Found 17 proverb(s) beginning with "ত"
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-13
তপত ভাতে মুখ পোৰে ৷
Too much fuss or impatient reciprocation leads to harmful results.
কোনো কাম কৰোঁতে বা কোনো কথাৰ প্ৰতিক্ৰিয়া দেখুৱাওঁতে মানুহে যদি বৰকৈ ধৈৰ্যহীনতা বা সংযমহীনতা প্ৰদৰ্শন কৰি অহেতুক লৰা-ঢপৰা কৰা হয়, তেনেহ’লে তাৰ ফলাফল ওলোটা বা ক্ষতিকাৰক হয় ৷
কোনো কাম কৰোঁতে বা কোনো কথাৰ প্ৰতিক্ৰিয়া দেখুৱাওঁতে মানুহে যদি বৰকৈ ধৈৰ্যহীনতা বা সংযমহীনতা প্ৰদৰ্শন কৰি অহেতুক লৰা-ঢপৰা কৰা হয়, তেনেহ’লে তাৰ ফলাফল ওলোটা বা ক্ষতিকাৰক হয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-13
Idiom ফকৰা-যোঁজনা
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-26
তপত ভাতৰ ধোঁৱাই খোৱা৷
A pampered and lazy people who got disturbed even by smoke coming out from rice fresh from the oven
তপত ভাত এমুঠি পোৱাতো আনন্দৰ কথা৷ পাছে কিছু আলসুৱা ধোদ মানুহক তপত ভাতৰ ধোঁৱাইও আমনি কৰে৷ আলসুৱা ধোদ মানুহ৷
তপত ভাত এমুঠি পোৱাতো আনন্দৰ কথা৷ পাছে কিছু আলসুৱা ধোদ মানুহক তপত ভাতৰ ধোঁৱাইও আমনি কৰে৷ আলসুৱা ধোদ মানুহ৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-26
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-13
তল-ওপৰ কৰ
To search something keeping no stone unturned.
অধ্যয়ন, তালাছি আদি কৰোতে পুংখানোপুংখে বিচাৰ-খোচাৰ কৰ ৷
অধ্যয়ন, তালাছি আদি কৰোতে পুংখানোপুংখে বিচাৰ-খোচাৰ কৰ ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-13
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-04-10
তাঁতীৰে কাপোৰে জগতখন জুৰিলে, তথাপি তাঁতীৰ গা উদি
The clothes woven by a weaver is used by others but at times the weaver himself may have to remain without clothes due to hardship. Similarly, a person who helps and supports others may himself become totally helpless at times.
তাঁতীয়ে বোৱা কাপোৰ পৰিধান কৰি সকলো শুৱনি হয়, অথচ আৰ্থিক অনাটনৰ বাবে তেনে তাঁতীয়ে নিজে খালী দেহাৰে থাকিব লগীয়াও হয় ৷ ঠিক সেইদৰে, আনৰ উপকাৰ কৰি ফুৰা ব্যক্তিৰ হাতত কেতিয়াবা নিজৰ কাৰণে একোৱেই নথকা অৱস্থা হয় ৷
তাঁতীয়ে বোৱা কাপোৰ পৰিধান কৰি সকলো শুৱনি হয়, অথচ আৰ্থিক অনাটনৰ বাবে তেনে তাঁতীয়ে নিজে খালী দেহাৰে থাকিব লগীয়াও হয় ৷ ঠিক সেইদৰে, আনৰ উপকাৰ কৰি ফুৰা ব্যক্তিৰ হাতত কেতিয়াবা নিজৰ কাৰণে একোৱেই নথকা অৱস্থা হয় ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-04-10
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
তাচপাতৰ ঘৰ ৷
1) House of cards 2) Building without foundation.
ভিত্তিহীন কথা, যোজনা, পৰিকল্পনা আদি ৷
ভিত্তিহীন কথা, যোজনা, পৰিকল্পনা আদি ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
Contributed by: Bikram M Baruah on 2025-01-26
তিনি গধুলি তৰিছে তাঁত, পৈয়েকৰ নিছে উজুটিত দাঁত
Waste time unnecessary at the time of work and rush nearer the dateline.
