Found 43 proverb(s) beginning with "স"
Idiom ফকৰা-যোঁজনা
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
সকলো চৰায়ে মাছ খায় মাছৰোকাই নাম পায়
Kingfisher is the most commonly known bird that catches and eats fishes. When someone is asked about fish-eating birds, he will name kingfisher only. Similarly, sometimes a person who is well-known as a criminal, has to take the blame for crimes perpetrated by others.
মাছৰোকা এবিধ বিশেষ মাছখোৱা চৰাই ৷ কিন্তু দেখা যায় যে অন্য চৰায়ে মাছ খালেও কেৱল মাছৰোকাৰ নামহে কোৱা হয় ৷ অৰ্থাৎ সকলো মানুহে দোষ কৰে কিন্তু বিশেষ কোনো ব্যক্তিকহে তাৰ বাবে জগৰ ধৰে ৷
মাছৰোকা এবিধ বিশেষ মাছখোৱা চৰাই ৷ কিন্তু দেখা যায় যে অন্য চৰায়ে মাছ খালেও কেৱল মাছৰোকাৰ নামহে কোৱা হয় ৷ অৰ্থাৎ সকলো মানুহে দোষ কৰে কিন্তু বিশেষ কোনো ব্যক্তিকহে তাৰ বাবে জগৰ ধৰে ৷
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-15
সজৰ লগত সং, প্ৰতি কথাত ৰং; অসজৰ লগত সং গলত ঢং ঢং ৷
Good company always brings about happiness and good name; but company brings in bad name and sufferings to human beings.
সৎ মানুহৰ লগত সংগ কৰিলে মানুহ সদায় লাভবান হয়,আনহাতে অসৎ মানুহৰ লগত সংগ ল'লে মানুহ বিপদত পৰে আৰু অসন্মান আৰু অপযশ পাব লগা হয় ৷
সৎ মানুহৰ লগত সংগ কৰিলে মানুহ সদায় লাভবান হয়,আনহাতে অসৎ মানুহৰ লগত সংগ ল'লে মানুহ বিপদত পৰে আৰু অসন্মান আৰু অপযশ পাব লগা হয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-15
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-11-08
সজৰ লগত সজ সঙ্গতি, মধুক কৰিলো পান, বিক্ৰমাদিত্যৰ মূৰত উঠি গঙ্গাত কৰিলো স্নান ৷
In the association of honest persons people learn good things and can make their life more meaningful.
সৎ সঙ্গত থাকিলে মানুহে ভাল কথা শিকিব পাৰে আৰু জীৱন যাপনৰ মানো উন্নত হয় ৷
সৎ সঙ্গত থাকিলে মানুহে ভাল কথা শিকিব পাৰে আৰু জীৱন যাপনৰ মানো উন্নত হয় ৷
Contributed by: Barnali Deuri Bora on 2010-11-08
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-14
সতিনীৰ আছে হৃষ্ট-পুষ্ট এটা, মোৰ আছে ক্ষীণ-মীন পাঁচটা ৷
A co-wife loughs at another co-wife's single child saying 'single but very healthy' and she covers her own guilt even if she has five children saying 'My children are unhealthy and weak may them be five in number'. So, this saying expresses the human character that always has the tendency to exaggerate others guilt or wealth and to show one's own guilt or wealth as very little or negligible.
এক সতিনীৰ সন্তান এটা হ'লেও, আন সতিনীয়ে হৃষ্ট-পুষ্ট বুলি কৈ ইতিকিং বা ইৰ্ষা কৰে আৰু নিজৰ সন্তান পাঁচটা হ'লেও ক্ষীণ-মীন বুলি কৈ নিজৰ দোষ ঢাকিব খোজে ৷ অৰ্থাৎ নিজৰ দোষ ঢাকি আনৰ দোষ বঢ়াই কোৱা স্বভাৱ ৷
এক সতিনীৰ সন্তান এটা হ'লেও, আন সতিনীয়ে হৃষ্ট-পুষ্ট বুলি কৈ ইতিকিং বা ইৰ্ষা কৰে আৰু নিজৰ সন্তান পাঁচটা হ'লেও ক্ষীণ-মীন বুলি কৈ নিজৰ দোষ ঢাকিব খোজে ৷ অৰ্থাৎ নিজৰ দোষ ঢাকি আনৰ দোষ বঢ়াই কোৱা স্বভাৱ ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-14
Idiom ফকৰা-যোঁজনা
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-08
সতিনীৰ পুতেক আগত গলেও দায়, পাছত গলেও দায়৷
Act done by son of a co-wife is always taken as negative.
