Found 40 proverb(s) beginning with "হ"
Idiom ফকৰা-যোঁজনা
Contributed by: Prasenjit Khanikar on 2008-02-28
হলা গছত বাগি কুঠাৰ মৰা ।
Literal Meaning: To strike an inclined tree with an axe.
Real meaning: To attack a person when when he is in helpless situation.
বাগি কুঠাৰ মৰা মানে কোনো বস্তুৰ চাৰিও বাগে বা ফালে কুঠাৰেৰে আঘাত কৰা । হলা গছত বাগি কুঠাৰ মৰা কথাফাঁকিৰ অর্থ হ'ল- বিপদত পৰা অসহায় মানুহক আক্রমণ কৰা ।
বাগি কুঠাৰ মৰা মানে কোনো বস্তুৰ চাৰিও বাগে বা ফালে কুঠাৰেৰে আঘাত কৰা । হলা গছত বাগি কুঠাৰ মৰা কথাফাঁকিৰ অর্থ হ'ল- বিপদত পৰা অসহায় মানুহক আক্রমণ কৰা ।
Contributed by: Prasenjit Khanikar on 2008-02-28
Idiom ফকৰা-যোঁজনা
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-03
হস্তীৰো পিছলে পাও, সজ্জনৰো বুৰে নাও।
Even a great person may commit an error of judgement.
ডাঙৰ বা মহৎ লোকৰো কেতিয়াবা কোনো কথাত ভুল হ'ব পাৰে ৷
ডাঙৰ বা মহৎ লোকৰো কেতিয়াবা কোনো কথাত ভুল হ'ব পাৰে ৷
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
হাঁহ চোৰৰ মূৰত পাখি, কঁঠাল চোৰৰ আঠাই সাক্ষী
A criminal always leaves behind some signs of a crime he comiits.
কিবা অপকৰম কৰাৰ পিছত কৰবাত নহয় কৰবাত চিন থাকি যায়।
কিবা অপকৰম কৰাৰ পিছত কৰবাত নহয় কৰবাত চিন থাকি যায়।
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা
Contributed by: durlav gogoi on 2012-04-07
হাঁহি হাঁহি মাতে, ৰেপি ৰেপি কাটে
heart-breaking words in a smiling face.
হাঁহিৰ চলেৰে কিছুমান মানুহে বৰ গাজত লগা কথা কয়৷ গতিকে মুখত মিঠা হাঁহি থাকিলেও এনে মানুহৰ কথাই ৰেপি ৰেপি কটা যেন লাগে৷
হাঁহিৰ চলেৰে কিছুমান মানুহে বৰ গাজত লগা কথা কয়৷ গতিকে মুখত মিঠা হাঁহি থাকিলেও এনে মানুহৰ কথাই ৰেপি ৰেপি কটা যেন লাগে৷
Contributed by: durlav gogoi on 2012-04-07
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
হাঁহেও ৰাজী, মাহেও ৰাজী
No complain to any proposal, like the situation when one may agree to have either vegetarian or non-vegetarian food.
যিকোনো প্ৰস্তাৱত আপত্তি নকৰা, যেনেকৈ খাবৰ বাবে আমিষ বা নিৰামিষ যিকোনো এবিধ হ’লেই হ’ল |
যিকোনো প্ৰস্তাৱত আপত্তি নকৰা, যেনেকৈ খাবৰ বাবে আমিষ বা নিৰামিষ যিকোনো এবিধ হ’লেই হ’ল |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-07
হাঁহৰ ওপৰত শিয়াল ৰজা
A fox tries to establish kingship(command) over a duck. Similarly a man tries to establish kingship over a man relatively inferior to him.
দুৰ্বল ব্যক্তিৰ ওপৰত তেওঁতকৈ অলপ সবল ব্যক্তি এজনে নিজৰ ক্ষমতা প্ৰতিপন্ন কৰা৷
দুৰ্বল ব্যক্তিৰ ওপৰত তেওঁতকৈ অলপ সবল ব্যক্তি এজনে নিজৰ ক্ষমতা প্ৰতিপন্ন কৰা৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-07
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-11-08
হাঁড় নাইকিয়া জিভা, কয় কিবা কিবা ৷
A tongue has no bones but it crushes.
