Found 55 proverb(s) beginning with "ব"
Phrase খণ্ডবাক্য
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
বগলী ভকত ৷
One who pretends to be honest externally, but executes dishonest acts stealthily, a scammer.
যি বাহিৰে সততা দেখুৱাই লোকচক্ষুৰ আঁৰত অসৎ কামনা চৰিতাৰ্থ কৰে, অৰ্থাৎ ভণ্ড লোক৷
যি বাহিৰে সততা দেখুৱাই লোকচক্ষুৰ আঁৰত অসৎ কামনা চৰিতাৰ্থ কৰে, অৰ্থাৎ ভণ্ড লোক৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা
Contributed by: Anjali Sonowal on 2008-07-16
বগা ভাত দেখিলে কাউৰীৰ আকাল নোহোৱা ।
There is no dearth of acquisitive people where wealth abounds.
ধন সম্পত্তি দেখিলে পৰ প্ৰত্যাশী লোকৰ অভাৱ নোহোৱা ।
ধন সম্পত্তি দেখিলে পৰ প্ৰত্যাশী লোকৰ অভাৱ নোহোৱা ।
Contributed by: Anjali Sonowal on 2008-07-16
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-19
বলে নোৱাৰা শিলক পৰি নমস্কাৰ ৷
It is always better to accept one's inability to perform a job that is beyond his capabilities.
প্ৰবল ইচ্ছা থাকিলেও নিজৰ সামৰ্থ্যৰে কৰিব নোৱাৰা কামত হাত দি লাভ নাই, বৰঞ্চ নিজৰ অসমৰ্থতা স্বীকাৰ কৰি লোৱাই শ্ৰেয় ৷
প্ৰবল ইচ্ছা থাকিলেও নিজৰ সামৰ্থ্যৰে কৰিব নোৱাৰা কামত হাত দি লাভ নাই, বৰঞ্চ নিজৰ অসমৰ্থতা স্বীকাৰ কৰি লোৱাই শ্ৰেয় ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-19
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
বহিব জানিলে মাটিয়েই পীৰা, খাব জানিলে চাউলেই চিৰা
One can survive or perform something with optimal use of minimum available resources with good skill.
অলপ মাত্র সম্পদৰ সৎব্যৱহাৰ কৰি কোনো কাৰ্য্য সম্পাদন কৰিব পাৰি, কিন্তু তাৰ বাবে দক্ষতাৰ প্রয়োজন
অলপ মাত্র সম্পদৰ সৎব্যৱহাৰ কৰি কোনো কাৰ্য্য সম্পাদন কৰিব পাৰি, কিন্তু তাৰ বাবে দক্ষতাৰ প্রয়োজন
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা
Contributed by: Anjali Sonowal on 2008-07-26
বহিবলৈ পালে শুবলৈ বিচাৰে ।
One who gets help often tries to get more.
অলপ সুবিধা পাই আৰু বেছি ল`বলৈ বিচৰা ।
অলপ সুবিধা পাই আৰু বেছি ল`বলৈ বিচৰা ।
Contributed by: Anjali Sonowal on 2008-07-26
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-05-18
বাঁহৰ আগ তল যাওক, কাউৰীৰ ৰং চাওঁ৷
The fox and the crow both are very cunning. The fox desires to see the fate of the crow when the tip of the bamboo tree would get inundated. However, he fails to visualize his own fate under that circumstances. This means - some people would always expect ill of others come what may.
শিয়াল আৰু কাউৰী দুয়োটাই অতি ধূৰ্ত্ত প্ৰাণী৷ শিয়ালে ভাবে - বাঁহৰ আগ তল যোৱাকৈ বানপানী হ`লে কাউৰীৰ ৰং চাব পৰা যাব৷ কিন্তু তেনেকুৱা হ`লে নিজৰ অৱস্থা কেনে হ`ব সেইটো ভাবি নাচায়৷ অৰ্থাৎ কিছুমান মানুহে আনৰ অপকাৰ কৰিবলৈ গৈ নিজৰো অহিত সাধন কৰে৷
শিয়াল আৰু কাউৰী দুয়োটাই অতি ধূৰ্ত্ত প্ৰাণী৷ শিয়ালে ভাবে - বাঁহৰ আগ তল যোৱাকৈ বানপানী হ`লে কাউৰীৰ ৰং চাব পৰা যাব৷ কিন্তু তেনেকুৱা হ`লে নিজৰ অৱস্থা কেনে হ`ব সেইটো ভাবি নাচায়৷ অৰ্থাৎ কিছুমান মানুহে আনৰ অপকাৰ কৰিবলৈ গৈ নিজৰো অহিত সাধন কৰে৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-05-18
Idiom ফকৰা-যোঁজনা
Contributed by: Hemanta Saikia on 2009-02-28
বাওনা হৈ চন্দ্ৰলৈ হাত মেলা
To try something impossible with one`s limited capability
চুটি-চাপৰ মানুহে ওখত থকা বস্তু হাতেৰে ঢুকি নেপায়৷ এই যোজনাটোৰে অসম্ভৱ কামৰ হাবিয়াস কৰাৰ কথা বুজোৱা হয়৷
চুটি-চাপৰ মানুহে ওখত থকা বস্তু হাতেৰে ঢুকি নেপায়৷ এই যোজনাটোৰে অসম্ভৱ কামৰ হাবিয়াস কৰাৰ কথা বুজোৱা হয়৷
Contributed by: Hemanta Saikia on 2009-02-28
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-10-27
বাঘ নাই বনত, হৰিণাই দেও দি চৰি ফুৰি খায় ৷
An organization without a strong administrator is like a forest without tigers wherein the deer have fearless movement for grazing. The employees of such organizations have no fear for punishment of doing wrong doings and thus chaos prevails sooner or later.
