Found 36 proverb(s) beginning with "ন"
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-11-15
নকটা খেৰৰ ন শ
Counting one`s chicken before they are hatched
হাতলৈ বস্তু নৌ আহোঁতেই, আগতেই বেচিকৈ পাম বুলি আশা কৰা
হাতলৈ বস্তু নৌ আহোঁতেই, আগতেই বেচিকৈ পাম বুলি আশা কৰা
Contributed by: Barnali Deuri Bora on 2010-11-15
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
নকলেও নোৱাৰোঁ ফটা মুখ, ক’লেও লাগে ভকতৰ দোষ
To invite hatred from others by telling the truth
মুখৰ আগত সত্য কথা কৈ আনৰ অপ্ৰিয়ভাজন হোৱা
মুখৰ আগত সত্য কথা কৈ আনৰ অপ্ৰিয়ভাজন হোৱা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
নগাৰ চাং তলেদিহে বাট
To accomplish a task taking advantage of the situation.
পৰিস্থিতিৰ সুযোগ লৈ কাম সমাধা কৰা
পৰিস্থিতিৰ সুযোগ লৈ কাম সমাধা কৰা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-10
নগৈ গড়গাৱঁৰ বাতৰি দিয়া
To provide misinformation without visiting or witnessing the place where an event took place.
গড়গাওঁ আহোম শাসন কালত অসমৰ ৰাজধানী আছিল৷ এই ফকৰাটিৰ দ্বাৰা কোনো এখন ঠাইলৈ নোযোৱাকৈ ফিতাহি মাৰি আন্দাজতে তাৰ কিবা সংবাদ দিয়া কাৰ্য্য বুজোৱা হয়৷
গড়গাওঁ আহোম শাসন কালত অসমৰ ৰাজধানী আছিল৷ এই ফকৰাটিৰ দ্বাৰা কোনো এখন ঠাইলৈ নোযোৱাকৈ ফিতাহি মাৰি আন্দাজতে তাৰ কিবা সংবাদ দিয়া কাৰ্য্য বুজোৱা হয়৷
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-10
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-13
নগৰত জগৰ লগা/লগোৱা
To over-react on a silly matter.
অতি সাধাৰণ কথা এটাতে অতিমাত্ৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা
অতি সাধাৰণ কথা এটাতে অতিমাত্ৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-13
Phrase খণ্ডবাক্য
Contributed by: Barnali Deuri Bora on 2010-10-11
নচচা শূলত দিয়া
to give stern or capital punishment.
কঠোৰতম শাস্তি দিয়া
কঠোৰতম শাস্তি দিয়া
Contributed by: Barnali Deuri Bora on 2010-10-11
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
নতুন মিতিৰৰ আঠা বেছি ৷
Usually a man keeps a very close connection to someone with whom he has recently developed relationship through marriage of his son or daughter.
নতুনকৈ সম্বন্ধ পতা লোকৰ সৈতে সাধাৰণতে মানুহৰ আহ-যাহ বা হলি-গলি বেছি হয় |
নতুনকৈ সম্বন্ধ পতা লোকৰ সৈতে সাধাৰণতে মানুহৰ আহ-যাহ বা হলি-গলি বেছি হয় |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-06-26
নতুন মুৱাজ্জিনে বিনা ৱক্তত (অসময়ত) আজান দিয়ে ৷
The muwazzin (the Azan Reciter) of mosque should recite the Azan on time of Namaaz, however a novice muwazzin starts reciting Azaan before time of Nammaz. This denotes, a novice always shows excessive restlessness in doing something.