সতিনী সদায় ঘৃণাৰ পাত্ৰ৷ যাৰ প্ৰতি ভাল ভাৱ নাই তেওঁ ভালেই কৰক বা বেয়াই কৰক তাক বেয়াৰ দৃষ্টিৰে চোৱা হয়৷
সতিনী সদায় ঘৃণাৰ পাত্ৰ৷ যাৰ প্ৰতি ভাল ভাৱ নাই তেওঁ ভালেই কৰক বা বেয়াই কৰক তাক বেয়াৰ দৃষ্টিৰে চোৱা হয়৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-08
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-16
সতী নাৰী তাই, তিনিজনকৈ পৈ; সুখ্যাতি-সুনাম তাইৰ যায় ৰৈ বৈ ৷
A crooked person or a person of bad character when acts honestly, people hardly believes him/her. Thus this saying makes fun of such persons.
কুখ্যাত অসৎ চৰিত্ৰৰ মানুহে সতাতা প্ৰদৰ্শন কৰিলে আন মানুহ সহজে পতিয়ন নেযায় আৰু উক্ত ফকৰাৰ দৰে কৈ তেনে মানুহক ইতিকিং কৰে ৷
কুখ্যাত অসৎ চৰিত্ৰৰ মানুহে সতাতা প্ৰদৰ্শন কৰিলে আন মানুহ সহজে পতিয়ন নেযায় আৰু উক্ত ফকৰাৰ দৰে কৈ তেনে মানুহক ইতিকিং কৰে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-16
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-16
সত্যৰ সদায় জয় ৷
1. God sees the truth.
2. The truth always prevails.
সত্যক কোনেও ঢাকি ৰাখিব বা পৰাজিত কৰিব নোৱাৰে ৷ সত্যত আশ্ৰিতজনৰ সদায় জয় হয় ৷
সত্যক কোনেও ঢাকি ৰাখিব বা পৰাজিত কৰিব নোৱাৰে ৷ সত্যত আশ্ৰিতজনৰ সদায় জয় হয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-16
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিব পাৰি |
A very difficult task can also be carried out if we apply our intelligence.
বাঁহগছৰ জোপাৰ মাজত জোটপোট লাগি থকা বাঁহ এডাল কাটিবলৈ হ’লে বুদ্ধি প্ৰয়োগ কৰিব লাগে | ঠিক তেনেকৈ যিকোনো জটিল কাম এটা সমাধা কৰিবলৈ বুদ্ধি খটুৱাব লাগে |
বাঁহগছৰ জোপাৰ মাজত জোটপোট লাগি থকা বাঁহ এডাল কাটিবলৈ হ’লে বুদ্ধি প্ৰয়োগ কৰিব লাগে | ঠিক তেনেকৈ যিকোনো জটিল কাম এটা সমাধা কৰিবলৈ বুদ্ধি খটুৱাব লাগে |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ ৷
One should deal equally with his equals and then whether he succeeds or not, he need not feel ashamed.
নিজৰ সমকক্ষ জনৰ লগত সমভাৱে ব্যৱহাৰ কৰিব লাগে ৷ তেতিয়া জয়-পৰাজয় যিয়েই নহওক লাগে, লজ্জাবোধ কৰিব লগীয়া নহয় ৷
নিজৰ সমকক্ষ জনৰ লগত সমভাৱে ব্যৱহাৰ কৰিব লাগে ৷ তেতিয়া জয়-পৰাজয় যিয়েই নহওক লাগে, লজ্জাবোধ কৰিব লগীয়া নহয় ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Phrase খণ্ডবাক্য
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-07-06
সময়ৰ শৰ
the right act at the right moment
উপযুক্ত সময়ত কৰিবলগীয়া কাম
উপযুক্ত সময়ত কৰিবলগীয়া কাম
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-07-06
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-10-26
সময়ৰ শৰ সময়ত মাৰিবা
A stitch in time, saves nine.