যি বনত বাঘ নাথাকে, তাত হৰিণািই অবাধে বিচৰণ কৰিব পাৰে আৰু য'তে ত'তে ঘাঁহ খাই ল'ৰি ফুৰিব পাৰে; কাৰণ তেনে বনত হৰিণাৰ প্ৰাণৰ ভয় নেথাকে ৷ একেদৰে যি প্ৰতিষ্ঠানত বলিষ্ঠ প্ৰশাসক নেথাকে, তাৰ সদস্যসকল উদণ্ড প্ৰকৃতিৰ হৈ পৰে আৰু অৰাজকতাৰ উৎপত্তি হয়, যিহেতু তাত আইন ভঙ্গকাৰী বা ভ্ৰষ্টাচাৰীয়ে শাস্তি পোৱাৰ ভয় নেথাকে ৷
যি বনত বাঘ নাথাকে, তাত হৰিণািই অবাধে বিচৰণ কৰিব পাৰে আৰু য'তে ত'তে ঘাঁহ খাই ল'ৰি ফুৰিব পাৰে; কাৰণ তেনে বনত হৰিণাৰ প্ৰাণৰ ভয় নেথাকে ৷ একেদৰে যি প্ৰতিষ্ঠানত বলিষ্ঠ প্ৰশাসক নেথাকে, তাৰ সদস্যসকল উদণ্ড প্ৰকৃতিৰ হৈ পৰে আৰু অৰাজকতাৰ উৎপত্তি হয়, যিহেতু তাত আইন ভঙ্গকাৰী বা ভ্ৰষ্টাচাৰীয়ে শাস্তি পোৱাৰ ভয় নেথাকে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-10-27
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-10-01
বাঘে ধৰাদি ধৰ্
to question somebody using strong words asking explanation on some matters
কাৰোবাক কোনো বিষয়ৰ কৈফিয়ৎ বিছাৰি সমুখা-সমুখিকৈ জবাবদিহি কৰ্
কাৰোবাক কোনো বিষয়ৰ কৈফিয়ৎ বিছাৰি সমুখা-সমুখিকৈ জবাবদিহি কৰ্
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-10-01
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-12
বাঘে-ছাগে একে ঘাটতে পানী খোৱা
Two staunch enemies coming together in order to fulfill their common interests
দুই পৰম শত্ৰুৱে নিজৰ স্বাৰ্থ পূৰণৰ খাতিৰত একত্ৰ হৈ কাম কৰা
দুই পৰম শত্ৰুৱে নিজৰ স্বাৰ্থ পূৰণৰ খাতিৰত একত্ৰ হৈ কাম কৰা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-12
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-30
বাঘৰ আগতেল খোৱা
rowdy, unruly or uncontrollable
অতি দুষ্ট, তীখৰ; যেনে: বাঘৰ আগতেল খোৱা ল’ৰাটোক লৈ মাকৰ বৰ চিন্তা
অতি দুষ্ট, তীখৰ; যেনে: বাঘৰ আগতেল খোৱা ল’ৰাটোক লৈ মাকৰ বৰ চিন্তা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-30
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
বাঘৰ নেজেৰে কাণ খজুৱা
Inviting trouble by committing some useless foolish activities.
অনাহকতে নিজে নিজৰ বিপদ চপাই লোৱা
অনাহকতে নিজে নিজৰ বিপদ চপাই লোৱা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-11-02
বাচি খাবা, জাগি শুবা
It is always good to be a bit careful in every situation.
খাওঁতে সদায় বাচ-বিচাৰ কৰিহে খোৱা উচিত, সেইদৰে শোৱাৰ লগে লগে টোপনিত লালকাল দিয়া মানুহতকৈ খিৰিক কৰিলেই সাৰ পোৱা মানুহেহে বিপদৰ আগজাননি সোনকালে পায় ৷ অৰ্থাৎ সকলো পৰিস্থিতিতে সাৱধানতা অৱলম্বন কৰা উচিত ৷
খাওঁতে সদায় বাচ-বিচাৰ কৰিহে খোৱা উচিত, সেইদৰে শোৱাৰ লগে লগে টোপনিত লালকাল দিয়া মানুহতকৈ খিৰিক কৰিলেই সাৰ পোৱা মানুহেহে বিপদৰ আগজাননি সোনকালে পায় ৷ অৰ্থাৎ সকলো পৰিস্থিতিতে সাৱধানতা অৱলম্বন কৰা উচিত ৷
Contributed by: Barnali Deuri Bora on 2010-11-02
Idiom ফকৰা-যোঁজনা
Contributed by: shekhar borah on 2009-05-08
বাচোঁতে বাচোঁতে গেলা বৰালিত হাত পৰা
To select something inferior after lots of searching and selecting
বহু বিচাৰ বিবেচনা কৰি অৱশেষত কিবা বেয়া নিৰ্বাচন কৰা
বহু বিচাৰ বিবেচনা কৰি অৱশেষত কিবা বেয়া নিৰ্বাচন কৰা
Contributed by: shekhar borah on 2009-05-08
Idiom ফকৰা-যোঁজনা
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
বাজিব লাগে টেমি-কটাৰী, বাজিছে হাচটি
Person who is supposed to talk is not telling anything, but his supporter is unnecessarily going on telling meaningless things.
হাচটিত থকা টেমি-কটাৰী আদি নাবাজি হাচটিখন বজা অৰ্থাৎ কথা ক’ব লগীয়া ব্যক্তিজনে নকৈ তেওঁৰ সমৰ্থনত অন্য ব্যক্তিয়ে অনৰ্থকভাৱে কথা কৈ থকা ৷
হাচটিত থকা টেমি-কটাৰী আদি নাবাজি হাচটিখন বজা অৰ্থাৎ কথা ক’ব লগীয়া ব্যক্তিজনে নকৈ তেওঁৰ সমৰ্থনত অন্য ব্যক্তিয়ে অনৰ্থকভাৱে কথা কৈ থকা ৷
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2016-04-14
বাটত পালো কমাৰ দা গঢ়াই দিয়া আমাৰ৷
To get something done without prior planning, taking advantage of suddenly meeting someone on the way.