মুৱাজ্জিনে মছজিদত নমাজৰ সময় হলেহে আজান দিয়াৰ নিয়ম, কিন্তু নতুনকৈ আজান শিকা মুৱাজ্জিনে নমাজৰ ৱক্তৰ (সময়) কাৰণে অপেক্ষা নকৰি অসময়তে আজান দিবলৈ যাব বিচাৰে ৷ অৰ্থাৎ কোনো মানুহে নতুনকৈ কিবা কথা শিকি বা নতুনকৈ কিবা বাব লৈ ধৈৰ্য্যহীনতা প্ৰদৰ্শন কৰি অতিৰিক্ত তৎপৰতা দেখুৱায় ৷
মুৱাজ্জিনে মছজিদত নমাজৰ সময় হলেহে আজান দিয়াৰ নিয়ম, কিন্তু নতুনকৈ আজান শিকা মুৱাজ্জিনে নমাজৰ ৱক্তৰ (সময়) কাৰণে অপেক্ষা নকৰি অসময়তে আজান দিবলৈ যাব বিচাৰে ৷ অৰ্থাৎ কোনো মানুহে নতুনকৈ কিবা কথা শিকি বা নতুনকৈ কিবা বাব লৈ ধৈৰ্য্যহীনতা প্ৰদৰ্শন কৰি অতিৰিক্ত তৎপৰতা দেখুৱায় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-06-26
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-07
নথৈ আনন্দিত হ ৷
To get delighted or pleased immensely.
বৰকৈ উৎফুল্ল বা প্ৰসন্ন হ ৷
বৰকৈ উৎফুল্ল বা প্ৰসন্ন হ ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-07
Phrase খণ্ডবাক্য
Contributed by: Abhijit Hazarika on 2012-01-31
নপতা ফুকন
This phrase is used for people who show to take responsibilities in any ceremony or function without being bestowed with such responsibilities. The phrase is used in an insulting sense.
কোনেও নমতাকৈ দায়িত্ব লৈ ফুৰা মানুহ৷
কোনেও নমতাকৈ দায়িত্ব লৈ ফুৰা মানুহ৷
Contributed by: Abhijit Hazarika on 2012-01-31
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2009-12-17
নমহীয়া ছোৱালীৰ দহমহীয়া পেট, পৰপুৰুষৰে নাই ভেটাভেট ৷
An women who is wed for only nine months but is in the tenth month of pregnancy and yet claims to have come in touch of any men prior to marriage. This is used to refer an extreme lie.
এটা অকট্য মিছা কথা বুজাৱলৈ এইষাৰ বাক্য ব্যৱহাৰ কৰা হয় ৷ বিয়াৰ আগতে পুৰুষৰ সংস্পৰ্শত নাহিলে বিয়াৰ নমাহতে দহমহীয়া গৰ্ভৱতী হব নোৱাৰে ৷
এটা অকট্য মিছা কথা বুজাৱলৈ এইষাৰ বাক্য ব্যৱহাৰ কৰা হয় ৷ বিয়াৰ আগতে পুৰুষৰ সংস্পৰ্শত নাহিলে বিয়াৰ নমাহতে দহমহীয়া গৰ্ভৱতী হব নোৱাৰে ৷
Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
Contributed by: SUDARSHAN GOGOI on 2016-01-29
নল মৰি গজালি ওলায়
Recurrence of a problem after incomplete solution of the same
নলনি ভাঙি মানুহে খেতিৰ পথাৰ মোকলায়৷ কিন্তু তেনেকৈ খোলা পথাৰত ৰৈ যোৱা নলৰ অৱশিষ্টৰ পৰা পুনৰ গজালি ওলায় আৰু কিছু বছৰ খেতি নকৰিলেই নলেৰে পথাৰ ভৰি পৰে৷ এনে ক্ষেত্ৰত পথাৰখন সম্পূৰ্ণভাবে নলমুক্ত কৰিবলৈ হ’লে নলৰ অৱশিষ্টবোৰ সমুলঞ্চে নিঃশেষ কৰাতো অতিকে বাঞ্চনীয়৷ ঠিক তেনেদৰে আমাৰ সমাজত কিছুমান সমস্যা সম্পূৰ্ণৰূপে সমাধান নকৰিলে পুনৰ মূৰ দাঙি উঠাৰ সম্ভাৱনা থাকে৷ “নল মৰি গজালি ওলায়” এই জতুৱা ঠাঁচটোৱে পৰোক্ষভাৱে উক্ত ধাৰণাকেই প্ৰতিফলিত কৰে৷