নকবলগীয়া কথা কৈ, পিছত বিপদত পৰি জিভাকে দোষ দিয়া ৷ মিছা অজুহাত দেখুওৱা ৷
নকবলগীয়া কথা কৈ, পিছত বিপদত পৰি জিভাকে দোষ দিয়া ৷ মিছা অজুহাত দেখুওৱা ৷
Contributed by: Barnali Deuri Bora on 2010-11-08
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
হাইঠা মাটিত পৰা
Green pigeons live on tall plants and generally do not come down easily. Hence these birds sitting on the ground means an unbelievable proposition. This proverb is generally used to indicate a happening of an unusual nature.
হাইঠা চৰাই সাধাৰণতে ওখ গছত জাক পাতি থাকে আৰু সাধাৰণতে মাটিলৈ নানামে | গতিকে হাইঠা মাটিত পৰাটো এটা অবিশ্বাস্য ধৰণৰ ঘটনা | সৰ্বসাধাৰণতে নোহোৱা ধৰণৰ ঘটনা এটা হোৱা বুজাবলৈ এই পটন্তৰটো ব্যৱহাৰ কৰা হয় |
হাইঠা চৰাই সাধাৰণতে ওখ গছত জাক পাতি থাকে আৰু সাধাৰণতে মাটিলৈ নানামে | গতিকে হাইঠা মাটিত পৰাটো এটা অবিশ্বাস্য ধৰণৰ ঘটনা | সৰ্বসাধাৰণতে নোহোৱা ধৰণৰ ঘটনা এটা হোৱা বুজাবলৈ এই পটন্তৰটো ব্যৱহাৰ কৰা হয় |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
হাটৰো বাট, মাকৰো ঘৰ
To accomplish a task taking advantage of the situation while working on another.
এটা কাম কৰিবলৈ যাওঁতে সুযোগ পাই অন্য এটা কামো সমাধা কৰা
এটা কাম কৰিবলৈ যাওঁতে সুযোগ পাই অন্য এটা কামো সমাধা কৰা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-10-28
হাত কাজি নিজে কৰে, মুখ কাজি আনক বাহে
An efficient person does his own work by himself, but an inefficient one tries to get it done by others.
কৰ্মপটু মানুহে নিজৰ কাম নিজে কৰিবলৈ ভাল পায়, কিন্ত অপটু মানুহে আনৰ হতুৱাই কৰাব খোজে ৷
কৰ্মপটু মানুহে নিজৰ কাম নিজে কৰিবলৈ ভাল পায়, কিন্ত অপটু মানুহে আনৰ হতুৱাই কৰাব খোজে ৷
Contributed by: Barnali Deuri Bora on 2010-10-28
Phrase খণ্ডবাক্য
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
হাত দীঘল ৷
Powerful or commanding
ক্ষমতাশালী
ক্ষমতাশালী
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Phrase খণ্ডবাক্য
Contributed by: Barnali Deuri Bora on 2010-10-06
হাত ধো
to give up relationship, to severe any form of ties.
সমন্ধ ছিঙ্, সৰ্ম্পক এৰ্
সমন্ধ ছিঙ্, সৰ্ম্পক এৰ্
Contributed by: Barnali Deuri Bora on 2010-10-06
Phrase খণ্ডবাক্য
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
হাত লৰ ৷
The habit of stealing, a thief.
চুৰি কৰাৰ স্বভাৱ বা মানসিকতা, চোৰ ৷
চুৰি কৰাৰ স্বভাৱ বা মানসিকতা, চোৰ ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Phrase খণ্ডবাক্য
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
হাত সাৰ ৷
To get rid of.
বাচি যা বা ৰেহাই পা ৷
বাচি যা বা ৰেহাই পা ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
হাতত নাই কণটো, বৰসবাহলৈ মনটো |
Aiming high without sufficient resources.