বাটতে কাৰোবাক লগ পাই সেই সুযোগ গ্ৰহণ কৰি নিজৰ অভীষ্ঠ সিদ্ধি কৰা৷
বাটতে কাৰোবাক লগ পাই সেই সুযোগ গ্ৰহণ কৰি নিজৰ অভীষ্ঠ সিদ্ধি কৰা৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2016-04-14
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-03
বাটি খালে আটি যায়, লুকাই খালে ঢুকাই যায় ৷
If any food item is divided among people, each can get at least a small fraction of it. But if it is hidden somewhere, ultimately it gets spoiled.
যিকোনো খোৱাবস্তু আটাইৰে মাজত ভগাই খালে অলপ অলপকৈ হ’লেও সকলোৱে ভাগ পায় ৷ কিন্তু তাকে নকৰি লুকাই থৈ দিলে এটা সময়ত গেলি-পচি নষ্টহে হৈ যায় ৷
যিকোনো খোৱাবস্তু আটাইৰে মাজত ভগাই খালে অলপ অলপকৈ হ’লেও সকলোৱে ভাগ পায় ৷ কিন্তু তাকে নকৰি লুকাই থৈ দিলে এটা সময়ত গেলি-পচি নষ্টহে হৈ যায় ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-03
Idiom ফকৰা-যোঁজনা
Contributed by: Aklantika Saikia on 2010-02-07
বাটৰ কচু গাত ঘঁহ
to invite trouble by one’s own acts
নিজে নিজৰ বিপদ মাতি অনা
নিজে নিজৰ বিপদ মাতি অনা
Contributed by: Aklantika Saikia on 2010-02-07
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-07
বান্দৰে কি বুজে নাৰিকলৰ মোল
Only the scholar/literate people can understand the virtue of knowledge
বান্দৰে যিদৰে নাৰিকল ফালি খাব নোৱাৰে বাবে তাৰ গুণাগুণ বুজি নাপায়, ঠিক সেইদৰে বিদ্বান ব্য্যক্তিয়েহে জ্ঞানৰ মোল বুজে।
বান্দৰে যিদৰে নাৰিকল ফালি খাব নোৱাৰে বাবে তাৰ গুণাগুণ বুজি নাপায়, ঠিক সেইদৰে বিদ্বান ব্য্যক্তিয়েহে জ্ঞানৰ মোল বুজে।
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-07
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-09
বামুণে চিন্তে ভালক, বহুৱাই চিন্তে কালক |
To ignore or refuse to accept help or support from others.
আনৰ পৰা উপকাৰ বা সহায় ল’বলৈ অথবা আনৰ সজ পৰামৰ্শ গ্ৰহণ কৰিবলৈ অস্বীকাৰ বা উপেক্ষা কৰা
আনৰ পৰা উপকাৰ বা সহায় ল’বলৈ অথবা আনৰ সজ পৰামৰ্শ গ্ৰহণ কৰিবলৈ অস্বীকাৰ বা উপেক্ষা কৰা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-09
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
বামুণে-শগুণে বিচাৰে মৰা, গণকে বিচাৰে নৰিয়া পৰা ৷
Some people even expects to see others' suffering in order to fulfill his own inetersts.
কিছুমান মানুহে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আনৰ বেয়া হোৱাটোও কামনা কৰে ৷
কিছুমান মানুহে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আনৰ বেয়া হোৱাটোও কামনা কৰে ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-19
বামুণৰো এদিন, বহুৱাৰো এদিন
One cannot predict one's future; the fate of a person may change over time.
সকলোৰে দিন সদায় একেদৰে অতিবাহিত নহয়; আজি ভালে-কুশলে সুখেৰে থকা জনো ভৱিষ্যতে বিপদৰ সন্মুখীন হ’ব পাৰে ৷ সেইদৰে, যি বৰ্তমানে অসুখী তেওঁৰ বাবেও ভৱিষ্যতে ভাল দিন আহিব পাৰে ৷
সকলোৰে দিন সদায় একেদৰে অতিবাহিত নহয়; আজি ভালে-কুশলে সুখেৰে থকা জনো ভৱিষ্যতে বিপদৰ সন্মুখীন হ’ব পাৰে ৷ সেইদৰে, যি বৰ্তমানে অসুখী তেওঁৰ বাবেও ভৱিষ্যতে ভাল দিন আহিব পাৰে ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-19
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-11-19
বাল ছিঙোতে মহা মৰিল, মই বোলো মহা ৰণত হে পৰিল ৷
Exaggerating a small matter out of proportion.
সৰু কথা এটাকে সজাই পৰাই বহুত ডাঙৰ কৰা ৷
সৰু কথা এটাকে সজাই পৰাই বহুত ডাঙৰ কৰা ৷
Contributed by: Barnali Deuri Bora on 2010-11-19
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
বালীলৈ যিপাত শৰ, সুগ্ৰীবলৈও সেইপাতেই ৷
Bali, the king of apes was killed by Rama from behind the bushes in order to make his brother Sugriva the king. Later Sugriva also suffered from a similar fate. So, by this proverbial saying, it is said that one should not take pleasure from the distress of others, else he will have to face similar situation in future.
