যৱহাৰ কৰাই বুদ্ধিমানৰ কাম। ইউনিক’ড “টো” নিজৰ নামত নাই বুলি আমি নিলিখাকৈ থাকিলেহে জাতিৰ অস্তিত্ব সংকটাপন্ন হ’ব। তেতিয়া আমি সকলো স্থানতে সুকলমে অসমীয়া ভাষা চৰ্চা কৰিব নোৱাৰিম। কাৰ লোকচান হ’ব?



আমি এটা কাম কৰিবলৈ চেষ্টা কৰিব পাৰোঁ। আমাৰ বাংলাভাষী ভাই-ভনীসকলক মৰমেৰে কথাটো বুজাই এটা উমৈহতীয়া নাম গ্রহণ কৰিবলৈ অনুৰোধ জনাব পাৰোঁ।



ধাৰণা ৩) ইউনিক’ড কনচ’ৰ্টীয়ামে এটা জাতিৰ, এটা ভাষাৰ সন্মানৰ খাতিৰতো অসমীয়া আৰু বাংলাক বেলেগ বেলেগ ক’ড দিব নোৱাৰে নেকি? লিপিটোৰ নাম বাংলা হোৱা বাবে ভৱিষ্যতে কিবা অসুবিধা হয় যদি?

আলোচনা: পৃথিৱীত হাজাৰ বিজাৰ ভাষা আছে। ইউনিক’ড প্রস্তুত কৰোতে সকলো ভাষাৰ ভাবে উমৈহতীয়াকৈ গ্রহণ কৰিব পৰা নিয়মৰ সন্মিলন কৰিহে বৰ্তমানৰ ব্যৱস্থা গ্রহণ কৰিছে। ইয়াতে কোনো কোনো লিপিৰ ক্ষেত্রত মতানৈক্য হোৱাতো স্বাভাৱিক। কিন্তু সেইবুলি বৰ্তমানৰ নিয়মত হীন দেৰি কৰিলে ইয়াৰ মূল লক্ষ, অৰ্থাৎ সাৰ্বজনীনতাত ব্যাঘাত জন্মিব। অসমীয়াৰ দৰে অন্যান্য ভাষাতো বিভিন্ন সৰু সুৰা সমস্যা হৈছে, যেনে তামিল আৰু সংস্কৃত সম্পৰ্কীয়, জাপানী ভাষা, দঃ পূৱ এচিয়াৰ কোনো কোনো ভাষা ইত্যাদি। তথাপিও আৱশ্যকীয় সংশোধনৰ বাবেও পদ্ধতি নিৰ্দিষ্ট কৰা আছে আৰু যিকোনো ব্যক্তি বা সংগঠনে কনচ’ৰ্টীয়ামৰ ৱেব পেজত নিয়ম পঢ়ি লৈ সেইমতে আগ বাঢ়িব লাগে।



জাতি বা ভাষা বা লিপিৰ সন্মানৰ লগত ইউনিক’ডক সনা পিটিকা কৰিব নালাগে। ইউনিক’ডৰ মূল উদ্দেশ্য বিশ্বৰ যিকোনো স্থানত যিকোনো ভাষাৰ চৰ্চাৰ সুবিধা কৰা আৰু ই যঠেষ্ট পৰিমাণে সফলো হৈছে।



তেনেহ’লে ব্রাহ্মী লিপি, পূৱ নাগৰী লিপি, এইবোৰ?



এইটো বিষয় বেলেগ প্রসংগতহে আলোচনা কৰা উচিত। এই বিষয়টোৰ ইউনিক’ডৰ লগত সানমিহলি নকৰাই ভাল। এই বিষয়ে কোনো ভাষাবিদে মন্তব্য কৰাহে সমীচিন।



গতিকে আমি এতি্য়া কি কৰা উচিত?



মন কৰিবলগীয়া এই যে জনসাধাৰণৰ এই সন্দেহবোৰ মৰিষণ কৰিবলৈ এতিয়াও কোনো বিশেষজ্ঞ ব্যক্তি বা সন্থা আগবাঢ়ি আহি বিষয়টো সম্পৰ্কত কোনো মতামত এতিয়ালৈকে ডাঙি ধৰা দেখা নাই। গতিকে বিষয়টোৱে অতি জটীল ৰূপ ধাৰণ কৰিছে। আমি সকলোৱে মনত ৰখা উচিত যে ই এটা অতি স্পৰ্শকাতৰ বিষয়, গতিকে সামান্যতমো ভুল ধাৰণাই সূদূৰপ্রসাৰী ফলাফল ৰচনা কৰিব পাৰে। এই বিষয়ত মতামত কেৱল কম্পিউটাৰ বিজ্ঞান, ভাষাবিজ্ঞান, আৰু ইতিহাসৰ গৱেষণাপুষ্ট, মান্যতাপ্রাপ্ত বিশেষজ্ঞইহে যুটীয়াভাৱে দিব পাৰিব। বেমাৰ হ’লে কেৱল ডাক্তৰৰ পৰাহে দৰব খোৱাৰ দৰে আমি বিশেষজ্ঞৰ কাম বিশেষজ্ঞলৈ এৰি দি তেওলোকে মত প্রকাশ কৰিবৰ বাবে উপযুক্ত পৰিবেশ ৰচনা কৰাটোহে বুধিয়কৰ কাম হ’ব।