নলনি ভাঙি মানুহে খেতিৰ পথাৰ মোকলায়৷ কিন্তু তেনেকৈ খোলা পথাৰত ৰৈ যোৱা নলৰ অৱশিষ্টৰ পৰা পুনৰ গজালি ওলায় আৰু কিছু বছৰ খেতি নকৰিলেই নলেৰে পথাৰ ভৰি পৰে৷ এনে ক্ষেত্ৰত পথাৰখন সম্পূৰ্ণভাবে নলমুক্ত কৰিবলৈ হ’লে নলৰ অৱশিষ্টবোৰ সমুলঞ্চে নিঃশেষ কৰাতো অতিকে বাঞ্চনীয়৷ ঠিক তেনেদৰে আমাৰ সমাজত কিছুমান সমস্যা সম্পূৰ্ণৰূপে সমাধান নকৰিলে পুনৰ মূৰ দাঙি উঠাৰ সম্ভাৱনা থাকে৷ “নল মৰি গজালি ওলায়” এই জতুৱা ঠাঁচটোৱে পৰোক্ষভাৱে উক্ত ধাৰণাকেই প্ৰতিফলিত কৰে৷
Contributed by: SUDARSHAN GOGOI on 2016-01-29
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-30
নলগা জেঙত লগা
wasting time by doing unnecessary things
অদৰকাৰী কামত লাগি অবাবত সময় নষ্ট কৰা
অদৰকাৰী কামত লাগি অবাবত সময় নষ্ট কৰা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-30
Idiom ফকৰা-যোঁজনা
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-11
নাঁৱৰীয়া পোৱালীহে নাঁৱত টোকৰ মাৰিলেই গম পাওঁ
To understand one's own profession.
নিজৰ বৃত্তিক খুব ভালদৰে বুজি পোৱা৷
নিজৰ বৃত্তিক খুব ভালদৰে বুজি পোৱা৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-11
Idiom ফকৰা-যোঁজনা
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-01
নাই পো মুখে, নাই পো গোফে, নাই পো লনি, নাই পো ধনী৷
A person should atleast be orator, or thickly bearded, or handsome or rich
পো মানে নিজৰ পুতেক বা যিকোনো লোক, যিকোনো এটা দিশত পাৰ্গত হব লাগে৷
পো মানে নিজৰ পুতেক বা যিকোনো লোক, যিকোনো এটা দিশত পাৰ্গত হব লাগে৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-01
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
নাই পো লনী, নাই পো ধনী; নাই পো গোঁফে, নাই পো মুখে
An incompetent or amateurish person
কোনো কামতে পাৰদৰ্শী নোহোৱা অৰ্থাত্ অকামিলা লোক
কোনো কামতে পাৰদৰ্শী নোহোৱা অৰ্থাত্ অকামিলা লোক
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Idiom ফকৰা-যোঁজনা
Contributed by: Anjali Sonowal on 2008-06-25
নাই বুলিলেও হাতীৰ শুৰত সাত কলহ পানী থাকে ।
A wealthy person is never totally bereft of resources.
ধনী লোকৰ কেতিয়াও তলি উদং নোহোৱা। সকলো সময়তে পৰ্যাপ্ত পৰিমানে কোনো বস্তু থকা ।
ধনী লোকৰ কেতিয়াও তলি উদং নোহোৱা। সকলো সময়তে পৰ্যাপ্ত পৰিমানে কোনো বস্তু থকা ।
Contributed by: Anjali Sonowal on 2008-06-25
Idiom ফকৰা-যোঁজনা
Contributed by: Prasenjit Khanikar on 2008-02-25
নাই মোমাইতকৈ কণা মোমায়েই ভাল ।
One should be satisfied for something, even if it is not as good, much, etc. as he really wanted.
English sayings:
- Something is better than nothing.
- Half a loaf is better than no bread.