সময়ৰ কাম সময়মতে কৰা উচিত ৷
সময়ৰ কাম সময়মতে কৰা উচিত ৷
Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-16
সাউদ ভোলা-ভালা আৰু চোৰৰ বৰ গলা ৷
1. The guilty has a loud voice.
2. An offender takes upper hand when the opponent is weak.
সাউদ যদি নিৰ্জু প্ৰকৃতিৰ হয়, তেনেহ'লে চোৰে কথাৰ জোৰেৰে বাচি যাবলৈ চেষ্টা কৰে অথবা সাউদকেই দোষাৰূপ কৰি নিজে বাচি যায় ৷ দোষ কৰি নিজৰ দোষ ঢাকিবলৈ মাত ডাঙৰ কৰি বা যুক্তি দৰ্শাই বাচিবলৈ কৰা কাৰ্যক দৰ্শায় ৷
সাউদ যদি নিৰ্জু প্ৰকৃতিৰ হয়, তেনেহ'লে চোৰে কথাৰ জোৰেৰে বাচি যাবলৈ চেষ্টা কৰে অথবা সাউদকেই দোষাৰূপ কৰি নিজে বাচি যায় ৷ দোষ কৰি নিজৰ দোষ ঢাকিবলৈ মাত ডাঙৰ কৰি বা যুক্তি দৰ্শাই বাচিবলৈ কৰা কাৰ্যক দৰ্শায় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-16
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
সাগৰত আছিল পঞ্চ জলাশঙ্খ, নেগুৰীয়া শামুকে ক’লে ময়ো তাৰে বংশ
The bigger conches of the sea are considered sacred and used by the priests to blow in religious ceremonies and to offer libations to the gods, but the small snails are not given any importance. The tendency of some people to establish and show his relationship to powerful or famous people with an intention to glorify himself has been equated to the small snail telling that it belongs to the family of the big conch.
সাগৰীয় জলাশঙ্খ আদৰৰ বস্তু কাৰণ ইয়াক মাঙ্গলিক অনুষ্ঠানত বজাবলৈ বা আহুতি দিবলৈ ব্যৱহাৰ কৰা হয় ৷ কিন্তু সাধাৰণ শামুকৰ কোনো আদৰ নাই ৷ সাধাৰণ শামুকে নিজকে জলাশঙ্খৰ বংশধৰ বুলি দাবী কৰাৰ দৰে কিছুমান মানুহে নিজৰ গুৰুত্ব বঢ়াবলৈ ডাঙৰ মানুহৰ সৈতে থকা নিজৰ আত্মীয়তা দেখুৱাবলৈ চেষ্টা কৰে ৷
সাগৰীয় জলাশঙ্খ আদৰৰ বস্তু কাৰণ ইয়াক মাঙ্গলিক অনুষ্ঠানত বজাবলৈ বা আহুতি দিবলৈ ব্যৱহাৰ কৰা হয় ৷ কিন্তু সাধাৰণ শামুকৰ কোনো আদৰ নাই ৷ সাধাৰণ শামুকে নিজকে জলাশঙ্খৰ বংশধৰ বুলি দাবী কৰাৰ দৰে কিছুমান মানুহে নিজৰ গুৰুত্ব বঢ়াবলৈ ডাঙৰ মানুহৰ সৈতে থকা নিজৰ আত্মীয়তা দেখুৱাবলৈ চেষ্টা কৰে ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-20
সাগৰৰ ঢৌক বালিভেটা দি ৰাখিব খোজা
To try to prevent something happening or to get done by one, when majority or all others want it to happen or get done.
ৰাইজে অৰ্থাত্ বহুলোকে কৰিব খোজা কাম এটাক এজনে বাধা দিবলৈ নিষ্ফল চেষ্টা কৰা
ৰাইজে অৰ্থাত্ বহুলোকে কৰিব খোজা কাম এটাক এজনে বাধা দিবলৈ নিষ্ফল চেষ্টা কৰা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-20
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
সাজিলে কাচিলে বান্দৰীও সুন্দৰী হয় |
A woman with an unpleasant look may also look beautiful if properly dressed.
