Found 25 proverb(s) beginning with "দ"
Phrase খণ্ডবাক্য
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
দকৈ ভাব ৷
Think or analyze seriously.
গুৰুত্ব সহকাৰে ভবা-চিন্তা কৰ ৷
গুৰুত্ব সহকাৰে ভবা-চিন্তা কৰ ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Phrase খণ্ডবাক্য
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
দলনিত পোনা মেলা
To push someone into a vulnerable situation.
অসহায় অৱস্থালৈ ঠেলি দিয়া
অসহায় অৱস্থালৈ ঠেলি দিয়া
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Phrase খণ্ডবাক্য
Contributed by: durlav gogoi on 2012-04-02
দহ পো দহ নাতি, তেহে কৰিবা কুঁহিয়াৰ খেতি
One shouldn`t dare to do a tough job unless he has enough strength and intelligence.
উপযুক্ত সামৰ্থ্য থাকিলেহে কঠিন কাম কৰিবলৈ আগ বাঢ়িব লাগে৷
উপযুক্ত সামৰ্থ্য থাকিলেহে কঠিন কাম কৰিবলৈ আগ বাঢ়িব লাগে৷
Contributed by: durlav gogoi on 2012-04-02
Idiom ফকৰা-যোঁজনা
Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-27
দহজনৰ নাও বামেৰেও যায়
With the unity in people, some hard tasks can also be done with less difficulty.
সকলোৱে এক হৈ কাম কৰিলে অসাধাৰণ জটিল কামো সুকলমে কৰিব পৰা যায়
সকলোৱে এক হৈ কাম কৰিলে অসাধাৰণ জটিল কামো সুকলমে কৰিব পৰা যায়
Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-27
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-28
দাঁত কৰচি থাক ৷
To get extremely angry.
অতিমাত্ৰা খং কৰ ৷
অতিমাত্ৰা খং কৰ ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-28
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2015-02-08
দাঁত নাইকিয়াৰ দাঁত হ’ল, কামোৰ মাৰোঁতেই প্ৰাণ গ’ল৷
inability to enjoy something which has been acquired after a long aspiration
বহু প্ৰত্যাশিত কোনো ফল লাভ কৰাৰ পাছত দুৰ্ভাগ্যবশতঃ শান্তিৰে ভোগ কৰিবলৈ নোপোৱা
বহু প্ৰত্যাশিত কোনো ফল লাভ কৰাৰ পাছত দুৰ্ভাগ্যবশতঃ শান্তিৰে ভোগ কৰিবলৈ নোপোৱা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2015-02-08
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-15
দাতাই দিলেও বিধাতাই নিদিয়ে
Misfortune does not allow a person to enjoy life with peace and happiness.
দুৰ্ভাগ্যই মানুহক কেতিয়াও শান্তিৰে সুখৰ সময় উপভোগ কৰিবলৈ নিদিয়ে ৷
দুৰ্ভাগ্যই মানুহক কেতিয়াও শান্তিৰে সুখৰ সময় উপভোগ কৰিবলৈ নিদিয়ে ৷
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-15
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-02
দানত শুচি হয় ধন, ক্ষমাত শুচি হয় মন ৷
The best use of one's wealth is in donation. The best way to be happy is to forgive others' misdeeds.
দুখীয়াক দান কৰিলে ধন পৱিত্ৰ হয়, অৰ্থাৎ ধনৰ সদ্-ব্যৱহাৰ হয় ৷ ঠিক তেনেদৰে আনৰ দোষ ক্ষমা কৰি দিব পাৰিলে মানুহৰ মন পৱিত্ৰ হয় ৷
দুখীয়াক দান কৰিলে ধন পৱিত্ৰ হয়, অৰ্থাৎ ধনৰ সদ্-ব্যৱহাৰ হয় ৷ ঠিক তেনেদৰে আনৰ দোষ ক্ষমা কৰি দিব পাৰিলে মানুহৰ মন পৱিত্ৰ হয় ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-02
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
দানবীৰ কৰ্ণ হ
To be a great donor like Karn, a hero of Mahabharata mythology (normally used to ridicule).
মহাভাৰতৰ কৰ্ণৰ দৰে যি অযাচিতে দান কৰিব পাৰে, তেনে চৰিত্ৰৰ হ (ব্যাঙ্গাত্মক ভাবত ব্যৱহাৰ হয়) ৷
মহাভাৰতৰ কৰ্ণৰ দৰে যি অযাচিতে দান কৰিব পাৰে, তেনে চৰিত্ৰৰ হ (ব্যাঙ্গাত্মক ভাবত ব্যৱহাৰ হয়) ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2008-09-04
দাৰে কাটিলেও কটা, গাডীৰে কাটিলেও কটা
the fact that a crime is committed is more important than how it is committed.
