Found 14 proverb(s) beginning with "ঘ"
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
ঘঁহোতে ঘঁহোতে শিলো ক্ষয় যায় ৷
Constant dripping wears out the stone.
বাৰে বাৰে ঘঁহি থাকিলে শিলৰ দৰে টান বস্তুও ক্ষয় যায়, একেদৰে বাৰে বাৰে চেষ্টা কৰি থাকিলে অসাধ্যও সাধন কৰিব পাৰি ৷
বাৰে বাৰে ঘঁহি থাকিলে শিলৰ দৰে টান বস্তুও ক্ষয় যায়, একেদৰে বাৰে বাৰে চেষ্টা কৰি থাকিলে অসাধ্যও সাধন কৰিব পাৰি ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা
Contributed by: Biraj Kumar Kakati on 2008-03-28
ঘন ঘনকৈ দিবা আলি, তেহে খাবা নানান শালি |
Shali is a species of paddy which need plenty of water in the paddy field to get good cultivation. To collect water in the rainy season more number of damp is necessary. So, to have good grain from Shali you have to make more damps. Which intriguingly means that hard work is an integral part to achieve success.
শালি ধানৰ কাৰণে যথেষ্ট পৰিমাণৰ পানীৰ প্ৰয়োজন | সেইবাবে শালি-তলিত পানী ৰাখিবৰ কাৰণে আলি দিয়া হয় | মাটি বাম হ’লে পানী সহজে নৰয় | তাৰ কাৰণে আলি ঘনাই দিয়াৰ প্ৰয়োজন হয় | আলি ঘন হ’লে পানী ৰ’বই আৰু তেতিয়া বাম মাটিতো শালি খেতি ভাল হয় | গতিকে নানাবিধৰ ভাল শালি খেতি পাবলৈ হ’লে আলি ঘনাই দিব লাগে | ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে কোনো বিষয়ত সুফল আৰ্জন কৰিব খুজিলে তাৰ সু-ব্যৱস্থাও ল’ব লাগে |
শালি ধানৰ কাৰণে যথেষ্ট পৰিমাণৰ পানীৰ প্ৰয়োজন | সেইবাবে শালি-তলিত পানী ৰাখিবৰ কাৰণে আলি দিয়া হয় | মাটি বাম হ’লে পানী সহজে নৰয় | তাৰ কাৰণে আলি ঘনাই দিয়াৰ প্ৰয়োজন হয় | আলি ঘন হ’লে পানী ৰ’বই আৰু তেতিয়া বাম মাটিতো শালি খেতি ভাল হয় | গতিকে নানাবিধৰ ভাল শালি খেতি পাবলৈ হ’লে আলি ঘনাই দিব লাগে | ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে কোনো বিষয়ত সুফল আৰ্জন কৰিব খুজিলে তাৰ সু-ব্যৱস্থাও ল’ব লাগে |
Contributed by: Biraj Kumar Kakati on 2008-03-28
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-10-28
ঘনাই খুটিলে টিঙৰাও মাছ
The expertise of a person increases even when a small task is done repeatedly.
টিঙৰা সৰু মাছ হ’লেও, সৰহকৈ পালে তাৰেই এখালৈ হয়, দেখাত সৰু যেন লাগিলেও বাৰে বাৰে একেটা কামকে কৰি থাকিলে পিছলৈ সিয়েই মানুহৰ উপকাৰত আহে ৷
টিঙৰা সৰু মাছ হ’লেও, সৰহকৈ পালে তাৰেই এখালৈ হয়, দেখাত সৰু যেন লাগিলেও বাৰে বাৰে একেটা কামকে কৰি থাকিলে পিছলৈ সিয়েই মানুহৰ উপকাৰত আহে ৷
Contributed by: Barnali Deuri Bora on 2010-10-28
Idiom ফকৰা-যোঁজনা
Contributed by: Sitaram Upadhyaya on 2014-12-26
ঘোঁৰা কিনিলে চাবুকো কিনিবা।
While you do some big business, do small things related to it
কিবা এটা ডাঙৰ কাম কৰিবলৈ হ’লে সেই কামৰ লগত জড়িত সৰু-সুৰা কামবোৰো কৰিব লাগে।
কিবা এটা ডাঙৰ কাম কৰিবলৈ হ’লে সেই কামৰ লগত জড়িত সৰু-সুৰা কামবোৰো কৰিব লাগে।
Contributed by: Sitaram Upadhyaya on 2014-12-26
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
ঘোঁৰা দেখি খোৰা হোৱা ৷
To be unwilling to work when there is somebody to help.