ভালকৈ সাজি পাৰি ওলাব জানিলে কুশ্ৰী তিৰোতাও দেখিবলৈ শুৱনি হয় |
ভালকৈ সাজি পাৰি ওলাব জানিলে কুশ্ৰী তিৰোতাও দেখিবলৈ শুৱনি হয় |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Phrase খণ্ডবাক্য
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-30
সাত ঘাটৰ চেঙেলি
cunning, clever or devious
অতি টেঙৰ বা ধূৰ্ত্ত
অতি টেঙৰ বা ধূৰ্ত্ত
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-30
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-21
সাত পুৰুষত নহ’ল গাই, কঁৰীয়া লৈ খীৰাবলৈ যায় |
Some people boast of themselves in such a way that even if they don`t have resources and skill, they always dream of something big only.
অত্যধিক ফুটনি মৰা মানুহৰ ক্ষেত্রত এই ফকৰা ফাঁকি ব্যৱহাৰ কৰা হয়, যাৰ সামান্য কাম এটা কৰাৰ সামৰ্থ্য নেথাকে কিন্তু সদায় ডাঙৰ কামৰ স্বপ্ন দেখে | এই ফকৰা ফাঁকি ’গাত নাই ছাল বাকলি, মদ খাই তিন টেকেলি’ৰ লগত প্রায় একেই অৰ্থত ব্যৱহাৰ কৰা হয় |
অত্যধিক ফুটনি মৰা মানুহৰ ক্ষেত্রত এই ফকৰা ফাঁকি ব্যৱহাৰ কৰা হয়, যাৰ সামান্য কাম এটা কৰাৰ সামৰ্থ্য নেথাকে কিন্তু সদায় ডাঙৰ কামৰ স্বপ্ন দেখে | এই ফকৰা ফাঁকি ’গাত নাই ছাল বাকলি, মদ খাই তিন টেকেলি’ৰ লগত প্রায় একেই অৰ্থত ব্যৱহাৰ কৰা হয় |
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-21
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-02
সাত বিহুৰ সৈয়া কণী
one surviving even after facing a lot of trouble and distress
বহুবাৰ কণী-যুঁজত যুঁজোৱাৰ পাছতো নভগাকৈ থকা কণী, অৰ্থাৎ প্ৰচুৰ দুখ-কষ্টৰ সন্মুখীন হৈও ভাগি নপৰা লোক
বহুবাৰ কণী-যুঁজত যুঁজোৱাৰ পাছতো নভগাকৈ থকা কণী, অৰ্থাৎ প্ৰচুৰ দুখ-কষ্টৰ সন্মুখীন হৈও ভাগি নপৰা লোক
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-02
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
সাত শতৰু
The enemy of hatred.
অতিকৈ ঘৃণিত শত্ৰু ৷
অতিকৈ ঘৃণিত শত্ৰু ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
Idiom ফকৰা-যোঁজনা
Contributed by: Partha P Sarmah on 2011-03-05
সাতে-পাঁচে মিলাই
(Eng.equivalent: put two and two together)to decide, find out the truth from what you hear and see
শুনা, দেখা কথাৰ পৰা মিলাই মেলি প্ৰকৃত সঁচা কথানো কি তাক থিৰ কৰা।
শুনা, দেখা কথাৰ পৰা মিলাই মেলি প্ৰকৃত সঁচা কথানো কি তাক থিৰ কৰা।
Contributed by: Partha P Sarmah on 2011-03-05
Idiom ফকৰা-যোঁজনা
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-21
সাতোঁৰ সাতোঁৰ বাউসীত বল সাঁতুৰিব নোৱাৰিলে যা ৰসাতল৷
Keep swimming till you have strength in arms;
else you will get drowned.
দেহত শক্তি থাকে মানে কাম কৰি যাব লাগিব৷ অন্যথা জীৱনৰ যৱনিকা পৰিব৷
দেহত শক্তি থাকে মানে কাম কৰি যাব লাগিব৷ অন্যথা জীৱনৰ যৱনিকা পৰিব৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-21
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-28
সান্দহ খোৱা বালি তল যোৱা
the state of compulsion to lose the vantages enjoyed by someone
ভোগ কৰি থকা সুবিধা হেৰুৱাব লগীয়া হোৱা
ভোগ কৰি থকা সুবিধা হেৰুৱাব লগীয়া হোৱা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-28
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2008-03-20
সাপ মাৰি নেগুৰত বিষ এৰা
If you have taken on your enemy, then ensure that he is completely finished. Else he may raise his head again in future.