বান্দৰৰ ৰজা বালীক তেওঁৰ অজ্ঞাতে আঁৰৰ পৰা শৰ মাৰি ৰামচন্দ্ৰই বধ কৰিছিল আৰু তেওঁৰ ভায়েক সুগ্ৰীবক ৰজা পাতিছিল ৷ বালীক কৰা এই অন্যায়ৰ ফল পাছত সুগ্ৰীবেও ভোগ কৰিব লগীয়া হৈছিল ৷ গতিকে এই পটন্তৰটিৰ দ্বাৰা বুজোৱা হয় যে, আনৰ দুৰ্দশা দেখি আনন্দ কৰিলে শেষত নিজৰো একে দশা হয় ৷
বান্দৰৰ ৰজা বালীক তেওঁৰ অজ্ঞাতে আঁৰৰ পৰা শৰ মাৰি ৰামচন্দ্ৰই বধ কৰিছিল আৰু তেওঁৰ ভায়েক সুগ্ৰীবক ৰজা পাতিছিল ৷ বালীক কৰা এই অন্যায়ৰ ফল পাছত সুগ্ৰীবেও ভোগ কৰিব লগীয়া হৈছিল ৷ গতিকে এই পটন্তৰটিৰ দ্বাৰা বুজোৱা হয় যে, আনৰ দুৰ্দশা দেখি আনন্দ কৰিলে শেষত নিজৰো একে দশা হয় ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী
One can not asses ones inner character/personality just by looking at the external appearance .
কোৱাভাতুৰী এবিধ লতাৰ ফল, সি পকিলে তাৰ বাহিৰ ভাগ দেখাত সুন্দৰ হয়, কিন্তু ভিতৰৰ ফাল কাউৰীৰ পাখিৰ দৰে ক'লা হয়। ইয়াৰ দ্বাৰা বুজাব খোজা হৈছে যে, কোনো বস্তু বা ব্যক্তিৰ বাহ্যিকতা দেখি তেওঁৰ গুণাগুণ নিৰূপণ কৰিব নোৱাৰি৷
কোৱাভাতুৰী এবিধ লতাৰ ফল, সি পকিলে তাৰ বাহিৰ ভাগ দেখাত সুন্দৰ হয়, কিন্তু ভিতৰৰ ফাল কাউৰীৰ পাখিৰ দৰে ক'লা হয়। ইয়াৰ দ্বাৰা বুজাব খোজা হৈছে যে, কোনো বস্তু বা ব্যক্তিৰ বাহ্যিকতা দেখি তেওঁৰ গুণাগুণ নিৰূপণ কৰিব নোৱাৰি৷
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
বাৰী-চুকৰ পুখুৰীটো সিঁচোতেও শিঙিয়ে বিন্ধে |
One has to face a lot of problems or obstacles while attempting to do something; but nothing can be achieved if he remains idle apprehending them.
যিকোনো এটা কাম কৰিবলৈ যাওঁতে সৰু-ডাঙৰ নানানটা বাধা-বিঘিনিৰ সন্মুখীন হ’বলগীয়া হয়; কিন্তু তালৈ ভয় কৰি বহি থাকিলে কোনো কাম সিদ্ধ নহয় |
যিকোনো এটা কাম কৰিবলৈ যাওঁতে সৰু-ডাঙৰ নানানটা বাধা-বিঘিনিৰ সন্মুখীন হ’বলগীয়া হয়; কিন্তু তালৈ ভয় কৰি বহি থাকিলে কোনো কাম সিদ্ধ নহয় |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-10-25
বাৰীৰ ঘাহেঁ, গোহালিৰ গৰুৱে ৰাহি নাহে
underestimating one's own experienced ones but taking advise from others who are less experienced
অভিজ্ঞ আপোনজনৰ মতামতক যথাযোগ্য সন্মান নজনোৱা কিন্ত তাতোতকৈ কম যোগ্য আনৰ কথা সহজে শুনা
অভিজ্ঞ আপোনজনৰ মতামতক যথাযোগ্য সন্মান নজনোৱা কিন্ত তাতোতকৈ কম যোগ্য আনৰ কথা সহজে শুনা
Contributed by: Barnali Deuri Bora on 2010-10-25
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
বিধাতাৰ লিখন নেযায় খণ্ডন ৷
Inevitable are the decrees of God.
ঈশ্বৰে যাৰ কপালত যি লিখে সেইয়া কেতিয়াও সলনি কৰিব নোৱাৰি ৷
ঈশ্বৰে যাৰ কপালত যি লিখে সেইয়া কেতিয়াও সলনি কৰিব নোৱাৰি ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-27
বিনা মেঘে বজ্ৰপাত
Encountering suddenly something unexpectedly bad without any proper prior hint
কোনো আগজাননী অবিহনে কিবা অঘটন ঘটা
কোনো আগজাননী অবিহনে কিবা অঘটন ঘটা
Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-27
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
বিপদ গ’লে, সম্পদ আহে ৷
After rain comes fair weather.
বিপদ আতৰি গ’লে মানুহে মনপুতি কাম কৰিব পাৰে, সেয়ে সম্পদ বা ঐশ্বৰ্য্য অহাৰ পথ মুকলি হয় ৷
বিপদ আতৰি গ’লে মানুহে মনপুতি কাম কৰিব পাৰে, সেয়ে সম্পদ বা ঐশ্বৰ্য্য অহাৰ পথ মুকলি হয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
বিশ্বাসে মিলয় হৰি, তৰ্কে বহু দূৰ৷
One can meet God with deep faith on Him, similarly working with full commitment and confidence one can achieve the goal.