হাতত ফুটাকড়ি এটাও নোহোৱাকে বৰ বৰ কামলৈ মন মেলা স্বভাৱ
হাতত ফুটাকড়ি এটাও নোহোৱাকে বৰ বৰ কামলৈ মন মেলা স্বভাৱ
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-10-28
হাতত নাই বিত, মনে কৰে পিত পিত
A poor person who wants to buy many things.
আৰ্থিক সম্বল নথকা মানুহে পাৰ্থিৱ বস্তুলৈ হেঁপাহ কৰা
আৰ্থিক সম্বল নথকা মানুহে পাৰ্থিৱ বস্তুলৈ হেঁপাহ কৰা
Contributed by: Barnali Deuri Bora on 2010-10-28
Idiom ফকৰা-যোঁজনা
Contributed by: Sitaram Upadhyaya on 2015-01-29
হাতত পাই বাটত হেৰুৱা৷
Losing something of great value due to negligence.
কোনো কামৰ সুফল পোৱাৰ পিছতো অসাৱধানতাৰ হেতু সেই সুফল হেৰুৱাই পেলোৱা৷
কোনো কামৰ সুফল পোৱাৰ পিছতো অসাৱধানতাৰ হেতু সেই সুফল হেৰুৱাই পেলোৱা৷
Contributed by: Sitaram Upadhyaya on 2015-01-29
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
হাতত সাৰে ভৰিত সাৰে ৷
Not letting others to know, do something stealthily.
মনে মনে বা কোনেও নজনাকৈ ৷
মনে মনে বা কোনেও নজনাকৈ ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
হাততে সৰগ ঢুকি পোৱা
To get an opportunity to achieve one's desired goal easily.
ইপ্সিত লক্ষ্য অতি সহজতে পূৰণ কৰাৰ সুযোগ লাভ কৰা |

Contributed by: Anonymous on 2010-08-18
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-11-20
হাতী চুৰ কৰি নিয়ে বাটে বাটে বেঙেনা চোৰক ধৰে, নাকটো কাটিলে লাজ নালাগে নখটো কাটিলে মৰে।
People with money or power or under political shelter escapes from punishment even after committing big crimes and the poor thieves are caught & punished. Likewise some people are not ashamed even when their name is maligned for bad work but seems to be grieving from a trifle.
ডাঙৰ দুষ্কাৰ্য্য কৰি কিছুমান মানুহে সমাজত বৰ মানুহ বোলাই থাকে; অথচ সৰু-সুৰা চোৰেহে শাস্তি পায়। ঠিক তেনেকৈ ডাঙৰ অপমান পায়ো কিছুমানে কেৰেপ নকৰে কিন্তু সৰু কথা একোটাতে বৰ লাজ পোৱা যেন দেখুৱায়।
ডাঙৰ দুষ্কাৰ্য্য কৰি কিছুমান মানুহে সমাজত বৰ মানুহ বোলাই থাকে; অথচ সৰু-সুৰা চোৰেহে শাস্তি পায়। ঠিক তেনেকৈ ডাঙৰ অপমান পায়ো কিছুমানে কেৰেপ নকৰে কিন্তু সৰু কথা একোটাতে বৰ লাজ পোৱা যেন দেখুৱায়।
Contributed by: Barnali Deuri Bora on 2010-11-20
Idiom ফকৰা-যোঁজনা
Contributed by: Abdul Wahab on 2008-06-05
হাতী চোৰ আগে আগে যায় বেঙেনা চোৰক ধৰি কিলায়
a big thief or criminal does not get caught or fall in trouble, only small thieves fall in trouble
ডাঙৰ অপৰাধী ধৰা নপৰে, সৰু-সুৰা অপৰাধীবোৰ হে ধৰা পৰে
ডাঙৰ অপৰাধী ধৰা নপৰে, সৰু-সুৰা অপৰাধীবোৰ হে ধৰা পৰে
Contributed by: Abdul Wahab on 2008-06-05
Idiom ফকৰা-যোঁজনা
Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-28
হাতী মাৰি ভুৰুকাত ভৰোৱা
To sum up even a very large document in a very concise manner
খুব ডাঙৰ বা দীঘল তথ্য অথবা কথাকো, অৰ্থৰ হেৰফেৰ নহোৱাকৈ থুলমুলকৈ সজাই চুটিকৈ কোৱা
খুব ডাঙৰ বা দীঘল তথ্য অথবা কথাকো, অৰ্থৰ হেৰফেৰ নহোৱাকৈ থুলমুলকৈ সজাই চুটিকৈ কোৱা
Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-28
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
হাতীয়ে খায় যিমান লাদেও সিমান ৷
One who earns more expends more.