সাপৰ জীৱটো নেগুৰত থকা বুলি ভৱা হয় ৷ সেয়েহে সাপডাল ভালকৈ মাৰিবলৈ হ’লে কেবল মূৰত মৰিয়ালেই নহ’ব, তাৰ নেগুৰতো মাৰিব লাগিব ৷ অৰ্থাৎ শত্ৰুক সমূলংশে নিৰ্মূল নকৰিলে ভৱিষ্যতে বিপদ হ’ব পাৰে ৷
সাপৰ জীৱটো নেগুৰত থকা বুলি ভৱা হয় ৷ সেয়েহে সাপডাল ভালকৈ মাৰিবলৈ হ’লে কেবল মূৰত মৰিয়ালেই নহ’ব, তাৰ নেগুৰতো মাৰিব লাগিব ৷ অৰ্থাৎ শত্ৰুক সমূলংশে নিৰ্মূল নকৰিলে ভৱিষ্যতে বিপদ হ’ব পাৰে ৷
Contributed by: Rupankar Mahanta on 2008-03-20
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-12
সাপ হৈ খোঁটা, বেজ হৈ জৰা
The one willfully causing harm to someone posing as the rescuer.
ইচ্ছাকৃত ভাৱে অপকাৰ কৰাজনে ত্ৰাণকৰ্ত্তাৰ ভাও দিয়া
ইচ্ছাকৃত ভাৱে অপকাৰ কৰাজনে ত্ৰাণকৰ্ত্তাৰ ভাও দিয়া
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-12
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-09
সাপে নাপাহৰে কঁকালৰ কোব
One can never forget the injury inflicted or harm done by others to him or her, but generally awaits for an opportune moment to take revenge for it.
আনে কৰা অপকাৰ বা আঘাতৰ কথা সাধাৰণতে মানুহে পাহৰিব নোৱাৰে ৷ বৰঞ্চ তাৰ পোটক তুলিবলৈ সুযোগৰ অপেক্ষাত থাকে ৷
আনে কৰা অপকাৰ বা আঘাতৰ কথা সাধাৰণতে মানুহে পাহৰিব নোৱাৰে ৷ বৰঞ্চ তাৰ পোটক তুলিবলৈ সুযোগৰ অপেক্ষাত থাকে ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-09
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-13
সাপো মৰক, লাঠিও নাভাগক৷
Solving a serious problem without incurring any loss or damage
কোনো ক্ষয়-ক্ষতি নোহোৱাকৈ জটিল সমস্যা সমাধান কৰা
কোনো ক্ষয়-ক্ষতি নোহোৱাকৈ জটিল সমস্যা সমাধান কৰা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-13
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2008-09-26
সাপৰ সঁজাত নাই৷
A traitor has no friend.
সাপে সগোত্রীয় সাপকো দংশন কৰে বা গিলি খায়,একেদৰে সাপৰ দৰে কিছু লোক আছে যি অতি আত্মকেন্দ্রিক আৰু যিসকলে নিজ স্বার্থৰ খাতিৰত আপোন মানুহকো বিশ্বাসঘাতকতা কৰিব পাৰে; এনে লোকক দর্শাবলৈ ব্যৱহাৰ কৰা হয়।
সাপে সগোত্রীয় সাপকো দংশন কৰে বা গিলি খায়,একেদৰে সাপৰ দৰে কিছু লোক আছে যি অতি আত্মকেন্দ্রিক আৰু যিসকলে নিজ স্বার্থৰ খাতিৰত আপোন মানুহকো বিশ্বাসঘাতকতা কৰিব পাৰে; এনে লোকক দর্শাবলৈ ব্যৱহাৰ কৰা হয়।
Contributed by: Dr. Armaan U. Muzaddadi on 2008-09-26
Idiom ফকৰা-যোঁজনা
Contributed by: Sitaram Upadhyaya on 2014-12-04
সাপৰ সৰু বৰ নাই৷
A snack is counted by its poision(venom)not by its size, because when it bites the victim dies immediate.
