Found 30 proverb(s) beginning with "এ"
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
এক কথাৰ মানুহ ৷
A man of priniciple.
বিশ্বাসযোগ্যতা আৰু আত্মসন্মান থকা মানুহ ৷
বিশ্বাসযোগ্যতা আৰু আত্মসন্মান থকা মানুহ ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2008-09-03
এক গুলী দুই চিকাৰ
Kill two birds with one stone : That is to manage to do two things at the same time instead of just one, because it is convenient to do both.
এটা কাম কৰি দুটা ফল পোৱা
এটা কাম কৰি দুটা ফল পোৱা
Contributed by: Rupankar Mahanta on 2008-09-03
Idiom ফকৰা-যোঁজনা
Contributed by: Anjali Sonowal on 2008-07-22
এক বুঢ়ীৰ দুই কাম, ধান বানে চুহে আম ।
To kill two birds in one stone.
কোনোৱে ধান বানি থাকোতে আমো চুহি খাই থাকিব পাৰে অৰ্থাত্ কোনোৱে এটা কামত ব্যস্ত থকাৰ সময়তো আন এটা কামত মনোনিবেশ কৰিব পাৰে ।
কোনোৱে ধান বানি থাকোতে আমো চুহি খাই থাকিব পাৰে অৰ্থাত্ কোনোৱে এটা কামত ব্যস্ত থকাৰ সময়তো আন এটা কামত মনোনিবেশ কৰিব পাৰে ।
Contributed by: Anjali Sonowal on 2008-07-22
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-02
এক মাঘে শীত নেযায় ৷
Now you get the best of me, but my turn will come again or one swallow does not make a summer.
মাঘ মাহ গুচি যোৱাৰ পাছত শীতৰ কাপোৰবোৰ পিছৰ বছৰৰ শীতৰ কাৰণে সামৰি থব লাগে, শীত বাৰে বাৰে আহে আৰু শীতৰ কাপোৰৰ প্ৰয়োজন হয় ৷ বিপদৰ সময়ত কাৰোবাৰ সহায় লৈ পাছলৈ পাহৰি গ\'লে এনদৰে কোৱা হয় অৰ্থাৎ বিপদ বাৰে বাৰে আহিব পাৰে; গতিকে সহায়ৰো প্ৰয়োজন হ\'ব পাৰে ৷
মাঘ মাহ গুচি যোৱাৰ পাছত শীতৰ কাপোৰবোৰ পিছৰ বছৰৰ শীতৰ কাৰণে সামৰি থব লাগে, শীত বাৰে বাৰে আহে আৰু শীতৰ কাপোৰৰ প্ৰয়োজন হয় ৷ বিপদৰ সময়ত কাৰোবাৰ সহায় লৈ পাছলৈ পাহৰি গ\'লে এনদৰে কোৱা হয় অৰ্থাৎ বিপদ বাৰে বাৰে আহিব পাৰে; গতিকে সহায়ৰো প্ৰয়োজন হ\'ব পাৰে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-02
Idiom ফকৰা-যোঁজনা
Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-27
একতাই পৰম বল
Unity is the greatest strength.
এক হৈ কাম কৰিলে অসাধাৰণ জটিল কামো সুকলমে কৰিব পৰা যায়
এক হৈ কাম কৰিলে অসাধাৰণ জটিল কামো সুকলমে কৰিব পৰা যায়
Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-27
Phrase খণ্ডবাক্য
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-06
একাদশত বৃহস্পতি
In one's zodiac, appearance of Jupiter in the 11th position, which is believed to bring a luck or fortune.
জন্মচক্ৰ বা ৰাশিচক্ৰত একাদশ স্থানত বৃহস্পতি গ্ৰহ থকা, অৰ্থাৎ সৌভাগ্য উদয় হোৱা ৷
জন্মচক্ৰ বা ৰাশিচক্ৰত একাদশ স্থানত বৃহস্পতি গ্ৰহ থকা, অৰ্থাৎ সৌভাগ্য উদয় হোৱা ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-06
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-11
একালৰ বৃন্দাবন, একালত পৰে ছন |
In the past, someone was having mass popularity with good economic condition. But in the course of time everything has been changed, he is in a deplorable state.
