Found 19 proverb(s) beginning with "খ"
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
খঁকুৱাৰ পাত কাটোঁতেই গ’ল; নিখঁকুৱাই মাটিতে খালে৷ অথবা, খঁকুৱাই থাকে চাই, নিখঁকুৱাই মাটিতে খায় ৷
While the greedy gets ready for eating, the other eats away everything as he finds it. Similarly, while someone remains busy planning to doing something, another may accomplish the task even without much planning.
খঁকুৱা মানুহে ভোকত থাকিও ভাত খাবৰ কাৰণে কলপাত কটাৰ দৰে বিভিন্ন আয়োজন কৰোঁতেই সময় পাৰ কৰে, কিন্তু নিখঁকুৱা মানুহে যেনেদৰে পায় তেনেদৰেই খাই পেট ভৰায় ৷ ইয়াৰ পৰোক্ষ অৰ্থ হৈছে - `কোনোবাই কোনো এটা কাম কৰিবলৈ মনতে পৰিকল্পনা কৰি থাকোঁতেই আনে কোনো পৰিকল্পনা নকৰাকৈয়ে কামটো শেষ কৰা ৷’
খঁকুৱা মানুহে ভোকত থাকিও ভাত খাবৰ কাৰণে কলপাত কটাৰ দৰে বিভিন্ন আয়োজন কৰোঁতেই সময় পাৰ কৰে, কিন্তু নিখঁকুৱা মানুহে যেনেদৰে পায় তেনেদৰেই খাই পেট ভৰায় ৷ ইয়াৰ পৰোক্ষ অৰ্থ হৈছে - `কোনোবাই কোনো এটা কাম কৰিবলৈ মনতে পৰিকল্পনা কৰি থাকোঁতেই আনে কোনো পৰিকল্পনা নকৰাকৈয়ে কামটো শেষ কৰা ৷’
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2009-12-17
খং নামে চণ্ডাল ৷
Anger is evil.
খঙত মানুহে বহু অমানৱিক কাম কৰিব পাৰে, সেয়ে খং উঠা মানুহক চণ্ডালৰ (শ্মশানত থকা মৃতকক জ্বলোৱা ব্যক্তি) লগত ৰিজোৱা হৈছে৷
খঙত মানুহে বহু অমানৱিক কাম কৰিব পাৰে, সেয়ে খং উঠা মানুহক চণ্ডালৰ (শ্মশানত থকা মৃতকক জ্বলোৱা ব্যক্তি) লগত ৰিজোৱা হৈছে৷
Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
Contributed by: Chandan Kumar Borah on 2011-08-15
খঙত পেট কাটি ছমাহলৈ শুকনি খোৱা
Anger is not only harmful to others, but also harms own. So, one should keep him/herself calm so that anger does not harm anyone.
খং মানুহৰ ঘোৰ শত্ৰু৷ বাছিকৈ খং উঠিলে মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায়৷ কেতিয়াবা নিজকে পাহৰি যায়, আৰু কেতিয়াবা এনে হয় যে খঙৰ জালত কি কৰিছে নিজেই ক'ব নোৱাৰা হয়৷ এনে অৱস্থাত কেতিয়াবা আনৰ অনিষ্ট কৰিব নোৱাৰি নিজৰ পেটকে কাটি লয়৷ খং যেতিয়া মাৰ যায়, তেতিয়াহে অনুশোচনা আহে আৰু কৃতকৰ্ম্মৰ বাবে অনুতাপত ভুগিব লগা হয়৷ নিজৰ পেটৰ ঘা শুকুৱাবলৈ পাছত ছ'মাহ বা তাতোকৈ বেছিদিন শুকনি (ঔষধ) খাব লগা হয়৷ ইয়াৰ দ্বাৰা ইয়াকে বুজাব খুজিছে যে খঙৰ জালত মানুহে আনৰ অনিষ্ট সাধন কৰেই, নিজৰো অনিষ্ট সাধন কৰি কষ্টভোগ কৰিব লগা হয়৷ সেইবাবে মানুহে খঙক লাই নিদি সদায় দমাই ৰাখিবলৈ চেষ্টা কৰা উচিত৷
