Found 10 proverb(s) beginning with "ছ"
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-12
ছলে বলে কৌশলে ৷
By hook or by crook.
ছল বা প্ৰতাৰণাপূৰ্ণ কাম, বল বা ক্ষমতা আৰু কৌশল প্ৰয়োগ কৰি অৰ্থাৎ যিকোনোপ্ৰকাৰে কোনো কাম আদায় কৰা ৷
ছল বা প্ৰতাৰণাপূৰ্ণ কাম, বল বা ক্ষমতা আৰু কৌশল প্ৰয়োগ কৰি অৰ্থাৎ যিকোনোপ্ৰকাৰে কোনো কাম আদায় কৰা ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-12
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-08
ছাঁই পেলাওঁতে প্ৰয়োজন ভঙা কুলাৰ ৷
Scapegoat of the family.
ভঙা কুলাৰ পৰিস্কাৰ-পৰিছন্নতা বা সামৰি-সিটৰি ৰখাৰ প্ৰতি কোনেও যত্ন নলয়, কিন্তু চৌকাৰ ছাঁই পেলোৱাৰ সময়ত সেইখন কুলা নহ'লেই নচলে, কাৰণ ছাঁয়েৰে ভৰা চৌকাখন খালি নকৰি চৌকাত জুই ধৰিব নোৱাৰি৷ একেদৰে পৰিয়াল, অনুষ্ঠান আদিৰ কোনো ব্যক্তিবিশেষক আমোদজনক বা সন্মানজনক কামত ভাগ লবলৈ নিদি (বা পৰিয়ালৰ সুখৰ ভাগ নিদি) কেৱল নিৰস- নিৰানন্দদায়ক কামৰ সময় আহিলতহে স্মৰণ কৰা হয়, এনে অৰ্থত ৷
ভঙা কুলাৰ পৰিস্কাৰ-পৰিছন্নতা বা সামৰি-সিটৰি ৰখাৰ প্ৰতি কোনেও যত্ন নলয়, কিন্তু চৌকাৰ ছাঁই পেলোৱাৰ সময়ত সেইখন কুলা নহ'লেই নচলে, কাৰণ ছাঁয়েৰে ভৰা চৌকাখন খালি নকৰি চৌকাত জুই ধৰিব নোৱাৰি৷ একেদৰে পৰিয়াল, অনুষ্ঠান আদিৰ কোনো ব্যক্তিবিশেষক আমোদজনক বা সন্মানজনক কামত ভাগ লবলৈ নিদি (বা পৰিয়ালৰ সুখৰ ভাগ নিদি) কেৱল নিৰস- নিৰানন্দদায়ক কামৰ সময় আহিলতহে স্মৰণ কৰা হয়, এনে অৰ্থত ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-08
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-01
ছাঁটোকে বাঘটো যেন দেখা
the state or tendency of considering a small matter as a big problem and to get frightened for it
নিজৰ ছাঁটোকে দেখি বাঘ বুলি ভাবি ভয় খোৱা, অৰ্থাৎ সামান্য কথাতে ভয় খাই বা অতি সাধাৰণ সমস্যা এটাকে ডাঙৰ বিপদ বুলি ভাবি কিং-কৰ্ত্তব্য-বিমূঢ় হোৱা ৷
নিজৰ ছাঁটোকে দেখি বাঘ বুলি ভাবি ভয় খোৱা, অৰ্থাৎ সামান্য কথাতে ভয় খাই বা অতি সাধাৰণ সমস্যা এটাকে ডাঙৰ বিপদ বুলি ভাবি কিং-কৰ্ত্তব্য-বিমূঢ় হোৱা ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-01
Phrase খণ্ডবাক্য
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-04
ছাঁতে শুকোৱা, মুঠিতে লুকোৱা
Very fine and light (cloth)
অতি মিহি আৰু পাতল (কাপোৰ)
অতি মিহি আৰু পাতল (কাপোৰ)
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-04
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
ছাগলে নাখায় কি পাগলে নবকে কি
A goat usually eats anything it gets; similarly, an insane can talk anything. This proverb is usually used in reference to something said, if it is irrelevant or unacceptable.
ছাগলীয়ে সাধাৰণতে যিহকে-তিহকে খায়; ঠিক তেনেদৰে মানসিক ভাৰসাম্য হেৰুৱা মানুহে যি-তি কথা কয় | কাৰোবাৰ অপ্ৰাংসগিক বা গ্ৰহণ কৰিব নোৱাৰা কথাত অতিষ্ঠ হ’লে এই ফকৰা যোজনাটি ব্যৱহাৰ কৰা হয় |
ছাগলীয়ে সাধাৰণতে যিহকে-তিহকে খায়; ঠিক তেনেদৰে মানসিক ভাৰসাম্য হেৰুৱা মানুহে যি-তি কথা কয় | কাৰোবাৰ অপ্ৰাংসগিক বা গ্ৰহণ কৰিব নোৱাৰা কথাত অতিষ্ঠ হ’লে এই ফকৰা যোজনাটি ব্যৱহাৰ কৰা হয় |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-11
ছাটি মাৰি যা
To have shock like feelings in eye due to sudden bright illumination.