অতীতত জনসমাদৃত তনকীয়াল ব্যক্তি এজন যেতিয়া দৈৱ-দূৰ্বিপাকত পৰি নিঃকিন হয় তেতিয়া তেওঁৰ অৱস্থা বৰ পুতৌজনক হৈ পৰে |
ইয়াৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে - সকলোৰে দিন সমানে নেযায় |
অতীতত জনসমাদৃত তনকীয়াল ব্যক্তি এজন যেতিয়া দৈৱ-দূৰ্বিপাকত পৰি নিঃকিন হয় তেতিয়া তেওঁৰ অৱস্থা বৰ পুতৌজনক হৈ পৰে |
ইয়াৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে - সকলোৰে দিন সমানে নেযায় |
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-11
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-11-15
একে কাঠি কাঁড়ে সাতোটা সিংহক মাৰিলো লোকক নকলো লাজে, ছমাহ খাপ দি নিগনি এটা মাৰিলে তাতে ধনঞ্জয় ঢোল বাজে ৷
A person who exaggerates much and gives publicity about a trifle
আহোম ৰজাৰ দিনত, ৰাজ্য বিজয়ৰ পাছত বিজয়োল্লাসৰ চিন হিচাবে ’ধনঞ্জয়’ ঢোল বজাইছিল ৷ অৰ্থাত্ সৰু কাম এটা কৰিয়েই গোটেইখন ঢোল পিটি ফুৰা ৷
আহোম ৰজাৰ দিনত, ৰাজ্য বিজয়ৰ পাছত বিজয়োল্লাসৰ চিন হিচাবে ’ধনঞ্জয়’ ঢোল বজাইছিল ৷ অৰ্থাত্ সৰু কাম এটা কৰিয়েই গোটেইখন ঢোল পিটি ফুৰা ৷
Contributed by: Barnali Deuri Bora on 2010-11-15
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-19
একেটা চোঙত দুটা বাঘ নাথাকে ৷
Two tigers cannot live together in a single den. Similarly, two quarrelsome or cantankerous persons cannot stay together peacefully.
একেটা চোঙত যেনেকৈ দুটা বাঘে সহবাস কৰিব নোৱাৰে, ঠিক সেইদৰে দুজন কাজিয়াখোৰ বা হিংসুক ব্যক্তি একে ঠাইত থাকিব নোৱাৰে ৷
একেটা চোঙত যেনেকৈ দুটা বাঘে সহবাস কৰিব নোৱাৰে, ঠিক সেইদৰে দুজন কাজিয়াখোৰ বা হিংসুক ব্যক্তি একে ঠাইত থাকিব নোৱাৰে ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-19
Riddle সাথৰ
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-11
এখনি মাৰলি দুখনি চাল নবন্ধাকৈ আছে সৰ্বতিকাল
The answer is:- banana leaf. The middle steam is considered as marali, a suppoting rod of a roof.
উত্তৰ:- কলগছৰ পাত৷ মাজৰ শকত শিৰা দাল মাৰলি৷ কাষৰ দুই অংশ দুখন চাল৷
উত্তৰ:- কলগছৰ পাত৷ মাজৰ শকত শিৰা দাল মাৰলি৷ কাষৰ দুই অংশ দুখন চাল৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-11
Riddle সাথৰ
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-10
এখনি মাৰলি দুখনি চাল নব্ধাকৈ সৰ্বতিকাল কাল
The answer is banana leaf. The middle steam is considered as marali, a suppoting rod of a roof.
কলগছৰ পাত৷ মাজৰ শকত শিৰা দাল মাৰলি৷ কাষৰ দুই অংশ দুখন চাল৷
কলগছৰ পাত৷ মাজৰ শকত শিৰা দাল মাৰলি৷ কাষৰ দুই অংশ দুখন চাল৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-10
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-25
এঙনিতে জেঙনি, তাইৰ নাম সতী; একুৰি এটা ল’ৰা পায়, নামত নাই পতি
This idiom is used in reference to a woman or girl with bad character.
অসৎ চৰিত্ৰৰ তিৰোতা বা ছোৱালীক বুজাবলৈ এই যোজনাটো ব্যৱহাৰ কৰা হয় ৷
অসৎ চৰিত্ৰৰ তিৰোতা বা ছোৱালীক বুজাবলৈ এই যোজনাটো ব্যৱহাৰ কৰা হয় ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-25
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2009-12-11
এঙাৰ ধূলেও বগা নহয়
Just like charcoal cannot be made white by washing, the basic human nature cannot be altered.