হাতীৰ দৈনিক খাদ্যৰ পৰিমাণ যেনেদৰে বেছি, সেই অনুপাতে ত্যাগ কৰা মলৰ পৰিমাণো বেছি ৷ অৰ্থাৎ যি মানুহৰ ধনৰ আমদানি বেছি হয়, সেই অনুপাতে সেই ব্যক্তিৰ খৰছো বেছিকৈ হয় ৷
হাতীৰ দৈনিক খাদ্যৰ পৰিমাণ যেনেদৰে বেছি, সেই অনুপাতে ত্যাগ কৰা মলৰ পৰিমাণো বেছি ৷ অৰ্থাৎ যি মানুহৰ ধনৰ আমদানি বেছি হয়, সেই অনুপাতে সেই ব্যক্তিৰ খৰছো বেছিকৈ হয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-11-05
হাতীৰ গালৈ তৰাৰ ফৰ্মুটি
One cannot cause any harm to an elephant by throwing a small twig. Similarly, without appropriate efforts no problem can be solved.
শক্তিবান হাতী এটাৰ গালৈ তৰা গছৰ ফৰ্মুটি মাৰি যেনেকৈ হাতীৰ কোনো ক্ষতি কৰিব নোৱাৰি, ঠিক সেইদৰে যথোপযুক্ত প্ৰচেষ্টা অবিহনে কোনো সমস্যা সমাধান কৰিব নোৱাৰি৷
শক্তিবান হাতী এটাৰ গালৈ তৰা গছৰ ফৰ্মুটি মাৰি যেনেকৈ হাতীৰ কোনো ক্ষতি কৰিব নোৱাৰি, ঠিক সেইদৰে যথোপযুক্ত প্ৰচেষ্টা অবিহনে কোনো সমস্যা সমাধান কৰিব নোৱাৰি৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-11-05
Riddle সাথৰ
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
হাতীৰ দাঁত দেখুৱাবলৈ কিছুমান থাকে আৰু চোবাবলৈ আন কিছুমান থাকে ৷
Fifth columnist/ showing double standard.
যেতিয়া মানুহে লোকক দেখুৱাবলৈ একধৰণৰ কৰ্ম কৰে আৰু নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অন্য ধৰণৰ কৰ্ম কৰে, তেনে অৰ্থত প্ৰয়োগ হয় ৷
যেতিয়া মানুহে লোকক দেখুৱাবলৈ একধৰণৰ কৰ্ম কৰে আৰু নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অন্য ধৰণৰ কৰ্ম কৰে, তেনে অৰ্থত প্ৰয়োগ হয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-13
হাতৰ কুঠাৰ ভৰিত মাৰ
To invite trouble through one`s own actions.
নিজে নিজৰ অনিষ্ট কৰা বা অঘটন ঘটাই নিজৰ বিপদ চপাই লোৱা
নিজে নিজৰ অনিষ্ট কৰা বা অঘটন ঘটাই নিজৰ বিপদ চপাই লোৱা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-13
Riddle সাথৰ
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-07-29
হাবিত কাহে, ওলাই নাহে ৷
There is sound (coughs) inside the forest, but it is not revealing (coming out). Answer is: Axe.
কুঠাৰ
কুঠাৰ
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-07-29
Idiom ফকৰা-যোঁজনা
Contributed by: Anjali Sonowal on 2008-07-08
হাবিৰ জুই দেখি, মনৰ জুই নেদেখি ।
We can experience fire in wood but misery of human mind can not be understood in their appearance.