কামৰ সময়ত অযথা ৰং ৰহইচ কৰি সময় কটাই গধুলি কাম দেখুৱাই খদম্দম কৰি দেখুওৱা৷
কামৰ সময়ত অযথা ৰং ৰহইচ কৰি সময় কটাই গধুলি কাম দেখুৱাই খদম্দম কৰি দেখুওৱা৷
Contributed by: Bikram M Baruah on 2025-01-26
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-09
তিনিশ ষাঠি জোপা ৰুবা কল, মাহেকে পষেকে চিকুণাবা তল; পাত, পচলা লাভত খাবা, লঙ্কাৰ বণিজ ঘৰতে পাবা ৷ আঠিয়াত গোবৰ, মনোহৰত জাবৰ; পুৰাত ছাই, মালভোগত খাই ৷
This proverbial saying depicts the benefit of banana cultivation and the care needed for it. If a cultivator plants 360 numbers of banana plants in his garden, in addition to making a good business out of it, he can also use its byproducts profitably.
এই ডাকৰ বচনটোত কল খেতিৰ উপকাৰিতা আৰু ল’বলগীয়া যতনৰ কথা কোৱা হৈছে ৷ তিনিশ ষাঠি জোপা কল ৰোৱা খেতিয়কে আন বেপাৰ-বাণিজ্য নকৰাকৈ সম্পত্তিশালী হোৱাৰ উপৰি কলৰ পাত-পচলা আদি ব্যৱহাৰ কৰিও লাভান্বিত হ’ব পাৰে ৷ আঠিয়া কলৰ খেতিত গোবৰ, মনোহৰ কলত জাবৰ, পুৰা কলত ফুট-ছাই আৰু মালভোগত খলিহৈ প্ৰয়োগ কৰিলে ভাল ফল পোৱা যায় ৷
এই ডাকৰ বচনটোত কল খেতিৰ উপকাৰিতা আৰু ল’বলগীয়া যতনৰ কথা কোৱা হৈছে ৷ তিনিশ ষাঠি জোপা কল ৰোৱা খেতিয়কে আন বেপাৰ-বাণিজ্য নকৰাকৈ সম্পত্তিশালী হোৱাৰ উপৰি কলৰ পাত-পচলা আদি ব্যৱহাৰ কৰিও লাভান্বিত হ’ব পাৰে ৷ আঠিয়া কলৰ খেতিত গোবৰ, মনোহৰ কলত জাবৰ, পুৰা কলত ফুট-ছাই আৰু মালভোগত খলিহৈ প্ৰয়োগ কৰিলে ভাল ফল পোৱা যায় ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-09
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
তিলক ল’লেই বৈষ্ণৱ নহয় ৷
1) It is not the hood that makes the monk. 2) All are not saints that go to church.
বাহ্যিক সাজ-পাৰে মানুৰ চৰিত্ৰৰ পৰিবৰ্তন কৰিব নোৱাৰে ৷
বাহ্যিক সাজ-পাৰে মানুৰ চৰিত্ৰৰ পৰিবৰ্তন কৰিব নোৱাৰে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-27
তিলকে তাল কৰা
Exaggerating something beyond a limit
কোনো সৰু কথাকে অনাহকত বেছিকৈ বঢ়াই কোৱা
কোনো সৰু কথাকে অনাহকত বেছিকৈ বঢ়াই কোৱা
Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-27
Idiom ফকৰা-যোঁজনা
Contributed by: Sitaram Upadhyaya on 2014-12-04
তিৰোতাৰ কপালে ধন, পুৰুষৰ কপালে জন৷
It is beleived that gain of wealth is depends upon the fortune of female and reproduction of childs depends upon the fortune of male.
