Found 5 proverb(s) beginning with "ঈ"
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-19
ঈদৰ জোন হ ৷
To appear in blue-moon.
ঈদৰ জোনে মুছলমানসকলৰ বাবে আনন্দৰ উৎসৱ ঈদৰ বাৰ্তা কঢ়িয়াই আনে আৰু ইয়াক চাবলৈ মুছলমানসকলে বছৰটো অধীৰভাৱে বাট চাই থাকে, আন কথাত কোনো আপোন ব্যাক্তিবিশেষৰ বহুদিনৰ মূৰত বা দীৰ্ঘদিন অপেক্ষাৰ পাছত দেখা-সাক্ষাৎ হ`লে এই জতুৱা ঠাঁচৰ প্ৰয়োগ হয় ৷
ঈদৰ জোনে মুছলমানসকলৰ বাবে আনন্দৰ উৎসৱ ঈদৰ বাৰ্তা কঢ়িয়াই আনে আৰু ইয়াক চাবলৈ মুছলমানসকলে বছৰটো অধীৰভাৱে বাট চাই থাকে, আন কথাত কোনো আপোন ব্যাক্তিবিশেষৰ বহুদিনৰ মূৰত বা দীৰ্ঘদিন অপেক্ষাৰ পাছত দেখা-সাক্ষাৎ হ`লে এই জতুৱা ঠাঁচৰ প্ৰয়োগ হয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-19
Idiom ফকৰা-যোঁজনা
Contributed by: Anjali Sonowal on 2008-08-20
ঈশ্বৰে কৰিলে লীলা, মানুহে কৰিলে কিলা ।
The transgressions of the great are winked at while those of the lowly are punished.
ভগৱান শ্ৰীকৃষ্ণই লীলা কৰিলে দোষ ধৰোঁতা নাই । কিন্তু মানুহে একে কামকে কৰিলে অপৰাধ বুলি ধৰা হয় । অৰ্থাৎ উচ্চপদস্থ জনে অপৰাধ কৰিলেও ধৰোঁতা নাই । কিন্তু নিম্ন স্তৰৰ কোনোবাই সাধাৰণ অপৰাধ বা ভুল এটা কৰিলেই শাস্তি বিহা হয় ।
ভগৱান শ্ৰীকৃষ্ণই লীলা কৰিলে দোষ ধৰোঁতা নাই । কিন্তু মানুহে একে কামকে কৰিলে অপৰাধ বুলি ধৰা হয় । অৰ্থাৎ উচ্চপদস্থ জনে অপৰাধ কৰিলেও ধৰোঁতা নাই । কিন্তু নিম্ন স্তৰৰ কোনোবাই সাধাৰণ অপৰাধ বা ভুল এটা কৰিলেই শাস্তি বিহা হয় ।
Contributed by: Anjali Sonowal on 2008-08-20
Phrase খণ্ডবাক্য
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
ঈশ্বৰে নকৰক!
God forbid!
কোনো অনাকাঙ্খিত কথা ক'ব লগীয়া হ'লে, এই বাক্যাংশ ব্যৱহাৰ হয়, অৰ্থাৎ যি কোৱা হ'ল সি নফলিয়াওক ৷
কোনো অনাকাঙ্খিত কথা ক'ব লগীয়া হ'লে, এই বাক্যাংশ ব্যৱহাৰ হয়, অৰ্থাৎ যি কোৱা হ'ল সি নফলিয়াওক ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
ঈশ্বৰে যি কৰে ভালৰ অৰ্থেই কৰে ৷
What God wills is for good.
মানু্হৰ জীৱনত ঘটা প্ৰতিটো ঘটনাৰ কিবা নহয় কিবা অৰ্থ থাকে আৰু তাৰ দ্বাৰা ভুক্তভোগীজন উপকৃত হয় ৷
মানু্হৰ জীৱনত ঘটা প্ৰতিটো ঘটনাৰ কিবা নহয় কিবা অৰ্থ থাকে আৰু তাৰ দ্বাৰা ভুক্তভোগীজন উপকৃত হয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-09
ঈৰ্ষাত শান্তি নষ্ট, লোভে নষ্ট ধৰ্ম; ক্ৰোধে মিতিৰ নষ্ট, এলাহে নষ্ট কৰ্ম ৷
Jealousy makes a person to loose peace of mind, lust makes him do unethical things and become dishonest. Similarly anger destroys relationship and laziness spoils works.
মানুহৰ ঈৰ্ষা বাঢ়িলে মনৰ শান্তি নাইকিয়া হয় আৰু লোভ-লালসা বাঢ়িলে অন্যায়-ব্যভিচাৰত লিপ্ত হৈ মানুহ পথভ্ৰষ্ট হয় আৰু ধৰ্মৰ পৰা আঁতৰ হয় ৷ একেদৰে ক্ৰোধান্বিত হৈ মানুহে বিবেক হেৰুৱাই পেলায় আৰু নকব লগীয়া কথা কৈ আত্মীয় মানুহৰ মনতো আঘাত দিয়ে আৰু তাৰ দ্বাৰা মিতিৰ নষ্ট হয়; এলাহ কৰি পাছত কৰিম বুলি পিছুৱাই থাকিলে কৰ্ম নষ্ট হয় ৷