ধাৰ থকা দা এখনেৰে ঘপিয়ালেও কটা যাব, বা ধাৰ নথকা গাডীৰে বাৰে বাৰে ঘপিয়ালেও কটা যাব ৷ কোনোবাই যদি অপৰাধ কৰিছে, তেনেহ’লে সি দোষী ৷ দোষটো কেনকৈ কৰিছে সেইটো ডাঙৰ কথা নহয় ৷
ধাৰ থকা দা এখনেৰে ঘপিয়ালেও কটা যাব, বা ধাৰ নথকা গাডীৰে বাৰে বাৰে ঘপিয়ালেও কটা যাব ৷ কোনোবাই যদি অপৰাধ কৰিছে, তেনেহ’লে সি দোষী ৷ দোষটো কেনকৈ কৰিছে সেইটো ডাঙৰ কথা নহয় ৷
Contributed by: Rupankar Mahanta on 2008-09-04
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2008-03-13
দিনৰ পাহাৰ ৰাতিৰ জুই; তাক নেখেদি থাকিবা শুই
Do not run after illusions or false dreams. A hill may appear just next block, but is actually vary far away. Simialrly, a fire seen in night may appear from vicinity, but in actuality may be miles away.
যিদৰে সন্মুখত দৃশ্যমান পাহাৰটোৰ বা ৰাতি দূৰত দেখা জুইকুৰাৰ সঠিক দূৰত্ব অনুমান কৰিব নোৱাৰি; কিছুমান বস্তু একেবাৰে ওচৰতে যেন লাগিলেও আচলতে বহুত দূৰত আছে ৷ তেনে বস্তুৰ পিছত সময় নষ্ট নকৰাই ভাল ৷
যিদৰে সন্মুখত দৃশ্যমান পাহাৰটোৰ বা ৰাতি দূৰত দেখা জুইকুৰাৰ সঠিক দূৰত্ব অনুমান কৰিব নোৱাৰি; কিছুমান বস্তু একেবাৰে ওচৰতে যেন লাগিলেও আচলতে বহুত দূৰত আছে ৷ তেনে বস্তুৰ পিছত সময় নষ্ট নকৰাই ভাল ৷
Contributed by: Rupankar Mahanta on 2008-03-13
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-06
দীঘলকৈ মাৰিবা ফুই, তেহে দেখিবা জুইৰ মুই ৷
To see firewood burning nicely, one has to blow air deeply into it after having lit.
খৰিৰ জুই জ্বলাবলৈ হ’লে দীঘলকৈ ফু মাৰিব লাগে; তেতিয়াহে ই ভালকৈ জ্বলে ৷
খৰিৰ জুই জ্বলাবলৈ হ’লে দীঘলকৈ ফু মাৰিব লাগে; তেতিয়াহে ই ভালকৈ জ্বলে ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-06
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2008-09-03
দুই নাৱত দুই ভৰি
a catch 22 situation when one is unable to decide between the two choices
বিকল্পবোৰৰ পৰা সঠিক বিকল্পটো বাছনি কৰিব নোৱৰা অৱস্থা
বিকল্পবোৰৰ পৰা সঠিক বিকল্পটো বাছনি কৰিব নোৱৰা অৱস্থা
Contributed by: Rupankar Mahanta on 2008-09-03
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
দুই ম’হৰ যুজত বিৰিণাৰ মৰণ
\"When two buffaloes fight, the grass dies.\" Innocent common people have to face trouble due to the conflict between/among big people.
বেলেগৰ ঝামেলাৰ মাজত নিৰীহৰ হাৰাশাস্তি হোৱা ।
বেলেগৰ ঝামেলাৰ মাজত নিৰীহৰ হাৰাশাস্তি হোৱা ।
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
দুখ নকৰিলে মুখ নভৰে ৷
One has to work relentlessly, if he wishes to succeed in life.
সুখেৰে জীৱন কটাবলৈ আশা কৰিলে কষ্ট কৰি উপাৰ্জন কৰিব লাগে ৷ পৰিশ্ৰম নকৰিলে উন্নতি আশা কৰা মিছা ৷
সুখেৰে জীৱন কটাবলৈ আশা কৰিলে কষ্ট কৰি উপাৰ্জন কৰিব লাগে ৷ পৰিশ্ৰম নকৰিলে উন্নতি আশা কৰা মিছা ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Phrase খণ্ডবাক্য
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-08-20
দুখে কুলাই পাচিয়ে নধৰা
to be beset by adversity from all sides.
