Found 7 proverb(s) beginning with "ই"
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-10
ইকাণ-সিকাণ সহস্ৰ কাণ
the act of spreading a news or fact from person to person
এজনৰ পৰা আনজনলৈ কাণে কাণে প্ৰচাৰ হৈ কোনো কথা ক্ৰমাৎ বিয়পি পৰা কাৰ্য্য
এজনৰ পৰা আনজনলৈ কাণে কাণে প্ৰচাৰ হৈ কোনো কথা ক্ৰমাৎ বিয়পি পৰা কাৰ্য্য
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-10
Riddle সাথৰ
Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-20
ইচ্ছা আছে য`ত উপায় আছে ত`ত ৷
Where there is will there is way.
ইচ্ছা শক্তি প্ৰবল হ'লে মানুহে সমস্যা সমাধানৰ উপায় বিচাৰি উলিয়ায়, আনহাতে অনিচ্ছা থাকিলে মানুহে সমস্যাক আওকান কৰিবলৈ অজুহাত বিচাৰে ৷
ইচ্ছা শক্তি প্ৰবল হ'লে মানুহে সমস্যা সমাধানৰ উপায় বিচাৰি উলিয়ায়, আনহাতে অনিচ্ছা থাকিলে মানুহে সমস্যাক আওকান কৰিবলৈ অজুহাত বিচাৰে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-20
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-17
ইজনে দিলে কটা ঘাঁটি, সিজনে দিয়ে দৰব বটি ৷
Once a person is hurt by someone and some other person from the same family or group wants to show sympathy to him or her, this saying is used to ridicule the act.
মানুহে যদি কোনো এক পৰিয়াল বা সমাজৰ মাজৰ এজনৰ পৰা কষ্ট পায়, তেনেস্থলত সেই পৰিয়ালৰ আন এজনৰ পৰা সমবেদনা বা অনুকম্পা আদি পালে, ব্যঙ্গাত্মকভাৱে এনেদৰে কোৱা হয়।
মানুহে যদি কোনো এক পৰিয়াল বা সমাজৰ মাজৰ এজনৰ পৰা কষ্ট পায়, তেনেস্থলত সেই পৰিয়ালৰ আন এজনৰ পৰা সমবেদনা বা অনুকম্পা আদি পালে, ব্যঙ্গাত্মকভাৱে এনেদৰে কোৱা হয়।
Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-17
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-17
ইননি-বিননি কাণত পৰে, হুটা কথা খালত পৰে ৷
A polite request pays of, but an impolite word is hardly paid any attention to.
ভাল মাতেৰে বা বিনম্ৰতাৰে অনুৰোধ কৰিলে মানুহ সহজে পতিয়ন যায়, একেটা কথা হুটা বা কৰ্কশ মাতেৰে ক'লে বিপৰীত ফলহে পোৱা যায় ৷
ভাল মাতেৰে বা বিনম্ৰতাৰে অনুৰোধ কৰিলে মানুহ সহজে পতিয়ন যায়, একেটা কথা হুটা বা কৰ্কশ মাতেৰে ক'লে বিপৰীত ফলহে পোৱা যায় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-17
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-08
ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলি৷
In the royal forum of Indra, the king of the heaven, it is quite unexpected that an ugly owl would raise its strident voice. Similarly, it is not at all expected that a foolish person would raise his voice during a serious discussion among wise men.
দেৱৰাজ ইন্দ্ৰৰ সভাত কুৎসিৎ ফেঁচাৰ কুলক্ষণীয়া কুৰুলি যেনেদৰে অবাঞ্ছনীয়, ঠিক তেনেকৈ গুৰু-গম্ভীৰ বিষয়ৰ আলোচনাত অপদাৰ্থ লোকৰ উপস্থিতি আৰু বক্তব্য বাঞ্ছনীয় নহয় ৷
দেৱৰাজ ইন্দ্ৰৰ সভাত কুৎসিৎ ফেঁচাৰ কুলক্ষণীয়া কুৰুলি যেনেদৰে অবাঞ্ছনীয়, ঠিক তেনেকৈ গুৰু-গম্ভীৰ বিষয়ৰ আলোচনাত অপদাৰ্থ লোকৰ উপস্থিতি আৰু বক্তব্য বাঞ্ছনীয় নহয় ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-08
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-22
ইমানদিনে শুই থাকিল নাকত তেল দি, আজি হেনো ভাৰস্তখন উদ্ধাৰিব সি ৷
This saying is used to ridicule someone when he/she becomes unusually active and shows excessive haste after spending a long period of time lazily.
বহুসময় অবাবত নষ্ট কৰাৰ পাছত, কোনো ব্যক্তিয়ে হঠাৎ কৰ্মতৎপৰতা দেখুৱালে এনেদৰে কৈ উপলুঙা কৰা হয় ৷
বহুসময় অবাবত নষ্ট কৰাৰ পাছত, কোনো ব্যক্তিয়ে হঠাৎ কৰ্মতৎপৰতা দেখুৱালে এনেদৰে কৈ উপলুঙা কৰা হয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-22
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
ইয়াতে মাৰিলো টিপা, গড়গাওঁ পালেগৈ শিপা
Those who have good relations with the power or the king, can get anything done on their behalf even without their physical presence.
ৰজাঘৰৰ সৈতে সুসম্পৰ্ক থকা মানুহে অতি সহজতে নিজৰ কাৰ্যসিদ্ধি কৰিব পাৰে | তাৰ কাৰণে তেওঁলোক নিজে ৰজাঘৰলৈ যোৱাৰো প্ৰয়োজন নাই |