উল্লিখিত বিতৰ্কত ব্যস্ত থকা আমাৰ বন্ধুসকললৈও একে অনুৰোধ থাকিল। আমাৰ, অসমীয়া ৰাইজৰ আপোনালোকৰ চিন্তাধাৰা, কৰ্মপদ্ধতি আৰু সদিচ্ছাৰ ওপৰত সম্পুৰ্ণ বিশ্বাস আছে। নহলে আপোনালোকৰ লিখনী বিলাকে অসমৰ ৰাইজক এই বিষয়টোৰ প্রতি এনেদৰে সচেতন কৰি তুলিব নোৱাৰিলেহেতেন। গতিকে আপোনালোকৰ নিচিনা আগৰণুৱা ব্যক্তিয়ে ইজনৰ লগত সিজনে হাতত হাত ধৰি নিজেও আগবাঢ়ি যাওক আৰু আমাকো, অসমীয়া জাতিকো আগবঢ়াই নিয়ক। ক্ষন্তেকীয়া উত্তেজনাৰ বশৱৰ্তী হৈ ইজনে সিজনৰ প্রতি কৰা কটু মন্তব্যবোৰ পাহৰি যাওক। মনত ৰাখিব, আজি তথ্য-প্রযুক্তিৰ যুগত অসমৰ সকলো মানুহে সকলো মাধ্যমৰ জৰিয়তে আপোনালোকৰ ওপৰত সকলোৱে, বিশেষকৈ আপোনালোকৰ অনুজসকলে আপোনালোকে দেখুৱাই দিয়া পথ লবলৈ উদগ্রীব হৈ অপেক্ষা কৰি আছে।



উপসংহাৰ



সৰ্বসাধাৰণ ৰাইজলৈ অনুৰোধ থাকিল,তৰ্ক-বিতৰ্ক দেখি উত্তেজিত নহৈ সেই সম্পৰ্কে প্রথমে ভালদৰে জানিবলৈ চেষ্টা কৰক। ওপৰত উল্লেখ কৰা সকলো ইউনিক’ড সম্পৰ্কীয় সকলো তথ্য পাতি আমি ইণ্টাৰনেটৰ ইউনিক’ডৰ ৱেবচাইট www.unicode.org –ৰ পৰা আহৰণ কৰা। গতিকে নিজৰ ৰায় দিয়াৰ আগতে অকণমান সেই ৱেবচাইটটো বা সংশ্লীষ্ট বিশ্বাসযোগ্য সূত্রৰবোৰ অলপ চাই ল’লেই হ’লচোন।



তেতিয়ালৈকে আমি তৰ্ক-বিবাদত লিপ্ত নহৈ “বাংলা” নামৰ অসমীয়া লিপিটোকে ব্যৱহাৰ কৰি বিশ্বৰ য’তে নাথাকো কিয়, তাৰেপৰাই নিজৰ কামখিনি কৰি আগবাঢ়ি যোৱাই সকলোৰে বাবে মংগল। ৱিকিপিডীয়াত লিখা মানুহে ৱিকিপিডীয়াত লিখি যাওক, “শব্দ”ৰ মানুহে অভিধান তৈয়াৰ কৰি যাওক।



সাংবাদিক সকলেও হঠাৎ কিবা খবৰ পৰিবেশন কৰাৰ আগতে বিষয়টো এবাৰ নিজে পঢ়ি-শুনি ,পৰখি, চাই লওক। উদাহৰণ স্বৰূপে, কিছুদিনৰ আগতে কোনো সংবাদিকে ৱিকিপিডিয়াত অসমৰ ভুল তথ্য দিছে বুলি লিখিলে। কিন্তু তেওঁ যদি তাৰ আগতে ৱিকিপিডিয়াৰ নীতি নিয়ম চালে হেতেন তেন্তে নিশ্চয় গম পালেহেতেন যে তথ্যৰ ভুল ভ্রান্তি বা বিশুদ্ধতা সম্পৰ্কে ৱিকিপিডিয়াত আগৰেপৰা নিজৰ ফালৰপৰাই ঘোষণা দিয়া আছে, যদিহে কোনোৱে এই তথ্য ব্যৱহাৰ কৰিব খোজে। কেৱল সেয়ে নহয়, স্বয়ং সেই সংবাদিকজনেও যদি কোনো ভুল দেখা পাইছিল তেন্তে সহজতে নিজেই শুদ্ধ কৰি দিব লাগিছিল, কাৰণ ৱিকিপিডিয়াত সকলোৱে লিখিব, শুধৰাব পাৰে। একে কথা আমাৰ চৌপাশৰ অনেক ক্ষেত্রতে প্রযোজ্য। আমাৰ উঠি অহা সাংবাদিকসকলে এই পেচাৰ মহত্ব আৰু গুৰুত্ব ইপলব্ধি কৰিবলৈ শিকক।



নামতনো কি আছে? ইউনিক’ডৰ দৰেই সৰ্বব্যাপ্ত ASCII code –অতো দেখোন আমেৰিকাৰ নাম আছে? আমি সদাই ব্যৱহাৰ কৰিয়েই আছো, গমকে নাপাওঁ। প্রকৃততে সাধাৰণ ব্যৱহাৰকাৰীয়ে ইমানবোৰ কথা নজনাকৈয়ে কম্পিউটাৰ ব্যৱহাৰ কৰিব পৰা কৰাটোও কম্পিউটাৰ বিজ্ঞানৰ এক অন্যতম লক্ষ্য।



সকলো ক্ষেত্রতে নিজৰ নাম দিবলৈ মানুহে ভাল পায়েই। সেইবুলি সকলোতে সেইটো বিচাৰিবই লাগিব নেকি? তেনেহ’লে সেই চকু খচখচোৱা বেমাৰটোৰ নামো দেথোন “জয় আই অসম” ৰাখিব লাগিব দেখোন?