এঙাৰ যেনেকৈ ধুলেও বগা নহয়, মানুহৰ মৌলিক স্বভাৱ সলনি কৰিব নোৱাৰি৷
এঙাৰ যেনেকৈ ধুলেও বগা নহয়, মানুহৰ মৌলিক স্বভাৱ সলনি কৰিব নোৱাৰি৷
Contributed by: Rupankar Mahanta on 2009-12-11
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-20
এথানি এবানি কৰ্
To neglect or ignore, not taking care.
উপলুঙা কৰ্, অযত্ন কৰ্, অনাদৰ কৰ্ ৷
উপলুঙা কৰ্, অযত্ন কৰ্, অনাদৰ কৰ্ ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-20
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
এদেও দুদেও লোটা নিয়াৰ চেও
Starting with small amount, and later transferring it into a habit into a large scale. Basically used to describe somebodies bad habits or exploiting somebody by unfair means etc.
প্রথমে অলপ অলপকৈ আৰম্ভ কৰি পিচলে স্বভাৱত পৰিণত হোৱা|
প্রথমে অলপ অলপকৈ আৰম্ভ কৰি পিচলে স্বভাৱত পৰিণত হোৱা|
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা
Contributed by: durlav gogoi on 2012-04-04
এনেও কাণী তেনেও কাণী, ভালকৈ দিওঁ শাকত পানী
Everyone gets a chance of taking revenge.
যিহেতু সদায় কাণী কাণী বুলি হাঁহি থাক, সেই বদনামৰ দোহাই দিয়ে শাকত সৰহকৈ পানী দি তহঁতক পনীয়া শাক খাবলৈ বাধ্য কৰি আজি পোটক তোলোঁ৷
যিহেতু সদায় কাণী কাণী বুলি হাঁহি থাক, সেই বদনামৰ দোহাই দিয়ে শাকত সৰহকৈ পানী দি তহঁতক পনীয়া শাক খাবলৈ বাধ্য কৰি আজি পোটক তোলোঁ৷
Contributed by: durlav gogoi on 2012-04-04
Idiom ফকৰা-যোঁজনা
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-03
এনেয়ে বুঢ়ী নাচনী তাতে নাতিনীয়েকৰ বিয়া
to give cause for joy to one naturally joyful.
স্বাভাৱিকতে স্ফুৰ্তিবাজ মানুহক অতিৰিক্ত আনন্দই লগ দিয়া ৷
স্বাভাৱিকতে স্ফুৰ্তিবাজ মানুহক অতিৰিক্ত আনন্দই লগ দিয়া ৷
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
এনেয়ে মৰিছোঁ ঋষিৰ শাপত, তাতে দিয়ে ধানৰ ভাপত |
To give one more trouble where already he has been suffered from an another great trouble.
আগৰ দিনত ঋষি-মুনিসকলে ৰুষ্ট হ’লেই অভিশাপ দি মানুহক কষ্ট ভোগাইছিল | তেনে দুখ-কষ্টৰ মাজতে যদি কাৰোবাক ধান ভাপত দিয়া তপত বতাহত ৰখা হয় তেন্তে যন্ত্রণাৰ সীমা নেথাকে| অৰ্থাৎ দুখ-কষ্টেৰে কোনোমতে চলি থাকোঁতেই যদি কোনোবাই আৰু যন্ত্রণা দিয়ে, তেন্তে ই অসহ্যকৰ হৈ পৰে |
আগৰ দিনত ঋষি-মুনিসকলে ৰুষ্ট হ’লেই অভিশাপ দি মানুহক কষ্ট ভোগাইছিল | তেনে দুখ-কষ্টৰ মাজতে যদি কাৰোবাক ধান ভাপত দিয়া তপত বতাহত ৰখা হয় তেন্তে যন্ত্রণাৰ সীমা নেথাকে| অৰ্থাৎ দুখ-কষ্টেৰে কোনোমতে চলি থাকোঁতেই যদি কোনোবাই আৰু যন্ত্রণা দিয়ে, তেন্তে ই অসহ্যকৰ হৈ পৰে |
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2015-09-09
এন্দুৰ গাতত থৈ ফুটা মৰা ৷
Temporarily solving a problem neglecting the actual cause of it.