খং মানুহৰ ঘোৰ শত্ৰু৷ বাছিকৈ খং উঠিলে মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায়৷ কেতিয়াবা নিজকে পাহৰি যায়, আৰু কেতিয়াবা এনে হয় যে খঙৰ জালত কি কৰিছে নিজেই ক'ব নোৱাৰা হয়৷ এনে অৱস্থাত কেতিয়াবা আনৰ অনিষ্ট কৰিব নোৱাৰি নিজৰ পেটকে কাটি লয়৷ খং যেতিয়া মাৰ যায়, তেতিয়াহে অনুশোচনা আহে আৰু কৃতকৰ্ম্মৰ বাবে অনুতাপত ভুগিব লগা হয়৷ নিজৰ পেটৰ ঘা শুকুৱাবলৈ পাছত ছ'মাহ বা তাতোকৈ বেছিদিন শুকনি (ঔষধ) খাব লগা হয়৷ ইয়াৰ দ্বাৰা ইয়াকে বুজাব খুজিছে যে খঙৰ জালত মানুহে আনৰ অনিষ্ট সাধন কৰেই, নিজৰো অনিষ্ট সাধন কৰি কষ্টভোগ কৰিব লগা হয়৷ সেইবাবে মানুহে খঙক লাই নিদি সদায় দমাই ৰাখিবলৈ চেষ্টা কৰা উচিত৷
Contributed by: Chandan Kumar Borah on 2011-08-15
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
খন্তেকৰ ভোজ খাওঁতা নাই ৷
If a feast is arranged suddenly without prior preparation, few people would attend it. Similarly, at the time acute distress, usually one hardly finds anyone to help him out.
আগৰে পৰা ভালদৰে আয়োজন নকৰাকৈ হঠাতে ভোজ এটা পাতিলে যিদৰে খাওঁতাৰ অভাৱ হয়, ঠিক সেইদৰে হঠাতে বিপদত পৰিলে মানুহৰ দুখ-দূৰ্দশাৰ খবৰ ল’বলৈকো কোনো নোহোৱা হয় |
আগৰে পৰা ভালদৰে আয়োজন নকৰাকৈ হঠাতে ভোজ এটা পাতিলে যিদৰে খাওঁতাৰ অভাৱ হয়, ঠিক সেইদৰে হঠাতে বিপদত পৰিলে মানুহৰ দুখ-দূৰ্দশাৰ খবৰ ল’বলৈকো কোনো নোহোৱা হয় |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
খলুৱাক নিদিবা প্ৰশ্ৰয়, ঘৰত শান্তি নিশ্চয় ৷
Do not entertain cunning persons and keep your family life peaceful.
খলুৱা অৰ্থাৎ অ'ৰ কথা ত'ত লগাই ফুৰা লোকক প্ৰশ্ৰয় নিদিলে, পাৰিবাৰিক দন্দ-খৰিয়াল নহয় তথা ঘৰলৈ শান্তি অহাটো নিশ্চিত হৈ পৰে ৷
খলুৱা অৰ্থাৎ অ'ৰ কথা ত'ত লগাই ফুৰা লোকক প্ৰশ্ৰয় নিদিলে, পাৰিবাৰিক দন্দ-খৰিয়াল নহয় তথা ঘৰলৈ শান্তি অহাটো নিশ্চিত হৈ পৰে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা
Contributed by: Biraj Kumar Kakati on 2008-03-01
খাই কাৰ্শলা ডালত উঠিল | কাঠী চেলেকাৰ মৰণ মিলিল ||
Sometimes, criminals commits crime and escape without getting punishment. But the common and innocent people are harassed in the name of enquiry.
কাৰ্শলা এবিধ তীব্ৰবেগী বিষাক্ত সাপ; ই গছ-পাতৰ ওপৰৰে সহজে বগাই ফুৰিব পাৰে| কাঠি চেলেকাৰ অৰ্থ হৈছে সাধাৰণ হোজা আৰু নিৰ্দোষী মানুহ| অৰ্থাৎ দাগী অপৰাধী সাৰি যায় অথচ নিৰপৰাধী ব্যক্তিয়ে হাৰাশাস্তি খাৱ লগা হয়|
কাৰ্শলা এবিধ তীব্ৰবেগী বিষাক্ত সাপ; ই গছ-পাতৰ ওপৰৰে সহজে বগাই ফুৰিব পাৰে| কাঠি চেলেকাৰ অৰ্থ হৈছে সাধাৰণ হোজা আৰু নিৰ্দোষী মানুহ| অৰ্থাৎ দাগী অপৰাধী সাৰি যায় অথচ নিৰপৰাধী ব্যক্তিয়ে হাৰাশাস্তি খাৱ লগা হয়|
Contributed by: Biraj Kumar Kakati on 2008-03-01
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
খাই পাত ফলা ৷
To be an ingrate.
উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা, অকৃতজ্ঞ ৷
উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা, অকৃতজ্ঞ ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
খাই মৰে মানুহ, নেখাই মৰে কম ৷
Excessive eating makes men disease prone and die early, while little eating reduces susceptibility to disease and men live longer.
মানুহে বিভিন্ন পথ্য-অপথ্য বেছিকৈ খাই বেমাৰ বঢ়াই লয় আৰু আয়ু টুটি মৰে, সেই অনুপাতে কমকৈ খোৱা মানুহৰ বেমাৰাদি কম হয়, এতেকে ৰোগ-বেমাৰত অকাল মৃত্যু হোৱাৰ আশংকা কম থাকে ৷
মানুহে বিভিন্ন পথ্য-অপথ্য বেছিকৈ খাই বেমাৰ বঢ়াই লয় আৰু আয়ু টুটি মৰে, সেই অনুপাতে কমকৈ খোৱা মানুহৰ বেমাৰাদি কম হয়, এতেকে ৰোগ-বেমাৰত অকাল মৃত্যু হোৱাৰ আশংকা কম থাকে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
খাওঁতে-শোওঁতে, উঠোঁতে-বহোঁতে ৷
At all time and in all circumstances.
সকলো সময়তে বা সকলো ক্ষেত্ৰতে বুজাবলৈ ব্যৱহাৰ হয় ৷
সকলো সময়তে বা সকলো ক্ষেত্ৰতে বুজাবলৈ ব্যৱহাৰ হয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Phrase খণ্ডবাক্য
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
খাটি খা ৷
To earn livelihood with hard word.
পৰিশ্ৰম কৰি জীৱিকা উপাৰ্জন কৰ ৷
পৰিশ্ৰম কৰি জীৱিকা উপাৰ্জন কৰ ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-11-19
খাবলৈ দমাদম বনলৈ গৰীয়া, পিন্ধিবলৈ লাগে তাক আচুৱালি চুৰিয়া ৷
A person who is very good at eating and he demands the best dhoti with handiworks to wear but very lazy when it comes to work.
খোৱা-বোৱাত খুউব ভাল, কাম-বন কৰিবলৈ এলাহ অথচ পিন্ধিবলৈ ভালৰো ভাল আচু থকা চুৰিয়া খন লাগে ৷
খোৱা-বোৱাত খুউব ভাল, কাম-বন কৰিবলৈ এলাহ অথচ পিন্ধিবলৈ ভালৰো ভাল আচু থকা চুৰিয়া খন লাগে ৷
Contributed by: Barnali Deuri Bora on 2010-11-19
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
খাল খান্দি কুম্ভীৰ অনা ৷
To invite one's own problem which arises from betrayal from trusted ones.
কোনোবা পৰক মৰম কৰি আপোনৰ দৰে সহায়-সাৰথি কৰাৰ পাছত, সেই মানুহে যদি শত্ৰুতা কৰে, তেনে ক্ষেত্ৰত প্ৰয়োগ হয় ৷ অৰ্থাৎ নিজৰ বিপদ নিজে চপাই লোৱা ৷
কোনোবা পৰক মৰম কৰি আপোনৰ দৰে সহায়-সাৰথি কৰাৰ পাছত, সেই মানুহে যদি শত্ৰুতা কৰে, তেনে ক্ষেত্ৰত প্ৰয়োগ হয় ৷ অৰ্থাৎ নিজৰ বিপদ নিজে চপাই লোৱা ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
খালে-খুৱালে ধন নুঢুকায়, শুলে-বহিলেহে ঢুকায় ৷
It is not eating good food that makes one poor, rather the sleepy head makes one poor.