সুগভীৰ বিশ্বাসৰ দ্বাৰাহে ঈশ্বৰক পাব পাৰি; কিন্তু ঈশ্বৰৰ অস্তিত্বক লৈ তৰ্ক-বিতৰ্ক কৰিলে, কেতিয়াও পাব নোৱাৰি ৷ একেদৰে গভীৰ নিষ্ঠা আৰু একাগ্ৰতাৰেহে যিকোনো কামত সিদ্ধি লাভ কৰিব পাৰি ৷
সুগভীৰ বিশ্বাসৰ দ্বাৰাহে ঈশ্বৰক পাব পাৰি; কিন্তু ঈশ্বৰৰ অস্তিত্বক লৈ তৰ্ক-বিতৰ্ক কৰিলে, কেতিয়াও পাব নোৱাৰি ৷ একেদৰে গভীৰ নিষ্ঠা আৰু একাগ্ৰতাৰেহে যিকোনো কামত সিদ্ধি লাভ কৰিব পাৰি ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-20
বিৰ দি বাট নোপোৱা
So dense (jungle or crowd) that it is impossible to make a way through.
(অৰণ্য বা মানুহৰ সমাগম) ইমানেই বেছি ঘন যে মাজেৰে বাট উলিওৱাটো অসম্ভৱ ৷
(অৰণ্য বা মানুহৰ সমাগম) ইমানেই বেছি ঘন যে মাজেৰে বাট উলিওৱাটো অসম্ভৱ ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-20
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
বুঢ়া শালিকাই মাত নলয় |
To start doing something in the later age of ones life while he could have done it long back.
সময় থাকোতেই যদি কোনোৱে শিকিব লগা কিবা এটা নিশিকি ভাটি বয়সত শিকিবলৈ যায় তেন্তে এই ফকৰা ফাঁকি ব্যৱহাৰ কৰা হয় |
সময় থাকোতেই যদি কোনোৱে শিকিব লগা কিবা এটা নিশিকি ভাটি বয়সত শিকিবলৈ যায় তেন্তে এই ফকৰা ফাঁকি ব্যৱহাৰ কৰা হয় |
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা
Contributed by: Prasenjit Khanikar on 2008-02-28
বুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেঁকা?
Young people should obey elderly people`s advice as elderly people are more experienced than the young generation.
বয়োজ্যেষ্ঠ লোকসকলৰ অভিজ্ঞতা কমবয়সীয়া সকলতকৈ অধিক আৰু সেয়েহে ডেকাসকলে বুঢ়াসকলৰ উপদেশ মানি চলা উচিত ।
বয়োজ্যেষ্ঠ লোকসকলৰ অভিজ্ঞতা কমবয়সীয়া সকলতকৈ অধিক আৰু সেয়েহে ডেকাসকলে বুঢ়াসকলৰ উপদেশ মানি চলা উচিত ।
Contributed by: Prasenjit Khanikar on 2008-02-28
Idiom ফকৰা-যোঁজনা
Contributed by: Anjali Sonowal on 2008-07-14
বুঢ়াৰ হাতত চেঙেলি পৰা ।
A cunning person cannot outwit an experienced veteran.
চেঙেলি মাছ বৰ পিচল । তাক ধৰি ৰাখিবলৈ খহটা বস্তুৰ প্ৰয়োজন ।বুঢ়া হলে মানুহৰ হাত খহটা হয় গতিকে সহজে চেঙেলি মাছ ধৰি ৰাখিব পাৰে। ইয়াৰ অৰ্থ হৈছে কোনো জনা-বুজা, জ্ঞানী, বয়োবৃদ্ধ, অভিজ্ঞ লোকৰ হাতত পৰি ধূৰ্ত লোকৰ সাৰিব নোৱৰা অৱস্থা হোৱা।
চেঙেলি মাছ বৰ পিচল । তাক ধৰি ৰাখিবলৈ খহটা বস্তুৰ প্ৰয়োজন ।বুঢ়া হলে মানুহৰ হাত খহটা হয় গতিকে সহজে চেঙেলি মাছ ধৰি ৰাখিব পাৰে। ইয়াৰ অৰ্থ হৈছে কোনো জনা-বুজা, জ্ঞানী, বয়োবৃদ্ধ, অভিজ্ঞ লোকৰ হাতত পৰি ধূৰ্ত লোকৰ সাৰিব নোৱৰা অৱস্থা হোৱা।
Contributed by: Anjali Sonowal on 2008-07-14
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-10-27
বুঢ়ী আই এ নাহিলি সুখৰ কালত, সাতজনী নিগনি খীৰাই খাইছিলো, গেৰেলাক বাইছিলো হালত
After being pauper, remembering sadly the times when he was rich.
আকালৰ (দুৰ্দ্দিনৰ সময়ত) দিনত এসময়ৰ প্ৰাচুৰ্য্যৰ কথা মনত পেলাই শোক কৰা
আকালৰ (দুৰ্দ্দিনৰ সময়ত) দিনত এসময়ৰ প্ৰাচুৰ্য্যৰ কথা মনত পেলাই শোক কৰা
Contributed by: Barnali Deuri Bora on 2010-10-27
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-23
বুৰে প্ৰতি শেলেকু ৷
One cannot expect to get beneficial and uniform results from every similar attempt.
বিল বা পুখুৰীৰ পানীত বুৰ মাৰি, এবাৰ বা দুবাৰ শেলেকু উঠাব পাৰিলে বুলি প্ৰতি বুৰতে শেলেকু পোৱা নেযায় ৷ একেদৰে সংযোগবশতঃ কোনো কামৰ ভাল পৰিণাম পালেও, একেধৰণৰ কামৰ বাবে তেনে ফল বা পৰিণাম প্ৰত্যেক বাৰ পাব নোৱাৰি ৷
বিল বা পুখুৰীৰ পানীত বুৰ মাৰি, এবাৰ বা দুবাৰ শেলেকু উঠাব পাৰিলে বুলি প্ৰতি বুৰতে শেলেকু পোৱা নেযায় ৷ একেদৰে সংযোগবশতঃ কোনো কামৰ ভাল পৰিণাম পালেও, একেধৰণৰ কামৰ বাবে তেনে ফল বা পৰিণাম প্ৰত্যেক বাৰ পাব নোৱাৰি ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-23
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
বুৰ্বকৰ ধন টেটোনৰ হক ৷
A crooked person can easily cheat a foolish and makes money out of his/her foolishness.