বৰকৈ দুখ-কষ্ট পোৱা বা চাৰিওফালে বিপদে আগুৰি ধৰা৷
বৰকৈ দুখ-কষ্ট পোৱা বা চাৰিওফালে বিপদে আগুৰি ধৰা৷
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-08-20
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-05
দুদিনৰ কাৰণে তোৰ বেহা, কিহলৈ ইমান তিতা-কেহা ?
Human life has limited span, but people used to forget it and in the process of living a luxurious life they spend whole life with unnecessary tensions, quarrels with fellowmen and consequently live a miserable life with unlimited sufferings.
মানুহৰ জীৱন সীমিত দিনৰ বাবে অৱধাৰিত যদিও এই কথা পাহৰি গৈ মানুহ লোভ-লালসা আৰু ভোগ-বিলাসত মত্ত হৈ দৈনন্দিন জীৱনত দন্দ-খৰিয়াল বঢ়াই লয়, আৰু জীৱনটো অবাঞ্চিত যন্ত্ৰণা, শংকা, মানসিক অশান্তি আদিৰে কটাই দিয়ে ৷ এই চিৰসত্য কথাটিৰ উমান দিবলৈ এই ফকৰাৰ ব্যৱহাৰ হয় ৷
মানুহৰ জীৱন সীমিত দিনৰ বাবে অৱধাৰিত যদিও এই কথা পাহৰি গৈ মানুহ লোভ-লালসা আৰু ভোগ-বিলাসত মত্ত হৈ দৈনন্দিন জীৱনত দন্দ-খৰিয়াল বঢ়াই লয়, আৰু জীৱনটো অবাঞ্চিত যন্ত্ৰণা, শংকা, মানসিক অশান্তি আদিৰে কটাই দিয়ে ৷ এই চিৰসত্য কথাটিৰ উমান দিবলৈ এই ফকৰাৰ ব্যৱহাৰ হয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-05
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-10-13
দুষ্টৰ একাল, সন্তৰ সৰ্বতিকাল
Powerful corrupt people may earn a place in the society only till they are in power, but a good human being will always be respected for his values.
ক্ষমতাশালী দুৰ্নীতিপৰায়ণ লোকে নিজৰ প্ৰভাৱ থকালৈকেহে নিজৰ অনৈতিক কাৰ্য্যকলাপ চলাই থাকিও সমাজত বৰ মানুহ বোলাই থাকিব পাৰে৷ কিন্ত সজ লোক সমাজত সদায় সন্মানীয় ৷
ক্ষমতাশালী দুৰ্নীতিপৰায়ণ লোকে নিজৰ প্ৰভাৱ থকালৈকেহে নিজৰ অনৈতিক কাৰ্য্যকলাপ চলাই থাকিও সমাজত বৰ মানুহ বোলাই থাকিব পাৰে৷ কিন্ত সজ লোক সমাজত সদায় সন্মানীয় ৷
Contributed by: Barnali Deuri Bora on 2010-10-13
Idiom ফকৰা-যোঁজনা
Contributed by: Hemanta Saikia on 2009-03-01
দূৰৈৰ পাহাৰ শুৱনি দেখি
A hill from a distance appears to be beautiful as its roughness is not seen. Similarly the roughness or hardness of anything is not known until it is approached by oneself.
সেউজীয়া পাহাৰ দূৰৰ পৰা ধুনীয়া দেখি। তাত থকা খলা বমা, শিলবোৰ আঁতৰৰ পৰা চকুত নপৰে৷ ওচৰ চাপিলেহে তাৰ কঠিন ৰূপটো গম পোৱা যায়। অৰ্থাৎ কোনো বস্তুৰ ভাল-বেয়া জানিবলৈ হ’লে তাক ওচৰৰ পৰা নিজে নিৰীক্ষণ কৰিলেহে সঠিককৈ অনুধাৱন কৰিব পাৰি৷ কোনো কামৰ কঠিনতাৰ ক্ষেত্ৰটো ই প্ৰযোজ্য।
সেউজীয়া পাহাৰ দূৰৰ পৰা ধুনীয়া দেখি। তাত থকা খলা বমা, শিলবোৰ আঁতৰৰ পৰা চকুত নপৰে৷ ওচৰ চাপিলেহে তাৰ কঠিন ৰূপটো গম পোৱা যায়। অৰ্থাৎ কোনো বস্তুৰ ভাল-বেয়া জানিবলৈ হ’লে তাক ওচৰৰ পৰা নিজে নিৰীক্ষণ কৰিলেহে সঠিককৈ অনুধাৱন কৰিব পাৰি৷ কোনো কামৰ কঠিনতাৰ ক্ষেত্ৰটো ই প্ৰযোজ্য।
Contributed by: Hemanta Saikia on 2009-03-01
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Samhita Bharadwaj on 2010-12-12
দূৰৰ পাহাৰ ৰাতিৰ জুই তাক নেখেদি থাকিবা শুই৷
Seeing is not always believing. The far-away hills or the fire at night may seem near, but chasing them would be no less foolish than chasing a mirage at the desert. So think before you act!