এন্দুৰ গাতৰ ভিতৰত থৈ ফুটা বন্ধ কৰিলে, এন্দুৰ পুনৰ ফুটা কৰি ওলাই আহিব৷ অৰ্থাৎ সমস্যাৰ প্ৰকৃত কাৰণ আওকান কৰি ক্ষন্তেকীয়াভাবে বা অস্থায়ীভাব তাৰ সমাধান কৰা ৷
এন্দুৰ গাতৰ ভিতৰত থৈ ফুটা বন্ধ কৰিলে, এন্দুৰ পুনৰ ফুটা কৰি ওলাই আহিব৷ অৰ্থাৎ সমস্যাৰ প্ৰকৃত কাৰণ আওকান কৰি ক্ষন্তেকীয়াভাবে বা অস্থায়ীভাব তাৰ সমাধান কৰা ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2015-09-09
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2008-09-03
এপাচি শাকত এটা জালুক
A drop in the ocean : It refers to a thing that is too small in the context.
প্ৰয়োজনতকৈ যথেষ্ট সৰু বা কম পৰিমাণৰ বস্তু, যিটো হোৱাই নোহোৱাই সমান৷
প্ৰয়োজনতকৈ যথেষ্ট সৰু বা কম পৰিমাণৰ বস্তু, যিটো হোৱাই নোহোৱাই সমান৷
Contributed by: Rupankar Mahanta on 2008-09-03
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-19
এপাত তাল নাবাজে ৷
A pair of cymbal can only be played by striking one with the other. Similarly, a quarrel can initiate only when two persons or parties strike each-other physically or with abusive words. So, both are equally responsible for it.
তাল এযোৰৰ এপাত আনপাতৰ সৈতে ঠেকা খালেহে যেনেকৈ বাজি উঠে, ঠিক সেইদৰে এজনে অকলে কাজিয়া কৰিব নোৱাৰে ৷ অৰ্থাৎ কাজিয়া এখন লগাৰ কাৰণে সংশ্লিষ্ট দুয়োপক্ষই সমানে জগৰীয়া ৷
তাল এযোৰৰ এপাত আনপাতৰ সৈতে ঠেকা খালেহে যেনেকৈ বাজি উঠে, ঠিক সেইদৰে এজনে অকলে কাজিয়া কৰিব নোৱাৰে ৷ অৰ্থাৎ কাজিয়া এখন লগাৰ কাৰণে সংশ্লিষ্ট দুয়োপক্ষই সমানে জগৰীয়া ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-19
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2008-11-05
এবাৰ গোহালি পোৰা গৰুৰ সেন্দূৰীয়া মেঘলৈকো ভয়
Once a person is frightened by something he/she becomes cautious to similar actions/incidents.
মানুহে এবাৰ কিবা কাৰণত ভয় খালে, অনুৰূপ কাৰণ অথবা ঘটনা দেখিলে আতঙ্কিত হয়।
মানুহে এবাৰ কিবা কাৰণত ভয় খালে, অনুৰূপ কাৰণ অথবা ঘটনা দেখিলে আতঙ্কিত হয়।
Contributed by: Dr. Armaan U. Muzaddadi on 2008-11-05
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2009-12-17
এবাৰ সাপে খালে লেজুলৈকো (বা কেঁচুলৈকো) ভয় ৷
Once a person is frightened by something he/she becomes cautious to similar actions/incidents.
মানুহে এবাৰ কিবা কাৰণত ভয় খালে, অনুৰূপ কাৰণ অথবা ঘটনা দেখিলে সতৰ্ক হয়।
মানুহে এবাৰ কিবা কাৰণত ভয় খালে, অনুৰূপ কাৰণ অথবা ঘটনা দেখিলে সতৰ্ক হয়।
Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-02
এবাৰৰ ৰোগী আনবাৰৰ ওজা৷
Once a patient, the next time a physician or to get training in the school of experience.