অকস্মাৎ অহা উজ্জল পোহৰ আদিয়ে চকুত তীব্ৰ অনুভূতি দে ৷
অকস্মাৎ অহা উজ্জল পোহৰ আদিয়ে চকুত তীব্ৰ অনুভূতি দে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-11
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-06
ছাতি ধৰিবা সিফালে, বৰষুণ আহে যিফালে ৷
One has to adapt himself with the changing environment, society, rules-regulations, etc. and try to fit into the new environment.
যিফালৰ পৰা বৰষুণ আহে সেইফালেই ছাতি ধৰিব লাগে, নহ\'লে অযথা বৰষুণৰ পানীত তিতি কষ্ট খাব লগা হয় ৷ অৰ্থাৎ যুগ পৰিবৰ্তনৰ লগে লগে মানুহে নিজক পৰিবৰ্তন কৰি লব লাগে, অৰ্থাৎ সময়, পৰিস্থিতি, স্থান, সমাজ আদিৰ আনুষংগিক নিয়ম-নীতিৰ লগত সংগতি ৰাখি চলিব লাগে ৷
যিফালৰ পৰা বৰষুণ আহে সেইফালেই ছাতি ধৰিব লাগে, নহ\'লে অযথা বৰষুণৰ পানীত তিতি কষ্ট খাব লগা হয় ৷ অৰ্থাৎ যুগ পৰিবৰ্তনৰ লগে লগে মানুহে নিজক পৰিবৰ্তন কৰি লব লাগে, অৰ্থাৎ সময়, পৰিস্থিতি, স্থান, সমাজ আদিৰ আনুষংগিক নিয়ম-নীতিৰ লগত সংগতি ৰাখি চলিব লাগে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-06
Idiom ফকৰা-যোঁজনা
Contributed by: Biraj Kumar Kakati on 2008-07-28
ছোৱালী আনিবা মাক ভাল, মাটি কিনিবা মাজ খাল ।
One can assume the character of a girl to be good, if her mother`s character is good. So to select a bride, one should see her mother. Similarly, land for cultivation should be purchased if it has water holding capacity.
মাকৰ যদি স্বভাৱ-চৰিত্র ভাল হয়, জীয়েকৰো স্বভাৱ-চৰিত্র ভাল হ’ব বুলি ধৰিব পাৰি, সেয়েহে বিয়া পাতিবলৈ তেনেকুৱা ছোৱালী আনিব লাগে। ঠিক তেনেকৈ, খেতিৰ কাৰণে কিনা মাটিৰ মাজটো দ অলপ হ’ব লাগে, যাতে পানী ধৰি ৰাখিব পাৰে ৷
মাকৰ যদি স্বভাৱ-চৰিত্র ভাল হয়, জীয়েকৰো স্বভাৱ-চৰিত্র ভাল হ’ব বুলি ধৰিব পাৰি, সেয়েহে বিয়া পাতিবলৈ তেনেকুৱা ছোৱালী আনিব লাগে। ঠিক তেনেকৈ, খেতিৰ কাৰণে কিনা মাটিৰ মাজটো দ অলপ হ’ব লাগে, যাতে পানী ধৰি ৰাখিব পাৰে ৷
Contributed by: Biraj Kumar Kakati on 2008-07-28
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2009-12-17
ছোৱালীৰ চিকণ যোগী, গাইৰ চিকণ মুগী; ডাইলৰ চিকণ মাটি, শয়নৰ চিকণ পাটি; টেঙাৰ চিকণ ঔ, মাছৰ চিকণ ৰৌ; সমন্ধৰ চিকণ বৌ, বাচনৰ চিকণ টৌ; শাকৰ চিকণ লাই, মুদ্ৰাৰ চিকণ পাই; জলাৰ চিকণ আদা, চেনেহৰ চিকণ দাদা; কথাৰ চিকণ ৰস, চাকৰৰ চিকণ বশ; ফলৰ চিকণ কল, হোঁকাৰ চিকণ নল; মুখৰ চিকণ গুৱা, টোপনিৰ চিকণ পুৱা; পানীৰ চিকণ পানীপৰুৱা, মাছৰ চিকণ মোৱা; বিয়াৰ চিকণ বৰকইনা, হোমৰ চিকণ ধোঁৱা ৷
These sayings describes the best of everything in various aspects of our daily life.
এই তুলনাবোৰে দৈনিক জীৱনৰ বিভিন্ন বিষয়ত উত্তম বস্তুৰ আভাস দিয়ে ৷ যেনে মাটি ডাইলৰ সোৱাদ ডাইলৰ ভিতৰত সৰ্ব্বোত্তম ৷
এই তুলনাবোৰে দৈনিক জীৱনৰ বিভিন্ন বিষয়ত উত্তম বস্তুৰ আভাস দিয়ে ৷ যেনে মাটি ডাইলৰ সোৱাদ ডাইলৰ ভিতৰত সৰ্ব্বোত্তম ৷
Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-10-26
ছোৱালীৰ চুটি, বাঢ়নীৰ বুটি (ডাকৰ বচন)
A broomstick is more comfortable to use when it is used for some time and it becomes shorter, likewise it is said shorter girls are more efficient.
চুটি-চাপৰ ছোৱালী বেছি কাজি বুলি ধৰা হয়, ঠিক তেনেকৈ বাঢ়নীটাৰ বুটি (অৰ্থাৎ চুটি) হ’লে সাৰিবলৈ বেছি সুবিধা হয়