কেতিয়াবা ভাল গুণৰ বা ভাল পৰিমাণৰ বস্তু নাপালেও যি অলপ পোৱা হয় সেইখিনিতে সন্তুষ্ট থাকিব লাগে ।
কেতিয়াবা ভাল গুণৰ বা ভাল পৰিমাণৰ বস্তু নাপালেও যি অলপ পোৱা হয় সেইখিনিতে সন্তুষ্ট থাকিব লাগে ।
Contributed by: Prasenjit Khanikar on 2008-02-25
Idiom ফকৰা-যোঁজনা
Contributed by: Anjali Sonowal on 2008-06-25
নাও উঠোতে বুৰে, নামোতে বুৰে ।
The beginning and the end of any enterprise are more prone to danger.
কোনো কামৰ আৰম্ভণি আৰু সামৰণিত সাৱধান নহ’লে বিপদ হোৱা ।
কোনো কামৰ আৰম্ভণি আৰু সামৰণিত সাৱধান নহ’লে বিপদ হোৱা ।
Contributed by: Anjali Sonowal on 2008-06-25
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
নাও বুৰিলেও/ডুবিলেও টিঙৰ পৰা ননমা।
People who never gets rid of their boast even in the time of great danger.
যিমানেই যি নহওক, কোনো পৰিস্থিতিতে সৰু নোহোৱা মতগৰ্বী স্বভাৱ
যিমানেই যি নহওক, কোনো পৰিস্থিতিতে সৰু নোহোৱা মতগৰ্বী স্বভাৱ
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-13
নাকত ধৰি চাকত ঘূৰোৱা
To put someone to trouble keeping under full control and forcing him/her do anything at will.
সম্পূৰ্ণৰূপে বশত ৰাখি নিজ ইচ্ছামতে চলাই কাৰোবাক নগুৰ-নাগতি কৰা
সম্পূৰ্ণৰূপে বশত ৰাখি নিজ ইচ্ছামতে চলাই কাৰোবাক নগুৰ-নাগতি কৰা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-13
Idiom ফকৰা-যোঁজনা
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
নাখাওঁ তাইৰ হাতে ভাত, ঘূৰি ঘূৰি তাইতে হাত
Even if someone takes a pledge not to take a meal prepared by another, when he is hungry he has to break his promise. It means that one cannot avoid asking for help from anyone at the time of distress.
কাৰোবাৰ হাতে ভাত নাখাও বুলি ঠেহ পাতি থাকিলেও শেষত পেটৰ ভোকত খাবলৈ বাধ্য হয় ৷ অৰ্থাৎ কোনোবা ব্যক্তিৰ হাতে কোনো কাৰ্য্য নকৰাও বুলি ভাবিও বিপদৰ সময়ত উপায় নাপাই কৰাবলৈ বাধ্য হয় ৷
কাৰোবাৰ হাতে ভাত নাখাও বুলি ঠেহ পাতি থাকিলেও শেষত পেটৰ ভোকত খাবলৈ বাধ্য হয় ৷ অৰ্থাৎ কোনোবা ব্যক্তিৰ হাতে কোনো কাৰ্য্য নকৰাও বুলি ভাবিও বিপদৰ সময়ত উপায় নাপাই কৰাবলৈ বাধ্য হয় ৷
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2012-10-15
নাখাওঁ নাখাওঁ বিয়নী, নধৰিবা হাতত; টোৰ টোৰকৈ সোমাই গ’ল এন্দুৰৰ গাতত
When someone shows unwillingness to do something with feeble objections and later on he/she does the same without any resistance.
কোনো ব্যক্তিয়ে কৃতিম খং দেখুৱাই প্ৰথমে কৰিব নোখোজা কামটো পাছলৈ কোনো আপত্তি নোহোৱাকৈয়ে কৰি পেলোৱা কাৰ্যক দৰ্শোৱা হৈছে
কোনো ব্যক্তিয়ে কৃতিম খং দেখুৱাই প্ৰথমে কৰিব নোখোজা কামটো পাছলৈ কোনো আপত্তি নোহোৱাকৈয়ে কৰি পেলোৱা কাৰ্যক দৰ্শোৱা হৈছে
Contributed by: Dr. Armaan U. Muzaddadi on 2012-10-15
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
নাঙঠৰ নাই চোৰৰ ভয় ৷
Pauper has nothing to loose.