বুৰ্বক অৰ্থাৎ অজ্ঞানী মানুহৰ হাতত ধন-দৌলত পৰিলে অবাবতে উৰাই নষ্ট কৰে আৰু টেটোন মানুহে সিহঁতক সহজে ঠগি ধন কাঢ়ি নিয়ে আৰু হক (ন্যায্য অধিকাৰ) বুলি নিজে ভোগ কৰে ৷
বুৰ্বক অৰ্থাৎ অজ্ঞানী মানুহৰ হাতত ধন-দৌলত পৰিলে অবাবতে উৰাই নষ্ট কৰে আৰু টেটোন মানুহে সিহঁতক সহজে ঠগি ধন কাঢ়ি নিয়ে আৰু হক (ন্যায্য অধিকাৰ) বুলি নিজে ভোগ কৰে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-11
বৃক্ষ নথকা বনত এৰাই বটগছ ৷
In a society of ignorants, a man of little wit becomes a man of wisdom.
হাবি-বনত যদি বৃক্ষ (ওখ গছ)নাথাকে, তেন্তে এৰাগছেই বৃক্ষৰ দৰে দেখা যায়,যদিও ই ইবিধ গুল্ম জাতীয় গছ ৷ একেদৰে যি সমাজত বিজ্ঞ, জ্ঞানী বা মেধাবী লোক নাই, তেনে সমাজত সামন্য জ্ঞান বা মেধা থকা ব্যক্তিয়েই সন্মানীয় ব্যক্তি হৈ পৰে ৷
হাবি-বনত যদি বৃক্ষ (ওখ গছ)নাথাকে, তেন্তে এৰাগছেই বৃক্ষৰ দৰে দেখা যায়,যদিও ই ইবিধ গুল্ম জাতীয় গছ ৷ একেদৰে যি সমাজত বিজ্ঞ, জ্ঞানী বা মেধাবী লোক নাই, তেনে সমাজত সামন্য জ্ঞান বা মেধা থকা ব্যক্তিয়েই সন্মানীয় ব্যক্তি হৈ পৰে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-11
Phrase খণ্ডবাক্য
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-06-25
বেঙে মূতা গৰু
a frightened and perplexed man
ভয়ত অস্থিৰ হোৱা মানুহ (বেঙৰ মূত গৰুৰ গাত পৰিলে গৰুটো কঁপি-জঁপি অস্থিৰ হৈ মাটিত পৰি যায় বুলি জনবিশ্বাস প্ৰচলিত আছে ৷)
ভয়ত অস্থিৰ হোৱা মানুহ (বেঙৰ মূত গৰুৰ গাত পৰিলে গৰুটো কঁপি-জঁপি অস্থিৰ হৈ মাটিত পৰি যায় বুলি জনবিশ্বাস প্ৰচলিত আছে ৷)
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-06-25
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2008-03-19
বেজীৰ জলা মনা, কুঠাৰৰ জলা নমনা
Effort to make a big deal out of a minor issue while ignoting the larger issue.
English synonym :
Make a mountain out of a molehill
প্ৰকৃত বা ডাঙৰ সমস্যাক জানি-বুজি আওকাণ কৰি সাধাৰণ বা তেনেই সৰু কথা এটাকে ধৰি এটা ডাঙৰ সমস্যাৰ দৰে দেখুৱাব খোজা প্ৰয়াস ৷
প্ৰকৃত বা ডাঙৰ সমস্যাক জানি-বুজি আওকাণ কৰি সাধাৰণ বা তেনেই সৰু কথা এটাকে ধৰি এটা ডাঙৰ সমস্যাৰ দৰে দেখুৱাব খোজা প্ৰয়াস ৷
Contributed by: Rupankar Mahanta on 2008-03-19
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-04
বেজৰ নাকত খৰ
If a country healer suffers from ringworm on his nose, it is ridiculous. It means that when someone boasts of being an expert in some task, it would be ridiculous if he cannot perform it effectively.
বেজ মানে বৈদ্য, আৰু বেজৰ নাকত খৰ হোৱা মানে এটা হাস্যকৰ কথা । ইয়াৰ ভাৱাৰ্থ এয়ে যে কোনো কামত ওস্তাদি মৰা মানুহ নিজে বিপদত পৰাটো হাস্যকৰ কথা।
বেজ মানে বৈদ্য, আৰু বেজৰ নাকত খৰ হোৱা মানে এটা হাস্যকৰ কথা । ইয়াৰ ভাৱাৰ্থ এয়ে যে কোনো কামত ওস্তাদি মৰা মানুহ নিজে বিপদত পৰাটো হাস্যকৰ কথা।
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-04
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-13
বেতনিত ঔ পৰিল, গোবিন্দায় (বা বাসুদেৱায়) নমঃ
become unusable even before something is ready to be used
সাধাৰণতে বেতঁনিৰ কাষত ঔ-টেঙাৰ গছ থকা দেখা যায় আৰু ঔ-টেঙা পাৰোঁতে সি যদি বেতঁনিত পৰে তেন্তে তাক তাতে বিসৰ্জন দিয়াৰ বাদে অন্য উপায় নাথাকে (যেনেদৰে যজ্ঞত আহুতি দিয়াৰ সময়ত 'গোবিন্দাই নমঃ' বুলি একেবাৰে বিসৰ্জন দিয়া হয়)৷ ইয়াৰ অৰ্থ হ'ল কোনো এটা কাম বা বস্তু পুনৰ আৰম্ভ বা প্ৰাপ্ত কৰিব নোৱাৰাকৈ শেষ হোৱা ৷ অৰ্থাৎ তাক একেবাৰে বিসৰ্জন দিয়া ৷
সাধাৰণতে বেতঁনিৰ কাষত ঔ-টেঙাৰ গছ থকা দেখা যায় আৰু ঔ-টেঙা পাৰোঁতে সি যদি বেতঁনিত পৰে তেন্তে তাক তাতে বিসৰ্জন দিয়াৰ বাদে অন্য উপায় নাথাকে (যেনেদৰে যজ্ঞত আহুতি দিয়াৰ সময়ত 'গোবিন্দাই নমঃ' বুলি একেবাৰে বিসৰ্জন দিয়া হয়)৷ ইয়াৰ অৰ্থ হ'ল কোনো এটা কাম বা বস্তু পুনৰ আৰম্ভ বা প্ৰাপ্ত কৰিব নোৱাৰাকৈ শেষ হোৱা ৷ অৰ্থাৎ তাক একেবাৰে বিসৰ্জন দিয়া ৷
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-13
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-10-07
বেৰে-চালে কোবা
to speak something not relevant to the topic of discussion
আলোচনাৰ বিষয়-বস্তুৰ সৈতে সম্পৰ্ক নথকা অসংলগ্ন কথা ক
আলোচনাৰ বিষয়-বস্তুৰ সৈতে সম্পৰ্ক নথকা অসংলগ্ন কথা ক
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-10-07
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
বেৰৰো কাণ আছে ৷
It is difficult to maintain secrecy of a confidential matter. It easily becomes public when it leaks.