ভাল খাদ্য নিজে খালে বা আনকো খুৱালে মানুহৰ ধন-সম্পত্তি নাইকিয়া নহয়, উপাৰ্জন কৰিবলৈ পৰিশ্ৰম নকৰি শুই-বহি থাকি সময় নষ্ট কৰিলেহে মানুহ নিৰ্ধন হয় ৷
ভাল খাদ্য নিজে খালে বা আনকো খুৱালে মানুহৰ ধন-সম্পত্তি নাইকিয়া নহয়, উপাৰ্জন কৰিবলৈ পৰিশ্ৰম নকৰি শুই-বহি থাকি সময় নষ্ট কৰিলেহে মানুহ নিৰ্ধন হয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
খাহীৰ তেল বাঢ়ে মানে গিৰিহঁতলৈকে আয়
The outcome of a good work done by one can benefit his relations and associates.
এজনে কৰা ভাল কামৰ ফল তেওঁৰ আত্মীয় তথা তেওঁৰ সৈতে জড়িত আন লোকেও ভোগ কৰিবলৈ পায় |
এজনে কৰা ভাল কামৰ ফল তেওঁৰ আত্মীয় তথা তেওঁৰ সৈতে জড়িত আন লোকেও ভোগ কৰিবলৈ পায় |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-17
খাৰ খোৱা জিভা, ওলায় কিবা কিবা ৷
This idiom is used by the speaker of a undesired or unspeakable truth to make an excuse, as if the truth has come out spontaneously without intention.
কলাখাৰ অসমীয়াৰ এক প্ৰিয় খাদ্য ৷ কোনো অপ্ৰিয় বা নক’বলগীয়া কথা কওঁতাই নিজৰ দায় সাৰিবলৈ এই যোজনাটো প্ৰয়োগ কৰে, যেন তেওঁ কোৱা কথাষাৰ অনিচ্ছাকৃতভাৱে আপোনা-আপুনি ওলাই গ’ল ৷
কলাখাৰ অসমীয়াৰ এক প্ৰিয় খাদ্য ৷ কোনো অপ্ৰিয় বা নক’বলগীয়া কথা কওঁতাই নিজৰ দায় সাৰিবলৈ এই যোজনাটো প্ৰয়োগ কৰে, যেন তেওঁ কোৱা কথাষাৰ অনিচ্ছাকৃতভাৱে আপোনা-আপুনি ওলাই গ’ল ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-17
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-10-26
খুচুৰা খৰচৰ চোৰাং গতি
One should be careful in spending, as small expenditures may cause heavy burdens sometimes if not spent wisely.
সৰু সৰু খৰচবোৰ হিচাবত ধৰা নহয়, কিন্ত সময়ত ইয়েই গৈ বুজন পৰিমাণৰ বোজা হয়গৈ৷
সৰু সৰু খৰচবোৰ হিচাবত ধৰা নহয়, কিন্ত সময়ত ইয়েই গৈ বুজন পৰিমাণৰ বোজা হয়গৈ৷
Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-06-19
খুজি কিল খোৱা
Suffering due to one's own actions
জানি-শুনি কৰা নিজ কৰ্মৰ ফল স্বৰূপে বিপদৰ সন্মুখীন হোৱা
জানি-শুনি কৰা নিজ কৰ্মৰ ফল স্বৰূপে বিপদৰ সন্মুখীন হোৱা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-06-19
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-15
খেনোক দেখি ৰান্ধে-বাঢ়ে, খেনোক দেখি দুৱাৰ বান্ধে ৷
It signifies nepotism or favouritism, i.e. the policy or the practice of favouring someone even illegally, when some other deserving person is refused in a similar situation.
একেটা বিষয়তে কাৰোবাক প্ৰত্যাখ্যান কৰাৰ বিপৰীতে আন এজনক নীতি-বিৰুদ্ধভাৱে হ’লেও পৃষ্ঠপোষকতা কৰা বা সা-সুবিধা আদি প্ৰদান কৰা নীতি ৷
একেটা বিষয়তে কাৰোবাক প্ৰত্যাখ্যান কৰাৰ বিপৰীতে আন এজনক নীতি-বিৰুদ্ধভাৱে হ’লেও পৃষ্ঠপোষকতা কৰা বা সা-সুবিধা আদি প্ৰদান কৰা নীতি ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-15
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-15
খৰা শিয়ালৰ বিয়া ৷
Occurrence of two opposite events simultaneously.
একেসময়তে দুটা উল্টা ঘটনা সংঘটিত হোৱা ৷ যেনে ৰ'দ দি থাকোতে বৰষুণো দিয়া ৷