দূৰৰ পাহাৰ আৰু ৰাতিৰ জুই ওচৰত থকা যেন লাগে৷কিন্তু তাকে ভাবি তাক বিচাৰিবলৈ গ`লে সহজে পোৱা নাযাব৷ সেইদৰে দেখি ভাল লগা অথবা শুনা কথাত ভোল যোৱাৰ আগতে নিজৰ বুদ্ধিৰে বিবেচনা কৰা উচিত৷
দূৰৰ পাহাৰ আৰু ৰাতিৰ জুই ওচৰত থকা যেন লাগে৷কিন্তু তাকে ভাবি তাক বিচাৰিবলৈ গ`লে সহজে পোৱা নাযাব৷ সেইদৰে দেখি ভাল লগা অথবা শুনা কথাত ভোল যোৱাৰ আগতে নিজৰ বুদ্ধিৰে বিবেচনা কৰা উচিত৷
Contributed by: Dr. Samhita Bharadwaj on 2010-12-12
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-11-01
দেখি শিকে, ঠেকি শিকে
Some people learn by observing others, but some who do not listen to or follow others have to learn from his own experiences.
কিছুমান মানুহে আন মানুহৰ কাৰ্য্য-কলাপ লক্ষ্য কৰি আয়ত্ব কৰে, কিছুলোকে আনৰ উপদেশ বা আনৰ ভালখিনি অনুকৰণ কৰিব নোখোজে, কিন্ত টান পৰিস্থিতিত পৰি তাৰ পৰা শিকনি লব লগা হয় ৷
কিছুমান মানুহে আন মানুহৰ কাৰ্য্য-কলাপ লক্ষ্য কৰি আয়ত্ব কৰে, কিছুলোকে আনৰ উপদেশ বা আনৰ ভালখিনি অনুকৰণ কৰিব নোখোজে, কিন্ত টান পৰিস্থিতিত পৰি তাৰ পৰা শিকনি লব লগা হয় ৷
Contributed by: Barnali Deuri Bora on 2010-11-01
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-05-15
দেহা গোলাঘটীয়া হ
to feel exhausted due to strenuous exercise or for facing troubles and turbulence
কঠিন পৰিশ্ৰমৰ ফলত অথবা নানান আলৈ-আহুকালৰ সন্মুখীন হোৱাৰ ফলত শৰীৰ অৱশ হৈ পৰ্
কঠিন পৰিশ্ৰমৰ ফলত অথবা নানান আলৈ-আহুকালৰ সন্মুখীন হোৱাৰ ফলত শৰীৰ অৱশ হৈ পৰ্
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-05-15
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-05
দেহা থাকিলেহে বেহা
Health is wealth. One cannot be successful in any business without a healthy body and mind.
সুস্বাস্থ্য অবিহনে মানুহে কোনো কাম সুকলমে সমাপন কৰিব নোৱাৰে | শৰীৰ সুস্থ হ’লেহে মানুহে বেহা-বেপাৰ কৰি অৰ্থ আৰ্জন কৰিব পাৰে |
সুস্বাস্থ্য অবিহনে মানুহে কোনো কাম সুকলমে সমাপন কৰিব নোৱাৰে | শৰীৰ সুস্থ হ’লেহে মানুহে বেহা-বেপাৰ কৰি অৰ্থ আৰ্জন কৰিব পাৰে |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-05
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-14
দৈৱাসন তল যোৱা
To suddenly lose the power and social reverence being enjoyed by someone
কোনোৱে উপভোগ কৰি থকা সামাজিক মৰ্য্যাদা বা প্ৰতিপত্তিৰ হ্ঠাতে বিলুপ্তি ঘটা
কোনোৱে উপভোগ কৰি থকা সামাজিক মৰ্য্যাদা বা প্ৰতিপত্তিৰ হ্ঠাতে বিলুপ্তি ঘটা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-14
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
দৰিদ্ৰ যিফালে যায়, সাগৰো শুকায়, মাণিকো লুকায় |
People believe that a man becomes poor because of his misfortune. Hence, wherever he goes, a poor can never earn wealth and happiness.
মানুহৰ বিশ্বাস যে ভাগ্য বেয়া হোৱাৰ কাৰণেহে মানুহ দুখীয়া হয় | গতিকে দুখীয়াই য’লৈকে নাযাওক কিয়, কেতিয়াও তেওঁ সুখ-সম্পত্তি আৰ্জন কৰিব নোৱাৰে |