লোক বিস্বাস মতে তিৰোতাৰ ভাগ্যৰ বলত ধন অৰ্জন হয় আৰু পুৰুষৰ ভাগ্যৰ বলত জন অৰ্থাত সন্তান-সন্ততি হয়৷
লোক বিস্বাস মতে তিৰোতাৰ ভাগ্যৰ বলত ধন অৰ্জন হয় আৰু পুৰুষৰ ভাগ্যৰ বলত জন অৰ্থাত সন্তান-সন্ততি হয়৷
Contributed by: Sitaram Upadhyaya on 2014-12-04
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-10-28
তুমি ডালে ডালে, মই পাতে পাতে
A person who claims that he is more clever than the other who is trying to oversmart him.
নিজে আনতকৈ বেচি শিয়ান বুজাবলৈ ব্যৱহাৰ হয় ৷
নিজে আনতকৈ বেচি শিয়ান বুজাবলৈ ব্যৱহাৰ হয় ৷
Contributed by: Barnali Deuri Bora on 2010-10-28
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
তুমি হ’লা বাৰৰে, আমি হ’লো তেৰৰে
Reluctance to accept superiority of others over oneself.
কোনো কথাতে আনতকৈ পিচ পৰি থাকিব নোখোজা বা আনৰ ওচৰত সেও মানিব নোখোজা
কোনো কথাতে আনতকৈ পিচ পৰি থাকিব নোখোজা বা আনৰ ওচৰত সেও মানিব নোখোজা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2008-03-19
তুলসীৰ লগত কলপটুৱাৰো মুক্তি
If are in good company it always helps. Being in comapny of good people will help you get the same kind of respect they earn from others.
ভালৰ সঙ্গ পালে ভালেই হয় ৷ তুলসীক পবিত্ৰ মানা হয় ৷ পূজাৰ স্থানত তুলসীক কলপটুৱাত ৰখা হয় ৷ পবিত্ৰ তুলসীৰ বাবেই কলপটুৱাইয়ো পূজাত স্থান পায় ৷
ভালৰ সঙ্গ পালে ভালেই হয় ৷ তুলসীক পবিত্ৰ মানা হয় ৷ পূজাৰ স্থানত তুলসীক কলপটুৱাত ৰখা হয় ৷ পবিত্ৰ তুলসীৰ বাবেই কলপটুৱাইয়ো পূজাত স্থান পায় ৷
Contributed by: Rupankar Mahanta on 2008-03-19
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-11-18
তেবে যশী, যদি যশ বখানে আনে, তেবেসে গৃহস্থ, যদি আটি খাই ধানে ৷
He is a famous man if his praises are sung by others.
He is a real house-holder if he has sufficient paddy to eat.
আচল যশস্বী লোকৰ গুণ আনেহে বখানে আৰু সেইজনহে আচল গৃহস্থ, যিজনে নিজৰ ঘৰখন ভালকৈ চলাব পাৰে ৷
আচল যশস্বী লোকৰ গুণ আনেহে বখানে আৰু সেইজনহে আচল গৃহস্থ, যিজনে নিজৰ ঘৰখন ভালকৈ চলাব পাৰে ৷
Contributed by: Barnali Deuri Bora on 2010-11-18
Idiom ফকৰা-যোঁজনা
Contributed by: durlav gogoi on 2012-03-28
তেলটুপি তোমাৰ মাটিতে থোৱাঁ, পিপাটোহে আজৰাই মোক দিয়াঁ
help me ignoring your losses.
নিজৰ লোকচান কৰি হ`লেও মোক সহায় কৰাঁ
নিজৰ লোকচান কৰি হ`লেও মোক সহায় কৰাঁ
Contributed by: durlav gogoi on 2012-03-28
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
তেলীৰ মূৰত তেল
To help someone who already has everything instead of someone who is needy.
সুবিধাভোগী জনকে অধিক সুবিধা প্ৰদান কৰা
সুবিধাভোগী জনকে অধিক সুবিধা প্ৰদান কৰা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
তোমাৰ ঘৰৰে বাঁহ-গাঁজ আনি তাৰে কৰিলোঁ খৰিছা; তোমাতে বেচি ধান দোণ লৈছোঁ কথাটো মন কৰিছা?
Deceiving somebody by selling stuff owned by himself.
কাৰোবাৰ পৰা অনা বস্তু পুনৰ গৰাকীকে বেচি ঠগী খোৱা স্বভাৱ