যি দুখীয়া-দৰিদ্ৰ তাৰ চোৰে চুৰি কৰি নিবলৈ একো বস্তু নেথাকে; তাৰ চোৰৰ ভয় নাই ৷ অৰ্থাৎ যাৰ মান সন্মান নাই, তাৰ মান হানি হোৱাৰ ভয় নাই ৷
যি দুখীয়া-দৰিদ্ৰ তাৰ চোৰে চুৰি কৰি নিবলৈ একো বস্তু নেথাকে; তাৰ চোৰৰ ভয় নাই ৷ অৰ্থাৎ যাৰ মান সন্মান নাই, তাৰ মান হানি হোৱাৰ ভয় নাই ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
নাচিব নেজানে চোতালখন হেৰেমগৰীয়া |
One who does not have potentiality to do something, but blames others for his inabilities.
নিজৰ ব্যৰ্থতাৰ বাবে আনক জগৰীয়া কৰি দায় সাৰিব চেষ্টা কৰা
নিজৰ ব্যৰ্থতাৰ বাবে আনক জগৰীয়া কৰি দায় সাৰিব চেষ্টা কৰা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-14
নাদ শুকালেহে পানীৰ মূল্য বুজি পায় ৷
The actual value of something can be realised only when it becomes scarce. Similarly, the impotance and contributions of a person is generally realised only when he departs.
প্ৰাচুৰ্য্যৰ মাজত মানুহে যিকোনো বস্তুৰ প্ৰকৃত মূল্য অনুধাৱন কৰিব নোৱাৰে ৷ কিন্তু যেতিয়া একেটা বস্তুৰ নাটনি হয়, তেতিয়াহে তাৰ মূল্য বুজি পায় ৷ ঠিক তেনেকৈ সদায় কাষতে থকা ব্যক্তি এজন হঠাতে যেতিয়া আঁতৰি যায়, তেওঁৰ অৱদান বা প্ৰয়োজনীয়তাৰ কথা তেতিয়াহে মানুহে উপলব্ধি কৰিব পাৰে ৷
প্ৰাচুৰ্য্যৰ মাজত মানুহে যিকোনো বস্তুৰ প্ৰকৃত মূল্য অনুধাৱন কৰিব নোৱাৰে ৷ কিন্তু যেতিয়া একেটা বস্তুৰ নাটনি হয়, তেতিয়াহে তাৰ মূল্য বুজি পায় ৷ ঠিক তেনেকৈ সদায় কাষতে থকা ব্যক্তি এজন হঠাতে যেতিয়া আঁতৰি যায়, তেওঁৰ অৱদান বা প্ৰয়োজনীয়তাৰ কথা তেতিয়াহে মানুহে উপলব্ধি কৰিব পাৰে ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-14
Phrase খণ্ডবাক্য
Contributed by: Barnali Deuri Bora on 2010-10-13
নাদৰ ভেকুলী
A person who not concerned about what is hapening in the society or in the world.
বাহিৰৰ সমসাময়িক পৃথিৱীখনৰ বিষয়ে একো ভূ নৰখা বা বাস্তৱ জগতৰ খবৰ নৰখা লোক
বাহিৰৰ সমসাময়িক পৃথিৱীখনৰ বিষয়ে একো ভূ নৰখা বা বাস্তৱ জগতৰ খবৰ নৰখা লোক
Contributed by: Barnali Deuri Bora on 2010-10-13
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Samhita Bharadwaj on 2011-01-07
নানা মুনিৰ নানা মত৷
'If everyone says yes, someone is not listening!' Every individual has an unique perspective. So rather than trying to get everyone say yes to a point, we should respect their differences of opinions and decide what works best for our purpose.
সকলো লোকৰে নিজা মতামত আৰু তাৰ যুক্তি থাকে৷ গতিকে আমি সকলোৰে মতক সম্মান জনাই আমাৰ বাবে লাগতিয়াল মতামতহে গ্ৰহণ কৰা যুগুত৷
সকলো লোকৰে নিজা মতামত আৰু তাৰ যুক্তি থাকে৷ গতিকে আমি সকলোৰে মতক সম্মান জনাই আমাৰ বাবে লাগতিয়াল মতামতহে গ্ৰহণ কৰা যুগুত৷
Contributed by: Dr. Samhita Bharadwaj on 2011-01-07
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-04
নাহাঁহিবি মোক সোঁচৰিব তোক ৷
If someone loughs at others distress, the same distress gets into his/her life.