কোনো মানুহে ঘোঁৰা থাকিলে ঘোঁৰাত উঠি যাবলৈ খোজ কঢ়াৰ অসমৰ্থতা দেখুৱায়, অৰ্থাৎ কাম কৰিবলৈ মানুহ থাকিলে কিছুমান মানুহে কাম নকৰিবলৈ বিভিন্ন অজু্হাত দেখুৱায় ৷
কোনো মানুহে ঘোঁৰা থাকিলে ঘোঁৰাত উঠি যাবলৈ খোজ কঢ়াৰ অসমৰ্থতা দেখুৱায়, অৰ্থাৎ কাম কৰিবলৈ মানুহ থাকিলে কিছুমান মানুহে কাম নকৰিবলৈ বিভিন্ন অজু্হাত দেখুৱায় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-30
ঘোঁৰাতকৈ লেকামৰ দাম বেছি হোৱা ৷
To spend more money, labour, time etc. for accomplishing an associated task than for the main work.
কোনো কাম কৰিবলৈ যাওঁতে মূল কামটোতকৈ আনুষংগিক কামত বেছি ধন, সময়, শ্ৰম আদি খৰচ কৰিবলগীয়া হোৱা ৷
কোনো কাম কৰিবলৈ যাওঁতে মূল কামটোতকৈ আনুষংগিক কামত বেছি ধন, সময়, শ্ৰম আদি খৰচ কৰিবলগীয়া হোৱা ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-30
Riddle সাথৰ
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
ঘোঁৰাৰ কণী ৷
1) Fiddle-de-dee 2) Mare's nest or nonsense word or matter
অৰ্থহীন কথা বা কৰ্ম ৷
অৰ্থহীন কথা বা কৰ্ম ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
ঘৰ পোৰা গৰুৰ সেন্দুৰীয়া মেঘলৈকো ভয় ৷
1. A burnt child dreads the fire.
2. A scalded dog fears cold water.
3. Once bitten, twice shy.
এবাৰ ঘৰ পোৰা দেখিলে গৰুয়ে জুইলৈ ইমান ভয় কৰে যে আকাশত ৰঙা ৰঙৰ ডাৱৰ দেখিলেও ভয়ত লৰ মাৰে ৷ এবাৰ কোনো বস্তু বা ঘটনালৈ মনত ভয় সোমালে মানুহে তেনেধৰণৰ যিকোনো বস্তু বা ঘটনালৈ চিৰদিনলৈ ভয় কৰিয়েই থাকে ৷
এবাৰ ঘৰ পোৰা দেখিলে গৰুয়ে জুইলৈ ইমান ভয় কৰে যে আকাশত ৰঙা ৰঙৰ ডাৱৰ দেখিলেও ভয়ত লৰ মাৰে ৷ এবাৰ কোনো বস্তু বা ঘটনালৈ মনত ভয় সোমালে মানুহে তেনেধৰণৰ যিকোনো বস্তু বা ঘটনালৈ চিৰদিনলৈ ভয় কৰিয়েই থাকে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
ঘৰ শত্ৰু বিভীষণ ৷
Fifth columnist.
বিভীষণে নিজৰ ভাতৃ ৰাৱণৰ বিৰুদ্ধাচৰণ কৰি ৰামক সহায় কৰিছিল, একেদৰে আপোন মানুহে শত্ৰুতামূলক কাম কৰা ৷
বিভীষণে নিজৰ ভাতৃ ৰাৱণৰ বিৰুদ্ধাচৰণ কৰি ৰামক সহায় কৰিছিল, একেদৰে আপোন মানুহে শত্ৰুতামূলক কাম কৰা ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Riddle সাথৰ
Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-21
ঘৰ শুৱনি বাৰি, শাৰী শুৱনি পাৰি, নাৰী শুৱনি শাৰী ৷
A house becomes beautiful when it has a nice garden, a shadi (Indian dress for woman) is attractive when its border is attractive and women get actual beauty in she is cladded in shadi.