হাবিত জুই লাগিলে সকলোৱে দেখা পাই কিন্তু মানুহৰ অন্তৰত থকা দুখঃ কষ্টৰ গভীৰতা বাহিৰৰ পৰা উমান পোৱা নাযায় ।
হাবিত জুই লাগিলে সকলোৱে দেখা পাই কিন্তু মানুহৰ অন্তৰত থকা দুখঃ কষ্টৰ গভীৰতা বাহিৰৰ পৰা উমান পোৱা নাযায় ।
Contributed by: Anjali Sonowal on 2008-07-08
Idiom ফকৰা-যোঁজনা
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-15
হাবুঙত বোলে লোণৰ সস্তা, দেহাৰ বা কি অৱস্থা!
One cannot hanker after savings through buying desired items only for the sake of its cheap availability.
do not depend on uncertain situation.
কোনো এখন ঠাইত (হাবুং) বিশেষ বস্তু(লোণ) সস্তাত পোৱা যাব পাৰে, কিন্তু তাৰ বাবে দৈহিক আৰু আৰ্থিক সামৰ্থ, মানসিক স্থিতি থকাৰ লগতে পৰ্যাপ্ত সময় হাতত থাকিলেহে সেই ঠাইলৈ গৈ সেই বিশেষ বস্তুটো কিনি অৰ্থ বচাব পাৰি ৷ অৰ্থাৎ সস্তাত পালেই মানুুহে যিকোনো বস্তু যিকোনো সময়ত কিননিব নোৱাৰে । অজান(হাবুং) ঠাইলৈ গ\\\'লে বজাৰ কৰিম বুলি যাব নালাগে, কাৰণ সেই ঠাইৰ নিয়ম-নীতি আমি নাজানো, অনিশ্চত কথাবোৰ(দেহাৰ বা কি অৱস্থা) আছেই৷
কোনো এখন ঠাইত (হাবুং) বিশেষ বস্তু(লোণ) সস্তাত পোৱা যাব পাৰে, কিন্তু তাৰ বাবে দৈহিক আৰু আৰ্থিক সামৰ্থ, মানসিক স্থিতি থকাৰ লগতে পৰ্যাপ্ত সময় হাতত থাকিলেহে সেই ঠাইলৈ গৈ সেই বিশেষ বস্তুটো কিনি অৰ্থ বচাব পাৰি ৷ অৰ্থাৎ সস্তাত পালেই মানুুহে যিকোনো বস্তু যিকোনো সময়ত কিননিব নোৱাৰে । অজান(হাবুং) ঠাইলৈ গ\\\'লে বজাৰ কৰিম বুলি যাব নালাগে, কাৰণ সেই ঠাইৰ নিয়ম-নীতি আমি নাজানো, অনিশ্চত কথাবোৰ(দেহাৰ বা কি অৱস্থা) আছেই৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-15
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-10-11
হালৰো নহলি, ফালৰো নহলি
a person who is not useful for any work
কোনো কামতে নলগা, অকামিলা লোক
কোনো কামতে নলগা, অকামিলা লোক
Contributed by: Barnali Deuri Bora on 2010-10-11
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-14
হিতে বিপৰীত হোৱা
To obtain opposite results while attempting to do something good
ভাল কাম কৰিবলৈ যাওঁতে বিপৰীত ফল পোৱা
ভাল কাম কৰিবলৈ যাওঁতে বিপৰীত ফল পোৱা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-14
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-11
হুলকেই ফুল বুলি খোপাত গোঁজা ৷
To commit extreme blunder by accepting a harmful object/matter/companion/friend as beneficial one.