কোনো মানুহে যদি কাৰোবাৰ দুৰ্দিন বা দুৰ্দশা দেখি হাঁহে, তেন্তে হাঁহোতাজনেও একেধৰণৰ দুৰ্দশাত ভূগিব লগীয়া হয় ৷
কোনো মানুহে যদি কাৰোবাৰ দুৰ্দিন বা দুৰ্দশা দেখি হাঁহে, তেন্তে হাঁহোতাজনেও একেধৰণৰ দুৰ্দশাত ভূগিব লগীয়া হয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-04
Idiom ফকৰা-যোঁজনা
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-02-12
নিজৰ ঢোল নিজে বোৱা
self praise.
আত্মশ্লাঘা কৰা, অৰ্থাৎ নিজৰ গুণ নিজে কৈ অহংকাৰ কৰা।
আত্মশ্লাঘা কৰা, অৰ্থাৎ নিজৰ গুণ নিজে কৈ অহংকাৰ কৰা।
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-02-12
Idiom ফকৰা-যোঁজনা
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-02
নিজৰ ঢোল নিজেই বজোৱা
One who praise himself/herself.
বাহাদুৰি মৰা৷ নিজৰ গুণ নিজে বখনা লোক৷
বাহাদুৰি মৰা৷ নিজৰ গুণ নিজে বখনা লোক৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-02
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
নিবোকা গৰু গু খোৱা যম ৷
Those bulls which seem to be docile, are usually more active in their sexual desire. Similarly, males who are apparently timid and gentle may actually have a doubtful character.
দেখাত শান্ত যেন লগা, বৰকৈ হেম্বেলিয়াই নথকা মতা গৰুৱেহে পাল খাবলৈ গাইৰ পাছে-পাছে বেছিকৈ ঢপলিয়াই ফুৰে ৷ ঠিক সেইদৰে, বাহিৰে শান্ত-শিষ্ট, অতি নম্ৰ যেন লগা পুৰুষৰ চৰিত্ৰও কেতিয়াবা সন্দেহজনক হয় ৷
দেখাত শান্ত যেন লগা, বৰকৈ হেম্বেলিয়াই নথকা মতা গৰুৱেহে পাল খাবলৈ গাইৰ পাছে-পাছে বেছিকৈ ঢপলিয়াই ফুৰে ৷ ঠিক সেইদৰে, বাহিৰে শান্ত-শিষ্ট, অতি নম্ৰ যেন লগা পুৰুষৰ চৰিত্ৰও কেতিয়াবা সন্দেহজনক হয় ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-11-19
নুছুই ডুমুনি তুলি দিলে বোজা, নপঢ়ি নুশুনি হ’ল ওজা
This proverb is meant ironically; in earlier times it was thought that it`s impossible for a person to place a load on the head of a lower caste women without being polluted by her. Similarly, it`s equally impossible for a person to be a `learned` man without reading books.
মাছ বেছা-কিনা কৰা কৈৱৰ্ত্ত সম্প্ৰদায়ৰ লোক সকলক আগতে উচ্চ বৰ্ণৰ লোক সকলে অস্পৃশ্য বুলি গণ্য কৰিছিল, সেয়ে তেওঁলোকক স্পৰ্শ কৰিলেই অপবিত্ৰ হয় বুলি ধৰি লৈছিল ৷ অৰ্থাৎ অশুচি নোহোৱাকৈ ডুমুনি (কৈৱৰ্ত্ত মহিলা)ৰ বোজা ছোৱাটো যেনেকৈ অসম্ভৱ, তেনেকৈ নপঢ়া নুশুনাকৈ পণ্ডিত হোৱাও অসম্ভৱ ৷
মাছ বেছা-কিনা কৰা কৈৱৰ্ত্ত সম্প্ৰদায়ৰ লোক সকলক আগতে উচ্চ বৰ্ণৰ লোক সকলে অস্পৃশ্য বুলি গণ্য কৰিছিল, সেয়ে তেওঁলোকক স্পৰ্শ কৰিলেই অপবিত্ৰ হয় বুলি ধৰি লৈছিল ৷ অৰ্থাৎ অশুচি নোহোৱাকৈ ডুমুনি (কৈৱৰ্ত্ত মহিলা)ৰ বোজা ছোৱাটো যেনেকৈ অসম্ভৱ, তেনেকৈ নপঢ়া নুশুনাকৈ পণ্ডিত হোৱাও অসম্ভৱ ৷
Contributed by: Barnali Deuri Bora on 2010-11-19
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-07
নেকান্দালৈকে মাকেও কেচুৱাক গাখীৰ নিদিয়ে ৷
Nothing can be achieved without making proper demand, cry or claim.