ঘৰৰ লগতে শুৱনি বাৰি এখন থাকিলে ঘৰখন শুৱনি দেখি, একেদৰে শাৰী এখনৰ পাৰি (border)শুৱনি সুন্দৰ হ'লে শাৰীখন ভাল লাগে আৰু নাৰীয়ে যেতিয়া শাৰী পিন্ধে তেতিয়াহে তেওঁলোকৰ প্ৰকৃত সৌন্দৰ্য ফুটি উঠে ৷
ঘৰৰ লগতে শুৱনি বাৰি এখন থাকিলে ঘৰখন শুৱনি দেখি, একেদৰে শাৰী এখনৰ পাৰি (border)শুৱনি সুন্দৰ হ'লে শাৰীখন ভাল লাগে আৰু নাৰীয়ে যেতিয়া শাৰী পিন্ধে তেতিয়াহে তেওঁলোকৰ প্ৰকৃত সৌন্দৰ্য ফুটি উঠে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-21
Idiom ফকৰা-যোঁজনা
Contributed by: Sitaram Upadhyaya on 2014-12-23
ঘৰে প্ৰতি ঘৈণী খালে প্ৰতি যখিনী৷
Presence at everywhere.
সকলোতে সূলভ হোৱা৷
সকলোতে সূলভ হোৱা৷
Contributed by: Sitaram Upadhyaya on 2014-12-23
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-20
ঘৰৰ গৰুৱে বাৰীৰ ঘাঁহ নেখায়৷
One never has interest for something available in plenty of one's own.
নিজ বাৰীত থকা ঘাঁহ গৰুৱে খাবলৈ মন নকৰে কিন্তু বেলেগৰ ঘৰৰ জেওৰা-জপনা ভাঙ্গিও খায় |ইয়াৰ দ্বাৰা বুজাব খোজা হৈছে যে নিজৰ হাততে থকা উভৈনদী বস্তুৰ প্রতি দৃষ্টি আকৰ্ষণ কম হয়, কিন্তু আনৰ সৰু-সুৰা বস্তু্য়েও মন আকর্ষণ কৰে |
নিজ বাৰীত থকা ঘাঁহ গৰুৱে খাবলৈ মন নকৰে কিন্তু বেলেগৰ ঘৰৰ জেওৰা-জপনা ভাঙ্গিও খায় |ইয়াৰ দ্বাৰা বুজাব খোজা হৈছে যে নিজৰ হাততে থকা উভৈনদী বস্তুৰ প্রতি দৃষ্টি আকৰ্ষণ কম হয়, কিন্তু আনৰ সৰু-সুৰা বস্তু্য়েও মন আকর্ষণ কৰে |
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-20
Riddle সাথৰ
Contributed by: Dr. Armaan U. Muzaddadi on 2014-11-18
ঘৰৰ পিঠা মাটি, চুবুৰীয়াৰ পিঠা মিঠাই ৷
One cannot understand the value of valuable item when it is easily achievable, but he/she realizes well the value of material when it is difficult to achieve, even if it is worthless.
ঘৰত বনোৱা সুখাদ্য সাধাৰণতে খাবলৈ ভাল নেলাগে, আনহাতে প্ৰতিবেশীৰ ঘৰত বনোৱা অখাদ্যও সু্স্বাদু মিঠাইৰ দৰে লাগে ৷ অৰ্থাৎ মানুহে অনায়াসে পোৱা মূল্যৱান বস্তুৰ মূল্য বুজি নেপায়, কিন্তু কষ্টেৰে পোৱা বস্তু সস্তা হ\'লেও তাৰ মূল্য অধিক বুলি অনুভৱ কৰে ৷
ঘৰত বনোৱা সুখাদ্য সাধাৰণতে খাবলৈ ভাল নেলাগে, আনহাতে প্ৰতিবেশীৰ ঘৰত বনোৱা অখাদ্যও সু্স্বাদু মিঠাইৰ দৰে লাগে ৷ অৰ্থাৎ মানুহে অনায়াসে পোৱা মূল্যৱান বস্তুৰ মূল্য বুজি নেপায়, কিন্তু কষ্টেৰে পোৱা বস্তু সস্তা হ\'লেও তাৰ মূল্য অধিক বুলি অনুভৱ কৰে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-11-18
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
ঘৰৰ ভাত খাই বনৰ ম`হ খেদা ৷
To work for others without remuneration.
নিঃস্বাৰ্থভাবে আনৰ উপকাৰ কৰা ৷