পদ্ম বিভূষণপদ্ম যোনি

পদ্ম বৰকটকী (Assamese) [ Roman: pod.mo bor.ko.to.ki]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-19
1. PersonalitiesLiterature(Proper Noun-Masculine) Eminent author and journalist of the State Assam, Padma Barkataki was born to Suryadhar Barkataki and Binandi Devi Barkataki of Rajahowli in Jorhat on July 30, 1926. He started his career as the Shillong Correspondent of The Assam Tribune in 1948 before joining the Hindustan Standard as a feature writer in 1956. He later edited a number of magazines including Amar Pratinidhi (1960), Natun Pratinidhi (1960), Samakaleen (1967), Matribhumi (1979) and Istahar (1982). He was also the chief editor of The North East Daily, and editor of Natun Dainik and Natun Din besides president of Journalists’ Union of Assam. A powerful writer known for his uncompromising stand, Barkataki’s creations encompassed diverse realms from short story and novel to drama and poetry to children’s literature and translation works. He was also an acclaimed critic and prose writer. Barkataki authored as many as 38 novels, five short story collections, two poetry collections, three children’s books, 15 dramas and ten books on various topics. He edited a book titled Hidden Facts from the Magic Land of Assam. He also used to write several columns in newspapers. A reputed radio artiste, Barkataki served as staff artiste and announcer in All India Radio Guwahati-Shillong in 1948, and acted in a record number of radio plays and television (Doordarshan) serials. Barkataki was the recipient of the Su-Ka-Pha Award in 2007. Padma Barkataki passed away 11 March 2008 ১৯২৬ চনৰ ৩০ জুলাইত যোৰহাটৰ ৰাজহাউলিত জন্ম গ্ৰহণ কৰা অসমৰ খ্যাতিসম্পন্ন লিখক আৰু সাংবাদিক পদ্ম বৰকটকী আছিল সূৰ্য্যধৰ বৰকটকী আৰু বিনন্দী দেৱীৰ সন্তান ৷ ১৯৫৬ চনত "হিন্দুস্তান ষ্টেণ্ডাৰ্ড" কাকতত ফিচাৰ লিখক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা বৰকটকীয়ে ১৯৪৮ চনতে শ্বিলঙৰ পৰা প্ৰকাশিত "আছাম ট্ৰিবিউন" কাকত নিয়মীয়াকৈ সংবাদ প্ৰেৰণ কৰিছিল ৷ ১৯৬০ চনত পদ্ম বৰকটকীয়ে কলিকতাৰ পৰা প্ৰকাশিত মাহেকীয়া আলোচনী "আমাৰ প্ৰতিনিধি" আৰু ১৯৬৫ চনত প্ৰকাশিত আলিচনী "নতুন প্ৰতিনিধি" সম্পাদনা কৰিছিল ৷ইয়াৰোপৰি ১৯৬৭ চনত গুৱাহাটীৰ পৰা প্ৰকাশিত "সমকালীন" আলোচনীখনৰ মূখ্য সম্পাদক আছিল ৷ ১৯৭৯ চনত "মাতৃভূমি" আৰু ১৯৮২ চনত "ইস্তাহাৰ" নামৰ আলোচনী দুখনৰো সম্পাদক আছিল ৷ "The North East Daily" নামৰ সংবাদপত্ৰখনৰ মূখ্য সম্পাদক হিচাপে ১৯৯৮ চনত কাৰ্যনিৰ্বাহ কৰা বৰকটকীয়ে নতুন দৈনিক, আজিৰ অসম, নতুন দিন আদি কাকতৰো সম্পাদক আছিল ৷ কোনো দিনে কাৰো লগত আপোচ নকৰা শক্তিশালী গদ্য লিখক বৰকটকীযে অসমীয়া ভাষা-সাহিত্যলৈ চুটি গল্প, উপন্যাস, নাটক, কবিতা, শিশু সাহিত্য আৰু অনুবাদৰ ক্ষেত্ৰত বিপুল অৱদান আগবঢ়াই গৈছে ৷ ইয়াৰোপৰি তেওঁ আছিল অসমীয়া সাহিত্যৰ এজন বিশিষ্ট সমালোচক আৰু প্ৰৱন্ধকাৰ ৷ বৰকটকীয়ে তেওঁৰ জীৱনত ৩৮ খন উপন্যাস, পাচঁখন চুটিগল্প সংস্কৰণ, দুখন কবিতা সংকলন, তিনিখন শিশু পুথি পোন্ধৰখন নাটক আৰু বিভিন্ন বিষয়ৰ দহখন গ্ৰন্থ ৰচনা কৰিছিল ৷ তেখেতে 'Hidden Facts from the Magic Land of Assam' নামৰ এখন গ্ৰন্থ সম্পূৰ্ণ সংকলন আৰু সম্পাদনা কৰিছিল ৷ কেইবাখনো দৈনিক, সাপ্তাহিক কাকতৰ স্তম্ভ লিখক হিচাপে থকা বৰকটকীয়ে ১৯৪৮ চনত গুৱাহাটী-শ্বিলং অনাতাঁৰ কেন্দ্ৰৰ ঘোষক হিচাপেও কাৰ্যনিৰ্বাহ কৰাৰ সময়তে কেইবাখনো অনাতাঁৰ নাটক ৰচনা কৰিছিল ৷ অসম চৰকাৰে ২০০৭ বৰ্ষত চুকাফা বটাঁৰে সন্মানিত কৰে ৷ নিৰলস সাধক সাহিত্যকৰ্মী পদ্ম বৰকটকীয়ে ২০০৮ বৰ্ষৰ ১১ মাৰ্চত ইহলীলা সম্বৰণ কৰে ৷