ফুলৰ লগতে থকা কাঁইটে বিন্ধে আৰু কষ্ট দিয়ে,আনহাতে ফুলে বিমল আনন্দ দিয়ে ৷সেয়ে কাঁইটক ফুল বুলি ভুল কৰিলে যাতনা ভুগিব লগীয়া হয় ৷ একেদৰে এই ফকৰাই বেয়াকে ভাল বুলি গ্ৰহণ কৰাৰ দৰে মাৰাত্মক ভুল কৰা কাৰ্যক বুজায় ৷
ফুলৰ লগতে থকা কাঁইটে বিন্ধে আৰু কষ্ট দিয়ে,আনহাতে ফুলে বিমল আনন্দ দিয়ে ৷সেয়ে কাঁইটক ফুল বুলি ভুল কৰিলে যাতনা ভুগিব লগীয়া হয় ৷ একেদৰে এই ফকৰাই বেয়াকে ভাল বুলি গ্ৰহণ কৰাৰ দৰে মাৰাত্মক ভুল কৰা কাৰ্যক বুজায় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-11
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
হুলেৰে হুল কঢ়া
To negate one misdeed by another misdeed
এটা বেয়া কামৰ কুফল আন এটা বেয়া কামেৰে নাইকিয়া কৰা
এটা বেয়া কামৰ কুফল আন এটা বেয়া কামেৰে নাইকিয়া কৰা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Phrase খণ্ডবাক্য
Contributed by: Barnali Deuri Bora on 2010-10-26
হোলাৰ ভাই মোলা
A very simple person
হোলা মানে সৰল লোকক বুজোৱা হয়, তেওঁৰে ভায়েক মানে তেওঁৰ নিচিনাই, অৰ্থাৎ অতি সহজ সৰল লোক ৷
হোলা মানে সৰল লোকক বুজোৱা হয়, তেওঁৰে ভায়েক মানে তেওঁৰ নিচিনাই, অৰ্থাৎ অতি সহজ সৰল লোক ৷
Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা
Contributed by: Anjali Sonowal on 2008-06-25
হয় গুৱাহাটী নহয় ৰঙামাটি ।
In do-or-die manner,desperately.
মৰণপণ কৰি, প্ৰাণটাকি কৰা কাম ।
মৰণপণ কৰি, প্ৰাণটাকি কৰা কাম ।
Contributed by: Anjali Sonowal on 2008-06-25
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-04
হয় গুৱাহাটী, নহয় ৰঙামাটি ৷
Strong determination to accomplish certain job by any means.
কোনো কাম সম্পাদন কৰাৰ বাবে লোৱা দৃঢ় সঙ্কল্প ৷
কোনো কাম সম্পাদন কৰাৰ বাবে লোৱা দৃঢ় সঙ্কল্প ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-04
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2008-03-13
হৰিণাৰ মাংসই বৈৰী
A deer gets killed for its meat. Similarly, one`s prized possession can be his biggest enemy.
মাংসৰ সোৱাদৰ কাৰণে পহুক মৰা হয় ৷ তেনেদৰে কাৰোবাৰ ৰূপ বা সা-সম্পত্তিয়েই মৃত্যুৰ কাৰণ হ’ব পাৰে ৷
মাংসৰ সোৱাদৰ কাৰণে পহুক মৰা হয় ৷ তেনেদৰে কাৰোবাৰ ৰূপ বা সা-সম্পত্তিয়েই মৃত্যুৰ কাৰণ হ’ব পাৰে ৷
Contributed by: Rupankar Mahanta on 2008-03-13
Idiom ফকৰা-যোঁজনা
Contributed by: Sitaram Upadhyaya on 2015-02-22
হৰিয়ে নেৰাখিলে জৰিয়ে কি কৰিব!
Medicine can not fetch good result for the patient if the Almighty does not desire so.
ভগৱানে ৰক্ষা নকৰিলে দৰৱ-পাতিয়ে কোনো ফল নধৰে৷
ভগৱানে ৰক্ষা নকৰিলে দৰৱ-পাতিয়ে কোনো ফল নধৰে৷
Contributed by: Sitaram Upadhyaya on 2015-02-22
Idiom ফকৰা-যোঁজনা
Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2010-02-22
হ’ব ছলি বুলিব বাপ, তেহে গুচিব মনৰ তাপ
Wishing deeply and waiting eagerly for something to happen in future
সুদূৰ ভৱিষ্যতে কিবা এটা হ’ব বুলি আশা কৰি ৰৈ থকা
সুদূৰ ভৱিষ্যতে কিবা এটা হ’ব বুলি আশা কৰি ৰৈ থকা
Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2010-02-22
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
হ’বৰ দিনত কুকুৰেও মৈ টানে ৷
If you have good fortune, you can perform even impossible tasks.
ভাগ্য সুপ্ৰসন্ন হ’লে অসাধ্যও সাধন কৰিব পাৰি |