গুপুত কথা এটা বেচি সময় গোপনীয় কৰি ৰাখিব নোৱাৰি | মানুহৰ কাণ বাগৰি ই সহজে ৰাষ্ট্ৰ হৈ যায় |
গুপুত কথা এটা বেচি সময় গোপনীয় কৰি ৰাখিব নোৱাৰি | মানুহৰ কাণ বাগৰি ই সহজে ৰাষ্ট্ৰ হৈ যায় |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
বোকাতহে পদুম ফুলে ৷
Like the lotus blooming on marshy land, an intelligent or good child can be born even in a very poor or downtrodden family.
পদুম ফুল বোকাত ফুলাৰ নিচিনাকৈ দুখীয়া বা অৱহেলিত লোকৰ ঘৰতে জ্ঞানী বা সুসন্তানৰ জন্ম হ’ব পাৰে |
পদুম ফুল বোকাত ফুলাৰ নিচিনাকৈ দুখীয়া বা অৱহেলিত লোকৰ ঘৰতে জ্ঞানী বা সুসন্তানৰ জন্ম হ’ব পাৰে |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-04
বোবাৰ শত্ৰু নাই ৷
Pauciloquent people, or those who speak less, usually have few enemies as they never hurt anybody speaking harsh words.
স্বল্পভাষী বা কমকৈ কথা কোৱা মানুহক সাধাৰণতে সকলোৱে ভাল পায়, কাৰণ তেওঁলোকৰ কথাই কাৰো অন্তৰত আঘাত দিয়াৰ সম্ভাৱনা নাথাকে ৷ গতিকে তেনে লোকৰ কোনেও শত্ৰুতা নকৰে ৷
স্বল্পভাষী বা কমকৈ কথা কোৱা মানুহক সাধাৰণতে সকলোৱে ভাল পায়, কাৰণ তেওঁলোকৰ কথাই কাৰো অন্তৰত আঘাত দিয়াৰ সম্ভাৱনা নাথাকে ৷ গতিকে তেনে লোকৰ কোনেও শত্ৰুতা নকৰে ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-04
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2016-06-27
বোৱতী গংগাত হাত ধোৱা৷
To get benefited by contributing a little to a venture which has been profitably run through hard work of others.
কোনো ব্যক্তি বা ব্যক্তিসমূহৰ প্ৰচেষ্টাত লাভজনকভাৱে চলি থকা কোনো কামত আন ব্যক্তি বা ব্যক্তিসমূহে অতি নগণ্য অবদান আগবঢ়াই অধিক লাভবান হোৱা ৷
কোনো ব্যক্তি বা ব্যক্তিসমূহৰ প্ৰচেষ্টাত লাভজনকভাৱে চলি থকা কোনো কামত আন ব্যক্তি বা ব্যক্তিসমূহে অতি নগণ্য অবদান আগবঢ়াই অধিক লাভবান হোৱা ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2016-06-27
Idiom ফকৰা-যোঁজনা
Contributed by: Biraj Kumar Kakati on 2008-07-28
বোৱাৰী (ছোৱালী) আনিবা দিনটোৰ বাটৰ, গৰু আনিবা ৰিংটোৰ বাটৰ৷
One should buy a cow or bullock from a place near him home, because they usually want to go back to their previous owner and therefore, in such cases, it would be difficult to bring it back again. But one should marry a girl from a distant place, at least of one-day`s traveling distance so that she cannot visit her mother`s home frequently.