সাপৰ আকাৰটো ডাঙৰ বা সৰু যিয়েই নহওক, দংশন কৰাৰ লগে-লগে জীৱৰ মৃত্যু ঘটে৷
সাপৰ আকাৰটো ডাঙৰ বা সৰু যিয়েই নহওক, দংশন কৰাৰ লগে-লগে জীৱৰ মৃত্যু ঘটে৷
Contributed by: Sitaram Upadhyaya on 2014-12-04
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-11-02
সাৱধানীৰ মৰণ নাই
People who take precautions never fall into tricky situations.
আহিব পৰা বিপদৰ কথা চিন্তা কৰি যিজনে আগতীয়াকৈ প্ৰতিকাৰৰ ব্যৱস্থা কৰে তেওঁ কেতিয়াও বিপদত নপৰে ৷
আহিব পৰা বিপদৰ কথা চিন্তা কৰি যিজনে আগতীয়াকৈ প্ৰতিকাৰৰ ব্যৱস্থা কৰে তেওঁ কেতিয়াও বিপদত নপৰে ৷
Contributed by: Barnali Deuri Bora on 2010-11-02
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
সিংহভাগ লোৱা ৷
To take a lion's share.
কোনো কামত বা কামৰ ফলাফল, আয়, লাভ আদিত অতিকৈ বেছি অংশৰ ভাগ লোৱা ৷
কোনো কামত বা কামৰ ফলাফল, আয়, লাভ আদিত অতিকৈ বেছি অংশৰ ভাগ লোৱা ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
সুদূৰ পৰাহত ৷
Almost impossible to happen.
যি কাম বা পৰিঘটনা বাস্তাৱায়িত হোৱাটো প্ৰায় অসম্ভৱ ৷
যি কাম বা পৰিঘটনা বাস্তাৱায়িত হোৱাটো প্ৰায় অসম্ভৱ ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-07
সুপুত্ৰৰ বাবে কিয় ধন সঞ্চয়, কুপুত্ৰৰ বাবে কিয়ই বা ধন সঞ্চয়?
An efficient and smart son will be able to earn his own livelihood, so parents need not to retain a big bank balance or property for him. Again, a lazy and inefficient son will spend money extravagantly to exhaust a treasure within no time, even if his parent keeps a big bank balance and property for him. Hence, in any case the parents should not accumulate property for their children.
পুত্ৰসন্তান যদি সুপুত্ৰ হয় অৰ্থাৎ পৰিশ্ৰমী আৰু গুণী-জ্ঞানী হয়, তেনেহ'লে সেই পুত্ৰৰ কাৰণে ধন সঞ্চয় কৰাৰ প্ৰয়োজন নেথাকে কাৰণ তেনে পুত্ৰই নিজেই ধন উপাৰ্জন কৰিবলৈ সক্ষম হয় ৷ আনহাতে, ধন উপাৰ্জন কৰিবলৈ অক্ষম কুপুত্ৰই হাতত পোৱা সঞ্চিত ধন কম সময়ৰ ভিতৰতে বিনষ্ট কৰি পেলায় আৰু কষ্ট ভুঞ্জিব লগা হয় ৷ এতেকে উভয় ক্ষেত্ৰতেই পিতৃ-মাতৃয়ে নিজ সন্তানৰ কাৰণে অত্যাধিক ধন সঞ্চয় কৰাটো নিষ্প্ৰয়োজন ৷
পুত্ৰসন্তান যদি সুপুত্ৰ হয় অৰ্থাৎ পৰিশ্ৰমী আৰু গুণী-জ্ঞানী হয়, তেনেহ'লে সেই পুত্ৰৰ কাৰণে ধন সঞ্চয় কৰাৰ প্ৰয়োজন নেথাকে কাৰণ তেনে পুত্ৰই নিজেই ধন উপাৰ্জন কৰিবলৈ সক্ষম হয় ৷ আনহাতে, ধন উপাৰ্জন কৰিবলৈ অক্ষম কুপুত্ৰই হাতত পোৱা সঞ্চিত ধন কম সময়ৰ ভিতৰতে বিনষ্ট কৰি পেলায় আৰু কষ্ট ভুঞ্জিব লগা হয় ৷ এতেকে উভয় ক্ষেত্ৰতেই পিতৃ-মাতৃয়ে নিজ সন্তানৰ কাৰণে অত্যাধিক ধন সঞ্চয় কৰাটো নিষ্প্ৰয়োজন ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-07
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
সুফল কদলী, সুতিৰী ফেদেলী ৷
The fruit with bitter taste is good for health and the woman with ugly look turns out to be efficient, honest and smart.
