Found 9 proverb(s) beginning with "ট"
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2015-09-09
টকাই কৰে কাম, মতাৰ মিছা নাম ৷
Actually it is the money that accomplishes the work and the role of man is negligible, if money is not a constraint.
আচলতে টকাইহে কাম সমাধা কৰে, মতামানুহে কৰে বুলি মিছাকৈহে নাম হয় ৷
আচলতে টকাইহে কাম সমাধা কৰে, মতামানুহে কৰে বুলি মিছাকৈহে নাম হয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2015-09-09
Phrase খণ্ডবাক্য
Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-11
টঙালি বান্ধ ৷
To be in firm determination for achieving the goal.
গন্তব্য স্থানত উপনিত হ\'বলৈ বা উদ্দেশ্যত সফল হ\'বলৈ দৃঢ়ভাবে মন স্থিৰ কৰ্৷
গন্তব্য স্থানত উপনিত হ\'বলৈ বা উদ্দেশ্যত সফল হ\'বলৈ দৃঢ়ভাবে মন স্থিৰ কৰ্৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-11
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-11
টান পালে আটায়ে ৰাম বোলে ৷
Everybody remembers the Almighty but during distress only. Similarly, one remembers his relatives and friends when he is in trouble.
সুখৰ কালত মানুহে ভগবানক পাহৰি থাকে, কিন্তু দুখৰ কালত সকলোৱে ভগবানৰ নাম লয় ৷ ঠিক তেনেকৈ বিপদৰ সময়তহে সকলোৰে আত্মীয়-স্বজন বা বন্ধুলৈ মনত পৰে ৷
সুখৰ কালত মানুহে ভগবানক পাহৰি থাকে, কিন্তু দুখৰ কালত সকলোৱে ভগবানৰ নাম লয় ৷ ঠিক তেনেকৈ বিপদৰ সময়তহে সকলোৰে আত্মীয়-স্বজন বা বন্ধুলৈ মনত পৰে ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-11
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-18
টান মাটিত মেকুৰীয়ে নেহাগে ৷
People seldom disturb the brave and powerful.
মেকুৰীয়ে কোমল মাটিতহে মল ত্যাগ কৰে, কাৰণ তেনে কৰিলে মাটি খান্দিবলৈ উজু হয় আৰু সহজাতভাবে বিষ্ঠাবোৰ মাটিৰে ঢাকি থব পাৰে ৷ অৰ্থাৎ মানুহ ক্ষমতাশালী, নিৰ্ভীক, শক্তিশালী, খঙাল আৰু দৃঢ় সংকল্পৰ হ'লে, তেনে মানুহক আন মানুহে সমীহ কৰি চলে তথা অযথা আমনি নকৰে; আনহাতে নিৰ্জু প্ৰবৃত্তিৰ মানুহক আন মানুহে হকে-বিহকে আমনি কৰে বা তেঁওলোকৰ পৰা সুবিধা আদায় কৰে ৷
মেকুৰীয়ে কোমল মাটিতহে মল ত্যাগ কৰে, কাৰণ তেনে কৰিলে মাটি খান্দিবলৈ উজু হয় আৰু সহজাতভাবে বিষ্ঠাবোৰ মাটিৰে ঢাকি থব পাৰে ৷ অৰ্থাৎ মানুহ ক্ষমতাশালী, নিৰ্ভীক, শক্তিশালী, খঙাল আৰু দৃঢ় সংকল্পৰ হ'লে, তেনে মানুহক আন মানুহে সমীহ কৰি চলে তথা অযথা আমনি নকৰে; আনহাতে নিৰ্জু প্ৰবৃত্তিৰ মানুহক আন মানুহে হকে-বিহকে আমনি কৰে বা তেঁওলোকৰ পৰা সুবিধা আদায় কৰে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-18
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-22
টিক বলধা ওলায় মাটি, মাক ভালেই জীয়েক জাতি ৷
The character of a girl largely depends on the character of her mother.
সময়মতে মাটিত হাল বাই শেষ কৰিবলৈ হ’লে বলধ হাল চেঙা হ’ব লাগে ৷ সেইদৰে জীয়েক ভাল হ’বলৈ হ’লে মাকৰ স্বভাৱ-চৰিত্ৰ ভাল হ’ব লাগে ৷
সময়মতে মাটিত হাল বাই শেষ কৰিবলৈ হ’লে বলধ হাল চেঙা হ’ব লাগে ৷ সেইদৰে জীয়েক ভাল হ’বলৈ হ’লে মাকৰ স্বভাৱ-চৰিত্ৰ ভাল হ’ব লাগে ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-22
Idiom ফকৰা-যোঁজনা
Contributed by: Anjali Sonowal on 2008-06-28
টুপাই বুৰ মাৰ
To deny entirely, to decline,to dissemble, to prevaricate.
সমূলি মিছা মাত, গোটেই আসৈ মাত; যেনে,সি এতিয়া টুপাই বুৰ মাৰিছে।
সমূলি মিছা মাত, গোটেই আসৈ মাত; যেনে,সি এতিয়া টুপাই বুৰ মাৰিছে।
Contributed by: Anjali Sonowal on 2008-06-28
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-20
টেঙা আম বজাৰত এবাৰহে বেছিব পাৰি |
One can not cheat a person again and again .
এবাৰ মিঠা বুলি টেঙ্গা আম বেছা দোকানীৰ পৰা দ্বিতীয় বাৰ কোনেও আম নিকিনে | সেইদৰে কাৰোবাক এবাৰ ঠগিলে তেওঁ সেইজন ব্যক্তিৰ ওপৰত আৰু দুনাই কেতিয়া বিশ্বাস নকৰে | অৰ্থাৎ মানুহক এবাৰহে ঠগিব পাৰি |
এবাৰ মিঠা বুলি টেঙ্গা আম বেছা দোকানীৰ পৰা দ্বিতীয় বাৰ কোনেও আম নিকিনে | সেইদৰে কাৰোবাক এবাৰ ঠগিলে তেওঁ সেইজন ব্যক্তিৰ ওপৰত আৰু দুনাই কেতিয়া বিশ্বাস নকৰে | অৰ্থাৎ মানুহক এবাৰহে ঠগিব পাৰি |
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-20
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-09
টোপনিৰ চিকুণ পুৱা, মুখৰ চিকুণ গুৱা |
The pleasure of sleeping is at its peak at the dawn and there cannot be anything comparable to chewing betel nut for refreshing the mouth.
দোকমোকালি সময়ত অহা টোপনিৰ আমেজেই বেলেগ আৰু অসমীয়া সমাজত তামো-চালিৰ দৰে মুখৰোচক বা মুখ-শুদ্ধি বেলেগ হ’ব নোৱাৰে |
দোকমোকালি সময়ত অহা টোপনিৰ আমেজেই বেলেগ আৰু অসমীয়া সমাজত তামো-চালিৰ দৰে মুখৰোচক বা মুখ-শুদ্ধি বেলেগ হ’ব নোৱাৰে |
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-09
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-20
টোপোলাৰ ঘৰলৈ টোপোলা যায়; ৰ ৰ টোপোলা তোলৈকো চায় ৷
One cannot receive gifts again and again without reciprocating it.
কাৰোবাক টোপোলা বা উপহাৰ দিলেহে নিজেও উপহাৰ পাব পাৰি ৷ একপক্ষীয়ভাবে উপহাৰ সদায় পাই থাকিব নোৱাৰি, সেয়ে উপহাৰ দিয়াৰ অভ্যাস কৰিব লাগে ৷