গৰু কিনিলে সদায় ওচৰৰ পৰা অৰ্থাৎ ৰিং মাৰিলে শুনা দূৰত্বৰ পৰা কিনিব লাগে, কিয়নো গৰু বা আন জীৱ-জন্তুৱে সদায় পুৰণা মালিকৰ ঘৰলৈ যাবলৈ বিছাৰে । তেনে স্থলত গৰু নতুন মালিকৰ ঘৰলৈ ঘূৰি নাহিলেও যাতে সহজতে বিচাৰি আনিব পৰা যায়। দাম্পত্য জীৱনত ঘটি থকা সৰু-সুৰা মতানৈক্যৰ পৰিণতিত নতুবা ওচৰতে থকা মাকৰ ঘৰলৈ সতকাই, ঘনাই গৈ বৈবাহিক জীৱনত অসুবিধাৰ সৃষ্টি নহবলৈকে দূৰৈৰ (এদিনৰ বাটৰ) পৰা ছোৱালী বিয়া কৰোৱাৰ কথাই এই যোজনা ফাকিত কোৱা হৈছে।
গৰু কিনিলে সদায় ওচৰৰ পৰা অৰ্থাৎ ৰিং মাৰিলে শুনা দূৰত্বৰ পৰা কিনিব লাগে, কিয়নো গৰু বা আন জীৱ-জন্তুৱে সদায় পুৰণা মালিকৰ ঘৰলৈ যাবলৈ বিছাৰে । তেনে স্থলত গৰু নতুন মালিকৰ ঘৰলৈ ঘূৰি নাহিলেও যাতে সহজতে বিচাৰি আনিব পৰা যায়। দাম্পত্য জীৱনত ঘটি থকা সৰু-সুৰা মতানৈক্যৰ পৰিণতিত নতুবা ওচৰতে থকা মাকৰ ঘৰলৈ সতকাই, ঘনাই গৈ বৈবাহিক জীৱনত অসুবিধাৰ সৃষ্টি নহবলৈকে দূৰৈৰ (এদিনৰ বাটৰ) পৰা ছোৱালী বিয়া কৰোৱাৰ কথাই এই যোজনা ফাকিত কোৱা হৈছে।
Contributed by: Biraj Kumar Kakati on 2008-07-28
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
বৰ ভাই যেনি যায় সৰু ভায়ো তেনি যায় ৷
Young people generally follow their elders in all aspects. So, the elders should set good ideals before them.
সৰুৱে ডাঙৰক সকলো কথাতে অনুকৰণ কৰে | সেয়েহে ডাঙৰে সৰুৰ আগত ভাল আদৰ্শ ডাঙি ধৰিব লাগে |
সৰুৱে ডাঙৰক সকলো কথাতে অনুকৰণ কৰে | সেয়েহে ডাঙৰে সৰুৰ আগত ভাল আদৰ্শ ডাঙি ধৰিব লাগে |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-12
বৰকৈ গজা মেঘে বৰষুণ নিদিয়ে
Empty vessel sounds much. One who makes to many noise can not do result oriented work.
বেছিকৈ কথা কোৱা, চিঁয়ৰ বাখৰ কৰা লোকে ফলপ্ৰসু কাম কৰিব নোৱাৰে৷
বেছিকৈ কথা কোৱা, চিঁয়ৰ বাখৰ কৰা লোকে ফলপ্ৰসু কাম কৰিব নোৱাৰে৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-12
Idiom ফকৰা-যোঁজনা
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-12
বৰকৈ ভূকা কুকুৰে কামুৰিব নোৱাৰে৷
Empty vessel sounds much. One who makes to many noise can not do result oriented work.
বেছিকৈ কথা কোৱা, চিঁয়ৰ বাখৰ কৰা লোকে ফলপ্ৰসু কাম কৰিব নোৱাৰে৷
বেছিকৈ কথা কোৱা, চিঁয়ৰ বাখৰ কৰা লোকে ফলপ্ৰসু কাম কৰিব নোৱাৰে৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-12
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-28
বৰকৈ মুখ মেলিলে কোৱাৰি ফাটে ৷
If someone opens his mouth too much, there is a chance of tearing of the angle of his lips. Similarly out of greed, if someone tries to get more than his need, there is always a possibility of facing trouble.
মুখখন বৰ বেছিকৈ মেলিলে দুই ওঁঠৰ জোৰা ফটাৰ সম্ভাৱনা থাকে ৷ সেইদৰে লোভৰ বশৱৰ্তী হৈ প্ৰয়োজনতকৈ বেছি বিছাৰিলে বিপদৰ সন্মুখীন হোৱাৰহে সম্ভাৱনা থাকে ৷
মুখখন বৰ বেছিকৈ মেলিলে দুই ওঁঠৰ জোৰা ফটাৰ সম্ভাৱনা থাকে ৷ সেইদৰে লোভৰ বশৱৰ্তী হৈ প্ৰয়োজনতকৈ বেছি বিছাৰিলে বিপদৰ সন্মুখীন হোৱাৰহে সম্ভাৱনা থাকে ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-28
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-26
বৰগছ নথকা ঠাইত এৰা গছেই বৰগছ ৷
In the absence of intelligent and wise men, a person with little knowledge may gain importance.
জ্ঞানী-গুণী লোকৰ অনুপস্থিতিত স্বল্পজ্ঞানীজনেই সমাদৰ লাভ কৰিবলৈ সক্ষম হয়৷
জ্ঞানী-গুণী লোকৰ অনুপস্থিতিত স্বল্পজ্ঞানীজনেই সমাদৰ লাভ কৰিবলৈ সক্ষম হয়৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-26
Idiom ফকৰা-যোঁজনা
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
বৰাৰ ঘৰত তৰাৰ গাঁঠি বৰানো থাকিব কেই ৰাতি
For making a temporary house, one can even use some wild grass to tie the knots, but it cannot be permanent. It means that to satisfy a guest for a limited period, one can make some temporary arrangement, which may look very attractive and fascinating.
তৰাৰ গাঁঠিৰেই মানুহ থাকিব পৰাকৈ কেইদিনমানলৈ এটা ঘৰৰ প্ৰয়োজনীয় গাঁঠিসমূহ দিব পাৰি আৰু সেই কথা অস্থায়ীভাৱে থকা মানুহজনে ধৰিব নোৱাৰে ৷ কিন্তু সি চিৰস্থায়ী নহয় ৷ অৰ্থাৎ ক্ষন্তেকীয়া আলহীৰ নিমিত্তে চকুত ভাল লগাকৈ কোনো কাৰ্য্য কৰি মনত সন্তোষ দিয়া ব্যৱস্থা ৷