কদলী ফল খাবলৈ সুৱাদ নহয় যদিও স্বাস্থ্যৰ কাৰণে ভাল, একেদৰে ফেদেলী অৰ্থাৎ সাধাৰণতে দেখিবলৈ বেয়া নাৰী প্ৰকৃততে সৎ, গুণবান আৰু চৰিত্ৰবান হয় ৷
কদলী ফল খাবলৈ সুৱাদ নহয় যদিও স্বাস্থ্যৰ কাৰণে ভাল, একেদৰে ফেদেলী অৰ্থাৎ সাধাৰণতে দেখিবলৈ বেয়া নাৰী প্ৰকৃততে সৎ, গুণবান আৰু চৰিত্ৰবান হয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
Idiom ফকৰা-যোঁজনা
Contributed by: biswadip gogoi on 2011-03-15
সুবাৰী নষ্ট হয় মাজে ললে বাট। সুতিৰী নষ্ট হয় ঘনাই বুলিলে হাট।।
Those woman who roam in the market place may loose their character.
বজাৰে-সমাৰে ঘূৰি ফুৰা তিৰোতাৰ স্বভাৱ নষ্ট হয়৷
বজাৰে-সমাৰে ঘূৰি ফুৰা তিৰোতাৰ স্বভাৱ নষ্ট হয়৷
Contributed by: biswadip gogoi on 2011-03-15
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2008-09-04
সেই ৰামো নাই, সেই অযোধ্যাও নাই
Time has changed. Gone are the good old days.
সময় সলনি হ’ল ৷ দিন-কালো বেয়া হ’ল ৷ বৰ্তমানৰ সমাজ বা সময় আগৰ দৰে ভাল নহয় ৷
সময় সলনি হ’ল ৷ দিন-কালো বেয়া হ’ল ৷ বৰ্তমানৰ সমাজ বা সময় আগৰ দৰে ভাল নহয় ৷
Contributed by: Rupankar Mahanta on 2008-09-04
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-10-27
সোণত সুৱগা চৰা
It implies to two things that are most complementary to each other.
সোণ বৰ কঠিন ধাতু আৰু ইয়াক সুৱগাৰ লগত মিহলি কৰিলেহে গঢ় দিবলৈ সুবিধা হয় ৷ কোনো এটা বস্তু আন কোনো বস্তুৰ লগত সৰ্ম্পূণকৈ মিলি পৰা -অৰ্থত এই পটন্তৰটি ব্যৱহাৰ হয় ৷
সোণ বৰ কঠিন ধাতু আৰু ইয়াক সুৱগাৰ লগত মিহলি কৰিলেহে গঢ় দিবলৈ সুবিধা হয় ৷ কোনো এটা বস্তু আন কোনো বস্তুৰ লগত সৰ্ম্পূণকৈ মিলি পৰা -অৰ্থত এই পটন্তৰটি ব্যৱহাৰ হয় ৷
Contributed by: Barnali Deuri Bora on 2010-10-27
Idiom ফকৰা-যোঁজনা
Contributed by: Sitaram Upadhyaya on 2015-11-20
সোলাৰ মুখত মাখি পৰে, সিও লাভৰ ভিতৰ৷
A person having no teeth cannot keep closed their mouth. Moreover they cannot crush meat or other harder foods. In such a case if a fly enter into their open mouth, the said teeth less person crush the fly as if the fly is a piece of meat.