মানুহ এবাৰ কিবা বেমাৰত ভুগিলে, সেই বেমাৰৰ লক্ষণ, প্ৰতিকাৰ বা প্ৰতিৰোধৰ বিষয়ে ভালদৰে জ্ঞাত হয় ৷ সেয়ে, সেই ব্যক্তিক সেই বিশেষ বেমাৰটোৰ কাৰণে ওজা বা ডাক্তৰৰ লগত তুলনা কৰা হয় ৷ অৰ্থাৎ অভিজ্ঞতাই মানুহক জ্ঞান দিয়ে ৷
মানুহ এবাৰ কিবা বেমাৰত ভুগিলে, সেই বেমাৰৰ লক্ষণ, প্ৰতিকাৰ বা প্ৰতিৰোধৰ বিষয়ে ভালদৰে জ্ঞাত হয় ৷ সেয়ে, সেই ব্যক্তিক সেই বিশেষ বেমাৰটোৰ কাৰণে ওজা বা ডাক্তৰৰ লগত তুলনা কৰা হয় ৷ অৰ্থাৎ অভিজ্ঞতাই মানুহক জ্ঞান দিয়ে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-02
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-10-26
এলাগীক নকৰিবা হেলা, এলাগীয়েহে তৰিব বিপদৰ বেলা
A person should not be judged by external appearance alone, an ugly looking person may be highly qualified or talented
দেখাত সুন্দৰ লোকৰ প্ৰতি মানুহৰ স্বভাৱজাত দুৰ্বলতা থাকে ৷ কিন্তু অশুৱনি লোকে গুণ থাকিলেও আদৰ নাপায়৷ সেয়েহে কোৱা হৈছে যে বাহ্যিক চিকমিকনিত ভোল যোৱাতকৈ মানুহৰ গুণৰহে মূল্যায়ন কৰা উচিত৷
দেখাত সুন্দৰ লোকৰ প্ৰতি মানুহৰ স্বভাৱজাত দুৰ্বলতা থাকে ৷ কিন্তু অশুৱনি লোকে গুণ থাকিলেও আদৰ নাপায়৷ সেয়েহে কোৱা হৈছে যে বাহ্যিক চিকমিকনিত ভোল যোৱাতকৈ মানুহৰ গুণৰহে মূল্যায়ন কৰা উচিত৷
Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা
Contributed by: Sitaram Upadhyaya on 2015-09-09
এলেকৰ পেলেক কুকুৰা চোৱাৰ ভাগিনীয়েক৷
One who takes advantage illegally from others declaring himself as a close relative of a powerful person.
কোনো প্ৰভাৱশালী ব্যক্তিৰ নিকট আত্মীয় বুলি পৰিচয় দি অন্যায় ভাৱে নিজৰ স্বাৰ্থ পূৰণ কৰা লোক৷
কোনো প্ৰভাৱশালী ব্যক্তিৰ নিকট আত্মীয় বুলি পৰিচয় দি অন্যায় ভাৱে নিজৰ স্বাৰ্থ পূৰণ কৰা লোক৷
Contributed by: Sitaram Upadhyaya on 2015-09-09
Idiom ফকৰা-যোঁজনা
Contributed by: Bikram M Baruah on 2008-02-16
এশ গৰু মাৰিলে বাঘৰো মৰণ
If one does harm to a large number of people, one also gets hurt.
বহুলোকৰ অনিষ্ট কৰিলে, নিজৰো অনিষ্ট হোৱাৰ সম্ভাৱনা থাকে ৷
বহুলোকৰ অনিষ্ট কৰিলে, নিজৰো অনিষ্ট হোৱাৰ সম্ভাৱনা থাকে ৷
Contributed by: Bikram M Baruah on 2008-02-16
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-04
এশ নিগনি মাৰি মেকুৰী হজলৈ যায় ৷
When a person does lot of ill deeds and then starts working for welfare of mankind, people make fun of him/her by using this proverb.
অত্যধিক বেয়া কাম কৰাৰ পিছত যদি কোনো ব্যক্তিয়ে পুণ্যৰ কাম কৰিবলৈ আগবাঢ়ি আহে, তেনেহ\'লে এইদৰে কৈ সেই ব্যক্তিক ঠাট্টা কৰা হয় ৷
অত্যধিক বেয়া কাম কৰাৰ পিছত যদি কোনো ব্যক্তিয়ে পুণ্যৰ কাম কৰিবলৈ আগবাঢ়ি আহে, তেনেহ\'লে এইদৰে কৈ সেই ব্যক্তিক ঠাট্টা কৰা হয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-04
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2015-08-01
এশেকা পা ৷
To learn a lesson or to get punished.
শাস্তি পা ৷
শাস্তি পা ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2015-08-01
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2015-08-01
এৰা ধৰাৰ মাজত
To overlook small mistakes, annoyances etc.
সৰু-সুৰা ভুল, খং-অভিমান আদিক আওকাণ কৰি আগবাঢ়ি যোৱা ৷