যদিও মা হ'ল সন্তানৰ বাবে আটাইতকৈ শুভাকাঙ্খী ব্যক্তি, তেও কান্দিলেহে মাকে কেচুৱাৰ ভোক লাগিছে বুলি বুজি পায় আৰু সেইমতে গাখীৰ দিয়ে ৷ অৰ্থাৎ এই পৃথিৱীত আন্তৰিকতাৰে নিবিছৰালৈকে কোনো বস্তু এনেয়ে পাব নোৱাৰি ৷
যদিও মা হ'ল সন্তানৰ বাবে আটাইতকৈ শুভাকাঙ্খী ব্যক্তি, তেও কান্দিলেহে মাকে কেচুৱাৰ ভোক লাগিছে বুলি বুজি পায় আৰু সেইমতে গাখীৰ দিয়ে ৷ অৰ্থাৎ এই পৃথিৱীত আন্তৰিকতাৰে নিবিছৰালৈকে কোনো বস্তু এনেয়ে পাব নোৱাৰি ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-07
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-12-11
নেচাই ডেলে গালৈকে ঘাটি
While walking, one should always be careful about the condition of the road; otherwise there is a chance of getting hurt by hitting on any object lying on the way or by snake-bite while accidentally stepping over it. Similarly, unless one carefully considers about the pros
ৰাস্তাইদি বাট বুলোঁতে সাৱধানে তললৈ চাই নগ`লে কেতিয়াবা সাপ বা আন অপকাৰী প্ৰাণীৰ ওপৰেৰে পাৰ হৈ যাওঁতে সিহঁতৰ দংশনৰ ফলত অথবা কিহবাত উজুটি খাই আঘাতপ্ৰাপ্ত হোৱাৰ ভয় থাকে৷ ঠিক সেইদৰে, কোনো এটা কাম কৰিবলৈ লওঁতে সম্ভাৱ্য বিপদ-আপদ সম্পৰ্কে সচেতন নহ`লে লোকচানৰ সন্মূখীন হোৱাৰ ভয় থাকে৷
ৰাস্তাইদি বাট বুলোঁতে সাৱধানে তললৈ চাই নগ`লে কেতিয়াবা সাপ বা আন অপকাৰী প্ৰাণীৰ ওপৰেৰে পাৰ হৈ যাওঁতে সিহঁতৰ দংশনৰ ফলত অথবা কিহবাত উজুটি খাই আঘাতপ্ৰাপ্ত হোৱাৰ ভয় থাকে৷ ঠিক সেইদৰে, কোনো এটা কাম কৰিবলৈ লওঁতে সম্ভাৱ্য বিপদ-আপদ সম্পৰ্কে সচেতন নহ`লে লোকচানৰ সন্মূখীন হোৱাৰ ভয় থাকে৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-12-11
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-29
নোধোওঁ গা ধুৱালি, নাখাওঁ ভাত খুৱালি, নিগিলোঁ কি কৰ কৰ
stubborn attitude, reluctant to do anything without one`s own will
আঁকোৰগোজ মনোভাৱ, নিজৰ ইচ্ছাৰ বিৰুদ্ধে কোনো কাম কৰিবলৈ সন্মত নোহোৱা