দাঁত সোলাৰ মুখ খন দাঁত নথকা বাবে অনবৰতে মেল খাই থাকে আৰু তেনেলোকৰ মাংসৰ লগতে অন্যান্য টান পুষ্টিকৰ খাদ্য ভালকৈ চোবাই খোৱাৰ সামৰ্থ নেথাকে৷ তেনেস্থলত মুখত সোমোৱা কোমল দেহৰ মাখি টোকে (মাখি যদিওবা অখাদ্য৷) চোবাই মাংস খোৱাৰ পৰম তৃপ্তি লাভ কৰাৰ বাদে অন্য বিকল্প নেথাকে৷
দাঁত সোলাৰ মুখ খন দাঁত নথকা বাবে অনবৰতে মেল খাই থাকে আৰু তেনেলোকৰ মাংসৰ লগতে অন্যান্য টান পুষ্টিকৰ খাদ্য ভালকৈ চোবাই খোৱাৰ সামৰ্থ নেথাকে৷ তেনেস্থলত মুখত সোমোৱা কোমল দেহৰ মাখি টোকে (মাখি যদিওবা অখাদ্য৷) চোবাই মাংস খোৱাৰ পৰম তৃপ্তি লাভ কৰাৰ বাদে অন্য বিকল্প নেথাকে৷
Contributed by: Sitaram Upadhyaya on 2015-11-20
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-01
স্থান হেৰালে মান হেৰায় ৷
If one changes his/her place of residence or working field, he/she has to lose social status and respect.
নিজৰ থকা ঠাই অথবা কৰ্মক্ষেত্ৰ সলনি কৰিলে মানুহে সামাজিক প্ৰতিপত্তি আৰু মান-মৰ্য্যাদা হেৰুৱাব লগীয়া হয় ৷
নিজৰ থকা ঠাই অথবা কৰ্মক্ষেত্ৰ সলনি কৰিলে মানুহে সামাজিক প্ৰতিপত্তি আৰু মান-মৰ্য্যাদা হেৰুৱাব লগীয়া হয় ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-01
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
স্বৰ্গদেউৰ ৰাজসভাত বাদুলিয়ে কল খোৱা কথা কোৱা
To say something irrelevant or inappropriate
অবান্তৰ বা অপ্ৰাসংগিক কথাৰ অৱতাৰণা কৰা
অবান্তৰ বা অপ্ৰাসংগিক কথাৰ অৱতাৰণা কৰা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Phrase খণ্ডবাক্য
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-31
সৰগ ঢুকি পোৱা৷
Able to touch the sky. It means get rid of something; achieved something.
উপায় পোৱা৷ সকাহ পোৱা৷
উপায় পোৱা৷ সকাহ পোৱা৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-31
Phrase খণ্ডবাক্য
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-31
সৰগ ভাগি পৰা
Sky falls down; meaning sudden unbearable barden.
হঠাতে অহা অসহনীয় বিপদ৷
হঠাতে অহা অসহনীয় বিপদ৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-31
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-14
সৰিয়হৰ ডুলিত ভূত ওলোৱা |
To find some unusual things or incidents in quite unexpected places (or related to unexpected/incompatible person .).
ভূতে সাধাৰণতে সৰিয়ঁহলৈ ভয় কৰে বুলি জনবিশ্বাস আছে৷ গতিকে কোনো নভবা স্থানত অগতানুগতিক ভাবে এটা বিপৰীত ধৰণৰ বস্তু ওলালে বা কোনেও ভাবিব নোৱাৰাকৈ এজন ভদ্র ব্যক্তি বেয়া কাৰ্য্যত লিপ্ত হ\'লে এই ফকৰাটো ব্য্যৱহাৰ কৰা হয়|
ভূতে সাধাৰণতে সৰিয়ঁহলৈ ভয় কৰে বুলি জনবিশ্বাস আছে৷ গতিকে কোনো নভবা স্থানত অগতানুগতিক ভাবে এটা বিপৰীত ধৰণৰ বস্তু ওলালে বা কোনেও ভাবিব নোৱাৰাকৈ এজন ভদ্র ব্যক্তি বেয়া কাৰ্য্যত লিপ্ত হ\'লে এই ফকৰাটো ব্য্যৱহাৰ কৰা হয়|
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-14
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-04
সৰুৰ মুখত বৰ কথা
Telling or showing interest on something which is beyond one's capabilities.
নিজৰ শক্তি-সামৰ্থ্যৰ কথা বিচাৰ নকৰি বলে-নোৱাৰা ধৰণৰ কামৰ প্ৰতি আগ্ৰহ দেখুওৱা